Monday 11 September 2017

"পৰিৱৰ্তন"

"পৰিৱৰ্তন" (গল্প)
বুমন দাদাৰ কথা ভাবি জীমণি প্ৰায়ে হতাশ হয়৷ কিয় এনেকুৱা হ'ল সি? সৰুৰ পৰা ডাঙৰলৈ সকলোৱে তাক সুযোগ সুবিধা পালেই দম দিয়ে, গালি দিয়ে৷ কিন্তু সি নিৰ্বিকাৰ হৈ থাকে৷ কাকো ওলোটাই একো নকয়৷ তাৰ এই প্ৰতিক্ৰিয়াহীনতাৰ সুযোগ সকলোৱে লয়৷ সি যেন এটা অকৰা অজলা মূৰত ঘিউ নথকা ল'ৰা -- ঠিক তেনেকুৱা ভাৱ প্ৰকাশ কৰে সকলোৱে৷ অথচ, ঘৰৰ বজাৰ-সমাৰৰ পৰা ভাত ৰন্ধা লৈকে সকলো কামেই বুমন দাই নিয়াৰিকৈ কৰি যায়৷
বুমন দাক দেখিলে এনে লাগে-- সি যেন মানুহৰূপী এটা ৰবটহে৷ যিয়ে যি কয় নিৰ্দেশ মানি তাকে কৰি যায় মনে মনে৷ বুমন দাই এটা শ্ৰেণীতে দুবাৰ দুবাৰকৈ পঢ়িব লগা হয়৷ তাৰ পঢ়া-শুনাৰ তথৈবচ অৱস্থা দেখি মাক-দেউতাক বাৰুকৈয়ে হতাশ হৈ পৰে৷
বুমন দাৰ মুখৰ উজ্জ্বলতা খুউব কমকৈহে দেখা পোৱা যায়৷ মন ভাল থাকিলে -- "হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচায়" বুলি গুণগুণাই গায়৷ বুমন দাৰ মুখত গান শুনিলে জীমণিৰ মনটো অলপ ভাল লাগে কিন্তু বুমন দাৰ সেইকণ আনন্দ অলপ সময়ৰ বাবেহে৷ তাৰপিছত আকৌ নিশ্চুপ হৈ ৰয় বুমন দা ৷
বুমন দা জীমণিৰ পেহীয়েকৰ ল'ৰা৷ জীমণিয়ে বুমনদাহঁতৰ ঘৰতে থাকি পঢ়া-শুনা কৰিছে৷ বুমনদাহঁত টাউনত থাকে,জীমণিৰ ঘৰ গাঁৱত সেয়ে মাক-দেউতাকে তাইক পেহীয়েকৰ ঘৰত থাকি পঢ়াইছে৷ পেহীয়েকে আলহীৰ আগত বুমন দাৰ কথা কৈ দুখ কৰে -- "কেনেকৈ ই ইমান অকৰা হ'ল জানো!!ডাঙৰ হৈ কি কৰি খাব ভগৱানেহে জানে!!"পেহীয়েকৰ কথাবোৰ জীমণিয়ে মানি লবলৈ টান পায়৷ জীমণিৰ এনে লাগে-- পেহীয়েক-পেহাকে বুমনদাক যেন বুজিবলৈ যত্নই নকৰিলে৷ সি অকৰা-অজলা হৈ জন্ম হ'ল বুলি স্বীকাৰ কৰিহে লৈছে!!
"বুমন দা, কোনোবাই তোমাক কিবা বেয়াকৈ ক'লে,তুমি তাৰ উচিত প্ৰত্যুত্তৰ দি দিবা" - জীমণিয়ে কয়৷
বুমন দাই নিৰ্বিকাৰ হৈ জীমণি লৈ চায়৷
"মানুহৰ জীৱনত কিবা এটা লক্ষ্য থাকিব লাগে৷ তুমিও ভৱিষ্যতে নিজৰ ওপৰত থিয় হ'ব পৰাকৈ সমৰ্থৱান হ'ম বুলি ভাবিব লাগিব বুমন দা৷এনেকৈ থাকিলে জীৱনটো নচলিব নহয়৷"
নাই, জীমণিৰ কথা বুজি পাই নে নাপায় জীমণিয়ে ধৰিব নোৱাৰে৷ প্ৰতিক্ৰিয়াহীন হৈ বহি থাকে সি৷
"কিবা এটাতো কোৱা?"
