Monday 28 November 2016

জান আখ্যান

জান আখ্যান:
জান-হিয়াই ৰাম-সীতাৰ কথা বেছিকৈ জানিব বিচৰাত আমাৰ দিনৰ ৰামায়ণৰ ডিভিডিখিনি কিনি পেলালোঁ৷ দুইজনী এইকেইদিন ৰামায়ণ চোৱাত ব্যস্ত৷ আজি জানে মোক সুধিলে --
: মা,ৰামৰ ঘৰত মতা নাম নাই নেকি?

টুকুৰা পদ্য

টুকুৰা পদ্য
১)
নিয়ৰসনা ঘাঁহনিখনিৰ মাজৰ পৰা
বেং এটা জপিয়াই উঠিল
তোমাৰ চকুলৈ কেনেকৈ চাওঁ
মোৰ যে চকুত শাওনীয়া মেঘৰ নাচোন৷৷
২)
হাচনাহানা জোপাত
মৌপিয়া চৰাইজনী বহি আছিল
তেতিয়া তোমাৰ হৃদয় আছিল মৰুভূমি৷৷
৩)
আইনাত সৰল গছৰ প্ৰতিবিম্ব
এই কথা তুমি যদি জানিলাহেঁতেন
সবাতোকৈ সুখী হ'লোহেঁতেন মই৷৷

Sunday 27 November 2016

জান আখ্যান

জান আখ্যান:
মা, মই তোমাতকৈ এতিয়াহে চাপৰ হৈ আছোঁ, চাবাছোন মই ডাঙৰ হ'লে তোমাতকৈ ওখ হৈ যাম!!

Wednesday 23 November 2016

জান-হিয়া আখ্যান

জান-হিয়া আখ্যান-
জান-হিয়াক ঘৰতে কেৱল অসমীয়া বৰ্ণমালাখিনিহে এতিয়ালৈ শিকাই থোৱা হৈছে৷হ্ৰসই কাৰ,দীৰ্ঘই কাৰ এতিয়ালৈকে শিকোৱা হোৱা নাই৷ ইফালে সিহঁতক স্কুলত হিন্দী শিকাইছে, "ছটি কি মাত্ৰা","বড়ী কি মাত্ৰা" শিকাইছে....
জানে সিদিনা মই পঢ়ি থকা অসমীয়া গল্প কিতাপখনত চকু ফুৰালে আৰু পঢ়ি গ'ল--
" ত মে ও কি মাত্ৰা তু, ম মে ছটি কি মাত্ৰা মি -- তুমি....হয় নে মা?

জান-হিয়া আখ্যান

হিয়া:-অ' মা,ৱানৰ আগত কি আহে?
মা :- জিৰ'
হিয়া: জিৰ'ৰ আগত?
মা: ওমমমমম.....
হিয়া:জিৰৰ আগত লাড্ডু আহে!!!!

জান-হিয়া আখ্যান

জান হিয়াই "বুঢ়ী আইৰ সাধু"ৰ গোটেই কেইটা সাধুয়েই শুনিলে৷ সেয়ে আজিকালি পুনৰ শুনিব নিবিচাৰে৷মইও নিজৰ ফালৰ পৰা জনা সাধুবোৰ কৈ কৈ মোৰো তলি উদং হৈছেগৈ৷সিদিনা ৰামায়ণৰ সাধু ক'লো৷বৰ ভাল পালে দুইজনীয়ে৷ এইবাৰ মহাভাৰতৰ সাধুত ধৰিলোঁ৷ গৈ গৈ দ্ৰৌপদীৰ সয়ম্বৰ পালোঁগৈ৷ যেতিয়া ক'লো -- পঞ্চ-পাণ্ডৱে দ্ৰৌপদীক লৈ মাক কুন্তীৰ কাষ পালেগৈ আৰু মাকক যুধিষ্ঠিৰে ক'লে --" মা,তোমাৰ বাবে আমি কি আনিছো চোৱা৷" মাকে ক'লে -- "যি আনিছা ভগাই লোৱা"
মাকৰ মুখৰ কথা ৰক্ষা কৰি পাঁচজন পাণ্ডৱে দ্ৰৌপদীক বিয়া পাতিলে৷
-- সাধু শুনি জানে মূৰে কপালে হাত দিলে ... হিয়াই ক'লে -- "অ' মা,তেন্তে দ্ৰৌপদীয়ে পাঁচবাৰকৈ সেন্দূৰ লৈছিল ন'?

