Wednesday 26 August 2015

“হৃদয়ৰ অকথিত কাহিনী”

পানীত শিলগুটি এটা দলিয়াই দিলে যিদৰে তৰংগৰ সৃষ্টি হয় বিৰাজ দাৰ কথাখিনি শুনি মলয়াৰ মনতো একেধৰণৰ তৰংগৰ সৃষ্টি হ’ল ৷ এৰা, এইখন পৃথিৱীৰ সকলো মানুহৰ জীৱনটোৱেই সুখী-অসুখী কাহিনীৰে ভৰা৷ গতিশীল সময়ে কঢ়িয়াই অনা অভিজ্ঞতাৰে চহকী হৈ গৈ থাকে জীৱন ৷
বহু বছৰৰ আগতে এটা গল্প পঢ়া মনত পৰে মলয়াৰ ৷ গল্পটোৰ মূল কাহিনীটো তাই পাহৰিছে যদিও মূলভাবটো আজিও তাইৰ ৰিণি ৰিণি মনত পৰে৷গল্পকাৰে গল্পটোত এজন হোজা মানুহ অংকন কৰিছে৷ হোজা মানুহজনে এজন মানুহৰ ওচৰত ভুলবশত: এটা দোষনীয় কাম কৰে৷সেই দোষনীয় কামটোৰ বাবে হোজা মানুহজনে বিবেকৰ দংশনত ভুগে আৰু যাৰ ওচৰত দোষ কৰিছিল তেওঁৰ ওচৰলৈ ক্ষমা বিচাৰি যায় ৷ সেই মানুহজনে ক্ষমা কৰি দিয়ে যদিও হোজা মানুহজন অনুশোচনাৰ পৰা মুক্ত হব নোৱাৰিলে । সেয়ে হোজা মানুহজনে পুনৰ সেই মানুহজনৰ ওচৰলৈ গৈ ক্ষমা বিচাৰি যায় ।মানুহজনে হোজাক ক্ষমা কৰিলেও হোজা মানুহজন কিন্তু নিজৰ ওচৰত সন্তোষ্ট হ’ব নোৱাৰি বাৰে বাৰে ক্ষমা বিচাৰি মানুহজনৰ ওচৰলৈ গৈ থাকে । এনে কাৰ্যত অতিষ্ঠ হৈ মানুহজনে এদিন খং কৰি হোজাক ঘৰৰ পৰা খেদি পঠিয়ালে ৷ হোজা মানুহজন এইবাৰ ইমানেই বেচি অনুতপ্ত হ’ল যে এই অনুতাপে তেওঁক মৃত্যুৰ মুখলৈকে থেলি দিলে ।
বিৰাজ দাৰ কথাখিনি শুনি এই মুহূৰ্তত মলয়াৰ সেই গল্পটোলৈকে মনত পৰিছে৷ বিৰাজ দা মলয়াৰ বৰদেউতাকৰ ল’ৰা৷ তেওঁ প্ৰায়ে মলয়াহঁতৰ ঘৰলৈ আহি থাকে৷বিৰাজ দাই কথা কৈ ভাল পায়, তেওঁক যি কোনো কথাৰ সুৰুঙা এটা ওলিয়াই দিলেই হ’ল, লানি নিচিগা কথাৰে মহাভাৰত ৰচিব পাৰে ৷ তেওঁৰ কথাবোৰ শুনি মলয়াই ভাল পায় ! গল্প-উপন্যাসৰ দৰে কথাবোৰ কৈ যায় - কথাবোৰ কৈ থাকিলে শুনোঁতা জনৰ চকুত প্ৰতিটো কথাৰে প্ৰতিচ্ছবি ভাঁহি উঠে ৷ মানুহ এজন ৰাস্তাৰে কেনেকৈ গ’ল, চকীখনত কেনেকৈ বহিল, কোঠাৰ ভিতৰত কেনেকৈ প্ৰবেশ কৰিলে, কেনেকৈ খালে, কেনেকৈ কথা ক’লে তাৰ পুঙ্খানুপুঙ্খ বিৱৰণী তেওঁ দিব পাৰে ৷ মুঠতে মলয়াৰ মতে বিৰাজ দা এজন কথাচহকী মানুহ ৷
আজি বিৰাজ দাই তেওঁৰ শৈশৱৰ কাহিনী কৈছিল, কেনেকৈ বীৰেন খুড়াৰ ঘৰৰ পকী থকা তামোল থোকা পাৰি আনি মাকক দিছিল আৰু মাকে আনৰ বস্তু মনে মনে আনিব নাপায় বুলি কৈ তামোল থোকা পুনৰ গছৰ তলত থৈ আহিব কৈছিল, কেনেকৈ ম’হৰ পিঠিত উঠি বিৰাজ দা বাগৰি পৰিছিল ইত্যাদি ইত্যাদি…
বিৰাজ দাই কৈছিল – “জানা মলয়া, সৰুতে মই বৰ দুষ্ট আছিলোঁ ৷ একেখন বেঞ্চতে বহা চন্দনৰ লগত এদিন স্কুলৰ জিৰণী সময়ত খেলি আছিলোঁ৷ আমাৰ স্কুলখনৰ কাষত এটা বৰ ডাঙৰ পুখুৰী আছিল৷খেলি থকাৰ মাজতে কিবা কথাত মই তাৰ ওপৰত খং কৰি তাক পুখুৰীলৈ গতিয়াই দিলোঁ আৰু সি গৈ পুখুৰীৰ পানীত পৰি ককবকাবলৈ ধৰিলে ৷ সি ককবকাই থকা দেখি মই ভয় খালোঁ আৰু তাক পুনৰ মই নিজে পুখুৰীৰ পৰা তুলি আনিলোঁ৷মই সাতুঁৰিব জানিছিলোঁ৷ ভাগ্য ভাল যে আমি দুটাৰ বাদে সেইসময়ত আন কোনো নাছিল৷মই ভাবিলোঁ চন্দনে ছাৰহঁতক কথাটো লগাই দিব আৰু ছাৰহঁতৰ বেতৰ কোব ভালকৈ পৰিব মোৰ ওপৰত ৷ কিন্তু