Saturday 28 November 2015

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
হোষ্টেলৰ চানিয়া মণিপুৰৰ ছোৱালী৷এদিন তাইৰ ৰূমমেট ববিতাই তাইক পিঠাগুৰি জলপান খোৱালে৷জলপান খাই চানিয়াই ইমানেই তৃপ্তি পালে যে ববিতাক সুধিলে জলপানবিধৰ নাম কি৷ববিতাই তাইক ক'লে -- অসমীয়াত পিঠাগুড়ি বোলে আৰু ইংৰাজীত ৰাইচ পাউডাৰ বুলি কয়৷
এদিন চানিয়াই পিঠাগুড়ি কিনিবৰ বাবে দোকান এখনত সোমাল, দোকানীক সুধিলে
:দোকানী ৰাইচ পাউডাৰ আছে নেকি?
:নাই -- দোকানীৰ উত্তৰ
চানিয়াই সেইদিনা কেইবাখনো দোকান ঘূৰিলে "ৰাইচ পাউডা"ৰ বিচাৰি পিছে ক'তো ৰাইচ পাউডাৰ নাপালে৷
গধূলী হোষ্টেললৈ আহি চানিয়াই ৰাইচ পাউডাৰ নোপোৱাৰ দুখৰ কাহিনী লগৰ ছোৱালী বোৰক ক'লে৷চানিয়াৰ কাহিনী শুনি কেইজনীমানৰ হাঁহি হাঁহি চকুপানী ওলাল.........

Thursday 26 November 2015

“নাম ম্যহ’ ৰেংগে ক্য’”


  • “নাম ম্যহ’ ৰেংগে ক্য’” নাম ম্যহ’ ৰেংগে ক্য’ নাম ম্যহ’ ৰেংগে ক্য’ নাম ম্যহ’ ৰেংগে ক্য’ তোমাৰ মাজত থকা বুদ্ধসত্তা জাগ্ৰত হওক অন্তৰৰ সকলো মলিনতা নাশ কৰি মসৃন জীৱন-যাপনৰ পথত ভৰি দিয়া তুমি৷ নাম ম্যহ’ ৰেংগে ক্য’ হৃদয়-মনত অনুভৱ কৰিছা নেকি সমুদ্ৰৰ দৰে গৰ্জন অস্থিৰতা এবাৰ আওৰাই চোৱা নাম ম্যহ’ ৰেংগে ক্য’ নাম ম্যহ’ ৰেংগে ক্য’ নাম ম্যহ’ ৰেংগে ক্য গভীৰ প্ৰশান্তিৰ আলোকিত পথ এটিয়ে তোমাক হাত বাউল দি মাতিব নাম ম্যহ’ ৰেংগে ক্য’ নাম ম্যহ’ ৰেংগে ক্য’ নাম ম্যহ’ ৰেংগে ক্য’ (নাম ম্যহ’ ৰেংগে ক্য’ --- বৌদ্ধ দৰ্শনত ব্যৱহাৰ হোৱা জাপানী শব্দৰ সমষ্টি যাৰ অৰ্থ হৈছে মই এই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যময়তাক প্ৰণাম কৰোঁ, জন্ম-মৃত্যুৰ চক্ৰ-কৰ্ম আৰু তাৰ ফলাফলত বিশ্বাস কৰোঁ)

গল্ফীৰ ডায়েৰী

গল্ফীৰ ডায়েৰী:-
"শুনক ৰাইজ, শুনক ৷ যি য'তে আছে ত'ৰ পৰাই শুনক, শুই শুনক, বহি শুনক, খাই শুনক, হাঁহি হাঁহি শুনক, য'তে আছে ত'ৰ পৰাই শুনক ......চলিব ধৰিছে ছাৰ্কাচ, জুপিতৰা ছাৰৰৰৰৰৰৰকাছ "
মন্টুৱে ৰিক্সাখনত উঠি মাইকটো মুখত লৈ চিয়ঁৰি গ'ল .... "শুনক ৰাইজ, শুনক ৷ যি য'তে আছে ত'ৰ পৰাই শুনক, শুই শুনক, বহি শুনক ....."

