Wednesday 25 January 2017

হিয়া আখ্যান

হিয়া আখ্যান:
হিয়াক স্কুলত মেমে দুষ্ট কৰাৰ বাবে গালি পাৰিলে৷হিয়াই গালি খাই লগৰ ল'ৰা এটাৰ কাণত ফুচফুচাই ক'লে --"মই মেমক বেয়া পাইছোঁ,কাট্টি" ...ল'ৰাটোৱে মেম'ক লগে লগে লগাই দিলে হিয়াই কাট্টি দিছে বুলি৷মেমেও হিয়াক ক'লে --"আজি মইও ৰাজসিক বেয়া পাইছোঁ,কাট্টি.."

Tuesday 24 January 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
বীৰুৱে ভায়েকক ক'লে -- "হীৰু,দোকানৰ পৰা ফেভিকল দুটামান আনিবি অ,লাগি থাকে"
মাজনী বাইদেৱে বীৰুৱে কোৱা কথাখিনি শুনি আচৰিত হৈ বীৰুক সুধিলে -- "বীৰু,এইটোনো কেনেকুৱা কল ? দেখিবলৈ কেনেকুৱানো?মই আজিহে শুনিলোঁ দেই ফেভিকল বুলিও যে কল এবিধ আছে!!

Monday 23 January 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
বীৰু তেতিয়া কলেজলৈ নতুনকৈ গৈছে ৷ চিনিয়ৰে ৰেগিং কৰিছে জুনিয়ৰক৷সেইদিনা বীৰুৰ পাল পৰিল৷ বীৰুক চিনিয়ৰ দাদা এজনে ক’লে – “এই বেঞ্চখনত বহি চাইকেল চলা”…বীৰুৱেও চিনিয়ৰৰ কথা মতে বেঞ্চত বহি ভৰি দুটা পেডেল মৰাৰ দৰে ঘূৰাবলৈ ধৰিলে৷এটা সময়ত ভৰি বিষোৱাত বীৰু ৰৈ গ’ল৷চিনিয়ৰে ধমক দিলে –“কিয় ৰৈ গ’লি?” বীৰুৱে তপককৈ ক’লে—“দাদা,শ্লপিঙত আছোঁ”

Friday 20 January 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
"মোৰ পদূলিৰ গোবৰচপৰা কালি গধূলি গছকিলোঁ" -- এই বাক্যশাৰী বীৰুৱে ছেভেনত পঢি থকা তীখৰ গুটিক ইংৰাজীলৈ অনুবাদ কৰিবলৈ ক'লে৷ তীখৰে তপৰাই অনুবাদ কৰিলে -- "ডিছ ইজ গৰু গোবৰ অন মাই পদূলি,আই এম গছকিলোঁ য়েছটাৰ ডে গধূলি"
"বুটি কোৰখনেৰে নলা খান্ডি চোতালত জমাহোৱাা পানী হোলালৈ পঠালোঁ"-- বীৰুৱে তীখৰ গুটিৰ ইংৰাজীত দখল দেখি আকৌ এই বাক্যশাৰী অনুবাদ কৰিবলৈ ক'লে ৷ তীখৰে তপৰাই অনুবাদ কৰিলে -- "আনিঙ তু বুটিকোৰ খানিং তু নলা জৰজৰকে চোতালৰ পানী যাব গয়িং তু হোলা

Tuesday 17 January 2017

কবিতা

মুখৰিত কুঞ্জবন
 (মৰমেৰে ধুনু বাৰ হাতত)
 হৃদয়ৰ মহঙা বজাৰত
দুখীজনৰ বাবে কান্দি উঠা
এখনি মৰম-কোমল হৃদয়েৰে
আপুনি আহিছিল
আৰ্ত জনৰ হৃদয়ৰ খবৰ লবলৈ

চকুত তিৰবিৰ প্ৰজ্ঞাৰ পোহৰ
মুখখনিত উজ্জ্বলি উঠা বুদ্ধৰ জ্যোতি  
আৰু সেই জ্যোতিৰ এচলু স্পৰ্শত ধন্য এটি নিমাখিত প্ৰাণ

