Sunday 4 May 2014

“পত্ৰবান্ধৱী” (গল্প)

“পত্ৰবান্ধৱী” (গল্প)
অৰুন্ধতীৰ ফেচবুক একাউন্ট খোলা বেছি দিন হোৱা নাই।হঠাতে এদিন তাই বন্ধু-বান্ধৱী বিচাৰি থাকোঁতে পৰীক দেখা পালে।তাই আনন্দতে জপিয়াই উঠিল, লগে লগে তাই পৰীৰ বাৰ্তা বাকচত লিখিলে—
“পৰী, কি খবৰ? বহু বছৰৰ মূৰত তোমাক ফেচবুকত দেখা পাই ইমান যে ভাল লাগিছে!এতিয়া ক’ত তুমি?মোলৈ লিখিবা দেই”।
পৰীলৈ বুলি বাৰ্তা লিখি অৰুন্ধতীয়ে “ফ্ৰেণ্ড ৰিকুয়েষ্ট” পঠাবলৈ বুলি তাইৰ একাউন্টটোত চকু ফুৰালে; নাই তাই “ফ্ৰেণ্ড ৰিকুয়েষ্ট” পঠাব পৰা ব্যৱস্হা ৰখা নাইচোন! “মেচেজ বক্স”ৰ হে ব্যৱস্হা ৰাখি থৈছে।যি কি নহওঁক তাই খুব আশাৰে অপেক্ষা কৰি ৰ’ল পৰীৰ উত্তৰলৈ।কিন্তু এদিন গ’ল, দুদিন গ’ল উত্তৰ নাহিল।উত্তৰ নহা দেখি তিনিদিনৰ পিছত তাই পুনৰ লিখিলে—
“পৰী, তুমি মোৰ বাৰ্তা পাইছা যেন বোধ হ’ল যদিও উত্তৰ নাপাই বৰ মন বেয়া লাগিছে...আশা কৰোঁ, কিবা এটা লিখিবা”।
এইবাৰ দুদিন অপেক্ষাৰ অন্তত অৰুন্ধতীৰ ফেচবুক বাৰ্তা বাকচটো জিলিকি থকা দেখা পালে।ল’ৰাল’ৰিকৈ তাই বাৰ্তা বাকচটো খুলিলে। পৰীয়ে লিখিছে—
“আপোনাৰ মেচেজ পাইছোঁ ।কিন্তু ক্ষমা কৰিব, মই আপোনাক চিনি পোৱা নাই।অৰুন্ধতী নামৰ মোৰ কোনো বান্ধৱী নাছিল বা মইচোন তেনে নামৰ কাকো চিনি পাওঁ বুলি মনত পেলাব পৰা নাই।আপুনি হয়তো বেলেগ কোনোবা বুলি মোকে ভাবিছে”।
পৰীৰ উত্তৰ পাই অৰুন্ধতীৰ চকুহাল সেমেকি উঠিল।তাই পৰী নহয়!!এইয়া কেনেকৈ সম্ভৱ!তাৰোপৰি মোলৈ “আপুনি” বুলিও লিখিছে!যাক ইমান বছৰে বিছাৰি বিছাৰি হঠাৎ পাই যোৱা যেন লাগিছিল অথচ যি তাইক চিনি নাপাওঁ বুলি কৈছে, ইয়াতকৈ আৰু দুখৰ কথা কিবা থাকিব পাৰেনে?
