Tuesday 5 December 2017

“অলপ উভতি যাওঁ”

“অলপ উভতি যাওঁ”
সময় গতিশীল৷পল-ক্ষণ সকলো ইতিহাসে সামৰি লয়৷আশী-নব্বৈ দশকৰ দিনৰ কথাবোৰ এতিয়া আমাৰ বাবে নষ্টালজিয়া-সোনালী অধ্যায়---
ৰামানন্দ সাগৰৰ ৰামায়ণখন যেতিয়া টিভিত আৰম্ভ হৈছিল তেতিয়া আমাৰ ঘৰলৈ টি ভি অহাই নাছিল৷ আমি ওচৰৰ খুৰাহঁতৰ ঘৰত গৈ টি ভি চাইছিলোঁ৷সেইসময়ত ৰামায়ণৰ ওপৰিও ৱাছিং পাউডাৰ নিৰমা এডভাৰটাইজ,আই লাভ ইউ ৰাচনা এডভাৰটাইজ,মিকি এণ্ড ডনাল্ড ,স্পাইডাৰমেন, চাৰ্লি-চেপলিনৰ কৌতুক অভিনয়,বিক্ৰম-বেতাল আদিয়ে মোহাবিষ্ট কৰি ৰাখিছিল আমাক৷
লাহে লাহে আমি দেউতাক কুটুৰিবলৈ ধৰিলোঁ আমাৰ ঘৰতো এটা টি ভি লাগে বুলি৷আমাৰ কেনকেননিত ৰক্ষা নাপাই দেউতাই এদিন “চলৰা” কম্পেনীৰ টি ভি এটা আনি ঘৰত হাজিৰ কৰিলেহি৷পিছে কিবা কাৰণত সেই টিভিটো সলাই “আপট্ৰন” টি ভি এটা আহি আমাৰ ঘৰ শুৱনি কৰিলে৷ “আপট্ৰন” টি ভিটো আছিল আয়তাকাৰ,টি ভিটো নচলালে জপাই থ’ব পৰা চিষ্টেম৷তেতিয়া টিভি চেনেলো আছিল মাথোঁ দুটা—ডি ডি-১,ডি ডি-২৷তেতিয়াৰ টি ভি এন্টেনাডাল দীঘল বাঁহ এডালত লগাই ঘৰৰ এচুকত পুতি থোৱা হয় আৰু টিভিটো যদি কিবা কাৰণত বৰষুণ দিয়াৰ দৰে জৰজৰাই থাকে তেতিয়া এন্টেনাডাল পকাই থকা হয়৷বাহিৰত দুজনমানে এন্টেনাডাল পকাই থাকে আৰু ভিতৰত কেইজনমানে টিভি স্ক্ৰীনত চকু দি থাকে৷এন্টেনাডাল পকাই থাকিলে টিভিৰ জৰজৰণিটো থাকেই তাৰ লগতে দুডালমান ক’লা ৰেখা তল-ওপৰ কৰি থাকে;তাৰমাজতে মানুহৰ মাত-কথা ওলাই আৰু কোনোবা এপাকত ভাগ্য ভাল থাকিলে টিভিৰ ছবি ফটফটীয়া হয়৷তেতিয়াৰ দিনত কাৰ কাৰ ঘৰত টিভি আছে এন্টেনাডাল চায়েই গম পোৱা গৈছিল৷
আমাৰ ঘৰলৈ টিভি অহাৰ পিছত ঘৰতে বহি আৰামত টি ভি চাব পৰা হ’লো৷তেতিয়া টি ভি যিহেতু দুই এঘৰ মানুহৰ ঘৰতহে আছিল সেয়ে টি ভি যাৰ যাৰ ঘৰত নাছিল তেওঁলোকেও টি ভি চাবলৈ আহিছিল আৰু টিভি চোৱা কোঠাটো মানুহেৰে ভৰি পৰিছিল৷ৰামায়ণ, মহাভাৰত,পৰমবীৰ চক্ৰ,চন্দ্ৰকান্তা,শক্তিমান,মুগলী আদিবোৰ আছিল আমাৰ প্ৰিয় অনুষ্ঠান৷তেতিয়া দেওবাৰে দেওবাৰে দুপৰীয়া সৰ্বভাৰতীয় বিভিন্ন ভাষাৰ চিনেমা দিছিল৷চিনেমা আৰম্ভ হোৱাৰ আগে আগে মুখেৰে কথা কব নোৱাৰা লোকসকলৰ হাতৰ অংগী-ভংগীৰে বাতৰি পৰিৱেশন দিছিল৷যিদিনাখন অসমীয়া ভাষাৰ চিনেমা দিছিল সেইদিনা আমাৰ মনবোৰ থৌকি-বাথৌ হৈ থাকিছিল৷ আমি খাই-বৈ,কাম-কাজ সামৰি অসমীয়া চিনেমাখন চাবৰ বাবে পূৰ্ণ-প্ৰস্তুতি চলাইছিলোঁ৷ওচৰ-চুবুৰীয়াও আহি ভিৰ কৰিছিলহি৷চিনেমাখন আৰম্ভ হোৱা সময়ত পৰিয়ালৰ কোনোবা এজন যদি বাৰীৰ চুকতো কাম কৰি থাকে বিচাৰি বিচাৰি চিঞৰি চিঞৰি মাতি অনা হৈছিল৷এনেকৈয়ে সোণমইনা, অজলা ককাই, আজলী নবৌ,হলধৰ,কোলাহল,হালধীয়া চৰায়ে বাওধান খায়,শৃংখল,গংগা চিলনীৰ পাখি,জীৱন সুৰভি,ককা,নাতি আৰু হাতী,ড০ বেজবৰুৱা,চামেলী মেমচাহাব,শকুন্তলা আদি চিনেমাবোৰ চোৱা মনত পৰে৷চিনেমাৰ দুখলগা দৃশ্যবোৰত মা-খুৰী-মামীহঁতে ওলাই অহা চকুপানী ঢাকিবলৈ চাদৰৰ আঁচলটোৰে নিজৰ নিজৰ মুখবোৰ ঢাকি পেলাইছিল আৰু পিছত সেইয়াই হাঁহিৰ খোৰাক হৈছিলগৈ৷হিন্দী চিনেমাৰ ভিতৰত ৰাজেশ খান্না,শশী কাপোৰ,জীতেন্দ্ৰৰ ফিল্ম খুউব চাইছিলোঁ৷বুধবাৰ আৰু শুক্ৰবাৰে ৰাতি আঠ বজাত “চিত্ৰহাৰ” দিছিল৷আমি হ’ম-ৱৰ্ক আদি কৰি পঢ়ি-শুনি আজৰি হৈ চিত্ৰহাৰ চাবলৈ বহিছিলোঁ৷মোৰ ডাঙৰ বাইদেৱে মা-দেউতাৰ আগত চিত্ৰহাৰ চাবলৈ লাজ পাইছিল৷দেউতাই চিত্ৰহাৰ ওলালে –“কি ঔ বান্দৰৰ দৰে নাচি-বাগি থাকে!এইবোৰনো চাইনে!!” –এইবুলি কৈ উঠি গৈছিল৷এবাৰ চিত্ৰহাৰত ৰাজেশ খান্নাৰ “হাথি মেৰা চাথি” গানটো দি আছিল৷তাত হাতী ওলাইছিল৷হাতী দেখি মই মা-দেউতাক মাতিবলৈ আৰম্ভ কৰিলোঁ – “অ’ মা, অ’ দেতা হাতী ওলাইছে,হাতী ওলাইছে….”৷বাইদেৱে মোৰ উৎসাহত চেঁচাপানী ঢালি পিঠিতে একভুকু লগাই দিছিল৷বাইদেৱে কিয় ভুকুটো দিছিল তেতিয়া বুজি নাপাই ভেঁ ভেঁ কৈ কান্দিছিলোঁ কিন্তু অলপ ডাঙৰ হৈ বুজিছিলো- মোক ভুকু দিয়াৰ কাৰণ৷নব্বৈ দশকৰ আমাৰ এই “আপট্ৰন” টিভিটো ২০০৭ লৈকে ধুনীয়াকৈ চলি আছিল পিছে৷
সেইসময়ত মাজে মাজে আমাৰ চুবুৰীয়া ল’ৰা-ছোৱালীৰ মাজত ভিচিপিত চিনেমা চোৱাৰ ধুম উঠিছিল৷সকলোৱে পইচা উঠাই ভিচিপি ভাৰাত লৈ গোটেই ৰাতিটো চিনেমা চাইছিল৷চিনেমা চাবলৈও পাল-পাতি লোৱা হৈছিল – আজি আমুকৰ ঘৰত চিনেমা চোৱা হ’ব, অহা সপ্তাহত তমুকৰ ঘৰত৷এই ভিচিপিতে মেইনে প্যাৰ কিয়া,আশিকী,চাজন,জামাই ৰাজা,কিয়ামত চে কিয়ামত তক,নৰসিংহ,ফুল অ’ৰ কাঁটে,চোলে আদি চিনেমাবোৰ চাইছিলোঁ৷দাদাহঁতে বিল্লা আৰু চাকাল থকা ভিলেইনৰ চিনেমা বেছি পচণ্ড কৰিছিল৷সিহঁতে ফাইট থকা চিনেমাক আগস্থান দিছিল৷আমাৰ দাদাৰ বহী এখন আছিল য’ত চিনেমাৰ ফটো কাটি আঠা লগাই থৈছিল আৰু ফটোত লগাই থোৱা চিনেমাখন চোৱাৰ পিছত ফটোখনৰ তলত চিনেমাখনত কেইটা ফাইট আছে,ভিলেইন কোন কোন আছে,হিৰ’ হিৰইন কোন আছে সকলো ধুনীয়াকৈ লিখি ৰাখিছিল৷
আমাৰ ঘৰত ফিলিপছৰ এটা ৰেডিঅ আছিল৷সেই ৰেডিঅটোতে গীতাঞ্জলী অনুষ্ঠান,নিয়োগ বাতৰি, আঞ্চলিক বাতৰি, মিচিং গীতৰ অনুষ্ঠান,সুৰৰ পানচৈ,অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰৰ সাঁথৰি,ঘৰ-জেউতি,হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান,মইনাহঁতৰ অনুষ্ঠান কুঁহিপাঠ,যুৱ-বাণী আদি শুনি উপভোগ কৰা মনত পৰে৷
ঘৰত যেতিয়া ইলেকট্ৰিচিটিৰ সংযোগ নাছিল তেতিয়া আমি টেবুল লেম্প আৰু হাত লেম্পৰ পোহৰত পঢ়িছিলোঁ৷হাত লেম্পটো বেছি পোহৰ দিবৰ বাবে কাগজেৰে ঘূৰণীয়া চুঙা এটা বনাই লেম্পটোৰ ওপৰত টুপিৰ দৰে লগাই দিছিলো৷দাদাই গধূলিতে লেমৰ চিমনিকেইটা ধুনীয়াকৈ চাফা কৰি থৈছিল আৰু লেমত কেৰাচিন তেল ভৰাই থৈছিল৷পঢ়া-শুনা কৰোঁতে আমি যেতিয়া লিখিছিলো চিঞাহী কলমেৰে লিখিছিলোঁ৷কলমৰ নিব সলনি কৰিব পৰা ব্যৱস্থাও আছিল৷চেলপাৰ্ক চিঞাহী দোৱাতৰ পৰা কলমত চিঞাহী ভৰাইছিলোঁ৷নব্বৈ দশকৰ মাজভাগৰ পৰা লেণ্ডফোন আহিছিল৷আমাৰ ঘৰৰ লেণ্ডফোনৰ প্ৰথম নম্বৰটো আছিল –৪২৮৯৬ আৰু কেইবাবছৰৰ পিছত সলনি হৈ হৈছিল ২৩২২২৷
সময়ৰ গতিশীলতাত এতিয়া সকলো সলনি হ’ল৷কথাবোৰ-দিনবোৰ মধুৰ স্মৃতিৰ এলবামত বন্দী হৈ ৰ’ল৷
 --- মৌচুমী বৰি