আজি মুখৰিত কুঞ্জবন
সপোনে-দিঠকে সুৰীয়া গান ৷৷






“মৌ মিঠা সুগন্ধি-২”
পাৰিজাত ফুলৰ নন্দন বনত
 কোন বতাহীৰ গুণগুণনি
চৌপাশ আজি মৌমিঠা সুগন্ধি৷৷

ফুলৰ বৃষ্টি পৰে
দেৱদূতী নাচে
গানৰ তালে তালে
তা ধিন তা ধিন তা ধিন তা৷৷

নন্দনবনত আজি জোনাকময় গীতৰ মেহফিল৷৷
 দেৱদূতী নাচে তা ধিন তা ধিন তা ধিন তা৷৷




Monday 16 January 2017

হিয়া আখ্যান

হিয়া আখ্যান:
হিয়াক এদিন বৰমাকে সাধু শুনাবলৈ ক’লে ৷বৰমাকৰ কথামতে হিয়াই সাধু কবলৈ আৰম্ভ কৰিলে এনেকৈ –
“এটা ল’ৰা আছিল৷ল’ৰাটো এদিন পৰি গ’ল আৰু ছোৱালী এজনীয়ে ধৰি উঠালে৷ছোৱালীজনীৰ নাম জনিতা আৰু ল’ৰাটো আছিল ভৈৰৱ পাৱে(হিয়াৰ দেউতাকৰ নাম) ৷তাৰপিছত ছোৱালী জনীয়ে ফুলপাহৰ পৰা পাঁচপাহ ফুল খুজিলে ,ফুলপাহে দিলে কিন্তু ছোৱালীজনীয়ে দুখ কৰি গুছি গ’ল৷”

হিয়া আখ্যান

হিয়া আখ্যান:
হিয়াই নিজৰ হাতখনৰ কিলাকুটিটো দেখুৱাই ক'লে -- "মা, মোৰ আঁঠুটো খজুৱাই দিয়াচোন!!"
মই বুলো-- "ধুনুমুনু,এইটো আঁঠু নকয় নহয়,কিলাকুটি বুলিহে কয়!!

Friday 13 January 2017

“বিষন্নতা ভাল পোৱা সখীলৈ..”

“বিষন্নতা ভাল পোৱা সখীলৈ..”

