Thursday 30 March 2017

মোৰ মৰমৰ জান-হিয়া,

মোৰ মৰমৰ জান-হিয়া,
মোৰ মৰম-চুমা ল’বা৷আজি মই তোমালোকক ৰাংঢালি নামৰ এজনী ছোৱালীৰ কাহিনী ক’ম৷
ৰাংঢালী নামৰ এজনী ছোৱালী আছিল৷তাই গান গাই,নাচি,কবিতা আদি লিখি খুউব ভাল পাইছিল৷এদিন হঠাত বুকুৰ বিষ হৈ ৰাতিপুৱা তাই অজ্ঞান হৈ পৰিল৷ডাক্তৰে ৰাংঢালিক ক’লে যে তাইৰ যিটো বেমাৰ হৈছে তাৰবাবে এবছৰ বিশ্ৰাম ল’ব লাগিব৷কিন্তু তাই পুনৰ সুস্থ হৈ উঠিবনে নে নুঠিব তেনেধৰণৰ কোনো উৎসাহপূৰ্ণ বাক্য ডাক্তৰজনে নোকোৱাকৈ গুচি গ’ল৷
ৰাংঢালিৰ মনলৈ হতাশা নামি আহিল৷অনবৰতে মৃত্যুৰ চিন্তা আহিবলৈ ধৰিলে৷তাইৰ লগতে কিয় এনে হ’বলৈ পালে সেইকথা ভাবি কান্দোনত ভাগি পৰিল৷এদিন তাইৰ বন্ধু দীপে তাইৰ বেমাৰৰ খবৰ ল’বলৈ আহিল৷দীপে দেখিলে যে ৰাংঢালি চিন্তাতে খীনাই গৈছে৷দীপক দেখিয়েই ৰাংঢালিয়ে নিজৰ হতাশা,বিৰক্তি,তিক্ততা আদিৰ কথা জনালে৷দীপে ৰাংঢালিৰ কথা শুনি মিচিকিয়াই হাঁহিলে আৰু ৰাংঢালিক ক’লে – “এবছৰ বিশ্ৰাম লোৱা মানে তোমাৰ বাবে আনন্দৰহে কথা!তুমি নিজৰ বিষয়ে ভাবিবলৈ বহুত সময় পাবা৷মই তোমাৰ বাবে ধুনীয়া ধুনীয়া কিতাপ আনি দিম,সেইবোৰ পঢ়িবা৷তোমাৰ ভাল লগা গানবোৰ শুনিবা৷হিয়াৰ আবেগেৰে কবিতা লিখিবা৷চাবা,জীৱনটো কিমান সুন্দৰ হৈ পৰিব!!” দীপৰ কথাই ৰাংঢালিৰ প্ৰাণত যেন নতুন আশাৰ সঞ্চাৰ কৰিলে৷” তাই সিদ্ধান্ত কৰিলে যে তাই আনন্দ,সুখ আৰু স্বাস্থ্যৰ কথা ভাবিয়েই দিন পাৰ কৰিব৷তাই দীপে আনি দিয়া অনুপ্ৰেৰণামূলক কিতাপবোৰ পঢ়িবলৈ ধৰিলে৷গান শুনিলে,গান গুণগুণালে৷কবিতাও লিখিবলৈ ধৰিলে৷তাইৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ পৰিল৷তাই পুৱা শুই উঠিয়েই জীৱনটোৰ প্ৰতি কৃতজ্ঞ অনুভৱ কৰে৷তাই নিজকে ধুনীয়াজনী বুলি ভাবে আৰু পৰিপূৰ্ণ স্বাস্থ্যৰ অধিকাৰী বুলি ভাবে৷লাহে লাহে তাইৰ বন্ধু-বান্ধৱীসকলে তাইৰ বেমাৰৰ খবৰ ল’বলৈ অহা হ’ল৷সকলোৰে লগত হাঁহি মাতি তাই উচ্ছল হৈ পৰে৷
এই ঘটনাই তাইৰ গোটেই জীৱনটোৱেই পৰিৱৰ্তন কৰি তুলিলে৷তাই শিকিলে কৃতজ্ঞতাবোধৰ দৰে মহৌষধৰ ব্যৱহাৰ৷এনেকৈয়ে তাই সুস্বাস্থ্যৰ অধিকাৰী হৈ পৰিল৷
মোৰ মৰমৰ জান-হিয়া,সেয়ে সদায় জীৱনৰ প্ৰতি কৃতজ্ঞ হ’বলৈ শিকিবা৷জীৱনত যি পাইছা তাৰ হিচাপহে সদায় কৰিবা,নোপোৱাখিনি লৈ দুখী হৈ নাথাকিবা৷সদায় সুখী হ’বলৈ যত্ন কৰিবা৷
আজিলৈ চিঠিখন ইমানতে সামৰিছোঁ৷ পুনৰ বহুত বহুত মৰমেৰে,
ইতি
তোমালোকৰ মৰমৰ মা
৩০/০৩/১৭