তেনেকৈ ক'লে বুমন দাই জীমণিলৈ চাই হেবাং কৈ হাঁহি এটা মাৰে৷
বুমন দাই জীমণিক মৰম কৰে৷ টিউচনলৈ দেেউতাকৰ পুৰণি স্কুটাৰখনত উঠাই বুমন দায়েই তাইক লৈ যায়৷ টিউচনৰ পৰা লৈও আহে বুমন দায়েই৷
এদিন বুমন দাই কাণে কাণ মাৰি হায়াৰ চেকেণ্ডেৰী পাছ কৰিলে৷ পেহায়ে ঘৰৰ চোতালতে ৰাষ্টাৰ কাষত গেলামালৰ দোকান এখন খুলি দিলে৷ বুমন দা দিনৰ দিনটো দোকানখনত বহি থাকে৷ গ্ৰাহক আহিলে বস্তু ঠিকেই দিয়ে কিন্তু খুউব লেহেমিয়াকৈ দিয়ে৷ সেয়ে গ্ৰাহক সকলৰ খং উঠে৷
"অকৰাটো সোনকালে দে ৷ এনেকৈ দোকান দিলে কি দোকান চলাই খাবি,হুঁহ!!" বুলি গ্ৰাহকে দম দি থৈ যায়৷কেতিয়াবা বহু গ্ৰাহকে পইচা পাতি নিদিয়াকৈও বস্তু লৈ যায়৷ বুমন দাৰ দোকান চলোৱা মতিগতি দেখি অৱশেষত পেহাই দোকান বন্ধ কৰিলে৷তাৰপিছৰ পৰা বুমন দাই কাম বন নাথাকিলে চকুমুদি বিচনাত পৰি থাকে ৷ সময় সুযোগ পালেই মুঠতে বিচনাত শুই থাকে৷ জীমণিৰ কোনোবা আলোচনীত পঢ়া মনত পৰে -- হতাশ মানুহে শুই থাকি ভাল পাই বোলে!! বুমন দাৰো তেনে হোৱা নাইতো!--জীমণিয়ে ভাবে৷
এনেকৈয়ে বুমন দাৰ দিনবোৰ যাবলৈ ধৰিলে ৷
কেতিয়াবা জীমণিৰ ভাব হয় -- বুমন দা যেন এটা হতাশাৰ প্ৰতিমূৰ্তি৷ সকলোৱে অকৰাটো অজলাটো কওঁতে কওঁতে পেহা-পেহীৰ দৰেই বুমন দাইও যেন নিজকে অকৰা বুলি স্বীকাৰ কৰি লৈছে জীমণিৰ তেনে লাগে৷ বুমন দাই বাৰু নিজকে এজন ধুমুহাত বিধ্বস্ত মানুহ বুলি ভাবে নেকি!
চাওঁতে চাওঁতে বুমন দাৰ বিয়াৰ বয়স পালেহি৷ পেহা-পেহীয়ে বিয়াৰ কথা উলিয়াওঁতে বুমন দাই মুখেৰে মাত মতা জীমণিয়ে শুনিছিল-- "মই বিয়া নাপাতো"৷
কিন্তু পেহা-পেহীয়ে বুমন দাৰ কথা নুশুনিলে ৷ জীমণিহঁতৰ গাঁৱৰে ছোৱালী এজনীৰ লগত জোৰকৈ বিয়া পতাই দিলে৷ পিছে পয়মাল লাগিল ফুলশয্যা নিশাৰ দিনাই৷ বুমন দাই কইনাৰ লগত নুশুই,কইনাৰ ওচৰলৈ নাযাওঁ বুলি জিদ ধৰিলে৷ ইফালে কইনাৰ কান্দোন আৰম্ভ হ'ল৷
"বুমন দা,বিয়াৰ পিছত তুমি বৌৰ লগত একেলগে থাকিব লাগে বুলি নাজানা নেকি? হাত যোৰ কৰিছো তোমাক ,ঘৰখনৰ সন্মানৰ কথা ভাবি তুমি বৌৰ ওচৰলৈ যোৱা"-- জীমণিয়ে এইবুলি কৈ কৈ বুমন দাক ঠেলি হেঁচি কোঠাত সোমোৱাই বাহিৰৰ পৰা দুৱাৰখন লগাই দিলে৷ পিছদিনা কাহিলিপুৱাতে জীমণিয়ে উঠি বুমন দাহঁতৰ কোঠাৰ লকটো খুলি দিলে৷
পিছদিনা ন-কইনাই যিবোৰ কৰে সেইবোৰ একো নহ'ল৷ আউলি বাউলি চুলিৰে বুমন দাৰ কইনাজনীয়ে পুৱাৰ পৰাই ৰাউচি জুৰি কান্দিবলৈ আৰম্ভ কৰিলে৷ জীমণি,পেহা-পেহী সকলোৱে ন-কইনাক বুজাবলৈ আৰম্ভ কৰিলে৷ দিন গ'লে সকলো ঠিক হৈ যাব বুলি বুজনি দিলে৷ বুজনি শুনি শুনি অৱশেষত ন-কইনা শান্ত হ'ল৷ ন-কইনা সেইমুহূৰ্ততহে শান্ত হ'ল কিন্তু সেইদিনাখনৰ পৰাই ঘৰখনত নতুন অশান্তি আৰম্ভ হ'ল৷
নবৌৱে সুযোগ সুবিধা পালেই পেহা-পেহীৰ লগত কাজিয়া কৰা আৰম্ভ কৰি দিয়ে৷ শহুৰ-শাহুৰৰ প্ৰতি শ্ৰদ্ধা-ভক্তি বহুত দূৰতে থাকিল৷ বুমন দাকটো দিনৌ জহনিত যোৱা, মৰাটো,চুৱা খোৱা বুলি কৈহে কেটেৰা-জেঙেৰা মাৰি কথা পতা হ'ল৷ জীমণিয়ে নবৌয়েকক কিবা কব খুজিলেই জীমণিৰ ঘৰখনৰ ওপৰত থকা অধিকাৰ বুজাই দি তাইৰ মুখ বন্ধ কৰি দিয়ে৷ পেহা-পেহীৰ বেজাৰমুৱা মুখদুখনলৈ চাই জীমণিৰ মনটোও বেয়া লাগি থাকে৷
এদিন জীমণিয়ে বুমন দাক বুজালে--
"বুমন দা, তুমি মুখেৰে মাত নমতা বাবেই নবৌৱে ঘৰখনত অশান্তি কৰিবলৈ চল পাইছে৷ তোমাৰ ভিতৰত থকা মানুহটোক কিয় মাৰি পেলাইছা? উঠা!জাগা!!"
