Tuesday 28 February 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
এজন অনাঅসমীয়া খ্ৰীষ্টান বন্ধুৱে এজন অসমীয়া বন্ধুক কৈ আছিল – “আমাৰ যিশুৱেই ভগৱান৷মুছলিমৰ আল্লাই ভগৱান৷হিন্দুৰ ঢেৰ ভগৱান৷ত্ৰিশূল লোৱা ভগৱান, হাঁহ এজনীৰ ওপৰত উঠি থকা ভগৱান..আৰু কত’ যে ভগৱান আছে!!এগৰাকী যে ভগৱান আছে – জিভাখন মেলি থাকে!মই বুজিছ’ এবাৰ পূজাৰী এজনক সুধিছিলোঁ—এইগৰাকী ভগৱানে জিভা খন কিয় মেলি থাকে? পূজাৰীয়ে একো নোকোৱা দেখি মই ভালকৈ চাই দেখিলোঁ—ভগৱানৰ পিছফালে বাঁহৰ টুকুৰা এটা পিঠিতে   ভেজা দি থৈছে৷তেতিয়াহে গম পালো—এইগৰাকী ভগৱানে জিভাখন কিয় মেলি থাকে!বাঁহ টুকুৰাৰ খোচ খাই বুকুত পেইন (pain) হয় যে-সেইকাৰণে!!হয় নহয় বাৰু????”

Thursday 23 February 2017

হিয়া আখ্যান

হিয়া আখ্যান:
আমাৰ পাপাই চিগাৰেট নাখাই,ভাল ল'ৰা৷ আমাৰ পাপা সৰুৰে পৰাই ভাল৷খালী খংটো বেছি...মাংস খাই যে!!

জান আখ্যান

জান আখ্যান: 
এদিন মই আৰু এওঁ মহাভাৰতৰ বিষয়ে পাতি আছিলোঁ৷ জানে কাণ পাতি শুনি থাকি মোক ক'লে --
"মা, কৃষ্ণক বেয়া বুলি নকবা কিন্তু ,মই নাৰদ মুনিক লগাই দিম!!"

Wednesday 22 February 2017

উদাসী শূণ্যতা

এজাক হিমচেঁচা উতনুৱা বতাহত
কঁপি থাকিল আঁহত পাতখিলা

য'ৰ পৰা আৰম্ভ হৈছিল
এটি প্ৰিয় গান
তাতে থিয় হ'ল তাই

এটি বেজেৰুৱা অনুভৱে
দুচকু তিয়াই পেলালে

জীৱন মঞ্চৰ উদাসী শূণ্যতাত
বুৰ গ'ল তাই !!

“এজাক ছাগলী খেদা বৰষুণ”

“এজাক ছাগলী খেদা বৰষুণ”
n  মৌচুমী বৰি

কোন টলকত গুণ্ডা যেন লগা ল’ৰাটোৱে পোন্ধৰবছৰীয়া আলফুলৰ উঠন বুকুত জোৰকৈ খামুচি বাছখনৰ পৰা নামি গ’ল আলফুলে ধৰিবই নোৱাৰিলে৷
বাছখন গণেশগুৰি বাছষ্টপেজত ৰ’ল৷দেউতাকে ক’লে – “আলফুল নামা”
আলফুল আৰু দেউতাক বাছৰ পৰা নামিল৷ল’ৰাটোৰ কাণ্ডত তাই ভিতৰি ভিতৰি ঘামি পৰিল আৰু এক অজান ভয়ে তাইক সাৱটি ধৰিলে কিন্তু তাই দেউতাকক কথাটো কব নোৱাৰিলে৷তাই ভয়াৰ্ত চাৱনিৰে ইফালে সিফালে ল’ৰাটো দেখা পাই নেকি চালে কিন্তু নেদেখিলে৷
:আলফুল,তুমি ইমান ঘামিছা যে?কিবা হৈছে নেকি?
:একো নাই হোৱা দেউতা – আলফুলৰ উত্তৰ
দেউতাকে আলফুলৰ কপালখন চুই চালে ৷
:আৰে,তোমাৰ দেখোন জ্বৰ উঠিছে!!