Wednesday 29 March 2017

মৌ উপচা মৰমে আজি

মৌ উপচা মৰমে আজি দিলেহি তোমাৰে বাতৰি বনৰে পখীটি উৰি আহি বহে তোমাৰে মনৰে পদূলি বকুলৰ সুবাসে এন্ধাৰে- পোহৰে বিয়পাই মন বননি তোমাৰে মৰমত গলি গলি জোনৰে পোহৰত নিশাটি পুৱাৰ পোহৰে বিলালে হিয়াতে সেন্দুৰীয়া মনৰে বাতৰি তমসা জীৱনে যদিহে কৰে বাউলি উচুপি নুঠিবা তুমি আশাৰে জেউতি বুকুতে সাৱটি যামে আগবাঢি সকলো ধুমুহা নেউচি মৌ উপচা মৰমে আজি দিলেহি তোমাৰে বাতৰি

(গানটো গোৱা হ'ল কন্ঠশিল্পী: কুলদীপ সুমন
০৫/০৩/১৮)

দুটুপি চকুলোৰ মুকুতা সৰে

দুটুপি চকুলোৰ মুকুতা সৰে প্ৰভাতী নিয়ৰৰ পৰশে পৰশে অাশাৰে চুমাতে সাৰ পাই উঠে সপোনে পাহে পাহে এখুজি দুখুজি মৰমৰে কুকি লৈ যাই বতাহে বজায় সুহুৰি সাৰ পাই উঠে সপোনে পাহে পাহে ৷ আহিনৰ এপাহি শেৱালি আছে বুকুজুৰি মৰমেৰে আকুল মোৰে চকুপাহি এখুজি দুখুজি মৰমৰে কুকি লৈ যাই বতাহে বজায় সুহুৰি

উঠা মোৰ সোণজনী

উঠা মোৰ সোণজনী
তোমাৰ বাবেই আছেহি ৰৈ
পুৱাৰ বেলিটি মিচিকি মিচিকি হাঁহি

চোৱাচোন আহি
নিয়ৰ তিতা দূবৰি
ধৰাহি মোৰে হাত
তোমাৰ কণমান আঙুলি

আলফুলীয়া পুতলা তুমি
অ' মোৰ সোণজনী
বলা যাওঁ ডাৱৰৰ সিপাৰে পৰীৰ দেশলৈ
পৰীৰ পোছাক পিন্ধি

হাঁহিত মুকুতা সৰা মোৰ নয়নমণি
মোৰ ডিঙিৰ এধাৰি মালা যে তুমি
চোৱা চোৱা সোণজনী
শৰতৰ আকাশৰ চৰাইবোৰ
কেনেকৈ গৈছে উৰি

মোৰ সোণজনী
মোৰ নয়নমণি৷৷

আইৰ দৰে ধুনীয়া তুমি

আইৰ দৰে ধুনীয়া তুমি
হীৰা বাখৰুৱা মোৰ চকুৰ মণি
মোৰ কলিজাৰ বা তুমি

সৰগী সুবাস তুমি

জীৱন জীপাল মোৰ
উলাহে নধৰা হিয়া
মোৰ কলিজাৰ বা তুমি

চেনেহৰ পৰশেৰে সাৱটিলা তুমি মোকে
জীৱন জীয়াৰ মন্ত্ৰ গুজি দিলা তুমি মোতে

হিয়াৰে চিনাকী আমি
মোৰ কলিজাৰ বা
নিবিড় হেঁপাহেৰে
ওৰেটো জীৱনেৰে
একেটি ছন্দতে বন্ধা আমাৰে হিয়া

