Thursday 12 January 2017

উপন্যাস:"ৰূপোৱালী মেঘৰ ছায়া"

(খণ্ড-১)
“মোক ফোনটো দিয়া”--- অৰুন্ধতীয়ে তাইৰ ছাত্ৰ সৌৰিণৰ ফালে চাই ক’লে৷
“ছৰি মে’ম” – মোক ফোনটো দিয়া বুলি কৈছোঁ নহয়!!অৰুন্ধতীয়ে যিমান পাৰি কঠিন সুৰত কৈ উঠিল৷
অৰুন্ধতীৰ মাতত ক্লাছটো কাঁহ পৰি জীণ গ’ল৷সৌৰিণে তললৈ মূৰ কৰি ফোনটো অৰুন্ধতীৰ হাতত দিলে৷তাই ফোন আৰু ৰেজিষ্টাৰ বহীখন লৈ অসন্তুষ্টিৰে ক্লাছৰূমৰ পৰা ওলাই আহিল৷
চেম্বাৰত সোমাওঁতেই কলিগ শ্বেতাই অৰুন্ধতীৰ মুখলৈ চাই কৈ উঠিল ---
: কি হ’ল!তোক নৰমেল দেখা নাই??
আচলতে সৌৰিণৰ কাণ্ডই তাইৰ মুডটো অফ কৰি দিলে!ইমান সাহস তাৰ—ক্লাছ কৰোঁতে ভিডিঅ’ কৰিবলৈ!!তাই শ্বেতাক ফোনটো দেখুৱাই সকলো কথা ক’লে৷অৱশেষত দুয়োজনীয়ে আলোচনা কৰি কথাটো ডিপাৰ্টমেন্টৰ হেডক জনাবৰ বাবে হেডৰ চেম্বাৰলৈ গ’ল৷হেডে দুইজনীকে দেখি বহিবলৈ দিলে৷অৰুন্ধতীয়ে হেডক সৌৰিণৰ কথাটো জনালে৷
:ছাৰ, অকল মোৰ ক্ষেত্ৰতে নহয়, বেলেগ ডিপাৰ্টমেন্টটো ছাত্ৰই ভিডিঅ কৰি ধৰা পৰিছে৷মই ভাবো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছৰূমলৈ ফোন অনা বন্ধ কৰাই দিব লাগে আৰু ইয়াৰ বাবে বিহিত ব্যৱস্থা ল’ব লাগে৷
:ফোনটো মোক দিয়া, মই সৌৰিণৰ লগত কথা পাতিম আৰু ডাইৰেক্টৰ ছাৰৰ স’তেও এই বিষয়ে কথা হ’ম৷
অৰুন্ধতী আৰু শ্বেতাই হেডক সৌৰিণৰ ফোনটো দি ধন্যবাদ জনাই চেম্বাৰৰ পৰা ওলাই আহিল৷
:অ’ তোৰ ফোন বাজি আছিল বহু সময় ধৰি, ফোনটো বেগৰ ভিতৰত থকাৰ কাৰণে মই ৰিচিভ কৰা নাই – শ্বেতাই ক’লে৷
অৰুন্ধতীয়ে বেগৰ চেইন খুলি ফোনটো উলিয়াই আনিলে ৷ ফোনৰ নাম্বাৰটোলৈ চাই তাইৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিল!প্ৰাপ্তিৰ ফোন;প্ৰাপ্তি অৰুন্ধতীৰ শৈশৱৰ বান্ধৱী৷এসময়ৰ সুখ-দুখৰ লগৰী প্ৰাপ্তি৷ সময়েও ম্লান কৰিব নোৱাৰাকৈ আজিও সঁচা বন্ধুত্বৰ ডোলেৰে বান্ধ খাই আছে দুয়ো!
প্ৰাপ্তি থাকে শিলিগুৰিত ৷তাই শিলিগুৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয় এখনৰ সহকাৰী অধ্যাপিকা পদত কাম কৰি আছে ৷ অৰুন্ধতীও চিকিমৰ মাজিতাৰত অৱস্থিত “চিকিম মানিপাল ইন্সটিটিউটৰ” ইলেক্ট্ৰিকেল বিভাগৰ সহকাৰী অধ্যাপিকা৷
: ব’ল কেন্টিনত চাহ খাব যাওঁ, হামি আহি আছে বুজিছ’ -- শ্বেতাই ক’লে ৷
: ৰ’ মই ফোনটো কৰি লওঁ
অৰুন্ধতীয়ে প্ৰাপ্তিৰ লগত ফোনত কথা পাতি শেষ হোৱাৰ পিছত শ্বেতা আৰু তাই “ৰুফ টক”লৈ বুলি আগবাঢ়িল৷ইন্সটিটিউটৰ চাদৰ ওপৰত থকা কেন্টিনখনক অৰুন্ধতীহঁতে “ৰুফ টক” নাম দিছে ৷দুয়োজনীয়ে সিহঁতৰে কলিগ অমিতক কেন্টিনত চাহখাই থকা দেখি তেওঁৰ ওচৰতে বহি ল’লেহি ৷ অমিতে সিহঁত দুজনীক দেখি হাঁহি হাঁহি ক’লে – “বুঢ়াই আকৌ চেমিনাৰ পাতিছে, গম পায় আপোনালোকে?”
বুঢ়া মানে অমিতে ডিপাৰ্টমেন্টৰ হেডক উদ্দেশ্যি ক’লে ৷
: “নাপাওঁ, আপুনি কেনেকৈ গ’ম পালে?”—অৰুন্ধতীয়ে সুধিলে ৷
:আজি কৰিডৰত মোক লগ পাই কথাটো ক’লে৷ ফেকাল্টিৰ মাজত চেমিনাৰ পাতি থাকিলেহে টিচিং স্কিল উন্নত হ’ব, সেই বুলি ক’লে বুঢ়াই
: এই বয়সত বাৰু বাৰে বাৰে ষ্টুডেন্টৰ দৰে চেমিনাৰ দি থাকিব পাৰি নেকি! – শ্বেতাই বিৰক্তিৰে কৈ উঠিল ৷
: আমি সকলোৱে মিলি চাৰক চেমিনাৰ নাপাতিবলৈ অনুৰোধ কৰিব লাগিব – অৰুন্ধতীয়ে ক’লে৷
কেন্টিনৰ মোহনে শ্বেতা আৰু অৰুন্ধতীক চাহ আৰু ব্ৰেড পকৰা দি থৈ গ’ল ৷
: কাইলৈ দেওবাৰ ৷ মেডামহঁতৰ পিছে কি প্ল্যেন বা! –অমিতে সুধিলে
:মই কাইলৈ গেংটক যাম, অলপ বজাৰ কৰিব লগা আছে, অৰু যাবি নেকি? –শ্বেতাই সুধিলে অৰুন্ধতীক
:নাই অ’, কাইলৈ শিলিগুৰিত থকা মোৰ বান্ধৱী প্ৰাপ্তি আহিব ৷ মোৰো বজাৰ আছিল, পিছে যাব নোৱাৰিম ৷ (আগলৈ )
Like

No comments:

Post a Comment