এৰা, পৰীয়ে পাহৰিবওটো পাৰে তাইক। আজি ১২ বছৰেই হ’ল পৰীৰ স’তে যোগাযোগ নথকা।১২ বছৰত হয়তো বহু কথাই পাহৰি থাকিব পাৰি! পৰীয়ে তাইক পাহৰিলে – এইয়া কোনো অস্বাভাৱিক কথা নহয় হয়তো।কিন্তু তাই পৰীক পাহৰিব পৰা নাই কিয়? হয়তো অৰুন্ধতীৰ বাবে পৰীয়েই আছিল শৈশৱৰ প্ৰিয় বান্ধৱী!সৰুকালৰ ভাল লগা বন্ধু-বান্ধৱীক কোনোবাই বাৰু পাহৰিব পাৰেনে? অন্তত: অৰুন্ধতীয়ে নোৱাৰে।
অৰুন্ধতীহঁত যেতিয়া স্কুলত আছিল তেতিয়া আজিৰ দৰে ম’বাইল, অৰকুট, ফেচবুক, টুইটাৰ, ৱাটচআপ আদিৰ কোনো সুবিধা নাছিল।সেই সময়ত চিঠি-পত্ৰই আছিল যোগাযোগৰ মাধ্যম।ৰাস্টাৰ কাষে কাষে ঠিয় হৈ থকা ৰঙা ৰঙৰ ডাক-বাকচটোৰ বেচ আদৰ আছিল তেতিয়া।মানুহৰ মনৰ কথাবোৰ ডাক-বাকচটোৰ মাধ্যমেৰে ইঠাইৰ পৰা সিঠাইলৈ গৈছিল আৰু ডাকোৱাল জন আছিল বহুলোকৰ বাবে দেৱদূতস্বৰূপ!!আজিকালি ধূলিৰে পোতখাই অনাদৰ-অৱহেলাৰে পৰি থকা ডাক-বাকচবোৰ দেখিলে অৰুন্ধতীৰ মনটো বেয়া লাগি যায়।
এদিন এখন মাহেকীয়া আলোচনীৰ পত্ৰবন্ধু শিতানৰ পৰা অৰুন্ধতীয়ে তুলি লৈছিল পৰীৰ ঠিকনা।পৰীলৈ তাই চিঠি লিখিছিল পত্ৰবান্ধৱীৰ প্ৰস্তাৱেৰে আৰু খুব সোনকালেই পৰীৰ পৰা উত্তৰো আহিছিল।অৰুন্ধতীৰ আজিও মনত আছে তাই পৰীলৈ লিখিছিল যে দুয়োজনীৰ মাজৰ চিঠিৰ আদান-প্ৰদান যেন শাকখোৱা-ভাতখোৱা কথাৰ মাজতে সীমাৱদ্ধ নাথাকে, চিঠিলিখাৰ যোগেদি যেন একপ্ৰকাৰ সাহিত্য চৰ্চাৰ কচৰৎ হয়!অৰুন্ধতীৰ খুব মন যায় ভৱিষ্যত জীৱনত তাই এগৰাকী সুলেখিকা হ’ব।অৰুন্ধতীয়ে বান্ধি দিয়া নীতিকেইটাক পৰীয়ে অতি সহজে মানি লৈছিল।তাৰপিছত কিমান যে কথাৰ আলোচনা নহৈছিল দুইজনীৰ মাজত—অৰ্থনীতিৰ পৰা বিজ্ঞানলৈ, কবিতাৰ পৰা গল্পলৈ আৰু ভৱিষ্যতৰ লক্ষ্যক লৈ....।পৰীয়ে লিখিছিল তাইৰ বোলে লতা মংগেশকাৰৰ দৰে কোনোবা বিখ্যাত গায়িকা হ’বলৈ মন যায়।অৰুন্ধতীৰ যদি ডাক্তৰ হ’বলৈ মন যায় পৰীৰ তেতিয়া প্ৰশাসনীয় বিষয়া হ’বলৈহে মন যায়! পিছৰ চিঠিবোৰত অৱশ্যে পৰীয়ে ডাক্তৰ হ’বলৈহে মন বান্ধিছিল। অৰুন্ধতীয়ে আশা কৰিছিল তাইৰ আৰু পৰীৰ চিঠিবোৰে যেন এদিন সাহিত্যৰ মানদণ্ডৰে গোটেই জগততে জিলিকি উঠে।সেয়ে তাই এখন এখনকৈ ধুনীয়েকৈ চিলাই ৰাখিছিল পৰীৰ সুমধুৰ সাৱলীল চিঠিবোৰ!এৰা, আজিও সোণালী স্মৃতিৰ সাক্ষী হৈ পুৰণি বাকচত সযতনে পৰি ৰৈছে পৰীৰ এসময়ৰ চিঠিবোৰ!