Tuesday 31 October 2017

“জীৱন-দৰ্শন কথকতা” (১)

“জীৱন-দৰ্শন কথকতা”

                  -- মৌচুমী বৰি

অনবৰতে জীৱন দৰ্শনৰ কিতাপৰ মাজত ডুব গৈ থকা তপস্যাই কৈ উঠিল --

“আচলতে কি জানা স্নিগ্ধা,আমাৰ জীৱনত কিছুমান বিহযুক্ত ভাৱনা (যিবোৰক ইংৰাজীত toxic thought বুলি কয়) থাকে যিবোৰ ভাবনাই আমাৰ জীৱনটোক উদযাপন কৰাত বাধা হৈ দেখা দিয়ে৷ সেয়ে আমি যিমান পাৰো এই ভাবনা বোৰক চিৰদিনৰ বাবে বিদায় জনাব লাগে৷এনেকৈ বিদায় জনাব শিকিলে আমি জীৱনটোক ন-ৰূপত উদযাপন কৰিবলৈ সমৰ্থ হওঁ৷কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে বেছিভাগ মানুহেই বিহযুক্ত ভাৱনাবোৰক মনৰ মাজত কঢ়িয়াই লৈ ফুৰে৷
   এই যে তুমি ক’লা –তোমাৰ বন্ধুৰ স’তে হোৱা সংঘাত তুমি পাহৰিব পৰা নাই;যি কথাই তোমাক মাজে মাজে দুখত ম্ৰিয়মান কৰি তুলে৷মই ভাবো –তুমি কথাখিনি পাহৰা উচিত৷আমি জীৱনত আমাক অসুখী কৰা বহু কথাক এৰাই চলিব পৰাকৈ সাহসী হোৱা উচিত৷তোমাৰ মাথো এতিয়া এটাই ভাৱনা হোৱা উচিত – তেওঁৰ প্ৰতি শুভভাৱনা,তেওঁৰ প্ৰতি প্ৰাৰ্থনা৷” – তপস্যাৰ কথাখিনি স্নিগ্ধাই মনে মনে শুনি থাকিল৷স্নিগ্ধাৰ কিবা মানসিক অশান্তি হ’লেই তাই তপস্যা বাৰ ওচৰত হাজিৰ হয়হি৷তপস্যা বাৰ কথাবোৰ শুনাৰ পিছত মনটো ফৰকাল লাগে তাইৰ৷
:কিন্তু তপস্যা বা, পাহৰো বুলিলেই কথাবোৰ যে পাহৰিব নোৱাৰি!
স্নিগ্ধাৰ হুমুনিয়াহ ভৰা কথা শুনি তপস্যাৰ হাঁহি উঠিল৷
:আইজনী,পাহৰিব বিচৰা কথাবোৰ অলপ সাধনা কৰিলেই পাহৰিব পাৰি৷আমি আমাৰ অৱচেতন মনক যি কওঁ অবচেতন মনটোৱে তাকেই বুজি পায়৷গতিকে অৱচেতন মনটোক পতিয়ন নিয়াব লাগিব যে আমাক কষ্ট দিয়া ভাৱনাখিনিৰ পৰা মুক্তি পাইছোঁ বুলি৷আলাসতে সকলো বস্তু বিচাৰিলে নাপাবা নহয়৷
:সাধনা কেনেকৈ কৰিম?—স্নিগ্ধাই পুনৰ সুধিলে৷
:তাৰবাবে ধ্যান,মেডিটেচন আদি কৰিলে সোনকালে সুফল পাবা৷-তপস্যাই ক’লে৷
: তপস্যা বা, মোৰ লগৰ যে পৰিণীতা!তাইক মই একেবাৰে দেখিব নোৱাৰোঁ৷তাইৰ কথা-কাণ্ডবোৰে মোক বৰ অতিষ্ঠ কৰে৷ তাইক ভাল পাম বুলি ভাবিলেও তাই যিবোৰ কথা কৈ থাকে মোৰ মূৰৰ চুলি খঙত থিয় হৈ যায়৷কিন্তু কি কৰিবা,মোৰেই দুৰ্কপাল,ক্লাছৰূমত তাইক সদায়েই লগ পাব লগা হয়৷মোৰ কেতিয়াবা এনে লাগে কোনোবাই যেন মোক তাইৰ বিৰুদ্ধে কিবা খোৱাই হে থৈছে যাৰ বাবে দিনক দিনে মই তাইক দেখিব নোৱাৰা হৈ গৈ আছোঁ৷কিবা এটা উপায় দিয়ানা৷—স্নিগ্ধাই কৈ উঠিল৷
:বাৰু কোৱাচোন স্নিগ্ধা, খং উঠিলে অপকাৰ কাৰ হয়?তুমি যেতিয়া খং কৰা,মন কৰিবাচোন তোমাৰ উশাহ-নিশাহবোৰ ধীৰ-স্থিৰ হৈ নাথাকে,তুমি নিজকে অসহজ অনুভৱ কৰা…হয় নে নহয়? তুমি যাৰ ওপৰত খং কৰা তেওঁ তোমাৰ খংটো গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে কিন্তু আমি নিজৰ মাজত খং সৃষ্টি কৰি নিজৰ দেহৰ-মনৰ অপকাৰ মাতি অনাহে হয়৷গতিকে পৰিণীতাৰ ওপৰত খং কৰি লাভ হৈছে জানো?আৰু পৰিণীতাৰ প্ৰতি যেতিয়া তুমি এটা বেয়া চিন্তা সৃষ্টি কৰিবা সেই চিন্তাটো তৰংগায়িত হৈ পৰিণীতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব আৰু পৰিণীতাইও তোমাৰ প্ৰতি এটা বেয়া ভাৱনাই সৃষ্টি কৰিব যি তোমাৰ ওপৰতো প্ৰভাৱ পেলাব৷ফলত তোমালোকৰ মাজত কেতিয়াও সদভাৱৰ সৃষ্টি হ’বলৈ সুযোগ নাপাব৷সেইকাৰণে যিমান পাৰা তাইৰ প্ৰতি সদভাৱ সৃষ্টি কৰা আৰু তাইৰ স্বভাৱৰ প্ৰকৃতিক স্বীকাৰ কৰি লোৱা যে তাই তেনেকুৱাই৷আমি প্ৰতিজন মানুহেই বেলেগ বেলেগ স্বভাৱ-চৰিত্ৰ,বেলেগ বেলেগ সংস্কাৰৰ অধিকাৰী৷গতিকে সকলোৱে প্ৰতিজন মানুহক তেওঁ যেনেকুৱা তেনেভাৱেই গ্ৰহণ কৰি লোৱা উচিত৷
আৰু এটা কথা-তোমাৰ সুখ-দুখৰ চাবিকাঠী কিয় পৰিণীতাক দিবা?মানে তুমি পৰিণীতাৰ দ্বাৰা কিয় পৰিচালিত হ’বা?তুমি এনে এক মানসিক স্থিতিত থাকিব লাগিব যাতে পৰিণীতাৰ দ্বাৰা হোৱা কোনো কৰ্ম-কাণ্ডই তোমাৰ মানসিক প্ৰশান্তি বিঘ্নিত কৰিব নোৱাৰে৷মনৰ মাজত আওৰাবা—“I am master over my thoughts,feelings and Sansker.”