মই দেখিলোঁ, চন্দনে মোৰ ওপৰত খং কৰাটো বাদেই ছাৰহঁতকো এইবিষয়ে একো নক’লে৷মই কৰা ভুলৰ বাবে চন্দনে মোক সম্পূৰ্ণৰূপে ক্ষমা কৰি দিলে ৷ পিছে মলয়া, আটাইতকৈ দুৰ্ভাগ্যৰ কথা কি হ’ল জানা, সি মোক ক্ষমা কৰি দিলে কিন্তু মই নিজকে ক্ষমা কৰিব নোৱাৰা হ’লো৷ একপ্ৰকাৰ বিবেকৰ দংশনত ভুগিব ধৰিলোঁ মই! ই যেন মোৰ অন্তৰত এটুকুৰা ঘাৰ সৃষ্টি কৰিলে ৷ দিনবোৰ গৈ থাকিল৷আমি দুয়োটাই মেট্ৰিক পাছ কৰিলোঁ, সি বাণিজ্য বিভাগ পঢ়িলে আৰু মই পঢ়িলোঁ বিজ্ঞান৷নিজৰ জীৱনৰ গতিপথেৰে আগবাঢ়ি গৈ থাকোঁতে চন্দনক আৰু লগ নোপোৱা হ’লোঁ৷বহুবছৰৰ পিছৰ কথা, তেতিয়া মই মৰিয়ণিত চাকৰি কৰি আছোঁ, আমাৰ দৰমহা হৈছিল ইউ.বি.আই বেংকত ৷ এদিন বেংকত টকা ওলিয়াবৰ বাবে মই শাৰী পুনাই থিয় হৈ আছিলোঁ, হঠাতে মোৰ পিঠিত কোনোবাই সৰুকৈ চাপৰ এটা মাৰিলে৷ মই ঘূৰি চালোঁ --- “আৰে, চন্দন!” মই চিঞৰি উঠিলোঁ ৷সি মোক ক’লে- “ব’ল, মোৰ চেম্বাৰলৈ”
সি মোক মোৰ হাতত ধৰি টানি নিয়াদি তাৰ চেম্বাৰলৈ লৈ গ’ল ৷ মই তেতিয়াহে গ’ম পালোঁ চন্দন সেইটো বেংকৰ ব্ৰাঞ্চ মেনেজাৰ!সি মোক ক’লে—
“মই থাকোঁতে তই ইয়াত লাইন নাপাতিলেও হ’ব, বুজিছ’”
চন্দনে মই বেংকৰ পৰা ওলিয়াব লগা টকা কেইটা ওলিয়াই দিলে আৰু চাহ-তামোল খুৱাই মোক সেইদিনালৈ বিদায় দিলে ৷ পিছে তাক লগ পোৱাৰ পিছত মোৰ অন্তৰত সৃষ্টি হোৱা পুৰণি ঘা টুকুৰাই পুনৰ উক দিলে ৷ মোৰ প্ৰতি দেখুওৱা তাৰ অমায়িক ব্যৱহাৰত মই পুনৰ প্ৰতি মুহূৰ্ততে বিবেকৰ দংশনত ভুগিবলৈ ধৰিলোঁ ৷সি ভাল ঘৰৰ ল’ৰা আছিল বাবেই তাৰ ব্যৱহাৰ ইমান ভদ্ৰ আৰু অমায়িক আছিল৷
ল’ৰালি কালত তাৰ প্ৰতি কৰা সেই ব্যৱহাৰৰ বাবে মোৰ প্ৰাণে পুনৰ কান্দি উঠিল ---“মই কিয় এনে কৰিছিলোঁ?” মলয়া, অনুশোচনাই মোক আমৃত্যু লগ এৰা নিদিব৷”
বিৰাজ দাই কথাখিনি কৈ অলপ দেৰি মনে মনে থাকিল ৷ মলয়াৰ এনে লাগিল তেওঁ যেন পুনৰ কান্দি উঠিছে ৷
:বিৰাজ দা, সেইদিনা যদি পানীত পৰি আপোনাৰ বন্ধু চন্দনৰ মৃত্যু হ’লহেঁতেন আপোনাৰ বিবেক দংশন কিমান বেছি ব্যাপক হ’লহেঁতেন, ভাবি চাওকচোন৷
:নক’বা আৰু মলয়া, মোৰ জীৱন দুৰ্বিসহ হৈ পৰিলহেঁতেন ৷
বিৰাজ দাই এইবাৰ গাটো লৰাই চকীখনত ভালকৈ বহি ল’লে আৰু ক’লে—“তোমাক আৰু এটা কাহিনী কওঁ শুনা ৷ মোৰ এজন বন্ধু আছিল, নামটো ধৰণী বৰুৱা৷ আমি দুয়োটাই প্রদূষণ বৰ্ডৰ চাকৰিৰ বাবে আবেদন কৰিছিলোঁ৷যথাসময়ত আমি লিখিত পৰীক্ষা দিবৰ বাবে গুৱাহাটীলৈ গ’লো ৷ পৰীক্ষা হলত ধৰণী আৰু মই ওচৰা ওচৰিকৈ বহিছিলোঁ৷ প্ৰশ্নকাকতখনত ডাঙৰ ডাঙৰ অংক আহিছিল, ধৰণীয়ে কেলকুলেটৰ অনা নাছিল। সেয়ে মই তাক কেলকুলেটৰ দি সহায় কৰাৰ লগতে সি নোৱাৰা সকলো অংক দেখুৱাইছিলোঁ৷প্ৰশ্নকাকতখনৰ এটা অংক বৰ টান আছিল, মই কৰিব পৰা নাছিলোঁ, ধৰণীয়েও অংকটো কৰিব নোৱাৰোঁ বুলি কৈছিল৷অংকটো তেনেকৈয়ে এৰি আমি উত্তৰবহী জমা দি পৰীক্ষাহলৰ পৰা ওলাই আহিছিলোঁ৷ কৰিডৰেদি আহি থাকোঁতে ধৰণীয়ে মোক ক’লে –
“বিৰাজ, কথা এটা ক’ম, তই বেয়া পাবি নেকি?”
:নাপাওঁ, ক’চোন – মই ক’লো ৷
:তই নোৱাৰা অংকটো মই কৰি আহিলোঁ বুজিছ’!