লৰালৰিকৈ দেউতাক আৰু আলফুলে এখন হোটেলৰ কোঠা এটা বুক কৰিলে ৰাতিটোৰ বাবে৷পিছদিনা আলফুলৰ বিজ্ঞানৰ ছেমিনাৰ এখন আছে৷স্কুলৰ পৰা তাই প্ৰতিনিধিত্ব কৰিছে৷

০০০০০০০০
:চালা চোঁৱৰৰ বাচ্ছা, ছোৱালীৰ গাত হাত দিয়’!! –ৰিদীপে উগ্ৰমূৰ্তি ধাৰণ কৰি ল’ৰাটোক ঘোচা-চৰ-গোৰ সব দি থাকিল৷ক্ষন্তেকতে মানুহ ভীৰ হৈ পৰিল৷ৰিদীপৰ প্ৰচণ্ড ঘোচাত ল’ৰাটোৰ মুখেদি তেজ ওলাবলৈ ধৰিলে৷
:ৰিদীপ,হ’ব আৰু ব’লা – সি তাৰ প্ৰাপ্য পাই গৈছে – আলফুলে ৰিদীপৰ হাতত ধৰি টানিলে৷আলফুলৰ হাতৰ স্পৰ্শত ৰিদীপ ক্ষান্ত হ’ল৷তাৰ মুখমণ্ডল ঘামি জামি ৰঙা হৈ পৰিছে৷ৰিদীপে ল’ৰাটোক এৰি দিলত দুটামান ডেকাই সেই ল’ৰাটোক পুনৰ চৰ-গোৰ সোধাবলৈ ধৰিলে৷


আচলতে ঘটনাটো অতৰ্কিতে হৈ পৰিছিল৷শিৱৰাত্ৰি মেলাৰ ভীৰৰ মাজত আলফুল আৰু ৰিদীপেও মেলা চাই ঘূৰি ফুৰিছিল৷হঠাতে এখন হাত আহি আলফুলৰ শৰীৰ স্পৰ্শ কৰিলে৷আলফুলে লগে লগে “ৰিদীপ” বুলি চিঞৰি দিলত ল’ৰাটো ভীৰৰ মাজত লুকাই পৰিব খুজোতেই ৰিদীপে পিছফালৰ পৰা তাক টানি আনি ভীৰৰ মাজৰ পৰা মুকলি জেগালৈ লৈ গৈ উত্তম মাধ্যম দিলে৷

এই ঘটনাটোৱে আলফুলক পোন্ধৰ বছৰৰ আগৰ ঘটনাটোলৈ মনত পেলাই দিলে৷ভাবিলেই এক অজান ভয়ে তাইৰ মনটো কঁপাই তুলে৷আলফুলৰ মনত পৰে – মাকে কেনেকৈ তাইক পুৰুষৰ পৰা সাৱধান হ’বলৈ শিকাইছিল৷তেতিয়া আলফুল নৱম শ্ৰেণীত পঢ়ি আছিল৷দূৰ সম্পৰ্কীয় এজন ককায়েক চিন্টু দাদা আহিছিল সিহঁতৰ ঘৰলৈ৷দ্ৰয়িং ৰূমত মাক আৰু চিন্টুদাদাই কথা পাতি আছিল৷আলফুলে চিন্টু দাদাক মাত লগাবলৈ দ্ৰয়িং ৰূম পালেগৈ৷
:আলফুল আহ,মোৰ কাষতে বহ!
আলফুল গৈ চিন্টুদাদাৰ কাষত বহিছিল৷চিন্টু দাদাকে আলফুলৰ হাত এখন নিজৰ হাতৰ মুঠিত লৈ মৰম কৰি কৰি মাকৰ লগত কথা পাতি আছিল৷
:আলফুল,পঢ়িবলৈ আছে নহয়!যা পঢ়গৈ৷
মাকৰ কথাত আলফুলে চিন্টু দাদাৰ হাতৰ মুঠিৰ পৰা নিজৰ হাতখন এৰুৱাই ভিতৰলৈ গুচি গৈছিল৷আলফুলে ভাবিছিল চিন্টু দাদাই তাইক বহুত মৰম কৰে কিন্তু মাকৰ কথাতহে তাই বুজি পাইছিল জীৱনত প্ৰয়োজনীয় বুলি ভবা কিছুমান কথা৷
:আলফুল, এতিয়া তুমি ডাঙৰ হৈছা৷কিছুমান কথা বুজিবলৈ চেষ্টা কৰিবা৷যাকে তাকে হাত আদি চুবলৈ নিদিবা৷
মাকে কি কব’ খুজিছে আলফুলে ঠিকেই বুজি পাইছিল৷

এবাৰ আলফুলে ফিজিক্সৰ চাৰৰ ঘৰলৈ যাব ওলাইছিল,ফিজিক্সৰ কিছুমান প্ৰশ্ন সুধিবলৈ৷
:কাৰ লগত যাবা আলফুল? – মাকে সুধিছিল তাইক
:অকলেই যাম মা৷ – তাই কৈছিল
মই লৈ যাম তোমাক
:চোৱা আলফুল৷তোমাৰ ছাৰ অকলে থাকে৷তেওঁ যিমানেই ভাল মানুহ নহওক তুমি তেওঁৰ ওচৰলৈ অকলে যোৱাটো উচিত নহয়৷কাৰণ তুমি এতিয়া ডাঙৰ হৈছা৷গ’লেও সদায় কাৰোবাক লৈ যাবা৷নহ’লে আমি আছো নহয় তোমাৰ লগত!!