জানা স্নিগ্ধা, আমি বেছিভাগ মানুহেই মুখৰ পৰা উচ্চাৰিত শব্দৰ দ্বাৰা পৰিচালিত হওঁ৷সেয়ে নিজে কথা কোৱাত সাৱধান হোৱাৰ লগতে নিজৰ মনক এনে এক শক্তিশালী স্থিতিত ৰাখিব লাগে যে আমাৰ স্বস্থিতি সদায় অটুট থাকে৷

--তপস্যা বা,তুমি কোৱা কথাবোৰ মিছা নহয় কিন্তু বাস্তৱত প্ৰয়োগ কৰা ইমান সহজো নহয়৷সকলোবোৰ জনাৰ পিছতোচোন আমাৰ হঠাতে খং উঠে,হঠাতে দুখ লাগে৷
:মানসিক স্থিতি দূৰ্বল থাকিলেই এনে হয় স্নিগ্ধা তাৰবাবে অলপ সাধনাৰ প্ৰয়োজন৷এই যে তুমি ক’লা—বাস্তৱত প্ৰয়োগ কৰা ইমান সহজ নহয়৷এবাৰটো পৰীক্ষা কৰি চোৱা নিজৰ লগত৷প্ৰতিমুহুৰ্ততে পৰিণীতাৰ লগত তোমাৰ সম্বন্ধ খুবেই ভাল বুলি অনুভৱ কৰাচোন আৰু পৰিণীতাৰ প্ৰতি শুভভাৱনা সৃষ্টি কৰি চোৱাচোন তুমি মেজিক দেখিবলৈ পাবা – মই কৈছোঁ৷

  : হ’ব বাৰু তপস্যা বা, মই পৰিণীতাক ভাল পাবলৈ চেষ্টা কৰিম৷তাইৰ কোনো কথাত মই খং নকৰোঁ৷ – এইবুলি কৈ স্নিগ্ধা ঘৰ পালেগৈ৷

তপস্যা বাই ইমান ধুনীয়াকৈ কথাবোৰ কয়৷মইও যদি তপস্যা বাৰ দৰে হ’লোহেঁতেন!—স্নিগ্ধাই ভাবিলে৷হঠাতে স্নিগ্ধাৰ কোঠাত ককায়েকৰ প্ৰৱেশ হ’ল৷
:অ’ই ভন্টী, মোৰ বৰ দুখ হৈছে জান’ – ককায়েক দিপ্লুৱে স্নিগ্ধাৰ আগত দুখেৰে কৈ উঠিল৷
:কি দুখ হৈছে তোৰ?ক’চোন – স্নিগ্ধাই ক’লে৷
:মই ভায়লিনাক ভাল পাওঁ,কিন্তু তাই মোক ভাল নাপায়৷-ককায়েকে দুখেৰে ক’লে৷
স্নিগ্ধাৰ হঠাতে তপস্যা বাৰ দৰে জীৱন দৰ্শনভৰা কথা কবলৈ মন গ’ল৷তাই তপস্যা বাৰ দৰে গহীন হৈ ল’লে আৰু ক’লে –
:আমি যাক ভাল পাওঁ তেওঁ আমাক ভাল নাপালেও আমি তেওঁক গোটেই জীৱন ভাল পাই থাকিব পাৰোঁ৷তাতেই আমাৰ জীৱনৰ সাৰ্থকতা…..
স্নিগ্ধাৰ কথা শুনি  দিপ্লুৰ ভাল লগাৰ পৰিবৰ্তে খংহে উঠিল৷
:তই তাৰমানে ভায়লিনাই মোক একেবাৰে ভাল নোপোৱাটোৱেই বিচাৰিছ’ ন?উপন্যাস পঢ়ি পঢ়ি তোৰ মূৰটো গ’ল৷গোটেই উপন্যাস সোপা দলিয়াই দিম ৰ’৷আৰু সেইজনী তপস্যা নে কি দাৰ্শনিকৰ দৰে যে কথাবোৰ কয় তই তাইৰ ওচৰলৈ গৈ গৈ বেয়া হ’লি৷ভায়লিনাৰ ভাল পোৱা পাবলৈ তই মোক সহায় কৰিবি বুলিহে তোৰ ওচৰলৈ আহিছিলোঁ আৰু তই এইবিলাক ডায়লগ মাৰ’—হুঁহ….কিতাপী ডায়লগ মোৰ আগত মাৰি নেদেখুৱাবি৷”
ককায়েক দিপ্লু ফোঁ ফোঁৱাই কোঠাৰ পৰা বাহিৰ হ’ল৷স্নিগ্ধাই ককায়েকৰ খং দেখি কিংকৰ্ত্তব্যবিমূহ হৈ ৰ’ল৷
 – “শান্ত হোৱা দিপ্লু দা,খং উঠিলে নিজৰ হে অপকাৰ হয়!!তোমাৰ সমস্যাৰ সমাধান বিচাৰি মই তপস্যা বাৰ ওচৰলৈ যাব লাগিব….” ভাবিলে তাই৷



পাঠকৰ অনুভৱ:
সুন্দৰ মনস্তাত্বিক লিখনি ৷ বাৰ্ণাৰ্ড শ্ব’ৰ নাটকীয় সংলাপৰ দৰে ৷ বৰ ভাল লাগিল ৷ -- সত্য়েন্দ্ৰ বৰদলৈ

Monday 11 September 2017

"পৰিৱৰ্তন"