ধৰণীৰ কথা শুনি মোৰ অন্তৰখন জিকাৰ খাই উঠিল ৷ যিটো ল’ৰাক মই বিশ্বাসেৰে মোৰ কেলকুলেটৰটো দিয়াৰ ওপৰিও সি কৰিব নোৱাৰা অংকবোৰো দেখুৱাইছিলোঁ কিন্তু সি মোক মিছা মাতি মই নোৱাৰা অংকটো মনে মনে কৰি থৈ আহিল ৷মই ধৰণীৰ মুখলৈ চালোঁ আৰু ক’লো—
:হ’ব দে, চাকৰিটো তই পালে মই বৰ সুখী হ’ম৷
“বাৰু মলয়া, এতিয়া কোৱাচোন সি কিয় মোক সঁচা কথাটো ক’লে?” মলয়াৰ উত্তৰলৈ অপেক্ষা নকৰি বিৰাজদাই পুনৰ নিজেই কৈ উঠিল –
“আচলতে তাৰ অনুশোচনা হ’ল বুজিছা ৷ সি অনুশোচনাত দগ্ধ হৈ সঁচা কথাটো ক’বলৈ বাধ্য হ’ল ৷ পিছে মই তাক চন্দনে মোক ক্ষমা কৰাৰ দৰে লগে লগে ক্ষমা কৰি দিলোঁ৷”
:বিৰাজ দা, আপোনাৰ বন্ধু ধৰণী বৰুৱাই আপোনাক আচলতে প্ৰতিযোগী বুলি ভাবিছিল ৷ “বন্ধুত্ব” শব্দটোতকৈ “প্ৰতিযোগিতা” শব্দটো বেছি গধুৰ আছিল তেওঁৰ বাবে --- মলয়াই ক’লে
:ঠিকেই কৈছা ৷ ইয়াত “স্বাৰ্থপৰ” শব্দটোও খাপ খায়৷নিজৰ স্বাৰ্থৰ বাবে মানুহে যিকোনো কাম কৰিব পাৰে, মলয়া ৷
সেইদিনালৈ বিৰাজদাৰ স’তে মলয়াৰ কথা পতা শেষ হৈছিল কিন্তু বিৰাজদাই কোৱা কাহিনীয়ে মলয়াক নতুনকৈ কিছুমান কথা ভাবি চাবলৈ সুযোগ দিলে ৷ পাহিয়ে যে কৈছিল অমলৰ বাবে তাইৰ বহুত বেয়া লাগে, কিয় কৈছিল বাৰু?অমলৰ বাবে তাইৰ অনুশোচনা হয় নেকি? মহাবিদ্যালয়ত পঢ়ি থাকোঁতে অমলক ভালপোৱাৰ প্ৰথম খবৰটো পাহিয়ে মলয়াকে দিছিল ৷পাহি আৰু অমলৰ প্ৰেমৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী আছিল মলয়া ৷ অমলে লিখা প্ৰেমপত্ৰবোৰ মলয়াৰ যোগেৰে আহি পাহিৰ হাতত পৰিছিল ৷ অমলৰ প্ৰেমপত্ৰই পাহিক সুখী কৰিছিল, উন্মনা কৰিছিল ৷ অমলে কবিতা লিখিছিল ৷ পাহিক লৈ সি কবিতা লিখিছিল, উপন্যাসিকা লিখিছিল আৰু যে প্ৰেমৰ নামত কত’ কি কৰা নাছিল সি! পাহিক উদেশ্য কৰি লিখা প্ৰেমৰ কবিতাবোৰ মহাবিদ্যালয়ৰ আলোচনী, দেৱাল আলোচনীত ভৰি পৰিছিল ৷পঙ্কজ উধাছৰ ৰোমান্টিক গজলেৰে হিয়া মন ভৰি থকা পাহি আৰু অমলৰ প্ৰেমৰ ছন্দপতন হ’ল যেতিয়া নেকি পাহিৰ ককায়েকে অমলৰ পৰা আঁতৰি আহিবৰ বাবে পাহিক শপত দিয়ালে৷ঘৰৰ কথা অমান্য কৰিব নোৱাৰি পাহি আঁতৰি আহিবলৈ বাধ্য হ’ল অমলৰ পৰা৷হঠাতে পাহি আঁতৰি অহাত অমল পাগলৰ দৰে হ’ল আৰু অমল নামৰ প্ৰেমিক ল’ৰাটো এদিন পঢ়া-শুনা এৰি থৈ নাইকীয়া হ’ল ৷ সি ক’ত গ’ল কোনেও বিচাৰি নাপালে ৷পাহিয়ে বলিয়াৰ দৰে মোৰ আগত কান্দিলে ৷পাহিয়ে কৈছিল –“মোৰ বাবেই অমল হেৰাই গ’ল৷মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ”৷এৰা, পাহিৰ বাবে অমল “অনুশোচনা” নামৰ শব্দটোৰ এটুকুৰা নুশুকুৱা ঘা হৈ ৰ’ল নেকি!
