Tuesday 4 December 2018

ৰূপোৱালী মেঘৰ ছায়া পঢ়ি পাঠকৰ অভিমত-- পদ্ম গগৈ

সোৱণশিৰিৰ সোণ-সাৱটা,ৰূপ-জিলিক বালিযেন বিস্তৰ সম্ভাৱনা থকা উদীয়মান লেখিকা মৌচুমী বৰি ৰ অলপতে প্ৰকাশ হোৱা উপন্যাস "ৰূপোৱালী মেঘৰ ছায়া" ৰ কপি লৈ পৰহি দিনা প'ষ্টমেন আমাৰ পদূলি পালেহি ৷ বেটুপাত ৰূপাংকনৰ পৰা বন্ধনিৰ আবৃতত 'সমাপ্ত' বুলি লিখালৈকে আগ্ৰহেৰে আকৌ এবাৰ পঢ়িবলৈ সুবিধা পাই ঔপন্যাসিকালৈ মনৰ পৰা চৰি-ভৰি ধন্যবাদ জনালোঁ ৷ সমাজৰ প্ৰায়বোৰ শুভকাৰ্যৰ আগমূহূৰ্ত্তত হোৱাৰ দৰে মংগলময় এটি উৰুলিৰ জোকাৰেৰে যেন আৰম্ভ হৈছে উপন্যাসৰ কাহিনীটো ৷ জাকি মাৰি উঠি অহা উৰুলিটোৰ নিৰ্মল জোনাকত "ছ'ৰী মেম" বুলি উদভাসিত হৈ উঠিছে সৌৰিণৰ মুখমণ্ডল ৷ হয়,সৌৰিণৰ কথাৰে আৰম্ভ হৈছে উপন্যাসৰ কাহিনী... সাম্প্ৰতিক বাতাবৰণৰ কোনো কোনো শিক্ষানুস্থানত শিক্ষক-নিগ্ৰহ বা শিক্ষাগুৰুক তুচ্ছ-তাচিল্য কৰাৰ দৰে এক অশোভনীয় ,অশুভ পৰম্পৰাও যে শিক্ষাসদী সুধীসকলৰ চকুৰ আগতেই এঙামূৰি দি উঠিছে সেই বাস্তৱ সত্যক ঔপন্যাসিকাই সাহসেৰে তুলি ধৰিছে ৷ ৰিখটাৰ স্কেলৰ প্ৰাৱল্যৰ কথা পিছ পেলাই ,ভূমিকম্পৰ উমান পালেই হেজাৰ হেজাৰ মংগল উৰুলিৰে সেই শুভ-সংকটৰ দুঃময়কণ ঢাকি পেলাবলৈ কৰা চেষ্টাৰ দৰে ঔপন্যাসিকাই অমল আলোকৰ সেই বাটেৰেই (য'ত সৌৰিণো বৰ্ত্তমান) বাটবুলাই নিছে নতুন দিনৰ এজাক তৰুণ-তৰণী আৰু তেওঁলোকৰ হোষ্টেলৰ জীৱনৰ কৰণীয়-বৰ্জনীয়, আাশা-স্বপ্ন,প্ৰেম-বন্ধুত্ব, অনুভৱ-অভিজ্ঞতাদিৰ সাৱলীল বৰ্ণনাই পাহ পাহ উশাহ হৈ উপন্যাসৰ কলেৱৰত প্ৰাণ- সঞ্চাৰ কৰিছে ৷ লেখিকাৰ প্ৰথমখন উপন্যাস হিচাবে যথেষ্ট ভাল পালোঁ ৷বাচনিত উঠা শব্দেৰে পৰিমিত ভাৱ প্ৰকাশ কৰাত ৰচনা সুখপাঠ্য হৈছে ৷মেদ মুঠেও নাই ৷ 'ফৰিদা' নামৰ ছোৱালীজনী পৰিচয় কৰাই দিওঁতে (গাৰ বৰণ মিঠাবৰণীয়া ৷বাওঁচকুটো দেখিবলৈ জাপখাই থকাৰ দৰে---) বুলি মাত্ৰ এটা শাৰীত এটা চকুৰ বৰ্ণনা দিও ঔপন্যাসিকাই ফৰিদাৰ দেহৰ লাৱণ্য আৰু মোহময়তাক উঠন-পূৰণকৈ বুজাবলৈ সমৰ্থ হৈছে ৷ হিন্দীগীতৰ কলি আৰু অৰ্থৱহ কবিতাৰ পংক্তিবোৰ ৰজিতাখোৱাকৈ খাজে খাজে খাজি দিয়াৰ বাবেও উপন্যাসখন অনন্য সুখদায়ক হৈ উঠিছে ৷ শেষত এনে সৃষ্টিৰ বাবে লেখিকা/ঔপন্যাসিকাক পুণৰ ধন্যবাদ জনালোঁ ৷

Friday 31 August 2018

নিজান বনত

গীত নিজান বনত মনে মনে উচুপা কিয় তুমি সপোন ভাগে বুলি অভিমানী হিয়াৰে কিনো পাবা কোৱা পাবা মাথো মৰুভূমিৰ নিৰ্জনতা মৰমৰ ফুলেৰে সজোৱা জীৱন তাতেই যে আছে মনৰ শান্তিবন সুখৰ মুকুতাবোৰ হাত পাতি লোৱা ভালপোৱাবোৰ ওঁঠতে ৰাখা নিজান বনত মনে মনে উচুপা কিয় তুমি সপোন ভাগে বুলি ফুলৰো পাহি সৰে নীৰৱে পাতো সৰে তথাপি জীৱনে হাঁহে তথাপি জীৱনে হাঁহে জীৱন জীয়াৰ মন্ত্ৰ গুজি ল'বা হৃদয়তে নিজান বনত মনে মনে উচুপা কিয় তুমি সপোন ভাগে বুলি ৷৷

এন্ধাৰ চোতালতে তিৰবিৰাই জোনাকী পৰুৱা

গীত1 এন্ধাৰ চোতালতে তিৰবিৰাই জোনাকী পৰুৱা মনৰে কথাটি ওঁঠতে ৰাখিছা কিয় মধুসনা হাচনাহানা জোপাই তোমাৰে বাতৰি কয় মোৰ মন আজি মৌপিয়া কিয় হয় সোনাৰু ফুলিছে হিয়াৰে কোণত মৰমৰ সাতসৰী আজি মোৰ দেহত তোমাৰ বাবেই আছো যে ৰয় তোমাৰ বাবেই আছো যে ৰয় আহিবা তুমি জোনাকী বাটেৰে বাটটি ভৰিব ফুলৰ শোভাৰে মন হ'ব পুলকিত মনৰ চেতাৰখনিত বাজিব গুণ গুণ সুৰৰ মূৰ্চ্ছনা জোনাকত আঙুলি তিয়াই লিখিম কবিতাৰ ব্যঞ্জনা এন্ধাৰ চোতালত তিৰবিৰাই জোনাকী পৰুৱা মনৰে কথাটি ওঁঠতে ৰাখিছা কিয় মধুসনা

Wednesday 25 July 2018

গীত

গীত
চকুৰ পচাৰতে উৰি আহে ক'ৰ এজাক বালিমাহী
বেলিৰ পোহৰ পৰি তিৰবিৰাই পানী ৷৷
তোমাৰ দুচকুত জিলমিলাই হাঁহি
মোৰ মন আজি উৰি যায় দূৰণিৰ আকাশলে
বগা ডাৱৰৰ দেশলে'
তোমাৰ কথা ভাবি ভাবি
ইমান যে শুৱনী শাৰদী ৰাণী
নীলাকাশৰ পৰা চাই থাকে জুমি জুমি
চকুৰ পচাৰতে উৰি আহে ক'ৰ এজাক বালিমাহী
বেলিৰ পোহৰ পৰি তিৰবিৰাই পানী
তোমাৰ দুচকুত জিলমিলাই হাঁহি

Monday 28 May 2018

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
বীৰু তেতিয়া ক্লাছ নাইনত৷ পৰীক্ষা হলত লিখি আছে৷পিছৰ বেঞ্চত বহা একে ক্লাছৰ কবীনে বীৰুক ফুচফুচাই সুধি আছে --
"অই বীৰু, মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল?"
বীৰু: খগেন গান্ধী
কবীন:অসমীয়া নাম যেন লাগিছে যে?
বীৰু: মহাত্মা গান্ধীৰ পিতৃ আমাৰ অসমৰ ফালৰ আছিল বুলি নাজান' নেকি??

Wednesday 23 May 2018

ড০ ভূপেন হাজৰিকা আৰু ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ শৈশৱৰ দুটি ৰসাল ঘটনা


ড০ ভূপেন হাজৰিকা আৰু ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ শৈশৱৰ দুটি ৰসাল ঘটনা
                                               --- মৌচুমী বৰি
()
ভূপেন দা বোলে সৰুতে বৰ খটাসুৰ আছিল৷ভূপেন দাই ন বছৰ মান বয়সত ভৰলু নৈত সাঁতোৰ শিকিবলৈ আৰম্ভ কৰিছিল৷এনেকৈ এদিন সাঁতোৰ শিকি থাকোঁতে অলপ আঁতৰত এজনী সৰু ছোৱালীয়ে গা ধুই আছিল৷হঠাতে ছোৱালীজনী পানীৰ তললৈ গৈ হাত দুখনহে ওলাই থাকিল৷ভূপেন দাই লগে লগে ছোৱালীজনীক বচাবৰ বাবে পানীত জাঁপ মাৰিলে৷পিছে তেতিয়াও তেওঁ সাঁতুৰিব ভালকৈ নাজানিছিল৷ছোৱালীজনীয়ে ভূপেনদাক সাবটি ধৰিলে আৰু ভূপেনদাই পানীবোৰ হালধীয়া দেখিবলৈ আৰম্ভ কৰিলে৷ভূপেন দাৰ এনে লাগিল তাইৰ নাক মুখ যেন বন্ধ হৈ গৈছে,এবাৰ তললৈ গৈছে,এবাৰ ওপৰলৈ৷তাৰ পিচত ভূপেন দাৰ চুলিখিনিত পুলিচ এজনে থাপ মাৰি ধৰি টানি আনিলে৷ছোৱালীজনীয়ে ভূপেন দাক সাবটি ধৰি থকাৰ বাবে তাইও ভূপেন দাৰ লগতে পাৰলৈ আহিল৷তাৰপিছত পুলিচজনে ভূপেন দাক প্ৰচণ্ড ধমক এটা দিলে৷ধমকি খাই ভূপেন দাই মনতে থিৰ কৰিলে যে তেওঁ সাঁতোৰ শিকিবই৷