"পৰিৱৰ্তন" (গল্প)
বুমন দাদাৰ কথা ভাবি জীমণি প্ৰায়ে হতাশ হয়৷ কিয় এনেকুৱা হ'ল সি? সৰুৰ পৰা ডাঙৰলৈ সকলোৱে তাক সুযোগ সুবিধা পালেই দম দিয়ে, গালি দিয়ে৷ কিন্তু সি নিৰ্বিকাৰ হৈ থাকে৷ কাকো ওলোটাই একো নকয়৷ তাৰ এই প্ৰতিক্ৰিয়াহীনতাৰ সুযোগ সকলোৱে লয়৷ সি যেন এটা অকৰা অজলা মূৰত ঘিউ নথকা ল'ৰা -- ঠিক তেনেকুৱা ভাৱ প্ৰকাশ কৰে সকলোৱে৷ অথচ, ঘৰৰ বজাৰ-সমাৰৰ পৰা ভাত ৰন্ধা লৈকে সকলো কামেই বুমন দাই নিয়াৰিকৈ কৰি যায়৷
বুমন দাক দেখিলে এনে লাগে-- সি যেন মানুহৰূপী এটা ৰবটহে৷ যিয়ে যি কয় নিৰ্দেশ মানি তাকে কৰি যায় মনে মনে৷ বুমন দাই এটা শ্ৰেণীতে দুবাৰ দুবাৰকৈ পঢ়িব লগা হয়৷ তাৰ পঢ়া-শুনাৰ তথৈবচ অৱস্থা দেখি মাক-দেউতাক বাৰুকৈয়ে হতাশ হৈ পৰে৷
বুমন দাৰ মুখৰ উজ্জ্বলতা খুউব কমকৈহে দেখা পোৱা যায়৷ মন ভাল থাকিলে -- "হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচায়" বুলি গুণগুণাই গায়৷ বুমন দাৰ মুখত গান শুনিলে জীমণিৰ মনটো অলপ ভাল লাগে কিন্তু বুমন দাৰ সেইকণ আনন্দ অলপ সময়ৰ বাবেহে৷ তাৰপিছত আকৌ নিশ্চুপ হৈ ৰয় বুমন দা ৷
বুমন দা জীমণিৰ পেহীয়েকৰ ল'ৰা৷ জীমণিয়ে বুমনদাহঁতৰ ঘৰতে থাকি পঢ়া-শুনা কৰিছে৷ বুমনদাহঁত টাউনত থাকে,জীমণিৰ ঘৰ গাঁৱত সেয়ে মাক-দেউতাকে তাইক পেহীয়েকৰ ঘৰত থাকি পঢ়াইছে৷ পেহীয়েকে আলহীৰ আগত বুমন দাৰ কথা কৈ দুখ কৰে -- "কেনেকৈ ই ইমান অকৰা হ'ল জানো!!ডাঙৰ হৈ কি কৰি খাব ভগৱানেহে জানে!!"পেহীয়েকৰ কথাবোৰ জীমণিয়ে মানি লবলৈ টান পায়৷ জীমণিৰ এনে লাগে-- পেহীয়েক-পেহাকে বুমনদাক যেন বুজিবলৈ যত্নই নকৰিলে৷ সি অকৰা-অজলা হৈ জন্ম হ'ল বুলি স্বীকাৰ কৰিহে লৈছে!!
"বুমন দা, কোনোবাই তোমাক কিবা বেয়াকৈ ক'লে,তুমি তাৰ উচিত প্ৰত্যুত্তৰ দি দিবা" - জীমণিয়ে কয়৷
বুমন দাই নিৰ্বিকাৰ হৈ জীমণি লৈ চায়৷
"মানুহৰ জীৱনত কিবা এটা লক্ষ্য থাকিব লাগে৷ তুমিও ভৱিষ্যতে নিজৰ ওপৰত থিয় হ'ব পৰাকৈ সমৰ্থৱান হ'ম বুলি ভাবিব লাগিব বুমন দা৷এনেকৈ থাকিলে জীৱনটো নচলিব নহয়৷"
নাই, জীমণিৰ কথা বুজি পাই নে নাপায় জীমণিয়ে ধৰিব নোৱাৰে৷ প্ৰতিক্ৰিয়াহীন হৈ বহি থাকে সি৷
"কিবা এটাতো কোৱা?"
তেনেকৈ ক'লে বুমন দাই জীমণিলৈ চাই হেবাং কৈ হাঁহি এটা মাৰে৷
বুমন দাই জীমণিক মৰম কৰে৷ টিউচনলৈ দেেউতাকৰ পুৰণি স্কুটাৰখনত উঠাই বুমন দায়েই তাইক লৈ যায়৷ টিউচনৰ পৰা লৈও আহে বুমন দায়েই৷
এদিন বুমন দাই কাণে কাণ মাৰি হায়াৰ চেকেণ্ডেৰী পাছ কৰিলে৷ পেহায়ে ঘৰৰ চোতালতে ৰাষ্টাৰ কাষত গেলামালৰ দোকান এখন খুলি দিলে৷ বুমন দা দিনৰ দিনটো দোকানখনত বহি থাকে৷ গ্ৰাহক আহিলে বস্তু ঠিকেই দিয়ে কিন্তু খুউব লেহেমিয়াকৈ দিয়ে৷ সেয়ে গ্ৰাহক সকলৰ খং উঠে৷
"অকৰাটো সোনকালে দে ৷ এনেকৈ দোকান দিলে কি দোকান চলাই খাবি,হুঁহ!!" বুলি গ্ৰাহকে দম দি থৈ যায়৷কেতিয়াবা বহু গ্ৰাহকে পইচা পাতি নিদিয়াকৈও বস্তু লৈ যায়৷ বুমন দাৰ দোকান চলোৱা মতিগতি দেখি অৱশেষত পেহাই দোকান বন্ধ কৰিলে৷তাৰপিছৰ পৰা বুমন দাই কাম বন নাথাকিলে চকুমুদি বিচনাত পৰি থাকে ৷ সময় সুযোগ পালেই মুঠতে বিচনাত শুই থাকে৷ জীমণিৰ কোনোবা আলোচনীত পঢ়া মনত পৰে -- হতাশ মানুহে শুই থাকি ভাল পাই বোলে!! বুমন দাৰো তেনে হোৱা নাইতো!--জীমণিয়ে ভাবে৷
এনেকৈয়ে বুমন দাৰ দিনবোৰ যাবলৈ ধৰিলে ৷
কেতিয়াবা জীমণিৰ ভাব হয় -- বুমন দা যেন এটা হতাশাৰ প্ৰতিমূৰ্তি৷ সকলোৱে অকৰাটো অজলাটো কওঁতে কওঁতে পেহা-পেহীৰ দৰেই বুমন দাইও যেন নিজকে অকৰা বুলি স্বীকাৰ কৰি লৈছে জীমণিৰ তেনে লাগে৷ বুমন দাই বাৰু নিজকে এজন ধুমুহাত বিধ্বস্ত মানুহ বুলি ভাবে নেকি!
চাওঁতে চাওঁতে বুমন দাৰ বিয়াৰ বয়স পালেহি৷ পেহা-পেহীয়ে বিয়াৰ কথা উলিয়াওঁতে বুমন দাই মুখেৰে মাত মতা জীমণিয়ে শুনিছিল-- "মই বিয়া নাপাতো"৷
কিন্তু পেহা-পেহীয়ে বুমন দাৰ কথা নুশুনিলে ৷ জীমণিহঁতৰ গাঁৱৰে ছোৱালী এজনীৰ লগত জোৰকৈ বিয়া পতাই দিলে৷ পিছে পয়মাল লাগিল ফুলশয্যা নিশাৰ দিনাই৷ বুমন দাই কইনাৰ লগত নুশুই,কইনাৰ ওচৰলৈ নাযাওঁ বুলি জিদ ধৰিলে৷ ইফালে কইনাৰ কান্দোন আৰম্ভ হ'ল৷
"বুমন দা,বিয়াৰ পিছত তুমি বৌৰ লগত একেলগে থাকিব লাগে বুলি নাজানা নেকি? হাত যোৰ কৰিছো তোমাক ,ঘৰখনৰ সন্মানৰ কথা ভাবি তুমি বৌৰ ওচৰলৈ যোৱা"-- জীমণিয়ে এইবুলি কৈ কৈ বুমন দাক ঠেলি হেঁচি কোঠাত সোমোৱাই বাহিৰৰ পৰা দুৱাৰখন লগাই দিলে৷ পিছদিনা কাহিলিপুৱাতে জীমণিয়ে উঠি বুমন দাহঁতৰ কোঠাৰ লকটো খুলি দিলে৷
পিছদিনা ন-কইনাই যিবোৰ কৰে সেইবোৰ একো নহ'ল৷ আউলি বাউলি চুলিৰে বুমন দাৰ কইনাজনীয়ে পুৱাৰ পৰাই ৰাউচি জুৰি কান্দিবলৈ আৰম্ভ কৰিলে৷ জীমণি,পেহা-পেহী সকলোৱে ন-কইনাক বুজাবলৈ আৰম্ভ কৰিলে৷ দিন গ'লে সকলো ঠিক হৈ যাব বুলি বুজনি দিলে৷ বুজনি শুনি শুনি অৱশেষত ন-কইনা শান্ত হ'ল৷ ন-কইনা সেইমুহূৰ্ততহে শান্ত হ'ল কিন্তু সেইদিনাখনৰ পৰাই ঘৰখনত নতুন অশান্তি আৰম্ভ হ'ল৷
নবৌৱে সুযোগ সুবিধা পালেই পেহা-পেহীৰ লগত কাজিয়া কৰা আৰম্ভ কৰি দিয়ে৷ শহুৰ-শাহুৰৰ প্ৰতি শ্ৰদ্ধা-ভক্তি বহুত দূৰতে থাকিল৷ বুমন দাকটো দিনৌ জহনিত যোৱা, মৰাটো,চুৱা খোৱা বুলি কৈহে কেটেৰা-জেঙেৰা মাৰি কথা পতা হ'ল৷ জীমণিয়ে নবৌয়েকক কিবা কব খুজিলেই জীমণিৰ ঘৰখনৰ ওপৰত থকা অধিকাৰ বুজাই দি তাইৰ মুখ বন্ধ কৰি দিয়ে৷ পেহা-পেহীৰ বেজাৰমুৱা মুখদুখনলৈ চাই জীমণিৰ মনটোও বেয়া লাগি থাকে৷
এদিন জীমণিয়ে বুমন দাক বুজালে--
"বুমন দা, তুমি মুখেৰে মাত নমতা বাবেই নবৌৱে ঘৰখনত অশান্তি কৰিবলৈ চল পাইছে৷ তোমাৰ ভিতৰত থকা মানুহটোক কিয় মাৰি পেলাইছা? উঠা!জাগা!!"
বুমন দাই মাথো জীমণিৰ কথা মনে মনে শুনি থাকে৷ জীমণিয়ে সুযোগ সুবিধা পালেই বুমন দাক সংসাৰৰ কথা বুজাবলৈ আৰম্ভ কৰে৷বুমন দাৰ ভিতৰত থকা অপাৰ শক্তিৰ জ্ঞান দিবলৈ চেষ্টা কৰে৷ লাহে লাহে জীমণিয়ে বুমন দাক এজন মনোৰোগ বিশেষজ্ঞৰ কাষলৈও নিয়া হ'ল৷ বুমন দাৰ কাউন্সেলিং চলে পুৰাদমে৷ জীমণিৰ চেষ্টাই কাম দিয়া যেন লাগিল লাহে লাহে৷ বুমন দাইচোন আগতকৈ দুই এটা কথা কোৱা হ'ল৷ মিচিকিয়াই হঁহা হ'ল৷লাহে লাহে ঘৰখনতো এটা পৰিৱৰ্তন চকুত পৰিল জীমণিৰ --ঘৰখনৰ কাজিয়া-পেচাল আগতকৈ কমিল৷নবৌৰ কেটেৰা-জেঙেৰা কথাবোৰো কমি আহিল৷ বুমন দাই কেতিয়াবা নবৌক স্কুটাৰৰ পিচত উঠাই ফুৰাবলৈ নিয়া হ'ল৷ পুনৰ "হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচায়" বুলি গুণগুণকৈ গান গাবলৈ ললে বুমন দাই৷ বুমন দাৰ পৰিৱৰ্তন দেখি পেহা-পেহীৰ মুখদুখন উজ্জ্বল হৈ পৰা দেখা গ'ল৷
সিদিনা এটি নতুন খবৰে ঘৰখনলৈ সুখৰ বতৰা কঢিয়াই আনিলে৷ ঘৰখনলৈ এটি নতুন আলহীৰ আগমন হ'ব৷বুমন দা পিতৃ হ'ব ওলাইছে৷ আনন্দতে ঘৰখনত সৰু-সুৰাকৈ এটা পাৰ্টিয়েই চলিল৷
জীমণিয়ে ওপৰৰ আকাশখনলৈ চালে--- কলীয়া ডাৱৰৰ মাজৰ পৰা বেলিটো ওলাই আহিছে৷
(মৌচুমী বৰি)

Thursday 7 September 2017

“সংকল্প”

