Tuesday 5 December 2017

“অলপ উভতি যাওঁ”

“অলপ উভতি যাওঁ”
সময় গতিশীল৷পল-ক্ষণ সকলো ইতিহাসে সামৰি লয়৷আশী-নব্বৈ দশকৰ দিনৰ কথাবোৰ এতিয়া আমাৰ বাবে নষ্টালজিয়া-সোনালী অধ্যায়---
ৰামানন্দ সাগৰৰ ৰামায়ণখন যেতিয়া টিভিত আৰম্ভ হৈছিল তেতিয়া আমাৰ ঘৰলৈ টি ভি অহাই নাছিল৷ আমি ওচৰৰ খুৰাহঁতৰ ঘৰত গৈ টি ভি চাইছিলোঁ৷সেইসময়ত ৰামায়ণৰ ওপৰিও ৱাছিং পাউডাৰ নিৰমা এডভাৰটাইজ,আই লাভ ইউ ৰাচনা এডভাৰটাইজ,মিকি এণ্ড ডনাল্ড ,স্পাইডাৰমেন, চাৰ্লি-চেপলিনৰ কৌতুক অভিনয়,বিক্ৰম-বেতাল আদিয়ে মোহাবিষ্ট কৰি ৰাখিছিল আমাক৷
লাহে লাহে আমি দেউতাক কুটুৰিবলৈ ধৰিলোঁ আমাৰ ঘৰতো এটা টি ভি লাগে বুলি৷আমাৰ কেনকেননিত ৰক্ষা নাপাই দেউতাই এদিন “চলৰা” কম্পেনীৰ টি ভি এটা আনি ঘৰত হাজিৰ কৰিলেহি৷পিছে কিবা কাৰণত সেই টিভিটো সলাই “আপট্ৰন” টি ভি এটা আহি আমাৰ ঘৰ শুৱনি কৰিলে৷ “আপট্ৰন” টি ভিটো আছিল আয়তাকাৰ,টি ভিটো নচলালে জপাই থ’ব পৰা চিষ্টেম৷তেতিয়া টিভি চেনেলো আছিল মাথোঁ দুটা—ডি ডি-১,ডি ডি-২৷তেতিয়াৰ টি ভি এন্টেনাডাল দীঘল বাঁহ এডালত লগাই ঘৰৰ এচুকত পুতি থোৱা হয় আৰু টিভিটো যদি কিবা কাৰণত বৰষুণ দিয়াৰ দৰে জৰজৰাই থাকে তেতিয়া এন্টেনাডাল পকাই থকা হয়৷বাহিৰত দুজনমানে এন্টেনাডাল পকাই থাকে আৰু ভিতৰত কেইজনমানে টিভি স্ক্ৰীনত চকু দি থাকে৷এন্টেনাডাল পকাই থাকিলে টিভিৰ জৰজৰণিটো থাকেই তাৰ লগতে দুডালমান ক’লা ৰেখা তল-ওপৰ কৰি থাকে;তাৰমাজতে মানুহৰ মাত-কথা ওলাই আৰু কোনোবা এপাকত ভাগ্য ভাল থাকিলে টিভিৰ ছবি ফটফটীয়া হয়৷তেতিয়াৰ দিনত কাৰ কাৰ ঘৰত টিভি আছে এন্টেনাডাল চায়েই গম পোৱা গৈছিল৷
আমাৰ ঘৰলৈ টিভি অহাৰ পিছত ঘৰতে বহি আৰামত টি ভি চাব পৰা হ’লো৷তেতিয়া টি ভি যিহেতু দুই এঘৰ মানুহৰ ঘৰতহে আছিল সেয়ে টি ভি যাৰ যাৰ ঘৰত নাছিল তেওঁলোকেও টি ভি চাবলৈ আহিছিল আৰু টিভি চোৱা কোঠাটো মানুহেৰে ভৰি পৰিছিল৷ৰামায়ণ, মহাভাৰত,পৰমবীৰ চক্ৰ,চন্দ্ৰকান্তা,শক্তিমান,মুগলী আদিবোৰ আছিল আমাৰ প্ৰিয় অনুষ্ঠান৷তেতিয়া দেওবাৰে দেওবাৰে দুপৰীয়া সৰ্বভাৰতীয় বিভিন্ন ভাষাৰ চিনেমা দিছিল৷চিনেমা আৰম্ভ হোৱাৰ আগে আগে মুখেৰে কথা কব নোৱাৰা লোকসকলৰ হাতৰ অংগী-ভংগীৰে বাতৰি পৰিৱেশন দিছিল৷যিদিনাখন অসমীয়া ভাষাৰ চিনেমা দিছিল সেইদিনা আমাৰ মনবোৰ থৌকি-বাথৌ হৈ থাকিছিল৷ আমি খাই-বৈ,কাম-কাজ সামৰি অসমীয়া চিনেমাখন চাবৰ বাবে পূৰ্ণ-প্ৰস্তুতি চলাইছিলোঁ৷ওচৰ-চুবুৰীয়াও আহি ভিৰ কৰিছিলহি৷চিনেমাখন আৰম্ভ হোৱা সময়ত পৰিয়ালৰ কোনোবা এজন যদি বাৰীৰ চুকতো কাম কৰি থাকে বিচাৰি বিচাৰি চিঞৰি চিঞৰি মাতি অনা হৈছিল৷এনেকৈয়ে সোণমইনা, অজলা ককাই, আজলী নবৌ,হলধৰ,কোলাহল,হালধীয়া চৰায়ে বাওধান খায়,শৃংখল,গংগা চিলনীৰ পাখি,জীৱন সুৰভি,ককা,নাতি আৰু হাতী,ড০ বেজবৰুৱা,চামেলী মেমচাহাব,শকুন্তলা আদি চিনেমাবোৰ চোৱা মনত পৰে৷চিনেমাৰ দুখলগা দৃশ্যবোৰত মা-খুৰী-মামীহঁতে ওলাই অহা চকুপানী ঢাকিবলৈ চাদৰৰ আঁচলটোৰে নিজৰ নিজৰ মুখবোৰ ঢাকি পেলাইছিল আৰু পিছত সেইয়াই হাঁহিৰ খোৰাক হৈছিলগৈ৷হিন্দী চিনেমাৰ ভিতৰত ৰাজেশ খান্না,শশী কাপোৰ,জীতেন্দ্ৰৰ ফিল্ম খুউব চাইছিলোঁ৷বুধবাৰ আৰু শুক্ৰবাৰে ৰাতি আঠ বজাত “চিত্ৰহাৰ” দিছিল৷আমি হ’ম-ৱৰ্ক আদি কৰি পঢ়ি-শুনি আজৰি হৈ চিত্ৰহাৰ চাবলৈ বহিছিলোঁ৷মোৰ ডাঙৰ বাইদেৱে মা-দেউতাৰ আগত চিত্ৰহাৰ চাবলৈ লাজ পাইছিল৷দেউতাই চিত্ৰহাৰ ওলালে –“কি ঔ বান্দৰৰ দৰে নাচি-বাগি থাকে!এইবোৰনো চাইনে!!” –এইবুলি কৈ উঠি গৈছিল৷এবাৰ চিত্ৰহাৰত ৰাজেশ খান্নাৰ “হাথি মেৰা চাথি” গানটো দি আছিল৷তাত হাতী ওলাইছিল৷হাতী দেখি মই মা-দেউতাক মাতিবলৈ আৰম্ভ কৰিলোঁ – “অ’ মা, অ’ দেতা হাতী ওলাইছে,হাতী ওলাইছে….”৷বাইদেৱে মোৰ উৎসাহত চেঁচাপানী ঢালি পিঠিতে একভুকু লগাই দিছিল৷বাইদেৱে কিয় ভুকুটো দিছিল তেতিয়া বুজি নাপাই ভেঁ ভেঁ কৈ কান্দিছিলোঁ কিন্তু অলপ ডাঙৰ হৈ বুজিছিলো- মোক ভুকু দিয়াৰ কাৰণ৷নব্বৈ দশকৰ আমাৰ এই “আপট্ৰন” টিভিটো ২০০৭ লৈকে ধুনীয়াকৈ চলি আছিল পিছে৷