তুমি মোৰ কলিজাৰ বা

নিভাঁজ মৰমৰ সুৰে ভৰা
দিলোঁ এটি মিঠা আলিংগন
মোৰ মৰমৰ বা
অ' মোৰ কলিজাৰ বা 

Sunday 26 March 2017

চকা

যোৱাৰাতি সপোনত এটি চকা
মোৰ হৃদয়ত আহি বহিল৷


পুৱাৰ নিয়ৰে যেতিয়া 
নতুন দিনৰ গান জুৰিলে
চকাটো বুকুত সাৱটি 
জীৱন জয়ৰ উল্লাসত মই
জঁপিয়াই ঘূৰি ফুৰিলোঁ
মৌপিয়া চৰাইটিৰ দৰে৷

Tuesday 21 March 2017

গল্ফীৰ ডায়েৰি:

গল্ফীৰ ডায়েৰি: 
মনমীয়ে সাংবাদিকতা পঢ়ি আছে৷ পিছে আমাৰ মামাই সিদিনা সকলোকে ক'লে বোলে --"আমাৰ মনমীয়ে সন্ত্ৰাসবাদ পঢ়ি আছে নহয়!!"

Monday 20 March 2017

নিজান ৰাতিৰ বাঁহী

পাহৰিলে জীয়াই থাকিব পাৰি
সেয়ে ইচ্ছা কৰিয়েই পাহৰি থাকোঁ বহু কথা৷

ভাল বাটে আহোঁ বুলি ভুল বাটে আহি উজুটি খালোঁ৷

কুৰুকি কুৰুকি সান্নিধ্যৰ উশাহ বিচাৰি বিচাৰি
মই এটা শামুকলৈ ৰূপান্তৰ হওঁ

আজি শাওণৰ বৰষুণৰ ঘন ক'লা ৰাতি
বুকুত জীপাল নিয়ৰতিতা ঘাঁহনি এডৰা৷

বৰ নীৰৱে বুকুৰ একোণত বাঁহী বাজিছে
যেন নিজান ৰাতিৰ বাঁহী৷৷

ৰচনাকাল:২০০২

ডাৱৰীয়া ৰাতি

তই এনেকৈ আহিবি বুলি জনা হ'লে
মই হয়তো কেতিয়াও তেনে নকৰিলোহেঁতেন!

এতিয়া চিপচিপীয়া বৰষুণজাকেৰে
হৃদয় জুৰুলি জুপুৰি৷

ভেকুলীৰ টোৰটোৰণিৰে
জয়াল যেন লগা
এটা ডাৱৰীয়া ৰাতি৷৷

ৰচনাকাল:২০০২

বালিঘৰ

সাগৰৰ বালিৰে সজা বালিঘৰ
ঢৌবোৰে ভাঙিছে বাৰে বাৰে৷

তথাপি সাজিছোঁ৷

তোমাৰ হাঁহিত বাগৰি পৰিছে
দুখৰ এপাহ ইন্দ্ৰমালতী৷৷

ৰচনাকাল:২০০২

হুমুনিয়াহ

হুমুনিয়াহৰ এটা দীঘল নিশ্বাসেৰে
তোমাৰ কাষতে আউজি বহিলোঁ

আদিগন্ত বিস্তৃত নীলাকাশলৈ চালোঁ

মোৰ এই দীঘল নিশ্বাসে
আকাশ চুব পৰা হ'লে
মই উৰে ৰাতি
হাতত ৰঙীন পানীয় লৈ
উলাহত তোমাৰ কাষতে বহি থাকিলোহেঁতেন৷৷
ৰচনাকাল:২০০২

এনেকৈয়ে অহা যোৱা কৰা তুমি

এনেকৈয়ে অহা যোৱা কৰা তুমি
মই থমকি ৰওঁ

কোমল সুহুৰি এটা বাজি থাকে
ঘনে ঘনে

হৃদয়ত আঁকো
আকাশনীলা বহুতো ছবি

ৰচনাকাল:১৯৯৯

তুমি

তুমি
এপাহ ৰঙা গোলাপ
ধুমুহা ৰাতিৰ এছাটি বতাহ
তুমি মোৰ
চিনাকী আপোন গান৷৷

তুমি কোমল সেউজ দুৱৰি
পুৱাৰ নিয়ৰকণা
ঠেঁটুৱৈ লগা শীতৰ ধূসৰ কুঁৱলী৷৷

বৰ্ণনাতীত তুমি
তুমি সাৰথি- ভঙা-গঢ়াৰ
তুমি বন্ধু --বুজা-নুবুজাৰ

তুমিয়েই আকাশ
তোমাৰ বুকুতেই মোৰ
তৰা আৰু জোনবাই

জীৱনে-মৰণে
উশাহে-নিশাহে
মাথোঁ তুমি তুমি আৰু তুমি!!

