Wednesday 20 July 2016

“শৈশৱৰ ভাত-ধেমালি খেলবোৰ..

“শৈশৱৰ ভাত-ধেমালি খেলবোৰ...”
স্মৃতিৰ সফুঁৰা খুলি হাতত কলম লৈ বহিছোঁ;জীৱন নামৰ কিতাপখনৰ শৈশৱৰ পৃষ্ঠাবোৰ যেন এখন এখনকৈ লুটিয়াইছোঁ---
সোনালী শৈশৱৰ স্মৃতিবোৰে আহি অগা-দেৱা কৰিছেহি......
আমি খেলা-ধূলা কৰিবলৈ সমনীয়া এজাক মানেই আছিলো—লুকা-ভাকু,এচ-প্ৰেছ,আইৰে আমাৰ তগৰ,আবদাব,কবাদি আদি খেলৰ পৰা ধৰি অমৰা,শিলিখা,বগৰী গছৰ তলে তলে ঘূৰি-ফুৰালৈকে...কত’ কি যে নকৰিছিলোঁ আমি....
প্ৰাথমিক স্কুলত পঢা দিনবোৰত পাঠ্যপুথিৰ “শিলৰ চোলা” কাহিনীটোৰ আলম লৈ “নাটক নাটক” খেলিছিলোঁ।মই ৰজাৰ ভাও লৈছিলোঁ;আমাৰ নাটক নাটক খেলৰ দর্শক আছিল মা-দেউতা,দাদা,বাইদেউ.... আৰু অভিনয় কৰি দাদাৰ পৰা পোৱা ২ টকাৰে আমাৰ নাটক কৰা পার্টিটোৱে কেচা চানা কিনি খাইছিলোঁ।তেনেকোৱা দিনবোৰতে আমি “শকুনিৰ প্ৰতিশোধ” নাটক খন কৰাৰ পৰিকল্পনা কৰিছিলোঁ যদিও কৰা নহ’ল।
আমাৰ সেই ভাত-ধেমালি খেলা দিনবোৰত আমি “ঘৰ ঘৰ” খেলিছিলোঁ;আমি সমনীয়া বোৰে দুঘৰ হৈ ইঘৰে সিঘৰক চাহ-ভাত খাবলৈ মাতিছিলো।মা-দেউতাহঁতে যিদৰে আলহীক আদৰ-সাদৰ কৰি বহুৱাই,খোৱা পৰিবেশন কৰে তথা কথা-বতৰা পাতে সেইবোৰকে আমাৰ ভাত-ধেমালিটো অভিনয় হৈছিল।
কেতিয়াবা যদি দোকানী হৈছিলো,কেতিয়াবা হৈছিলো মন্দিৰৰ পূজাৰী;পূজাৰীৰ ৰূপত আমি সংস্কৃতৰ এই কবিতাফাঁকি মন্ত্ৰ ৰূপে ব্যবহাৰ কৰিছিলো---
“বিকচতি কমলং,বিলচতি চলিলং,পবনে বহতি চলিলং,দিচি দিচি ধাৱতি,নৃত্যতি কূজতি,খগকোল মতিচয লোলম.....”
কেতিয়াবা নার্চৰ অভিনয়,কেতিয়াবা ডাক্তৰ,কেতিয়াবা বাচৰ কনডাক্তৰ......
কেতিয়াবা খেলিছিলোঁ “স্কুল স্কুল”—সমনীয়া খিনিৰ আধাভাগে ছাত্ৰ-ছাত্ৰীৰ ভাও লৈছিল আৰু দুগৰাকীমানে শিক্ষকৰ ভাও লৈছিল।কঠাল পাতবোৰকে বহী কৰি তাত সৰু মিহি মাৰিৰে (কলম) ধুনীয়াকৈ লানি লানি ফুট ফুট কৰি আখৰ লিখা হৈছিল;”পৰীক্ষা পৰীক্ষা” পাতি নম্বৰ দিয়া হৈছিল।
“মন্ত্ৰী মন্ত্ৰী” খেলত আমি নিজৰ হাতখনকে মুঠি মাৰি মাইক্ৰফ’ন বনাই নেতাৰ দৰে ভাষন দিয়া দিয়ি কৰিছিলো।
কি কি খেল যে নেখেলিছিলোঁ!! “দৰা-কইনা”, বিহু বিহু”, “ঈদ ঈদ” খেল ইত্যাদি ইত্যাদি...
আজিকালি দেখো মোৰ আঢৈ বছৰীয়া কণমানি দুজনীয়ে আমাৰে অভিনয় কৰে।আমি দুইজনীকে কেনেকৈ ভাত খুৱাওঁ,কান্দিলে কেনেকৈ নিচুকাওঁ তাৰে অবিকল অভিনয় যেতিয়া তাহাঁতৰ পুতলাবোৰৰ লগত কৰে নাহাঁহি নোৱাৰোঁ ।দুইজনীয়ে পুতলাবোৰক গা-ধুৱাই দিয়ে,চেম্পু কৰি দিয়ে,কান্দিলে নিচুকাই,পানী খুৱাই দিয়ে,ভাত খুৱাই দিয়ে আৰু আমি কোৱা কথাবোৰকে আধাফুটা মাতেৰে সংলাপ দিয়ে।
শৈশৱৰ খেল-ধেমালিবোৰত যে অসচেতন ভাৱে নাটকৰ প্রতিচ্ছবি আছিল সেইকথা এতিয়াহে অনুভৱ কৰিছোঁ...
(পুৰণি লেখা)