আলফুলে সেইদিনাও বুজি পাইছিল মাকে কোৱা কথাৰ অৰ্থ৷মাথোঁ তাইৰ মনলৈ আহিছিল – “ছোৱালী হোৱা বাবেই সাৱধান কিয় হ’ব লাগে?ছোৱালীৰ বাবে সমাজ ব্যৱস্থা ইমান অসুৰক্ষিত কিয়?মাকে কিয় তাইক লৈ অসুৰক্ষিত অনুভৱ কৰে!কিয়?কিয়?”

০০০০০০০০

অফিছৰ সকলো কৰ্মচাৰী এজন এজনকৈ গৈছিল গৈ৷মাথো ৰৈ গৈছিল অবিনাশ বৰুৱা, আলফুল আৰু চকীদাৰজন৷অবিনাশ বৰুৱাই চকীদাৰজনক তামোল আনিবলৈ পঠাইছিল৷নিৰ্জন অফিচটোত মাথোঁ অবিনাশ বৰুৱা আৰু আলফুল ৰৈ গৈছিল৷অবিনাশ বৰুৱাই ফাইলৰ পৰা মূৰ তুলি আলফুলৰ মুখলৈ চাইছিল ৰহস্যময় চাৱনিৰে৷আলফুলে ভিতৰি ভিতৰি খং আৰু অস্বস্তিত ভুগিছিল!অবিনাশ বৰুৱাৰ প্ৰতি থকা শ্ৰদ্ধা বহুত তললৈ নামি গৈছিল তাইৰ৷
:আলফুল,তোমাৰ অফিচ আচলতে এতিয়াৰ পৰাহে আৰম্ভ হয়৷এই ডাটাখিনি তুমি এক্সচেলত ভৰাই দিয়াচোন৷
আলফুলে পৰম বিৰক্তিৰে হাতত ফাইলটো লৈ কম্পিউটাৰ ৰূম পাইছিলগৈ আৰু অনিচ্ছাস্বত্বেও এক্সচেলত ডাটা ভৰাবলৈ আৰম্ভ কৰিছিল৷
হাতত চিগাৰেটৰ ধোঁৱা উৰুৱাই উৰুৱাই অবিনাশ বৰুৱা আহি আলফুলৰ ওচৰত বহিছিল৷
:বেয়া পাইছা নেকি?ডাটাখিনি কাইলৈকে দিব লাগে৷সেয়ে তোমাক কামটো কৰিব কৈছো৷—আলফুলৰ বিৰক্তি ভৰা মুখখন দেখি আলফুলৰ বছ অবিনাশ বৰুৱাই তেনেকৈ কৈ উঠিল৷
:হ’ব ছাৰ,মই এতিয়াই শেষ কৰিম কামখিনি
:ভেৰি গুড…আলফুল,তোমাক এটা কথা কব আছে…তুমি যেন কথাটো কাকো নোকোৱা৷তোমাক মই মোৰ ভাল ফ্ৰেণ্ড বুলি ভাবোঁ৷তোমাৰ লগত মই বহুত কথা শ্বেয়াৰ কৰিব বিচাৰোঁ৷
অবিনাশ বৰুৱাৰ কথাশুনি আলফুলৰ সৰগখন ভাঙি যেন মূৰতে পৰিল তেনে লাগিল৷যি জন ব্যক্তি আলফুলৰ মামা বয়সৰ সেইজন ব্যক্তিক আলফুলে সপোনতো ফ্ৰেণ্ড বুলি ভাবিব নোৱাৰে৷
:ছাৰ, এটা কথা কওঁ৷আপুনি মোক যিখিনি কথা ক’লে আজিৰ পৰা যেন দ্বিতীয় বাৰ এনে কথা মুখলৈ নানে৷ আৰু এটা কথা অফিচ সময়ৰ বাহিৰত এনেকৈ অকলশৰে মই কাম কৰিবলৈ ইচ্ছুক নহয় আৰু আপুনি যদি মোক কাম কৰাবলৈ বাধ্য কৰাব বিচাৰে তেন্তে মই মহিলা আইনৰ কাষ চাপিম আৰু আপুনি এতিয়া দিয়া কামখিনি কাইলৈ ৰাতিপুৱা পাই যাব৷