বুমন দাই মাথো জীমণিৰ কথা মনে মনে শুনি থাকে৷ জীমণিয়ে সুযোগ সুবিধা পালেই বুমন দাক সংসাৰৰ কথা বুজাবলৈ আৰম্ভ কৰে৷বুমন দাৰ ভিতৰত থকা অপাৰ শক্তিৰ জ্ঞান দিবলৈ চেষ্টা কৰে৷ লাহে লাহে জীমণিয়ে বুমন দাক এজন মনোৰোগ বিশেষজ্ঞৰ কাষলৈও নিয়া হ'ল৷ বুমন দাৰ কাউন্সেলিং চলে পুৰাদমে৷ জীমণিৰ চেষ্টাই কাম দিয়া যেন লাগিল লাহে লাহে৷ বুমন দাইচোন আগতকৈ দুই এটা কথা কোৱা হ'ল৷ মিচিকিয়াই হঁহা হ'ল৷লাহে লাহে ঘৰখনতো এটা পৰিৱৰ্তন চকুত পৰিল জীমণিৰ --ঘৰখনৰ কাজিয়া-পেচাল আগতকৈ কমিল৷নবৌৰ কেটেৰা-জেঙেৰা কথাবোৰো কমি আহিল৷ বুমন দাই কেতিয়াবা নবৌক স্কুটাৰৰ পিচত উঠাই ফুৰাবলৈ নিয়া হ'ল৷ পুনৰ "হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচায়" বুলি গুণগুণকৈ গান গাবলৈ ললে বুমন দাই৷ বুমন দাৰ পৰিৱৰ্তন দেখি পেহা-পেহীৰ মুখদুখন উজ্জ্বল হৈ পৰা দেখা গ'ল৷
সিদিনা এটি নতুন খবৰে ঘৰখনলৈ সুখৰ বতৰা কঢিয়াই আনিলে৷ ঘৰখনলৈ এটি নতুন আলহীৰ আগমন হ'ব৷বুমন দা পিতৃ হ'ব ওলাইছে৷ আনন্দতে ঘৰখনত সৰু-সুৰাকৈ এটা পাৰ্টিয়েই চলিল৷
জীমণিয়ে ওপৰৰ আকাশখনলৈ চালে--- কলীয়া ডাৱৰৰ মাজৰ পৰা বেলিটো ওলাই আহিছে৷
(মৌচুমী বৰি)

Thursday 7 September 2017

“সংকল্প”

“সংকল্প”
পুৱা শুই উঠাৰ পৰাই তপস্যাৰ চকু আৰু মূৰৰ বিষ আৰম্ভ হয়৷কুম দুটা এনেকৈ টিংটিঙাই থাকে যে কাৰো কথাই তাইৰ শুনিবলৈ মন নাযায়৷খংটো টিঙিচকৈ উঠি আহেই৷অফিচত বহি কামত মন লগাব নোৱাৰে তাই৷কাষতে বহা কথকী অনামিকাৰ কথাবোৰ শুনি শুনি সহ্যৰ বাহিৰ হয় তাইৰ৷ধেমালিকৈ তাইক কিবা এষাৰ ক’লেই গালি পাৰি দিয়ে৷গালি শুনি অলপ দেৰিৰ বাবে অনামিকা মৌন হৈ ৰয়৷অনামিকাৰ মুখখন দেখি তপস্যাৰ বেয়া লাগে৷মুৰৰ বিষৰ বাবে তাইৰ খংটো বেছি হৈছে বুলি অনামিকাক কয় তাই৷অনামিকাই ডাক্তৰৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়ে৷
সিদিনাও তাই মূৰৰ প্ৰচণ্ড বিষ লৈ অফিচত বহি আছিল৷সুনন্দ দত্তই তাইক ক’লে – “আপোনাৰ ট্ৰান্সফাৰ হ’ব বুলি শুনা পাইছোঁ!নামনি অসমৰ ফালে হ’ব নেকি!” হঠাতে তাইৰ কৰপৰা জানো খংটো উঠি আহিল ৷ “এনেকুৱা অমংগলীয়া মুখ এখন লৈ মোৰ ওচৰলৈ কিয় আহিছে?ক’লে ভাল কথা ক’ব৷অনুগ্ৰহ কৰি এতিয়াই আঁতৰি যাওক,মোৰ মূৰ বিষাইছে৷” তাইৰ কথা শুনি সুনন্দ দত্তই অপমানবোধ কৰিলে৷ তপস্যাৰ টেবুলতে ভুকু দুটামান দি তেওঁ উঠি গ’ল৷সুনন্দ দত্ত উঠি যোৱাৰ ফালে চাই তাই ভাবিলে –“মোৰ ইমান খং উঠিবলৈ কি হে পালে? মইতো তেওঁৰ লগত ভালকৈও কথা পাতিব পাৰিলোহেঁতেন!” সুনন্দ দত্ত,অনামিকাহঁতে তপস্যাৰ বিষয়ে কোৱা-কুই আৰম্ভ কৰিলে – অলপ পাগলী হৈছে নেকি বুলি!!