অৰুন্ধতী বাস্তৱলৈ উভতি আহিল। তাই পৰীৰ চিঠিবোৰৰ ওপৰত হাত ফুৰালে।তেতিয়াৰ চিঁয়াহী কলমেৰে লিখা পৰীৰ চিঠিবোৰ পুনৰবাৰ পঢ়িলে তাই আৰু উভতি গ’ল অতীতলৈ।
তাই ভাৱিলে—“কি এই আকৰ্ষণ যি তাইক পিছুৱাই লৈ গৈ থাকে?” বীৰুৱে ঠিকেই কৈছিল—“তুমি, একেবাৰে বাস্তৱত থাকিব নাজানা”।“হয় নেকি কথাটো?” –অৰুন্ধতীয়ে ভাবে।
তাই আকৌ পৰীৰ চিঠিবোৰৰ টুকুৰা কিছুমান পঢ়ি গ’ল--
“মই ইতিমধ্যে আমাৰ জিলা পুথিভঁৰালটোৰ সকলো শিশু সাহিত্যই পঢ়ি শেষ কৰিছোঁ ।এতিয়া কিতাপ, গান আৰু তোমাৰ চিঠিবোৰৰ মাজতে মই বিচৰা সকলোবোৰ পাইছোঁ”।
তাই আন এখন চিঠিৰ ওপৰত চকু ফুৰালে—
“...কটনলৈ আহি ভয় লাগিছিল, এই পৰিৱেশ, এই প্ৰতিযোগিতাৰ বতাহ..মই বাৰু চম্ভালিব পাৰিমনে? কিন্তু তোমাৰ মাথো এখন চিঠিয়ে কটনৰ এই নতুন পৰিৱেশ চম্ভালি লোৱাত মোক মনোবল দিলে।তোমাৰ চিঠিবোৰে মোকচোন জীৱনৰ বাটত আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে।তোমাৰ এই ধাৰ মই কেনেকৈ সুজিম অৰুন্ধতী?”
ক’ব নোৱাৰাকৈয়ে অৰুন্ধতীৰ দুগাল তিতি গ’ল।এনে লাগিল, পৰীক যেন কান্দি কান্দি সাৱটি ধৰিব।ক’ত আছে বাৰু তাই? ফেচবুকৰ এই পৰী জনী যে তাইৰ পত্ৰসখী পৰী নহয়!!
“....অৰুন্ধতী, এতিয়া অৰূপ আৰু মোৰ পঢ়া-শুনাৰ মাজতে মোৰ পৃথিৱীখন ঘূৰিব লাগিছে।জীয়াই থাকিব শিকিছো প্ৰতিটো পল! কবৰৰ পৰা উঠি অহা মৰাশ এটাই হয়তো আম এটা খাব পালে তাৰ গুটি পৰ্যন্ত চুহি চুহি খাব বিচাৰিব ঠিক তেনেকৈয়ে মইও জীৱন ধিয়াইছো বুলি ধৰি ল’বা।তুমি সুখী হোৱা....”
“অৰু, অৰু...ক’ত আছা তুমি?”
বীৰুৰ চিঁয়ৰ শুনি অৰুন্ধতীয়ে ল’ৰাল’ৰিকৈ চকুপানী মোহাৰিলে আৰু পৰীৰ চিঠিবোৰ সামৰি থলে।
“অ’, মই গ’ম পাইছিলোৱেই তোমাক আকৌ অতীতে ৰিঙিয়ালে নহয়?কিমান বাৰ কৈছো তোমাক পাৰ হৈ যোৱা দিনবোৰে তোমাক শূণ্যতাৰ বাদে একো নিদিয়ে....”
“ছ’ৰি বীৰু, তোমাৰ কথা মই শুনা নাই।ফেচবুকত পৰীক দেখা যেন লাগিছিল, কিন্তু গ’ম পালো তাই বোলে মোৰ বান্ধৱী পৰী নহয়”।
বীৰুৱে হা: হা: কৈ হাঁহি পেলালে.. “আঁকৰী ছোৱালীজনী, এই দুনিয়াখনত পৰী নামৰ আৰু একে উপাধিৰ কত’জনী ছোৱালী থাকিব পাৰে, তুমি আৰু এজনীকে ধৰি লৈ তোমাৰ অতীতৰ বান্ধৱীজনী বুলি ভাবি থাকিলে কেনেকৈ হ’ব?”