ৰচনাকাল:১৯৯৯

অকলশৰে মই বহি আছোঁ

অকলশৰে মই বহি আছোঁ
মোৰ চেতনাৰ চৌদিশে নি:সঙ্গতা
মই মাথোঁ এতিয়া
নিসঙ্গতাৰ সমাহাৰ

ৰচনাকাল:১৯৯৭

মোৰ দুচকুত নামে

মোৰ দুচকুত নামে
এসাগৰ আকাশ নীলা বন্যা
উচুপনীত মই আৰু মোৰ একাকী সত্বা!!

ৰচনাকাল:১৯৯৭

এবুকু পানীত কক্ বকাই

মিতভাষ -- ১৭৭
এবুকু পানীত কক্ বকাই
এবুকু পানীত কক্ বকাই... উঠি আহোঁ। পানীৰ তলৰ কাঁইটে চিৰাচিৰ কৰা মোৰ জীৰ্ণ অৱয়ব । ... প্রাণপনে পাৰ হওঁ ভগ্ন দলং --- ওলাই থকা গজাল আৰু ভঙা কাঠৰ টুকুৰাত উজুটিয়াই থমকি ৰওঁ... ছিটিকি পৰে তেজ । তথাপিও গৈ থাকোঁ ... দলঙৰ সিটো পাৰে ৰৈ থাকে বনফুলৰ দৰে ছোৱালীজনী ... তাইৰ বাবেই বৈ নিওঁ এটি মুকুতা ---- যিটো ধাৰণ কৰিবৰ বাবে বাৰে বাৰে বৰণ কৰোঁ এই জীৱন --- খোলাৰ আৰত সংগোপনে ৰাখোঁ যন্ত্রণাৰ জীৱন্ত দলিল --- অথচ সেই যন্ত্রণাৰ প্রতিধ্বনি শুনো তাইৰ বুকুত ... নাজানো মই নে তাই মোৰ প্রতিবিম্ব ?
#অনিতা গগৈ

