Showing posts with label কবিতা পুথি. Show all posts
Showing posts with label কবিতা পুথি. Show all posts

Sunday, 6 November 2016

কাব্যগ্ৰন্থৰ পৰ্যালোচনা

মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' কাব্যগ্ৰন্থৰ পৰ্যালোচনা আগবঢ়াবলৈ লৈছো।

সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত কবিতাই প্ৰাচীন। তমসা নদীৰ পাৰৰ পুণ্য তপোবনত মৈথুনৰতা ক্ৰৌঞ্চ পক্ষীহালৰ এটাক নিষ্ঠুৰ ব্যাধে হত্যা কৰা দেখি ঋষি বাল্মীকিৰ অন্তৰত অনুভূত শোকৰ খলকনি, পৰ্বত বাগৰি অহা নৈৰ দৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল সেই অমৰ শ্লোকঃ

"মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।
যৎ ক্ৰৌঞ্চমিথুনাদেকমঅৱধীঃ কামমোহিতম্ ।।"

এয়াই আছিল ভাৰতৰ প্ৰথম কবিতা। উল্লেখযোগ্য যে ইয়াৰ পৰাই সৃষ্টি হৈছিল আদি কাব্য 'ৰামায়ণ'।

কবিতা মূলত এক শিল্প।কবিতা শব্দৰে নিৰ্মিত ভাষাৰ শিল্প। কবিতা কবিৰ ভাৱ-বিলাসৰ শব্দময় প্ৰকাশ। অৱশ্যে কবিতা বাস্তৱৰ অবিকল প্ৰতিকৃতি নহয়। ই বাস্তৱৰ এক নন্দনতাত্ত্বিক ৰূপায়ণহে।
সাধাৰণতে কথ্য ভাষাত 'ভাৱ'ৰ বিনিময় ঘটে। আনহাতে কবিতাৰ ভাষাত 'ভাৱ' আৰু 'ৰস' - দুয়োটাই উপলব্ধ হয়। স্মৰ্তব্য যে আজিৰ আধুনিক কবিতা পূৰ্বৰ ৰোমাণ্টিক ধাৰাৰ পৰা বহু পৰিমাণে ফালৰি কাটি আহি স্ব-মহিমাৰে মহিমামণ্ডিত। সময় সলনি হোৱাৰ লগে লগে সলনি হৈছে ভাৱ, ভাষা , বিষয়বস্তু আদি সকলো।

বহুতো বছৰ ধৰি কবিতাৰ নিৰলস সাধনাত ৰত হৈ থকা কবি মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' কাব্য সংকলনখনত অৰ্ধ-শতাধিক কবিতা অন্তৰ্ভুক্ত হৈছে। সংবেদনশীল কবি মৌচুমী বৰিৰ কবিতাত আছে প্ৰেম আৰু জীৱনৰ বিভিন্ন অভিব্যক্তি। সন্দেহ নাই, এই প্ৰেম ভালপোৱা শাশ্বত আৰু অবিনশ্বৰ। প্ৰকৃত প্ৰেমে কুৰুকি কুৰুকি খান্দে মানুহৰ হৃদয়, জুমি চায় বুকুৰ গভীৰতাত কিমানলৈকে প্ৰোথিত হৈ আছে ভালপোৱাৰ শিপা। মনকৰিবলগীয়া কথাটো হ'ল কবিৰ প্ৰতিটো কবিতাত কলাসন্মতভাৱে প্ৰেম-ভালপোৱা আৰু মমত্বৰে অৱগাহন কৰি হৃদয়ানুভূতিৰে উপস্থাপন কৰিছে। কবিতাপুথিখনৰ 'নাম' শীৰ্ষক কবিতাটোত কবিয়ে সুন্দৰ, সুস্থ আৰু আনন্দমুখৰ পৰিৱেশ এটাৰ সৃষ্টি কৰিছে। কবিয়ে কবিতাটোৰ আৰম্ভণিতে কৈছে-

" বহুদিন কবিতা লিখা নাই
বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে
কবিতা এটালৈ বাট চাই আছিলোঁ…"