পাহিৰ কথাবোৰ ভাবি থাকোঁতে মলয়াৰ উদয়নলৈ মনত পৰিল ৷ সি যে চিঠিত মলয়ালৈ লিখিছিল – “তুমি মোৰ জীৱনৰ পৰা যিদিনা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লা সেইদিনাৰ পৰাই মই তোমাক মোৰ কাষত বেছি অনুভৱ কৰিবলৈ ল’লোঁ৷ তোমাৰ স্মৃতিয়ে মোক লগ নেৰা হৈছে৷ খাওঁতে, শুওঁতে, বহোঁতে মাথোঁ তোমাৰ কথাই ভাবিছোঁ৷তুমি বাৰু উভতি আহিবানে?মোৰ দুহাত সাৱটি লৈ তুমি ক’বানে –“মই তোমাক ক্ষমা কৰি দিছোঁ বুলি?”মলয়া,মই তোমালৈ বাট চাই ৰ’ম…..” উদয়নৰ চিঠিখন পঢ়ি মলয়াৰ হাঁহি উঠিছিল,যিটো ল’ৰাই এদিনতে মানুহৰ গুৰুত্ব কমাই দিব পাৰে সেই ল’ৰাটোৰ পৰা আঁতৰি অহাই ভাল বুলি ভাবিছিল মলয়াই৷তাই অন্তৰেৰে ক্ষমা কৰি দিছিল উদয়নক আৰু পাহৰি পেলাইছিল সকলোবোৰ কথা৷কিন্তু উদয়ন তাইৰ মনলৈ মাজে মাজে অহা গল্পটোৰ হোজা নায়কজনৰ দৰে তাইৰ পিছে পিছে লাগি ৰ’ল৷ উদয়নে তাইলৈ চিঠিৰ পিছত চিঠি লিখি থাকিল আৰু সকলো চিঠিতে ক্ষমা বিচাৰিলে ৷ তাই উদয়নক ক্ষমা কৰি দিছোঁ বুলি জনালে কিন্তু উদয়নে ক্ষমা বিচাৰি চিঠি লিখিবলৈ নেৰিলে ৷ এৰা, তাই আগৰ দৰে উদয়নৰ জীৱনলৈ ঘূৰি যাব নোৱাৰিলে কিন্তু উদয়নে বিচাৰিলে তাই আগৰ দৰে ঘূৰি আহক তাৰ জীৱনলৈ ৷ তাই উদয়নৰ জীৱনলৈ পুনৰ ঘূৰি নগ’ল আৰু সি চিঠি লিখিয়েই থাকিল৷উদয়নৰ বাবে তাই এটুকুৰা শেলুৱৈ আবৃত শিল হৈ পৰিল আৰু উদয়নে সেই শিলত ভৰি দি বাৰে বাৰে পিছল খালে৷উদয়নে হয়তো তাইক ঘূৰাই আনি সি কৰা ভুলৰ শুধৰণিৰ এটা বাট বিচাৰিছিল কিন্তু মলয়াই যে ঘূৰি যাব নোৱাৰিলে!তাই মাথোঁ অন্তৰেৰে তাৰ জীৱনৰ শুভাকাংক্ষী হৈ ৰ’ল৷
“বিৰাজ দাৰ কথাবোৰে তাইক যে কি কি ভাবসাগৰত ডুবাই ৰাখিলে!” – কথাবোৰ ভাবি মলয়াৰ নিজৰে হাঁহি উঠিল৷ বিৰাজ দা আকৌ আহিব হৃদয়ৰ অকথিত কাহিনী ক’বলৈ যিবোৰে মলয়াক পুনৰ কিছুমান কথা ভাবি চাবলৈ সুযোগ দিব ৷
--- মৌচুমী বৰি
-------- ০০০০০০০০ ----------
  • ঈশানজ্যোতি বৰা অনুভূতিসম্পন্ন মানুহৰ মনোজগতৰ যুঁজ-বাগৰ তথা অন্তৰ্দ্বন্দ্ব খুব সুন্দৰকৈ গল্পটোৰ জৰিয়তে প্ৰকাশ পাইছে। সুখপাঠ্য সাহিত্য-কৰ্ম।
  • Mousumee Bori উৎসাহভৰা মন্তব্যৰ বাবে ধন্যবাদ ঈশানলৈ
  • Manohar Dutta দ্বিধা দণ্ডৰ এই জীৱনক বুজাৰ, জনায় যি প্ৰয়াস গল্পটোত প্ৰকাশ হৈছে, সেয়া আদৰণীয়। অৱশ্যে লেখিকাৰ কথনশৈলী আৰু উন্নত হোৱাটো বিচাৰোঁ।
  • Mousumee Bori আপোনাৰ পৰামৰ্শক আদৰিছোঁ মনোহৰ দাদা ৷ গল্প লিখাৰ প্ৰচেষ্টা এটা চলাই চাইছোঁ....মন্তব্যৰ বাবে আপোনালৈ বহুত ধন্যবাদ Manohar Dutta
  • মিনুৰেখা গগৈ ভাল লাগিল পঢ়ি । জীৱনটোক আকৌ জুকিয়াই চাবলৈ মন গ'ল হৃদয়ৰ অকথিত কাহিনী পঢ়ি ।
  • Mousumee Bori অশেষ ধন্যবাদ আপোনালৈ মিনুৰেখা গগৈ
  • Anita Gogoi ভাল লাগিল মৌচুমী । ভাল লাগিল বিৰাজদা নামৰ আপোনভোলা ভাল অন্তৰৰ মানুহজন। বিশেষকৈ সামৰণি অংশই মন চুই গ'ল ..।
  • Mousumee Bori আপোনাৰ মন্তব্যই সুখী আৰু উৎসাহিত কৰিলে ৷ আন্তৰিক কৃতজ্ঞতা জনালোঁ আপোনাক Anita Gogoi

Monday 10 August 2015

“চাৰিটা স্নেপশ্বট”

স্নেপশ্বট-১
ৰাতি শোৱাৰ পৰত প্ৰিয়মে দিবাকৰক ক’লে – “ কাইলৈ পুৱা সোনকালে উঠিবা, মন্দিৰলৈ যাম”
:ওঁ, হ’ব বাৰু, এতিয়া শুই থাকা, মোৰ মূৰ বিষাইছে – এইবুলি কৈ দিবাকৰে তাইৰ ফালে পিঠি দিলে ৷
দিবাকৰক সাবটি ধৰিব খুজিও প্ৰিয়ম ৰৈ গ’ল ৷ প্ৰচণ্ড অভিমানত তাইৰ চকুপানী ওলাই আহিল ৷
:আমাৰ জীৱনৰ আটাইতকৈ মধুৰ দিনটো দিবাকৰে কিয় পাহৰি আছে? নে মনত থাকিও দিবাকৰৰ এইয়া ইচ্ছাকৃত ৷কাইলৈৰ দিনটোৰ কথা মনত পেলাই দিওঁ নেকি তেওঁক ! থাকক ! নিজৰ জীৱনৰ মধুৰতম দিনবোৰ পাহৰি থকাটো উচিত জানো? তেওঁৰ যদি এইয়া ইচ্ছাকৃত তেন্তে মোৰ ক’বলগা একো নাই কিন্তু তেওঁ যদি পাহৰি আছে তেন্তে পিছত নিজৰে অনুসূচনা হ’ব ৷ নকওঁ মই…..