সখী,
তুমি মোলৈ লিখিছিলা
তোমাৰ বিষন্ন চহৰৰ বাতৰি

তুমি জী আছিলা
অথচ তোমাৰ চকুত প্ৰাণ নাছিল
ভাল পাইছিলা তুমি অস্তগামী বেলি

তুমি মোলৈ লিখিছিলা
প্ৰভাতী বেলিৰ পোহৰত তোমাৰ মনৰ বেলি ডুব যোৱাৰ কথা


বিষন্নতাক সাৱটিছিলা তুমি
বিষন্নতাত বুৰিছিলা তুমি

আৰু এদিন বিষন্নতাৰ এটি সৰা পাত হৈ ধূলিৰ লগত মিলি গ’লা

বিষন্নতা ভাল পোৱা মোৰ সখীজনী
তোমাক হেৰুৱাৰ বিষন্নতাতে মই আজি তোমালৈ লিখিছো চিঠি

আজি মই শুনাম তোমাক
মোৰ বিষন্ন চহৰৰ বাতৰি

জানা সখী
মোৰ চহৰত উৰে শৰালী – বিষন্ন আবেলি

ফুলৰ পাহি সৰে—নীৰৱে গধূলি

একাকী শূণ্যতাৰ ধূলি ধুমুহা এজাকত
দুখৰ বিননিৰ গভীৰতাত
নুপুৱায় ৰাতি

সখী, বৰ বিষন্ন মই –তোমাৰ দৰেই

বিষন্নতাৰ ধূলিত মিলি যাম বুলি ভবা
এইয়া মোৰ শেষ চিঠি –তোমালৈ                                                              

সখী,
তুমি মোলৈ লিখিছিলা
তোমাৰ বিষন্ন চহৰৰ বাতৰি

তুমি জী আছিলা
অথচ তোমাৰ চকুত প্ৰাণ নাছিল
ভাল পাইছিলা তুমি অস্তগামী বেলি

তুমি মোলৈ লিখিছিলা
প্ৰভাতী বেলিৰ পোহৰত তোমাৰ মনৰ বেলি ডুব যোৱাৰ কথা


বিষন্নতাক সাৱটিছিলা তুমি
বিষন্নতাত বুৰিছিলা তুমি

আৰু এদিন বিষন্নতাৰ এটি সৰা পাত হৈ ধূলিৰ লগত মিলি গ’লা

বিষন্নতা ভাল পোৱা মোৰ সখীজনী
তোমাক হেৰুৱাৰ বিষন্নতাতে মই আজি তোমালৈ লিখিছো চিঠি

আজি মই শুনাম তোমাক
মোৰ বিষন্ন চহৰৰ বাতৰি

জানা সখী
মোৰ চহৰত উৰে শৰালী – বিষন্ন আবেলি

ফুলৰ পাহি সৰে—নীৰৱে গধূলি

একাকী শূণ্যতাৰ ধূলি ধুমুহা এজাকত
দুখৰ বিননিৰ গভীৰতাত
নুপুৱায় ৰাতি

সখী, বৰ বিষন্ন মই –তোমাৰ দৰেই

বিষন্নতাৰ ধূলিত মিলি যাম বুলি ভবা

এইয়া মোৰ শেষ চিঠি –তোমালৈ                                                              

Thursday 12 January 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি
বীৰুৱে বাৰাণ্ডাতে বহি চিয়ঁৰি চিয়ঁৰি গায় আছিল – “ছু কৰ মেৰে মন ক’, কিয়া তুনে ক্যা ইছাৰা….”
মাজনী বাইদেৱে বীৰুৱে গোৱা গানটো শুনি তাইও গোৱা আৰম্ভ কৰি দিলে –“চু কৰ মেৰে মন ক’ কিয়া তুনে কিয়া ইচাৰা…..”
বীৰুৱে মাজনী বাইদেৱে সি গায় থকা গানটো শুনি ওচৰলৈ আহি দুষ্টামি হাঁহি এটা মাৰি ক’লে --- “গানটোৰ অৰ্থটো বুজি পাইছ’ জানো?”
“কিনো? ক’চোন?”—মাজনী বাইদেৱে বীৰুক সুধিলে ৷
বীৰুৱে ক’লে—“একেবাৰে চিম্পোল…. গানটোত কৈছে—“চুকত থকা মোৰ মনটোক তই কি ইংগিত দিলি …”
মাজনী বাইদেৱে “হয়নে?” বুলি কৈ বীৰুৰ মুখলৈ ভেবা লাগি চাই ৰ’ল ৷
বীৰুৱে আকৌ ক’লে – “তই যে গাইছ’ চু কৰ মেৰে মন ক’…চু কৰ বুলি নকয় নহয় !”
“ইহ, এনে একেবাৰে জনাটো, কি বুলি কয় নো ?” মাজনী বাইদেৱে এইবাৰ ভেকাহি মাৰি উঠিল ৷
বীৰু – “ তই কুকুৰা খেদিলে ছুহ.. বুলি কৱ’ নে নকৱ’ “
মাজনী বাইদেউ – “কওঁ”
বীৰু –“তই যেনিবা এই ছুহ টো টানকৈ নকৈ কোমলকৈ ক’বি …তেতিয়া তই গোৱা গানটো একেবাৰে ফাটাফাটি হৈ যাব বুজিলি, গা চোন গা এতিয়া “
মাজনী বাইদেৱে চিৰপৰিচিত গলগলীয়া হাঁহিটো মাৰি গাবলৈ আৰম্ভ কৰিলে —“ছুহ কৰ মেৰে মন ক’…..আৰু গাব নোৱাৰিলে হাঁহিত ঢলি পৰিল৷

জান আখ্যান

জান আখ্যান:
জান: মা, গান এটা লগাই দিয়াচোন
মাক (মবাইল চাই চাই):ৰ'বাচোন নেটটো ইমান শ্ল'
জান : শ্ল' যদি স্পীড কৰি দিয়া আকৌ ...