ভূপেন দা সাঁতোৰ শিকিবৰ বাবে বদ্ধপৰিকৰ হল৷তেওঁ পিছদিনাই ভৰলু নৈলৈ গৈ গোৰোৱাই থোৱা বাঁহ এডাল নদীৰ মাজলৈ ঠেলি দিলে৷ঠেলি দি মাজে মাজে তাত ধৰে আৰু মাজে মাজে নধৰাকৈ সাঁতোৰে৷এনেকৈ জেদতে নিজে নিজে সাঁতোৰ শিকাত পাকৈত হৈ পৰিল৷সাঁতোৰ শিকাৰ পিছত ভূপেন দাৰ প্ৰবল ইচ্ছা হল যে ৰেলৱে দলঙৰ পৰা বাৰিষাৰ ভৰলুৰ বুকুত জাঁপ মাৰিবলৈ৷সুযোগ সুবিধা পালেই ভূপেন দাই গামোচাখন পিন্ধি নাকত ধৰি দলঙৰ পৰা জাঁপ মাৰে৷এনেকৈ পৰি পৰি পানী খাই তেওঁ একপ্ৰকাৰ সাঁতোৰ বিদ্যাত বিশেষজ্ঞই হৈ পৰিছিল৷

এইবাৰ তেওঁ প্ৰত্যাহবান ললে যে ৰেলখন কামাখ্যাৰ পৰা গুৱাহাটীলৈ আহোঁতে ৰেল লাইনৰ দলঙত থিয় হৈ থাকি আৰু ৰেলখন নিচেই কাষ পাওঁতে দলঙৰ পৰা জাঁপ মাৰি দিব৷তেতিয়া ভৰবাৰিষাৰ দিন আছিল৷পানী প্ৰায় দলঙৰ ওচৰতে আছে৷ৰেলখন আহি ভূপেন দাৰ নিচেই কাষ পাওঁতেই ভূপেন দাই পানীলৈ জঁপিয়াই দিলে৷ৰেলখন যোৱাৰ পিছত ভূপেন দাই নৈ খনৰ কাষতে থকা বকুল গছৰ তললৈ উঠি আহিল৷কিন্তু ৰেলখন হঠাৎ ৰৈ গল৷কলা ৰঙৰ কোট এটা পিন্ধি এজন গাৰ্ড নামি আহিল
:এই খোকা,মৰবা নাকি?
গাৰ্ড জনৰ কৌতুহলী প্ৰশ্নত ভূপেন দাই ভয় খাই একেকোবে দৌৰি গৈ আইতাকৰ কাষ পালেগৈ আৰু সকলো কথা কৈ কলে যে গাৰ্ডজনে এতিয়া ভূপেন দাক বিচাৰি আহিছে৷আশী বছৰীয়া আইতাকে ভূপেন দাক খাটৰ তলত সোমাই লুকাই থাকিবলৈ কলে৷ভূপেন দাই আইতাকক কলে –“ তই মা-দেউতাক নকবি,মোক খাই পেলাব৷দেউতাৰ ধুবুৰীত কিনা বন্দুকটো আছে নহয়,বৰ ভয় লাগে৷পিছে গাৰ্ডজনে ভূপেন দাক বিচাৰি আৰু নাহিল৷গাৰ্ডজনৰ ওপৰত ভূপেন দাৰ বৰ খঙ উঠিল আৰু মনতে সিদ্ধান্ত ললে যে ৰেলখন বগৰাব আৰু গাৰ্ডজন মৰিব৷কথামতে কাম৷ এদিন ৰাতি আঠ বজাত বন্ধু এজনৰ সতে মিলি ভৰলুমুখৰ এঠাইত দমাই থোৱা শিলগুটি নি ৰেললাইনৰ ওপৰত থলে৷ৰেল লাইন দুডালৰ ওপৰত সমান্তৰালভাৱে প্ৰায় দহ ফুট মান দীঘলকৈ শিলগুটিবোৰ থৈছিল৷ভূপেন দাই মনতে কল্পনা কৰি সুখী হল যে ৰেলখন আহিব আৰু শিলগুটিবোৰত খুন্দিয়াই ৰেলখন বাগৰি পৰিব আৰু তেতিয়া গাৰ্ডজন মৰিব৷কি যে মজা লাগিব!যাত্ৰী সকলৰ কি হব সেইকথা ভূপেন দাৰ মনলৈকে নাহিল৷মাত্ৰ তেওঁক গালি পৰা গাৰ্ডজন মৰিলেই হল৷শিলগুটি বোৰ দি আহি ভূপেন দা আৰু বন্ধুজনে আইতাকে শিকাই দিয়া টেকনিক মতে খাটৰ তলত লুকাই থাকিল; যেন খাটৰ তলত লুকালে কোনেও ধৰিব নোৱাৰে! লাহে লাহে ৰেল অহাৰ শব্দ হল৷ভূপেন দা আৰু বন্ধুজনৰ বুকু ধপধপাবলৈ ধৰিলে৷ইফালে আনন্দও লাগিছেগাৰ্ডজন মৰিব বুলি!পিছে ৰেলখন আহি ঝক ঝককৈ গুচি গল৷ নাবাগৰিল৷অস্বাভাবিক শব্দ এটা কিন্তু হৈছিল৷পিছত ভূপেন দাই ভাবিলেকোনো নমৰিল,ভালেই হল৷মাহীয়েকে ভূপেন দাৰ এনে দুষ্টামি জানি ভূপেন দাক গালি পাৰিছিল৷

()
নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউ তেতিয়া দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী৷বাইদেউৰ এগৰাকী বান্ধৱী নিৰ্মালি ফুকনৰ এডাল সেউজীয়া ৰঙৰ কাঠপেঞ্চিল আছিল৷নিৰ্মালিয়ে সেইডালেৰে মেপত পানীৰ ৰঙ দিয়ে বা গছৰ পাত আঁকে৷বাইদেউৰো তেনে পেঞ্চিল এডাল পাবলৈ হেঁপাহ জাগিল৷ঘৰত দেউতাকক কবলৈ ব্যৱসায়ৰ কামত বাহিৰত আছিল৷কিন্তু তেনে এডাল পেঞ্চিল পাবলৈ হেঁপাহতে এদিন মনে মনে বান্ধৱীৰ টেমাৰ পৰা পেঞ্চিল ডাল চুৰ কৰি বাইদেৱে ঘৰলৈ লৈ আহিল৷ঘৰলৈ আনি পেঞ্চিল ডাল কত থব সেইটো এটা ডাঙৰ সমস্যা হৈ দেখা দিলে৷কাৰণ মাকে দেখিলেই চাগে সুধিব –“এইডাল কত পালি?চুৰ কৰিলি?চুৰ কৰিলি!ছি:ছি:ছি:ছি: ইমান বেয়া কাম কৰিব পাৰিলি?” মাকে এনেকৈ কব বুলি ভাবি বাইদেউ জ্বৰে-ঘামে ঘামিবলৈ ধৰিলে৷দিনত অত তত লুকুৱাই থৈ ৰাতি হলত গাৰুৰ তলত সুমুৱাই থলে৷কিন্তু ভয়-উৎকন্ঠাত ৰাতিৰ ৰাতিটো শুব নোৱাৰিলে৷তাৰপিছত হঠাতে বাইদেউৰ ভাৱ হ—“নিৰ্মালিয়ে পেঞ্চিলডাল হেৰুৱাই বেজাৰতে চাগৈ খুব কান্দিছে৷কথাটো ভাবিয়েই বাইদেউ উচুপি উঠিল৷বাইদেৱে কন্দা দেখি বাইদেউৰ ভনীয়েক অকণিয়েও কান্দোন আৰম্ভ কৰিলে৷দুইজনীৰ কান্দোন শুনি গোটেই ঘৰৰ মানুহ দৌৰি আহিল কি হল বুলি!আঁঠুৱা দাঙি,লেপ দাঙি কান্দি থকা বাইদেউৰ মুখলৈ ঘৰৰ মানুহে যেই চালে বাইদেউৰ কান্দোন আৰু চৰিবলৈ ধৰিলে৷বাইদেৱে ফেকুৰি ফেকুৰি কলে—“এইডাল পেনচিল,এইডাল পেনচিল৷কথাৰ আঁতিগুৰি বুজিব নোৱাৰি বাৰে-বাৰে সুধিলত কথাৰ ওৰটো ওলাল৷তেতিয়া বৰমাকে কলে—“যি হল হ,কাইলৈ পেনচিলডাল নিৰ্মালিক ঘূৰাই দিলেই হব আৰু এনে কাম কেতিয়াও নকৰোঁ বুলি কব লাগিব৷

     পাছদিনা সকলোতকৈ আগতে স্কুললৈ গৈ জাৰত কঁপি কঁপি বাইদেৱে নিৰ্মালিৰ বাবে ৰৈ আছিল৷নিৰ্মালি আহিলত বাইদেৱে কলে – “নাকান্দিবি,এইডাল পেনচিল ল৷মই আৰু এনে কাম কেতিয়াও নকৰোঁ৷কিন্তু আচৰিত কথা এয়ে আছিল যে নিৰ্মালিৰ টেমাৰ পৰা পেঞ্চিল চুৰি হোৱাৰ কথা নিৰ্মালিয়ে একো গমেই নাপাইছিল৷বাইদেউৰ এই ঘটনাই ঘৰৰ মানুহক হাঁহিৰ খোৰাক দিছিল৷






Tuesday 1 May 2018

গল্ফীৰ ডায়েৰি:

গল্ফীৰ ডায়েৰি:
পেটৰ অসুখত ভোগা বাবুলীয়ে ৰাতিপুৱা পাঁচবজাতে ডাক্টৰলৈ ফোন লগাই সুধিলে--
"চাৰ, ৰঙালাও ভাজিৰে ভাত খাব পাৰিম নে নাই?

