Thursday 29 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেউক বীৰুৱে ক’লে—“আমাৰ পেহীৰ ছোৱালী জনীৰ বিয়া,বৃন্দাৱনত”
মাজনী বাইদেৱে কথাটো শুনি আচৰিত হৈ বীৰুক সুধিলে --
কি !! বৃন্দাৱনৰ ল’ৰা?হেৰৌ বৃন্দাৱনৰ ল’ৰা কেনেকৈ পালে?
বীৰুৱে মূৰে-কপালে হাত দি – “নহয় অ’..বৃন্দাৱন বিবাহ ভৱনত বিয়াখন পাতিছে!!”

Wednesday 28 December 2016

জান আখ্যান

জান আখ্যান:
জান:-অ’ মা… বৰী ই কা মাত্ৰা মানে তুমি মাত্ৰা নেকি?
মাক: অ’ মা!! খা বাপেকে কলটো এতিয়া!(মুখৰ ভিতৰত)

গল্ফীৰ ডায়েৰিৰ পাঠকৰ মন্তব্য

"আখৰুৱা"ৰ বৈদ্যুতিন পাতত মৌচুমী বাৰ কাপেৰে অণুগল্পৰ শৈলীত ডায়েৰীধৰ্মী লেখাৰ ন- ধাৰা পাইছো । এনে ন- ন কৰ্ষণেৰে বৰ্ষামুখৰ হওঁক সাহিত্যৰ পথাৰ। ধন্যবাদ।
                             জনজীত গোস্বামী
মৌচুমী বাৰ গল্ফিৰ ডায়েৰীৰ অনন্য আমেজ আছে৷ ব্যতিক্ৰমী লিখনি৷ বিশেষকৈ শিশু সাহিত্যত গল্ফিৰ ডায়েৰীয়ে এক ভাল স্থান গ্ৰহণ কৰিবৰ গুণ আছে৷
              ----     হীৰক জ্যোতি বৈশ্য

Thursday 22 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
বুধেশ্বৰে সভাত ভাষন দিলে চকু দুটা মুদি লয়৷চকু মুদিলে তেওঁৰ আৰু ভয়, নাৰ্ভাছ – এইবোৰ একো নাথাকে৷এদিন এখন সভাত তেওঁ চকু মুদি ভাষন দিবলৈ আৰম্ভ কৰিলে৷ভাষন দি বুধেশ্বৰৰ ইমানেই ভাল লাগিল যে কয়েই থাকিল কয়েই থাকিল৷মানুহবোৰ সভাৰ পৰা ভগা-ভগি হ’ল কিন্তু বুধেশ্বৰৰ ভাষন শেষ নহ’ল৷শেষত ৰ’লগৈ চকীদাৰজন৷চকীদাৰজনে বুধেশ্বৰৰ ভাষন শুনি থাকিল৷কিন্তু ভাষন সামৰনি পৰাৰ কোনো ইংগিত নাপাই চকীদাৰজনে তেওঁৰ হাতত থকা চাবিকোছা বুধেশ্বৰৰ কাণৰ কাষলৈ নি জোৰকৈ কেইবাবাৰো জোকাৰি দিলে৷ চাবিৰ জনজন শব্দ শুনি বুধেশ্বৰৰ চকু দুটা মেল খালে আৰু দেখিলে সভাথলী শূণ্য৷চকীদাৰজনকে নমস্কাৰ জনাই ভাষনৰ সামৰনি মাৰি বুধেশ্বৰ ঘৰমুৱা হ’ল৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
ভদায়ে এদিন বিহাৰী সম্প্ৰদায়ৰ ৰিক্সাৱালা এজনৰ ৰিক্সাত উঠি ঘৰলৈ গ’ল৷ঘৰ পাই নামিবৰ হ’লত সি ভাবিলে যে ৰিক্সাৱালাৰ লগত হিন্দীত কথা পতাই ভাল হ’ব৷সেয়ে সি হিন্দীতে ক’লে –“হাম গিৰেগা”
ৰিক্সাৱালাটোৱে তাৰ কথা শুনি ক’লে—“মত গিৰ’,ঠিকছে পকৰ’”
সি আকৌ ক’লে—“হাম গিৰেগা”
ৰিক্সাৱালা--“মত গিৰ’,ঠিকছে পকৰ’”
এইবুলি কৈ কৈ সিহঁত দুটা ভদাইৰ ঘৰ পাৰ হৈ গ’ল৷ভদায়ে দেখিলে যে ৰিক্সাৱালাই তাৰ কথা নুশুনে৷সি উপাই নাপাই ৰিক্সাৰ পৰা জপিয়াই দিলে৷ভদাই ৰিক্সাৰ পৰা পৰি গ’লত ৰিক্সা ৰখিল৷ভদাইক দেখি ওচৰৰ মানুহ গোট খালে৷কথাৰ ওৰ তেতিয়াহে ওলাল৷অসমীয়া বুজি পোৱা বিহাৰী ৰিক্সাৱালাজনে হাঁহি হাঁহি ভদাইক পুনৰ ৰিক্সাত উঠাই নিজৰ ঘৰলৈ লৈ গ’ল৷
(মৌ ব)