Monday 13 March 2017

মৌচুমী বৰিৰ নৱতম গ্ৰন্থ, খুহুঁতীয়া কথাৰ ভঁৰাল- 'গল্ফীৰ ডায়েৰী' :
আখৰুৱাৰ অন্যতম সক্ৰিয় আৰু ঘনিষ্ঠ সদস্য হিচাপে মৌচুমী বৰি আমাৰ মাজত যিদৰে পৰিচিত, সেইদৰে ''গল্ফীৰ ডায়েৰী'ৰ স্ৰষ্টা হিচাপেও সমাদৃত। সেইগৰাকী মৌচুমী বৰিৰ খুহুঁতীয়া কথাৰ ভঁৰাল- 'গল্ফীৰ ডায়েৰী'ৰ প্ৰথম খণ্ড দুদিনমান আগতে ডাকযোগে পালোঁ আৰু লেখিকালৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
''গল্ফীৰ ডায়েৰী'ৰ পাতনিত লেখিকাই লিখিছে- 'মোৰ জীৱনত স্বতঃস্ফুৰ্তভাবে হাস্যমধুৰ মুহূৰ্তৰ সৃষ্টি হয়- এই কথা ভাবি মই নিজেই আচৰিত হোৱাৰ লগতে মুখলৈ হাঁহি বিয়পি পৰে। এদিন মনলৈ আহিল- নিজৰ ক্ষেত্ৰত ঘটা হাঁহি উঠা কথাবোৰ টুকি থোৱা হওক।......এদিন কোনো এক শুভ ক্ষণত কল্পনাতে এজনী মৰমলগা ছোৱালীয়ে মোৰ মনত অগা-দেৱা কৰিবলৈ ধৰিলে আৰু তাইৰ নাম ৰাখিলোঁ 'গল্ফী'। তাৰ পিছতেই 'গল্ফীৰ ডায়েৰী'......ফেচবুকৰ নিজৰ সময়ৰেখাত লিখাৰ উপৰিও ই-সাহিত্যৰ দুটি সৃষ্টিশীল গোট 'অসমীয়াত কথা বতৰা' আৰু 'আখৰুৱা'ত লিখিবলৈ ধৰিলোঁ......পাঠকসকলে আদৰি লোৱা দেখি আনন্দিত হৈ পৰিলোঁ।......গল্ফীৰ ডায়েৰী লিখি থাকিলে জীৱনৰ সৰু-সুৰা হতাশা, মানসিক চাপ আদি পাতলি যায়, যেন জীৱনৰ সৰু-বৰ যন্ত্ৰণাক জয় কৰাৰ এয়া এক মহৌষধ।"
এনে ধ্যান-ধাৰণাৰ মাজেৰে আগুৱাই মৌচুমীয়ে ''গল্ফীৰ ডায়েৰী' লিখি গৈছে বুলি জানি ভাল লাগিল। লিখাৰ আনন্দই মানুহক কিদৰে উপকৃত কৰিব পাৰে, পাঠকক তাৰেই উমান দিবলৈ যেন মৌচুমীয়ে আগবঢ়াই দিলে, তেওঁৰ নৱতম গ্ৰন্থ ''গল্ফীৰ ডায়েৰী"। মৌচুমীৰ এই অকপট কথাই আমাকো আনন্দ দিলে।
এইখিনিতে 'গল্ফীৰ ডায়েৰী'ৰ পৰা আপোনালোকলৈ এটি হাস্যমধুৰ মুহূৰ্ত আগবঢ়ালোঁ-
"ছয় বছৰীয়া টিংকুক শিক্ষকে সুধিলে-
শিক্ষক : টিংকু, কাউৰীয়ে কেনেকৈ মাতে অ'?
টিংকু : ছাৰ, আপুনি আজিলৈকে শিকোৱাই নাই, আমাৰ ঘৰতো কাউৰী নাই, মই কেনেকৈ জানিম কাউৰীয়ে কেনেকৈ মাতে?"
উল্লেখ্য যে 'গল্ফীৰ ডায়েৰী'ত সন্নিৱিষ্ট ছবিসমূহে বিষয়বস্তুৰ মাজলৈ পাঠকক লৈ যোৱাত সহায় কৰিছে, সেইদৰে ব্ৰ্টুপাতৰ চিত্ৰ আকৰ্ষণীয় আৰু অৰ্থৱহ হৈছে। 'গল্ফীৰ ডায়েৰী' গ্ৰন্থখন চেমনীয়া সকলৰ পৰা আৰম্ভ কৰি যিকোনো পাঠকে পঢ়ি ভাল পাব বুলি আমাৰ বিশ্বাস।
ব্যক্তিগতভাবে মৌচুমীক এতিয়ালৈ লগ পোৱা নাই যদিও, তেওঁৰ গ্ৰন্থৰ সৈতে আমাৰ পৰিচয় আগতেই হৈছে। ইতিমধ্যে আমি পঢ়িছোঁ তেওঁৰ কাব্য-গ্ৰন্থ- 'এজাক বৰষুণৰ অপেক্ষাত' আৰু এতিয়া পঢ়িলোঁ 'গল্ফীৰ ডায়েৰী'। দুয়োখন গ্ৰন্থই চাকৰি সূত্ৰে অভিযন্তা গৰাকীৰ মাজত লুকাই থকা সাহিত্য অনুৰাগী গৰাকীৰ সৈতে পৰিচিত হোৱাত সহায় কৰিছে।
মৌচুমীৰ সাহিত্য-চৰ্চা আগুৱাই যাওক, তাৰেই কামনা কৰিলোঁ আৰু তেওঁৰ নতুন গ্ৰন্থ 'গল্ফীৰ ডায়েৰী' পাঠকে আদৰিব বুলি আশা কৰিলোঁ।
~ মনোহৰ দত্ত
১৩ মাৰ্চ, ২০১৭
_________________________________________
গল্ফীৰ ডায়েৰী, প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী, ২০১৭
প্ৰকাশক : প্ৰাঞ্জল আবিৰ দাস।
কাৰ্টুন শিল্পী : অৰ্ণৱ ৰত্ন পাৱে, বাৰ্বী বৰুৱা।
বেটুপাতৰ শিল্পী : অৰ্ণৱ ৰত্ন পাৱে
মূল্য : ষাঠী টকা।
মুদ্ৰণ : বিনায়ক অফচেট প্ৰেছ, শিৱসাগৰ।