বৰষুণ আশাৰ প্ৰতীক। বৰষুণৰ টোপালবোৰে কবিক আৱেগিক কৰি তোলা দেখা যায়। সেয়েহে হয়তো আলোচ্য সংকলনখনৰ কেবাটাও কবিতাত বৰষুণে কবিক উন্মনা কৰা দেখা গৈছে। 'এজাক বৰষুণৰ কথাৰে' কবিতাত কবিয়ে সুন্দৰ কাব্যিক ব্যঞ্জনা প্ৰকাশ কৰিছে। কবিৰ ভাষাত-

"গুড়ি পৰুৱাহেন বৰষুণজাক কোণীয়াকৈ পৰিছিল
সেউজীয়া পাতবোৰ বৰষুণৰ টোপাল পৰি ছন্দোময় হৈছিল
হঠাতে বৰষুণজাক বাঁহীৰ মিঠা সুৰ হৈ
মোৰ কোঠা বিয়পাই পলকতে আঁতৰি গ'ল
আবেলিলৈ বৰষুণজাক গভীৰ হৈ আহিছিল
সেউজীয়া পাতবোৰ ছন্দোময় গতিত ঘন ঘনকৈ লৰিছিল
হঠাৎ বৰষুণজাক পানীৰঙৰ ছবি হৈ
মোৰ কোঠাত জিলিকি ৰ'ল"

আনহাতে 'জেঠমাহৰ চিত্ৰকল্প' কবিতাটোত কবিয়ে জেঠমাহৰ ছৱি নিখুঁতভাৱে আঁকিছে এনেদৰে-

"জেঠমহীয়া গৰমৰ ভৰপক আয়োজন দেখি
আজি আকাশেও মুখ ওন্দোলালে
ক'লীয়া ডাৱৰজাকৰ আঁৰত পূৰ্ণিমাৰ জোনজনী
ক'তনো জানো লুকাল !
অভিমানী আকাশখনে
বিজুলীৰ ফুচুলনিত পিছল খাই ক'লে-
ৰাতিলৈ দেহা শাঁত পৰা এজাক বৰষুণ নামিব"

কবিক যেতিয়া ভাৱাবেগে অস্থিৰ কৰি তোলে, তেওঁ তেতিয়া শব্দবোৰক আপডাল কৰিবলৈ যত্নপৰ হৈ পৰে আৰু তাৰ ফলশ্ৰুতিত পাখি মেলি উৰিব খোজা পখীও যেন স্থিৰ হৈ পৰে, আকাংক্ষাবোৰ উলাহতে যেনি তেনি বগাই ফুৰে। কবিয়ে প্ৰায়বোৰ কবিতাতে আকৰ্ষণীয় চিত্ৰকল্পৰ প্ৰয়োগ আৰু ইংগিতময়তাৰে কবিতাসমূহক প্ৰদান কৰিছে সুকীয়া মাত্ৰা।

আধুনিক সমাজ জীৱনৰ অৱক্ষয়ৰ ৰূপটো কবিৰ কেইটামান কবিতাত সিঁচৰতি হৈ আছে। আনহাতে কবিৰ সামাজিক চেতনাবোধ অত্যন্ত প্ৰখৰ। সমাজ জীৱনৰ অৱক্ষয়ত কবি যেন উদ্বিগ্ন হৈ পৰিছে। সৰল শব্দচয়ন আৰু পোনপটীয়া ভাষাৰে কবিয়ে প্ৰকাশ কৰিছে আধুনিক কৃত্ৰিম সভ্যতা-সংস্কৃতিয়ে গ্ৰাস কৰি পেলোৱা সমাজখনৰ ৰুগ্ন ৰূপটোক। 'ইজনে সিজনৰ বাবে' কবিতাটোত কবিয়ে যেন তাৰেই ইংগিত দিছে এনেদৰে-

"তুমি মোলৈ চাই হাঁহিছা যদিও
তোমাৰ চকুতো যন্ত্ৰণা "