--এইবুলি কৈ ফোঁ ফোঁৱাই আলফুল অফিচৰ পৰা ওলাই আহিল৷হঠাতে অহা এজাক ছাগলী খেদা বৰষুণত তিতি তিতি তাই অট’ত উঠিল৷



Monday 20 February 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
টু টু টুটুঁট....টু টু টুটুঁট...মবাইলৰ সেউজীয়া বুটাম টিপি ক'লো-- "অঁ পৰী কোৱা"
"মেইল আইডিটো দিয়াচোন"-- সিফালৰ পৰা পৰীৰ উত্তৰ
"কি? মুৰি লাডু লাগে???" -- কঁপাল কোচাই
"মেইল আইডি মেইল আইডি"
"মুৰি লাডু???"

Sunday 19 February 2017

গল্ফীৰ ডায়েৰি:

গল্ফীৰ ডায়েৰি:
মিনাক্ষী বীৰুৰ বান্ধৱী৷ সেইদিনা বীৰুৱে ক্লাছ শেষ কৰি যাব ওলাইছে৷ তেনেতে মিনাক্ষীয়ে চিঞৰি উঠিল -- "হেই বীৰু ৰ'বা,মই তোমাৰ লগত যাম৷" পিছে বীৰুৰ মিনাক্ষীক বাইকৰ পিছত উঠাবলৈ একেবাৰে মন নাই৷ মিনাক্ষীক কেনেকৈ বাইকত নুঠাব পাৰে তাৰে বুদ্ধি এটা পাঙিলে সি৷ সি মিনাক্ষীক সুধিলে-- "বাইকত উঠালে তই মোক কি খুৱাবি?" মিনাক্ষীয়ে ক'লে--"আইচক্ৰীম খুৱাম,বিশটকীয়া!"
তাইৰ কথা শুনি বীৰুৱে ক'লে--"অ' তোৰ ওচৰত পইচা আছে তাৰমানে৷সেই ৰিক্সাখন আহি আছে তাতে উঠি আহ দেই৷" এইবুলি কৈ সি বেগাই বাইক চলাই দিলে৷

Thursday 16 February 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
মাজনী বাইদেৱে ভাগিনীয়েকৰ দৰৱ কিনিবলৈ ওলাল৷ দৰৱটোৰ নাম আছিল-- "বনীটন"
বনীটন বনীটন বুলি মুখত আওৰাই আওৰাই ওচৰৰ ফাৰ্মাচীখনলৈ বুলি গৈ আছে৷ ৰাস্তাত বীৰু আৰু হীমুক লগ পালে৷ বীৰুৱে হীমুক Belles letter বুলি কৈ থকা শুনা পালে৷ মাজনী বাইদেউৰ বনীটন এইবাৰ বেলিটন হ'লগৈ৷ বাইদেৱে বেলিটন বেলিটন বুলি আওৰাই আওৰাই ফাৰ্মাচী পালেগৈ আৰু ফাৰ্মাচী ল'ৰাটোক ক'লে -- "বেলিটন এটা দিয়া"

Monday 13 February 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:

ৰীতিৰ মানুহজনে ঘৰৰ সকলো বস্তুকে “মোৰ বস্তু” বুলি কয় যেনে—মোৰ গাড়ীখন,মোৰ ডাইনিং টেবুলখন, মোৰ চোফাখন ইত্যাদি ইত্যাদি৷ ঘৰৰ সকলো বস্তুকে “মোৰ” “মোৰ” বুলি কোৱা বাবে এদিন ৰীতি অতিস্থ হৈ পৰিল৷এদিন মানুহজনক ক’লে—“কি হে তুমি সকলো বস্তুকে মোৰ বুলি কোৱা?এইখন আমাৰ সংসাৰ,সকলো বস্তু আমাৰ বুলি কবা আকৌ!” মানুহজনে ৰীতিৰ কথা শুনি “ঠিক আছে” বুলিলে৷

পিছদিনা মানুহজনে গা ধুবৰ বাবে কাপোৰ বিচাৰি ৰীতিক চিঞৰিলে – “হেৰা, আমাৰ গেঞ্জীটো আলনাখনত আছিল নহয়, ক’ত থলা?”

