Thursday, 16 July 2020

“শিশুৰ ভাষা বিকাশ আৰু মাতৃভাষাৰ প্ৰয়োজনীয়তা”


“শিশুৰ ভাষা বিকাশ আৰু মাতৃভাষাৰ প্ৰয়োজনীয়তা”
ভাব-অনুভূতি প্ৰকাশৰ মাধ্যমেই হ’ল ভাষা৷ভাষা মানৱ-সভ্যতা-সংস্কৃতিৰ এক অপৰিহাৰ্য অঙ্গ৷মানৱ সভ্যতাৰ প্ৰথম সোপান ৰচিত হৈছিল ভাষাৰ মাধ্যমেৰে৷শিশু এটিৰ ব্যক্তিত্বৰ বিকাশ সাধনত ভাষাই বহুত অৰিহণা যোগায়৷শিশুৱে শাৰীৰিক,মানসিক আদি দিশৰ পৰিপক্কতাৰ পিছতহে ভাষা শিকিবলৈ লয়৷এটি চালুকীয়া শিশুৱে ভাষাৰ বাবে তিনিধৰণৰ মাধ্যম প্ৰয়োগ কৰে- ক্ৰন্দন,কলকাকলি আৰু অঙ্গীভঙ্গী৷ক্ৰন্দনেই এটি শিশুৰ প্ৰথম ভাষা৷কান্দোনৰ জৰিয়তে শিশুৱে ক্ষুধা,তৃষ্ণা,অস্বস্তিবোধ,খং,ভয় আদি অনুভূতি প্ৰকাশ কৰে ৷চাৰিমাহৰ পৰা শিশুৰ কন্ঠত ধ্বনি প্ৰকাশ হয়৷শিশুৱে কলকলাবলৈ আৰম্ভ কৰে৷শিশুৱে কলকলনিত বা বা,পা পা, মা মা, দা দা আদি শব্দবোৰ পুনৰাবৃত্তি কৰে৷ডাঙৰ হৈ অহাৰ লগে লগে পৰিয়ালৰ লোকসকলে কোৱা শব্দবোৰ শুনি তেনেদৰে মাতিবলৈ লয় যেনে- দাদা, ককা,মামা আদি৷লাহে লাহে শিশুটিয়ে শব্দ সংযোজন কৰিও কথা কব পৰা হয় আৰু বস্তুৰ আকাৰ,সোৱাদ,গন্ধ আদিৰ লগত পৰিচয় হৈ বস্তুটো দেখিলে নামটো ক’ব পৰা হয় আৰু এনেকৈয়ে লাহে লাহে শিশু এটিয়ে বাক্যৰ আকাৰে নিজৰ ভাব-অনুভূতি প্ৰকাশ কৰিব পৰা হয়৷যিহেতু শিশু এটিয়ে প্ৰথম মাকে কোৱা কথা লগতে ঘৰৰ পৰিয়ালৰ মানুহে কোৱা কথা শুনি শুনিয়েই কথা ক’বলৈ শিকে গতিকে শিশুটিয়ে কোৱা কথা মাতৃভাষাৰেই আৰম্ভ হয়৷
শিশুৰ ভাষাৰ বিকাশত পৰিয়ালৰ প্ৰভাৱেই আটাইতকৈ বেছি৷সেয়ে অভিভাৱকসকলে মৰম-চেনেহ, আদৰ-যত্ন,আন্তৰিকতাপূৰ্ণ অনুকূল আবেগিক পৰিবেশ ৰচনা কৰিব লাগে৷যিহেতু শিশু সদায় অনুকৰণপ্ৰিয় সেয়ে শিশুৰ আগত কথা পাতোঁতে মাক-দেউতাক তথা পৰিয়ালৰ লোকসকল সদায় সংযত আৰু সাৱধান হ’ব লাগে৷ আবৃত্তি, নৃত্য-গীত, খেলা-ধূলা, সাধু কোৱা,কাহিনীমূলক পাঠ আদিৰ সক্ৰিয় অংশগ্ৰহণে শিশুৰ ভাষাৰ বিকাশত অভূতপূৰ্ব অৰিহণা যোগায়৷শিশুক সদায় ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰি পঢ়িবলৈ দিব লাগে তেতিয়া শিশুটিৰ ভাষা বিকাশ হোৱাৰ লগতে বৰ্ণাশুদ্ধিও কমকৈ হয়৷শিক্ষকৰ লগতে অভিভাৱকসকলেও শিশুটিক পাঠ পঢ়ি শুনাওঁতে শব্দবোৰ স্পষ্টকৈ উচ্চাৰণ কৰিব লাগে,দাড়ি,কমা আদি পঠন সংকেতবোৰৰ উপযুক্ত প্ৰয়োগ কৰিব লাগে৷যিহেতু শিশুৱে সেই পঠনভংগী অনুকৰণ কৰে৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক , কবি,লেখক,চিন্তাবিদ ড:জয়ন্ত কৃষ্ণ শৰ্মাই ফেচবুকৰ এটি লাইভ অনুষ্ঠানত "শিশুৰ মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা"ৰ ওপৰত সোধা এটি প্ৰশ্নৰ উত্তৰত এনেকৈ কৈছিল – “ মাতৃভাষাই শিশুক যি অংগীকাৰ দিব পাৰে,শিশুক যি অন্তৰাত্মাৰ উদ্গীৰণৰ কাৰণে সহায় কৰিব পাৰে অন্য ভাষাই নোৱাৰে৷মাতৃভাষা শিক্ষণ আমাৰ কাৰণে অপৰিহাৰ্য৷মাতৃভাষা বাদ দিলে আমি শিপা হেৰুৱাব লাগিব৷আমি যদি শিপা হেৰুৱাই পেলাওঁ শিক্ষাৰ যিমান ওপৰলৈ গ’লেও সেই শিক্ষাৰ মূল্য নাই৷”
সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিৰ গ্ৰাসত পৰি "মাতৃভাষা সংকটৰ গৰাহত নেকি" প্ৰশ্ন উত্থাপন হোৱাৰ সময়ত শিক্ষক,অভিভাৱক তথা সমাজৰ প্ৰতিজন সচেতন নাগৰিক – সকলোৱে মিলি, শুদ্ধৰূপত মাতৃভাষা চৰ্চাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰি জাতীয় চেতনাৰে জাগ্ৰত হৈ সমাজত এটি জাগৰণ অনাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷
শেষত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটি উক্তিৰে এই লেখাটিৰ সামৰনি মাৰিছোঁ –
“বিশ্ব সংসাৰ আৰু বিশ্ব মানৱতাক মই সম্পূৰ্ণৰূপে হৃদয়ত ধাৰণ কৰিব নোৱাৰোঁ৷ সেইদেখি বিশ্বভূমি আৰু বিশ্বভাবৰ একাংশ - মোৰ মাতৃভূমি আৰু মাতৃভাষাকে মহাসত্যৰূপে মই উপাসনা কৰি আছোঁ৷ … মোৰ মাতৃভাষাৰ সেৱাই মোৰ মহাকাৰ্য৷ ” -সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
ধন্যবাদ
মৌচুমী বৰি, শিৱসাগৰ,০৩/০৭/২০২০
বি:দ্ৰ: লেখাটি যুগুত কৰোঁতে "শিশু মনোবিজ্ঞান আৰু শিশু নিদেৰ্শনা" মূলক পুথিৰ সহায় লোৱা হৈছে৷

Comments


Saturday, 21 September 2019

“ক্ষমা,সহানুভূতি,প্ৰেম,আত্মনিৰ্ভৰশীলতা ইত্যাদি”