ভাৱ-চিন্তা আৰু ভাষাৰ সুষম মিশ্ৰণে মৌচুমী বৰিৰ কবিতাসমূহক সাৰুৱা কৰি তুলিছে।সহজ-সৰল ভাষাৰ আধাৰত জীৱন সত্যৰ নিৰ্মোহ বিশ্লেষণ কৰাত কবি সাৰ্থক হৈছে বুলি ক'ব লাগিব। কবিৰ 'জাৰ নামিছে' কবিতাটোত জাৰৰ দিনৰ এক সুন্দৰ চিত্ৰকল্প সজ্জিত হৈছে। কবিৰ কলমত ধৰা দিছে এনেদৰে-

"দোপালপিটা এজাক বৰষুণে আজি জাৰ নমালে
জাৰ পাই জোনবায়ে গাত নিহালিখন ল'লে
কাতিৰ আবেলিটোৰ ধোঁৱাবৰণীয়া আকাশখনত
দেখা পালোঁ এটুকুৰা জুই-অঙঠা !
আজি ৰাতি বোলে তৰাবোৰে জুই ধৰিব
আৰু জুহালত বহি গাব জাৰৰ দিনৰ গান !"

নৈ, ৰ'দ, বৰষুণ, জোনাক, বিশাল আকাশ আদিৰ মাজতে কবিয়ে এৰি অহা শৈশৱক কবিতাত বিভিন্ন ধৰণেৰে তেওঁ উদযাপন কৰিছে। শৈশৱৰ মিঠা সুৰৰ ঝংকাৰে কবিৰ মন থৌকি-বাথৌ কৰি তুলিছে। 'সোঁৱৰণ' কবিতাত যেন তাৰেই প্ৰতিফলন ঘটিছে।

"চতিয়না ফুলবোৰ গোন্ধাইছে
পূজা আহিছে
বাঁহৰ খুঁটাত সাঁচতীয়া পইচা কিমানবা হ'ল !"

আনহাতে 'গধূলি তোমাৰ স'তে' কবিতাত এক 'নষ্টালজিক' মুহূৰ্তৰ লগতে অসমৰ গ্ৰাম্য জীৱনৰ টুকুৰা ছৱি কবিয়ে অংকন কৰিছে এনেদৰে-

"পুখুৰীৰ পানীৰ ভেঁটফুলবোৰ চাই চাই
নীলা নীলা বেদনাৰে চিঠি লিখা
মনত পৰেনে
গধূলি তোমাৰ স'তে"

আলোচ্য সংকলনখনৰ 'দেউতা' আৰু 'মা' শীৰ্ষক কবিতা দুটা বিশেষভাৱে উল্লেখযোগ্য। উল্লিখিত কবিতা দুটাত কবিয়ে যেন বাস্তৱৰ চিত্ৰ শিল্পসন্মতভাৱে আঁকিবলৈ প্ৰয়াস কৰিছে। সাধাৰণভাৱে ক'ব পাৰি যে, বিষাদ মনৰ মাজত বৈ থকা এখন বোৱতী নৈ যি অহৰহ বৈ থাকে আৰু মনৰ বাৰিষা আহিলেই পাৰ ভাঙি বৈ আহে বাহিৰলৈ…। ইয়াৰ ফলশ্ৰুতিত সৃষ্টি হয় বিষাদ-ৰাগিনী। এই বিষাদৰে যেন বহিৰ্প্ৰকাশ ঘটিছে 'দেউতা' কবিতাটোত। কবিয়ে আকুলতাৰে কৈছে-

"দেউতাৰ যেতিয়া টান নৰিয়া হৈছিল
আশু-আৰোগ্যৰ বাবে
চৌবিশ ঘণ্টাই জ্বলাই ৰাখিছিলোঁ
মাটিৰ চাকি "

কোনো কোনো সময়ত অনুভৱ হয় কবিতাৰ ব্যঞ্জনাইহে মূল কথা। ইংগিতময়তা যদি নাথাকে, ব্যঞ্জনা যদি নাথাকে, তেনেহ'লে কেৱল বাক্য গাঁথনিয়ে কবিতা হ'বলৈ অপাৰগ। আধুনিক কবিতাৰ ভাষা হ'ব লাগে ব্যঞ্জনাময়। মৌচমী বৰিৰ কবিতাত এই ব্যঞ্জনা সততে লক্ষ্য কৰা যায়। উদাহৰণ স্বৰূপে 'বৰণীয়' কবিতাটোলৈ আঙুলিয়াব পাৰি। কবিয়ে চিনাকি শব্দবোৰকে চিন্তা-ভাৱ-অনুভূতিৰ অগতানুগতিক সংযুক্তি ঘটাই প্ৰকাশ কৰিছে এনেদৰে-

"তুমি ভায়'লিনৰ সুৰ তোলা মুহূৰ্তটোক
বৰণীয় কৰি
মুগ্ধ হৈ চাই ৰৈছিলোঁ তোমালৈ "

গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী 'পাঞ্চজন্য'ৰ দ্বাৰা প্ৰকাশিত মৌচুমী বৰিৰ আলোচ্য কাব্যসংকলনখনত সন্নিৱিষ্ট কবিতাসমূহৰ এক সুকীয়া বৈশিষ্ট্য বিদ্যমান। কবিতাসমূহ পঢ়াৰ অন্তত ধাৰণা হয় কবিয়ে এক নিজস্ব শৈলী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰতীকী, শব্দচয়ন, সূক্ষ্ম পৰ্যবেক্ষণ আৰু ব্যঞ্জনাধৰ্মী ভাষাৰে এইগৰাকী কবিয়ে আধুনিক জীৱনৰ মৰ্মস্পৰ্শী ৰূপটো সুন্দৰভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে। অৱশ্যে এইআষাৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কবিৰ দুই- এটা কবিতাৰ ভাষা বক্তৃতাধৰ্মী হোৱাৰ বাবে কাব্যিক সৌন্দৰ্য কিছু পৰিমাণে হ্ৰাস পাইছে। এইখিনিতে এটা কথা নক'লে ভুল হ'ব যে কবিতাৰ বিশেষ ভাষা আৰু আংগিকৰ ক্ষেত্ৰত কবিগৰাকী আৰু অধিক সচেতন হ'ব লাগিব।

শেষত মৌচুমী বৰিৰ কাব্য সাধনাৰ উত্তৰোত্তৰ সমৃদ্ধি আন্তৰিকতাৰে কামনা কৰিলোঁ।

ধন্যবাদ।
বিচিত্ৰ কুমাৰ মেধি

Friday, 22 January 2016

মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে ' --- অগস্ত্য বৰুৱা

মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে '
***********************************
'স্পন্দন' ৰ চিনাকি কবি মৌচুমী বৰিয়ে তেখেতৰ কবিতাৰ কিতাপখন দিয়া বহু দিনেই হ'ল, ভাবিছিলোঁ পাঠকক মনৰ কথাখিনি জনাম, কিন্তু হৈ উঠা নাছিল I
পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰা কিতাপখনত মুঠ ৫৩ টা কবিতা আছে I
কবিতা খিনি পঢ়ি যাওঁতে কবিৰ সৰল আৰু কোমল মনৰ আভাস পোৱা যায় I শব্দ গাঁঠনি সুন্দৰ I কোনো জটিল শব্দৰ আশ্ৰয় নোলোৱাকৈও যে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি, সেয়া কিতাপখন পঢ়িলে একেআষাৰে ক'ব পাৰি I
প্ৰথম কবিতা 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' ত কবিয়ে কবিতা লিখিবলৈ বাট চাই থাকি কিছু চিনাকি মৰম, অভিমান আৰু চিনাকি সুৰতে বিচাৰি পাইছে কবিতাটো I
'তুমি যেতিয়া মোৰ বাবে পৰ্দাৰ আঁৰৰ সপোন আছিলা' এটা সুন্দৰ কবিতা I
"আৰু এদিন শাৰদী নিশাৰ জোনাকত
তোমাক দেখা পালোঁ
সপোনটোও জোনাকৰ স্বচ্ছতাত
জিলিকি আছিল সেইদিনা"
"আপোনাৰ অসুখৰ খবৰ পালে" কবিতাত কাৰোবাৰ অসুখৰ খবৰত ম্ৰিয়মাণ হোৱাৰ কথা ক'বলৈ গৈ কৈছে
'নিবিচাৰোঁ ম্ৰিয়মাণ গধূলি এটাত
বিনাই উঠা
শোকাৰ্ত এটি গজল শুনিবলৈও '
"সোঁৱৰণ" ত কবিয়ে শৈশৱলৈ ওভটাই লৈ গৈছে
'চতিয়না ফুলবোৰ গো্ন্ধাইছে
পূজা আহিছে
বাঁহৰ খুটাত সাঁচতীয়া পইচা কিমান বা হ'ল
এনেহেন বতৰত কমলা টেঙাৰ সোৱাদ বৰ ভাল '
সাৱলীল গতিৰ কবিতা খিনি পঢ়ি এটা কথাই কওঁ কবিৰ সৰলতাখিনি সদায় থাকক, আৰু নতুন কবিতা পঢ়িবলৈ বাট চাই ৰ'লো I
অগস্ত্য বৰুৱা
২২/০১/২০১৬

