Tuesday 4 December 2018

ৰূপোৱালী মেঘৰ ছায়া পঢ়ি পাঠকৰ অভিমত-- পদ্ম গগৈ

সোৱণশিৰিৰ সোণ-সাৱটা,ৰূপ-জিলিক বালিযেন বিস্তৰ সম্ভাৱনা থকা উদীয়মান লেখিকা মৌচুমী বৰি ৰ অলপতে প্ৰকাশ হোৱা উপন্যাস "ৰূপোৱালী মেঘৰ ছায়া" ৰ কপি লৈ পৰহি দিনা প'ষ্টমেন আমাৰ পদূলি পালেহি ৷ বেটুপাত ৰূপাংকনৰ পৰা বন্ধনিৰ আবৃতত 'সমাপ্ত' বুলি লিখালৈকে আগ্ৰহেৰে আকৌ এবাৰ পঢ়িবলৈ সুবিধা পাই ঔপন্যাসিকালৈ মনৰ পৰা চৰি-ভৰি ধন্যবাদ জনালোঁ ৷ সমাজৰ প্ৰায়বোৰ শুভকাৰ্যৰ আগমূহূৰ্ত্তত হোৱাৰ দৰে মংগলময় এটি উৰুলিৰ জোকাৰেৰে যেন আৰম্ভ হৈছে উপন্যাসৰ কাহিনীটো ৷ জাকি মাৰি উঠি অহা উৰুলিটোৰ নিৰ্মল জোনাকত "ছ'ৰী মেম" বুলি উদভাসিত হৈ উঠিছে সৌৰিণৰ মুখমণ্ডল ৷ হয়,সৌৰিণৰ কথাৰে আৰম্ভ হৈছে উপন্যাসৰ কাহিনী... সাম্প্ৰতিক বাতাবৰণৰ কোনো কোনো শিক্ষানুস্থানত শিক্ষক-নিগ্ৰহ বা শিক্ষাগুৰুক তুচ্ছ-তাচিল্য কৰাৰ দৰে এক অশোভনীয় ,অশুভ পৰম্পৰাও যে শিক্ষাসদী সুধীসকলৰ চকুৰ আগতেই এঙামূৰি দি উঠিছে সেই বাস্তৱ সত্যক ঔপন্যাসিকাই সাহসেৰে তুলি ধৰিছে ৷ ৰিখটাৰ স্কেলৰ প্ৰাৱল্যৰ কথা পিছ পেলাই ,ভূমিকম্পৰ উমান পালেই হেজাৰ হেজাৰ মংগল উৰুলিৰে সেই শুভ-সংকটৰ দুঃময়কণ ঢাকি পেলাবলৈ কৰা চেষ্টাৰ দৰে ঔপন্যাসিকাই অমল আলোকৰ সেই বাটেৰেই (য'ত সৌৰিণো বৰ্ত্তমান) বাটবুলাই নিছে নতুন দিনৰ এজাক তৰুণ-তৰণী আৰু তেওঁলোকৰ হোষ্টেলৰ জীৱনৰ কৰণীয়-বৰ্জনীয়, আাশা-স্বপ্ন,প্ৰেম-বন্ধুত্ব, অনুভৱ-অভিজ্ঞতাদিৰ সাৱলীল বৰ্ণনাই পাহ পাহ উশাহ হৈ উপন্যাসৰ কলেৱৰত প্ৰাণ- সঞ্চাৰ কৰিছে ৷ লেখিকাৰ প্ৰথমখন উপন্যাস হিচাবে যথেষ্ট ভাল পালোঁ ৷বাচনিত উঠা শব্দেৰে পৰিমিত ভাৱ প্ৰকাশ কৰাত ৰচনা সুখপাঠ্য হৈছে ৷মেদ মুঠেও নাই ৷ 'ফৰিদা' নামৰ ছোৱালীজনী পৰিচয় কৰাই দিওঁতে (গাৰ বৰণ মিঠাবৰণীয়া ৷বাওঁচকুটো দেখিবলৈ জাপখাই থকাৰ দৰে---) বুলি মাত্ৰ এটা শাৰীত এটা চকুৰ বৰ্ণনা দিও ঔপন্যাসিকাই ফৰিদাৰ দেহৰ লাৱণ্য আৰু মোহময়তাক উঠন-পূৰণকৈ বুজাবলৈ সমৰ্থ হৈছে ৷ হিন্দীগীতৰ কলি আৰু অৰ্থৱহ কবিতাৰ পংক্তিবোৰ ৰজিতাখোৱাকৈ খাজে খাজে খাজি দিয়াৰ বাবেও উপন্যাসখন অনন্য সুখদায়ক হৈ উঠিছে ৷ শেষত এনে সৃষ্টিৰ বাবে লেখিকা/ঔপন্যাসিকাক পুণৰ ধন্যবাদ জনালোঁ ৷