জান-হিয়াৰ কথা

জান-হিয়াৰ কথা:-
(১)
হিয়া: মা,তুমি কাৰোবাক ভাল পোৱা ন?
মা: ???
হিয়া: তুমি, পাপাক ভাল পোৱা ন'?
(২)
জান: মা, মোৰ আখৰকেইটা কেনেকুৱা হৈছে?
মা: বৰ ধুনীয়া হৈছে!
জান: মাক বোৰে জীয়েক বোৰৰ এনেও সব ভাল দেখেই!
(৩)
চিনেমা হলৰ ভিতৰত ---
জান: এন্ধাৰত মবাইল চাব নালাগে বুলি কয় কিন্তু চিনেমা চাওঁতে লাইটবোৰ কিয় বন্ধ কৰি দিয়ে?
"কথানদী"ৰ ভয় লগা দৃশ্য চাব নোৱাৰি চকু দুটা মুদি দিলোঁ৷জান আৰু হিয়াইও মুদি আছে৷ হিয়াই মোক চকু মুদা দেখি কৈ উঠিল--
" মা, তুমি চোন ডাঙৰ মানুহ!ডাঙৰ মানুহে ভয় কৰে নেকি???

হিয়া আখ্যান

হিয়া আখ্যান:
হিয়া: মা,তুমি কেনেকৈ ডাঙৰ হ'লা?
মা : তুমি যেনেকৈ ডাঙৰ হৈছা তেনেকৈ
হিয়া: অ... তুমি মানে হৰলিক্স খাই ডাঙৰ হ'লা

জান আখ্যান

জান আখ্যান:
জান: মা,শিৱৰ বেলেগ এটা নাম কি?
মা: ভৈৰৱ
জান:আমাৰ পাপাৰ নাম ভৈৰৱ পাৱে৷বাৰু মা, পাপা যদি ভৈৰৱ পাৱে, শিৱ…. কি?কি লিখে শিৱই?
মা:ভগৱানৰ উপাধি নাথাকে অ’ সোনজনী!

জান আখ্যান

জান আখ্যান:-
জানে নতুনকৈ ইংৰাজী শিকিছে৷ বাৰে বাৰে কৈ আছে পি ইউ টি পাট, পি ইউ টি পাট৷ পি ইউ টি পাটৰ অৰ্থ বিচাৰি ফনিকচ বুক মেলি হায়ৰান হৈছে তাই৷ হিয়াক কৈছে পি ইউ টি পাটৰ অৰ্থচোন ক'তো নায়েই৷ শেষত উপায় বিহীন হৈ মোৰ কাষ চাপিল---
"অ' মা, পি ইউ টি পাট মানে কি?" তেতিয়াহে মই তাইৰ কথা ধ্যান দিলোঁ৷মই বুলোঁ -- পি ইউ টি পাট নহয় অ' জানমানু, পি ইউ টি পুট......
মোৰ কথা শুনি দুইজনী হাঁহিত থাকিব নোৱাৰা হ'ল -- পি ইউ টি পুট পি ইউ ট পুট!!!

জান আখ্যান

জান আখ্যান:
কপাল কোচাই জান মোৰ আগত থিয় হয় আৰু কয় --
"মা,ৰাক্ষসবোৰে নিজৰ ইচ্ছা মতে হাতী,ঘোঁৰা,মানুহৰ ৰূপ ল'ব পাৰে!"
মই কওঁ -- "অঁ পাৰে!!"
"এই ইংৰাজী আখৰবোৰো ৰাক্ষসবোৰৰ দৰে চোন মা! G টোৱে মন গ'লে 'জ' হয়, মন গ'লে 'গ' হয়, C টোৱে মন গ'লে 'চ' হয় ,মন গ'লে 'ক' হয়,E টোৱে মন গ'লে 'ই' হয়, মন গ'লে 'এ' হয়চোন!!!"
!!!!!

জান-হিয়া আখ্যান

জান-হিয়া আখ্যান:-
হিয়াই কথাৰ প্ৰসংগত মাজে মাজে "কথাপিও" বুলি কৈ থাকে ৷মই পিছত হে মন কৰিলোঁ, তাই "তথাপিও" শব্দটোক "কথাপিও" বুলি কয়, সুধৰাই দিলেও নুশুনে -- কথাপিও বুলি কবই৷
জানে মাজে মাজে "থালে" "থালে" বুলি কৈ থাকে৷ মই ভালকৈ মন কৰিহে গম পালোঁ তাই "তেতিয়াহ'লে" শব্দটোক ছুটিকৈ "থালে" বুলি কয়৷ মই তাইক সুধৰাই দিলত ক'লে-- কবলৈ এলাহ লাগে অ'!!