“বাস্তৱত থাকা, মোৰ সোণজনী; তুমি যে পৰীৰ কথা ভাবা, পৰীয়ে জানো কাহানিবা তোমাৰ কথা ভাবিছে?আজিৰ সৰু পৃথিৱীখনত পৰীয়ে তোমাৰ কথা ভবা হ’লে তাই তোমাক কেতিয়াবাই বিচাৰি ওলিয়ালেহেঁতেন।অৰু, আজিৰ পৃথিৱীত বেছিভাগ মানুহেই নিজৰ সুখৰ কথাহে চিন্তা কৰে, ইমান সৰলচিতীয়া হ’লে কেনেকৈ হ’ব কোৱাছোন? ব’লা ব’লা, নদীৰ পাৰলৈ যাওঁ, অলপ বতাহ খাওঁগৈ!তোমাক যদি আকৌ কেতিয়াবা এনেকৈ দেখা পাওঁ মই কিন্তু তোমাৰ লগত খেলিবলৈ নাহিম আৰু!”
বীৰুৰ সৰু ল’ৰাৰ দৰে কোৱা কথাটোত অৰুন্ধতীয়ে মিচিকিয়াই হাঁহিলে।
“চোৱা, মই কি আনিছো?” এইবুলি কৈ বীৰুৱে পকেটৰ পৰা দুখন কাগজৰ নাও ওলিয়ালে।
“ব’লা, নদীত কাগজৰ নাও উটুৱাওগৈ”...অৰুন্ধতীক হাতত ধৰি বীৰু নদীৰ কাষ পালেগৈ।অৰুন্ধতী আৰু বীৰু নদীৰ পাৰৰ সেউজ ঘাঁহনিডৰাত বহি পৰিল; এজাক নদীময় বতাহে দুয়োকে চুই গ’ল।নদীৰ সিটো মূৰত অস্তগামী বেলিৰ হেঙুল আভা আকাশে-নদীয়ে বিয়পি পৰিল।
“অৰু, চোৱাছোন পৃথিৱীখন কিমান ধুনীয়া, আমি মাথো চাবলৈ জানিব লাগে।সৌৱা চোৱা, নীড়মুখী এজাক পখী, অস্তগামী সূৰুযৰ সেন্দুৰী আভা, সেউজ দলিচাত এহাল প্ৰেমিক প্ৰেমিকা, গহীন নদী আৰু এজাক নদীময় বতাহ! আহ, কি সুন্দৰ! ভাবিলেই ভাল লাগি যায়”।
অৰুন্ধতীয়ে মাথো বীৰুৰ মুখলৈ চাই কথাবোৰ শুনি গ’ল।বীৰুৱে আকৌ কৈ উঠিল—“ব’লা, নদীত নাও দুখন উটুৱাই দিওঁ..সৰুতে আমি কিমানযে কাগজৰ নাও সাজি পানীত উটুৱাইছিলোঁ...বৰ ভাল লাগে..ব’লা ব’লা...”
বীৰুৱে তাইক টানি উঠালে আৰু দুয়ো মিলি কাগজৰ নাও দুখন পানীত মেলি দিলে।
সেইদিনাৰ হেঙুল আবেলিটোত কাগজৰ নাও দুখন পানীত ভাঁহি ভাঁহি বীৰু আৰু অৰুন্ধতীৰ পৰা আঁতৰি গৈ থাকিল।বীৰুৱে লাহেকৈ অৰুন্ধতীৰ কান্ধত হাত থ’লে আৰু তাই বীৰুৰ কান্ধত মূৰটো থৈ পানীলৈ চাই থাকিল।অৰুন্ধতীৰ এনে লাগিল তাই যেন পত্ৰবান্ধৱী পৰীক বিদায় জনাবলৈহে ইয়ালৈ আহিল!
Like ·  ·