“সংকল্প”
পুৱা শুই উঠাৰ পৰাই তপস্যাৰ চকু আৰু মূৰৰ বিষ আৰম্ভ হয়৷কুম দুটা এনেকৈ টিংটিঙাই থাকে যে কাৰো কথাই তাইৰ শুনিবলৈ মন নাযায়৷খংটো টিঙিচকৈ উঠি আহেই৷অফিচত বহি কামত মন লগাব নোৱাৰে তাই৷কাষতে বহা কথকী অনামিকাৰ কথাবোৰ শুনি শুনি সহ্যৰ বাহিৰ হয় তাইৰ৷ধেমালিকৈ তাইক কিবা এষাৰ ক’লেই গালি পাৰি দিয়ে৷গালি শুনি অলপ দেৰিৰ বাবে অনামিকা মৌন হৈ ৰয়৷অনামিকাৰ মুখখন দেখি তপস্যাৰ বেয়া লাগে৷মুৰৰ বিষৰ বাবে তাইৰ খংটো বেছি হৈছে বুলি অনামিকাক কয় তাই৷অনামিকাই ডাক্তৰৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়ে৷
সিদিনাও তাই মূৰৰ প্ৰচণ্ড বিষ লৈ অফিচত বহি আছিল৷সুনন্দ দত্তই তাইক ক’লে – “আপোনাৰ ট্ৰান্সফাৰ হ’ব বুলি শুনা পাইছোঁ!নামনি অসমৰ ফালে হ’ব নেকি!” হঠাতে তাইৰ কৰপৰা জানো খংটো উঠি আহিল ৷ “এনেকুৱা অমংগলীয়া মুখ এখন লৈ মোৰ ওচৰলৈ কিয় আহিছে?ক’লে ভাল কথা ক’ব৷অনুগ্ৰহ কৰি এতিয়াই আঁতৰি যাওক,মোৰ মূৰ বিষাইছে৷” তাইৰ কথা শুনি সুনন্দ দত্তই অপমানবোধ কৰিলে৷ তপস্যাৰ টেবুলতে ভুকু দুটামান দি তেওঁ উঠি গ’ল৷সুনন্দ দত্ত উঠি যোৱাৰ ফালে চাই তাই ভাবিলে –“মোৰ ইমান খং উঠিবলৈ কি হে পালে? মইতো তেওঁৰ লগত ভালকৈও কথা পাতিব পাৰিলোহেঁতেন!” সুনন্দ দত্ত,অনামিকাহঁতে তপস্যাৰ বিষয়ে কোৱা-কুই আৰম্ভ কৰিলে – অলপ পাগলী হৈছে নেকি বুলি!!
তপস্যাৰ খংটো যে মূৰৰ বিষৰ কাৰণেহে উৎপতি হৈছে ঠিক তেনেকুৱাও নহয়৷তাই অনুভৱ কৰে –তাইৰ খংটো এনেয়েও বেছি৷সৰুৰে পৰা মৰম-আদৰত ডাঙৰ হোৱা ছোৱালী আছিল তাই৷মাকে গাত লগা কথা এষাৰ ক’লেই ওফোন্দ পাতিছিল৷মৰমেৰে ওফোন্দ ভাঙিব লগা হৈছিল ঘৰৰ মানুহে৷তাই নিজকে পাৰফেক্ট বুলি ভাবিছিল৷তাই কৰা কোনো কামকেই কোনেও ভুল ধৰিব নোৱাৰিব,কোনেও তাইক টানকৈ বা বেয়াকৈ এষাৰ ক’ব নোৱাৰিব – সেয়া আছিল তাইৰ জীৱনৰ নীতি৷মাক-দেউতাকেও তাইক এনেকৈ ডাঙৰ কৰিলে যে খং উঠাৰ তেনেকৈ সুযোগেই পোৱা নাছিল তাই তাইৰ জীয়ৰী জীৱনত৷ কিন্তু তাইৰ জীৱনত পয়মাল লাগিল তেতিয়া যেতিয়া তাই এখন ঘৰৰ বোৱাৰী হ’ল৷শাহুৱেকে যেতিয়া এনেকৈ নকৰিবা,তেনেকৈ নকৰিবা,এনেকৈহে কৰিবা,তেনেকৈহে কৰিবা আদি কথাবোৰ তাইক কবলৈ ধৰিলে৷যেতিয়া স্বামী সুব্ৰতে তাইক কথাই প্ৰতি অভিমান – আব্দাৰ কৰিবলৈ ধৰিলে –তাইৰ জীৱনটোৱেই খেলি মেলি হৈ যোৱা যেন লাগিল৷
এদিন সুব্ৰতে তাইক অভিমান কৰি ক’লে –“তুমি মোক নজনোৱাকৈ তালৈ যোৱা উচিত নাছিল৷” কথাষাৰ শুনিবলৈহে পালে তপস্যা খঙত উতলি উঠিল৷
“মোৰ কি স্বাধীনতা বোলা কোনো বস্তু নাই!সৱ তোমাক সুধিয়েই কৰিব লাগিব?” –এইবুলি কৈ তাই হাতত লৈ থকা মবাইল ফোনটো পকাত থেকেচা মাৰি পেলাই দিলে৷সুব্ৰতেও তাইৰ খং দেখি –“তোমাৰ খংটো অলপ বেছি,মাৰাক লগাইছো ৰবা,এতিয়াই ফোন কৰিছোঁ….” –এইবুলি কৈ তপস্যাৰ মাকলৈ ফোন লগাবলৈ ধৰিলে সি৷তপস্যাৰ খং এইবাৰ চূড়ান্ত হৈ পৰিল৷
“সৱ কথাতে মোৰ মা-দেউতাক টেনছন দিব আঁহা ..” –এইবুলি কৈ কোঠাত থকা সকলো বস্তু এফালৰ পৰা দলিয়াবলৈ লাগি গ’ল তাই৷তাইৰ যখিনী ৰূপ দেখি সুব্ৰতে ভয় খালে আৰু তপস্যাক শান্ত কৰিবলৈ সাৱতি ধৰিলে৷
“এৰা কৈছো,মোক এৰি দিয়া…আজি মই সৱ শেষ কৰিম….” –সুব্ৰতৰ বাহুবন্ধনৰ পৰা তাই পাগলীৰ দৰে ওলাবলৈ যত্ন কৰিলে৷
সুব্ৰতে পিছত তাই নজনাকৈ তপস্যাৰ মাক-দেউতাকৰ লগত কথা পাতিলে –তপস্যাৰ খংটোৰ বিষয়ে৷মাক-দেউতাকে তাক ক’লে যে –“তপস্যাক আমি ইমান মৰমত ডাঙৰ কৰিলোঁ তাইৰ খংটো কোনোদিন দেখাই নাপালোঁ৷তাই এজনী শান্ত ছোৱালী বুলিহে আমি জানো৷”মাক-দেউতাকৰ কথাবোৰ সুব্ৰতে মানি লবলৈ টান পালে৷
০০০০০০
সুব্ৰতৰ স’তে হোৱা সংসাৰখনে চাৰিবছৰ পূৰ্ণ কৰিলে৷এই চাৰিবছৰে যিমান মৰম-ভালপোৱা থাকিল সিমান খোঁটখাঁটৰ অন্তও নাছিল দুয়োজনৰ মাজত৷বিয়া হোৱাৰ পৰা তপস্যাৰ সুব্ৰতৰ প্ৰতি এটাই অভিযোগ আছিল – সি তাইৰ মাক-দেউতাকক গুৰুত্ব নিদিয়ে,খবৰ খাতি নলয় ইত্যাদি ইত্যাদি৷তাই তেনেধৰণৰ অভিযোগ কৰিলেই সিও জ্বলা জুইত ঘিউ ঢালি দিয়াৰ দৰে প্ৰতিক্ৰিয়া দেখুৱায়৷এদিন সুব্ৰত-তপস্যাৰ কাজিয়া ইমান তুংগত উঠিল যে মাত-বোল বন্ধ হ’ল দুয়োজনৰ মাজত৷তপস্যাই সুব্ৰতৰ চকুলৈ চাবলৈকে বাদ দিলে৷মাত-বোল নকৰাকৈ দুয়োজনে ঘৰুৱা কামবোৰ কৰে আৰু ভাগে ভাগে অফিচলৈ যায়গৈ৷এনেকৈ মাত-বোল বন্ধ হৈ থাকোঁতে সুব্ৰতৰ দদায়েক এজন ঢুকাল৷এতিয়া খবৰ লবলৈ নগ’লেই নহয়৷সুব্ৰতৰ মাকে দুয়োজনকে খবৰ লবলৈ যাবলৈ ক’লে৷মাকৰ আজ্ঞা শিৰোধাৰ্য কৰি দুয়ো যাবলৈ ওলাল৷সুব্ৰতে গাড়ী ষ্টাৰ্ট কৰিলে৷তপস্যা কাষত বহিল৷সুব্ৰতে তপস্যাৰ মুখলৈ চালে৷তপস্যা নিমাত৷
:তোমাক দেখিবলৈ ধুনীয়া লাগিছে – সুব্ৰতে তপস্যাক ক’লে৷
তপস্যা নিৰুত্তৰ
:কিবা এটাতো কোৱা! – সুব্ৰতে পুনৰ কৈ উঠিল৷ সুব্ৰতৰ কথা কোৱাৰ ধৰণ দেখি তপস্যাৰ ফিচকৈ হাঁহিটো ওলাই আহিল৷
:উহ ৰক্ষা!হাঁহিলা যে৷ – সুব্ৰতে স্বস্তিৰ নিশ্বাস পেলালে৷
:ৰাজেন দদাইটিৰ আত্মাৰ সদগতি কামনা কৰিলোঁ৷-সুব্ৰতে পুনৰ কৈ উঠিল৷
:দদাইটি কেনেকৈ ঢুকাল? – তপস্যাই সুধিলে সুব্ৰতক
:উহ!কিমান দিন যে তোমাৰ মাতটো শুনা নাই৷কাণত মৌ বৰষা যেন লাগিছে৷ – সুব্ৰতে চকু মুদি কৈ উঠিল
:সুব্ৰত,মই তোমাক কি সুধিছো???? মোৰ আকৌ খং উঠিব…. তপস্যাই কৈ উঠিল
:খং নুঠিবা মোৰ মা-গোসাঁনী….দদাইটি এনেকৈ…. সুব্ৰতে সবিস্তাৰে ৰাজেন দদাইটি কেনেকৈ ঢুকাল কবলৈ লাগিল৷
দুদিন মান সুব্ৰত-তপস্যাৰ দিনবোৰ মৰম-চেনেহৰ মাজেৰে ভালদৰেই পাৰ হ’ল ৷এদিন হঠাৎ পুনৰ কথাৰ তৰ্কযুদ্ধ আৰম্ভ হ’ল৷কাজিয়া এনেকৈ বাঢ়িল যে তপস্যাই খঙত একোনাই হৈ সুব্ৰতৰ ফালে আঙুলি টোৱাই গালি পাৰিবলৈ লাগিল৷ তাৰপিছত দিনটোলৈ মাত-বোল বন্ধ৷ খঙটো যেতিয়া শাম কাটিল তপস্যাৰ মনটো বেয়া লাগিবলৈ আৰম্ভ কৰিলে৷ সুব্ৰতক তাই আজি প্ৰথমবাৰৰ বাবে আঙুলি টোৱাই কথা ক’লে!ইমান বেয়া পাই নে তাই সুব্ৰতক?নাই বহুত হ’ল৷সীমা ক্ৰছ কৰি খং কৰিলে তাই সুব্ৰতৰ ওপৰত!ইমান অপমান কৰাকৈটো খং কৰাৰ কোনো কাৰণ নাছিল৷খংটো কমাবলৈ কিবা এটা উপায় ওলিয়াব লাগিব – ভাবিলে তপস্যাই৷ৰাতি শোৱাৰ পৰত সুব্ৰতৰ ওচৰত ক্ষমা খুজিলে তাই আৰু ধাৰাসাৰে চকুপানী ওলিয়াই কান্দোন জুৰিলে৷সুব্ৰতে মাথোঁ বুকুৰ মাজত সুমুৱাই ৰাখিলে তপস্যাক৷
তাৰপিছদিনৰ পৰাই তাইৰ মূৰৰ বিষ আৰম্ভ হ’বলৈ ধৰিলে আৰু খংটো শাম কটাতকৈ বাঢ়িবলৈহে লাগিল৷অফিচতো তাই তাইৰ খংটো যাৰে তাৰে ওপৰত প্ৰয়োগ কৰিবলৈ ধৰিলে৷যেনেকৈ তাইৰ খঙৰ চিকাৰ হ’ল অনামিকা আৰু সুনন্দ দত্ত৷
অৱশেষত তাই ডাক্তৰৰ ওচৰ পালেগৈ৷ ডাক্তৰে চাই মেলি ক’লে – “আপোনাৰ মাইগ্ৰেন আছে…এইকেইটা দৰৱ দিছো ..নিয়মীয়াকৈ খাব৷”
:চাৰ,মোৰ খংটো অলপ বেছি,খং কমাবলৈ কিবা উপায় নাইনে? – তপস্যাৰ কথা শুনি ডাক্তৰে হাঁহিলে৷
: আপুনি মেডিটেচন আৰম্ভ কৰক…অনুলোম-বিলোম,কপাল ভাটি আদি কৰাৰ অভ্যাস কৰকচোন৷ANGERৰ আগত D টো লগাই দিলে DANGER হৈ যায়—এই কথা মনত ৰাখিব৷
:চাৰ মই,ঘৰৰ মানুহটো বাদেই মোৰ কৰ্মস্থলীৰ লোক সকলৰ ওপৰতো হকে বিহকে খং কৰা আৰম্ভ কৰি দিছোঁ, পিছত নিজৰে বেয়া লাগে৷ – তপস্যাই কৈ উঠিল৷
:খং নকৰিব৷শত্ৰু বাঢ়িব৷ খং মানেই ডেঞ্জাৰ –এই কথাটো মানি চলিব৷
ডাক্তৰক ধন্যবাদ জনাই ফাৰ্মাচীৰ পৰা ঔষধ পাতি লৈ তপস্যা ঘৰ পালেহি৷কিতাপৰ আলমাৰি খুচৰি যোগাসনৰ কিতাপ এখন টানি আনিলে৷কাইলৈ পুৱাৰ পৰা অনুলোম-বিলোম,পদ্মাসন আদি কৰিব তাই৷ওচৰতে থকা প্ৰজাপিতা ব্ৰহ্মাকুমাৰীৰ “ৰাজযোগ” মেডিটেচনো শিকিবলৈ যাব তাই৷ কথাবোৰ ভাবি থাকোঁতে হোমেন বৰগোহাঞি চাৰৰ “যোগ” সম্পৰ্কে এটি লেখা পঢ়িবলৈ পালে তপস্যাই৷ চাৰে লিখিছে – “মোৰ মনত দৃঢ় বিশ্বাস হৈছিল যে সংকটৰ সন্মুখীন হ’বলৈ যি ধৰণৰ মানসিক শক্তি আৰু প্ৰশান্তিৰ প্ৰয়োজন,সেইটো মোক দিব পাৰিব একমাত্ৰ যোগৰ অনুশীলনেহে৷…..যৌগিক ব্যায়ামে শৰীৰ আৰু মন উভয়ৰে সুস্থতাৰ ওপৰত সমানেই গুৰুত্ব দিয়ে৷শৰীৰ আৰু মনৰ যোগ সাধনেই হ’ল যৌগিক ব্যায়াম৷ই শৰীৰক শক্তিশালী কৰে আৰু মনটোক কৰে প্ৰশান্ত৷মানুহৰ শৰীৰটো যদি সুস্থ হৈ থাকে আৰু একেসময়তে মনটো হৈ থাকে প্ৰশান্ত,তেন্তে কবলৈ গ’লে মানুহৰ বিচাৰিবলৈ আন একো বাকী নাথাকে….”
এটি নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ তপস্যা দৃঢ়সংকল্পবদ্ধ হ’ল৷
(মৌচুমী বৰি)