Monday 21 November 2016

গল্ফীৰ ডায়েৰি


এবাৰ মোৰ লগত এগৰাকী নেপালী সম্প্ৰদায়ৰ সৰু ছোৱালী এজনী আছিল৷ এদিন মই টেবুলত খুন্দা খাই "আয়াহ!" বুলি কৈ উঠিলোঁ৷তাইও মোৰ কথা শুনি লগে লগে কৈ উঠিল -- "ডিডি, তুমি চোন নেপালী ভাষা কৈছা? আমাৰ নেপালীভাষাতো দুখ পালে "আয়াহ" বুলি কয়!"

গল্ফীৰ ডায়েৰি


বীৰু সৰুতে বৰ ক্ষীণ আছিল ৷ মাকৰ সেয়ে বৰ চিন্তা! মাকে এদিন ভাবিলে যে বীৰুৱে ভালপোৱা খাদ্য এভাগৰ সৈতে নিয়ম অকন কৰি দিলে কিজানি বীৰু শকত হয়েই!সেয়ে মাকে বীৰুক ক'লে--
" তোৰ কি খাই ভাল লাগে কবিচোন৷"
মাকৰ কথাখিনি বীৰুৰ ককায়েক হীৰুৱে শুনি আছিল৷ মাক বীৰুৰ কাষৰ পৰা যোৱাৰ পিছত হীৰুৱে বীৰুক শিকাই দিলে --"তই আপেল খাই ভালপাওঁ বুলি ক'বি দেই"
বীৰুৱে ভাবিলে -- "ইচ! কেলেই ক'ম!! তাৰ আপেল খাই ভাল লাগিল বুলিয়েই মোৰো ভাল লাগিব নেকি!!!" সি মাকক নাৰিকল খাবলৈ মন যোৱাৰ কথা ক'লে৷ মাকেও তাৰ কথা মতে গছৰ পৰা নাৰিকল পাৰি বীৰুক ঢৰা এখনত বহুৱাই কলপাতত নাৰিকল কেইটুকুৰামান দি আৰু জ্বলোৱা চাকি এগছিৰে সৈতে বীৰুৰ ফালে আগবঢাই সেৱা কৰি খাবলৈ ক'লে ৷ বীৰুৰ পিছে নাৰিকল দুটুকুৰা মান খায়েই গাল বিষালে৷ সি মনে মনে ভাবিলে --" ছেহ! হীৰুৰ কথা শুনা হ'লেই ভাল আছিল, আপেল বেছিকৈ খাব পাৰিলোহেঁতেন!!!"

Sunday 6 November 2016

কাব্যগ্ৰন্থৰ পৰ্যালোচনা

মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' কাব্যগ্ৰন্থৰ পৰ্যালোচনা আগবঢ়াবলৈ লৈছো।

সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত কবিতাই প্ৰাচীন। তমসা নদীৰ পাৰৰ পুণ্য তপোবনত মৈথুনৰতা ক্ৰৌঞ্চ পক্ষীহালৰ এটাক নিষ্ঠুৰ ব্যাধে হত্যা কৰা দেখি ঋষি বাল্মীকিৰ অন্তৰত অনুভূত শোকৰ খলকনি, পৰ্বত বাগৰি অহা নৈৰ দৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল সেই অমৰ শ্লোকঃ

"মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।
যৎ ক্ৰৌঞ্চমিথুনাদেকমঅৱধীঃ কামমোহিতম্ ।।"

এয়াই আছিল ভাৰতৰ প্ৰথম কবিতা। উল্লেখযোগ্য যে ইয়াৰ পৰাই সৃষ্টি হৈছিল আদি কাব্য 'ৰামায়ণ'।