ভাল লাগিল 'গল্ফীৰ ডায়েৰি'ৰ বিষয়ে আপোনাৰ অনুভৱ জানিব পাৰি৷ ফেচবুকত গল্ফীৰ ডায়েৰিয়ে পাঠকক যেনেকৈ একোটা নিৰ্মল মূহুৰ্ত প্ৰদান কৰে, কিতাপখনেও নিশ্চয় পাঠকক এক নিৰ্মল সুখ দিব৷ কিতাপখন হাতত পৰা নাই এতিয়াও৷ পঢ়িম সোনকালে৷ লেখিকা মৌচুমী বা’লৈ শুভেচ্ছা আৰু অভিনন্দন যাচিলোঁ৷ -- হীৰকজ্যোতি বৈশ্য
ফেইচবুকৰ গল্ফীৰ ডায়েৰি প্ৰায়ে পঢ়োঁ, ডায়েৰি কথাবোৰ বৰ ৰসাল লগতে খুব সৰলকৈ লিখে বাবে কিবা এটা মোহ জাগে। কিতাপ আকাৰে ওলোৱা খবৰটো শুনি ভাল পালোঁ। বাইদেউলৈ বহুত শুভেচ্ছা আৰু অভিনন্দন জনালো।--- অচ্যুত মাধৱ দাস

Sunday 12 March 2017

মোৰ মৰমৰ জান-হিয়া

মোৰ মৰমৰ জান-হিয়া,
মৰমবোৰ লবা৷ আজি মই তোমালোকক এঘাৰ বছৰীয়া মৰম লগা এজনী সুখী ছোৱালীৰ কথা কম৷তাইৰ নামটো আছিল এলিজাবেথ৷তাই সদায় ৰাংঢালিজনী হৈ ঘূৰি ফুৰিছিল৷এদিন দেউতাকে তাইক সুধিলে –
“মাজনী,তই সুখী নে?”
“অঁতো,মই সুখী৷”—এলিজাবেথে হাঁহি মাৰি ক’লে৷
“তই সদায় সুখী নে?”
“মই সদায় সুখী দেউতা৷”
“বাৰু,তই কি কি কাৰণে সুখী আজি মোক ক’ব লাগিব৷”
এলিজাবেথে মিচিকিয়াই হাঁহি দেউতাকক কৈ গ’ল—“মোৰ খেলৰ লগৰীসকলক মই বৰ ভাল পাওঁ,সেয়ে মই সুখী৷মই মোৰ স্কুলখন আৰু মোৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক ভাল পাওঁ,সেয়ে মই সুখী,মই গীৰ্জালৈ গৈ আনন্দ পাওঁ,সেয়ে মই সুখী৷মোৰ ভনী মাৰ্গাৰেট আৰু ভাইটি জনক মই খুউব ভাল পাওঁ,সেয়ে মই সুখী৷মই মা আৰু তোমাক ভাল পাওঁ,সেয়ে মই সুখী৷মোৰ অসুখ-বিসুখ হ’লে তোমালোকে যে কিমান যত্ন লোৱা,তোমালোক মোৰ শুভাকাংক্ষী৷সেয়ে মই সদায় সুখী দেউতা৷”
দেখিছা জান-হিয়া..তাইৰ পৃথিৱীখনৰ লগত জড়িত সকলোকে লৈ তাই সুখী৷এলিজাবেথৰ বাবে সুখী হোৱাৰ এইয়াই “ফৰ্মূলা”৷তোমালোকেও এলিজাবেথৰ এই সুখী হোৱাৰ ফৰ্মূলাটো জীৱনত সদায় প্ৰয়োগ কৰিবলৈ যত্ন কৰিবা দেই৷
বহুত মৰম আৰু চুমাৰে,
ইতি
তোমালোকৰ মা
১২/০৩/১৭