Monday 23 November 2015

“মৌ মিঠা সুগন্ধি”

“মৌ মিঠা সুগন্ধি”

চকুৰ পলক নেপেলোৱাকৈ
ফুলৰ কলিটিয়ে পাহি মেলা চাই ৰ’লো

মৰমবোৰো কিজানি এনেকৈয়ে ফুলে
আলফুলে

হেঁপাহৰ মৰমকণ হেঁপাহ নপলোৱাকৈ বাঢ়ি গৈ থাকে

মৌ মিঠা সুগন্ধি আজি
হৃদয়ৰ তৰপে তৰপে৷


“অভিমান”

অভিমান
হৃদয়ৰ পুতলীজনীক একাষে ৰাখি
ব্যস্ত আছিলোঁ কামত

কামৰ বোজা এনেকৈ বাঢ়িছিল যে
সময় দিবলৈ সময় নাছিল মোৰ হাতত

অভিমানৰ ৰং সানি তাই মোৰ কাষলৈ আহিল
তাইৰ দুচকুত আবদাৰ সনা দুটোপাল অশ্ৰু

কালিৰ পৰা মই তাইৰ অভিমান ভঙাত ব্যস্ত৷


মোৰ জীৱনৰ প্ৰথমখনি কাব্য সংকলন --- "বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে"




“বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে” শীর্ষক মৌচুমী বৰিৰ কবিতাপুথিখন প্রায় প্রকাশৰ লগে লগে আমাৰ হাতত পৰিছিল । কবিতা কেইটা পঢ়ি ভাল লগাত একে বহাতে পুথিখন পঢ়ি শেষ কৰিলো । প্রায় ৫০ৰো অধিক কবিতাৰ এখন ধুনীয়া পুথি । কবিৰ মনগহনত মুকুতাৰ দৰে জিলিকি থকা বহু ভাৱৰ বুৰবুৰণি কবিতাৰ ৰূপত ধৰা দিছে । সেয়ে ইয়াত বিভিন্ন স্বাদৰ কবিতা সন্নিবিষ্ট হৈ আছে । তেখেতে প্রত্যেকটো কবিতাই প্রেম আৰু মমতাৰ অৱগাহন কৰি হৃদয়ানুভুতিৰে শব্দসমুহ উপস্হাপন কৰিছে । কবিতাসমূহত সাৱলীল কোমল ভাষা আৰু ব্যঞ্জনাৰ প্রয়োগত কবিয়ে বিশেষ গুৰুত্ব আৰোপ কৰা যেন অনুভৱ হয় । কবিয়ে জটিল বাস্তৱৰ ধামখুমীয়াত তেওঁ অতীতক ৰোমন্হন কৰি কেতিয়াবা বুকু ভৰাই ৰাখিব খুজিছে, কেতিয়াবা যৌৱনৰ প্রখৰ ৰ’দজাকৰ উত্তাপ স্মৃতিৰ অটল তলিৰ পৰা বুটলি আনিছে ....সপোনটো কেতিয়াবা/ আউঁসীৰ ৰাতিত হেৰাইছিল/ আৰু কেতিয়াবা/ স্নিগ্ধ জোনাকৰ কোমল বতাহত / জিৰণি লৈছিল (তুমি মোক হাত বাউল দি মাতিবা ); সেইদৰে শৈশবৰ মিঠা সুৰৰ ঝংকাৰে কবিৰ মন কেতিয়াবা উতনুৱা কৰি তুলিছে....চতিয়না ফুলবোৰ গোন্ধাইছে/ পূজা আহিছে/ বাঁহৰ খুটাঁত সাচতীয়া পইচা কিমানবা হ’ল...(সোঁৱৰণ) । প্রাত্যহিক জীৱনত আমি সকলোৱে অনুভৱ কৰা এখন জীৱন্ত ছবি ...সোণবৰণীয়া সময়বোৰ/ সাধুকথা হৈ যিমানে পৃষ্ঠা ভৰিছিল/ কোনেও নজনাকৈ / ঘাম আৰু চকুপানীৰে সিমানে তিতিছিল..(টেলিপেথি ভাৱনা, ঘাম, চকুপানী ইত্যাদি) । অন্য এটি কবিতা (সোঁৱৰণ) ....এটা নিসহায় ৰাতি ওপঙি থাকিল/ কৰুণ বতাহজাকত/ সেন্দুৰঙী চিত্ৰখনত বিবর্ণতাৰ প্রলেপ দি/ মানুহজন গ’লগৈ/ এতিয়া/ শূণ্যতাৰ কোঁহে কোঁহে / স্মৃতি-ভৰপক তেওঁৰ সোঁৱৰণ.. ইমান গভীৰ চিত্ৰ ইমান সহজভাৱে বাঙ্ময় হৈ উঠিছে এই সৰু কবিতাটিত । সেইদৰে “জাৰ নামিছে” নামৰ সৰু কবিতাটি এক সুন্দৰ চিত্ৰকল্প সজ্জিত হৈছে । এইয়া নিশ্চয় কবিৰ পাৰদশির্তাৰে ফল । কবিতা সমূহত ব্যঞ্জনা/ উপমা ইত্যাদিৰ বিশেষ প্রয়োভৰ নহলেও, যেনে- বৰফ ফুলা বৰষুণ.., বিনীত ৰাতিৰ আকাশ, থোপাথোপে জোনাক সৰিছে, আপেল ৰঙী বেলিটো, নিৰিবিলি প্রণময়তা ইত্যাদি কিছু মন পৰশা সংযোজন ঘটিছে । তেওঁৰ অন্য কেইটিমান মোহনীয় কবিতা হ’ল –কণমাণিটো যেতিয়া আলফুলে শুই থাকে, গধুলি তোমাৰ সতে, শেষ কান্দোন, মা, নিসংগতা । মৌচুমী বৰিৰ এই কবিতাপুথিখন এখন কোমল অন্তৰ পৰশা কিছুমান কবিতাৰ এক গাঁথা ।
--- কনচেঙ বৰগোহাঁই, নয়ডা