তপস্যাৰ খংটো যে মূৰৰ বিষৰ কাৰণেহে উৎপতি হৈছে ঠিক তেনেকুৱাও নহয়৷তাই অনুভৱ কৰে –তাইৰ খংটো এনেয়েও বেছি৷সৰুৰে পৰা মৰম-আদৰত ডাঙৰ হোৱা ছোৱালী আছিল তাই৷মাকে গাত লগা কথা এষাৰ ক’লেই ওফোন্দ পাতিছিল৷মৰমেৰে ওফোন্দ ভাঙিব লগা হৈছিল ঘৰৰ মানুহে৷তাই নিজকে পাৰফেক্ট বুলি ভাবিছিল৷তাই কৰা কোনো কামকেই কোনেও ভুল ধৰিব নোৱাৰিব,কোনেও তাইক টানকৈ বা বেয়াকৈ এষাৰ ক’ব নোৱাৰিব – সেয়া আছিল তাইৰ জীৱনৰ নীতি৷মাক-দেউতাকেও তাইক এনেকৈ ডাঙৰ কৰিলে যে খং উঠাৰ তেনেকৈ সুযোগেই পোৱা নাছিল তাই তাইৰ জীয়ৰী জীৱনত৷ কিন্তু তাইৰ জীৱনত পয়মাল লাগিল তেতিয়া যেতিয়া তাই এখন ঘৰৰ বোৱাৰী হ’ল৷শাহুৱেকে যেতিয়া এনেকৈ নকৰিবা,তেনেকৈ নকৰিবা,এনেকৈহে কৰিবা,তেনেকৈহে কৰিবা আদি কথাবোৰ তাইক কবলৈ ধৰিলে৷যেতিয়া স্বামী সুব্ৰতে তাইক কথাই প্ৰতি অভিমান – আব্দাৰ কৰিবলৈ ধৰিলে –তাইৰ জীৱনটোৱেই খেলি মেলি হৈ যোৱা যেন লাগিল৷
এদিন সুব্ৰতে তাইক অভিমান কৰি ক’লে –“তুমি মোক নজনোৱাকৈ তালৈ যোৱা উচিত নাছিল৷” কথাষাৰ শুনিবলৈহে পালে তপস্যা খঙত উতলি উঠিল৷
“মোৰ কি স্বাধীনতা বোলা কোনো বস্তু নাই!সৱ তোমাক সুধিয়েই কৰিব লাগিব?” –এইবুলি কৈ তাই হাতত লৈ থকা মবাইল ফোনটো পকাত থেকেচা মাৰি পেলাই দিলে৷সুব্ৰতেও তাইৰ খং দেখি –“তোমাৰ খংটো অলপ বেছি,মাৰাক লগাইছো ৰবা,এতিয়াই ফোন কৰিছোঁ….” –এইবুলি কৈ তপস্যাৰ মাকলৈ ফোন লগাবলৈ ধৰিলে সি৷তপস্যাৰ খং এইবাৰ চূড়ান্ত হৈ পৰিল৷
“সৱ কথাতে মোৰ মা-দেউতাক টেনছন দিব আঁহা ..” –এইবুলি কৈ কোঠাত থকা সকলো বস্তু এফালৰ পৰা দলিয়াবলৈ লাগি গ’ল তাই৷তাইৰ যখিনী ৰূপ দেখি সুব্ৰতে ভয় খালে আৰু তপস্যাক শান্ত কৰিবলৈ সাৱতি ধৰিলে৷
“এৰা কৈছো,মোক এৰি দিয়া…আজি মই সৱ শেষ কৰিম….” –সুব্ৰতৰ বাহুবন্ধনৰ পৰা তাই পাগলীৰ দৰে ওলাবলৈ যত্ন কৰিলে৷
সুব্ৰতে পিছত তাই নজনাকৈ তপস্যাৰ মাক-দেউতাকৰ লগত কথা পাতিলে –তপস্যাৰ খংটোৰ বিষয়ে৷মাক-দেউতাকে তাক ক’লে যে –“তপস্যাক আমি ইমান মৰমত ডাঙৰ কৰিলোঁ তাইৰ খংটো কোনোদিন দেখাই নাপালোঁ৷তাই এজনী শান্ত ছোৱালী বুলিহে আমি জানো৷”মাক-দেউতাকৰ কথাবোৰ সুব্ৰতে মানি লবলৈ টান পালে৷
০০০০০০