সেইসময়ত মাজে মাজে আমাৰ চুবুৰীয়া ল’ৰা-ছোৱালীৰ মাজত ভিচিপিত চিনেমা চোৱাৰ ধুম উঠিছিল৷সকলোৱে পইচা উঠাই ভিচিপি ভাৰাত লৈ গোটেই ৰাতিটো চিনেমা চাইছিল৷চিনেমা চাবলৈও পাল-পাতি লোৱা হৈছিল – আজি আমুকৰ ঘৰত চিনেমা চোৱা হ’ব, অহা সপ্তাহত তমুকৰ ঘৰত৷এই ভিচিপিতে মেইনে প্যাৰ কিয়া,আশিকী,চাজন,জামাই ৰাজা,কিয়ামত চে কিয়ামত তক,নৰসিংহ,ফুল অ’ৰ কাঁটে,চোলে আদি চিনেমাবোৰ চাইছিলোঁ৷দাদাহঁতে বিল্লা আৰু চাকাল থকা ভিলেইনৰ চিনেমা বেছি পচণ্ড কৰিছিল৷সিহঁতে ফাইট থকা চিনেমাক আগস্থান দিছিল৷আমাৰ দাদাৰ বহী এখন আছিল য’ত চিনেমাৰ ফটো কাটি আঠা লগাই থৈছিল আৰু ফটোত লগাই থোৱা চিনেমাখন চোৱাৰ পিছত ফটোখনৰ তলত চিনেমাখনত কেইটা ফাইট আছে,ভিলেইন কোন কোন আছে,হিৰ’ হিৰইন কোন আছে সকলো ধুনীয়াকৈ লিখি ৰাখিছিল৷
আমাৰ ঘৰত ফিলিপছৰ এটা ৰেডিঅ আছিল৷সেই ৰেডিঅটোতে গীতাঞ্জলী অনুষ্ঠান,নিয়োগ বাতৰি, আঞ্চলিক বাতৰি, মিচিং গীতৰ অনুষ্ঠান,সুৰৰ পানচৈ,অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰৰ সাঁথৰি,ঘৰ-জেউতি,হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান,মইনাহঁতৰ অনুষ্ঠান কুঁহিপাঠ,যুৱ-বাণী আদি শুনি উপভোগ কৰা মনত পৰে৷
ঘৰত যেতিয়া ইলেকট্ৰিচিটিৰ সংযোগ নাছিল তেতিয়া আমি টেবুল লেম্প আৰু হাত লেম্পৰ পোহৰত পঢ়িছিলোঁ৷হাত লেম্পটো বেছি পোহৰ দিবৰ বাবে কাগজেৰে ঘূৰণীয়া চুঙা এটা বনাই লেম্পটোৰ ওপৰত টুপিৰ দৰে লগাই দিছিলো৷দাদাই গধূলিতে লেমৰ চিমনিকেইটা ধুনীয়াকৈ চাফা কৰি থৈছিল আৰু লেমত কেৰাচিন তেল ভৰাই থৈছিল৷পঢ়া-শুনা কৰোঁতে আমি যেতিয়া লিখিছিলো চিঞাহী কলমেৰে লিখিছিলোঁ৷কলমৰ নিব সলনি কৰিব পৰা ব্যৱস্থাও আছিল৷চেলপাৰ্ক চিঞাহী দোৱাতৰ পৰা কলমত চিঞাহী ভৰাইছিলোঁ৷নব্বৈ দশকৰ মাজভাগৰ পৰা লেণ্ডফোন আহিছিল৷আমাৰ ঘৰৰ লেণ্ডফোনৰ প্ৰথম নম্বৰটো আছিল –৪২৮৯৬ আৰু কেইবাবছৰৰ পিছত সলনি হৈ হৈছিল ২৩২২২৷
সময়ৰ গতিশীলতাত এতিয়া সকলো সলনি হ’ল৷কথাবোৰ-দিনবোৰ মধুৰ স্মৃতিৰ এলবামত বন্দী হৈ ৰ’ল৷
 --- মৌচুমী বৰি