জান আখ্যান

জান আখ্যান:
জান: মা,তোমাৰ মবাইলত বাৰ্বী থকা গেম এটা ভৰাই দিবা দেই
মাক:জেগা নাই অ' দেহা..মেমৰি ফুল !
(জানে মবাইলটো লৈ খালী থকা ঠাইকন দেখুৱাই): এইয়া চোৱা তোমাৰ মবাইলত জেগাই জেগা ..তুমি এনেই কৈছা জেগা নাই বুলি ৷

উপন্যাস:"ৰূপোৱালী মেঘৰ ছায়া"

(খণ্ড-১)
“মোক ফোনটো দিয়া”--- অৰুন্ধতীয়ে তাইৰ ছাত্ৰ সৌৰিণৰ ফালে চাই ক’লে৷
“ছৰি মে’ম” – মোক ফোনটো দিয়া বুলি কৈছোঁ নহয়!!অৰুন্ধতীয়ে যিমান পাৰি কঠিন সুৰত কৈ উঠিল৷
অৰুন্ধতীৰ মাতত ক্লাছটো কাঁহ পৰি জীণ গ’ল৷সৌৰিণে তললৈ মূৰ কৰি ফোনটো অৰুন্ধতীৰ হাতত দিলে৷তাই ফোন আৰু ৰেজিষ্টাৰ বহীখন লৈ অসন্তুষ্টিৰে ক্লাছৰূমৰ পৰা ওলাই আহিল৷
চেম্বাৰত সোমাওঁতেই কলিগ শ্বেতাই অৰুন্ধতীৰ মুখলৈ চাই কৈ উঠিল ---
: কি হ’ল!তোক নৰমেল দেখা নাই??
আচলতে সৌৰিণৰ কাণ্ডই তাইৰ মুডটো অফ কৰি দিলে!ইমান সাহস তাৰ—ক্লাছ কৰোঁতে ভিডিঅ’ কৰিবলৈ!!তাই শ্বেতাক ফোনটো দেখুৱাই সকলো কথা ক’লে৷অৱশেষত দুয়োজনীয়ে আলোচনা কৰি কথাটো ডিপাৰ্টমেন্টৰ হেডক জনাবৰ বাবে হেডৰ চেম্বাৰলৈ গ’ল৷হেডে দুইজনীকে দেখি বহিবলৈ দিলে৷অৰুন্ধতীয়ে হেডক সৌৰিণৰ কথাটো জনালে৷
:ছাৰ, অকল মোৰ ক্ষেত্ৰতে নহয়, বেলেগ ডিপাৰ্টমেন্টটো ছাত্ৰই ভিডিঅ কৰি ধৰা পৰিছে৷মই ভাবো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছৰূমলৈ ফোন অনা বন্ধ কৰাই দিব লাগে আৰু ইয়াৰ বাবে বিহিত ব্যৱস্থা ল’ব লাগে৷
:ফোনটো মোক দিয়া, মই সৌৰিণৰ লগত কথা পাতিম আৰু ডাইৰেক্টৰ ছাৰৰ স’তেও এই বিষয়ে কথা হ’ম৷
অৰুন্ধতী আৰু শ্বেতাই হেডক সৌৰিণৰ ফোনটো দি ধন্যবাদ জনাই চেম্বাৰৰ পৰা ওলাই আহিল৷
:অ’ তোৰ ফোন বাজি আছিল বহু সময় ধৰি, ফোনটো বেগৰ ভিতৰত থকাৰ কাৰণে মই ৰিচিভ কৰা নাই – শ্বেতাই ক’লে৷