Wednesday 21 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি: -
জয়ৰাম ককাইদেউৰ ঘৰলৈ কেৰেলাৰ পৰা আলহী আহিব ৷ পিছে কিবা এটা জৰুৰী কামত তেওঁ ঘৰৰ পৰা ক্ষন্তেক ওলাই যাব লগা হোৱাত ঘৰত থকা কাম কৰা ল'ৰাটোক ক'লে --"আজি কেৰেলাৰ পৰা আলহী আহিব৷ আলহী আহিলে বহিবলৈ দিবি আৰু সেৱা শুশ্ৰুষা কৰিবি " -- এইবুলি কৈ ককাইদেউ ওলাই গ'ল৷
অলপ দেৰিৰ পিছতে ককাইদেউৰ ঘৰত কেৰেলা বেচা বেপাৰী এটা ওলালহি৷ কাম কৰা ল'ৰাটোৱে ভাবিলে -- "এইজনেই আলহীজন!!" সি বেপাৰীজনক আথেবেথে ভিতৰলৈ মাতিলে ৷ বেপাৰীজনে পিছে তাৰ কথালৈ কাণ নিদি যাবলৈ ওলাল৷ ল'ৰাটোৱেও নাচোৰবান্দা হৈ আগচি ধৰি ক'লে -- "আপোনাক যাব নিদিওঁ৷ দেউতাই আপোনাক সেৱা শুশ্ৰুষা কৰিব কৈছে৷ বলক ভিতৰলৈ ৷"

Saturday 17 December 2016

জান আখ্যান

জান আখ্যান:
জানৰ মনত খুন্দিওৱা প্ৰশ্ন--
মা, “খা বাপ্পেকে” বুলিহে কয় যে!
আৰু “উহ মা!!” বুলিহে কয় যে?

জান আখ্যান

জান আখ্যান:
মা, মাহীমাক থকা সাধুবোৰ যে নুশুনাবা আৰু একেবাৰে বিৰক্ত হৈ গৈছোঁ!মাহীমাক বোৰ চব সাধুতে কিয় বেয়া থাকে??

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
কলেজৰ ডেস্কটপ কম্পিউটাৰটোৰ পৰা পেন ড্ৰাইভটো উলিয়াবলৈ যত্ন কৰিছোঁ, safely removed hardware বুলি নেদেখাইহে নেদেখায় ৷ তেনেতে জামান চাৰ আহিল ৷ চাৰক ক'লো ---
: চাৰ, পেন ড্ৰাইভটো খোল নাখায়
: কি খোল নাখায়? -- এইবুলি কৈ চাৰে পেন ড্ৰাইভটো ধৰি একটান মাৰি খুলি পেলালে আৰু ক'লে --
: এইয়া খোল খালে দেখোন !!!
মোৰ হাতখন আপোনা-আপুনি মূৰৰ ওপৰলৈ উঠি আহিল৷