        মোৰ এজন দাদা পঢ়া-শুনাত বৰ ভাল নাছিল৷ কাণে কাণ মাৰিহে পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ সেয়ে ঘৰত দাদাই সদায় ককৰ্থনা শুনিব লগা হৈছিল৷ এবাৰ তেওঁ পৰীক্ষাত অনুত্তীৰ্ণ হল৷ কিন্তু ৰিজাল্ট লবলৈ যোৱা দাদা ঘৰলৈ ঘূৰি নাহিল৷ অৱশেষত বিচাৰি বিচাৰি দাদাক পোৱা গল নদীৰ পাৰত৷ নদীৰ পাৰলৈ তেওঁ আত্মহত্যা কৰিবলৈ গৈছিল নে হতাশাৰ প্ৰকোপত হোৱা বেদনাখিনি নদীৰ লগত ভাগ-বতৰা কৰিবলৈ গৈছিল-সেই কথা তেতিয়া জনা নাছিলো যদিও গম পাইছিলোঁ যে ঘৰলৈ আহিবলৈ দাদাই ভীষণ ভয় খাইছে৷
        এজনী কণমানিক দেউতাকে সদায় পঢ়োৱাৰ সময়ত গালি-গালাজ কৰে আৰু কেতিয়াবা দুই এটা থাপৰো দিয়ে৷ সেয়ে তাই পৰীক্ষাৰ বহীবোৰত কম নম্বৰ পালে মাকক দেখুৱায় ৷ আৰু মাকক সদায় এটাই অনুৰোধ কৰে- দেউতাক নকবা৷
        মোৰ এজনী বান্ধৱীয়ে কবিতা লিখিছিল আৰু উৎসাহেৰে নিজৰ গৃহস্থক দেখুৱাইছিল৷ কিন্তু বান্ধৱীৰ স্বামীয়ে কোনোদিনে উৎসাহিত কৰাৰ প্ৰয়োজনবোধ কৰা নাছিল৷ বৰঞ্চ ঠাট্টাৰ সুৰতহে মন্তব্য দিছিল৷ লাহে লাহে বান্ধৱীয়ে গৃহস্থক নিজে লিখা কবিতা আদি দেখুৱাবলৈ বাদ দিলে আৰু এই সম্পৰ্কে কোনোধৰণৰ আলোচনা নকৰা হল৷
        এতিয়া আহোঁ দাদাজনৰ কথালৈ৷ তেওঁ যেতিয়া কম নম্বৰ পায় আৰু ঘৰৰ মানুহে ককৰ্থনা কৰে সেই মুহূৰ্তত তেওঁৰ মানসিক অৱস্থা চাবলৈ কাৰোৰে সময় নাথাকে৷ তেওঁৰ ওপৰত কৰা ককৰ্থনাই তেওঁক মানসিক ভাৱে হতাশাত ভোগাইছে নেকি সেই দৃষ্টি যদি পৰিয়ালৰ কোনো এজনৰে নাথাকে তেন্তে তেওঁ পৰিয়ালৰ সদস্যৰ পৰা দূৰ হৈ গৈ থাকে৷ দ্বিতীয়তে আহিল কণমানিজনীৰ কথা৷ দেউতাকে গালি-গালাজ পৰাৰ বাবে তাই কম নম্বৰ পালে মাকক কয় –“দেউতাক নকবা৷এই কথাষাৰৰ পৰা আমি ভাবিব পাৰোঁ যে ভৱিষ্যতে কোনো সমস্যাত পৰিলেও দেউতাকক ভাল পালেও তাই হয়তো গালি খোৱাৰ ভয়তে তাইৰ সমস্যাৰ কথা দেউতাকক নোকোৱাৰ সম্ভাৱনীয়তাই বেছি৷ ঠিক তেনেদৰে বান্ধৱীগৰাকীয়েও নিজৰ গৃহস্থৰ পৰা এক নিৰ্দিষ্ট মানসিক দূৰত্বত অৱস্থান কৰিছে,যিহেতু গৃহস্থই তাইৰ কবিতা লিখাত সহযোগ কৰা নাই৷
        এইখিনিতে মনলৈ প্ৰশ্ন আহে কোনো এজনৰ দুৰ্বলতা অথবা অসমৰ্থতাক আমি দোষাৰোপ কৰা উচিত নে? দেখা গৈছে যে দোষাৰোপ কৰাৰ পিছত সেই ব্যক্তিগৰাকী এটা দূৰত অৱস্থান কৰিছে বা আঁতৰি গৈছে৷ ইয়াতে আৰু এটা কথা ভবাৰ থল আছে যে আঁতৰি যোৱাজনক কোনোবাই ভুল দিশতো পৰিচালনা কৰিব পাৰে৷ ভয়তে মিছাৰ আশ্ৰয় লব পাৰে অথবা একো নোকোৱাকৈ আত্মহত্যাৰো পথ বাছি লব পাৰে৷ এনেধৰণে দূৰত অৱস্থান কৰাটো নিশ্চয় সুস্থতাৰ লক্ষণ নহয়৷ তেন্তে আমি কি কৰা উচিত? সহানুভূতি, ক্ষমা আৰু প্ৰেমে এই সমস্যাৰ সমাধান কৰিবনে? দেখা যায় যে যি আমাক মৰম কৰে, সহানুভূতি দেখুৱায়; তেওঁৰ সান্নিধ্য আমাৰ ভাল লগাৰ লগতে তেওঁক আমাৰ মনৰ কথা কৈও ভাল লাগে৷ কিবা ভুল কৰিলে যদি ভুলটো মৰমেৰে দেখুৱাই দিয়া হয়, তেন্তে সেই মানুহজনৰ অভ্যন্তৰৰ বহু দিশ (মনৰ দুখ-সুখ,সমস্যা ইত্যাদি)উন্মোচিত হোৱাৰ বাট মুকলি হয় আৰু তাৰ যোগেদি মানুহজনৰ সমস্যাৰ সমাধান হোৱাৰ লগতে দুয়োজনৰে মাজতে এক আত্মিক সম্বন্ধও গঢ়ি উঠে৷ ক্ষমা,সহানুভূতি আৰু প্ৰেমে এজন মানুহক আন এজন মানুহৰ কাষ চপাই অনাত সহায় কৰে আৰু ইয়াৰ যোগেদি আত্মগ্লানিত ভোগা বহু লোকক উদ্ধাৰ কৰিব পৰা যায়৷ তাৰোপৰি জীৱনৰ আটাইতকৈ প্ৰয়োজনীয়  “আত্মনিৰ্ভৰশীলতা”ৰ পাঠো পঢ়োৱা উচিত৷আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাইহে এজন মানুহক জীৱন যুঁজত জয়ী হোৱাত সহায় কৰে৷

মোৰ ভাইটি শিৱ প্ৰসাদ হাজৰিকা (বাবু) ৰ লগত এই বিষয়ে কথা হওঁতে ভাইটিয়ে মোক নিজৰ লগত হোৱা এটা অভিজ্ঞতাৰ কথা জনালে এনেকৈ -

মই যেতিয়া বৰপেটাত চাকৰি কৰি আছিলো আমাৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীত দুগৰাকী শাৰীৰিকভাৱে সক্ষম ছাত্ৰী আছিল৷দুয়োজনী একে পৰিয়ালৰ আছিল৷কিন্তু ছাত্ৰী দুগৰাকীৰ মাক দেউতাক সৰুতে ঢুকাইছিল আৰু তেওঁলোকৰ বয়সীয়াল আইতাকে ছোৱালী দুজনীক চোৱা চিতা কৰিছিল৷আইতাক জনী আমাৰ বিদ্যালয়ৰে মধ্যাহ্ন ভোজনৰ ৰান্ধনী আছিল৷কিন্তু কথা হ'ল ছোৱালী দুজনীৰ বয়স অনুসৰি প্ৰথম শ্ৰেণীতকৈ ওপৰ পয্যায়ৰ শ্ৰেণীত থাকিব লাগিছিল যদিও আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে তেওঁলোকক প্ৰথম শ্ৰেণীতে ৰাখি দিছিল ৷ কিয়নো সিহঁত দুজনীয়ে আখৰে চিনি নাপায়৷মই কথাটো গম পাই সিহঁতৰ ক্লাছত সদায়েই যাবলৈলো আৰু সিহঁতক খুব মৰমেৰে পঢ়াবোৰ শিকাবলৈ ললো৷লাহে লাহে দুয়োজনীৰ ভিতৰত জুলী নামৰ ছোৱালীজনীয়ে খুব সোনকালেই সকলোবোৰ আয়ত্ত কৰিবলৈ সক্ষম হল৷জুলী নামৰ ছোৱালী জনীৰ আখৰবোৰো বাকী সকলোতকৈ ধুনীয়া আছিল৷কথাবোৰ সোনকালেই মনত ৰাখিব পাৰিছিল৷কেৱল লিখিবলৈ সোনকালে নোৱাৰিছিল৷কিন্তু পিছৰ বছৰ তাই দ্বিতীয় শ্ৰেণীলৈ উত্তীৰ্ণ হয়৷সিহঁতৰ ক্লাছত থকাৰ সময়খিনিত মই বুজিলো যে সিহঁত দুজনীক শিক্ষকসকলে শিকোৱাৰ পৰিৱৰ্তে অৱহেলা কৰাৰ ফলস্বৰূপেই সিহঁতৰ কোনো বিকাশ হোৱা নাছিল৷সেয়ে কওঁ যে, যদিহে আমি অৱহেলা কৰাৰ সলনি কোনো এটা কাম মৰমৰ ভাষাৰে শিকাওঁ তেতিয়া সকলোৱে সোনকালে আয়ত্ত কৰিব পাৰে৷