গল্ফীৰ ডায়েৰি:

গল্ফীৰ ডায়েৰি:
শিক্ষক: ৰাম, ক চোন গ্ৰহ কেইটা আৰু তই কোন গ্ৰহত থাক'?
ৰাম:  চাৰ, গ্ৰহ ন টা আৰু মই মংগল গ্ৰহত থাকোঁ : )

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
শিক্ষক: ৰাম, sugar  মানে কি?
ৰাম:চাৰ, চুগাৰ  মানে মামীৰ বেমাৰ

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
কেতিয়াবা কিছুমান কথা মনত পৰি বৰ হাঁহি উঠে৷ এবাৰ মই আৰু মোৰ ভন্টী এজনীয়ে চাহৰ লগত বিস্কুট খাই আছিলোঁ৷ বিস্কুটৰ পেকেটটোৰ নাম পাহৰিলোঁ এতিয়া৷ বিস্কুটটো খাবলৈ ইমানেই সোৱাদযুক্ত আছিল যে আমি দুইজনীয়ে বিস্কুট পেকেটটোৰ গুণ গাই গাই বিস্কুট খাই আছিলোঁ৷বিস্কুটৰ পেকেটটো শেষ হ'লত ভন্টীজনীয়ে পেকেটটো দাষ্টবিনলৈ দলিয়াই দিলে৷ দাষ্টবিনটো অৱশ্যে চাফা দাষ্টবিনেই আছিল৷ মই লোভনীয় দৃষ্টিৰে দাষ্টবিনত পৰি ৰোৱা বিস্কুটৰ পেকেটটোলৈ চালোঁ৷হঠাতে মোৰ মুখখন উজলি উঠিল৷ মই আনন্দতে কৈ উঠিলোঁ --"ঐ এখন বিস্কুট এতিয়াও সোমাই আছে চোৱা..." ভন্টীজনীয়ে ক'লে--" ব'লা, উঠাই আনি খাই পেলাওঁ"৷

Tuesday 27 March 2018

“বৰুৱা আৰু বৰুৱাৰ পৰিবাৰ”

“বৰুৱা আৰু বৰুৱাৰ পৰিবাৰ”
“টুং” শব্দ কৰি বৰুৱাৰ হোৱাটচএপত মেচেজ আহিল৷বৰুৱাই দেখিলে এটা অচিনাকী নম্বৰৰ পৰা অহা মেচেজ৷বৰুৱাই প্ৰফাইল পিকচাৰ খন চালে—কোন হ’ব পাৰে!কিন্তু এইয়া কি?প্ৰফাইল ফটোখনৰ মানুহজন ইতিমধ্যে স্বৰ্গগামী হৈছে মানে প্ৰফাইল ফটোখনতো এখন ফটো আছে য’ত ফটোখনত এধাৰি মালা পিন্ধাই থোৱা আছে৷বৰুৱাই অচিনাকী নম্বৰত মেচেজ লিখিলে—
:কোন হয় বাৰু আপুনি? অনুগ্ৰহ কৰি পৰিচয়টো দিবচোন৷
:ওৱা,মই মোহন আকৌ!হেৰৌ মোহনক পাহৰিলি?
:অ’ মোহন৷হেৰৌ প্ৰফাইল ফটোখনত মৃতব্যক্তিৰ ফটো এখন দি থ’লে মই বাৰু কেনেকৈ চিনি পাম তই মোহন বুলি?
:অ’,সেইয়া মোৰ দদাইদেউ…আজি দদাইদেউৰ মৃত্যুবাৰ্ষিকী,সেয়ে ফটোখন দি থৈছোঁ৷
:আচ্ছা!!
“ফেচবুক,হোৱাটচএপত ভিন ভিন ব্যক্তিত্বৰ মানুহ দেখা যায়৷কিছুমান মানুহে এবাৰ প্ৰফাইল ফটো লগোৱাৰ পিছত কস্মিনকালেও ফটোখন আঁতৰাই নেপেলায়৷শিলৰ ৰেখা হৈ বহি ৰয় ফটোখন৷আৰু কিছুমান মানুহে ঘনে ঘনে প্ৰফাইল ফটো সলাই থাকে৷কিছুলোকে যদি এসপ্তাহৰ মুৰে মুৰে সলাই কিছুলোকে আকৌ দিনতে দহবাৰমান সলায়৷চখ!!এইয়াইটো চখেই আৰু৷”—বৰুৱাই ভাবে৷
বৰুৱাৰ পৰিবাৰেও আকৌ দুদিনৰ মুৰে মুৰে প্ৰফাইল ফটো সলাই ভাল পায়৷ভেলেন্টাইন ডে আৰু বিবাহবাৰ্ষিকীৰ দিনা তেওঁলোকৰ যুগ্মজীৱনৰ ফটোখন প্ৰফাইল ফটো হিচাপে লগাই থয়৷নিজৰ সন্তানৰ জন্মদিনত সন্তানৰ ফটোখন লগাই থয়৷বৰুৱাই পিছে হোৱাটচএপৰ জন্মতে যিখন ফটো লগালে সেইখন আৰু আজিলৈকে সলোৱাই নাই৷প্ৰফাইল ফটো ঘনে ঘনে সলোৱাটো সৰু ল’ৰা-ছোৱালীৰ কাম যেন লাগে বৰুৱাৰ!
ফেচবুকতো একেই৷বৰুৱা আৰু বৰুৱাৰ পৰিবাৰৰ আকাশ-পাতাল পাৰ্থক্য৷ফেচবুকৰ প্ৰফাইল ফটোখনো বৰুৱাই ফেচবুক খোলা দিনাই যি লগালে তাৰপিছত আৰু সলোৱাই নাই কিন্তু বৰুৱাৰ পৰিবাৰে আজিৰ তাৰিখলৈকে এহাজাৰতকৈও ওপৰৰ প্ৰফাইল ফটো সলালে৷বৰুৱাই ৰাতি এবাৰেই ফেচবুক চায়৷অকল চাইহে!! ক’তো লাইক-কমেন্ট দিয়াৰ নাম-গোন্ধ নাথাকে৷পিছে বৰুৱাৰ পত্নীয়ে দিনে দহবাৰতকৈ ওপৰৰ আপডেট দিয়ে৷নিজৰ ফেচবুক ফ্ৰেণ্ডৰ সকলোৰে আপডেটত লাইক-কমেন্ট দিবলৈ নাপাহৰে৷নিজৰ আপডেটতো কিমানজনে লাইক দিলে,কোনে কোনে লাইক দিলে সকলোবোৰ পৰীক্ষা-নিৰীক্ষা কৰে৷প্ৰথম প্ৰথম ফেচবুক খুলোঁতে বৰুৱাৰ পৰিবাৰৰ মনটো লাইক-কমেন্টৰ হিচাপেৰে উঠা-নমা কৰিছিল৷যদি ফটো এখনত লাইক তেনেই কম আৰু কমেন্ট নাথাকে তেন্তে পাকঘৰত চাহ বনাই থাকোঁতেও পৰিবাৰৰ মুখখন ওন্দোলা মেঘৰ দৰে হৈ থাকিছিল৷তাৰোপৰি বেষ্টফ্ৰেণ্ড কেইগৰাকীয়ে কমেন্ট নিদিলেটো ৰাতিও ট ট কৈ চকু মেলি চিন্তা কৰি ৰৈছিল – আজি আৰতি,প্ৰবীনাহঁতে মোৰ ফটোখনত কেলেইনো কমেন্ট নিদিলে বাউ??আজিকালি বিজুৱে যে মোৰ কোনো আপডেটতেই লাইক নিদিয়া হ’ল!!বৰুৱাৰ পৰিবাৰে মাজতে বিয়াগোম বিয়াগোম সাহিত্যিক কেইগৰাকীমানকো নিজৰ ফেচবুক ফ্ৰেণ্ড লিষ্টত আনিছিল আৰু তেওঁলোকৰ আপডেট দেখাৰ লগে লগেই লাইক-কমেন্ট দিবলৈ তৎপৰ হৈ পৰিছিল কিন্তু নিজৰ লাইক-কমেন্টৰ গণ্ডাই গণ্ডাই হিচাপ ৰখা মানুহজনীয়ে যেতিয়া দেখিলে যে সেই বিয়াগোম সাহিত্যিক কেইগৰাকীয়ে ভুলতো তেওঁৰ আপডেটত লাইক এটা নিদিয়ে সেয়ে এদিন বৰুৱাৰ পৰিবাৰ প্ৰচণ্ড অভিমানত ফাটি পৰিল আৰু একেকোবতে ব্লকায়েই দিলে৷পিছে আজিকালি বৰুৱাৰ পৰিবাৰ বৰ সংযমী হৈ পৰিছে৷বহু বছৰীয়া ফেচবুকৰ ধুমুহা-বৰষুণৰ অভিজ্ঞতাৰ অন্তত লাইক-কমেন্টে টলাব নোৱাৰাকৈ ব্যক্তিত্ব গঢ়ি তুলিছে তেওঁ৷পৰিবাৰৰ পৰিৱৰ্তন দেখি বৰুৱাই আজিকালি গোঁফৰ তলতে মিচিকিয়াই হাঁহে৷
এদিন বৰুৱাই নিজৰ ফেচবুক পেজ খুলি পৰিবাৰক নিজৰ বন্ধুৰ পৰিয়ালৰ ফটো দেখাই আছিল৷হঠাতে বৰুৱাৰ পৰিবাৰ ফেটীসাপে ফঁচ কৰা দি ফচফচাই উঠিল৷
:বন্ধুৰ পৰিয়ালৰ ফটোযে দেখুৱাইছা!!নিজৰ পৰিয়ালৰ ফটো কেতিয়াবা ফেচবুকত আপল’ড কৰি পাইছা??আমাৰ যুগ্মফটো কেতিয়াবা প্ৰফাইল পিকচাৰ কৰি পাইছা??? হুঁহ!!মইহে গোটেই জগতখনকে দেখুৱাই থাকোঁ!!
বৰুৱাই গম পালে মানুহজনীয়ে ইমানদিনে তেওঁৰ ওপৰত অভিমানৰ পাহাৰ গঢ়াই থৈছে৷ফটো আপল’ড কৰিবলৈ এলাহ কৰা বৰুৱাই পৰিবাৰৰ অভিমান ভাঙিবলৈকে লেপটপটো খুচৰি থাকিল –তেওঁলোকৰ যুগ্ম ফটো এখন বিচাৰি৷

Monday 26 March 2018

গল্ফীৰ ডায়ৰি

গল্ফীৰ ডায়ৰি:
সৰুখুৰীয়ে বনকৰা ল'ৰা ভাইক ক'লে-- "তই কাইলৈ চাৰক বেড টি দিবলৈ নাপাহৰিবি বুজিছ', মই নাথাকিমযে সেই কাৰণে ক'লো৷"
ভায়ে পিছদিনা ৰাতি বাৰ'বজাত খুৰাৰ শোৱা কোঠাৰ দুৱাৰত টোকৰ মাৰিলে৷ খুৰাই খকমককৈ সাৰ পাই টোপনিৰ জালতে দুৱাৰ খুলি দেখে হাতত চাহৰ ট্ৰে লৈ ভাই!!
খুৰা: কি হ'ল তোৰ?-- ভ্ৰু কোঁচাই
ভাই: চাৰ, বেড টি..

Sunday 25 March 2018

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
মাকনী পেহীৰ যাৰ ঘৰলৈকে নাযাওক কিয় চেণ্ডেল খুলিহে ভিতৰ সোমোৱা অভ্যাস৷এদিন পেহীয়ে সেই অভ্যাসবশতে চেণ্ডেল খুলি বাছত উঠি শিৱসাগৰৰ পৰা যোৰহাট পালেগৈ৷

Sunday 11 March 2018

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
গোপালে ফৰ্মখন ফিলআপ কৰি চাৰৰ ওচৰত গৈ সুধিলে--
"চাৰ,ফৰ্মখনৰ লগত ফেচবুকৰ প্ৰথম পেজটোৰ জেৰক্স কপি এটা গাঠি দিম?"
চাৰে তালৈ টেলেকাকৈ চালে আৰু ক'লে -- "হেৰৌ গাধ', কিমানবাৰ ক'ব লাগে পাছবুকৰ প্ৰথম পেজটো বুলি!!!"

