Friday 12 May 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
ভদ্ৰ এজন তেনেই নিমাখিত লোক৷ তেওঁ খঙত কোৱা কথাটোও শুনিবলৈ খঙত কোৱা যেন নালাগে৷ এবাৰ তেওঁ ৰিক্সা এখনত উঠি এঠাইলৈ বুলি গৈ আছিল৷ ৰিক্সাৱালাজনে বাৰে বাৰে ৰিক্সাখন ৰাস্তাৰ গাঁতত পেলাই পেলাই নিয়াত ভদ্ৰৰ ইমান খং উঠিল যে খঙেৰে ৰিক্সাৱালাজনক ক'লে--" অ ৰিক্সাৱালা,অ ৰিক্সাৱালা গাঁতত পেলাই পেলাই ৰিক্সাখন কিয় নিছা?ভালকৈ চলোৱা নহ'লে মই তোমাক এক চৰ লগাই দিম,বুজিলা৷"

Sunday 7 May 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
মাজনী বাইদেৱে বজাৰ কৰি ঘৰ সোমাল৷ মোক ক'লে-- " আজি জাননে গল্ফী, বজাৰত কঁপি কঁপি মানুহ এজনী ধাচকৈ পৰি গ'ল নহয়৷ মানুহজনীৰ মূৰ্গী বেমাৰ আছে যেন লাগিল৷ বজাৰৰ সব মানুহ তাইলৈ চায়েই থাকিল,সহায় কৰিবলৈ আগবাঢি নাহিল৷" 
মই -- অস! কি বেমাৰ বুলিলা মাজনী বাইদেউ?
মাজনী বাইদেউ -- মূৰ্গী বেমাৰ

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
দেওবৰীয়া বজাৰ৷ শাৰী পাতি লানি লানি এগাল চাইকেল৷ বীৰুক সুধিলোঁ --" চাইকেলবোৰ বেচিবলৈ থৈছে নেকি?" বীৰুৰ উত্তৰ-- "নহয়,বজাৰলৈ অহা মানুহৰ চাইকেল৷" অলপদূৰ গৈ দেখিলোঁ কাঠৰ বিচনাই বিচনা৷ মই চকু ডাঙৰ কৰি ক'লো- "বাহ!! বিচনাও বেচিবলৈ আনিছে?" অলপদেৰিৰ মৌনতাৰ পিছত বীৰুৱে মোৰ সুৰতে সুৰ মিলাই ক'লে -- "বাহ! গৰুও বেচিছে?" বীৰুৰ কথা শুনি বজাৰলৈ চালোঁ -- এজাক গৰু ৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
বীৰু তেতিয়া সৰু আছিল৷ বীৰুৰ চুবুৰীয়া বীৰুৰ বয়সৰে মনীয়ে এদিন বগৰী এগাল লৈ বাটেৰে গৈ আছিল ৷ বীৰুৰো বগৰী খাবলৈ মন গ'ল৷ মনীক ক'লে--
" মনী, বগৰী কেইটামান দিবি নেকি?"
মনী: ই নিদিওঁ, মই ইমান কষ্ট কৰি পাৰি আনিছোঁ বগৰী!!
মনীৰ কথা শুনি বীৰু অলপ সময় মনে মনে থাকিল৷ সি মনীক পুনৰ ক'লে -- "তই যদি মোক বগৰী খাবলৈ দিয় আমাৰ ঘৰত সকাম খাবলৈ তোক মাতিম৷"
বীৰুৰ কথা শুনি মনীয়ে লগে লগে তাক বগৰী কেইটামান দি দিলে৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
মানুহ গৰাকীক গাঁওখনৰ সকলোৱে মহুৰাৰ ঘৈণীয়েক,বাপুকণৰ মাক বুলিহে চিনি পায়৷ এদিন মহুৰাৰ ঘৈণীয়েক তথা বাপুকণৰ মাকে বেমাৰ দেখুৱাবলৈ সোনকণক লগত লৈ হস্পিতেললৈ গ'ল৷ ডাক্তৰক দেখুৱাবলৈ টিকট ল'বলৈ যাওঁতেহে মানুহগৰাকী বিবুধিত পৰিল৷ নিজৰ নামটো বা কি আছিল তাইৰ!সোনকণক সুধিলে তাই-- "অ সোনকণ,মোৰ নামটো কি আছিল অ?"

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
ফোন এটা বাৰে বাৰে আহিছিল ধ্ৰুৱ নামৰ ল'ৰা এটাক বিচাৰি ৷ ৰং নম্বৰ বুলি কোৱা স্বত্বেও ধ্ৰুৱক বিচাৰি ফোন কৰিবলৈ এৰা নাছিল৷ সেয়ে মনতে ভাবিলোঁ মই ধ্ৰুৱৰ বায়েকেই হৈ যাওঁ .....
ক্ৰিংংংংংংং
মই: হেল্ল' 
ফোনৰ সিপাৰে: ধ্ৰুৱ আছে নেকি?
মই: ধ্ৰুৱ ওলাই গৈছে অলপ
ফোনৰ সিপাৰে: আপুনি কোনে কৈছে?
মই: মই ধ্ৰুৱৰ বায়েকে কৈছোঁ
ফোনৰ সিপাৰে: ধ্ৰুৱৰ বায়েক থকা বুলি নাজানিছিলোঁ৷
মই: ধ্ৰুৱক কিয় লাগে তোমাক?
ফোনৰ সিপাৰে: মই আচলতে ধ্ৰুৱৰ ৰিজাল্টটো জানিব বিচাৰিছিলোঁ
মই: অঁ ধ্ৰুৱই ভালকে পাছ কৰিছে
ফোনৰ সিপাৰে: ধ্ৰুৱ কেনি গৈছে?
মই: বজাৰলৈ৷ আহিলে তোমাৰ কথা ক'ম বাৰু,হ'ব থৈছোঁ দেই৷