--- এনেকৈ ভাবি ভাবি প্ৰিয়ম টোপনি গ’ল ৷
পুৱা গা পা ধুই তাই গোসাঁই ঘৰত চাকি-ধূপ জ্বলালে তাৰপিছত দিবাকৰে ভাল পোৱা চাদৰ-মেখেলা যোৰ পিন্ধিলে৷ দিবাকৰৰ দৃষ্টি আকৰ্ষন কৰিবলৈ দুই এবাৰ দিবাকৰৰ কাষে পাজৰে অহা-যোৱাও কৰি চালে তাই ! পিছে দিবাকৰৰ খবৰেই নাই ৷ সিও গা পা ধুই মন্দিৰলৈ বুলি ওলাল ৷
: ওলাই হ’ল নে তোমাৰ? – দিবাকৰে প্ৰিয়মক সুধিলে আৰু গেৰেজৰ পৰা গাড়ীখন ওলিয়াবলৈ বুলি গেৰেজ পালেগৈ ৷ প্ৰিয়মেও লৰা-লৰিকৈ ওলাই গৈ গে’ট খন খুলি দিলে ৷ গাড়ীখন গে’টৰ বাহিৰ ওলালত তাই গে’টখন বন্ধ কৰি দিবাকৰৰ কাষৰ চিটত বহিল ৷ দিবাকৰে গাড়ী চলোৱাত ব্যস্ত হৈ পৰিল৷
মন্দিৰত চাকি-ধূপ জ্বলাই দুয়ো একেলগে ভগৱানৰ ওচৰত সেৱা ল’লে ৷প্ৰিয়মে তেওঁলোকৰ যুগ্ম জীৱনৰ বাবে আৰ্শীবাদ বিচাৰিলে ভগৱানৰ ওচৰত ৷ দিবাকৰে ভগৱানৰ ওচৰত কি বিচাৰিলে সেইয়া পিছে প্ৰিয়মে নাজানিলে ৷ তাৰপিছত মন্দিৰৰ পৰা দুয়ো ওলাল ৷ প্ৰিয়মে দিবাকৰৰ মুখলৈ চালে ৷ কোনো ভাবান্তৰ দেখা নাপালে তেওঁৰ মুখত ৷ দিবাকৰৰ মুখ দেখি প্ৰিয়ম আহত হ’ল ৷ প্ৰচণ্ড ক্ষোভত তাই দিবাকৰক এৰি গাড়ীত বহিলহি ৷তাইৰ পিছে পিছে দিবাকৰো আহি ড্ৰাইভিং চিটত বহিল ৷এইবাৰ তেওঁ প্ৰিয়মৰ মুখলৈ চালে আৰু সুধিলে –
: কি হ’ল, হঠাত ফুঁ ফুঁৱাই আহি গাড়ীত বহিলা যে ?
দিবাকৰৰ প্ৰশ্নত সাঁচি থোৱা চকুপানীখিনি ৰাখি থ’ব নোৱাৰিলে তাই ৷ প্ৰিয়মে থোকা-থোকি মাতেৰে সুধিলে –
: আমি কিয় মন্দিৰলৈ আহিছোঁ তুমি নাজানানে?
: তুমি মন্দিৰলৈ আহিম বুলি ভাবি থৈছিলা চাগৈ? তুমি কান্দিছা কিয়?
: আজি কি তাৰিখ তুমি পাহৰি গ’লা ?
প্ৰিয়মৰ প্ৰশ্নত ক্ষন্তেক ৰৈ দিবাকৰে হঠাতে কৈ উঠিল—
: অহ মাই গ’ড, মই একেবাৰে পাহৰি আছিলোঁ, আজিচোন আমাৰ এনিভাৰ্ছেৰী!!ছ’ৰী ডাৰ্লিং, মোক মাফ কৰি দিয়া প্লিজ – এইবুলি কৈ দিবাকৰে প্ৰিয়মৰ হাতত ধৰিলে ৷প্ৰিয়ম উচুপি থাকিল ৷
: এই নাকান্দিবা, মানুহে দেখিলে কি বুলি ক’ব, চাওঁ – দিবাকৰে প্ৰিয়মৰ চকুপানী মচি দিলে ৷
কেক, মিঠাই লৈ দুয়ো ঘৰ পালেহি ৷ ঘৰ পায়েই দিবাকৰে প্ৰিয়মক নিজৰ দুবাহুৰ মাজলৈ টানি আনিলে আৰু মৰমেৰে ক’লে--
: প্ৰি, মোৰ কালি খুব মূৰৰ বিষ হৈ আছিল,আমাৰ যে বিবাহ-বাৰ্ষিকী সেইকথা মই পাহৰিয়েই থাকিলোঁ৷ তুমিটো মোক মনত পেলাই দিব পাৰিলাহেঁতেন?
:মোৰ তোমাৰ ওপৰত অভিমান হৈছিল ৷ তুমি যে মোৰ ফালে পিঠি দি শুই থাকিলা !
: হ’ব, আজি পিঠি দি নুশুওঁ দিয়া ৷ আজি আমাৰ ৰাতিটো দিনৰ পোহৰৰ দৰেই উজ্জ্বল হ’ব৷
দিবাকৰৰ কথাত প্ৰিয়মৰ মুখত সন্তোষৰ হাঁহি বিয়পি পৰিল৷
স্নেপশ্বট -২
ৰাতি ১২ বাজিছে ৷ মলয়ে নাক বজাই বজাই ঘোৰ টোপনিত ৷ মলয়ৰ পত্নী ৰ’দালী ৷ তাইৰ টোপনি ধৰা নাই ৷অভিমানত গাল দুখন লুচি ফুলাৰ দৰে ফুলি আছে ৷ ইকাটি সিকাটি কৰিও টোপনি নাহিলত তাই ইটো কোঠালৈ গৈ লাইটটো জ্বলাই লেপটপ অন কৰিলে আৰু ফেচবুক চাই থাকিল ৷
টোপনিতে বাগৰ সলাওঁতে মলয় সাৰ পাই গ’ল৷দেখিলে ৰ’দালী নাই , কাষৰ কোঠাত লাইট জ্বলি আছে ৷ সি উঠি আহিল ৷
: ইমান ৰাতিখন লেপটপ অন কৰি কি কৰিছা?