Monday, 23 November 2015

মোৰ জীৱনৰ প্ৰথমখনি কাব্য সংকলন --- "বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে"




“বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে” শীর্ষক মৌচুমী বৰিৰ কবিতাপুথিখন প্রায় প্রকাশৰ লগে লগে আমাৰ হাতত পৰিছিল । কবিতা কেইটা পঢ়ি ভাল লগাত একে বহাতে পুথিখন পঢ়ি শেষ কৰিলো । প্রায় ৫০ৰো অধিক কবিতাৰ এখন ধুনীয়া পুথি । কবিৰ মনগহনত মুকুতাৰ দৰে জিলিকি থকা বহু ভাৱৰ বুৰবুৰণি কবিতাৰ ৰূপত ধৰা দিছে । সেয়ে ইয়াত বিভিন্ন স্বাদৰ কবিতা সন্নিবিষ্ট হৈ আছে । তেখেতে প্রত্যেকটো কবিতাই প্রেম আৰু মমতাৰ অৱগাহন কৰি হৃদয়ানুভুতিৰে শব্দসমুহ উপস্হাপন কৰিছে । কবিতাসমূহত সাৱলীল কোমল ভাষা আৰু ব্যঞ্জনাৰ প্রয়োগত কবিয়ে বিশেষ গুৰুত্ব আৰোপ কৰা যেন অনুভৱ হয় । কবিয়ে জটিল বাস্তৱৰ ধামখুমীয়াত তেওঁ অতীতক ৰোমন্হন কৰি কেতিয়াবা বুকু ভৰাই ৰাখিব খুজিছে, কেতিয়াবা যৌৱনৰ প্রখৰ ৰ’দজাকৰ উত্তাপ স্মৃতিৰ অটল তলিৰ পৰা বুটলি আনিছে ....সপোনটো কেতিয়াবা/ আউঁসীৰ ৰাতিত হেৰাইছিল/ আৰু কেতিয়াবা/ স্নিগ্ধ জোনাকৰ কোমল বতাহত / জিৰণি লৈছিল (তুমি মোক হাত বাউল দি মাতিবা ); সেইদৰে শৈশবৰ মিঠা সুৰৰ ঝংকাৰে কবিৰ মন কেতিয়াবা উতনুৱা কৰি তুলিছে....চতিয়না ফুলবোৰ গোন্ধাইছে/ পূজা আহিছে/ বাঁহৰ খুটাঁত সাচতীয়া পইচা কিমানবা হ’ল...(সোঁৱৰণ) । প্রাত্যহিক জীৱনত আমি সকলোৱে অনুভৱ কৰা এখন জীৱন্ত ছবি ...সোণবৰণীয়া সময়বোৰ/ সাধুকথা হৈ যিমানে পৃষ্ঠা ভৰিছিল/ কোনেও নজনাকৈ / ঘাম আৰু চকুপানীৰে সিমানে তিতিছিল..(টেলিপেথি ভাৱনা, ঘাম, চকুপানী ইত্যাদি) । অন্য এটি কবিতা (সোঁৱৰণ) ....এটা নিসহায় ৰাতি ওপঙি থাকিল/ কৰুণ বতাহজাকত/ সেন্দুৰঙী চিত্ৰখনত বিবর্ণতাৰ প্রলেপ দি/ মানুহজন গ’লগৈ/ এতিয়া/ শূণ্যতাৰ কোঁহে কোঁহে / স্মৃতি-ভৰপক তেওঁৰ সোঁৱৰণ.. ইমান গভীৰ চিত্ৰ ইমান সহজভাৱে বাঙ্ময় হৈ উঠিছে এই সৰু কবিতাটিত । সেইদৰে “জাৰ নামিছে” নামৰ সৰু কবিতাটি এক সুন্দৰ চিত্ৰকল্প সজ্জিত হৈছে । এইয়া নিশ্চয় কবিৰ পাৰদশির্তাৰে ফল । কবিতা সমূহত ব্যঞ্জনা/ উপমা ইত্যাদিৰ বিশেষ প্রয়োভৰ নহলেও, যেনে- বৰফ ফুলা বৰষুণ.., বিনীত ৰাতিৰ আকাশ, থোপাথোপে জোনাক সৰিছে, আপেল ৰঙী বেলিটো, নিৰিবিলি প্রণময়তা ইত্যাদি কিছু মন পৰশা সংযোজন ঘটিছে । তেওঁৰ অন্য কেইটিমান মোহনীয় কবিতা হ’ল –কণমাণিটো যেতিয়া আলফুলে শুই থাকে, গধুলি তোমাৰ সতে, শেষ কান্দোন, মা, নিসংগতা । মৌচুমী বৰিৰ এই কবিতাপুথিখন এখন কোমল অন্তৰ পৰশা কিছুমান কবিতাৰ এক গাঁথা ।
--- কনচেঙ বৰগোহাঁই, নয়ডা