সুব্ৰতৰ স’তে হোৱা সংসাৰখনে চাৰিবছৰ পূৰ্ণ কৰিলে৷এই চাৰিবছৰে যিমান মৰম-ভালপোৱা থাকিল সিমান খোঁটখাঁটৰ অন্তও নাছিল দুয়োজনৰ মাজত৷বিয়া হোৱাৰ পৰা তপস্যাৰ সুব্ৰতৰ প্ৰতি এটাই অভিযোগ আছিল – সি তাইৰ মাক-দেউতাকক গুৰুত্ব নিদিয়ে,খবৰ খাতি নলয় ইত্যাদি ইত্যাদি৷তাই তেনেধৰণৰ অভিযোগ কৰিলেই সিও জ্বলা জুইত ঘিউ ঢালি দিয়াৰ দৰে প্ৰতিক্ৰিয়া দেখুৱায়৷এদিন সুব্ৰত-তপস্যাৰ কাজিয়া ইমান তুংগত উঠিল যে মাত-বোল বন্ধ হ’ল দুয়োজনৰ মাজত৷তপস্যাই সুব্ৰতৰ চকুলৈ চাবলৈকে বাদ দিলে৷মাত-বোল নকৰাকৈ দুয়োজনে ঘৰুৱা কামবোৰ কৰে আৰু ভাগে ভাগে অফিচলৈ যায়গৈ৷এনেকৈ মাত-বোল বন্ধ হৈ থাকোঁতে সুব্ৰতৰ দদায়েক এজন ঢুকাল৷এতিয়া খবৰ লবলৈ নগ’লেই নহয়৷সুব্ৰতৰ মাকে দুয়োজনকে খবৰ লবলৈ যাবলৈ ক’লে৷মাকৰ আজ্ঞা শিৰোধাৰ্য কৰি দুয়ো যাবলৈ ওলাল৷সুব্ৰতে গাড়ী ষ্টাৰ্ট কৰিলে৷তপস্যা কাষত বহিল৷সুব্ৰতে তপস্যাৰ মুখলৈ চালে৷তপস্যা নিমাত৷
:তোমাক দেখিবলৈ ধুনীয়া লাগিছে – সুব্ৰতে তপস্যাক ক’লে৷
তপস্যা নিৰুত্তৰ
:কিবা এটাতো কোৱা! – সুব্ৰতে পুনৰ কৈ উঠিল৷ সুব্ৰতৰ কথা কোৱাৰ ধৰণ দেখি তপস্যাৰ ফিচকৈ হাঁহিটো ওলাই আহিল৷
:উহ ৰক্ষা!হাঁহিলা যে৷ – সুব্ৰতে স্বস্তিৰ নিশ্বাস পেলালে৷
:ৰাজেন দদাইটিৰ আত্মাৰ সদগতি কামনা কৰিলোঁ৷-সুব্ৰতে পুনৰ কৈ উঠিল৷
:দদাইটি কেনেকৈ ঢুকাল? – তপস্যাই সুধিলে সুব্ৰতক
:উহ!কিমান দিন যে তোমাৰ মাতটো শুনা নাই৷কাণত মৌ বৰষা যেন লাগিছে৷ – সুব্ৰতে চকু মুদি কৈ উঠিল
:সুব্ৰত,মই তোমাক কি সুধিছো???? মোৰ আকৌ খং উঠিব…. তপস্যাই কৈ উঠিল
:খং নুঠিবা মোৰ মা-গোসাঁনী….দদাইটি এনেকৈ…. সুব্ৰতে সবিস্তাৰে ৰাজেন দদাইটি কেনেকৈ ঢুকাল কবলৈ লাগিল৷
দুদিন মান সুব্ৰত-তপস্যাৰ দিনবোৰ মৰম-চেনেহৰ মাজেৰে ভালদৰেই পাৰ হ’ল ৷এদিন হঠাৎ পুনৰ কথাৰ তৰ্কযুদ্ধ আৰম্ভ হ’ল৷কাজিয়া এনেকৈ বাঢ়িল যে তপস্যাই খঙত একোনাই হৈ সুব্ৰতৰ ফালে আঙুলি টোৱাই গালি পাৰিবলৈ লাগিল৷ তাৰপিছত দিনটোলৈ মাত-বোল বন্ধ৷ খঙটো যেতিয়া শাম কাটিল তপস্যাৰ মনটো বেয়া লাগিবলৈ আৰম্ভ কৰিলে৷ সুব্ৰতক তাই আজি প্ৰথমবাৰৰ বাবে আঙুলি টোৱাই কথা ক’লে!ইমান বেয়া পাই নে তাই সুব্ৰতক?