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
মোৰ বান্ধৱী ৰুক্মিনীৰ বহুদিনৰ পৰা পেটটো অলপ বিষাই বিষাই থাকে৷ এদিন আমি দুয়োজনী ডাক্তৰৰ ওচৰলৈ গ'লো৷ ডাক্তৰে ৰুক্মিনীক সুধিলে --:কি হৈছে কোৱা৷
ৰুক্মিনী: ছাৰ,মোৰ পেটটো বহুদিনৰ পৰা পুতপুতপাতপাত ভুতভুতভাতভাত কৰি থাকে....

Saturday 4 February 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি :
জীৱনত বহুত বেপাৰী দেখিছোঁ কিন্তু মানুহৰ চুলি বিচাৰি বিনিময়ত বাচন দিয়া বেপাৰী প্ৰথম দেখিলোঁ৷ যোৱা দেওবাৰৰ কথা৷ আমাৰ চুবুৰীটোত এজন বেপাৰীয়ে চিঞৰি আছে --"চুলি আছে? চুলি?" "চুলি আছে?চুলি?"...
পিকু আৰু মিকুৱে ঘৰৰ বাৰাণ্ডাৰ পৰা বেপাৰীজনক চাই আছিল৷ সিহঁত দুটাই জানে মাকে চুলি ফনিয়ালে দীঘল দীঘল এগাল মান চুলি সৰে আৰু ডাষ্টবিনটোৰ কাষত গোটাই থয়৷ আজিও ৰাতিপুৱা ফনিওৱাৰ পিছত সৰা চুলি এগাল আছেই৷ পিকুৱে বেপাৰীটোক চিঞৰিলে -- "ঐ বেপাৰী, আমাৰ ঘৰত চুলি আছে"..পিকুৰ মাত শুনি বেপাৰী আহি হাজিৰ৷বেপাৰী জনে ক'লে-- "চুলি দিলে এনেকুৱা বাচন পাবা" পিকু-মিকুৱে বাচন হাতত লৈ ভিতৰলৈ দৌৰি সোমাই গ'ল --"অ দেতা, অ দেতা সৰা চুলি দিলে এনেকুৱা বাচন পাব' বোলে৷আমাৰ মাৰ সৰা চুলি এগাল আছে নহয়!!"
পিকু-মিকুৰ দেউতাকে এই দুটাৰ পৰা উপায় নাই আৰু বুলি কৈ কৈ বেপাৰী জনক ক'লে -- "নাই নাই,চুলি-তুলি নাই..আপুনি যাওক"..অৱশেষত পিকু-মিকুৱে বাচন দুটা ঘূৰাই দিলে৷বেপাৰীজন গ'লগৈ৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
উজনিৰ ৰীমি বাইদেৱে টেটত চাকৰি পালে ধুবুৰীৰ এখন ভিতৰুৱা গাঁৱৰ প্ৰাথমিক বিদ্যালয় এখনত ৷ এদিন স্কুল ছুটিৰ পিছত আহি থাকোঁতে সেই গাঁৱৰ এজন ব্যক্তিয়ে ৰীমি বাইদেউক তেওঁলোকৰ ভাষাত এনেকৈ সুধা যেন লাগিল -- "আপনাৰ বাচা কুটি?" বাইদেৱে ভাবিলে নিজৰ সন্তান ক'ত থাকে সুধিছে ৷ বাইদেৱে ক'লে -- " ল'ৰা দেউতাকৰ লগত আছে" , মানুহজনে আকৌ সুধিলে -- " না,আপনাৰ বাড়ী কোঠায়?" ৰীমি বাইদেৱে তেতিয়াহে বুজি পালে তেওঁ কি সুধিছে আৰু ক'লে-- "লখিমপুৰ"

গল্ফীৰ ডায়েৰি:


সৰুতে ভাবিছিলোঁ ---
আমেৰিকাখন ঘোপ মৰা এন্ধাৰ --কলা
ডিব্ৰুগড়খন -- বগা 
নগাওঁখন -- হালধীয়া

গল্ফীৰ ডায়েৰি:


গল্ফীৰ ডায়েৰি:
মোৰ ছয়খন ঠাইৰ নাম প্ৰায়ে খেলি মেলি লাগে -- "বৰপেটা-ধুবুৰী" ,"চিলাপথাৰ-কোচবিহাৰ" আৰু "গহপুৰ-গোগামুখ"৷
মোৰ ভাইটি এটা বৰপেটাত চাকৰি কৰে আৰু মই প্ৰায়ে ফোন কৰিলে তাক সুধোঁ -- ধুবুৰীত আছানে?
মোৰ ভন্টী এজনীৰ ঘৰ চিলাপথাৰত৷ কোনোবাই যদি মোক সুধে -- "ভন্টী জনীৰ ঘৰ ক'ত?" মই সদায়ে প্ৰথমে কওঁ -- কোচবিহাৰত ..
এবাৰ মই তেজপুৰৰ পৰা লখিমপুৰলৈ আহি আছোঁ বাছেৰে৷ গহপুৰ পাওঁতে মায়ে ফোন কৰি সুধিলে -- "ক'ত পাইছ'হি?"মই ক'লো --"গোগামুখ" ..মায়ে আচৰিত হৈ সুধিলে --"ওলোটাকৈ কেনেকৈ আহিলি?"