দুটি দৃশ্যপট

দুটি দৃশ্যপট

(১)
“টানিষ্কাৰ দিনপঞ্জী”
টানিষ্কাই হোৱাটচাপৰ ৰেকৰ্ডিং অপচনত বুঢ়া আঙুলিৰে হেঁচি ধৰি পাৰ্থিৱক ফুচফুচাই ক’লে--
:আই লাভ ইউ….শুই যোৱা জান
:আই লাভ ইউ টু দেহা ….শুই যোৱা –সিফালৰ পৰা পাৰ্থিৱৰ মেচেজ আহিল৷
টানিষ্কাই সেউজীয়া ঘাঁহ-বন,নদীৰ পাৰ,পাহাৰ আদিত পাৰ্থিৱৰ স’তে নাচি থকা সপোন দেখি দেখি টোপনিত ঢলি পৰিল৷
কলেজ বন্ধ৷ৰাতি দেৰিলৈকে পঢ়ি থকা বুলি ভবা টানিষ্কাৰ মাকে টানিষ্কাক ৰাতিপুৱা সোনকালে নজগালে আৰু তাই এঙামুৰি এটা দি এঘাৰ বজাত বিচনাৰ পৰা উঠিল৷উঠিয়েই গাৰুৰ তলত থোৱা এন্ড্ৰইড স্মাৰ্ট ফোনটো হাতত তুলি লৈ হোৱাটচাপ খুলিলে আৰু পাৰ্থিৱলৈ মেচেজ দিলে –
:জান,উঠিলানে?
নাই,পাৰ্থিৱে মবাইল ডাটা অনেই কৰা নাই…তাৰমানে সি উঠাই নাই….তাৰপিছত তাই ইনা,মীনা,টিনা,অংশু সকলোলৈ হোৱাটচাপত গুড মৰ্ণিং দিবলৈ লাগি গ’ল৷বিশজন বন্ধু-বান্ধৱী আৰু দহটা গোটলৈ দিনটো শুভ হোৱাৰ শুভ-বাৰ্তা পঠিয়াই উঠি থাওকতে ফেচবুকটোও চাই ল’লে৷আগদিনা আপল’ড কৰা “ৰসে চৌ চৌ” ৰেষ্টুৰেন্টত পাৰ্থিৱৰ স’তে চেল্ফি তুলা ফটোখনৰ লাইক কিমানটা পালে আৰু কোনে কোনে লাইক দিলে সকলোবোৰ চাই মেলি স্মাৰ্ট ফোনটো চাৰ্জত দি তাই শোৱা কোঠাৰ পৰা ওলাই গৈ মুখত ব্ৰাছ ভৰালে৷ঘপাঘপ দাঁত ব্ৰাছ কৰি ঘুট ঘুট কৈ পানী এগিলাছ খাই পুনৰ চাৰ্জত দিয়া ফোনটোৰ ওচৰ পালেহি৷পাৰ্থিৱে মেচেজ পঢ়িলেনে নাই চালে!!নীলা ৰঙৰ ৰাইট চিন দুটা দেখি তাইৰ মুখখন উজ্বলি উঠিল৷
:মাজনী,গাখীৰ গিলাচ খাই লোৱা – মাকে চিঞৰিলে
:অঁ গৈছোঁ মা….এইবুলি কৈ ফোন টিপি টিপি তাই ডাইনিং টেবুলত বহিল৷
পাৰ্থিৱে চোন মেচেজ দিয়া নাই! কপাল থুপ খালে তাইৰ!হুঁহ!আজি দিম মজা!—ভাবিলে তাই
ফোনটোত চকু থৈ থৈয়েই তাই গাখীৰ গিলাচ খাই শেষ কৰিলে৷তাৰপিছত ফোনটো পুনৰ চাৰ্জত দি গা ধুবৰ বাবে বাথৰূমত সোমাল৷গা ধুই উঠি কাপোৰ কেইটা চাদত মেলি পুনৰ আহি ফোনটো টিপিলেহি—পাৰ্থিৱৰ ফোন-মেচেজ আহিছে নেকি চালে৷
:দেহা,দুই বজাত ওলাই আহিবা…ৰসে চৌ চৌত বহি কথা পাতিম৷আই লাভ ইউ দেহা …মই ৰৈ থাকিম দেই৷
পাৰ্থিৱৰ মেচেজৰ উত্তৰ লিখিলে তাই—
:k
:খং কৰিছা নেকি দেহা..কে বুলি লিখিলা যে?তুমি খং উঠিলেই বেয়া মাতষাৰ মাতা নহয়!!খং নকৰিবা প্লীজ… ---- পাৰ্থিৱৰ পৰা মেচেজ আহিল৷
:কে মানে অ’কে -- গাঁৱলীয়া ভূত মিষ্টাৰ পাৰ্থিৱ বৰুৱা…তুমি যে এতিয়াও মডাৰ্ণ হ’বই পৰা নাই৷--- টানিষ্কাই পাৰ্থিৱৰ মেচেজৰ উত্তৰ দিলে৷
:হাই, তোমাৰ ডিপিখন যে ইম্মান ধুনীয়া লাগিছে! –টিনাৰ মেচেজ আহিল টানিষ্কালৈ
:Tysm --টানিষ্কাই লিখিলে৷
তাৰপিছত ভাত-পানী খাই স্কুটিখন লৈ দুই বজাত টানিষ্কা ওলাই গ’ল৷ওলাই যাওঁতে মাকে তাইক গধূলি বিয়া এখন খাবলৈ যাব লাগিব বাবে সোনকালে আহিবলৈ তাগিদা দিলে৷
“অক্কে মাম্মী” বুলি কৈ টানিষ্কাই স্কুটি লৈ মাকৰ চকুৰ পৰা নেদেখা হ’ল৷
গধূলি মাকৰ স’তে টানিষ্কা বিয়া ঘৰ পালেগৈ৷কইনাই লগৰ বান্ধৱীবোৰৰ স’তে,পৰিয়ালৰ লোকৰ স’তে চেল্ফি তোলাত ব্যস্ত৷টানিষ্কাৰো মনটো উচপিচাই থাকিল কেতিয়াকৈ কইনাৰ স’তে চেল্ফি এখন তুলি ফেচবুকত আৰু হোৱাটচাপত পঠাব পাৰে!! অৱশেষত কোনোবা এপাকত মাকৰ কাষৰ পৰা উঠি গৈ মুখখন জোঙা কৰি কইনাৰ স’তে চেল্ফি এখন তুলি ল’লে তাই৷চেল্ফিখন তুলি আহিয়েই মাকৰ কাষত বহি পাৰ্থিৱলৈ ফটোখন পঠালে আৰু মেচেজ লিখিলে –
:মোক কেনে দেখিছা জান?
:ৱাও!মোৰ বিশ্বসুন্দৰীজনী!তামাম লাগিছে তোমাক
টানিষ্কাই পাৰ্থিৱক চুমা ইম’জি কেইটামান দি স্মাৰ্টফোনটো সামৰি থ’লে৷
বিয়াঘৰৰ পৰা উভতি আহি থাকোঁতে টানিষ্কা বিয়াঘৰত তোলা ফটোবোৰ ফেচবুকত আপল’ড কৰাত ব্যস্ত হৈ পৰিল৷
:থ’চোন তোৰ ফোনডাল৷কেতিয়াবা মন যাব থেকেচি ভাঙি পেলাম – মাকে বিৰক্তিৰে কৈ উঠিল
মাকৰ বিৰক্তি ভৰা মুখখন দেখি তাই ফোনটো বেগৰ ভিতৰত ভৰাই থ’লে আৰু মাকক সাৱটি ধৰি চুমা এটা খাই দিলে যাতে মাকৰ খং নিমিষতে অন্তৰ্ধান হয়৷
ৰাতি শুবলৈ লৈ টানিষ্কাই হোৱাটচাপৰ ৰেকৰ্ডিং অপচনত বুঢ়া আঙুলিৰে হেঁচি ধৰি পাৰ্থিৱক ফুচফুচাই ক’লে--
:আই লাভ ইউ….শুই যোৱা জান
:আই লাভ ইউ টু দেহা ….শুই যোৱা –সিফালৰ পৰা পাৰ্থিৱৰ মেচেজ আহিল৷
টানিষ্কাই সেউজীয়া ঘাঁহ-বন,নদীৰ পাৰ,পাহাৰ আদিত পাৰ্থিৱৰ স’তে নাচি থকা সপোন দেখি দেখি টোপনিত ঢলি পৰিল৷
(২)
“টানিষ্কাৰ অভিমান”
অৱশেষত টানিষ্কাৰ বিয়াখন পাৰ্থিৱৰ লগতে হ’লগৈ৷টানিষ্কা-পাৰ্থিৱ মানে জান-দেহাৰ মৰমবোৰ বিয়াৰ দুবছৰৰলৈকে ভালদৰেই বৰ্তি থাকিল৷লাহে লাহে টানিষ্কাই মন কৰিলে পাৰ্থিৱে দেখোন সিহঁতৰ জীৱনৰ স্পেচিয়েল দিনবোৰ মনত নাৰাখে৷নিজৰ জন্মদিনটো বাদেই টানিষ্কাৰ জন্মদিনটোও মনত পেলাই নিদিলে মনতেই নপৰে তাৰ৷সেয়েহে প্ৰতিটো জন্মদিন,বিবাহ-বাৰ্ষিকীত টানিষ্কাৰ মুখখন এপাচি হৈ থকা হ’ল৷তথাপিও পাৰ্থিৱৰ পৰা মৰম-আদৰ পোৱা হেঁপাহবোৰ টানিষ্কাৰ নকমিল৷
পাৰ্থিৱে অফিচলৈ যোৱাৰ সময়ত পাৰ্থিৱৰ চোলাৰ বুটামকেইটা তাইয়েই লগাই দিয়ে আৰু মনে মনে আশা কৰি থাকে পাৰ্থিৱে তাইক মৰমতে গালতে টপককৈ চুমা এটা দিব৷পিছে তেনেধৰণৰ ৰোমান্টিক একো নহয়৷পাৰ্থিৱে তাইৰ মুখলৈ চাই মিচিক কৈ হাঁহি এটা মাৰি অফিচলৈ যাবলৈ বুলি গাড়ী ষ্টাৰ্ট দিয়ে৷তাই বাৰাণ্ডাৰ পৰা পাৰ্থিৱৰ চকুলৈ চাই ৰয়৷সেইসময়তে সিহঁত দুটাৰ মাজত বনকৰা ছোৱালী ৰেবা আহি থিয় হয়হি৷
“এই আকৰীজনী আঁতৰ!!” –টানিষ্কাই মনতে ভুৰভুৰাই৷পাৰ্থিৱে মূৰটো সামান্য বেকা কৰি টানিষ্কাক হাতেৰে বাই দি অফিচলৈ ৰাওনা হয়৷পাৰ্থিৱ যোৱাৰ পিছত তাইৰ মুখখন ওন্দোলা মেঘৰ দৰে হয়৷পাৰ্থিৱে তাইক আগৰদৰে মৰম নকৰে,আগৰদৰে দেহা বুলিও নামাতে –এইকথা ভাৱি হুমুনিয়াহ কাঢ়ে তাই৷ক্ৰমশ অভিমানৰ পাহাৰ বাঢ়ে৷
:মোৰ ফালে পিঠি দি কিয় শোৱা আজিকালি?পিঠি দি শুলে মোৰ অকলে শুই থকা যেন লাগে৷ –পাৰ্থিৱে ৰাতি টানিষ্কাক সুধে
:হুঁহ! – মুখখন বেকা কৰি টানিষ্কাই সামান্য গা টো লৰচৰ কৰে৷
:মই কিবা জগৰ লগালো নেকি?মইচোন নিজেই গম নাপাওঁ – পাৰ্থিৱে কয়
:কি জগৰ লগাই আছা নিজক এবাৰ সুধা –এইবুলি কৈ টানিষ্কাই খঙত গাৰুটো জোৰকৈ সাৱটি ধৰে৷
:তোমাৰ মহিমা তুমিহে জানা –এইবুলি কৈ পাৰ্থিৱেও টানিষ্কাৰ ফালে পিঠিটো দি শুই যায়৷
অভিমানৰ পাহাৰ গঢ়াই গঢ়াই টানিষ্কা-পাৰ্থিৱৰ সংসাৰখন চলি থাকে৷আৰু দুদিনৰ পাছতে সিহঁতৰ তিনিবছৰীয়া বিবাহ-বাৰ্ষিকী৷টানিষ্কাই ভাবি আছে বিবাহ-বাৰ্ষিকীৰ দিনা পুৱাই মন্দিৰ যাব৷ কেকৰ অৰ্ডাৰ দিব৷গধূলীলৈ ওচৰ-চুবুৰীয়াক মাতি কেক কাটি এসাজ খোৱাব৷
বিবাহ-বাৰ্ষিকীৰ আগদিনা দেওবাৰ পৰিল৷পাৰ্থিৱে হঠাতে টানিষ্কাক ক’লে—
:“আজি মন্দিৰৰ পৰা আহোঁগৈ ব’লা৷”
:আজি কিয় যোৱা?কাইলৈ যাম আকৌ!—টানিষ্কাই কঁপাল থুপাই কৈ উঠিল৷
:কাইলৈ অফিচ আছে,ক’তনো সময় পাম!দেখিছাই দেখোন মোৰ ককালৰ বিষ৷সেয়ে সময় পাওঁতেই মন্দিৰত চাকি এগছ দি আহোঁ বুলি ভাবিছোঁ – পাৰ্থিৱে কৈ উঠিল
টানিষ্কাই পাৰ্থিৱৰ কথাত পাক্কা গম পালে সি যে বিবাহ-বাৰ্ষিকীৰ তাৰিখ পাহৰি আছে৷প্ৰচণ্ড অভিমানত টানিষ্কাৰ খংটো উঠি আহিল৷
:মন্দিৰলৈ তুমিয়েই যোৱা৷মই নাযাওঁ –টানিষ্কাই কঠিন সুৰত কৈ উঠিল
:তুমি সদায় সদায় ইমান খেং খেং কিয় কৰি থাকা? এনেই নকয় –বিয়াৰ পিছত ঘৈণীজনী সূৰ্যমুখী তাৰপিছত চন্দ্ৰমুখী আৰু শেষত জ্বালামুখীলৈ ৰূপান্তৰ হয় বুলি!তুমিয়েই এটা উদাহৰণ৷—পাৰ্থিৱে উষ্মাৰে কৈ উঠে৷
:জ্বালামুখী কোনে কৰে?তোমালোকৰ দৰে হাজবেণ্ড বোৰেই কৰে৷—এইবুলি কৈ উচাট মাৰি টানিষ্কা আঁতৰি যায়৷
অৱশেষত পাৰ্থিৱে অকলেই মন্দিৰ যাবলৈ ওলাল৷পাৰ্থিৱ যোৱাৰ পিছত টানিষ্কাই টিভিৰ সন্মূখত বহি হাতত ৰিমটটো লৈ টিভিৰ চেনেলবোৰ সলাই থাকিল এনেয়ে৷হঠাতে তাই “peace of mind” চেনেলটোত ৰৈ গ’ল৷বি কে শিৱানীয়ে দিনটোৰ মন্ত্ৰ হিচাপে এইকেইষাৰ কথা জপ কৰিবলৈ কৈ আছিল –“I am a divine soul.I,the soul full of God’s love and purity.I accept everyone as they are.” ……I accept everyone as they are –এইষাৰ কথা আকৌ এবাৰ উচ্চাৰণ কৰিলে টানিষ্কাই৷এৰা,মইচোন পাৰ্থিৱক সি যেনেকুৱা তেনেকৈয়েই মানি ল’ব পাৰোঁ,মিছাতে তাৰ পৰা বহু কিবাকিবি আশা কৰি থাকোঁ কিয়?তাৰ পৰা মৰম আদৰ পাম বুলি ভাবি থকাতকৈ ময়েচোন তাক মৰম আদৰ কৰিব পাৰোঁ!!মই যে তাৰপৰা মৰম আব্দাৰৰ আশাবোৰ কৰি থাকোঁ সি জানো গম পায়!! “peace of mind” চেনেলত পুনৰ এগৰাকীয়ে কৈ উঠিল – যিবোৰ কথাই আমাক প্ৰায়ে হতাশ কৰে,দুখী কৰে সেইবোৰ কথা সদায় বাৰে বাৰে ঘটি থকা পুৰণি কথা (Nothing new) বুলি ভাবি তাতে ফুলষ্টপ দি দিব লাগে,ধৰি থাকিব নালাগে আৰু চাপমুক্ত হৈ মুক্ত বিহংগৰ দৰে আকাশত উৰি ফুৰিব লাগে৷
মনটো ফৰকাল লাগিল টানিষ্কাৰ৷তাই পাৰ্থিৱ অহালৈ বাট চাই ৰ’ল৷পাৰ্থিৱৰ ওচৰত ক্ষমা খুজিব তাই ইমানদিনে তাৰ ওপৰত হোৱা অভিমানবোৰৰ বাবে আৰু তাক দিয়া দুখ বোৰৰ বাবে৷