Friday 10 March 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
বিপুলে কাম এটাত শহুৰেকৰ ঘৰলৈ গৈছিল৷ সি কথা খুব কমকৈ কয়৷আছলতে সি বোলে কথা কবলৈ কথাই বিচাৰি নাপায়৷ সিদিনা ড্ৰয়িং ৰূমত শহুৰেকৰ স'তে সি বহি আছিল৷ দুয়োৰে মাজত নীৰৱতা৷বিপুলে কথা পাতিবলৈ কথা বিচাৰি ফুৰিছে মনৰ মাজত৷ ভাবি ভাবি সি কথা এটা বিচাৰি পালে৷শহুৰেকক সুধিলে --
"দেউতা আপুনি বিয়া পাতিলে নাই?"

Tuesday 7 March 2017

হিয়া আখ্যান:

হিয়া আখ্যান:
শিক্ষক: ঘৰত কোনে বেছি মৰম কৰে?
হিয়া: মায়ে
শিক্ষক: মায়ে কি কৰে?
হিয়া: মায়ে কবিতা লিখে!!!

Sunday 5 March 2017

মাকে জীয়ৰীলৈ লিখা চিঠি

মাকে জীয়ৰীলৈ লিখা চিঠি:মাৰ্চ,২০১৭
মোৰ মৰমৰ জান-হিয়া,
মৰমবোৰ ল’বা৷ আজি মই তোমালোকক এটি অধৈৰ্য ল’ৰাৰ কাহিনী ক’ম যি জন ল’ৰাই এজনী চৰাইৰ কাৰুকাৰ্য দেখি পিছলৈ ধৈৰ্য গুণ লাভ কৰিছিল৷ল’ৰাটি নিজৰ কাম-কাজ লৈ ইমানেই অধৈৰ্য আছিল যে কামৰ কথা ভাৱি পুৱাৰ আহাৰ চোবাই নাখাই লৰালৰিকৈ গিলিছিল৷এইদৰে লৰা-ঢপৰা কৰি থকাৰ ফলত দুপৰীয়ালৈ ল’ৰাটি ক্লান্ত হৈ পৰিছিল আৰু ৰাতি যেতিয়া বিছনালৈ গৈছিল ল’ৰাটিৰ সৰ্বশৰীৰ অসাৰ যেন হৈ পৰিছিল৷
এদিন ল’ৰাটিৰ ৰাতি ভালকৈ টোপনি নাহিল৷সেয়ে তেনেই দোকমোকালিতে উঠি সি খিৰিকীৰ দাঁতিত বহি পুৱাৰ পৰিৱেশ চাই আছিল৷হঠাতে গছ এজোপাত এজনী চৰাই ল'ৰাটিয়ে দেখিবলৈ পালে৷চৰাইজনীয়ে পাখিৰ মাজত মূৰ গুজি ডেউকাদুখন বহলকৈ মেলি শুই আছিল৷মাজে মাজে চৰাইজনীয়ে সাৰ পায় আৰু ঠোঁটটো পাখিৰ মাজৰ পৰা উলিয়াই আনে,তন্দ্ৰালস দৃষ্টিৰে চাৰিওপিনে এবাৰ চায় আৰু ঠেং এটা আৰু ডেউকাএখন মেলি দিয়ে৷ক্ষন্তেক পিচতে সেই ঠেংটো আৰু ডেউকাখন কোচাই আনে, আৰু একেটা কামেই ইটো ঠেং আৰু ডেউকাখনৰ লগত কৰে – অৰ্থাৎ মেলি দিয়ে আৰু চপাই আনে৷ইয়াৰ পিছত চৰাইজনীয়ে মূৰটো আকৌ পাখিৰ মাজত গুজি দি “সুখটান” টোপনি অকন মাৰে৷তাৰপিছত মূৰটো উলিয়াই খুউব সাৱধানে চাৰিওফালে এবাৰ চায় আৰু মূৰটো পিছলৈ বেঁকা কৰে৷ডেউকাদুখন বহলকৈ আৰু ঠেং দুটা দীঘলকৈ মেলি দিয়ে আৰু এটি সুৱদী গীত জুৰে৷সেই গীত যেন নতুন দিনৰ আদৰণি গীত!!গীত শেষ কৰি চৰাইজনী জঁপিয়াই জঁপিয়াই অলপ দূৰ যায় আৰু দুটোপমান চেঁচাপানীৰে ডিঙিটো তিয়াই লৈ খাদ্যৰ সন্ধানত উৰা মাৰে৷
চৰাইজনীৰ এই কাণ্ড-কাৰখানাই ল’ৰাটিৰ মনলৈ এক বিৰাট পৰিৱৰ্তন আনিলে৷সেইদিনাৰ পৰা সিও চৰাইজনীৰ দৰেই কামবোৰ ধীৰে-সুস্থিৰে কৰিবলৈ আৰম্ভ কৰিলে৷পুৱাৰ আহাৰ লৰালৰিকৈ নিগিলি লাহে-ধীৰে চোবাই খাবলৈ ললে৷বেসুৰাকৈ হ’লেও গান এটি গুণগুণাবলৈ আৰম্ভ কৰিলে৷এনেকৈ কৰাৰ ফলত তেওঁৰ মনৰ অধৈৰ্য গুণ,খিঙখিঙিয়া স্বভাৱ,দুশ্চিন্তা আদি নাইকিয়া হ’ল৷ল’ৰাটিৰ এনে লাগিল – তেওঁ যেন এজন নতুন মানুহ হ’ল৷ল’ৰাটিয়ে গোটেই দিনটো শান্তিৰে পাৰ কৰাৰ উপৰিও ৰাতি শেতেলীলৈ অতি সন্তুষ্টমনেৰে যাব পৰা হ’ল৷ অৱসাদ,ক্লান্তি আদি যেন বহু দূৰলৈ আঁতৰি গ’ল৷
সেয়ে মোৰ জান-হিয়া..জীৱনত কোনো কথাতে কোনো পৰিস্থিতিতে কেতিয়াও অধেৰ্য নহ’বা৷চৰাইজনীৰ কাহিনী তোমালোকেও সদায় মনত ৰাখিবা৷
বহুত মৰম আৰু চুমাৰে আজিলৈ চিঠিখন সামৰোঁ৷
ইতি
তোমালোকৰ মা
০৫/০৩/১৭

