Monday 10 August 2015

গল্ফীৰ ডায়েৰি, ২০ জুন, ২০১৫

এই বীৰুটো যে আৰু ! আজি মই "জিলে লে জিলে লে" গানটো গাই আছিলোঁ--
" জিলে লে জিলে লে অ' জিলে লে জিলে লে"
হঠাৎ বীৰুৱে মাত ল'গালে -- "অঁ কি হ'ল কোৱাচোন? " 
তাৰ কথা শুনি মই তালৈ পেন্দোৱাকৈ চালোঁ আৰু জিলে লে গানটো এৰি বেলেগ এটা গান গাবলৈ ধৰিলোঁ --
" তুমি জিলিকি জিলিকি থকা / সৌ দূৰ আকাশৰ তৰা/ তুমি এখনি ধুনীয়া ছবি/ মই গোপনে গোপনে অঁকা" হঠাতে বীৰুৱে গুণ গুণালে -- " তুমি অকা /মই ডফলা "
"উস! এইটোৰ পৰা নোৱাৰি আৰু!!" -- মই কোঠাৰ পৰা ওলাই আহিলোঁ ৷

No comments:

Post a Comment