"মা হোৱাৰ আনন্দ "

"মা হোৱাৰ আনন্দ "
আল্ট্ৰচাউণ্ড কক্ষত কম্পিউটাৰ মনিটৰলৈ
চাই চাই ডাক্তৰ আৰু নাৰ্চ গৰাকীয়ে মিচিক- মাচাক কৈ হাঁহি থাকিল৷ তেওঁলোকৰ মাজত কথা পাতিলে -- " দুটা বেবি আছে"!!! কথাটো শুনিয়েই মোৰ মুখখনে অস্বাভাৱিক প্ৰতিক্ৰিয়া কৰিলে৷
:চাৰ,দুটা বেবি আছে? -- মই ডাক্তৰক সুধিলোঁ৷
: হয়, দুটা বেবি আছে৷ চিন্তা কৰিব নালাগে, অভিনন্দন!! (মিচিকিয়াই ক'লে তেওঁ আৰু কোঠাৰ পৰা ওলাই গ'ল)
মইহে হতবাক হৈ বিচনাতে বহি পৰিলোঁ৷ লাহে লাহে বিচনাৰ পৰা উঠি আল্ট্ৰাচাউণ্ড কক্ষৰ পৰা ওলাই আহিলোঁ৷ মোৰ মুখখন ইতিমধ্যে ভয়ত বিবৰ্ণ হৈ পৰিছে৷বাহিৰত বহি থকা ঋষভলৈ চালোঁ৷ মোৰ মুখৰ পৰা কথাটো শুনাৰ পিছত তেওঁৰ কেনে প্ৰতিক্ৰিয়া হ'ব তাকে ভাবিলোঁ৷লাহে লাহে আহি ঋষভৰ কাষ পালোহি ৷
:ঋষভ,খবৰ এটা আছে
ঋষভে মোলৈ আচৰিত হৈ চালে
: কি খবৰ? সব ঠিকে আছেতো?
: ঋষভ,দুটা বেবি দেখাইছে কম্পিউটাৰত
কথাটো শুনি ঋষভকো অলপ চিন্তিত যেন লাগিল৷ অলপ দেৰি দুয়ো মনে মনে বহি থাকিলোঁ ৷
এঘন্টা মানৰ পিছত ৰিপৰ্ট আদি লৈ ঘৰ সোমালোগৈ ৷
:ঋষভ, মোৰ টেনছন হৈছে৷ ঘৰত শুনিলেও সকলোৱে চিন্তা কৰিব৷
: একো নহয় দিয়া, সকলো ভালৰ কাৰণে হৈছে বুলি ভাবা৷ এইয়া ভগৱানে দিয়া সন্তান আমাৰ৷ চিন্তা কৰাৰ কোনো কাৰণ নাই ৷
ঋষভৰ কথাবোৰেও মোৰ চিন্তা আঁতৰাব নোৱাৰিলে ৷ মই এইবাৰ গুগলত "টুইন বেবি" সম্পৰ্কে অনুসন্ধান কৰিবলৈ লাগি গ'লো৷ তাত মই বহুতো ধনাত্মক মন্তব্য পালো ৷ বহুতো দম্পতীয়ে যঁজা সন্তান লাভ কৰি পোৱা সুখৰ বতৰাবোৰ পঢি পঢি মোৰ মনটো ভাল লাগি গ'ল৷ কলীয়া ডাৱৰখিনি যেন আঁতৰি গ'ল৷ ঘৰৰ মানুহেও মোক সাহস দিলে৷ ভন্টী এজনীয়েতো কৈয়েই পেলালে --"বা: বা: buy one get one free" ...অৱশেষত মই আৰু ঋষভে আমাৰ সপোনৰ সন্তানদুটিৰ মাক-দেউতাক হ'বৰ বাবে সেই শুভ মুহুৰ্তলৈ হেপাঁহেৰে বাট চাই ৰ'লো৷
..............
অপাৰেচন কক্ষৰ পৰা মোক ষ্ট্ৰেচাৰত উঠাই আই চি ইউলৈ লৈ যোৱা হৈছে৷এনাস্থেচিয়াৰ প্ৰভাৱ যোৱাই নাই, অসহ্য বিষ অনুভৱ কৰিছোঁ পেটত৷ যোৱাৰ বাটত মাৰ মাতষাৰ কাণত আহি পৰিল --" মাজনী,তুমি দুজনী ধুনীয়া ছোৱালীৰ মা হ'লা" ...ঋষভে আহি মোৰ গালতে চুমা এটা দিলেহি ৷ মই ঋষভলৈ চালো -- পিতৃ হোৱাৰ আনন্দৰ ৰেখা ঋষভৰ গালে মুখে বিয়পি পৰিছে ৷ পেটত অসহ্য বিষ অনুভৱ কৰিছোঁ মই!!নাৰ্চ কেইগৰাকীয়ে লৰালৰিকৈ মোক আই চি ইউ কক্ষত সোমোৱালেগৈ ৷ পেটত ইমান অসহ্য বিষ অনুভৱ হৈছিল যে মোৰ মনটোৱে মোৰ জন্মদাত্ৰী মাক বিচাৰিহে হাঁহাকাৰ কৰিছিল সেই মুহূৰ্তত৷ কিন্তু অসহায় হৈ পৰিছিলোঁ মই -- আই চি ইউত ঘৰৰ মানুহক সোমাবলৈ দিয়া হোৱা নাছিল৷ নাৰ্চ এগৰাকীয়ে মোক দি থোৱা চেলাইনৰ বটলটো ঠিক কৰিছিল আৰু এটা ইনজেকচন দিছিল৷ অলপ পিছতে দুগৰাকী নাৰ্চে আহি দুটি কেচুৱা মোৰ দুয়োকাষে শুৱাই দিলে আৰু মাতৃদুগ্ধ পান কৰোৱাবৰ বাবে প্ৰস্তুত হ'ল৷ কণমানি দুটিৰ স্পৰ্শই মোৰ সকলো যন্ত্ৰণা যেন নিমিষতে নাইকীয়া কৰিলে৷ মই মোৰ সন্তান দুটিৰ মুখদুখন চাবলৈ যত্ন কৰিলোঁ ৷ কাপোৰৰ মাজত সোমাই আছে মোৰ দুজনী কণমানি পৰী, মোৰ সপোনৰ দুটি টুকুৰা .....
.........
দুটি কেঁচুৱাৰ চেৰেউ চেৰেউ কান্দোন, কলকলনিৰে ঘৰটো ভৰি পৰিল৷ দুটি কেচুৱাক চম্ভালিবৰ বাবে চাৰিজনকৈ মানুহ লাগিব লগা হ'ল৷ দুজনী মা,এজনী বন কৰা ছোৱালী আৰু ঋষভ৷ কেচুৱা দুটি দিনটো শুই থাকে ৷ জগোৱাই গাখীৰ খোৱাব লগা হয় ৷ ৰাতি হ'লেই চকু দুটা মেলি সাৰ পাই থাকে৷ শাশু মাই পাকঘৰ চম্ভালে, মা আৰু বন কৰা ছোৱালী জনীয়ে কেচুৱা দুটিক চাই থাকিব লগা হয়, আমনি কৰিলে নিচুকায়,গাখীৰ খোৱাবলৈ মোৰ কাষত শুৱাই দিব লগা হয়৷ কেচুৱাৰ কাপোৰ সলাই কাপোৰ বোৰ ধুই ৰ'দত মেলি দিব লগা হয়৷ ঋষভে কেচুৱা কাপোৰ,জুলনা,কেচুৱাৰ বাবে আঁঠুৱা,পুতলা আদি কিনি বজাৰলৈ তাঁত-বাতি কৰি থাকে৷
কেতিয়াবা দুইটি কেচুৱাই মোক বিচাৰি সমানে আমনি কৰে৷ অকলে মোৰ বুকুৰ উম ল'ব বিচাৰে ৷ মই বিবুধিত পৰো তেতিয়া৷ এটিক ললে আনটিয়ে মোৰ কোচত উঠিবলৈ বাট চাই থাকিব লগা হয়৷এটিৰ হেঁপাহ পুৰ নহওঁতেই আনটিক কোচত ললে ইটিয়ে চেৰেউ চেৰেউকৈ কান্দে৷ মনটো দুখেৰে ভৰি পৰে মোৰ ৷
.......
মোৰ পৰী দুজনী লাহে লাহে ডাঙৰ হৈ আহে৷সিহঁতৰ থুনুক থানাক খোজ, ফুটো নুফুটো মাতে মনবোৰ স্বৰ্গীয় আনন্দেৰে ভৰাই তোলে আমাৰ৷ ঘৰখনত জেউতী চৰে৷ দুজনী পৰীৰ মাক হোৱাৰ আনন্দত বাৰে বাৰে জী উঠো মই!!
ইজনীয়ে সিজনীৰ খেলাৰ লগৰী হয়৷ ইজনীয়ে সিজনীৰ সাহস হয়৷ খেলি খেলি ভাগৰি পৰিলে দুইজনী আহি মোৰ বুকুৰ মাজত সোমাই পৰে..... মোক দুগালত চুমা দি আকৌ খেলিবলৈ দৌৰি যায় ৷
দুজনী পৰীৰ মাক হোৱাৰ আনন্দত বুকু ভৰি পৰে মোৰ৷