কবিতা মূলত এক শিল্প।কবিতা শব্দৰে নিৰ্মিত ভাষাৰ শিল্প। কবিতা কবিৰ ভাৱ-বিলাসৰ শব্দময় প্ৰকাশ। অৱশ্যে কবিতা বাস্তৱৰ অবিকল প্ৰতিকৃতি নহয়। ই বাস্তৱৰ এক নন্দনতাত্ত্বিক ৰূপায়ণহে।
সাধাৰণতে কথ্য ভাষাত 'ভাৱ'ৰ বিনিময় ঘটে। আনহাতে কবিতাৰ ভাষাত 'ভাৱ' আৰু 'ৰস' - দুয়োটাই উপলব্ধ হয়। স্মৰ্তব্য যে আজিৰ আধুনিক কবিতা পূৰ্বৰ ৰোমাণ্টিক ধাৰাৰ পৰা বহু পৰিমাণে ফালৰি কাটি আহি স্ব-মহিমাৰে মহিমামণ্ডিত। সময় সলনি হোৱাৰ লগে লগে সলনি হৈছে ভাৱ, ভাষা , বিষয়বস্তু আদি সকলো।

বহুতো বছৰ ধৰি কবিতাৰ নিৰলস সাধনাত ৰত হৈ থকা কবি মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' কাব্য সংকলনখনত অৰ্ধ-শতাধিক কবিতা অন্তৰ্ভুক্ত হৈছে। সংবেদনশীল কবি মৌচুমী বৰিৰ কবিতাত আছে প্ৰেম আৰু জীৱনৰ বিভিন্ন অভিব্যক্তি। সন্দেহ নাই, এই প্ৰেম ভালপোৱা শাশ্বত আৰু অবিনশ্বৰ। প্ৰকৃত প্ৰেমে কুৰুকি কুৰুকি খান্দে মানুহৰ হৃদয়, জুমি চায় বুকুৰ গভীৰতাত কিমানলৈকে প্ৰোথিত হৈ আছে ভালপোৱাৰ শিপা। মনকৰিবলগীয়া কথাটো হ'ল কবিৰ প্ৰতিটো কবিতাত কলাসন্মতভাৱে প্ৰেম-ভালপোৱা আৰু মমত্বৰে অৱগাহন কৰি হৃদয়ানুভূতিৰে উপস্থাপন কৰিছে। কবিতাপুথিখনৰ 'নাম' শীৰ্ষক কবিতাটোত কবিয়ে সুন্দৰ, সুস্থ আৰু আনন্দমুখৰ পৰিৱেশ এটাৰ সৃষ্টি কৰিছে। কবিয়ে কবিতাটোৰ আৰম্ভণিতে কৈছে-

" বহুদিন কবিতা লিখা নাই
বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে
কবিতা এটালৈ বাট চাই আছিলোঁ…"

বৰষুণ আশাৰ প্ৰতীক। বৰষুণৰ টোপালবোৰে কবিক আৱেগিক কৰি তোলা দেখা যায়। সেয়েহে হয়তো আলোচ্য সংকলনখনৰ কেবাটাও কবিতাত বৰষুণে কবিক উন্মনা কৰা দেখা গৈছে। 'এজাক বৰষুণৰ কথাৰে' কবিতাত কবিয়ে সুন্দৰ কাব্যিক ব্যঞ্জনা প্ৰকাশ কৰিছে। কবিৰ ভাষাত-

"গুড়ি পৰুৱাহেন বৰষুণজাক কোণীয়াকৈ পৰিছিল
সেউজীয়া পাতবোৰ বৰষুণৰ টোপাল পৰি ছন্দোময় হৈছিল
হঠাতে বৰষুণজাক বাঁহীৰ মিঠা সুৰ হৈ
মোৰ কোঠা বিয়পাই পলকতে আঁতৰি গ'ল
আবেলিলৈ বৰষুণজাক গভীৰ হৈ আহিছিল
সেউজীয়া পাতবোৰ ছন্দোময় গতিত ঘন ঘনকৈ লৰিছিল
হঠাৎ বৰষুণজাক পানীৰঙৰ ছবি হৈ
মোৰ কোঠাত জিলিকি ৰ'ল"

আনহাতে 'জেঠমাহৰ চিত্ৰকল্প' কবিতাটোত কবিয়ে জেঠমাহৰ ছৱি নিখুঁতভাৱে আঁকিছে এনেদৰে-

"জেঠমহীয়া গৰমৰ ভৰপক আয়োজন দেখি
আজি আকাশেও মুখ ওন্দোলালে
ক'লীয়া ডাৱৰজাকৰ আঁৰত পূৰ্ণিমাৰ জোনজনী
ক'তনো জানো লুকাল !
অভিমানী আকাশখনে
বিজুলীৰ ফুচুলনিত পিছল খাই ক'লে-
ৰাতিলৈ দেহা শাঁত পৰা এজাক বৰষুণ নামিব"

কবিক যেতিয়া ভাৱাবেগে অস্থিৰ কৰি তোলে, তেওঁ তেতিয়া শব্দবোৰক আপডাল কৰিবলৈ যত্নপৰ হৈ পৰে আৰু তাৰ ফলশ্ৰুতিত পাখি মেলি উৰিব খোজা পখীও যেন স্থিৰ হৈ পৰে, আকাংক্ষাবোৰ উলাহতে যেনি তেনি বগাই ফুৰে। কবিয়ে প্ৰায়বোৰ কবিতাতে আকৰ্ষণীয় চিত্ৰকল্পৰ প্ৰয়োগ আৰু ইংগিতময়তাৰে কবিতাসমূহক প্ৰদান কৰিছে সুকীয়া মাত্ৰা।

আধুনিক সমাজ জীৱনৰ অৱক্ষয়ৰ ৰূপটো কবিৰ কেইটামান কবিতাত সিঁচৰতি হৈ আছে। আনহাতে কবিৰ সামাজিক চেতনাবোধ অত্যন্ত প্ৰখৰ। সমাজ জীৱনৰ অৱক্ষয়ত কবি যেন উদ্বিগ্ন হৈ পৰিছে। সৰল শব্দচয়ন আৰু পোনপটীয়া ভাষাৰে কবিয়ে প্ৰকাশ কৰিছে আধুনিক কৃত্ৰিম সভ্যতা-সংস্কৃতিয়ে গ্ৰাস কৰি পেলোৱা সমাজখনৰ ৰুগ্ন ৰূপটোক। 'ইজনে সিজনৰ বাবে' কবিতাটোত কবিয়ে যেন তাৰেই ইংগিত দিছে এনেদৰে-

"তুমি মোলৈ চাই হাঁহিছা যদিও
তোমাৰ চকুতো যন্ত্ৰণা "

ভাৱ-চিন্তা আৰু ভাষাৰ সুষম মিশ্ৰণে মৌচুমী বৰিৰ কবিতাসমূহক সাৰুৱা কৰি তুলিছে।সহজ-সৰল ভাষাৰ আধাৰত জীৱন সত্যৰ নিৰ্মোহ বিশ্লেষণ কৰাত কবি সাৰ্থক হৈছে বুলি ক'ব লাগিব। কবিৰ 'জাৰ নামিছে' কবিতাটোত জাৰৰ দিনৰ এক সুন্দৰ চিত্ৰকল্প সজ্জিত হৈছে। কবিৰ কলমত ধৰা দিছে এনেদৰে-

"দোপালপিটা এজাক বৰষুণে আজি জাৰ নমালে
জাৰ পাই জোনবায়ে গাত নিহালিখন ল'লে
কাতিৰ আবেলিটোৰ ধোঁৱাবৰণীয়া আকাশখনত
দেখা পালোঁ এটুকুৰা জুই-অঙঠা !
আজি ৰাতি বোলে তৰাবোৰে জুই ধৰিব
আৰু জুহালত বহি গাব জাৰৰ দিনৰ গান !"

নৈ, ৰ'দ, বৰষুণ, জোনাক, বিশাল আকাশ আদিৰ মাজতে কবিয়ে এৰি অহা শৈশৱক কবিতাত বিভিন্ন ধৰণেৰে তেওঁ উদযাপন কৰিছে। শৈশৱৰ মিঠা সুৰৰ ঝংকাৰে কবিৰ মন থৌকি-বাথৌ কৰি তুলিছে। 'সোঁৱৰণ' কবিতাত যেন তাৰেই প্ৰতিফলন ঘটিছে।

"চতিয়না ফুলবোৰ গোন্ধাইছে
পূজা আহিছে
বাঁহৰ খুঁটাত সাঁচতীয়া পইচা কিমানবা হ'ল !"