নাই বহুত হ’ল৷সীমা ক্ৰছ কৰি খং কৰিলে তাই সুব্ৰতৰ ওপৰত!ইমান অপমান কৰাকৈটো খং কৰাৰ কোনো কাৰণ নাছিল৷খংটো কমাবলৈ কিবা এটা উপায় ওলিয়াব লাগিব – ভাবিলে তপস্যাই৷ৰাতি শোৱাৰ পৰত সুব্ৰতৰ ওচৰত ক্ষমা খুজিলে তাই আৰু ধাৰাসাৰে চকুপানী ওলিয়াই কান্দোন জুৰিলে৷সুব্ৰতে মাথোঁ বুকুৰ মাজত সুমুৱাই ৰাখিলে তপস্যাক৷
তাৰপিছদিনৰ পৰাই তাইৰ মূৰৰ বিষ আৰম্ভ হ’বলৈ ধৰিলে আৰু খংটো শাম কটাতকৈ বাঢ়িবলৈহে লাগিল৷অফিচতো তাই তাইৰ খংটো যাৰে তাৰে ওপৰত প্ৰয়োগ কৰিবলৈ ধৰিলে৷যেনেকৈ তাইৰ খঙৰ চিকাৰ হ’ল অনামিকা আৰু সুনন্দ দত্ত৷
অৱশেষত তাই ডাক্তৰৰ ওচৰ পালেগৈ৷ ডাক্তৰে চাই মেলি ক’লে – “আপোনাৰ মাইগ্ৰেন আছে…এইকেইটা দৰৱ দিছো ..নিয়মীয়াকৈ খাব৷”
:চাৰ,মোৰ খংটো অলপ বেছি,খং কমাবলৈ কিবা উপায় নাইনে? – তপস্যাৰ কথা শুনি ডাক্তৰে হাঁহিলে৷
: আপুনি মেডিটেচন আৰম্ভ কৰক…অনুলোম-বিলোম,কপাল ভাটি আদি কৰাৰ অভ্যাস কৰকচোন৷ANGERৰ আগত D টো লগাই দিলে DANGER হৈ যায়—এই কথা মনত ৰাখিব৷
:চাৰ মই,ঘৰৰ মানুহটো বাদেই মোৰ কৰ্মস্থলীৰ লোক সকলৰ ওপৰতো হকে বিহকে খং কৰা আৰম্ভ কৰি দিছোঁ, পিছত নিজৰে বেয়া লাগে৷ – তপস্যাই কৈ উঠিল৷
:খং নকৰিব৷শত্ৰু বাঢ়িব৷ খং মানেই ডেঞ্জাৰ –এই কথাটো মানি চলিব৷
ডাক্তৰক ধন্যবাদ জনাই ফাৰ্মাচীৰ পৰা ঔষধ পাতি লৈ তপস্যা ঘৰ পালেহি৷কিতাপৰ আলমাৰি খুচৰি যোগাসনৰ কিতাপ এখন টানি আনিলে৷কাইলৈ পুৱাৰ পৰা অনুলোম-বিলোম,পদ্মাসন আদি কৰিব তাই৷ওচৰতে থকা প্ৰজাপিতা ব্ৰহ্মাকুমাৰীৰ “ৰাজযোগ” মেডিটেচনো শিকিবলৈ যাব তাই৷ কথাবোৰ ভাবি থাকোঁতে হোমেন বৰগোহাঞি চাৰৰ “যোগ” সম্পৰ্কে এটি লেখা পঢ়িবলৈ পালে তপস্যাই৷ চাৰে লিখিছে – “মোৰ মনত দৃঢ় বিশ্বাস হৈছিল যে সংকটৰ সন্মুখীন হ’বলৈ যি ধৰণৰ মানসিক শক্তি আৰু প্ৰশান্তিৰ প্ৰয়োজন,সেইটো মোক দিব পাৰিব একমাত্ৰ যোগৰ অনুশীলনেহে৷…..যৌগিক ব্যায়ামে শৰীৰ আৰু মন উভয়ৰে সুস্থতাৰ ওপৰত সমানেই গুৰুত্ব দিয়ে৷শৰীৰ আৰু মনৰ যোগ সাধনেই হ’ল যৌগিক ব্যায়াম৷ই শৰীৰক শক্তিশালী কৰে আৰু মনটোক কৰে প্ৰশান্ত৷মানুহৰ শৰীৰটো যদি সুস্থ হৈ থাকে আৰু একেসময়তে মনটো হৈ থাকে প্ৰশান্ত,তেন্তে কবলৈ গ’লে মানুহৰ বিচাৰিবলৈ আন একো বাকী নাথাকে….”