Sunday 4 March 2018

গল্ফীৰ ডায়েৰি:

গল্ফীৰ ডায়েৰি:
হিমুৱে অসমীয়া বিষয়টো বৰ টান পায়৷ সিদিনা পৰীক্ষাত অসমীয়া প্ৰশ্নকাকতত আহিল-- তোমাৰ প্ৰিয় গ্ৰন্থখনৰ নাম লিখা আৰু গ্ৰন্থখনৰ বিষয়ে সংক্ষেপে লিখা৷
হিমুৱে মুখত কলমটো কামুৰি কামুৰি বহুত ভাবি ভাবি অৱশেষত লিখিলে -- "মোৰ প্ৰিয় গ্ৰন্থখনৰ নাম -- মহাভাৰত৷ গ্ৰন্থখনৰ বিষয়ে সংক্ষেপে এয়ে যে -- "মহাভাৰত এখন চিত্ৰ-বিচিত্ৰ পখিলী৷"

Saturday 3 March 2018

চাকনৈয়া”

“চাকনৈয়া” সৰু পাণদোকানখনত থিয় হৈ সৌৰভে এটা চিগাৰেট জ্বলালে। এইকেইদিন তাৰ চিগাৰেটৰ মাত্ৰা বাঢ়ি গৈছে, বহুদিন দাড়িখুৰাবলৈও যেন পাহৰিছে। পাণদোকানখনৰ চিনাকী দোকানীজনে তালৈ অলপ সময় চাই থাকি সুধিয়েই পেলালে—“ কি হে ডেকাল’ৰা, কিবা চিন্তাত পৰিছা যেন পাওঁ!!” সি দোকানীজনলৈ চাই হাঁহি এটা মাৰি আঁতৰি আহিল। সি নদীখনৰ পাৰলৈ যাব পৰা লুঙলুঙীয়া নিজান বাট টোৰে আগবাঢ়িল। এইসময়ত সি নিজকে পৃথিৱীৰ আটাইতকৈ নিসংগ মানুহজন যেন অনুভৱ কৰিলে।অসহায় ভাৱ এটাই তাক অশান্তি দি থাকিল।সি আগবাঢ়ি গৈ নদীখনৰ পাৰ পালেগৈ।শিল এচটাত সি বহি পৰিল। নীলা আকাশ, নিৰৱে বৈ থকা নদী, উৰি যোৱা এজাক চৰাই..একোৱে তাৰ মনটোক ভাল লগাব নোৱাৰিলে। এৰা,ঘৰখনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ তাক এটা চাকৰিৰ বৰ প্ৰয়োজন।এখন প্ৰাইভেট স্কুলত খাটি থকা তাৰ দুবছৰমানেই হ’ল।মাহেকত যি কেইটা পাই সেইকেইটা টকাৰে তাৰ হাত-মুখ ধুবলৈও নাটে। এসময়ত স্কুলৰ মেধাৱী ছাত্ৰ বুলি সি সকলোৰে পৰিচিত আছিল। পঢ়া-শুনা, খেলা-ধূলাৰ পৰা ধৰি সি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপেও বিপুল ভোটত জয়ী হৈছিল; একপ্ৰকাৰে সি আছিল অল ৰাউণ্ডাৰ! সি কাৰোবাৰ কাৰোবাৰ বাবে আছিল “আদৰ্শ ছাত্ৰ”..তাৰ উদাহৰণ দি এজন অভিভাৱকে কোৱা তাৰ আজিও মনত পৰে..”যি মূলা বাঢ়ে তাৰ দুপাততে চিন”, এবাৰ ৰাজ্যিক ভিত্তিত হোৱা “তৰ্ক প্ৰতিযোগিতাত” প্ৰথম হৈ সি তাৰ জিলাখনৰ, স্কুলখনৰ গৌৰৱ বঢ়াইছিল।সঁচাই, সেইদিনবোৰ মনত পৰিলে তাৰ এতিয়া সপোন সপোন যেন লাগে।মাক-দেউতাকেও তাক লৈ গৌৰৱ কৰিছিল; সকলোৰে আশা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত সি অসমৰ ভিতৰতে নাম কৰি উত্তীৰ্ণ হ’ব; পিছে সি সকলোৰে আশাত চেঁচাপানী ঢালি মাথোঁ প্ৰথম বিভাগ লৈ উত্তীৰ্ণ হৈছিল।ইয়াৰ পিছত সি কলা শাখাত ভৰ্তি হ’ব নে বিজ্ঞান শাখাত ভৰ্তি হ’ব সেই লৈ ঢেৰ গুণা-গঁঠা হ’ল। পিছে দেউতাকৰ মন আছিল তাক ডাক্তৰী পঢ়োৱাৰ আৰু সিও দেউতাকৰ সপোনকে বোকোচাত লৈ বিজ্ঞান শাখাত ভৰ্তি হ’ল।কিন্তু সি অনুভৱ কৰিলে যে কলা শাখাতহে তাৰ ৰাপ বেছি। গল্প, কবিতা, ইতিহাস আদি বিষয়ত নিচা থকা সৌৰভে অতি কষ্টেৰে ৰসায়নবিদ্যা, পদাৰ্থবিদ্যা, অংকবিদ্যা পঢ়িবলগা হ’ল। এবাৰ কলাবিভাগে আয়োজন কৰা “কবিতা কৰমশালা”ত সি তাৰ বহুমূলীয়া বিজ্ঞানৰ ক্লাছ খতি কৰি কৰমশালাত যোগ দিছিল।বিজ্ঞানৰ ফৰ্মূলাবোৰ তাৰবাবে তিতা হৈ আহিছিল; সকলোবোৰ যেন সি গোটে গোটে গিলি হজমহে কৰিছিল আৰু যেতিয়া বিষয়বোৰত সি কম নম্বৰ পাবলৈ আৰম্ভ কৰিলে আৰু তাতকৈ পঢ়া-শুনাত বেয়া বুলি ভবা ল’ৰাবোৰে যেতিয়া তাতকৈ আগবাঢ়ি গ’ল তেতিয়া তাৰ জীৱনলৈ প্ৰথমবাৰৰ বাবে নিৰাশাৰ ডাৱৰ নামি আহিছিল।তাৰ জীৱনৰ গৰাখহনীয়াও যেন তেতিয়াই আৰম্ভ হৈছিল!! সি বহুত কষ্ট কৰি প্ৰথমবিভাগ ল’লে, কিন্তু তাৰ মনৰ সন্তুষ্টি একেবাৰে নাছিল।তাৰ মনৰ এই যুঁজ আৰু ধুমুহাৰ কথা সি কাকো কোনোদিন নজনালে। তাৰপিছত সি কিজানি জীৱনৰ দ্বিতীয় ভুলটো কৰি পেলালে—এই মুহুৰ্তত সি তেনেকৈয়ে ভাবে।দেউতাকৰ সপোনখিনিক মাটিত পেলাই সি প্ৰাণী বিজ্ঞান বিভাগত নাম লগালে।ঘনআঁউসীৰ ৰাতিয়ে তাৰ কিজানি পিছ এৰা নাছিল।সি প্ৰথম বাৰৰ বাবে পৰীক্ষাত অনুত্তীৰ্ণ হ’ল।কোনোদিন নাহাৰো বুলি ভবা সৌৰভে মহাবিদ্যালয়ৰ পৰীক্ষাত হাৰি গৈছিল। তাৰ চিগাৰেটৰ আৰম্ভণি কিজানি তেতিয়াৰ পৰাই আৰম্ভ হৈছিল।এৰা, সি এবছৰ হেৰুৱাই আকৌ পৰীক্ষাত বহিছিল। আজিও অনুভৱ কৰে সি সেয়াই কিজানি আছিল তাৰ যন্ত্ৰণাৰ আদিপাঠ।এতিয়াও সি খেপিয়াই চাব বিচাৰে নিৰাশাত উখহা দুখ। তাৰ লগৰ বিজয়ে বিজ্ঞান শাখাৰ পৰা কলাশাখাত ভৰ্তি হৈ ডিষ্ট্ৰিংশ্যনসহ বি. এ পাছ কৰিছিল, কিন্তু সি বিজয়ৰ দৰে উভতিও যাব নোৱাৰিলে অথচ নৈৰাশ্যবোধৰ কীটাণুৱে তাৰ মন-মগজু খুলি খুলি খালে।এনেকৈয়ে সি কেৰেলুৱাৰ গতিৰে বি.এছ.ছি পাছ কৰিলে কিন্তু মাষ্টাৰ ডিগ্ৰীৰ বাবে তাৰ নম্বৰৰ নাটনি হ’ল। হঠাত চৰাই এটাই নদীখনৰ পৰা মাছ এটা লৈ উৰা মাৰিলে। সি বহি থকাৰ পৰা সৰু শিলগুটি এটা নদীখনলৈ বুলি দলিয়াই দিলে।শিলগুটি টোৱে পানীত তৰংগৰ সৃষ্টি কৰিলে;তাৰ মনত পৰিল স্কুলীয়া দিনত “তৰংগ”ৰ সংজ্ঞা পঢ়া দিনবোৰলৈ।সি আকৌ পকেটৰ পৰা চিগাৰেটৰ পেকেটটো ওলিয়ালে...