Wednesday 14 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
সিদিনা ফটা লেতেৰা ১০ টকীয়া ৫ টা ৫০০ টকাৰ খুচুৰাৰ মাজৰ পৰা ওলাল৷বীৰুৱে ক’লে – “চলিব চলিব ,এতিয়া ফটা-চিতা চব চলিব’”৷
হাৱাই চপ্পল কিনিবলৈ বাটা দোকানত সোমালোঁ৷ চপ্পলযোৰৰ দাম ২০০ টকা৷মই ২০০ টকাৰ খুচুৰাৰ মাজত এটা ফটা ১০ টকীয়া ভৰাই দিলোঁ৷পিছে দোকানৰ চেঙেলীয়া চেলচমেনটোৱে গণি গণি ফটা ১০ টকীয়াটো উদ্ধাৰ কৰি মোক ঘূৰাই দিলে৷মই কপাল থূপাই তাক ক’লো –“দেখা নাই খুচুৰাৰ কিমান আকাল পৰিছে দেশত?১০ টকাটো তুমি ল’ব লাগিব!” সি মুখ ফুলাই কৈ উঠিল –“নলওঁ,যাৰ পৰা আনিছিল তেওঁক দি দিয়ক গৈ,আমাক কিয় দিছে?” মই জোৰ দি ক’লো –“মই ল’ব পাৰো যদি তুমি কিয় ল’ব নোৱাৰিবা?” ল’ৰাটোৱেও সমানে জোৰ দি ক’লে—“আপুনি লৈছে বুলিয়েই যে মই ল’ম ক’ত লিখা আছে?” মই মোৰ খংটো উতলাই চালোঁ – “হুঁ,ফটা ১০ টকা নুলোৱা, ইডিয়ট ননচেন্স,ন’ কমন চেন্স”
“আপুনি হে ন’ কমনচেন্স!!” – ল’ৰাটোৱে সমান খঙেৰে চকু ডাঙৰ কৰি কৈ উঠিল ৷শেষত ৰণত জিকিব নোৱাৰি নতুন ১০ টকাটো দি ফটাটো উভতাই ল’লো৷বেচেৰা তাৰ গাতনো কি দোষ!এনেয়ে এখুন্দা লাগি চালোঁ আৰু!

Tuesday 13 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
বীৰুৱে ডিভান এখন বনাবলৈ অৰ্ডাৰ দিছিল৷
সিদিনা মাকে বীৰুক সুধিলে –“বীৰু, বিমানএখন যে অৰ্ডাৰ দিছিলি কেতিয়া দিব?

Sunday 11 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
ডাক্তৰ হ’বলৈ নাপালেও….

সৰুতে ডাক্তৰ হোৱাৰ সপোন দেখিছিলোঁ৷পিছে ডাক্তৰ হ’ব নোৱাৰিলোঁ৷হ’লে কি হ’ব… J

আজি এখন ক্ৰাফ্ট মেলালৈ গৈছিলোঁ৷লখিমপুৰৰ বিপনী এখনত সোমাই বিপনীৰ মানুহৰ স’তে চিনাকী হ’লো৷মোক সুধিলে – আপুনি মেডিকেলত কৰে নেকি? মই বুলো নহয়৷তেওঁ ক’লে—“অ’ আপোনাক মই ডাক্টৰ বুলিহে ভাবিছিলোঁ, ইমান গহীন কথা-বতৰা আপোনাৰ!!.... হি হি হি হি  জীৱনত ডাক্টৰ নহ’লেও কোনোবাই যে ভাবিলে!!


এবাৰ এখন কিতাপ-আলোচনীৰ দোকানৰ পৰা মই প্ৰায়েই “স্বাস্থ্য” বিষয়ক আলোচনী কিনিছিলোঁ৷এদিন দোকানৰ মানুহ গৰাকীয়ে মোক সুধিলে – “মোৰ অমুক বেমাৰ এটা হৈছে(কি বেমাৰ কৈছিল পাহৰিলোঁ),কিয় হৈছে বাৰু?” মই বুলো নাজানিম৷ তেওঁ ক’লে –“অ’ মই আপোনাক ডাক্টৰ বুলিহে ভাবিছিলোঁ৷আপুনি কেৱল “স্বাস্থ্য” বিষয়ক আলোচনী কিনে যে ! হে হে হে !!

Tuesday 6 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
চচপেনৰ পানীখিনি উতলি আছিল৷ বীৰুৱে উতলি ভকভকাই থকা পানীখিনি দেখি মোক ক'লেহি -- হৌৰা গল্ফী, পানী উতলি বুৰ্বক বুৰ্বক কৰি আছে!!!

Friday 2 December 2016

কবিতা


হিয়া আখ্যান

হিয়া আখ্যান:
মানুহজনে ভৰিত দুখ পালে৷হিয়াই মোৰ ওচৰলৈ দৌৰি আহি ক'লে --
"মা,মা তোমাৰ হাজবেণ্ডে ভৰিত দুখ পালে !!"