এটি নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ তপস্যা দৃঢ়সংকল্পবদ্ধ হ’ল৷
(মৌচুমী বৰি)

"মা হোৱাৰ আনন্দ "

"মা হোৱাৰ আনন্দ "
আল্ট্ৰচাউণ্ড কক্ষত কম্পিউটাৰ মনিটৰলৈ
চাই চাই ডাক্তৰ আৰু নাৰ্চ গৰাকীয়ে মিচিক- মাচাক কৈ হাঁহি থাকিল৷ তেওঁলোকৰ মাজত কথা পাতিলে -- " দুটা বেবি আছে"!!! কথাটো শুনিয়েই মোৰ মুখখনে অস্বাভাৱিক প্ৰতিক্ৰিয়া কৰিলে৷
:চাৰ,দুটা বেবি আছে? -- মই ডাক্তৰক সুধিলোঁ৷
: হয়, দুটা বেবি আছে৷ চিন্তা কৰিব নালাগে, অভিনন্দন!! (মিচিকিয়াই ক'লে তেওঁ আৰু কোঠাৰ পৰা ওলাই গ'ল)
মইহে হতবাক হৈ বিচনাতে বহি পৰিলোঁ৷ লাহে লাহে বিচনাৰ পৰা উঠি আল্ট্ৰাচাউণ্ড কক্ষৰ পৰা ওলাই আহিলোঁ৷ মোৰ মুখখন ইতিমধ্যে ভয়ত বিবৰ্ণ হৈ পৰিছে৷বাহিৰত বহি থকা ঋষভলৈ চালোঁ৷ মোৰ মুখৰ পৰা কথাটো শুনাৰ পিছত তেওঁৰ কেনে প্ৰতিক্ৰিয়া হ'ব তাকে ভাবিলোঁ৷লাহে লাহে আহি ঋষভৰ কাষ পালোহি ৷
:ঋষভ,খবৰ এটা আছে
ঋষভে মোলৈ আচৰিত হৈ চালে
: কি খবৰ? সব ঠিকে আছেতো?
: ঋষভ,দুটা বেবি দেখাইছে কম্পিউটাৰত
কথাটো শুনি ঋষভকো অলপ চিন্তিত যেন লাগিল৷ অলপ দেৰি দুয়ো মনে মনে বহি থাকিলোঁ ৷
এঘন্টা মানৰ পিছত ৰিপৰ্ট আদি লৈ ঘৰ সোমালোগৈ ৷
:ঋষভ, মোৰ টেনছন হৈছে৷ ঘৰত শুনিলেও সকলোৱে চিন্তা কৰিব৷
: একো নহয় দিয়া, সকলো ভালৰ কাৰণে হৈছে বুলি ভাবা৷ এইয়া ভগৱানে দিয়া সন্তান আমাৰ৷ চিন্তা কৰাৰ কোনো কাৰণ নাই ৷
ঋষভৰ কথাবোৰেও মোৰ চিন্তা আঁতৰাব নোৱাৰিলে ৷ মই এইবাৰ গুগলত "টুইন বেবি" সম্পৰ্কে অনুসন্ধান কৰিবলৈ লাগি গ'লো৷ তাত মই বহুতো ধনাত্মক মন্তব্য পালো ৷ বহুতো দম্পতীয়ে যঁজা সন্তান লাভ কৰি পোৱা সুখৰ বতৰাবোৰ পঢি পঢি মোৰ মনটো ভাল লাগি গ'ল৷ কলীয়া ডাৱৰখিনি যেন আঁতৰি গ'ল৷ ঘৰৰ মানুহেও মোক সাহস দিলে৷ ভন্টী এজনীয়েতো কৈয়েই পেলালে --"বা: বা: buy one get one free" ...অৱশেষত মই আৰু ঋষভে আমাৰ সপোনৰ সন্তানদুটিৰ মাক-দেউতাক হ'বৰ বাবে সেই শুভ মুহুৰ্তলৈ হেপাঁহেৰে বাট চাই ৰ'লো৷
..............