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মন্টু, বৰুৱাৰ ঘৰৰ কাম কৰা ল'ৰা ৷ সি কৰা চাহ বৰুৱাই খাই কোনোদিন ভাল নাপায় ৷কিন্তু এদিন হঠাতে মন্টুৱে কৰা চাহ খাই বৰুৱা উৎফুল্লিত হৈ পৰিল ৷ তাক চাহ কাপ ভাল হৈছে বুলি প্ৰশংসাৰে উপচাই পেলালে৷ মন্টুৱেও আনন্দতে চাহৰ যিখিনি বাকী ৰ'ল সেইখিনি পিছদিনাৰ বাবে ৰাখি থ'লে৷
পিছদিনা সি বৰুৱাক চাহ দিবৰ পৰত আগদিনাৰ ভাল বুলি কোৱা চাহখিনি গৰম কৰি বৰুৱাক খাবলৈ দিলে ৷ পিছে বৰুৱাই চাহ মুখত লয়েই মুখখন বিকটাই পেলালে ৷ বৰুৱাৰ মুখ দেখি মন্টু সেই ঠাইৰ পৰা শীঘ্ৰে আঁতৰ হ'ল ৷

Sunday 10 July 2016

"পাহৰিও পাহৰিব নোৱাৰা কথাবোৰ"

"পাহৰিও পাহৰিব নোৱাৰা কথাবোৰ"
পাহৰিও পাহৰিব নোৱাৰা কথাবোৰ
বুকুৰ কোণত সোণাৰু হৈ ফুলে৷
সৰি পৰা সোণাৰুৰ পাহি
ৰ'দৰ তাপত শুকায়
বৰ ভয় লাগে জানা
তোমাক হেৰুৱাওঁ বুলি
যিদৰে ভয় লাগে
নিশ্চিদ্ৰ অন্ধকাৰলৈ!
সোণাৰু ফুলবোৰ বৰষুণত তিতিছে
শুকান পাহিবোৰ বৰষুণত তিতিছে

Friday 1 July 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
হৰেন গাঁওখনত মদপী নামে বিখ্যাত৷ এদিন মদ খাই আহি সি বায়েকক ক'লে -- "মই তোৰ ল'ৰাকেইটাক কাগজ-বহী-পেঞ্চিল কি লাগে সব আনি দিম কাইলৈ "
বায়েকেও ভাবিলে মোমায়েকৰ চাগৈ ভাগিন কেইটালৈ মৰম ওপজিছে!! বায়েকে মৰমতে হৰেনক মাছে-মঙহে ভাত খোৱালে ৷ সি পেট গেৰেলা কৰি ভাত-পানী খাই সেইদিনা গ'লগৈ ৷ গ'ল যি গ'ল ছমাহলৈ তাক দেখি পাবলৈ নাইকিয়া হ'ল৷ সি ছমাহৰ পিছত এদিন বায়েকৰ ঘৰত আহি ওলালহি ৷ বায়েকে তাক কথা-প্ৰসংগত সুধিলে-- "তই যে ভাগিন কেইটাক কাগজ-পেঞ্চিল-বহী দিম বুলিছিলি, ক'তা আজিলৈকেচোন দিব নোৱাৰিলি?"
সি বায়েকৰ কথা শুনি ক'লে-- " দিম বুলি যে কৈছিলোঁ আকৌ, তাকেনো কোনে কয় বাইদেউ?"
তাৰ কথা শুনি বায়েকৰ চকু কপালত উঠিল৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
নমি: অ' চন্দনা, তুমি যে ইমান আলসুৱা!!
চন্দনা: মই আলু নাখাওঁ দেই, খালেও কমকৈ খাওঁ! !!!

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেউ বেংকৰ পৰা মুখ ওন্দোলাই উভতি আহিল৷ মই সুধিলোঁ-- "বাইদেউ, বেংকত কাম হ'ল নে?"
" নাই অ' গল্ফী, আজি বেংকত ইন্টাৰনকেই নাই, কাম নহ'ল" !!!!

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মামাও যে আৰু!! নিজৰ পিঠিটো খজুৱাব দিলে এনেকৈ কয়--
"ঐ, পিঠিটো খজুৱাই দেছোন, পূবফালে খজুৱা, না না দক্ষিন ফালে খজুৱা, এ এ এ পশ্চিম ফালে খজুৱা অ'"

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মই বীৰুক সুধিলোঁ -- মংগল গ্ৰহত মানুহৰ বসতি হ'লে কি হ'ব বাৰু?
বীৰু:- আমাৰ ইয়াত ইটাৰ দাম বাঢিব আকৌ!!