Thursday 2 February 2017

হেঙুল আকাশৰ ৰামধেনু

“হেঙুল আকাশৰ ৰামধেনু”  মৌচুমী বৰি অনুৰাগে মাকক বহুত বুজালে,কিন্তু সকলো অথলে গ’ল৷ওলোটাই মাকেহে তাক ক’লে—“ধন, তই এইবোৰ কথা নুবুজিবি৷বিয়া বাৰু পাতি সংসাৰ কৰিলেহে যদি অলপ বুজন হৱ”৷মাকক পতিয়ন নিয়াব নোৱাৰি এটা দীঘল হুমুনিয়াহ পেলালে সি৷বৌৱেকজনীলৈ তাৰ বেয়া লাগিল৷দুখ মনেৰে সি মুম্বাইলৈ যাব ওলাল৷অনুৰাগ মুম্বাইৰ মাল্টি নেশ্যনেল কোম্পানী এটাৰ অভিযন্তা৷ অনুৰাগৰ বিয়া ঠিক হৈছে৷সি ভালপোৱা ছোৱালী বিৰিণাৰ স’তে অহা বহাগত তাৰ বিয়া৷বহুত কষ্ট কৰি সি মাক-দেউতাকক মনাব লগা হ’ল৷সেই কষ্টৰ ফলস্বৰূপেই অৱশেষত বিৰিণাক বোৱাৰী কৰি আনিবলৈ মাক-দেউতাক মান্তি হ’ল৷বিৰিণা অনুৰাগৰ চহৰৰে ছোৱালী৷ মুম্বাইত গৈ পায়েই ব্যস্ত হৈ পৰিল অনুৰাগ৷কোম্পানীৰ বছে তাক ইলেকট্ৰিকেল পেনেল এখনৰ ডিজাইন কৰিব দিছে কম্পিউটাৰত৷ এসপ্তাহৰ ভিতৰতে লাগেই বোলে!সেয়ে সি অফিচ-ঘৰ ব্যস্ত হৈ পৰিছে৷ব্যস্ততাৰ মাজতে বিৰিণাৰ ফোন আহিল৷ :ৰাগ, লেপটপ অন ৰাখিছা নেকি? :ওঁ,কিয়? :স্কাইপ অন কৰাচোন!তোমাক চাবৰ মন গৈছে.. অনুৰাগে ইন্টাৰনেট খুলি স্কাইপ অন কৰি বিৰিণালৈ কল কৰিলে৷অসমত থকা বিৰিণা অনুৰাগৰ লেপটপস্ক্ৰীণত উজ্বলি উঠিল৷ : তোমাক দেখি মোৰ ভাগৰ আঁতৰিল সোণজনী…এইকেইদিন ইমান কাম…কাম,কাম আৰু কাম… তোমাৰ লগত কথা পাতিবলৈকে সময় পোৱা নাই.. :কামৰ মাজত মোক পাহৰিলে মই কিন্তু বেয়া পাওঁ – বিৰিণাই কৈ উঠিল :সোণজনী,তুমি মোৰ জান হয়…পাহৰাৰ কথাই নাহে… :তেন্তে,মোলৈ এইকেইদিন ফোন কৰা নাই কিয়? –বিৰিণাই মুখ ওন্দোলাই কৈ উঠিল :অস!এতিয়া অভিমান এৰাচোন আৰু কোৱা তোমাৰ কথা৷ – অনুৰাগে মৰমসনা মাতেৰে ক’লে৷ :ৰাগ, আমি দহজনীয়া দল এটাই সিদিনা মাজুলীৰ গাঁও এখনলৈ গৈছিলোঁ, বানপানীত বিধ্বস্ত লোকৰ খবৰ ল’বলৈ৷ লগত লৈ গৈছিলোঁ – চাউল, দালি, চেনী, নিমখ, বিস্কুট, পানীৰ বটল ইত্যাদি ইত্যাদি৷ জানা ৰাগ,ইমান যে পিছ পৰি আছে গাঁওখন!