আনহাতে 'গধূলি তোমাৰ স'তে' কবিতাত এক 'নষ্টালজিক' মুহূৰ্তৰ লগতে অসমৰ গ্ৰাম্য জীৱনৰ টুকুৰা ছৱি কবিয়ে অংকন কৰিছে এনেদৰে-

"পুখুৰীৰ পানীৰ ভেঁটফুলবোৰ চাই চাই
নীলা নীলা বেদনাৰে চিঠি লিখা
মনত পৰেনে
গধূলি তোমাৰ স'তে"

আলোচ্য সংকলনখনৰ 'দেউতা' আৰু 'মা' শীৰ্ষক কবিতা দুটা বিশেষভাৱে উল্লেখযোগ্য। উল্লিখিত কবিতা দুটাত কবিয়ে যেন বাস্তৱৰ চিত্ৰ শিল্পসন্মতভাৱে আঁকিবলৈ প্ৰয়াস কৰিছে। সাধাৰণভাৱে ক'ব পাৰি যে, বিষাদ মনৰ মাজত বৈ থকা এখন বোৱতী নৈ যি অহৰহ বৈ থাকে আৰু মনৰ বাৰিষা আহিলেই পাৰ ভাঙি বৈ আহে বাহিৰলৈ…। ইয়াৰ ফলশ্ৰুতিত সৃষ্টি হয় বিষাদ-ৰাগিনী। এই বিষাদৰে যেন বহিৰ্প্ৰকাশ ঘটিছে 'দেউতা' কবিতাটোত। কবিয়ে আকুলতাৰে কৈছে-

"দেউতাৰ যেতিয়া টান নৰিয়া হৈছিল
আশু-আৰোগ্যৰ বাবে
চৌবিশ ঘণ্টাই জ্বলাই ৰাখিছিলোঁ
মাটিৰ চাকি "

কোনো কোনো সময়ত অনুভৱ হয় কবিতাৰ ব্যঞ্জনাইহে মূল কথা। ইংগিতময়তা যদি নাথাকে, ব্যঞ্জনা যদি নাথাকে, তেনেহ'লে কেৱল বাক্য গাঁথনিয়ে কবিতা হ'বলৈ অপাৰগ। আধুনিক কবিতাৰ ভাষা হ'ব লাগে ব্যঞ্জনাময়। মৌচমী বৰিৰ কবিতাত এই ব্যঞ্জনা সততে লক্ষ্য কৰা যায়। উদাহৰণ স্বৰূপে 'বৰণীয়' কবিতাটোলৈ আঙুলিয়াব পাৰি। কবিয়ে চিনাকি শব্দবোৰকে চিন্তা-ভাৱ-অনুভূতিৰ অগতানুগতিক সংযুক্তি ঘটাই প্ৰকাশ কৰিছে এনেদৰে-

"তুমি ভায়'লিনৰ সুৰ তোলা মুহূৰ্তটোক
বৰণীয় কৰি
মুগ্ধ হৈ চাই ৰৈছিলোঁ তোমালৈ "

গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী 'পাঞ্চজন্য'ৰ দ্বাৰা প্ৰকাশিত মৌচুমী বৰিৰ আলোচ্য কাব্যসংকলনখনত সন্নিৱিষ্ট কবিতাসমূহৰ এক সুকীয়া বৈশিষ্ট্য বিদ্যমান। কবিতাসমূহ পঢ়াৰ অন্তত ধাৰণা হয় কবিয়ে এক নিজস্ব শৈলী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰতীকী, শব্দচয়ন, সূক্ষ্ম পৰ্যবেক্ষণ আৰু ব্যঞ্জনাধৰ্মী ভাষাৰে এইগৰাকী কবিয়ে আধুনিক জীৱনৰ মৰ্মস্পৰ্শী ৰূপটো সুন্দৰভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে। অৱশ্যে এইআষাৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কবিৰ দুই- এটা কবিতাৰ ভাষা বক্তৃতাধৰ্মী হোৱাৰ বাবে কাব্যিক সৌন্দৰ্য কিছু পৰিমাণে হ্ৰাস পাইছে। এইখিনিতে এটা কথা নক'লে ভুল হ'ব যে কবিতাৰ বিশেষ ভাষা আৰু আংগিকৰ ক্ষেত্ৰত কবিগৰাকী আৰু অধিক সচেতন হ'ব লাগিব।

শেষত মৌচুমী বৰিৰ কাব্য সাধনাৰ উত্তৰোত্তৰ সমৃদ্ধি আন্তৰিকতাৰে কামনা কৰিলোঁ।

ধন্যবাদ।
বিচিত্ৰ কুমাৰ মেধি