Sunday 27 August 2017

“সংকল্প”

সংকল্প

পুৱা শুই উঠাৰ পৰাই তপস্যাৰ চকু আৰু মূৰৰ বিষ আৰম্ভ হয়৷কুম দুটা এনেকৈ টিংটিঙাই থাকে যে কাৰো কথাই তাইৰ শুনিবলৈ মন নাযায়৷খংটো টিঙিচকৈ উঠি আহে৷অফিচত বহি কামত মন লগাব নোৱাৰে তাই৷কাষতে বহা কথকী অনামিকাৰ কথাবোৰ শুনি শুনি সহ্যৰ বাহিৰ হয় তাইৰ৷ধেমালিকৈ তাইক কিবা এষাৰ লেই গালি পাৰি দিয়ে৷গালি শুনি অলপ দেৰিৰ বাবে অনামিকা মৌন হৈ ৰয়৷অনামিকাৰ মুখখন দেখি তপস্যাৰ বেয়া লাগে৷মুৰৰ বিষৰ বাবে তাইৰ খংটো বেছি হৈছে বুলি অনামিকাক কয় তাই৷অনামিকাই ডাক্তৰৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়ে৷

সিদিনাও তাই মূৰৰ প্ৰচণ্ড বিষ লৈ অফিচত বহি আছিল৷সুনন্দ দত্তই তাইক লে – “আপোনাৰ ট্ৰান্সফাৰ বুলি শুনা পাইছোঁ!নামনি অসমৰ ফালে নেকি!” হঠাতে তাইৰ কৰপৰা জানো খংটো উঠি আহিল এনেকুৱা অমংগলীয়া মুখ এখন লৈ মোৰ ওচৰলৈ কিয় আহিছে?লে ভাল কথা ব৷অনুগ্ৰহ কৰি এতিয়াই আঁতৰি যাওক,মোৰ মূৰ বিষাইছে৷তাইৰ কথা শুনি সুনন্দ দত্তই অপমানবোধ কৰিলে৷ পস্যাৰ টেবুলতে ভুকু দুটামান দি তেওঁ উঠি গ’ল৷সুনন্দ দত্ত উঠি যোৱাৰ ফালে চাই তাই ভাবিলে –“মোৰ ইমান খং উঠিবলৈ কি হে পালে? মইতো তেওঁৰ লগত ভালকৈও কথা পাতিব পাৰিলোহেঁতেন!” সুনন্দ দত্ত,অনামিকাহঁতে তপস্যাৰ বিষয়ে কোৱা-কুই আৰম্ভ কৰিলেঅলপ পাগলী হৈছে নেকি বুলি!!

তপস্যাৰ খংটো যে মূৰৰ বিষৰ কাৰণেহে উৎপতি হৈছে ঠিক তেনেকুৱাও নহয়৷তাই অনুভৱ কৰেতাইৰ খংটো এনেয়েও বেছি৷সৰুৰে পৰা মৰম-আদৰত ডাঙৰ হোৱা ছোৱালী আছিল তাই৷মাকে গাত লগা কথা এষাৰ লেই ওফোন্দ পাতিছিল৷মৰমেৰে ওফোন্দ ভাঙিব লগা হৈছিল ঘৰৰ মানুহে৷তাই নিজকে পাৰফেক্ট বুলি ভাবিছিল৷তাই কৰা কোনো কামকেই কোনেও ভুল ধৰিব নোৱাৰিব,কোনেও তাইক টানকৈ বা বেয়াকৈ এষাৰ নোৱাৰিবসেয়া আছিল তাইৰ জীৱনৰ নীতি৷মাক-দেউতাকেও তাইক এনেকৈ ডাঙৰ কৰিলে যে খং উঠাৰ তেনেকৈ সুযোগেই পোৱা নাছিল তাই তাইৰ জীয়ৰী জীৱনত৷ কিন্তু তাইৰ জীৱনত পয়মাল লাগিল তেতিয়া যেতিয়া তাই এখন ঘৰৰ বোৱাৰী ল৷শাহুৱেকে যেতিয়া এনেকৈ নকৰিবা,তেনেকৈ নকৰিবা,এনেকৈহে কৰিবা,তেনেকৈহে কৰিবা আদি কথাবোৰ তাইক কবলৈ ধৰিলে৷যেতিয়া স্বামী সুব্ৰতে তাইক কথাই প্ৰতি অভিমানআব্দাৰ কৰিবলৈ ধৰিলেতাইৰ জীৱনটোৱেই খেলি মেলি হৈ যোৱা যেন লাগিল৷

এদিন সুব্ৰতে তাইক অভিমান কৰি লে –“তুমি মোক নজনোৱাকৈ তালৈ যোৱা উচিত নাছিল৷কথাষাৰ শুনিবলৈহে পালে তপস্যা খঙত উতলি উঠিল৷
মোৰ কি স্বাধীনতা বোলা কোনো বস্তু নাই!সৱ তোমাক সুধিয়েই কৰিব লাগিব?” –এইবুলি কৈ তাই হাতত লৈ থকা মবাইল ফোনটো পকাত থেকেচা মাৰি পেলাই দিলে৷সুব্ৰতেও তাইৰ খং দেখি –“তোমাৰ খংটো অলপ বেছি,মাৰাক লগাইছো ৰবা,এতিয়াই ফোন কৰিছোঁ….” –এইবুলি কৈ তপস্যাৰ মাকলৈ ফোন লগাবলৈ ধৰিলে সি৷তপস্যাৰ খং এইবাৰ চূড়ান্ত হৈ পৰিল৷
সৱ কথাতে মোৰ মা-দেউতাক টেনছন দিব আঁহা ..” –এইবুলি কৈ কোঠাত থকা সকলো বস্তু এফালৰ পৰা দলিয়াবলৈ লাগি তাই৷তাইৰ যখিনী ৰূপ দেখি সুব্ৰতে ভয় খালে আৰু তপস্যাক শান্ত কৰিবলৈ সাৱতি ধৰিলে৷
এৰা কৈছো,মোক এৰি দিয়াআজি মই সৱ শেষ কৰিম….” –সুব্ৰতৰ বাহুবন্ধনৰ পৰা তাই পাগলীৰ দৰে ওলাবলৈ যত্ন কৰিলে৷