          কথাতে কয়- শব্দই ব্ৰহ্ম৷ আমি কোৱা কথাবোৰৰ লগত আমাৰ ভাৱ-চিন্তাৰ সম্বন্ধ থাকে৷ আমাৰ মুখেৰে উচ্চাৰিত শব্দই আমাৰ মনৰ ওপৰত লগতে পৰিবেশৰ ওপৰতো প্ৰভাৱ পেলায়৷ ঋণাত্মক কথা-বতৰাই আমাৰ একো উপকাৰ নকৰে বৰঞ্চ ই আমাৰ ক্ষতিহে কৰে৷ আমি যেতিয়া উত্তেজিত হৈ কাৰোবাক গালি-গালাজ কৰোঁ সেই উত্তেজনাই আমাৰ দেহত কিছুমান বিষক্ৰিয়াৰ উদ্ৰেক কৰে আৰু সেইবোৰে একপ্ৰকাৰ আৱেগিক বিকাৰৰ সৃষ্টি কৰে৷ এনেধৰণৰ আৱেগিক অস্থিৰতাই শাৰীৰিকভাৱে আমাৰ অনিষ্ট কৰে ৷ আনকি আমাৰ ব্যক্তিত্বৰ গভীৰতম প্ৰদেশকো জোকাৰি পেলায় ৷ আৰু আনজন মানুহৰ দেহ-মনতো ঋণাত্মক প্ৰভাৱ পৰে৷ আনহাতে ধনাত্মক চিন্তা তথা কথা-বতৰা সকলোৰে বাবে উপকাৰী৷ ক্ষমা, দয়া, পৰোপকাৰ, মৰম-চেনেহ, সদভাৱনা আদিয়ে ধনাত্মক পৰিবেশকে প্ৰতিনিধিত্ব কৰেব্ৰহ্মকুমাৰী বি কে শিৱানীৰ এটি উক্তিয়ে মোক সদায় অনুপ্ৰাণিত কৰি আহিছে৷উক্তিটো হ’ল – “My every thought radiates into the world, influences animals, plants, water, earth & air. My environment is a reflection of my emotions. Everyday I pollute the environment with my ego, greed, anger, attachment, expectations. Do I still complain or Do I change?Practice humility, compassion and unity. Heal yourself to heal the Planet.”


মোৰ জীৱনৰ অন্যতম প্ৰিয় কিতাপ


মোৰ জীৱনৰ অন্যতম প্ৰিয় কিতাপঅসমৰ বৰেণ্য ব্যক্তি ড০ প্ৰফুল্ল কটকী দেৱৰ দ্বাৰা অনুবাদিত লেখক নৰমান ভিনচেন্ট পীলেৰ আশাবাদী চিন্তা

জীৱনৰ কোনো এক দুৰ্দিনৰ মুহুৰ্তত যেতিয়া হতাশাৰে মন ভাৰাক্ৰান্ত হৈ আছিল ঠিক তেনে এক ক্ষণতে মোৰ হাতত আহি পৰিছিল এখন কিতাপনৰমান ভিনচেন্ট পীলেৰ Power of positive thinking৷কিতাপ খন পঢ়াৰ পাছত মোৰ এনে লাগিছিল মই যেন এটা নতুন জীৱন পাইছো৷ হতাশাৰ ডাৱৰ আঁতৰি মই যেন নতুন পোহৰেৰে উদ্ভাসিত হৈ পৰিছোঁ৷পিছে কিতাপখন মই কাৰোবাৰ পৰা আনি পঢ়িছিলো আৰু সেয়েহে এদিন কিতাপখন ঘূৰাই দিব লগা হল কিন্তু সঞ্জিৱনী সুধা স্বৰূপ এই কিতাপখন যে মই নিজৰ কাষত ৰাখিবই লাগিব সেই ইচ্ছা মোৰ প্ৰৱল হৈ উঠিল৷

এদিন লক্ষীমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভা গ্ৰন্থমেলাত সেই অমূল্য কিতাপখনৰ অসমীয়া সংস্কৰণ মোৰ হাতত আহি পৰিল৷আনন্দতে কিতাপখন বুকুৰ মাজত সুমুৱাই ললো৷মোৰ এনে লাগিলমই যেন যুদ্ধ জয় কৰিছোঁ৷এই অমূল্য কিতাপখনৰ অসমীয়ালৈ অনুবাদ কৰিছে ড০ প্ৰফুল্ল কটকী ছাৰেআশাবাদী চিন্তানামেৰে৷কিতাপখন প্ৰকাশ কৰি উলিয়াইছে অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান জ্যোতি প্ৰকাশনে৷কোৱা বাহুল্য যে ড০ প্ৰফুল্ল কটকী ছাৰ অসমৰ এজন বৰেণ্য ব্যক্তি৷তেখেতৰ বিশাল ব্যক্তিত্ব আৰু তেখেতৰ কৰ্মৰাজীৰ অৱদানে অসমৰ সাহিত্য আকাশত তেখেতক চিৰজ্যোতিষ্মান কৰি ৰাখিছে৷

 এতিয়া আহোঁ কিতাপখনৰ বিষয়বস্তুলৈ৷ কিতাপখনৰ পাতনিতেই গোটেই কিতাপখনৰ সাৰমৰ্ম সোমাই আছে৷লেখক পীলেই এই কিতাপখন মূলত: নৱ-প্ৰজন্মৰ লৰা-ছোৱালীৰ বাবেই লিখা হৈছে বুলি জনাইছে৷তেখেতে লিখিছে –“আশাবাদী চিন্তাৰটেকনিকটো আগবয়সতে শিকি লব পৰাতকৈ যুৱক-যুৱতীহঁতৰ বাবে পৰম সৌভাগ্যৰ কথা আন একো হব নোৱাৰে৷অনেক বিফলতা,অনেক কষ্ট-ভোগ অতিক্ৰম কৰি এই শিক্ষা লাভ কৰাৰ এতিয়া আৰু কোনো প্ৰয়োজন নাই৷এই কিতাপখনেই সেই শিক্ষা আগবঢ়াব৷আশাবাদী চিন্তাৰ সৃষ্টিশীল আৰু গতিশীলটেকনিকটো মই যদি কুৰিৰ দেওনা পাৰ হোৱাৰ আগতে শিকি লবলৈ পালোহেঁতেন!কতদুৰ্ভোগ, কতদুশ্চিন্তাৰ যে মই হাত নাসাৰিলোহেঁতেন!”

লেখক পীলেই কৈছে যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু মহান যীশুৱে দিয়া শিক্ষাসমূহ এই কিতাপখনত সন্নিবিষ্ট কৰা হৈছে৷উপসংহাৰৰ সৈতে মিলি ১৫ টা মূল জীৱন বিষয়ক কথাৰ ওপৰত কিতাপখনত আলোকপাত কৰা হৈছে যি খিনি কথা  জীৱন সংগ্ৰামত অভ্যস্ত প্ৰতিজন লোকৰ বাবেই মহৌষধ স্বৰূপ বুলি মই ভাবো৷

