Friday 30 October 2015

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি
গল্ফী:- বীৰু, শৰৎ আহিলে নহয়?
বীৰু:- জানো! কলিংবেল বজোৱা গমেই পোৱা নাই দেখোন ৷
গল্ফী:- হ'ব, ফটুৱামি থোৱা, এই গানটো কোনে গাইছে কোৱাচোন (গান এটা গুণগুণাই)
বীৰু:- গায়িকাই গাইছে আকৌ!
গল্ফী:- তোমাৰ ফটুৱামি বৰ বেছি হৈছে দেই ৷ এইবাৰ চিৰিয়াছলি এই কবিতাটোৰ বিষয়ে মতামত দিয়াছোন ৷
বীৰু:- আমি মতা মানুহে কি মতা মত দিম!
অৱশেষত বীৰুৰ লগত নোৱাৰি গল্ফীৰ প্ৰস্থান ৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি
এজন ভিখাৰী ৷ ভিক্ষা খুজিবৰ যোৱাৰ আগতে তেওঁ ভগৱানক কৈছে --- "প্ৰভু, আজি মই যিমান টকা পাম তাৰে আধা তোমাৰ চৰণত থ'ম আৰু আধা মই ল'ম৷দহটকা পালে পাঁচটকা তোমাক দিম আৰু পাঁচটকা মোৰ হ'ব৷"
খুজিমাগি গধূলি ঘূৰিবৰ পৰত মানুহ এজনে তেওঁৰ ভিক্ষাৰ পাত্ৰত পাঁচটকা থৈ গ'ল , পাঁচটকাটো পাই ভিখাৰীজনে ভগৱানক ক'লে --" প্ৰভু, তুমি বৰ টেঙৰ৷ মই তোমাক পাঁচটকা নিদিম বুলি ভাবি পাঁচটকা নিজৰ ওচৰত ৰাখি থৈ মোক পাঁচটকা দিলা, হয়নে?"

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি
ভূপেন ককায়ে কিবা এটা কৈছো বুলি কিবা এটা কৈ পেলায় ৷ এবাৰ তেওঁ চাইকেল চলাই গৈ থাকোঁতে ল'ৰা এটাক খুন্দিয়ালে ৷ খুন্দা খাই পৰি যোৱা ল'ৰাটোক তুলি ক'লে -- " তোক খুন্দাটো মাৰি মাফ কৰি দিলোঁ, ভাই!"
(ক'ব লাগিছিল খুন্দা মাৰিলোঁ, মাফ কৰি দিবি , ভাই)

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি
কণমানিয়ে মাকক কৈছে
"মা, সাধু এটা কোৱানা"
কণমানিৰ কথাত মাকে সাধু ক'বলৈ আৰম্ভ কৰিলে --
"এখন হাবিত এটা বান্দৰ আৰু এটা শিয়াল আছিল ৷ এদিন দুয়ো সখী পাতিলে... "
কণমানিয়ে মাকৰ মুখখনত হাত থৈ বাধা দি ক'লে--
"এইটো তোমালোকৰ দিনৰ পুৰণা সাধু৷ মোক আমাৰ দিনৰ নতুন সাধু ক'ব লাগিব"
কণমানিৰ কথাত মাকৰ চকু কপালত উঠিল ৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি
মন্টুৱে অংক বৰ টান পায়৷ তাৰ আজি অংক পৰীক্ষা আছিল ৷ পৰীক্ষা পিছে তাৰ বৰ ভাল হ'ল কাৰণ সি শ্ৰেণীৰ আটাইতকৈ চোকা ল'ৰা ৰিকুৰ পৰা নকল কৰি সকলো লিখিলে ৷
পৰীক্ষাহ'লৰ পৰা ওলায়েই সি ভৱেশক লগ পালে ৷ ভৱেশে তাক সুধিলে --
" মন্টু, চাৰি নম্বৰ প্ৰশ্নৰ উত্তৰ কি লিখিলি?"
মন্টুৱে তপৰাই উত্তৰ দিলে --
"হ্ৰসই লিখিলোঁ৷"
"হ্ৰসই লিখিলি?"-- ভৱেশৰ কপাল থূপ খালে ৷
ভৱেশৰ কপাল থূপ খোৱা দেখি সি ৰিকুক বিচাৰি গ'ল৷
" ৰিকু, চাৰি নম্বৰ প্ৰশ্নৰ উত্তৰটো কি হ'ব?"
"অ' হাফ হ'ব লাগে মন্টু, তোমাৰ কিমান ওলাল?"
মন্টুৱে আচল উত্তৰটো এতিয়াহে গম পালে৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি
মাইনা:- বীৰু মামা, সাধু এটা কোৱানা....মায়ে মোক সদায় পুৰণা পুৰণা সাধুবোৰ কয়৷ তুমি কিন্তু মোক নতুন সাধু ক'ব লাগিব!
বীৰু মামা:- শুনা তেন্তে...
এখন দেশত এটা শিয়াল আছিলে ৷ শিয়ালটোৰ হাতত এটা স্মাৰ্ট মবাইলফোন আছিলে দেই ৷ ৱাটচআপত বায়েকে পঠোৱা ফটো চাই সি গ'ম পালে-- তাৰ বায়েকৰ মতা শিয়াল এটা জগিল ৷ কণমানি ভাগিন শিয়ালটোৰ ফটো সি ফেচবুকত দি তাৰ সকলো বন্ধুকে সি মামা হোৱাৰ খবৰটো জনাই দিলে..তাৰপিছত....