অপাৰেচন কক্ষৰ পৰা মোক ষ্ট্ৰেচাৰত উঠাই আই চি ইউলৈ লৈ যোৱা হৈছে৷এনাস্থেচিয়াৰ প্ৰভাৱ যোৱাই নাই, অসহ্য বিষ অনুভৱ কৰিছোঁ পেটত৷ যোৱাৰ বাটত মাৰ মাতষাৰ কাণত আহি পৰিল --" মাজনী,তুমি দুজনী ধুনীয়া ছোৱালীৰ মা হ'লা" ...ঋষভে আহি মোৰ গালতে চুমা এটা দিলেহি ৷ মই ঋষভলৈ চালো -- পিতৃ হোৱাৰ আনন্দৰ ৰেখা ঋষভৰ গালে মুখে বিয়পি পৰিছে ৷ পেটত অসহ্য বিষ অনুভৱ কৰিছোঁ মই!!নাৰ্চ কেইগৰাকীয়ে লৰালৰিকৈ মোক আই চি ইউ কক্ষত সোমোৱালেগৈ ৷ পেটত ইমান অসহ্য বিষ অনুভৱ হৈছিল যে মোৰ মনটোৱে মোৰ জন্মদাত্ৰী মাক বিচাৰিহে হাঁহাকাৰ কৰিছিল সেই মুহূৰ্তত৷ কিন্তু অসহায় হৈ পৰিছিলোঁ মই -- আই চি ইউত ঘৰৰ মানুহক সোমাবলৈ দিয়া হোৱা নাছিল৷ নাৰ্চ এগৰাকীয়ে মোক দি থোৱা চেলাইনৰ বটলটো ঠিক কৰিছিল আৰু এটা ইনজেকচন দিছিল৷ অলপ পিছতে দুগৰাকী নাৰ্চে আহি দুটি কেচুৱা মোৰ দুয়োকাষে শুৱাই দিলে আৰু মাতৃদুগ্ধ পান কৰোৱাবৰ বাবে প্ৰস্তুত হ'ল৷ কণমানি দুটিৰ স্পৰ্শই মোৰ সকলো যন্ত্ৰণা যেন নিমিষতে নাইকীয়া কৰিলে৷ মই মোৰ সন্তান দুটিৰ মুখদুখন চাবলৈ যত্ন কৰিলোঁ ৷ কাপোৰৰ মাজত সোমাই আছে মোৰ দুজনী কণমানি পৰী, মোৰ সপোনৰ দুটি টুকুৰা .....
.........
দুটি কেঁচুৱাৰ চেৰেউ চেৰেউ কান্দোন, কলকলনিৰে ঘৰটো ভৰি পৰিল৷ দুটি কেচুৱাক চম্ভালিবৰ বাবে চাৰিজনকৈ মানুহ লাগিব লগা হ'ল৷ দুজনী মা,এজনী বন কৰা ছোৱালী আৰু ঋষভ৷ কেচুৱা দুটি দিনটো শুই থাকে ৷ জগোৱাই গাখীৰ খোৱাব লগা হয় ৷ ৰাতি হ'লেই চকু দুটা মেলি সাৰ পাই থাকে৷ শাশু মাই পাকঘৰ চম্ভালে, মা আৰু বন কৰা ছোৱালী জনীয়ে কেচুৱা দুটিক চাই থাকিব লগা হয়, আমনি কৰিলে নিচুকায়,গাখীৰ খোৱাবলৈ মোৰ কাষত শুৱাই দিব লগা হয়৷ কেচুৱাৰ কাপোৰ সলাই কাপোৰ বোৰ ধুই ৰ'দত মেলি দিব লগা হয়৷ ঋষভে কেচুৱা কাপোৰ,জুলনা,কেচুৱাৰ বাবে আঁঠুৱা,পুতলা আদি কিনি বজাৰলৈ তাঁত-বাতি কৰি থাকে৷
কেতিয়াবা দুইটি কেচুৱাই মোক বিচাৰি সমানে আমনি কৰে৷ অকলে মোৰ বুকুৰ উম ল'ব বিচাৰে ৷ মই বিবুধিত পৰো তেতিয়া৷ এটিক ললে আনটিয়ে মোৰ কোচত উঠিবলৈ বাট চাই থাকিব লগা হয়৷এটিৰ হেঁপাহ পুৰ নহওঁতেই আনটিক কোচত ললে ইটিয়ে চেৰেউ চেৰেউকৈ কান্দে৷ মনটো দুখেৰে ভৰি পৰে মোৰ ৷
.......
মোৰ পৰী দুজনী লাহে লাহে ডাঙৰ হৈ আহে৷সিহঁতৰ থুনুক থানাক খোজ, ফুটো নুফুটো মাতে মনবোৰ স্বৰ্গীয় আনন্দেৰে ভৰাই তোলে আমাৰ৷ ঘৰখনত জেউতী চৰে৷ দুজনী পৰীৰ মাক হোৱাৰ আনন্দত বাৰে বাৰে জী উঠো মই!!
ইজনীয়ে সিজনীৰ খেলাৰ লগৰী হয়৷ ইজনীয়ে সিজনীৰ সাহস হয়৷ খেলি খেলি ভাগৰি পৰিলে দুইজনী আহি মোৰ বুকুৰ মাজত সোমাই পৰে..... মোক দুগালত চুমা দি আকৌ খেলিবলৈ দৌৰি যায় ৷
দুজনী পৰীৰ মাক হোৱাৰ আনন্দত বুকু ভৰি পৰে মোৰ৷