মাত্ৰ এটাহে আছে। কিবা এটা ভাবি সি আকৌ পেকেট টো পকেটত ভৰাই থলে। তাৰ তৰালৈ মনত পৰিল। ঘৰত আৰামত উঠা ছোৱালীজনীয়ে কি যে কষ্টেৰে দিন কটাইছে এতিয়া! মাথোঁ ভালপায়েই তৰাই দিগন্তৰ লগত বিয়া সোমালে; বিয়া পাতোঁতে দিগন্তই এম.এ টো পাছ কৰি নিবনুৱা হৈয়েই আছিল...তেনেকৈয়ে সিহঁতৰ সংসাৰ আৰম্ভ হ’ল।তাৰপিছত সি তৰা-দিগন্তৰ অভাৱী সংসাৰখন ভালকৈয়ে দেখা পাইছে, তৰাৰ চকুৰ লোতক দেখিছে সি! জোনালী;তৰাৰ সখী জোনালী! জোনালীৰ মুখেৰেই সি তৰাৰ খবৰ পাই থাকে। জোনালীৰ কথা ভাবি সি এটা দীঘল হুমুনিয়াহ এৰিলে; জোনালীক সি ভাল পায়, জোনালীয়েও তাক ভাল পায়, কিন্তু জোনালীক সি কোন স’তেৰে বিয়া পাতে? তাইক বিয়া কৰিম বুলি কবলৈ তাৰ সাহস নোহোৱা হৈছে অথচ জোনালীৰ বিয়াৰ বয়স হৈছে আৰু তাইৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ আহিব লৈছে! সি যেন আজি তাৰ ভালপোৱাও হেৰুৱাব!! এইয়া কি তাৰ জীৱনৰ তৃতীয়টো ভুল হ’ব ? – ভাবে সৌৰভে।সি তাৰ শেষ অৱশিষ্ট থকা চিগাৰেটৰ পেকেটটো আকৌ পকেটৰ পৰা ওলিয়াই আনিলে, চিগাৰেটটো জ্বলাই মুখত দিলে; কথাবোৰ দীঘলকৈ ভাবি তাৰ মনটো চোন অলপ পাতল পাতল লাগিল!

এনেকৈয়ে নিজাৰ পৰে বিষন্ন ৰাতিৰ ফুল”

এনেকৈয়ে নিজাৰ পৰে বিষন্ন ৰাতিৰ ফুল” “মাক এনেকৈ আৰু যত্ন লৈ থাকিব নোৱাৰোঁ দেই! তাতকৈ মাক বৃদ্ধাশ্ৰমত থৈ আহোঁগৈ ব’লা..আমাৰ সময়ো বাচিব....”। বোৱাৰীয়েকে পুত্ৰক কোৱা কথাষাৰ মাক সাবিত্ৰীৰ কাণত আহি পৰিলহি।কিবা এক বুজাব নোৱাৰা বিষাদে সাবিত্ৰীৰ মনটো আৱৰি ধৰিলে। অলপ দিনৰ পৰা সাবিত্ৰীৰ গোটেই শৰীৰতে বিষ হৈছে, কাৰোবাৰ সহায় নোলোৱাকৈ নিজে বিচনাৰ পৰা উঠিব নোৱাৰা হৈছে।সত্তৰৰ দেওনা পাৰ হৈছে সাবিত্ৰীৰ;বেমাৰে তাইক বয়সতকৈ আৰু অলপ বেছিকৈহে যেন বুঢ়া কৰি তুলিছে।তাইৰ দুটা সন্তান; ছোৱালীজনীক দূৰলৈ বিয়া দিলে।স্বামী দয়ানন্দ কাকতি চাৰি বছৰৰ আগতে এই সংসাৰৰ পৰা বিদায় মাগিলে।সাবিত্ৰী অকলশৰীয়া হৈ পৰিল। একমাত্ৰ পুত্ৰ আৰু বোৱাৰীৰ স’তে তাইৰ দিনবোৰ ঠিকেই চলিছিল, অসুখ-বিসুখ বুলিও তেনেকৈ নাছিল, নাতি-নাতিনীক চোৱাচিতা কৰাৰ পৰা ঘৰৰ ইটো সিটো কাম ভালকৈয়ে কৰি আছিল।অলপদিনৰ পৰাহে বেমাৰে দেহত বাঁহ লবলৈ আৰম্ভ কৰিলে ...... বোৱাৰীয়েকৰ কথাষাৰত সাবিত্ৰীয়ে বৰ সন্তাপ পালে তাতোকৈ বেছি সন্তাপিত হ’ল পুতেকৰ মৌনতাত।তাৰমানে সিও বোৱাৰীৰ কথাষাৰকে সমৰ্থন কৰিছে নেকি? সাবিত্ৰীৰ বুকু ভেদি দুখৰ হুমুনিয়াহ ওলাই আহিল। অৰুন্ধতীয়ে চকুৰ পৰা চছমাযোৰ খুলি খিৰিকীৰ বাহিৰলৈ চালে।বাহিৰত এখন সেউজীয়া পথাৰ...তাইৰ এই সেউজীয়া ভাল লাগে...সেউজীয়া খিনিলৈ চাই চাই পঢ়ি থকা গল্পটোৰ কথা ভাবি ভাবি মনৰ মাজত গুণগুণালে—“সেউজীয়াত মুখ গুজি পাহৰিব বিচাৰোঁ/এপিয়লা দুখ....” সাবিত্ৰীলৈ অৰুন্ধতীৰ বেয়া লাগিল—এগৰাকী নিসংগ বৃদ্ধা যাক পুতেক-বোৱাৰীয়েকে মিলি বৃদ্ধাশ্ৰমত থোৱাৰ সিদ্ধান্ত লব খুজিছে।সঁচাই, যান্ত্ৰিক হৈ গৈছে মানুহৰ হৃদয়...মাকৰ মমতাখিনি, পিতাকৰ স্নেহ খিনিও যেন আজিকালি কিছুমান জী-পো, বোৱাৰী-জোঁৱাইৰ বাবে তুলাচনীৰ বস্তু হৈ পৰিছে!গল্পটোৰ বোৱাৰীজনীলৈ লগতে সাবিত্ৰীৰ পুতেকলৈও অৰুন্ধতীৰ ঘৃণা উপজিল। সাবিত্ৰীৰ মনত পৰিল দুটি কণমানি, স্বামী তথা শহুৰ-শাহুৰে স’তে এখন ভৰা সুখী সংসাৰখনলৈ!তাইটো নিজৰ শহুৰ-শাহুৰৰ প্ৰতি কেতিয়াও এনে মনোভাৱ পোষণ কৰা নাছিল বৰঞ্চ তাইৰ হৃদয় তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা, ভক্তি আৰু ভালপোৱাৰে ভৰি আছিল।তেওঁলোকৰ শেষদিনটোলৈকে তাই আলপৈচান ধৰি গল... সঁচাকৈ কিমান সুখী আছিল তাই! তাই দেখা বহুতো সপোনৰ মাজত এজনী লখিমী বোৱাৰী আৰু এজন চৰিত্ৰৱান সুদৰ্শন জোঁৱাই পোৱাৰ সপোনো আছিল। অৰুন্ধতীৰ পেৰেগ্ৰাফটো পঢ়ি সাবিত্ৰীৰ বাবে দুচকু সেমেকি আহিল; যুগৰ পৰিৱৰ্তনে বৃদ্ধা পিতৃ-মাতৃলৈ লৈ অহা ভয়াবহতাৰ কথা ভাবি বিচলিত হৈ পৰিল তাই।অৰুন্ধতীয়ে ভাবিলে – এইয়া যৌৱনৰ অহংকাৰ!যৌৱনৰ অহংকাৰত মানুহে পাহৰি যায় নিজৰ বৃদ্ধাৱস্হা প্ৰাপ্তিৰ কথা...। পুনৰ খিৰিকীৰ বাহিৰলৈ চালে তাই---শৰতৰ এখন নীলা ফৰকাল বিস্তৃত আকাশ, তলত বিস্তৃত সেউজীয়া পথাৰ!সুন্দৰ!সঁচাই অপৰূপা এই পৃথিৱী।সকলোৰে মনবোৰ যদি এনেকৈয়ে উদাৰ, বহল আৰু সেউজীয়া হ’লহেঁতেন!! গল্পটো আধাপঢ়াকৈয়ে সামৰি থৈ তাই এইবাৰ টিভিটো অন কৰিলে...টিভিৰ ব্ৰেকিং নিউজত চকু পৰিল তাইৰ --- “জোঁৱায়েকৰ হাতত বৃদ্ধ শহুৰ-শাহু প্ৰহাৰ”...পঢ়িয়েই টিভিটো অফ কৰি দিলে তাই...নাই,নাই এইবিলাক আৰু চাই থাকিব নোৱাৰি..এইবিলাক পঢ়িলে,শুনিলে গোটেই জগতখনকে এলাগী এলাগী লাগি যায়। তাই আকৌ সেউজীয়া পথাৰখনলৈকে চাই ৰ’ল, মনৰ মাজত গুণগুণালে---“এনেকৈয়ে নিজাৰ পৰে বিষন্ন ৰাতিৰ ফুল/সেউজীয়াত মুখ গুজি পাহৰিব বিচাৰোঁ/এপিয়লা দুখ..”