: মোৰ টোপনি ধৰা নাই – ৰ’দালীৰ গম্ভীৰ উত্তৰ
: লেপটপত কি চাইছা, ফে’চবুক?
: অঁ ফে’চবুক – জোৰ দি ক’লে তাই
: এই মাজৰাতি তোমাৰ কালৈ মনত পৰিল যে ফে’চবুক খুলিব লগা হ’ল?—মলয়ে খং মিহলি সুৰেৰে ক’লে৷
: মোৰ প্ৰতি যদি তোমাৰ কোনো কেয়াৰ নাই, মই খাইছোঁ নে শুইছোঁ নে পিন্ধিছোঁ তুমি যদি একো গমেই নোপোৱা তেন্তে মই ফে’চবুক চোৱাত তোমাৰ আপত্তি কি?
:ৰ’দালী, বহুত বেছি হৈ গৈছে তোমাৰ, মই তোমাৰ দেউতাক ৰিপৰ্ট কৰিম তুমি ৰাতি ৰাতি ফে’চবুকত কাৰোবাৰ স’তে কথা পাতি থাকা বুলি!
:তুমি মোক সন্দেহ কৰিছা?
:অঁ সন্দেহ কৰিছোঁ
মলয়ৰ কথাত ৰ’দালীয়ে খঙতে লেপটপ সামৰিলে আৰু কোঠাৰ বেৰখনত কপালখন খুন্দিয়াবলৈ লাগিল ৷
“কি কৰিছা, কি কৰিছা” বুলি কৈ মলয়ে ৰ’দালীক বেৰৰ পৰা আঁতৰাই আনিলে৷
:তুমি মোক সন্দেহ কৰিবলৈ আহিছা –এইবুলি কৈ কৈ ৰ’দালীয়ে কান্দোন জুৰিলে
মলয়ে দেখিলে তাইৰ কপালখন ফুলি গৈছে,সি লৰালৰিকৈ ফ্ৰীজৰ পৰা বৰফ আনি তাইৰ কপালত বৰফ লগাই দিলে ৷
: এইবোৰ কি হৈছে ৰুলী, তুমি কিয় এনেখন কৰিছা? --- মলয়ে এইবাৰ ৰ’দালীক মৰমেৰে সুধিলে ৷
: মোৰ জন্মদিন তুমি পাহৰি গৈছা ! মই ভাবি আছিলো তুমি মোক উইছ কৰিবা কিন্তু তুমি নাক বজাই বজাই শুই থাকিলা ৷—ৰ’দালীয়ে অভিমানত কৈ উঠিল৷
মলয়ৰ তেতিয়াহে মনলৈ আহিল ৰ’দালীৰ যে আজি জন্মদিন আছিল!
: ৰুলী, জানাই দেখোন মই জন্মদিনবোৰ পাহৰি যাওঁ!মোৰ নিজৰ জন্মদিনো মনত নাথাকে ! তুমিটো মোক মনত পেলাই দিব পাৰা !
:নিজৰ পত্নীৰ জন্মদিনটোও পাহৰি থাকেনে কোনোবাই?
:ছ’ৰী, আজিৰ পৰা নাপাহৰোঁ দিয়া ৷বেৰত মূৰ খুন্দিওৱা দিন বুলি অন্তত: মনত ৰাখিম !
মলয়ৰ কথাত ৰ’দালীয়ে নাহাঁহি নোৱাৰিলে ৷ ৰ’দালীৰ ফুলি থকা কপালখনত চুমা খালে মলয়ে আৰু ফুচফুচাই ক’লে –“ হেপী বাৰ্থডে ৰুলী !”
স্নেপশ্বট — ৩
অবিনাশে অফিচলৈ বুলি লৰালৰিকৈ ওলাবলৈ সাজু হ’ল আৰু পৰিবাৰ মমীক চিয়ঁৰিলে –
: মমী, মোক ছাৰ্টটো ওলিয়াই দিয়া
: আলমিৰাৰ পৰা নিজেই ওলিয়াই লোৱা,মই মাইনাক “ভীমভিটা” কণ খুৱাই লওঁ
মমীৰ কথাত অবিনাশে অস্বস্তি অনুভৱ কৰিলে কাৰণ কোনো দিনে কৰিব নলগা কাম এটা আজি যেন কৰিব লগা হৈছে তাৰ তেনে লাগিল ৷ আলমিৰাৰ পৰা ছাৰ্ট এটা ওলিয়াই সি গাত লগালে ৷ “মমী মোৰ বেগটো” বুলি ক’ব খুজিও অবিনাশ ৰৈ গ’ল, সি গম পালে আজি মমীয়ে তাক বেগটোও হাতত তুলি নিদিব ৷ হঠাতে তাৰ মনটো বেয়া লাগিবলৈ ধৰিলে৷ সি বেগটো হাতত লৈ মমীৰ কাষ পালেগৈ ৷মমীয়ে সিহঁতৰ এবছৰীয়া কেঁচুৱাটোৰ ডায়েপাৰ সলাই আছে –
: মই যাওঁ – সি গহীনত ক’লে
: অঁ যোৱা, সকলো বস্তু ল’লা নহয়? — মমীয়ে হাঁহি সুধিলে তাক
: ল’লো
অবিনাশ ওলাই গ’ল৷ মমীৰ ব্যতিক্ৰমি আচৰণত সি আহত হ’ল৷অফিচলৈ গৈ কামত মন বহাব নোৱাৰিলে সি৷মমীৰ কথাবোৰে তাক আমনি কৰি থাকিল৷কণমানিটো সিহঁতৰ জীৱনলৈ অহাৰ পৰা তাৰ গুৰুত্ব যেন বহুখিনি কমি গ’ল৷সি কিয় নিজকে অসুখী অনুভৱ কৰিছে?মমী আৰু কণমানিটোক লৈ সিটো সুখী অনুভৱ কৰিব লাগিছিল!