কবিতাপুথিখন পঢ়ি শেষ কৰিলোঁ। কবিতাবোৰে জীৱন-যৌৱনৰ বৈচিত্ৰ,প্ৰকৃতি বন্দনা, প্ৰিয়জনৰ সান্নিধ্যৰ পৰম সুখ, বিচ্ছেদৰ বিষাদ,অন্তৰ্জগতৰ আশা-আকাংক্ষা,হুমনিয়াহ,নিসংগতা-এই সকলোবোৰ দিশেই সামৰি লৈছে।কবিতাৰ নামটোতেই এক আশাৰ বাৰ্তা ফুটি উঠিছে।"বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে"পঢ়ি সুখী হ'লো। এইবাৰ গল্পৰ সংকলন এখন উলিয়াব দেই --- ঈশান জ্যোতি বৰা


বহুত ধন্যবাদ মৌচুমী। সুন্দৰ শব্দৰে মালা গুঠা তোমাৰ কাব্যপুথিখন পঢ়ি ভাল লাগিল। 
“…. এটা চিনাকী সুৰ, অলপ চিনাকী অভিমান…. কিছু চিনাকী মৰম….” – বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে!! 
গ্ৰন্থখনৰ প্ৰথম কবিতাটিৰ এই শাৰীটো মোৰ বৰ ভাল লাগিল। 
তোমালৈ শুভেচ্ছা থাকিল।


        --- ৰূপালী গগৈ বৰুৱা

বা, আপোনাৰ কবিতাবোৰ সঁচাকৈয়ে অনুপম৷মই কবিতাৰ সমালোচক নহয়, সকলোবোৰ কবিতাৰ গুৰুত্বও বুজি নাপাওঁ৷ তথাপিও কবিতা ভাল পাওঁ, কবিতা উপভোগ কৰোঁ৷ আপোনাৰ পৰা আৰু কবিতা পুথি আশা কৰিলোঁ৷লগতে গল্প পুথি৷ হীৰু দাৰ ভাষাৰে কওঁ --"কবিতা পঢ়ি পাহৰিব পাৰি, পাহৰিব পাৰি কিছু দুখ আনকি গ্লানি/কবিতা জীৱনৰ অন্য বিষয় কুশল/শব্দ-সংঘ ভাঙি তিৰবিৰ/বন তুলসীৰ উজাৰি লুকুৱা সুগন্ধি/দীঘল উপত্যকা
        --- অৰ্চনা কলিতা




'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' -মৌচুমী বৰিৰ সদ্য প্ৰকাশিত কাব্য গ্ৰন্থখন ৩০ছেপ্টেম্বৰ ২০১৫ তাৰিখে পালোঁ।
'পাঞ্চজন্য' গুৱাহাটীৰ দ্বাৰা প্ৰকাশিত সুন্দৰ বেটুপাতৰ কাব্য-গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা হ'ল- ৬৪ আৰু মূল্য- ১০০ টকা।
কবিয়ে গ্ৰন্থখনিত কোনো বিশেষ ব্যক্তিৰ দ্বাৰা 'পাতনি'ৰ সংযোজন কৰা নাই। কবিৰ 'কিছু ব্যক্তিগত' শীৰ্ষক লেখাৰে আৰম্ভ হোৱা কিতাপখনৰ প্ৰথমটো কবিতাৰ শিৰোনামেৰেই কাব্য-গ্ৰন্থখনিৰ নামাংকণ কৰা হৈছে।
পাঠকৰ দৃষ্টিৰে 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' গ্ৰন্থখনৰ বিষয়ে অলপ কথা লিখিবলৈ মন আছে।
যিহওক, মৌচুমী বৰিলৈ শুভেচ্ছা থাকিল আৰু কাব্য-গ্ৰন্থখনিৰ সাফল্য কামনা কৰিলোঁ।
                               --- মনোহৰ দত্ত