Wednesday 21 February 2018

গল্ফীৰ ডায়েৰি

:
টিংকু আৰু ৰিংকু দুয়োটা নলে গলে লগা বন্ধুৰ দৰে যদিও ইটোৱে সিটোৰ উন্নতি দেখিব নোৱাৰে৷ এদিন টিংকুৱে সপোনত দেখিলে যে ভগৱানে টিংকুক বৰ দিবলৈ সাজু হৈছে৷ কেৱল এটা চৰ্ত আছে যে টিংকুক যিমান দিব ৰিংকুক তাৰ দুগুণ দিব৷ ভগৱানৰ কথা শুনি টিংকুৱে ভাবিলে --" মই যদি এক কোটি খুজো ৰিংকুৱে পাব দুই কোটি৷ মই যদি এখন গাড়ী বিচাৰোঁ ৰিংকুৱে পাব দুখন গাড়ী!! না না না এনে হ'বই নোৱাৰে"৷ অৱশেষত টিংকুৱে ভগৱানক ক'লে - "প্ৰভু, মোৰ চকু এটা বেয়া কৰি দিয়া"৷

গল্ফীৰ ডায়েৰি

:
এদিন ৰিংকুৰ মৰমৰ মেকুৰীটো ঢুকাল৷ টিংকুৱে আত্মা অমৰ, প্ৰাণী মাত্ৰেই মৃত্যু চিৰন্তন আদি কৈ ৰিংকুক বুজাই বঢ়াই মন স্থিৰ কৰালে৷ তাৰ কেইদিনমানৰ পিছত টিংকুৰ মৰমৰ কুকুৰটো ঢুকাল৷ ৰিংকুৱে দেখিলে যে টিংকু কান্দি কাটি হায়ৰান হৈ পৰিছে৷ ৰিংকুৱে টিংকুক ক'লে -- "টিংকু, মোৰ পোহনীয়া মেকুৰীটো মৰাৰ সময়ত তয়েচোন মোক বুজাই বঢ়াই মনটোক সাহস দিছিলি কিন্তুু আজি তই নিজকে চম্ভালিব পৰা নাই যে???"
টিংকু: আৰে!! সেইটো তোৰ মেকুৰী আছিল ন? এইটো দস্তুৰমত মোৰ কুকুৰ হয়!!! এঁ এঁ এঁ এঁ

Monday 12 February 2018

গল্ফীৰ ডায়েৰি


মাজনী বাইদেউ: (দোকানীক উদ্দেশ্যি) ভাল ৰঙা ব্লাউজ উলিয়াই দিয়াচোন৷
দোকানীয়ে উলিয়াই দিয়ে৷
মাজনী বাইদেউ: দাম কিমান?
দোকানী: ১৬০ টকা বাইদেউ
মাজনী বাইদেউ: আই ঔ, ইমান দাম কৰিছা? মই ১২০ টকা দিম কিন্তু!!
দোকানী: বাইদেউ, কিনা দামেই ১৪০ টকা! আপুনি ১৫০ টকা দিব বাৰু৷
মাজনী বাইদেৱে বেগৰ পৰা ১৩৫ টকা উলিয়ালে আৰু দোকানীজনলৈ আগবঢ়াই দিলে--" মই ১৩৫ হে দিলো দেই৷ লোৱা৷ আশীৰ্বাদ দিছো - তোমাৰ বহুত উন্নতি হ'ব৷"
দোকানী(হাঁহি মাৰি): বাইদেউ, loss কৰি মোৰ কি উন্নতি হ'ব বাৰু?????

গল্ফীৰ ডায়েৰি


প্ৰীতি বৌয়ে ঘৰৰ বস্তু য'তে ততে থয়৷নিজে পিন্ধা কাপোৰবোৰ কেতিয়াবা যদি আলনাত , কেতিয়াবা আলমাৰীত, কেতিয়াবা দমাই থোৱা কাপোৰৰ দমৰ মাজত!!! সেয়ে সময়ত যিটো লাগে বিচাৰি নাপায়৷
আজি গধূলিলৈ বাৰ্থডে পাৰ্টী এটা আছে৷ ৰাতিপুৱাৰ পৰা বৌৱে ভাবি আছে -- "কলা মেখেলাৰ লগত ৰঙা চাদৰ লগোৱা কাপোৰযোৰ পিন্ধিব৷ কিন্তু কলা মেখেলাৰ বাবে কলা পেটিকোট লাগিবই!!পিছে কলা পেটিকোটটো বা ক'ত থ'লো ?"বৌৱে আলনা, আলমাৰি গোটেইখন লুটিয়াই বগৰাই চালে কিন্তু কলা পেটিকোটটো নাই!!
আবেলি বাৰ্থডে গিফ্ট কিনিবলৈ প্ৰীতিবৌৱে শ্বপিং মল এটাত সোমাল৷ভাবিলে-- পেটিকোট এটাও ইয়াৰ পৰাই কিনি লব৷
অৱশেষত গিফ্টটো কিনি উঠি চেলচ বয়টোক সুধিলে --"পেটিকোট আছে নেকি?" চেলচ বয়টোৱে ক'লে -- "ইয়াত নাপাব নহয় বাইদেউ!" তাৰ কথা শুনি প্ৰীতি বৌৰ মুখত চিন্তাৰ ৰেখা ফুটি উঠিল৷ লগত অহা অৰ্পনাক চিন্তান্বিত মুখেৰে ক'লে -- পাম নাই বাৰু? ( মনত ভাব--ঘৰত পাম নাই বাৰু!!)
চেলচবয়টোৱে প্ৰীতি বৌৰ কথা শুনি আছিল৷ সি টপৰাই ক'লে - " কিয় নাপাব? আমাৰ ইয়াত নাপালে কি হ'ল, গোটেই টাউন খন ঘূৰকচোন পাবই বাইদেউ৷ "

"এটি সপোনৰ কথাৰে…”

