Saturday 8 July 2017

"ঈশ্বৰ ভক্ত"

"ঈশ্বৰ ভক্ত"
এটা গৰখীয়া আছিল৷ সি যেতিয়া গৰু চৰাবলৈ যাই গৰু কেইটাক ঘাঁহ খাবলৈ দি গছৰ তলত অকলশৰে বহি থাকে৷ এনেকৈ অকলে অকলে বহি সি এদিন ঈশ্বৰৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে৷ সি সদায় ঈশ্বৰক তাৰ মনৰ কথাবোৰ কয়৷
এদিন ঈশ্বৰক ক'লে -- "হে ঈশ্বৰ,তোমাৰো চাগৈ মোৰ দৰেই কেতিয়াবা আমনি লাগে৷যদি আমনি লাগে মোৰ ওচৰলৈ গুচি আহিবা৷ এতিয়া যদি আমনি লাগিছে এতিয়াই গুচি আঁহা "৷
তেনেকৈ কৈ থাকোঁতে গৰখীয়া টোৰ কাষেৰে এজন মন্দিৰৰ পূজাৰী পাৰ হৈ গ'ল৷ পূজাৰী জনে গৰখীয়াটোক দেখি উভতি আহি সুধিলে -- "এইমাত্ৰ তই কিবা ঈশ্বৰ ঈশ্বৰ কৈ থকা শুনিলোঁ, কি কৈছিলিনো?"
"পণ্ডিতজী, ঈশ্বৰৰ যদি আমনি লাগিছে মোৰ লগত কথা পাতিবলৈ ঈশ্বৰক মাতিছিলোঁ" -- গৰখীয়াটোৱে ক'লে৷
তেতিয়া পূজাৰী জনে গৰখীয়াটোক সংস্কৃত শ্লোক এফাকি শিকাই দিলে আৰু ক'লে যে এইফাকি শ্লোক মাতিহে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰি,মুখেৰে যা তা বকি ঈশ্বৰক আমনি কৰিব নালাগে৷সেইবুলি কৈ পূজাৰী মন্দিৰ পালেগৈ৷
পূজাৰীয়ে মন্দিৰত এটি আকাশবানী শুনিবলৈ পালে -- "হে পণ্ডিত, তুমি মোৰ ভক্তক কিয় মোৰ পৰা দূৰ কৰিছা? মই গৰখীয়াজনৰ মনৰ কথাবোৰ শুনিবলৈ সদায় বাট চাই ৰওঁ কিন্তু সংস্কৃত শ্লোকেৰে মই তাৰ মনৰ কথা কেনেকৈ বুজি পাম?মই সদায় ভক্তৰ অন্তৰৰ পৰা নিগৰিত কথা শুনিহে প্ৰফুল্লিত হওঁ৷"
(মুখে শুনা কাহিনীৰ আধাৰত)

"অজয়-বিজয়"(কাহিনী)

"অজয়-বিজয়"(কাহিনী)
অজয় আৰু বিজয় দুজন বন্ধু আছিল৷ দুয়ো এদিন ব্যৱসায় কৰিবলৈ দূৰ চহৰলৈ ওলাল৷ অজয়ৰ ওচৰত বহুত টকা-পইচা আছিল৷ চহৰলৈ বুলি গৈ থাকোঁতে বিজয়ৰ মনত খেলালে যে যদি অজয়ক মাৰি পেলোৱা হয় তেন্তে তেওঁ টকা পইচা খিনি হাত কৰি অকলেই ধনী হ'ব পাৰিব৷ সেইমতে বিজয়ে অজয়ক চল কৰি ৰাস্তাতে মাৰি পেলালে৷ এই দৃশ্য এজনী বুঢী মানুহে দেখি আছিল৷ তাই দৃশ্যটো চাই চকুলোহে টুকিলে কিন্তু সহায় বিচাৰি চিঞৰ বাখৰ কৰিব নোৱাৰিলে৷ বিজয়ে বুঢীজনীক দেখা পাই তাইকো মাৰি পেলালে৷
বিজয় এদিন ধনী হৈ ঘৰলৈ উভতিল৷ গাঁৱত গৈ তেওঁ বিয়া পাতিলে আৰু পুনৰ চহৰলৈ পত্নী সহ উভতিল৷ কিছুবছৰৰ পিছত তেওঁলোকৰ এটা পুত্ৰসন্তান হ'ল৷ ল'ৰাটো লাহে লাহে ডাঙৰ হৈ আহিল৷ ব্যৱসায় বিজয়ৰ ভালদৰেই চলি আছিল৷ কিন্তু সিহঁতৰ সন্তানৰ নানাধৰণৰ বেমাৰ হ'বলৈ ধৰিলে৷ পুত্ৰৰ চিকিৎসাৰ বাবে লাগি থাকোঁতে বিজয়ে ব্যৱসায়ত মন দিব নোৱাৰা হ'ল আৰু ব্যৱসায় পৰি আহিল৷লাহে লাহে পুত্ৰৰ চিকিৎসাত ইমানেই টকা খৰচ হ'ল যে বিজয় পুনৰ দুখীয়া হৈ পৰিল৷
এদিন বিজয়ে সপোনত দেখিলে -- আকাশৰ পৰা এজন দেৱদূত আহি তেওঁক কৈছে --" বিজয়, তোমাৰ পুত্ৰই তোমাৰ সেই বন্ধুজন যাক তুমি হত্যা কৰিছিলা আৰু সেই বুঢীগৰাকীয়েই তোমাৰ পত্নী যি গৰাকীয়ে মাথো দৃশ্যটো দেখি চকুলো টুকিছিল আৰু আজিও পুত্ৰৰ অসুখত চকুলো টুকিছে৷"