কবিতাপুথিখন পঢ়ি শেষ কৰিলোঁ। কবিতাবোৰে জীৱন-যৌৱনৰ বৈচিত্ৰ,প্ৰকৃতি বন্দনা, প্ৰিয়জনৰ সান্নিধ্যৰ পৰম সুখ, বিচ্ছেদৰ বিষাদ,অন্তৰ্জগতৰ আশা-আকাংক্ষা,হুমনিয়াহ,নিসংগতা-এই সকলোবোৰ দিশেই সামৰি লৈছে।কবিতাৰ নামটোতেই এক আশাৰ বাৰ্তা ফুটি উঠিছে।"বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে"পঢ়ি সুখী হ'লো। এইবাৰ গল্পৰ সংকলন এখন উলিয়াব দেই --- ঈশান জ্যোতি বৰা


বহুত ধন্যবাদ মৌচুমী। সুন্দৰ শব্দৰে মালা গুঠা তোমাৰ কাব্যপুথিখন পঢ়ি ভাল লাগিল। 
“…. এটা চিনাকী সুৰ, অলপ চিনাকী অভিমান…. কিছু চিনাকী মৰম….” – বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে!! 
গ্ৰন্থখনৰ প্ৰথম কবিতাটিৰ এই শাৰীটো মোৰ বৰ ভাল লাগিল। 
তোমালৈ শুভেচ্ছা থাকিল।


        --- ৰূপালী গগৈ বৰুৱা

বা, আপোনাৰ কবিতাবোৰ সঁচাকৈয়ে অনুপম৷মই কবিতাৰ সমালোচক নহয়, সকলোবোৰ কবিতাৰ গুৰুত্বও বুজি নাপাওঁ৷ তথাপিও কবিতা ভাল পাওঁ, কবিতা উপভোগ কৰোঁ৷ আপোনাৰ পৰা আৰু কবিতা পুথি আশা কৰিলোঁ৷লগতে গল্প পুথি৷ হীৰু দাৰ ভাষাৰে কওঁ --"কবিতা পঢ়ি পাহৰিব পাৰি, পাহৰিব পাৰি কিছু দুখ আনকি গ্লানি/কবিতা জীৱনৰ অন্য বিষয় কুশল/শব্দ-সংঘ ভাঙি তিৰবিৰ/বন তুলসীৰ উজাৰি লুকুৱা সুগন্ধি/দীঘল উপত্যকা
        --- অৰ্চনা কলিতা