মৌচুমী বৰিৰ নতুন কবিতা সংকলন .‪#‎বৰষুণ‬ এজাকলৈ বাট চাই থকাৰ দৰে !! হাতত পৰিছেহি একেবহাতে শেষ কৰিলো..ভাল পাইছো পঢ়ি Mousumee তোমাৰ শৱদৰ প্ৰথমজাক বৰষুণত আমিও তিতিবলৈ পাই সুখী !!! শুভকামনা থাকিল...এই যাত্ৰা আমাৰ বাবে অনুপ্ৰেৰণা হব বুলি আশা কৰিছো like emoticon
-- সুভাষ বৰা



এইমাত্ৰ ডাকত আহিল ...
যুৱ কবি মৌচুমী বৰি ( Mousumee Bori ) ৰ
নৱতম কবিতা সংকলন ...
" বৰষুণ এজাকলৈ
বাট চাই থকাৰ দৰে " ...
( এই গ্ৰন্থ খনিৰ শুভ উন্মোচনী
অনুষ্ঠানলৈ আমিও নিমন্ত্ৰিত আছিলো
যদিও বৰদেউতাৰ আকষ্মিক বিয়োগৰ
বাবে ... অনুষ্ঠানটিত বৰতীয়া অৱস্থাৰে
উপস্থিত থাকিব নোৱাৰিলোঁ )
কবি গৰাকীৰ এনে শুভ চিন্তাৰ শলাগলৈ
কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ...
আশা কৰিম আমাৰ পাঠক সমাজে
এই সংকলনটি আদৰি লব , মৰম যাচিব !!!
               --- ৰাজীৱ কমল



  • বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে
    বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে" নবীন কবি মৌচুমী বৰিৰ প্ৰথম কাব্য সংকলন । গুৱাহাটীৰ পাঞ্চজন্য প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাব্যসংকলন খন কবিগৰাকীৰ জীৱনৰ প্ৰথমখন কাব্য সংকলন হিচাপে অতিকৈ উন্নত মানৰ বুলিব পাৰি । এইক্ষেত্ৰত কবিগৰাকীৰ কবিতাৰ প্ৰতি থকা আগ্ৰহ তথা একাগ্ৰতা আৰু অধ্যয়নপিপাসু মনৰ উমান পোৱা যায় । মুঠ তেৱন্নটা কবিতাৰে পৰিপূৰ্ণ কাব্য সংকলনখনৰ প্ৰতিটো কবিতাৰে বিষয়-বস্তু নিৰ্বাচন আৰু ইয়াৰ উপস্থাপনৰ ক্ষেত্ৰত কবিগৰাকী সম্পূৰ্ণৰূপে সফল হৈছে বুলি ক'ব পাৰি । নিসংগতা, নীৰৱে সৰিপৰা তোমাৰ চকুপানীৰ টোপাল, শেষ কান্দোন, সোঁৱৰণ, এটা প্ৰেমৰ পদ্য আদিকে ধৰি কবিতাসমূহৰ বিষয় বস্তু বেলেগ বেলেগ যদিও প্ৰতিটো কবিতাৰে আছে নিজস্ব আবেদন । জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি, সুখ-দুখ, প্ৰেম, নিসংগতা আৰু প্ৰকৃতি ইত্যাদি বিষয় সমূহেই সাধাৰণতে মৌচুমী বৰিৰ কবিতাত প্ৰাধান্য লাভ কৰিছে । এনে বিষয় সমূহকে লৈ উপযুক্ত শব্দৰ উপস্থাপনৰ সৈতে কবিতাসমূহক মননশীল মাত্ৰা প্ৰদান কৰিছে । উদাহৰণস্বৰূপে নিসংগতাত কবিতাটোত নিসংগতাত ভাগৰি পৰা কবিয়ে লিখিছে - অ' নিসংগতা / প্ৰত্যাশাৰ এটি প্ৰভাত হৈ / তুমি যদি আহিলাহেঁতেন / অমল জোনাকত তগৰ ফুলৰ সুবাস হৈ । একেদৰেই 'তুমি যেতিয়া মোৰ আই আছিলা ' শীৰ্ষক কবিতাটোত মাতৃত্বৰ গৌৰৱেৰে কবিয়ে লিখিছে - আই, আজি ময়ো আই হ'লো / তুমি যে হ'লা আইতা / চোৱাছোন চৌৱা / কেনেকৈ উলাহত নাচিছে ধুনীয়া ধাননিডৰা । মুঠতে সহজ- সুন্দৰ ভাষা, ইংগিতধৰ্মিতা অনুভৱ আৰু ভৱনাৰ তীব্ৰতা থকা কম কথাৰ বৈশিষ্ট্য পূৰ্ণ কবিতাসমূহে কবিগৰাকীক প্ৰতিভাৱান কৰি তুলিবলৈ সক্ষম হৈছে । শেষত কওঁ যে মৌচুমী বৰিৰ কাব্যিক চৰ্চা অব্যাহত থকাৰ লগতে এই যাত্ৰা অব্যাহত থাকক আৰু কবিতাৰ জগতখনত নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হওঁক । এইগৰাকী নবীন কবিৰ পৰা আমি আশাবাদী ।
    ------শিৱ প্ৰসাদ হাজৰিকা