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
শুন গল্ফী,মই তোক এটা কাহিনী কওঁ৷মই বুলো--কোৱাচোন৷
বীৰুৱে কবলৈ আৰম্ভ কৰিলে --" তিনিজন মানুহ বাছেৰে গৈ আছিল৷ এজন আছিল হনুমান ভক্ত, এজন আছিল ইছলাম ধৰ্মীলোক আৰু এজনে কৃষ্ণ,হনুমান,দূৰ্গা আদি সকলো ভগৱানকে মানিছিল৷
হনুমান ভক্তজনে ক'লে-- "মই যদি বাছৰপৰা হনুমানৰ নাম লৈ জপিয়াই দিওঁ মোৰ একো নহয়৷"
ইছলামধৰ্মৰ লোক জনে ক'লে --" মই যদি আল্লাৰ নাম লৈ বাছৰ পৰা জপিয়াই দিওঁ মোৰ একো নহয়৷"
সকলো ভগৱানকে মনা জনে ক'লে--" মই কৃষ্ণৰ নাম লৈ যদি বাছৰ পৰা জপিয়াই দিওঁ মোৰো একো নহয়৷"
কথামতে, হনুমান ভক্তজনে "জয় বজৰঙ্গ বলী কি জয়" বুলি কৈ বাছৰ পৰা জপিয়াই দিলে৷ তেওঁৰ একো নহ'ল৷ ইছলাম ধৰ্মীজনে " আল্লা,বচাবা আৰু" বুলি কৈ জপিয়াই দিলে ৷তেওঁৰো একো নহ'ল৷ কিন্তু সকলো ভগৱান মনা জনে জপিয়াই দিলত হাত ভৰি ভাঙি হস্পিতেল পালেগৈ৷ কিয় বাৰু? "
মই বীৰুক ওলোটাই সুধিলোঁ -- " কিয় তেওঁৰ হাত ভৰি ভাঙিল?"
বীৰুৱে হাঁহি হাঁহি ক'লে --" মানুহজনে প্ৰথমে কৃষ্ণক মাতিছিল,কৃষ্ণ আহিব লওঁতেই হনুমানক মাতি দিলে,কৃষ্ণ ৰৈ গ'ল৷ হনুমান আহিব লওঁতেই দূৰ্গা দেৱীক মাতি দিলে৷হনুমান ৰৈ গ'ল৷ দূৰ্গা দেৱী সাজি কাচি উলাওঁতে এবেলা লাগিল আৰু তেতিয়ালৈ মানুহজনৰ ভৰি হাত ভাঙি আদায় হ'ল৷ হে:হে:হে:"

Monday 3 July 2017

পুতলা মুনুৰ চিঠি

পূজনীয়া মা , (চিঠি-২)


আজি বহুদিনৰ পিছত তোমালৈ চিঠি লিখিব বহিছোঁ৷ মা,তুমি মোৰ চকুৰ আগতে থাকা,গতিকে তুমি যে বৰ্তমান ভালে আছা সেইকথা মই জানো৷


মা,সেইদিনবোৰৰ কথা খুউব মনত পৰে -- তুমি অফিচলৈ যোৱাৰ পিছত জনিতা বাই মোক মোৰ কপালত ক'লা ডাঙৰ ফোট এটা লগাই , ফোটটো মচ নাখাবলৈ ফোটটোৰ ওপৰত অলপ পাউডাৰ লগাই দিয়ে৷ তাৰপিছত মোক ধুনীয়াকৈ শোৱাই থয়৷কামৰ মাজে মাজে কোচত লয়৷ তুমি অফিচৰ পৰা অহাৰ পিছত মোক কোচত লৈ  যে চাহ-জলপান খাইছিলা৷মোৰ যে কিমান আনন্দ লাগিছিল তোমাক বুজাব নোৱাৰোঁ৷