অফিচলৈ যোৱাৰ পৰত মমীয়ে সদায় নিজৰ পচন্দৰ ছাৰ্টটো পিন্ধাই পঠাই তাক ! খুব মৰমেৰে ছাৰ্টৰ বুটামকেইটাও লগাই দিয়ে৷ হাতত বেগটো তুলি দি গে’টৰ লৈকে তাক আগবঢ়াই দিয়ে ৷ সি পৰম সন্তোষেৰে অফিচ পায়গৈ ৷ গোটেই দিনটো তাৰ মনটো ভৰি থাকে আনন্দত ৷ দুপৰীয়া মমীলৈ ফোন কৰে সি ৷ তাই টিফিন খালে নে নাই খবৰ লয় ৷ মমীক জীৱন সংগী হিচাপে পাই সি প্ৰতি মুহূৰ্ততে সুখী অনুভৱ কৰে ৷ কিন্তু এই সুখৰ দৈনন্দিন ৰুটিনত বাধা পৰিল কণমানিটো সিহঁতৰ জীৱনলৈ অহাৰ পৰা ৷
অবিনাশ গধূলী অফিচৰ পৰা আহি ঘৰ সোমাল ৷
: আহিলা ? মুখ-হাত ধুৱাগৈ যোৱা ৷ মই তোমালৈ চাহ কৰোঁ
: মাইনা ক’ত ?
“মাইনা শুই আছে” বুলি কওঁতেই কণমানিটোৱে “পেঁ পেঁ” কৈ কান্দিব লাগিল ৷ মমী দৌৰি যোৱাদি গৈ কণমানিটোৰ ওচৰ পালেগৈ ৷ অবিনাশ বাথৰূমৰ পৰা ওলাই টাৱেলেৰে গা মচি মচি শোৱাকোঠালৈ সোমাই আহিল ৷মমীয়ে বন কৰা ছোৱালী উৰ্বীক চিয়ঁৰি মাতিলে –
: উৰ্বী, ছাৰলৈ চাহ একাপ কৰ
মমীৰ চিয়ঁৰ শুনি অবিনাশ গহীন হৈ পৰিল ৷
: নাখাওঁ চাহ মই – অবিনাশে কৈ উঠিল
: কিয় ? – মমীয়ে কণমানিটোক কোচত লৈ অবিনাশৰ মুখলৈ চালে
সি মুখেৰে একো উত্তৰ নিদিলে ৷ গহীন গম্ভীৰটো হৈ টিভিটো অন কৰি টিভি চাই থাকিল ৷ মমীয়ে কণমানিটো কোচত লৈ তাৰ কাষত বহিলহি ৷উৰ্বীয়ে অবিনাশলৈ চাহ কৰি ডাইনিং টেবুলত থৈ গ’ল৷পিছে অবিনাশে সঁচাকৈয়ে চাহ নাখালে, চাহ কাপ চেঁচা পৰি গ’ল৷
ৰাতি শোৱাৰ পৰত মাতবোল নকৰাকৈ মনে মনে শুই থকা অবিনাশক মমীয়ে সুধিলে –
: কি হ’ল তোমাৰ?
অলপ সময় মৌনতা ৷ অবিনাশৰ পৰা একো উত্তৰ নাপাই মমীয়ে আকৌ সুধিলে –
: অবি, কিবা এটা কোৱা ৷ গা বেয়া নেকি তোমাৰ?
দীঘল হুমুনিয়াহ এটা টানি অবিনাশে ক’লে—
:তোমাৰ আচৰণত মই বৰ দুখ পাইছো মমী, মাইনাক পাই তুমি মোক পাহৰি পেলাইছা ৷
: কিয়, কি কৰিলো মই?
:তুমি মোক অফিচলৈ ওলাওঁতে কৰা আদৰ-সাদৰবোৰে মোক খুব আনন্দ দিছিল, কিন্তু মাইনাৰ জন্মৰ পাছৰ পৰা তুমি মোলৈ নোচোৱা হ’লা
অবিনাশৰ দুচকুত দুটোপাল পানী বিৰিঙি উঠিল ৷তাৰ আবদাৰ ভৰা কথা শুনি মমীৰ অবিনাশক এটা সৰু ল’ৰাৰ দৰে লাগিল ৷
: অ’ মোৰ ডাঙৰ কেচুঁৱাটোৰ অভিমান হৈছে তাৰমানে!—এইবুলি কৈ মমীয়ে তাৰ চুলিখিনিত আঙুলি বুলাই দিলে ৷
স্নেপশ্বট-৪
ৰিয়া আৰু পাহি কম্পেনী এটাত চাকৰি কৰে ৷ ৰিয়াৰ বিবাহিত জীৱনে ইতিমধ্যে পাঁচ বছৰ অতিক্ৰম কৰিছে আৰু পাহিৰ বিয়া ঠিক হৈ আছে ৷ পাহিৰ ফিয়াঞ্চিয়ে অফিচত থাকিলে কেইবাবাৰু পাহিলৈ ফোন কৰে আৰু পাহিয়ে হাঁহি হাঁহি ফোনত কথা পাতি থাকে ৷ পাহিয়ে ফোনত কথা পাতি থাকিলে পাহিৰ মুখখন উজ্জ্বল আভাৰে ভৰি থাকে ৷ ৰিয়াৰ পিছে গৃহস্থৰ পৰা ফোন এবাৰো নাহে ৷ ৰিয়াইও ফোন নকৰে ৷ একেবাৰে দৰকাৰী কথাতহে ফোন কৰে দুয়োজনে ৷যেনে ধৰক, ঘৰত যদি পাচলি নাথাকে ৰিয়াই গৃহস্থলৈ ফোন কৰি গধূলী অফিচৰ পৰা ঘৰলৈ আহোঁতে পাচলি আনিবলৈ মনত পেলাই দিয়ে নতুবা ডেৰবছৰীয়া কণমানিটোৰ ডায়েপাৰ, চেৰেলেক কিনিব লগা হ’লে ফোনত মনত পেলাই দিয়া হয় ৷