  • মৌচুমী বৰি ৷ নামটো হয়তো বহুতৰে চিনাকি এগৰাকী সংবেদনশীল আৰু অনুভৱী কবি হিচাপে ৷ “ বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে ” তেওঁৰ সদ্য-প্ৰকাশিত কবিতা পুথি ৷ কিমান সূক্ষ্ম আৰু সংবেদনশীল তেওঁৰ অনুভৱ -----সন্নিৱিষ্ট প্ৰতিটো কবিতাই তাৰ সাক্ষ্য বহন কৰিছে ৷ বৃত্তিত অভিযন্তা এইগৰাকী কবিয়ে দুখন ভিন্ন জগতত সহাৱস্থান কৰি আমাক এটাই বাণী দিছে ------- যিমানেই নিৰস আৰু সংঘাতপূৰ্ণ নহওক কিয় আজিৰ পৃথিৱী , আমাৰ অনুভূতিৰ কৰ্ষণেৰে উজ্বলাই তুলিব পাৰোঁ জীৱনৰ স্মৃতিসৌধ ৷
    পুৱাৰ পোহৰত তিৰ্‌বিৰাই থকা দুবৰি ডৰাৰ নিয়ঁৰৰ টোপালযেন তেওঁৰ শব্দ-নিৰ্বাচন ৷ প্ৰতিটো কবিতাই কঢ়িয়াই আনিছে তেওঁৰ কবি জীৱনৰ পূৰ্ণ সাফল্যৰ সম্ভাৱনা ৷ মৌচুমীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ৷
  •                                --- সত্যেন্দ্র বৰদলৈ,বিহপুৰীয়া কলেজ,অসমীয়া বিভাগ


Saturday 21 November 2015

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
ধ্ৰুৱসত্য কথা--
ভাইটি নামৰ ল'ৰা কেতিয়াও ঘৰখনৰ ডাঙৰ সন্তান হ'ব নোৱাৰে!!!

Friday 6 November 2015

"হেঁপাহ"


  • "হেঁপাহ"
    সেইদিনা শৰতৰ ধুনীয়া আকাশখনে আমাক আদৰি নিছিল ঘাটলৈ বুলি
    ঘাটৰ পাৰত ৰৈ আছিল ফেৰী
    বৰলুইতৰ সিপাৰে আয়ে মোলৈ বাট চাই আছিল
    উলিয়াই দিয়া জীয়ৰীৰ আইৰ ঘৰলৈ যিমান হেঁপাহ আইৰো মোলৈ সিমানেই
    হেঁপাহ হেঁপাহ আৰু হেঁপাহ
    নীলা আকাশ, নীলা নদী, নীলা মন সকলোতে হেঁপাহৰ নীলা
    উৰি যোৱা শৰালিজাকে ৰ’দ জিলমিল মুকুতাবোৰে হেঁপাহৰ গান গালে
    ইটো পাৰৰপৰা আমি যেতিয়া সিটো পাৰ পালোঁঁগৈ কণমান গাহৰি পোৱালি এটাই দৌৰি আহি ঘাটৰ পাৰত হেঁপাহেৰে মাকৰ গাখীৰ খালে