Wednesday 28 June 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
ভাইটি হিমুৱে এদিন কাগজ এখন জেৰক্স কৰিবলৈ গ'ল৷তেনেতে এগৰাকী চাদৰ-মেখেলা পিন্ধা মহিলা কোবাকোবিকৈ দোকানলৈ আহি বেগৰ পৰা ভোটাৰ কাৰ্ড অাৰু ফটো এখন উলিয়াই দোকানীজনক ক'লে-- "এইখন ফটোটেট কৰি দিয়ক আৰু ফটোখন পাঁচফুট বনাই দিয়ক৷"

গল্ফীৰ ডায়েৰি পঢ়ি -- সাৰদা শ্ৰেষ্ঠ

কালি ডাকোৱালে মোৰ হাতত তুলি দিলে মৌৱে দি পঠিওৱা স্বৰচিত ৰসপূৰ্ণ "গল্ফীৰ ডায়েৰি" প্ৰথম খণ্ড । মৌৰ গল্ফীৰ ডায়েৰি আখৰুৱা, অসমীয়া কথা-বতৰা গোটত মাজে সময়ে পঢ়াৰ সুযোগ পাইছিলো । গোটেই কিতাপখন হাতত পৰাত মই আনন্দত আত্মহাৰা হৈ পৰিলো । মোলৈ মৌৰ এই মৰমৰ উপহাৰ মোৰ বাবে অমূল্য ।
কিতাপখন হাতত লৈ আলফুলে চুই চাই প্ৰথমে উপলব্ধি কৰিলো চকুৰে নেদেখা অথচ মনৰ চকুৰে প্ৰায়েই লগ পোৱা ভনীজনীৰ আকণ্ঠ ভালপোৱা । আটকধুনীয়া বেটুপাতেৰে কিতাপখন চকুত লগা হৈছে । এজনী মৰমলগা সৰু ছোৱালীয়ে এখন বহীত (ডায়েৰি) একান্তমনে লিখি হৈছে । মুখত মিচিকি হাঁহি । তাইৰ ভাবনাত হাস্যময় সোণোৱালী বেলি । কাষত নানাৰঙী কেইখনমান কিতাপ । জ্ঞান অন্বেষণ অভিলাসী ছোৱালীজনীয়ে যেন লিখি গৈছে নিজৰ জীৱনৰ তথা তাই আশে পাশে লগ পোৱা মানুহ কিছুমানৰ জীৱনৰ ৰসাল মুহূৰ্তৰ কথা । এই মৰম লগা ছোৱালীজনীয়েই যে গল্ফী তাক মৌৱে পাতনিত ইংগিত এটা দিছে । মই ভাবো গল্ফী মৌৰেই প্ৰতিবিম্ব ।
ৰৈ থকাৰ ধৈৰ্য মোৰ নাছিল । যিমান পাৰো সোনকালে কিতাপখন পঢ়িবলৈ নাপালে যেন ইয়াৰ মিঠা সুবাস বতাহত মিলি যাব । ঘৰুৱা কামৰ মাজে মাজে যিকণ সুৰুঙা পাওঁ, তাতেই কিতাপখন লৈ আৰম্ভ কৰি দিওঁ পঢ়িবলৈ । নানা ৰঙৰ সমাবেশেৰে বেটুপাত যিমান আকৰ্ষণীয় হৈছে ভিতৰখনো সমানেই ৰসঘন হৈছে । প্ৰতিটো লেখাতেই একোটিকৈ সুন্দৰ কাৰ্টুন সংলগ্ন কৰা হৈছে । কাৰ্টুনিষ্ট অৰ্নৱৰত্ন পাৱে আৰু বাৰ্বী বৰুৱাৰ কাৰ্টুনে প্ৰতিটো লেখাকেই জিলিকাই তুলিছে ।
আমাৰ জীৱনত ঘটা সৰু সৰু ৰসাল ঘটনাবোৰ একেবাৰে কম শব্দৰে ৰসাল তথা মনোগ্ৰাহীকৈ ফুটাই তুলিব পৰাটো লেখিকাৰ এক অনন্য কৃতিত্ব । আমাৰ জীৱনত এনে বহু ৰসাল ঘটনা ঘটে, কিন্তু সেইবোৰ আমাৰ মাজতেই সীমাবদ্ধ থাকে । লেখিকাই সেই হাস্যপূৰ্ণ ঘটনাবোৰক সূক্ষ্মাতিসূক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰি তাক পাঠক সমাজলৈ উলিয়াই দিয়াৰ যি প্ৰচেষ্টা হাতত লৈছে সেয়া সঁচাই প্ৰশংসনীয় ।
মৌলৈ অন্তৰভৰা মৰম আৰু বহুতো শুভকামনা জনালো । ডায়েৰিৰ আন খণ্ড বোৰ সোনকালেই পঢ়িবলৈ পোৱাৰ আশাৰে মৰমৰ গল্ফীলৈ মৰমভৰা শুভকামনা থাকিল ।

                                               -- সাৰদা শ্ৰেষ্ঠ