এদিন অফিচত খুউব দৰকাৰী কাম এটাৰ বাবে ৰিয়া আৰু পাহিৰ ঘৰলৈ অহা দেৰি হ’ল ৷ সেইদিনাও পাহিৰ ফিয়াঞ্চিয়ে ঘনে ঘনে খবৰ লৈ থাকিল পাহিহঁত কেতিয়া উভতিব বুলি ৷ পিছে ৰিয়াৰ গৃহস্থৰ খবৰেই নাই ৷পাহিৰ ঘনে ঘনে অহা ফোনে ৰিয়াক অনুভৱ কৰাবলৈ বাধ্য কৰালে যে ৰিয়াৰ গৃহস্থৰ তাই দেৰিকৈ ঘৰ অহাক লৈও কোনো খিয়াল নাই ৷ ৰিয়াৰ মনত পৰিল তাইৰ বিয়াৰ প্ৰথম বছৰৰ কথাবোৰ, গৃহস্থৰ মৰম আৰু ৰোমান্টিক অনুভৱবোৰ ৷ লাহে লাহে তাইৰ গৃহস্থৰ প্ৰতি অভিমান বাঢ়ি আহিল ৷ তাইৰ গৃহস্থইটো এবাৰ ফোন কৰি খবৰ ল’ব পাৰে কিয় দেৰি হৈছে বুলি!অভিমানত মনটো মাৰি পেলালে ৰিয়াই ৷
ঘৰ পাই ৰিয়াই দেখিলে গৃহস্থই কণমানিটোৰ লগত খেলি আছে ৷ তাই নীৰৱে বাথৰূমত সোমাল ৷ গা ধুই ফ্ৰেছ হৈ পাকঘৰ পালেগৈ আৰু চাহ উঠাই দিলে৷তাৰপিছত তাই কণমানিটো আৰু গৃহস্থৰ কাষলৈ গৈ কণমানিটোৰ ফালে হাতখন মেলি দিলে ৷ সি মাকক দেখি ফূৰ্তিতে হাতদুখন লৰাই লৰাই কোচলৈ আহিল ৷তাই কণমানিটোক গালতে চুমা এটা খাই বিচনাত বহাই দিলে আৰু পুনৰ পাকঘৰলৈ গৈ একাপ গৃহস্থৰ বাবে আৰু একাপ নিজৰ বাবে চাহ বাকি ওলাই আহিল ৷ টেবুলত চাহ দুকাপ থ’লে তাই আৰু নিজৰ চাহ কাপ লৈ চাহত চুমুক দিলে ৷ ৰিয়াৰ নীৰৱতাত গৃহস্থই সুধিলে –
: কি হ’ল আজি, মুখত মাত-কথা নাই যে ?
: আজিকালি মোৰ প্ৰতি তোমাৰ একো চিন্তাই নহয় ! মৰমবোৰ শিল হ’ল ৷—ৰিয়াই অভিমান মিহলি সুৰত কৈ উঠিল৷
: এনেই এনেই মূৰ গৰম কৰা কথাবোৰ নকবা দেই !—ৰিয়াৰ কথাত গৃহস্থৰ খং উঠিল ৷
: অঁ, মই মূৰ গৰম কৰা কথাই কৈছো ৷ মই যদি ৰাতি কাৰোবাৰ লগত নাচিও থাকোঁ তথাপি তোমাৰ মোলৈ চিন্তা নহ’ব ! --- ৰিয়াই খঙত চিয়ঁৰি কৈ উঠিল
:ৰিয়া, অযথা কথাত কাজিয়াৰ সুৰ ওলিয়াই নল’বা
:ওলিয়ামেই, ওলিয়াবই লাগিব ৷ এনেকৈ সংসাৰ চলে নেকি? মোক এনেকুৱা সংসাৰ নালাগে !—ৰিয়াই চাহ কাপ তাতে এৰি শোৱা কোঠালৈ গৈ বিচনাত পৰি উচুপি উচুপি কান্দিব লাগিল৷
কণমানিটো কোচত লৈ গৃহস্থ ৰিয়াৰ কাষলৈ আহিল ৷কান্দি থকা ৰিয়াৰ মূৰত হাত থ’লে তেওঁ
: ৰিয়া, শান্ত হোৱা ৷ মোক কোৱাচোন তোমাৰ আজি কিয় ইমান খং উঠিছে? আনকালেও তোমাৰ অফিচৰ পৰা অহা দেৰি হয়৷ আজি যেনিবা অলপ বেছি দেৰি হ’ল ৷ তোমাৰ দেৰি হৈছে বুলি মইটো একো ভবা নাই
:কিয় ভবা নাই? ভবা নাই কাৰণেই মোৰ বেয়া লাগিছে ৷ মোৰ এনে লাগিছে তুমি মোক আগৰ দৰে কেয়াৰ ল’ব পাহৰি গৈছা, মৰম কৰিব পাহৰি গৈছা …. এইবুলি কৈ কৈ তাই কান্দি থাকিল ৷
ৰিয়াৰ কথাত অলপ দেৰি মনে মনে ৰ’ল তেওঁ আৰু ক’লে—
:মইও অলপ দিনৰ পৰা অনুভৱ কৰিছোঁ, আমি যেন দিনে দিনে যন্ত্ৰচালিত মানৱ হৈ গৈ আছোঁ, চাকৰি আৰু ব্যস্ততাই আমাক ইজনে সিজনৰ কথা ভাবিবলৈও পাহৰাই পেলাইছে ৷ব’লা, অলপদিন ক’ৰবাত ফুৰি আহোঁ আৰু নতুন জীৱন এটাৰ আৰম্ভণি কৰোঁ
গৃহস্থৰ কথা শুনি ৰিয়াই কান্দোন সামৰি তেওঁৰ বুকুৰ মাজত সোমাই পৰিল৷
---- মৌচুমী বৰি
  • Dibakar Renu চাৰিটা সুন্দৰ কাহিনী,কিন্তু বাস্তৱ ছবি।গোটেই কেইটা স্নেপশ্বট পঢ়িলো,আৰু কাৰোবাক শুনালো ও।অবিনাশ লৈ খং উঠিল।বাকী আপোনাৰ শব্দ আৰু ব্যঞ্জনাত যাদু আছে।ধন্যবাদ আৰু পঢ়িব পাম নিশ্চয়।
  • Mousumee Bori আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে লগতে আনন্দিতও৷ ধন্যবাদ আপোনাকDibakar Renu