কিতাপখনৰনিজৰ ওপৰত বিশ্বাস ৰাখিবানামৰ প্ৰথম অধ্যায়ত লেখকে জীৱনৰ সকলোতকৈ প্ৰয়োজনীয়আত্মবিশ্বাসৰ কথা লিখিছে৷নীচাত্মিকা মনোভাৱ আৰু হীনমন্যতা যে জীৱনত সফলতা অৰ্জন কৰাত প্ৰধান বাধা সেই কথাটোৰ ওপৰত লেখকে গুৰুত্ব আৰূপ কৰিছে৷তেখেতে লিখিছে যে হীনমন্যতা মনৰ পৰা আঁতৰোৱাৰ উপায় হল প্ৰৱল আত্মবিশ্বাস৷নিজৰ শক্তি-সামৰ্থ্যৰ ওপৰত সমূলি বিশ্বাস নথকা লোকেহে এই বিকাৰটোত ভোগে৷সেইবাবে মনটো সদায় আত্মবিশ্বাসেৰে ভৰাই ৰাখিব লাগে৷তেওঁ প্ৰথম অধ্যায়টোৰ শেষত আত্মবিশ্বাস গঢ়িবৰ বাবে দহোটা উপায় আগবঢ়াইছে আৰু উল্লেখ কৰিছে যে ভগৱান নিজৰ লগত আছে বুলি ভাবিলে জীৱন-সংগ্ৰামৰ সন্মূখীন হবলৈ লগা প্ৰয়োজনীয় শক্তি নিজৰ ভিতৰত উপলব্ধি কৰিব পাৰি৷

শক্তি আহে এটা শান্ত মনৰ পৰানামৰ দ্বিতীয় অধ্যায়টোত লেখকে মনত প্ৰশান্তি থাকিলেহে আমি আমাৰ কাম-কাজবোৰ উৎসাহেৰে কৰিবলৈ শক্তি পোৱাৰ কথা উল্লেখ কৰিছে৷তেখেতে লিখিছে – “মনৰ প্ৰশান্তি লাভ কৰাৰ ৰহস্যটো, মানসিক দৃষ্টিভংগী পৰিৱৰ্তন কৰাতে নিহিত থাকে৷এটি অশান্ত মনলৈ শান্তি আনিব পৰাৰ উপায় লেখকে অধ্যায়টোত সবিস্তাৰে বৰ্ণনা কৰিছে৷আমি যদি শান্তি-জ্ঞাপক,স্বস্তিব্যঞ্জক শব্দ কিছুমান উচ্চাৰণ কৰোঁ তেতিয়াও মনলৈ শান্তি আনিব পাৰি৷ধৰ্মগ্ৰন্থ সমূহৰ পৰা অনুচ্ছেদ বা শাৰী কিছুমান আওঁৰালেও মনলৈ শান্তি আহে৷তাৰোপৰি আমাৰ কথোপকথনৰ ওপৰতো শান্তি বা অশান্তি বহুদূৰ নিৰ্ভৰ কৰে৷তাৰোপৰি লেখকে কৈছে যে মনটো শান্তিময় কৰি ৰখাৰ আন এটা উপায় হল মৌনাৱলম্বন৷যদি আমি মনটো দ পানীৰ ওপৰৰ স্তৰটো বুলি ভাবি লওঁ আৰু ইয়াক যিমান পাৰি নিস্তৰংগ কৰিবলৈ যত্ন কৰোঁ আৰু তেনে এক মুহুৰ্তত যদি ভগৱানৰ সৰ্বব্যাপিতা উপলব্ধি কৰোঁ তেনে আমাৰ মনটো প্ৰশান্তিৰে ভৰি পৰিব৷

তুমি যদি প্ৰাৰ্থনা কৰা তোমাৰ প্ৰতিটো সমস্যাৰে সমাধান ওলাব৷”- এইশাৰী অমৃতময় বাক্যৰে আৰম্ভ হৈছে কিতাপখনৰ তৃতীয় অধ্যায়৷লেখকে কৈছে যে প্ৰাৰ্থনা কৰি থাকোঁতে আমি যে বিশ্ব-সংসাৰৰ আটাইতকৈ প্ৰবল শক্তিটোৰ লগত যোগাযোগ কৰিছোঁ সেই কথা উপলব্ধি কৰাটো নিতান্তই জৰুৰী৷তেখেতে এজন ডেকা লৰাই কৰা প্ৰাৰ্থনা পদ্ধতিৰ কথা উল্লেখ কৰিছে যি পদ্ধতি প্ৰয়োগ কৰি তেওঁ নিজৰ ব্যৱসায়ত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছিল৷পদ্ধতিটো হ
 () প্ৰাৰ্থনাকৰণ () চিত্ৰিতকৰণ আৰু () বাস্তৱকৰণ
এই পদ্ধতি তিনিওটাৰ বিষয়ে লেখকে অধ্যায়টোত বহল ভাৱে ব্যাখা কৰিছে৷তাৰোপৰি অধ্যায়টোৰ শেষৰ ফালে প্ৰাৰ্থনাৰ পৰা কাৰ্যকৰী ফল লাভ কৰাৰ দহোটা উপায় দিছে৷ইয়াতে উল্লেখযোগ্য যে অনুবাদক ড০প্ৰফুল্ল কটকী দেৱে অধ্যায়ৰ মাজে মাজে প্ৰসংগৰ লগত সংগতি মিলাই নামঘোষা,শ্ৰীমদ্ভাগৱদ গীতা আদি ধৰ্মগ্ৰন্থৰ কিছুমান পংক্তি আগবঢ়াইছে৷উদাহৰণস্বৰূপে লেখক পীলেই লিখিছে – “সকলো কথা ভগৱানৰ হাতত এৰি দিয়াৰ অভ্যাসটো কৰিবা৷যথাশক্তি কাৰ্য কৰিবলৈ তোমাক শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা কৰিবা৷কাৰ্যৰ ফলাফল ভগৱানৰ হাতত এৰিবা৷এইখিনি কথাৰ প্ৰসংগ সংগতিৰ আঁত ধৰি ড০কটকী দেৱে শ্ৰীমদ্ভাগৱদ গীতাৰ উক্তি আগবঢ়াইছে এনেদৰে – [“তু: কৰ্মন্যেবধিকাৰস্তে মা ফলেষু কদাচন৷-শ্ৰীমদ্ভাগৱদগীতা (অনু.)]


সুখ তোমাৰ নিজৰ হাততঅধ্যায়টোত লেখক পীলেই আমাৰ সুখ বা দু:খবোধ আমি নিজে সৃষ্টি কৰি লোৱা মানসিক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে বুলি উল্লেখ কৰিছে৷তেখেতে বাইবেলৰ এটি প্ৰভাৰ্বচ দিছে যে –“ৰঙিয়াল অন্তৰৰ লোক এজনে অবিৰত পৰমানন্দ লাভ কৰে৷”(১৫.১৫)অৰ্থাৎ সুখবোধক তোমাৰ মনৰ এক স্বাভাৱিক প্ৰবৃত্তি হিচাপে কৰ্ষণ কৰা৷ইয়াকে কৰিব পাৰিলেই জীৱনটো তোমাৰ অন্তহীন পৰমানন্দ হব৷

খেঙখেঙাই নাথাকিবাঅধ্যায়টোত ক্ৰোধ আৰু বিদ্বেষৰ অপকাৰিতাৰ কথা কোৱা হৈছে৷লেখক পীলেই লিখিছে যে আমি যেতিয়া অস্থিৰতাত ভুগো সেই অস্থিৰতাই আমাৰ দেহত কিছুমান বিষক্ৰিয়াৰ উদ্ৰেক কৰে আৰু সেইবোৰে এক প্ৰকাৰ আবেগিক বিকাৰৰ সৃষ্টি কৰে৷এনেধৰণৰ আবেগিক অস্থিৰতাই শাৰীৰিকভাৱে আমাৰ অনিষ্ট কৰে,আনকি আমাৰ ব্যক্তিত্বৰ গভীৰতম প্ৰদেশকো ই জোকাৰি পেলায়৷সেয়ে উপায় হিচাপে লেখকে ইয়াত এটা শান্ত মনৰ অধিকাৰী কেনেকৈ হব পাৰি তাৰেই উল্লেখ কৰিছে৷ভগৱানৰ ওচৰত আত্মসমৰ্পনে যে আমাক অনাবিল মানসিক প্ৰশান্তি দিব পাৰে সেই কথা লেখকে খুউব ধুনীয়াকৈ বৰ্ণনা কৰিছে৷

পাবলৈ আশা কৰাটোহে পাবাঅধ্যায়টোত লেখকে আশাবাদী চিন্তা,ভগৱানৰ দয়া আৰু কৰুণাৰ ওপৰত লগতে নিজৰ ওপৰত আস্থা ৰাখিলেহে কাৰ্য সিদ্ধি হোৱাৰ কথা কৈছে৷ লেখক পীলেই লিখিছে – “এইটো একেবাৰে ধ্ৰুৱ সত্য যে তুমি ভগৱান আৰু নিজৰ ওপৰত আস্থা স্থাপন কৰিবলৈ শিকিলে আৰু যোগাত্মক সৃষ্টিশীলতাৰ দৃষ্টিৰে চিন্তা কৰিবলৈ ললে, অসম্ভৱ বুলি ধৰি লোৱা কথা একোটাও সম্ভাৱনীয়তাৰ আওতাৰ ভিতৰলৈ সোমায়৷