"এটি সপোনৰ কথাৰে…”
এজাক চিপচিপীয়া বৰষুণত তিতি তিতি আলফুলে গেটখুলি ঘৰটোলৈ আগবাঢ়ি গ’ল৷বাৰান্দাত থকা কলিং বেলত হাত দিলে৷অলপ সময়ৰ পিছতে আলফুলৰ বয়সৰে ছোৱালী এজনী দুৱাৰ খুলি ওলাই আহিল৷আলফুলক দেখাৰ লগে লগে তাইৰ ভ্ৰু কোঁচ খালে আৰু পৰম বিৰক্তিৰে আলফুললৈ চালে আৰু ফুঁ ফুঁৱাই ভিতৰলৈ সোমাই গ’ল৷
“ধাৰাম” – দুৱাৰখন বন্ধ হৈ গ’ল
--“হিয়াচাকি শুনাচোন” –আকুল ভাৱে আলফুলে কৈ উঠিল আৰু হঠাতে সাৰপাই গ’ল তাই৷
আলফুলে প্ৰায়ে এই সপোনটো দেখে আৰু সাৰপাই যায়৷
:আলফুল উঠা,অফিচ দেৰি হ’ব
বৌয়েকৰ মাতত আলফুল লৰালৰিকৈ বিচনাৰ পৰা উঠি আহিল৷
অফিচলৈ যাওঁতে আলফুলে ভাবি গ’ল – মনৰ অৱচেতনত হিয়াচাকি এতিয়াও হেৰাই যোৱা নাই৷সপোনটোৱে বাৰে বাৰে তাইক তাকেই সোঁৱৰাই দিয়ে৷হিয়াচাকি তুমি য’তে থাকা ভালে থাকা৷মই তোমাৰ ওচৰলৈ পুনৰ যাম,তুমি দুৱাৰ খুলি মোক আদৰি নিবা….
০০০০০০০০
:গোস্বামী দা, টকা পাঁচশ দিয়ক৷প্ৰবীৰ চেতিয়াৰ বিদায় সভাৰ বাবে তুলা হৈছে৷তেওঁ অহা সোমবাৰে চাকৰি জীৱনৰ পৰা অৱসৰ ল’ব নহয়!
:নাই হে বৰা৷সকলোৰে বিদায় সভাৰ বাবে টকা দিলেও মই এই প্ৰবীৰ চেতিয়াৰ বিদায় সভাত এক পইচাও নিদিওঁ৷মোক তেওঁ এসময়ত যিবোৰ কথা শুনাই থৈছে সেইবোৰ মই পাহৰিম??মৰিলেও লগত লৈ যাম বুজিছে৷—গোস্বামীয়ে ক’লে৷কৈ থাকোঁতে তেওঁৰ মুখখন কঠিন হৈ পৰিছিল৷
:অফিচৰ নিয়ম বুলিহে আপোনাক কথাটো ক’লো৷পিছে দিয়া নিদিয়াটো আপোনাৰ কথা দিয়ক৷—ৰমেন বৰাই কৈ উঠিল৷
:নাই, মই মানুহটো অলপ বেলেগ৷—অহংকাৰ সুৰত গোস্বামীয়ে পুনৰ কৈ উঠিল৷
:আচ্ছা গোস্বামী দা,আপুনি এই ফাইলটো হাতত লওক আৰু হাতখন দহমিনিট ওপৰলৈ উঠাই থওক৷তাৰপিছত কেনে লাগিল মোক কব৷ – আলফুলে গোস্বামী দাক ক’লে৷
:হ’ব আলফুল,মোক জীৱনৰ শিক্ষা দিবলৈ চেষ্টা নকৰিবা৷মই তোমাতকৈ পচিঁশ বছৰৰ ডাঙৰ মানে পচিঁশ বছৰীয়া অভিজ্ঞতা মোৰ তোমাতকৈ বেছি আছে৷ –এইবুলি কৈ সাউতকৈ গোস্বামী আলফুলহঁতৰ কোঠাৰ পৰা ওলাই গ’ল৷ আলফুলৰ এনে লাগিল হিয়াচাকিয়েহে যেন ধাৰাম কৈ দুৱাৰখন পুনৰ বন্ধ কৰি দিলে৷
:আলফুল,গোস্বামী দাৰ এক্সপেৰিমেন্টটো মোকে বুজাই দিয়া – ৰমেন বৰাই হাঁহি হাঁহি ক’লে
:বৰা দা, ফাইলটো লৈ আপুনি যিমানে হাতখন ওপৰলৈ উঠাই থব আপোনাৰ হাতখনৰ ভাৰ বাঢ়ি যাব ঠিক তেনেকৈ আমি যদি কিছুমান সমস্যা মনৰ ভিতৰত সাঁচি ৰাখো তেতিয়াও আমাৰ মনটো মুকলি নহ’ব আৰু মন গধুৰ হৈ থাকিব৷আমি যিমান পাৰোঁ মুক্ত বিহংগৰ দৰে হ’বলৈ চেষ্টা কৰিব লাগে৷মই কোৱা কথাখিনি ভাবি চাবচোন শুদ্ধ হয় নে নহয়?
:সঁচা কথা কৈছা আলফুল, আমুকে এনেকৈ ক’লে,তামুকে তামুক কৰিলে –এনেকৈ ভাবি ভাবি আমি যে আমাৰ জীৱনৰ কিমান মূল্যৱান সময় অপচয় কৰোঁ,নহয়নে?
:হয় বৰা দা …. আলফুলে কৈ উঠিল৷
ড্ৰাফ্ট এখন লিখি আলফুল অফিচ কোঠাৰ পৰা ওলাই আহিল৷নাতিদূৰত প্ৰবীৰ চেতিয়া আৰু গোস্বামী দা—এনেকৈ হাঁহি হাঁহি কথা পাতি আছে যেন তেওঁলোকৰ মাজত মৰমৰ দুলেৰে বন্ধা যুগ যুগৰ মিত্ৰতা৷মূহুৰ্ততে গোস্বামী দাৰ দুখন ছবিয়ে আলফুলৰ মন তৰংগত খেলিমেলিৰ সৃষ্টি কৰিলে৷মানুহ সঁচাই ৰহস্যময় – আলফুলে ভাবিলে৷
কেৱল গোস্বামী দায়েই নহয় অফিচৰ বহুকেইজনৰ মাজত দুটা চৰিত্ৰ তাই দেখা পায়৷যাক নেকি কয়—মুখত এটা পেটত এটা৷—কথাবোৰ ভাবিলে বৰ অস্থিৰ হয় তাই৷ক’তোচোন স্বস্ছতা আৰু পবিত্ৰতা অনুভৱ নহয়৷বাৰে বাৰে হতাশাই আবৰি ধৰে আলফুলক৷
:আলফুল কি ভাবি আছা? চম্পা আৰু কৃষ্ণা তাইৰ ফালে আগবাঢ়ি আহে৷
:ব’লা, কেন্টিনত চাহ খাই আহোঁ৷ --- তিনিওজনী অফিচ কেন্টিনৰ ফালে আগবাঢ়ে৷
চাহত চুমুক দি চম্পাই কৈ উঠে –“কেন্টিনৰ কাপবোৰ বেয়া হৈছে,কেনেকৈ ফাট মেলিছে চাছোন!!”
:অঁ, তেওঁলোকক নতুন কাপ কিনিবলৈ কব লাগিব – কৃষ্ণাই কয়৷
:জাননে এইবাৰ ঘৰলৈ যাওঁতে মোৰ বৰ বেয়া লাগিল৷কথাটো বেয়া লাগিব লগা কথা হয়নে নহয় মই নাজানো কিন্তু মোৰ কথাটো মনত পৰিলেই বেয়া লাগে – চম্পাই দুখেৰে কৈ উঠিল
:কি হ’লনো? – আলফুলে সুধিলে৷
:আমাৰ শশুৰৰ ঘৰখনত প্ৰত্যেকৰে নামত নিজৰ নিজৰ চাহ খোৱা কাপ আছে কিন্তু আমি নাথাকো বাবে আমাৰ নামত চাহখোৱা কাপ নাই৷এইবাৰ ঘৰলৈ যাওঁতে পিছে শাশুমাই মোৰ মানুহজনৰ বাবে এটা ধুনীয়া চাহখোৱা কাপ কিনি থ’লে কিন্তু মোৰ কাৰণে নিকিনিলে৷আমি যেতিয়া ঘৰৰ সকলো সদস্যই একেলগে বহি চাহ খালোঁ মোৰ চকুৰ আগতে সকলোৱে নিজৰ নিজৰ নামত থকা স্পেচিয়েল কাপত চাহ খাই থাকিল, মোৰ কাপটোহে স্পেচিয়েল নাছিল৷মোৰ চাহখোৱা কাপটো স্পেচিয়েল নহ'ল বাবেই মোৰ বৰ গাত লাগিল বুজিছ’,কাৰণ মই ভাবো কথাবোৰ সমব্যৱহাৰ হোৱা উচিত কিন্তু মুঠেও প্ৰতিবাদ নকৰিলোঁ,মনে মনে থাকিলোঁ৷ এই দুখৰ কথা মই কাকো কোৱা নাই আজিহে তহঁতৰ আগত কৈছোঁ৷কথাখিনি দেখিবলৈ সৰু কিন্তু মোৰ বাবে ডাঙৰ হৈ দেখা দিছে—মোৰ এনে লাগিছে –বোৱাৰী হোৱা বাবেই যেন মোৰ প্ৰতি এই অৱজ্ঞা৷ক’ চোন মোক কিয় ইম্পৰটেন্স দিয়া নাই?বোৱাৰী কাৰণেই নহয়জানো?কথাখিনি মনত পৰিলে মোৰ এজনী বাঘিনীলৈ ৰূপান্তৰ হ’ব মন যায়৷অৱজ্ঞা বস্তুটো মই বহুত বেয়া পাওঁ৷এইয়া মোৰ ভুল চিন্তাও হ’ব পাৰে৷মোৰ চিন্তাৰ দুৰ্বলতাও হ’ব পাৰে৷
চম্পাৰ কথাখিনি শুনি আলফুলে নিজৰ জীৱন দৰ্শন কবলৈ সাজু হৈ উঠিল –
:এটা কাম কৰিবা৷এই কথাখিনি কাগজ এখনত লিখিবা আৰু জ্বলাই দিবা৷যাৰ যাৰ ওপৰত তোমাৰ ক্ষোভ উপজিছে তেওঁলোকৰ নামত প্ৰাৰ্থনা কৰিবা৷ক্ষোভ আঁতৰি নোযোৱালৈকে প্ৰাৰ্থনা কৰিবা৷মনৰ মাজত যদি কথাখিনি আকৌ ভূমুকি মাৰে “cancel cancel cancel” তিনিবাৰ কবা৷
আলফুলৰ কথা শুনি কৃষ্ণাই মিচিক মাচাক কৈ হাঁহি থাকিল৷
:আচলতে আমাৰ ইগ’ থকা বাবেই কথাবোৰ গাত লাগে৷—কৃষ্ণাই ক’লে
:সঁচা কথা৷আমাৰ সকলোৰে আত্মসন্মান থকা বাবেই অৱহেলিত অনুভৱ কৰিলেই গাত লাগে কথাবোৰ৷আচলতে পৃথিৱীৰ বেছিভাগ মানুহেই চেন্সিটিভ৷পৃথিৱীৰ প্ৰতিজন মানুহেই বুকুৰ কোনোবা কোণত নিজকেই ভালপাই আটাইতকৈ বেছি —আলফুলে ক’লে৷
আলফুলৰ আকৌ এবাৰ হিয়াচাকিলৈ মনত পৰিল৷
অফিচৰ পৰা আহি গধূলিপৰত বাৰান্দাখনতে বহি পৰিল আলফুল৷বাৰান্দাৰ লাইটটো জ্বলাবলৈ মন নগ’ল তাইৰ৷এন্ধাৰখিনি কিয় জানো আপোন আপোন লাগিল আলফুলৰ৷চোতালত জোনাকী পৰুৱা কেইটামান আপোনমনে উৰি থকা দেখিলে তাই৷আজি বাৰু সপোনটো দেখিবনে? চিপচিপীয়া বৰষুণ….হিয়াচাকিৰ ক্ষোভিত দুচকু…তাৰপিছত ….জোৰকৈ শব্দ কৰি … “ধাৰাম”….