সুব্ৰতে পিছত তাই নজনাকৈ তপস্যাৰ মাক-দেউতাকৰ লগত কথা পাতিলেতপস্যাৰ খংটোৰ বিষয়ে৷মাক-দেউতাকে তাক লে যে –“তপস্যাক আমি ইমান মৰমত ডাঙৰ কৰিলোঁ তাইৰ খংটো কোনোদিন দেখাই নাপালোঁ৷তাই এজনী শান্ত ছোৱালী বুলিহে আমি জানো”মাক-দেউতাকৰ কথাবোৰ সুব্ৰতে মানি লবলৈ টান পালে৷
০০০০০০

সুব্ৰতৰ তে হোৱা সংসাৰখনে চাৰিবছৰ পূৰ্ণ কৰিলে৷এই চাৰিবছৰে যিমান মৰম-ভালপোৱা থাকিল সিমান খোঁটখাঁটৰ অন্তও নাছিল দুয়োজনৰ মাজত৷বিয়া হোৱাৰ পৰা তপস্যাৰ সুব্ৰতৰ প্ৰতি এটাই অভিযোগ আছিলসি তাইৰ মাক-দেউতাকক গুৰুত্ব নিদিয়ে,খবৰ খাতি নলয় ইত্যাদি ইত্যাদি৷তাই তেনেধৰণৰ অভিযোগ কৰিলেই সিও জ্বলা জুইত ঘিউ ঢালি দিয়াৰ দৰে প্ৰতিক্ৰিয়া দেখুৱায়৷এদিন সুব্ৰত-তপস্যাৰ কাজিয়া ইমান তুংগত উঠিল যে মাত-বোল বন্ধ দুয়োজনৰ মাজত৷তপস্যাই সুব্ৰতৰ চকুলৈ চাবলৈকে বাদ দিলে৷মাত-বোল নকৰাকৈ দুয়োজনে ঘৰুৱা কামবোৰ কৰে আৰু ভাগে ভাগে অফিচলৈ যায়গৈ৷এনেকৈ মাত-বোল বন্ধ হৈ থাকোঁতে সুব্ৰতৰ দদায়েক এজন ঢুকাল৷এতিয়া খবৰ লবলৈ নগলেই নহয়৷সুব্ৰতৰ মাকে দুয়োজনকে খবৰ লবলৈ যাবলৈ লে৷মাকৰ আজ্ঞা শিৰোধাৰ্য কৰি দুয়ো যাবলৈ ওলাল৷সুব্ৰতে গাড়ী ষ্টাৰ্ট কৰিলে৷তপস্যা কাষত বহিল৷সুব্ৰতে তপস্যাৰ মুখলৈ চালে৷তপস্যা নিমাত৷
:তোমাক দেখিবলৈ ধুনীয়া লাগিছেসুব্ৰতে তপস্যাক লে৷
তপস্যা নিৰুত্তৰ
:কিবা এটাতো কোৱা! – সুব্ৰতে পুনৰ কৈ উঠিল৷ সুব্ৰতৰ কথা কোৱাৰ ধৰণ দেখি তপস্যাৰ ফিচকৈ হাঁহিটো ওলাই আহিল৷
:উহ ৰক্ষা!হাঁহিলা যে৷সুব্ৰতে স্বস্তিৰ নিশ্বাস পেলালে৷
:ৰাজেন দদাইটি আত্মাৰ সদগতি কামনা কৰিলোঁ৷-সুব্ৰতে পুনৰ কৈ উঠিল৷
:দদাইটি কেনেকৈ ঢুকাল? – তপস্যাই সুধিলে সুব্ৰতক
:উহ!কিমান দিন যে তোমাৰ মাতটো শুনা নাই৷কাণত মৌ বৰষা যেন লাগিছে৷সুব্ৰতে চকু মুদি কৈ উঠিল
:সুব্ৰত,মই তোমাক কি সুধিছো???? মোৰ আকৌ খং উঠিব…. তপস্যাই কৈ উঠিল
:খং নুঠিবা মোৰ মা-গোসাঁনী….দদাইটি এনেকৈ…. সুব্ৰতে সবিস্তাৰে ৰাজেন দদাইটি কেনেকৈ ঢুকাল কবলৈ লাগিল৷

দুদিন মান সুব্ৰত-তপস্যাৰ দিনবোৰ মৰম-চেনেহৰ মাজেৰে ভালদৰেই পাৰ ৷এদিন হঠাৎ পুনৰ কথাৰ তৰ্কযুদ্ধ আৰম্ভ ল৷কাজিয়া এনেকৈ বাঢ়িল যে তপস্যাই খঙত একোনাই হৈ সুব্ৰতৰ ফালে আঙুলি টোৱাই গালি পাৰিবলৈ লাগিল৷ তাৰপিছত দিনটোলৈ মাত-বোল বন্ধ৷ খঙটো যেতিয়া শাম কাটিল তপস্যাৰ মনটো বেয়া লাগিবলৈ আৰম্ভ কৰিলে৷ সুব্ৰতক তাই আজি প্ৰথমবাৰৰ বাবে আঙুলি টোৱাই কথা লে!ইমান বেয়া পাই নে তাই সুব্ৰতক?নাই বহুত ল৷সীমা ক্ৰছ কৰি খং কৰিলে তাই সুব্ৰতৰ ওপৰত!ইমান অপমান কৰাকৈটো খং কৰাৰ কোনো কাৰণ নাছিল৷খংটো কমাবলৈ কিবা এটা উপায় ওলিয়াব লাগিবভাবিলে তপস্যাই৷ৰাতি শোৱাৰ পৰত সুব্ৰতৰ ওচৰত ক্ষমা খুজিলে তাই আৰু ধাৰাসাৰে চকুপানী ওলিয়াই কান্দোন জুৰিলে৷সুব্ৰতে মাথোঁ বুকুৰ মাজত সুমুৱাই ৰাখিলে তপস্যাক৷

তাৰপিছদিনৰ পৰাই তাইৰ মূৰৰ বিষ আৰম্ভ বলৈ ধৰিলে আৰু খংটো শাম কটাতকৈ বাঢ়িবলৈহে লাগিল৷অফিচতো তাই তাইৰ খংটো যাৰে তাৰে ওপৰত প্ৰয়োগ কৰিবলৈ ধৰিলে৷যেনেকৈ তাইৰ খঙৰ চিকাৰ অনামিকা আৰু সুনন্দ দত্ত৷

অৱশেষত তাই ডাক্তৰৰ ওচৰ পালেগৈ৷ ডাক্তৰে চাই মেলি লে – “আপোনাৰ মাইগ্ৰেন আছেএইকেইটা দৰৱ দিছো ..নিয়মীয়াকৈ খাব৷
:চাৰ,মোৰ খংটো অলপ বেছি,খং কমাবলৈ কিবা উপায় নাইনে? – তপস্যাৰ কথা শুনি ডাক্তৰে হাঁহিলে৷
: আপুনি মেডিটেচন আৰম্ভ কৰকঅনুলোম-বিলোম,কপাল ভাটি আদি কৰাৰ অভ্যাস কৰকচোন৷ANGERৰ আগত D টো লগাই দিলে DANGER হৈ যায়—এই কথা মনত ৰাখিব৷
:চাৰ মই,ঘৰৰ মানুহটো বাদেই মোৰ কৰ্মস্থলীৰ লোক সকলৰ ওপৰতো হকে বিহকে খং কৰা আৰম্ভ কৰি দিছোঁ, পিছত নিজৰে বেয়া লাগে৷ – তপস্যাই কৈ উঠিল৷
:খং নকৰিব৷শত্ৰু বাঢ়িব৷ খং মানেই ডেঞ্জাৰ –এই কথাটো মানি চলিব৷

ডাক্তৰক ধন্যবাদ জনাই ফাৰ্মাচীৰ পৰা ঔষধ পাতি লৈ তপস্যা ঘৰ পালেহি৷কিতাপৰ আলমাৰি খুচৰি যোগাসনৰ কিতাপ এখন টানি আনিলে৷কাইলৈ পুৱাৰ পৰা অনুলোম-বিলোম,পদ্মাসন আদি কৰিব তাই৷ওচৰতে থকা প্ৰজাপিতা ব্ৰহ্মাকুমাৰীৰৰাজযোগমেডিটেচনো শিকিবলৈ যাব তাই৷ কথাবোৰ ভাবি থাকোঁতে হোমেন বৰগোহাঞি চাৰৰ “যোগ” সম্পৰ্কে এটি লেখা পঢ়িবলৈ পালে তপস্যাই৷ চাৰে লিখিছে – “মোৰ মনত দৃঢ় বিশ্বাস হৈছিল যে সংকটৰ সন্মুখীন হ’বলৈ যি ধৰণৰ মানসিক শক্তি আৰু প্ৰশান্তিৰ প্ৰয়োজন,সেইটো মোক দিব পাৰিব একমাত্ৰ যোগৰ অনুশীলনেহে৷…..যৌগিক ব্যায়ামে শৰীৰ আৰু মন উভয়ৰে সুস্থতাৰ ওপৰত সমানেই গুৰুত্ব দিয়ে৷শৰীৰ আৰু মনৰ যোগ সাধনেই হ’ল যৌগিক ব্যায়াম৷ই শৰীৰক শক্তিশালী কৰে আৰু মনটোক কৰে প্ৰশান্ত৷মানুহৰ শৰীৰটো যদি সুস্থ হৈ থাকে আৰু একেসময়তে মনটো হৈ থাকে প্ৰশান্ত,তেন্তে কবলৈ গ’লে মানুহৰ বিচাৰিবলৈ আন একো বাকী নাথাকে….”


এটি নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ তপস্যা দৃঢ়সংকল্পবদ্ধ ল৷
(মৌচুমী বৰি)