জিকাৰু হবাঅধ্যায়টোত লেখক পীলেইজীকাৰু হবাশব্দ দুটা শ্লোগানহিচাপে ব্যৱহাৰ কৰিবলৈ কৈছে যাতে আমি এই বিশ্বাসেৰে যি কোনো কাৰ্যতে জয়ী হব পাৰোঁ৷আমি আমাৰ জীৱনত অতিক্ৰম কৰিব নোৱাৰা বাধা-বিপত্তি একো নাই৷প্ৰভু যীশু আমাৰ লগত থাকিলে যি কোনো বাধাই আমি অতিক্ৰম কৰিব পাৰোঁ৷লেখক পীলেৰ মতে আমি আমাৰ জীৱনৰ সৰু সৰু ঋনাত্মক কথাবোৰ আঁতৰাই সকলো কথাই ধনাত্মক চিন্তাৰে আগবাঢ়িলে যি কোনো পৰিস্থিতিতে সুফল পোৱা যায়৷

দুশ্চিন্তা কৰা কিয়?” অধ্যায়টোত লেখক পীলেই লিখিছে যে দুশ্চিন্তা শব্দটো হল এক ক্ষতিকাৰক মানসিক স্বভাৱ৷ই জন্মগত নহয়, এটা আহৰণ কৰা অভ্যাসহে৷দুশ্চিন্তাই আমাৰ কি অনিষ্ট কৰিব পাৰে সেই কথা শব্দটোৰ মৌলিক অৰ্থটোৱেই সূচায়৷দুশ্চিন্তা শব্দটো আহিছে প্ৰাচীন এংল-চেক্সন শব্দ এটাৰ পৰাইয়াৰ অৰ্থ হল শ্বাসৰোধ কৰা (choke)৷দুশ্চিন্তাত ভূগি থকা মানুহৰ বিভিন্ন সামৰ্থ্য,স্বাস্থ্য আৰু সৃষ্টিশীল ক্ষমতা ব্যাহত হয় আৰু ইয়াৰ বাবে ব্যক্তিজন নিজেই দায়ী৷দুশ্চিন্তাৰ পৰা হাত সাৰিবৰ বাবে ভগৱানৰ কৰুণাৰে দুশ্চিন্তামুক্ত হোৱাৰ কথা লেখকে কৈছে৷তেখেতে ভগৱান ভাৱনাৰ এটা পৰামৰ্শ আগবঢ়াইছে এনেদৰে –“ভগৱানে এতিয়া মোৰ মনত সাহস,শান্তি আৰু প্ৰত্যয় দিছে৷ভগৱানে এতিয়া মোক সমস্ত অপায়-অমংগলৰ পৰা ৰক্ষা কৰি আছে৷ভগৱানে এতিয়া মোক শুদ্ধ সিদ্ধান্ত লোৱাত সহায় কৰিছে৷ভগৱানে এই পৰিস্থিতিৰ পৰা মোক উদ্ধাৰ কৰিব৷শেষত দুশ্চিন্তা দূৰ কৰিবৰ বাবে লেখকে অধ্যায়টোত আঠোটা পৰামৰ্শ আগবঢ়াইছে যিখিনি পৰামৰ্শই আমাক জীৱনটো আগবঢ়াই নিয়াত বহুপৰিমাণে উপকৃত কৰিব৷

সমস্যা সমাধানৰ দহোটা উপায়অধ্যায়টোত লেখকে দহোটা উপায় আগবঢ়াইছে যিবোৰ কাৰ্যত লগালে আমি সুফল পোৱাটো নিশ্চিত৷লেখক পীলেই লিখিছে যে সমস্যা মাত্ৰৰে সমাধান আছে বুলি বিশ্বাস কৰিলে আৰু ভগৱানৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰিলে আমি আমাৰ সমস্যাৰ সমাধান পোৱাটো নিশ্চিত৷

দুৰ্দিনত পৰিলে কি কৰা উচিতঅধ্যায়টোত লেখকে দুৰ্দিনত পৰিলে হতাশ নহৈ তাৰ পৰা পৰিত্ৰাণ পাবলৈ দৃঢ়তাৰে যত্ন কৰাৰ লগতে ভগৱানৰ সহায় আৰু কৰুণা কামনা কৰিব লাগে বুলি জনাইছে৷লেখকে প্ৰৱল আবেগিক উত্তেজনাই যে আমাৰ দেহত ক্ষতিকাৰক ৰাসায়নিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেই কথা উল্লেখ কৰিছে৷ খং, মানসিক বেদনা, অপৰাধবোধ, অপ্ৰকাশিত ভয়, উদ্বিগ্নতা আদিৰ ফলত মানুহৰ দেহত বিভিন্ন প্ৰকাৰৰ বেমাৰৰ লক্ষণে দেখা দিব পাৰে৷সেয়ে মনৰ দৃষ্টিভংগী সলনি কৰি দেহৰ বিকাৰ দূৰ কৰিব পাৰি৷লেখক পীলেই লিখিছে- “উত্তেজনা, অস্বস্তি, খং, ঘৃণা, বিৰক্তি আদি বদগুণবোৰে যিহেতু আমাৰ স্বাস্থ্যৰ ওপৰত অনিষ্টকৰ প্ৰভাৱ পেলায়,এইবোৰক মনৰ পৰা আঁতৰাই ৰখাটোৱেই বাঞ্চনীয়৷কিন্তু কেনেকৈ?দেখদেখকৈয়ে আমাৰ মনটো শুভেচ্ছা, ক্ষমা, বিশ্বাস আৰু প্ৰেমেৰে পূৰ্ণ কৰি৷আৰু তাৰবাবে লেখকে কেইটামান কাৰ্যকৰী পৰামৰ্শ আগবঢ়াইছে যি খিনি পৰামৰ্শ আমি আমাৰ জীৱনত প্ৰয়োগ কৰি সুফল লাভ কৰিব পাৰোঁ৷

তোমাৰ চিন্তানুযায়ী তোমাৰ পৰিচয়অধ্যায়টোত লেখক পীলেই আমি আমাৰ চিন্তাৰে নিজক গঢ় দিয়াৰ কথা উল্লেখ কৰিছে৷তেখেতে উল্লেখ কৰিছে যে – “এই সংসাৰৰ প্ৰতিটো সফল কাৰ্যৰ মূলতে আছে একো একোটাআইডিয়া৷প্ৰথমতে আইডিয়াটো লাগিব,তাৰপিছত সেই আইডিয়াটোত বিশ্বাস থাকিব লাগিব, আৰু তৃতীয়তে সেই আইডিয়াটো কাৰ্যকৰী কৰাৰ উপায় বিচাৰি উলিয়াব লাগিব৷কৃতকাৰ্যতাৰ পথ সেইটোৱেই৷তাৰোপৰি লেখকে বিশ্বৰ ৰহস্যময় শক্তি আৰু প্ৰতিজন মানুহৰ মাজত নিহিত থকা অপাৰ শক্তিৰ কথা ব্যাখ্যা কৰিছে৷লেখকে উল্লেখ কৰিছে যে এই শক্তিয়ে ব্যক্তিৰ সমস্ত বিফলতা অতিক্ৰম কৰি তেওঁক সমস্ত বিপদ-বিঘিনিৰ উৰ্ধলৈ নিব পাৰে৷গতিকে আমাৰ মানসিক দৃষ্টিভংগী সদায় ইতিবাচক হব লাগে৷লেখকে কি ধৰণৰ চিন্তা-চৰ্চাৰ দ্বাৰা আমাৰ জীৱনলৈ সফলতা আহে তাৰে আঠোটা বাস্তৱসন্মত উপায় নিৰ্দেশ কৰিছে৷