Saturday 4 March 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
পত্নী: কাইলৈ পুৱা মন্দিৰ যাম আমি দুয়ো
পতি: কিয়?কিয় মন্দিৰ যাম?
পত্নী: (চকু পকাই) পুৱাৰ পৰা আজি ফচ ফচাই আছোঁ কিন্তু দেই!!!

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেৱে নতুনকৈ স্মাৰ্টফোন এটা লৈছে, কিন্তু কেনেকৈ ব্যৱহাৰ কৰে নাজানে৷পিছে আজিকালি সকলোৱে ফেচবুক,ৱাটচএপ ব্যৱহাৰ কৰে বুলি জানে৷বীৰুক ক’লে—“বীৰু,এইটোত ফেচবুক,ৱটচঅপ ডাউন কৰি দেছোন তাৰপিছত সৱ শিকাই দিবি দেই”৷
এসপ্তাহমান বীৰুৰ পৰা ট্ৰেইনিং লৈ মাজনী বাইদেৱে স্মাৰ্টফোন ব্যৱহাৰ কৰিব পৰা হ’ল৷ফেচবুক চলাই আনন্দ পোৱা হ’ল৷ফে’চবুকত বন্ধুও অলপ গোট খালে৷পিছে হাঁহি উঠা কথা পঢ়োঁতে,বন্ধুসকলৰ ফটো আদি চাওঁতে প্ৰায়ে “angry” চিম্বলটো হাতলাগি গুচি যায় ৷মাজনী বাইদেৱে চিম্বলটো সলাব জনা নাই এতিয়ালৈকে৷
“অ’ কটা খং উঠাটোকে দিব পাব লাগেনে!!” –এইবুলি কৈ থৈ দিয়ে৷
সিদিনা ফটো এখন লাইক কৰিব খুজোঁতে “wow” চিম্বলটো দিলে৷
বীৰুক ক’লে – “অ’ বীৰু,চাচোন চা “ৱ’ ৱ’” চিম্বলটো দি দিলোঁ ফটোখনত!!যা কটা!”