Thursday 24 March 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেউ:- অ' বীৰু, তালৈ তই কেলেই গৈছিলি?
বীৰু:- কি কৈছা?
মাজনী বাইদেউ:- ৰুণ পেহীৰ ঘৰলৈ কেলেই গৈছিলিনো?
তেনেতে মই দৌৰি আহি বাইদেউক ফোনটো দিওঁ
" বাইদেউ, তোমাৰ ফোন"
মাজনী বাইদেৱে ফোনটো ধৰি কৈ উঠিল-- "কেল্ল' "
মাজনী বাইদেউৰ কেল্ল শুনি মই আৰু বীৰু হাঁহিত ফাটি পৰোঁ ৷

Friday 18 March 2016

"জন্মদিন"

"জন্মদিন"
(কনচেং ভিনদেউলৈ জন্মদিনৰ অযুত শুভকামনাৰে)
জন্মদিন মানেই

আইৰ উপচি পৰা সুখ
ৰামধেনুবৰণীয়া সপোন

জন্মদিন মানেই
পিতাইৰ চোতালৰ পোহৰ উৎসৱ
সপোনৰ দলিচাত বকুলৰ গোন্ধ ৷

যদিও
দুইৰ এক গ'ল থাকিল একৰ দৰে
জন্মদিনেও বীজগণিতীয় সূত্ৰ মানি চলে

তথাপি জন্মদিন মানেই যেন
প্ৰেয়সীৰ লিহিৰি হাতৰ পৰশ লাগি
চেতাৰত বাজি উঠা এটি সুৰৰ মূূৰ্ছনা!

অযুত শুভকামনাৰ পোহৰৰেখা
আনন্দময় গীতৰ লহৰ
এক লহমাৰ পাখিলাহী পখিলাৰ
মিচিকি হাঁহি৷

জন্মদিন মানেই
জীৱনৰ আদৰণি
আশা-প্ৰতিশ্ৰুতি-সপোন
জীৱন জীপাল হোৱা হেঁপাহৰ গান৷৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
অসুৰ পোৱালীবোৰে দাঁত লৰিলে সদায় দাঁত নসৰায় বেৰীয়া গজায়৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেউৰ ঘৰলৈ হিন্দীভাষী পুৰণি চিনাকি মাটিকটা মানুহকেইজনমান আহিল ৷ কাম দেখুৱাই দি মাজনী বাইদেৱে মানুহকেইজনক হিন্দীতে ক'লে --
"যোৱাবছৰ য'ত মাটি কাটিছিলি যে হায়, এতিয়াও তাতে মাটি কাটিবি হায়৷
দেখেগা আকৌ জলকীয়া পুলি হায়, বেঙেনা পুলি হায়" ৷
Like
Comment
Comments
Apurba Kalita হায় হায়
Anita Gogoi হিঃ হিঃ
Sarada Shrestha অ' চাই চিতি কাটিবি হায়, জধে মধে নাকাটিবি হায়, নহ'লে পহু খেদা দেগা হায়  😅
LikeReply121 hrs
Mousumee Bori
Write a reply...
Abhijit Kalita আমি নুনীয়া বুলিছিলো সৰুতে! কিবা আছিল সেই শব্দটোৰ অৰ্থ? সৰুতে আমাৰ ঘৰত কাম কৰিবলে আহিলে আমি চাতুগুৰি আৰু ৰুটি খাবলে পাইছিলো। তেওলোকৰ এজন চৰ্দাৰ থাকিছিল- তেও নিজে কাম বন নকৰিছিল, কিন্তু পইচা তেওকহে দিয়াৰ নিয়ম আছিল। তেওলোকে পুখুৰী আদি খনাৰ সময়ত মাজত দৌলৰ দৰে এটুকুৰা এৰি থৈ গৈছিল। পিছত পানী হোৱাৰ পাছত আমি সাতুৰি সাতুৰি সেই দৌলটো বিছাৰি ফুৰিছিলো- বহুত কথা মনত পৰি গ'ল।
Mousumee Bori ভাল লাগিল আপোনাৰ স্মৃতি-কথা
LikeReply21 hrs
Mousumee Bori
Write a reply...
DrDipul Haloi আমি ধেঙাৰি বুলিছিলো।
Mousumee Bori
Write a reply...
Mind Power Rupantar Haha, what a great fun!