সহজভাৱে লবাঅধ্যায়টোত  লেখকে জীৱনৰ ঘাত-প্ৰতিঘাতবোৰ সহজভাৱে লোৱাৰ কথা উল্লেখ কৰিছে৷প্ৰতিটো কামকে সহজভাৱে কৰাৰ বাবে লেখকে দহোটা কাৰ্যকৰী পৰামৰ্শ কিতাপখনত আগবঢ়াইছে যিখিনি পৰামৰ্শ আমাৰ জীৱনত প্ৰয়োগ কৰি আমি এটা সফল শান্তিময় জীৱনৰ দিশত আগবাঢ়ি যাব পাৰোঁ৷

তুমি আনক ভাল পালে আনেও তোমাক ভাল পাবঅধ্যায়টোত লেখকে মানুহৰ প্ৰতি সদভাৱৰ ওপৰত গুৰুত্ব আৰূপ কৰিছে৷লেখকে উল্লেখ কৰিছে যে আমি বন্ধুত্বপূৰ্ণ সম্পৰ্কবোৰৰ উৎকৰ্ষ সাধন কৰিবলৈ যত্ন কৰিব লাগে, কাৰণ সফলভাৱে জীৱন অতিবাহিত কৰিবৰ বাবে ব্যক্তিগত সম্পৰ্কবোৰ একান্তই প্ৰয়োজনীয়৷আনে আমাক ভাল পাবলৈ হলে তেওঁলোকৰ প্ৰতিও আমাৰ সদ্ভাৱ আৰু স্নেহ থাকিব লাগিব৷প্ৰতিজন লোকৰ মাজত লুকাই থকা সদগুণ সমূহৰ আমি কোনো ভেজাল নথকাকৈ যথাৰ্থ সমাদৰ কৰিব লাগে৷লেখক পীলেই লিখিছে – “আনক তোমাৰ প্ৰেম দিবা৷তোমাৰ প্ৰেমে তেওঁলোকক শক্তি যোগাব৷তেওঁলোকৰ পৰা তুমি স্নেহৰ প্ৰতিদান লাভ কৰিবা৷আনৰ ভাল পোৱা লাভ কৰাটো আচলতে সহজ কাম৷মাত্ৰ তুমি আনক ভাল পাব পাৰিব লাগে৷

সেই প্ৰবল শক্তিটো আহ্বান নকৰা কিয়?” অধ্যায়টোত লেখকে যি কোনো পৰিস্থিতি অতিক্ৰম কৰিবলৈ ঈশ্বৰৰ শক্তিৰ আহ্বানৰ ওপৰত গুৰুত্ব আৰূপ কৰিছে৷এই অধ্যায়টোৰ সাৰমৰ্ম এয়েই যে ভগৱানৰ সহায় আৰু আমাৰ নিজৰ সাহস, চৰিত্ৰবল,পুৰুষাৰ্থ আৰু আশাবাদী চিন্তাৰে আমি আমাৰ জীৱনটো নিজ ইচ্ছামতে গঢ়ি লব পাৰোঁ৷

উপসংহাৰত লেখক নৰমান ভিনচেন্ট পীলেই নৱ-প্ৰজন্মলৈ লগতে কিতাপখনৰ প্ৰতিজন পাঠকলৈ বাৰ্তা আগবঢ়াইছে এনেদৰে – “জীৱন-যুঁজত তোমালৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে একান্ত ইচ্ছাৰে মই এই কিতাপখন লিখিলো৷কিতাপখন তোমালোকৰ কামত আহিছে বুলি জানিব পাৰিলে মই নথৈ সুখী হম৷ইয়াত আগবঢ়োৱা উপদেশ আৰু পৰামৰ্শসমূহৰ কাৰ্যকাৰিতাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে৷আধ্যাত্মিক অভিজ্ঞতাৰ গৱেষণাগাৰত সেইবোৰ পৰীক্ষা কৰি চোৱা হৈছে৷কামত খটুৱাবলৈ বিচাৰিলে সেইবোৰ কামত আহে৷ আমি হয়তো মুখামুখিকৈ কেতিয়াও লগালগি নহ,কিন্তু এই কিতাপখনৰ যোগেদিয়েই আমাৰ মাজত সংযোগ ঘটিছে৷আমি আধ্যাত্মিক মিত্ৰতাৰ পাশত বান্ধ খাইছোঁ৷মই তোমাৰ বাবে- তোমালোকৰ আটাইৰে বাবে প্ৰাৰ্থনা কৰিছো৷ভগৱানে তোমালোকৰ মংগল কৰক৷তেওঁত বিশ্বাস ৰাখি জীৱনৰ পথত দৃঢ়ভাৱে আগবাঢ়া৷

এই কিতাপখনি ড০ প্ৰফুল্ল কটকী ছাৰে ইমান সুন্দৰকৈ অনুবাদ কৰিছে যে পঢ়ি গলে মৌলিক অসমীয়া কিতাপ এখন পঢ়া যেনেই লাগে৷কিতাপখনৰ মূল উপজীৱ্যক অনুবাদকে অনুবাদৰ যোগেদি ধৰি বাখিবলৈ সক্ষম হৈছে৷ অনুবাদত চহা অসমীয়া ভাষাৰ প্ৰয়োগ, ভাষা আৰু শব্দৰ ব্যৱহাৰত সচেতনতা, জতুৱা ঠাঁচৰ প্ৰয়োগ, নামঘোষা আৰু শ্ৰীমদ্ভাগৱদগীতাৰ উক্তি আৰু ব্যাকৰণগত বৈশিষ্ট্য মন কৰিবলগীয়া৷

কিতাপখনৰ পৃষ্ঠাই পৃষ্ঠাই অনুপ্ৰেৰণাৰ মণি-মুকুতা ভৰি আছে ৷ আমি মাথো তাক আজলী ভৰাই লব জানিব লাগে আৰু জীৱন সংগ্ৰামত প্ৰয়োগ কৰি বিজয় ধ্বজা উৰুৱাব লাগে৷মই এই কিতাপখন মোৰ জীৱনৰ হাতপুথি হিচাপে সদায় ৰাখি আহিছোঁ৷হতাশাৰ মুহূৰ্তত এই কিতাপখনে মোৰ ওপৰত সঞ্জিৱনী সুধাৰ দৰে কাম কৰে৷এনে এখন মূল্যৱান কিতাপ অসমীয়ালৈ সাৱলীল ভাষাৰে অনুবাদ কৰি অসমৰ ৰাইজক উপহাৰ দিয়াৰ বাবে ড০ প্ৰফুল্ল কটকী দেৱৰ ওচৰত অসম বাসী চিৰঋণী৷
তেখেতলৈ এই লেখাটিৰ যোগেদি বিনম্ৰতাৰে মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷


Sunday, 10 March 2019

“বমি”