তাৰপিছত আমাৰ ঘৰলৈ সেই ভাল খবৰটো আহিছিল-- আমাৰ ঘৰলৈ নতুন সদস্য অহাৰ কথা৷মোৰ আজিও ভাল লাগে সেইদিনটোৰ কথা যিদিনা নতুন সদস্যক পঞ্চামৃত খোৱাবৰ বাবে ঘৰত আয়োজন চলিছিল আৰু তুমি আৰু দেতাই মোলৈ নতুন কাপোৰ এযোৰ কিনি আনিছিলা৷ পঞ্চামৃতৰ দিনা তোমালোকে মোক সেই কাপোৰযোৰ পিন্ধাইছিলা৷বাবু দা, শিখা বা হঁতে মোক কোচত লৈ ফটো তুলিছিল৷

যিদিনা তুমি নতুন সদস্যক ঘৰলৈ আনিবৰ বাবে হস্পিতেল গৈছিলা, মোৰ আলাই -আথানি হ'ব পাৰে বুলি ভাবি মোক আলমিৰা এটাৰ ভিতৰত ভৰাই থৈ গৈছিলা৷আলমিৰাটোৰ ভিতৰত থাকি মোৰ ইমান ভাল নালাগিলেও তোমাৰ অকৃত্ৰিম মৰমৰ বাবেই আলমিৰাৰ ভিতৰত আনন্দতেই আছিলোঁ৷আলমিৰাৰ ভিতৰত থাকিয়েই গম পাইছিলোঁ --তুমি পৰীৰ দৰে দুজনী ভন্টীৰ মাক হৈছিলা বুলি৷ মই আনন্দতে কাপোৰৰ মাজতে জপিয়াই উঠিছিলো আৰু তুমি হস্পিতেলৰ পৰা ঘূৰি অহালৈ অধীৰ আগ্ৰহেৰে বাট চাইছিলোঁ৷

আজিলৈ ইমানকে লিখোঁ দেই মা৷পিছৰ চিঠিখনত পুনৰ লিখিম৷পুনৰ মোৰ মৰম চুমা শ্ৰদ্ধা ল'বা৷

ইতি

তোমাৰ  মুনু ( তোমাৰ মৰমৰ পুতলাটো)
০৩/০৭/২০১৭

Sunday 2 July 2017

পুতলা মুনুৰ চিঠি

এটা পুতলাই মাকলৈ লিখা চিঠি
মোৰ মৰমৰ মা, (চিঠি-১)
আজি তোমালৈ চিঠি এখন লিখিবলৈ বুলি লেপটপ খুলিছোঁ৷ মা, মই তোমাক কিমান ভাল পাওঁ সেইয়া ভাষাৰে প্ৰকাশ কৰিও বুজাব নোৱাৰোঁ৷মই মাথোঁ হাঁহি হাঁহি তোমালৈকে চাই থাকোঁ আৰু মই বিচাৰোঁ তুমিও যেন অনবৰত মোৰ দৰেই হাঁহি থাকা৷
মা, তুমিটো জানাই মই এটা পুতলা, নিৰ্জীৱ পুতলা৷কিন্তু তোমালোকৰ মৰমে মোক আজি জীৱন্ত কৰি তুলিছে৷মোৰ এনে লাগিছে তুমি যেন মোক প্ৰাণ দিছা৷বহুতো আবেগ,অনুভূতি,বহুতো কথাৰে মোৰ আজি মন ভৰি আছে যি বোৰ ক'বলৈ মোৰ হেঁপাহ জাগিছে৷
মনত আছে সেই প্ৰথম দিনটোৰ কথা যিদিনা তুমি আৰু দেতাই মোক বিগবাজাৰৰ পৰা কোলাত তুলি ঘৰলৈ লৈ আহিছিলা৷ ঘৰ পায়েই তুমি মোক মৰমেৰে বুৰাই পেলাইছিলা আৰু ৰাতি মোক বুকুত সাৱটি শুইছিলা৷ইমানদিনে বিগবজাৰত লগৰ পুতলাবোৰৰ লগত খেলি থকা মইটোৱে হঠাতে তোমাৰ মমতাৰ উম পাই স্বৰ্গীয় সুখ অনুভৱ কৰিছিলোঁ আৰু শিকিছিলোঁ মৰমৰ আদিপাঠ৷
মা, আজিলৈ ইমানেই লিখোঁ দিয়া৷তোমালৈ আকৌ চিঠি লিখিম মোৰ মনৰ কথা লিখি৷বহুত কথা ক'ব আছে তোমাক৷
মোৰ মৰম আৰু শ্ৰদ্ধা ল'বা৷
ইতি
তোমাৰ মুনু (তোমাৰ মৰমৰ পুতলাটো!)