'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' -মৌচুমী বৰিৰ সদ্য প্ৰকাশিত কাব্য গ্ৰন্থখন ৩০ছেপ্টেম্বৰ ২০১৫ তাৰিখে পালোঁ।
'পাঞ্চজন্য' গুৱাহাটীৰ দ্বাৰা প্ৰকাশিত সুন্দৰ বেটুপাতৰ কাব্য-গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা হ'ল- ৬৪ আৰু মূল্য- ১০০ টকা।
কবিয়ে গ্ৰন্থখনিত কোনো বিশেষ ব্যক্তিৰ দ্বাৰা 'পাতনি'ৰ সংযোজন কৰা নাই। কবিৰ 'কিছু ব্যক্তিগত' শীৰ্ষক লেখাৰে আৰম্ভ হোৱা কিতাপখনৰ প্ৰথমটো কবিতাৰ শিৰোনামেৰেই কাব্য-গ্ৰন্থখনিৰ নামাংকণ কৰা হৈছে।
পাঠকৰ দৃষ্টিৰে 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' গ্ৰন্থখনৰ বিষয়ে অলপ কথা লিখিবলৈ মন আছে।
যিহওক, মৌচুমী বৰিলৈ শুভেচ্ছা থাকিল আৰু কাব্য-গ্ৰন্থখনিৰ সাফল্য কামনা কৰিলোঁ।
                               --- মনোহৰ দত্ত

মৌচুমী বৰিৰ নতুন কবিতা সংকলন .‪#‎বৰষুণ‬ এজাকলৈ বাট চাই থকাৰ দৰে !! হাতত পৰিছেহি একেবহাতে শেষ কৰিলো..ভাল পাইছো পঢ়ি Mousumee তোমাৰ শৱদৰ প্ৰথমজাক বৰষুণত আমিও তিতিবলৈ পাই সুখী !!! শুভকামনা থাকিল...এই যাত্ৰা আমাৰ বাবে অনুপ্ৰেৰণা হব বুলি আশা কৰিছো like emoticon
-- সুভাষ বৰা



এইমাত্ৰ ডাকত আহিল ...
যুৱ কবি মৌচুমী বৰি ( Mousumee Bori ) ৰ
নৱতম কবিতা সংকলন ...
" বৰষুণ এজাকলৈ
বাট চাই থকাৰ দৰে " ...
( এই গ্ৰন্থ খনিৰ শুভ উন্মোচনী
অনুষ্ঠানলৈ আমিও নিমন্ত্ৰিত আছিলো
যদিও বৰদেউতাৰ আকষ্মিক বিয়োগৰ
বাবে ... অনুষ্ঠানটিত বৰতীয়া অৱস্থাৰে
উপস্থিত থাকিব নোৱাৰিলোঁ )
কবি গৰাকীৰ এনে শুভ চিন্তাৰ শলাগলৈ
কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ...
আশা কৰিম আমাৰ পাঠক সমাজে
এই সংকলনটি আদৰি লব , মৰম যাচিব !!!
               --- ৰাজীৱ কমল



  • বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে
    বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে" নবীন কবি মৌচুমী বৰিৰ প্ৰথম কাব্য সংকলন । গুৱাহাটীৰ পাঞ্চজন্য প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাব্যসংকলন খন কবিগৰাকীৰ জীৱনৰ প্ৰথমখন কাব্য সংকলন হিচাপে অতিকৈ উন্নত মানৰ বুলিব পাৰি । এইক্ষেত্ৰত কবিগৰাকীৰ কবিতাৰ প্ৰতি থকা আগ্ৰহ তথা একাগ্ৰতা আৰু অধ্যয়নপিপাসু মনৰ উমান পোৱা যায় । মুঠ তেৱন্নটা কবিতাৰে পৰিপূৰ্ণ কাব্য সংকলনখনৰ প্ৰতিটো কবিতাৰে বিষয়-বস্তু নিৰ্বাচন আৰু ইয়াৰ উপস্থাপনৰ ক্ষেত্ৰত কবিগৰাকী সম্পূৰ্ণৰূপে সফল হৈছে বুলি ক'ব পাৰি । নিসংগতা, নীৰৱে সৰিপৰা তোমাৰ চকুপানীৰ টোপাল, শেষ কান্দোন, সোঁৱৰণ, এটা প্ৰেমৰ পদ্য আদিকে ধৰি কবিতাসমূহৰ বিষয় বস্তু বেলেগ বেলেগ যদিও প্ৰতিটো কবিতাৰে আছে নিজস্ব আবেদন । জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি, সুখ-দুখ, প্ৰেম, নিসংগতা আৰু প্ৰকৃতি ইত্যাদি বিষয় সমূহেই সাধাৰণতে মৌচুমী বৰিৰ কবিতাত প্ৰাধান্য লাভ কৰিছে । এনে বিষয় সমূহকে লৈ উপযুক্ত শব্দৰ উপস্থাপনৰ সৈতে কবিতাসমূহক মননশীল মাত্ৰা প্ৰদান কৰিছে । উদাহৰণস্বৰূপে নিসংগতাত কবিতাটোত নিসংগতাত ভাগৰি পৰা কবিয়ে লিখিছে - অ' নিসংগতা / প্ৰত্যাশাৰ এটি প্ৰভাত হৈ / তুমি যদি আহিলাহেঁতেন / অমল জোনাকত তগৰ ফুলৰ সুবাস হৈ । একেদৰেই 'তুমি যেতিয়া মোৰ আই আছিলা ' শীৰ্ষক কবিতাটোত মাতৃত্বৰ গৌৰৱেৰে কবিয়ে লিখিছে - আই, আজি ময়ো আই হ'লো / তুমি যে হ'লা আইতা / চোৱাছোন চৌৱা / কেনেকৈ উলাহত নাচিছে ধুনীয়া ধাননিডৰা । মুঠতে সহজ- সুন্দৰ ভাষা, ইংগিতধৰ্মিতা অনুভৱ আৰু ভৱনাৰ তীব্ৰতা থকা কম কথাৰ বৈশিষ্ট্য পূৰ্ণ কবিতাসমূহে কবিগৰাকীক প্ৰতিভাৱান কৰি তুলিবলৈ সক্ষম হৈছে । শেষত কওঁ যে মৌচুমী বৰিৰ কাব্যিক চৰ্চা অব্যাহত থকাৰ লগতে এই যাত্ৰা অব্যাহত থাকক আৰু কবিতাৰ জগতখনত নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হওঁক । এইগৰাকী নবীন কবিৰ পৰা আমি আশাবাদী ।
    ------শিৱ প্ৰসাদ হাজৰিকা

  • মৌচুমী বৰি ৷ নামটো হয়তো বহুতৰে চিনাকি এগৰাকী সংবেদনশীল আৰু অনুভৱী কবি হিচাপে ৷ “ বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে ” তেওঁৰ সদ্য-প্ৰকাশিত কবিতা পুথি ৷ কিমান সূক্ষ্ম আৰু সংবেদনশীল তেওঁৰ অনুভৱ -----সন্নিৱিষ্ট প্ৰতিটো কবিতাই তাৰ সাক্ষ্য বহন কৰিছে ৷ বৃত্তিত অভিযন্তা এইগৰাকী কবিয়ে দুখন ভিন্ন জগতত সহাৱস্থান কৰি আমাক এটাই বাণী দিছে ------- যিমানেই নিৰস আৰু সংঘাতপূৰ্ণ নহওক কিয় আজিৰ পৃথিৱী , আমাৰ অনুভূতিৰ কৰ্ষণেৰে উজ্বলাই তুলিব পাৰোঁ জীৱনৰ স্মৃতিসৌধ ৷
    পুৱাৰ পোহৰত তিৰ্‌বিৰাই থকা দুবৰি ডৰাৰ নিয়ঁৰৰ টোপালযেন তেওঁৰ শব্দ-নিৰ্বাচন ৷ প্ৰতিটো কবিতাই কঢ়িয়াই আনিছে তেওঁৰ কবি জীৱনৰ পূৰ্ণ সাফল্যৰ সম্ভাৱনা ৷ মৌচুমীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ৷
  •                                --- সত্যেন্দ্র বৰদলৈ,বিহপুৰীয়া কলেজ,অসমীয়া বিভাগ