“বমি”
হোমৰ গুৰিত দৰা-কইনা বহি আছে৷দুয়োৰে হাতত দুটা এন্ড্ৰইড মবাইল ফোন৷দুয়োৰে চকু নিবদ্ধ মবাইল ফোনত৷পূজাৰীয়ে মন্ত্ৰোচাৰণ কৰি আছে যদিও পূজাৰীজনৰ হাততো এন্ড্ৰইড মবাইল ফোন আৰু ফোনৰ ওপৰত চকু দিয়েই তেওঁ মন্ত্ৰোচাৰণ কৰি আছে৷দৰা-কইনাক আগুৰি বহি আছে পৰিয়ালৰ ইষ্ট-কুটুম্ব সকল ৷তেওঁলোকৰ হাতে হাতেও স্মাৰ্ট ফোন আৰু চকু নিবদ্ধ ফোনৰ ওপৰত৷মাজতে পূজাৰীয়ে কৈ উঠিল—“কইনাৰ দেউতাকে অৰিহণা দিব লাগে”৷ফোনৰ ওপৰত চকু নিবদ্ধ থকা দেউতাকেও পেটিএমৰ যোগেদি টিপিককৈ অৰিহণা পঠায়েই দিলে পূজাৰীৰ একাউন্টলৈ৷পূজাৰীয়ে কৈ উঠিল – “এতিয়া দৰা-কইনাই হোমৰ চাৰিওফালে ঘূৰিব লাগে”৷কইনাই দৰাৰ লগত টিপিককৈ প্ৰথমে চেল্ফি এখন উঠি ল’লে তাৰপিছত হোমৰ গুৰিৰ চাৰিওফালে ঘূৰিবলৈ লাগিল৷ঘূৰি থাকোতেও দৰা-কইনা দুয়ো ফোন চাই চাই ঘূৰি থাকিল৷মালা পিন্ধাব লওঁতেও দুয়ো এখন হাতেৰে ফোন চাই চাই আনখন হাতেৰে মালা পিন্ধাওঁতে দুয়ো ইজনে সিজনক নিপিন্ধাই বেলেগকহে মালা পিন্ধালে৷---হোৱাটচএপত ভাইৰেল হোৱা ভিডিঅটো চাই উঠি ত্ৰিশ শতাংশ চাৰ্জ থকা মবাইলটো চাৰ্জাৰত লগাই নমিতা মুখ-হাত ধুবলৈ গ’ল৷বাথৰূমৰ পৰা ওলাই গামোচাখনেৰে মুখখন মচি মচি পুনৰ হোৱাটচএপত কিবা মেচেজ আহিছে নেকি চালে তাই৷তাৰপিছত ধূণা লগাই গোসাঁইঘৰত চাকি জ্বলালে৷কোঠাই কোঠাই ধূপ এডাল এডাল গুজি পুনৰ চাৰ্জত থকা ফোনটো কিমান শতাংশ চাৰ্জ হৈছে চালে৷কলিং বেলটো বাজি উঠিল৷ তাই দুৱাৰ খুলি দিলে৷মবাইল পিটিকি পিটিকি সীমান্ত সোমাই আহিল৷নমিতাৰ হাতত অফিচ বেগটো দি ফোনটো চাৰ্জাৰত লগাই সীমান্ত বাথৰূমত সোমাল৷সীমান্ত বাথৰূমৰ পৰা ওলোৱা লৈকে নমিতাই ফেচবুকখন অলপ চাই লওঁ বুলি ভাবিলে৷ চাৰ্জত দি থোৱা ফোনটোৰ স্ক্ৰীনলক খুলি ফেচবুক খুলিলে আৰু বিভিন্নজনৰ আপডেটবোৰ চাই গ’ল৷ভাল লগা আপডেটবোৰত লাইক দিলে তাই৷ সীমান্ত বাথৰূমৰ পৰা ওলালত নমিতাই ফোনটো থৈ চাহ বনাবলৈ গ’ল আৰু দুকাপ চাহ কৰি টেবুলত থৈ সীমান্তক মাতিলে৷দুই এটা কথাৰ বিনিময় কৰি দুয়ো চাহ খাই খাই ফোন চালে ৷ৰাতিলৈ ভাত-পানী খাই উঠি দুয়ো বিচনাত পৰিল আৰু নিজৰ নিজৰ ফোনত নিজৰ পচন্দৰ বস্তুবোৰ চাই চাই টোপনি গ’ল৷
পুৱা প্ৰথমে সীমান্ত উঠিল৷হাতত ব্ৰাচডাল লৈ কলগেট লগালে আৰু ফোনটো হাতত লৈ চোফাখনত বহি পৰিল৷ব্ৰাচডাল মুখত ভৰাই তেওঁ হোৱাটচএপ চোৱা আৰম্ভ কৰিলে৷কৌতুকধৰ্মী বাৰ্তাবোৰ পঢ়ি মুখত হাঁহি বিৰিঙিল সীমান্তৰ আৰু কলগেটৰ পানীখিনি মুখৰ পৰা ওলাই থুতৰিলৈ বৈ আহিল৷অলপদেৰিৰ পিছত নমিতাও উঠি আহিল হাতত ফোন লৈ৷পিছে তাই ফোনটো থৈ প্ৰথমে ব্ৰাচ কৰি ল’লে তাৰপিছত কুহুমীয়া পানী এগিলাছ খালে আৰু ফোনটো লৈ আৰামত বহি ল’লে৷ইউটিউব খুলি পাঁচ মিনিটৰ মেডিটেচন কৰিলে তাৰপিছত হোৱাটচএপ-ফেচবুক চাই দিনটোৰ আৰম্ভণি কৰিলে৷
এদিন নমিতাৰ ঘৰলৈ দুদিনমান থাকিবৰ বাবে নমিতাৰ বান্ধৱী অপৰ্ণা আহিল৷অপৰ্ণাৰ আকৌ এটা স্বভাৱ আছে যে কোনোবাই একেটা কাম ঘনাই কৰি থকা দেখিলে তাইৰ বমি আহি যায়৷ নমিতা আৰু সীমান্তৰ মবাইল ফোন চোৱা ধূণ দেখি অপৰ্ণাৰ বমি আহোঁ আহোঁ অৱস্থা হ’ল৷সিহঁত দুটাই যিমানে মবাইল ফোন চাই সিমানে তাই অ’ক অ’ক কৰি বেচিন পাইগৈ কিন্তু বমি ওলাই নাহে৷নমিতাই কথাটো মন কৰি অপৰ্ণাক সুধিয়েই পেলালে – “কি অ,তোৰ বমি আহিব লৈছে যে?পেটটো বেয়া কৰিছে নেকি?” নমিতাৰ কথা শুনি অপৰ্ণাই মিছাকৈ ক’লে – “ওঁ,পেটটো কিবা ভাল লগা নাইচোন৷”অপৰ্ণাৰ পেট ভাল কৰিবলৈ সীমান্তই ফাৰ্মাচীৰ পৰা পেটৰ ঔষধ লৈ আহিল৷নমিতাই অপৰ্ণাক পানী এগিলাছ দি ক’লে –“টেবলেট এটা খাই দে৷”
নমিতাৰ ঘৰলৈ অপৰ্ণা অহা খবৰ পাই সিহঁতৰ বান্ধৱী হীমানী আহিল অপৰ্ণাক লগ কৰিবলৈ৷হীমানীৰ লগত আঠ বছৰীয়া পুত্ৰ৷সি মাকৰ ফোনটো লৈ গে’ম খেলাত ব্যস্ত৷ অপৰ্ণাই তাক মৰমেৰে সুধিলে –“বাবা,তোমাৰ নামটো কি?” সি ফোনলৈ চকু দিয়েই উত্তৰ দিলে –“মোৰ নাম বাবা নহয়” ৷তাৰ কথা শুনি তিনিজনীয়ে গিৰ্জনী মাৰি হাঁহি উঠিল৷অপৰ্ণাই পুনৰ ক’লে – “ঠিক আছে বাৰু,তোমাৰ নাম বাবা নহয়৷এতিয়া কোৱা তোমাৰ নামটো কি?” সি তপৰাই গে’ম খেলি খেলিয়েই উত্তৰ দিলে –“সাগৰ সংগম প্ৰিয়ম বৰঠাকুৰ৷” ইফালে ল’ৰাটোৰ ফোনত গে’ম খেলাৰ ধূণ দেখি বমিৰ বেগ অহা বাবে অপৰ্ণা পুনৰ বেচিন পালেগৈ৷অপৰ্ণা আৰু হীমানীয়ে কি হ’ল কি হ’ল বুলি অপৰ্ণাৰ কাষ পালেহি৷অপৰ্ণাই ফোঁপাই ফোঁপাই কৈ উঠিল – “মোৰ গা টো ভাল নহয় অ’৷অলপ শুওঁ দেই,তহঁতে কথা পাত৷”হীমানীহঁতক কথা পাতিবলৈ দি অপৰ্ণা শুই পৰিল৷ ভাবিলে –“কাইলৈকে ঘৰলৈ যামগৈ৷এসপ্তাহ থাকিম বুলি ভাবিছিলো যদিও নোৱাৰো এইখন ঘৰত থাকিবলৈ৷”
গধূলী সীমান্ত অফিচৰ পৰা অহাৰ পিছত চাহপৰ্বত সীমান্ত-নমিতাই ফোন চাই চাই চাহত চুমুক দিলে আৰু অপৰ্ণাই সিহঁতলৈ চাই চাই চাহত চুমুক দিলে৷কিন্তু হঠাতে অপৰ্ণাৰ বমিৰ বেগ ইমান জোৰকৈ আহিল যে অপৰ্ণাৰ হাতত থকা কাপটোৱে জোৰকৈ নাচন এটা দি কাপৰ চাহখিনি মজিয়াত পেলাই দিলে৷সীমান্ত-নমিতাই হঠাতে কি হৈ গ’ল ধৰিবই নোৱাৰিলে৷অপৰ্ণাক বেচিনলৈ যোৱা দেখিহে গ’ম পালে অপৰ্ণাৰ পেটৰ অসুখটো ভাল হোৱা নাই বুলি৷অপৰ্ণাই সেহাই সেহাই সীমান্ত-নমিতাক ক’লে—“মই কাইলৈ পুৱাই ঘৰলৈ যামগৈ৷তাতে ডাক্তৰক দেখুৱাই ল’ম৷”