অৰুন্ধতীয়ে বেগৰ চেইন খুলি ফোনটো উলিয়াই আনিলে ৷ ফোনৰ নাম্বাৰটোলৈ চাই তাইৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিল!প্ৰাপ্তিৰ ফোন;প্ৰাপ্তি অৰুন্ধতীৰ শৈশৱৰ বান্ধৱী৷এসময়ৰ সুখ-দুখৰ লগৰী প্ৰাপ্তি৷ সময়েও ম্লান কৰিব নোৱাৰাকৈ আজিও সঁচা বন্ধুত্বৰ ডোলেৰে বান্ধ খাই আছে দুয়ো!
প্ৰাপ্তি থাকে শিলিগুৰিত ৷তাই শিলিগুৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয় এখনৰ সহকাৰী অধ্যাপিকা পদত কাম কৰি আছে ৷ অৰুন্ধতীও চিকিমৰ মাজিতাৰত অৱস্থিত “চিকিম মানিপাল ইন্সটিটিউটৰ” ইলেক্ট্ৰিকেল বিভাগৰ সহকাৰী অধ্যাপিকা৷
: ব’ল কেন্টিনত চাহ খাব যাওঁ, হামি আহি আছে বুজিছ’ -- শ্বেতাই ক’লে ৷
: ৰ’ মই ফোনটো কৰি লওঁ
অৰুন্ধতীয়ে প্ৰাপ্তিৰ লগত ফোনত কথা পাতি শেষ হোৱাৰ পিছত শ্বেতা আৰু তাই “ৰুফ টক”লৈ বুলি আগবাঢ়িল৷ইন্সটিটিউটৰ চাদৰ ওপৰত থকা কেন্টিনখনক অৰুন্ধতীহঁতে “ৰুফ টক” নাম দিছে ৷দুয়োজনীয়ে সিহঁতৰে কলিগ অমিতক কেন্টিনত চাহখাই থকা দেখি তেওঁৰ ওচৰতে বহি ল’লেহি ৷ অমিতে সিহঁত দুজনীক দেখি হাঁহি হাঁহি ক’লে – “বুঢ়াই আকৌ চেমিনাৰ পাতিছে, গম পায় আপোনালোকে?”
বুঢ়া মানে অমিতে ডিপাৰ্টমেন্টৰ হেডক উদ্দেশ্যি ক’লে ৷
: “নাপাওঁ, আপুনি কেনেকৈ গ’ম পালে?”—অৰুন্ধতীয়ে সুধিলে ৷
:আজি কৰিডৰত মোক লগ পাই কথাটো ক’লে৷ ফেকাল্টিৰ মাজত চেমিনাৰ পাতি থাকিলেহে টিচিং স্কিল উন্নত হ’ব, সেই বুলি ক’লে বুঢ়াই
: এই বয়সত বাৰু বাৰে বাৰে ষ্টুডেন্টৰ দৰে চেমিনাৰ দি থাকিব পাৰি নেকি! – শ্বেতাই বিৰক্তিৰে কৈ উঠিল ৷
: আমি সকলোৱে মিলি চাৰক চেমিনাৰ নাপাতিবলৈ অনুৰোধ কৰিব লাগিব – অৰুন্ধতীয়ে ক’লে৷
কেন্টিনৰ মোহনে শ্বেতা আৰু অৰুন্ধতীক চাহ আৰু ব্ৰেড পকৰা দি থৈ গ’ল ৷
: কাইলৈ দেওবাৰ ৷ মেডামহঁতৰ পিছে কি প্ল্যেন বা! –অমিতে সুধিলে
:মই কাইলৈ গেংটক যাম, অলপ বজাৰ কৰিব লগা আছে, অৰু যাবি নেকি? –শ্বেতাই সুধিলে অৰুন্ধতীক
:নাই অ’, কাইলৈ শিলিগুৰিত থকা মোৰ বান্ধৱী প্ৰাপ্তি আহিব ৷ মোৰো বজাৰ আছিল, পিছে যাব নোৱাৰিম ৷ (আগলৈ )
Like