Monday, 4 March 2019

গ্ৰন্থ পৰ্যালোচনা:প্ৰদীপ বৰা

ঃঃ ৰূপোৱালী মেঘৰ ছায়াঃঃ
গ্ৰন্থ পৰ্যালোচনা ঃশিৱসাগৰৰ প্ৰজ্ঞা প্ৰকাশৰ দ্বাৰা ২০১৮ চনৰ নবেম্বৰ মাহত প্ৰথম প্ৰকাশ পোৱা ১৩২ কে ভি শিৱসাগৰ বিদ্যুত উপ কেন্দ্ৰৰ উপ প্ৰবন্ধক হিচাপে কৰ্মৰত আৰু শিৱসাগৰ অ’ এন জি চি কল’নিৰ আবাসিক এলেকাৰ বাসিন্দা মৌচুমী বৰিৰ দ্বাৰা ৰচিত ৰূপোৱালী মেঘৰ ছায়া এখন অনন্য উপন্যাস ৷ আধুনিক যুগত অভিযান্ত্ৰিক মহাবিদ্যালয় , বিশ্ববিদ্যালয় , চিকিৎসা মহাবিদ্যালয় , কৃষি বিশ্ববিদ্যালয় আদিৰ হোষ্টেলত থাকি ভৰ যৌৱনপ্ৰাপ্ত যুৱক যুৱতীৰ বিভিন্ন ধৰণৰ মুখৰোচক কাহিনীৰি নিটোল চৰিত্ৰ অঙ্কিত হৈছে এই উপন্যাস খনৰ মাজেদি ৷ ৰেগিঙৰ নামত বহুতো আমোদজনক কাহিনীৰ অৱতাৰণা হৈছে উপন্যাস খনত য’ত পয়োভৰ হৈছে ৰোমাঞ্চকৰ হাস্য ৰস , যি খিনি অধ্যয়নে পঢ়ুৱৈ সকলক অন্য এখন মানসিক আনন্দৰে পৰিপূৰ্ণ জগতত প্ৰৱেশ ঘটাই ৷সেই সময়ত হয়তো পাঠক সকলে তৃষ্ণা ক্ষুধা ক্লান্তি দুখ বেদনা সকলো পাহৰি যায় ৷
উপন্যাসিকাই দুটা যুগ্ম জীৱনৰ প্ৰেম কাহিনী নিভাঁজ ভাৱে আৰু সমান্তৰালভাৱে আগবঢ়াই নিছে ৷এটা কাহিনী চিকিম মনিপাল ইন্সিটিটিউতৰ ইলেকট্ৰিকেল বিভাগৰ সহকাৰী অধ্যাপিকা অৰুন্ধতী আৰু শিৱসাগৰৰ অনুৰাগ নামৰ বিদ্যুত বিভাগৰ যুৱ বিষয়া অনুৰাগৰ লগত কাল্পনিক ভাৱে অঙ্কন কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে ভাৱে আগবাঢ়িছে শিলিগুড়ি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহ অধ্যাপিকা প্ৰাপ্তিৰ লগত তেওঁৰ কলেজৰ সহপাঠী নিবিড়ৰ লগত ৷ প্ৰাপ্তিয়ে বিদ্যায়তনিক দিশত যেনেকৈ তীব্ৰ গতিত ত্বৰণ ঘটাইছিল কিন্তু প্ৰেমৰ ক্ষেত্ৰত অতি মন্থৰ গতিত আগবাঢ়িছিল ৷ হোমিওপেথি ঔষধৰ দৰে সেই প্ৰেম বহুত দিনৰ মুৰত গজগজীয়া হৈছিল ৷লেইক দুৰ্ঘটনাত নিবিড়ৰ জীৱন নাটকৰ পৰিসমাপ্তি ঘটিছিল ৷ প্ৰাপ্তি মৰ্মাহত হৈছিল ৷ তেওঁ যুগ্ম জীৱনৰ প্ৰতি বিৰাগ জন্মিছিল ৷ কিন্তু মাকৰ হেচাত মেট্ৰিমনিত নাম ৰেজিষ্টাৰ কৰিছিল ৷ শেষত পত্নীহীনা উজ্জ্বল বৰুৱাৰ সহধৰ্মিনী হৈছিল ৷ উজ্জ্বলৰ স্বৰ্গগামী পত্নী মেঘালীৰ একমাত্ৰ কন্যা শিল্পীক মাতৃত্বৰ পৰশ দিয়াৰ মানবীয় প্ৰমূল্যবোধৰ দৃষ্টিকোণেৰে ৷
উপন্যাস খনৰ অন্তৰ ভাগত আপুনি পাব কিছুমান নতুন বিষয়ৰ সন্ধান ৷তাৰ ভিতৰত ৰাজযোগ মেডিটেচনৰ শৰীৰ আৰু আত্মা সম্পৰ্কীয় জ্ঞান ৷জীৱনদৰ্শন আধ্যাত্মিক সংগ্ৰহালয় প্ৰজাপতি ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ তথ্য ৷ ইয়াত পাব টাইগাৰ হিল মিৰিক হ্ৰদ ৰক গাৰ্ডেন গঙ্গামায়াপাৰ্ক আদি পৰ্যটন কেন্দ্ৰ সমূহৰ অপৰূপ বৰ্ণনা ৷
গ্ৰন্থ খনত পাব নামঘোষাৰ ভক্তি ধাৰা আধুনিক ৰোমাণ্টিক কবিতা , সুন্দৰ হিত হিন্দী গীত ইত্যাদি ৷বিশেষকৈ প্ৰেমিক প্ৰেমিকাৰ সংবিধান ৰেগিঙৰ হাস্যকৰ কাহিনী ৷উদাহৰণ স্বৰূপে যুৱতী সকল প্ৰথম এনগেজ হ’লে বাল্টিয়ে বাল্টিয়ে পানীঢলা নিয়ম ৷
।মুঠতে উপন্যাস খন প্ৰতি দুমাহৰ মুৰে মুৰে পঢ়ি থাকিলেও আপোনাৰ আমনি নালাগে ৷১০৩ পৃষ্ঠাৰ উপন্যাস খনত আপুনি বহুত বস্তু বিচাৰি পাব যেনেকৈ এজোপা ভীম কলৰ ঠোকৰ ঠাৰিটোৰ বাদে কোনো অংশই পেলনীয়া নহয় ৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
পৰেশ কায়ে গোহালিত গৰু বান্ধিবলৈ বৰ দিগদাৰ পায়৷ সেয়ে এটা বুদ্ধি পাঙিলে৷ পিছদিনা
পৰেশ কাইয়ে পকা কঠাল এটা গাইজনীক দেখুৱাই গোহালিৰ খুটাটোৰ ওচৰত ৰৈ থাকিল৷ গাইজনীয়ে দেখিয়েই পৰেশকাইৰ ওচৰ পালেহি৷ সেইটো চেগতে পৰেশকাইয়ে গাইজনীক ততাতয়াকৈ বান্ধি পকা কঠালটো খাবলৈ নিদি আঁতৰাই লৈ গ'ল৷ পিছদিনা পুনৰ গধূলি পৰত পকাকঠালটো গাইজনীক দেখুৱাই পৰেশ কাই খুটাটোৰ ওচৰত ৰৈ থাকিল৷ গাইজনী আহিল আৰু পৰেশকায়ে ততাতয়াকৈ গাইজনী বান্ধি কঠালটো আঁতৰাই লৈ গ'ল৷ তৃতীয়দিনা পুনৰ পৰেশকায়ে কঠালটো হাতত লৈ গাইজনীক দেখুৱাই খুটাটোৰ ওচৰত ৰৈ থাকিল৷ পিছে সেইদিনা গাইজনীও পৰেশকাইলৈ চাই দূৰণিত ৰৈ থাকিল৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
বীৰুৱে PWD অফিচৰ গেষ্ট হাউচ বিচাৰি দোকান এখনত সোমাল৷দোকানীজনক সুধিলে -- pwd ৰ গেষ্টহাউচ কোনখিনিত?
দোকানীজনে ক'লে-- অ' ইয়াত গেছ চিলিণ্ডাৰ নাপাই নহয়!!