মানুহৰ মনবোৰো অন্ধবিশ্বাসৰ অটল গহ্বৰত জাহ গৈছে৷গাঁওবাসীয়ে বেমাৰ হ’লে ডাক্তৰৰ কাষলৈ যোৱাৰ সলনি প্ৰথমে বেজৰ ওচৰলৈহে যায়৷এঘৰ মানুহৰ ঘৰত দেখিছিলোঁ – এজনী মানসিক বাধাগ্ৰস্ত ছোৱালী৷ঘৰখনৰ মতে তাইক কোনোবাই যাদুমন্ত্ৰ কৰিহে এনে কৰিলে৷কিয়নো সিহঁতৰ ঘৰৰ মাটিত পুতি থোৱা ৰঙা কাপোৰ আৰু চুলি পোৱা গৈছে বোলে৷—মানুহবোৰৰ অন্ধবিশ্বাসী চিন্তাধাৰাবোৰ দেখি বৰ দুখ লাগিল ৰাগ৷আজি এনেধৰণৰ পিছপৰা গাঁওবোৰত বিজ্ঞান মানসিকতাৰ অভিযান চলোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷আৰু কি জানা ৰাগ,কিমান যে ডাইনী হত্যা হৈছে এই গাঁও বোৰত!কথাবোৰ ভাবি দেখি বৰ দুখ লাগিল জানা৷কিবা এটা কৰিব লাগিব আমি৷বাৰু ৰাগ,এতিয়া থওঁ দিয়া,মোৰ অলপ কাম আছে৷ :ওমম..থোৱাৰ আগতে মৰম অকনটো কৰি থৈ যোৱা …অনুৰাগে দুষ্টালিভৰা হাঁহিৰে ক’লে৷ বিৰিণাই কম্পিউটাৰ স্ক্ৰীণতে অনুৰাগক চুমা যাচি স্কাইপ অফ কৰিলে৷ অনুৰাগে লেপটপ সামৰি বিচনাত বাগৰ দিলে৷চকু মুদি বিৰিণাৰ কথা ভাবিলে সি৷বিৰিণাৰ স্পষ্টবাদিতা তাৰ ভাল লাগে৷বৰ যুক্তিবাদী তাৰ প্ৰেয়সীজনী!অন্ধবিশ্বাসৰ ঘোৰ বিৰোধী তাই৷অনুৰাগৰ মনত পৰিল – এবাৰ মাকে জ্যোতিষী এজনক কৈ তাৰ আঙুলিত আঙঠি কেইটামান পিন্ধাই দিছিল৷বিৰিণাই তাৰ হাতৰ আঙুলিত আঙঠি দেখি হাঁহিত থাকিব নোৱাৰা হৈছিল৷যেনতেন হাঁহি সামৰি তাই অনুৰাগক কৈছিল – “ৰাগ,তুমি এজন অভিযন্তা আৰু তুমিও গ্ৰহ ৰত্ন বিশ্বাস কৰা!!এইবোৰ কোনে লগাই জানা ৰাগ—যাৰ আত্মবিশ্বাস অতি দুৰ্বল, যাৰ মনৰ শক্তিৰ ওপৰত সন্দেহ—তেনেলোকেহে এইবোৰ আঙুলিত পিন্ধি ফুৰে৷এই আঙঠিবোৰে তোমাক খেৰকুটা এডালৰ সমানহে সহায় কৰিব৷” – বিৰিণাৰ কথা শুনি সি আঙঠি কেইটা খুলি পেলাইছিল৷মাকে পিছে অনুৰাগে আঙঠি কেইটা খুলি পেলোৱাত কেইবাদিনলৈ অভিমানত মাতিবলৈ এৰিছিল তাক৷অনুৰাগৰ মাকলৈ মনত পৰিল৷অনুৰাগৰ মাকৰ মনটোও অন্ধবিশ্বাসৰ ডাৱৰে আৱৰা৷মাকৰ অন্ধবিশ্বাসবোৰ আঁতৰাবলৈ সি যে একো কৰিবই পৰা নাই৷সি মাকক যিমান ভয় কৰে সিমান ভক্তিও কৰে৷মাকৰ আগত তাৰ সকলো যুক্তি দুৰ্বল হৈ পৰে৷ মাজে মাজে তাৰ নিজকে কাপুৰুষ,ভীৰু যেন অনুভৱ হয়৷মাকৰ এই অন্ধবিশ্বাসেৰে বলীয়ান মনটো বিৰিণাইহে আঁতৰাব পাৰিব –সি ভাবে৷সি বিৰিণাক সকলো কথা ক’ব৷ক’ব – বৌয়েকৰ কথাবোৰ৷ অৱশেষত অনুৰাগৰ ইলেক্ট্ৰিকেল পেনেল ডিজাইনৰ কাম শেষ হ’ল৷ তাৰ কামত বছ বৰ সন্তুষ্ট হ’ল৷বছৰ সন্তুষ্টিত তাৰ মনটো বৰ ভাল লাগিল তাৰোপৰি কেইবাদিনৰো ব্যস্ততাৰ বাবে সি অলপ মনটো মুকলি কৰিবৰ মনেৰে কেইদিনমানৰ ছুটি বিচাৰিলে বছৰ পৰা৷সন্তুষ্ট হৈ থকা বছে আনন্দ মনেৰে তাক ছুটী দিলে৷ঘৰ পায়েই সি বিৰিণালৈ ফোন কৰিলে৷পিছদিনা আবেলি নদীৰ পাৰত লগ হোৱাৰ সিদ্ধান্ত ল’লে দুয়ো৷ নদীৰ পাৰৰ সেউজী ঘাঁহনিত বিৰিণা আৰু অনুৰাগ বহিল৷অনুৰাগে বহাৰ পৰাই এটা সৰু শিলগুটি নদীলৈ বুলি মাৰি পঠিয়ালে৷শিলগুটিটো পানীত পৰি তৰংগৰ সৃষ্টি হ’ল৷ :তোমাক এটা বৰ দৰকাৰী কথা কব’ আছে বিৰিণা – অনুৰাগে ক’লে৷ :কোৱা আকৌ! :মোৰ দাদাৰ কথাটোতো তুমি জানাই,কেনেকৈ এক্সিডেন্টত ঢুকাল!দাদাৰ বিয়াৰ এমাহৰ পিছতেই গাড়ী এক্সিডেন্ট হৈ দাদা ঢুকাইছিল৷দাদা ঢুকুৱাত মায়ে বৌকে কুলক্ষনীয়া বুলি ভাবি ললে৷মায়ে ভাবিলে যে বৌৰ বাবেই দাদা ঢুকাল৷সেয়ে মায়ে বৌক ঘৰৰ পৰা ওলিয়াই দিব বিচাৰিছিল৷মই আৰু দেউতাইহে বহুত বুজাই মেলি বৌক আমাৰ ঘৰত ৰাখিলোঁ৷কিন্তু মাৰ বৌৰ প্ৰতি ধাৰণা আঁতৰ নহ’ল৷এতিয়াও বৌক কুলক্ষনীয়া বুলিয়েই মায়ে ভাবে৷সেয়ে আমাৰ বিয়াৰ সময়ত বৌক মাকৰ ঘৰত থাকিবলৈ কৈছে৷মাৰ মতে শুভ কামত বিধবা মানুহ থকাটো বেয়া৷মাক মই বুজাইছোঁ কিন্তু মায়ে মোৰ কথা নুশুনে!বৌলৈ বৰ বেয়া লাগিছে ৷ – এইবুলি কৈ অনুৰাগে এটা দীঘল হুমুনিয়াহ কাঢ়িলে৷ অনুৰাগৰ কথা শুনি বিৰিণা বহু দেৰি মনে মনে ৰল৷মৌনতা এৰি দৃঢ়তাৰে কৈ উঠিল তাই-- :আমাৰ বিয়াত বৌ থাকিব ৰাগ৷তুমি চিন্তা নকৰিবা৷মই এটা কথাহে ভবি আছোঁ ৰাগ—এটা “এন জি অ” খুলাৰ কথা৷এই এন জি অৰ যোগেৰে আমি অসমৰ পিছপৰা গাঁওবোৰত বিভিন্ন কৰ্মশালা আদি পাতি হাতে-কামে বিজ্ঞান মানসিকতাৰ প্ৰচাৰ চলাম৷গাঁৱৰ লোকসকলক বিজ্ঞানমুখী কৰি তুলিম৷তুমি মোক পূৰ্ণ সহায় কৰিব লাগিব৷আমাৰ বিয়াৰ পিছতেই মই এই কাম আৰম্ভ কৰিম৷তোমাৰ মা কিমান সলনি হৈ যাব চাই থাকিবা৷—এইবুলি কৈ বিৰিণাই খিলখিলাই হাঁহিলে৷ অনুৰাগৰ বিৰিণালৈ মৰম লাগিল৷সি বিৰিণাৰ হাতখন আলফুলে নিজৰ হাতত থলে….হেঙুল আকাশৰ বেলিটোৱে তেতিয়া বিদায় লব ওলাইছিল
Mousumee
http://www.xahitya.org/2017/01/31/%E0%A6%B9%E0%A7%87%E0%A6%99%E0%A7%81%E0%A6%B2-%E0%A6%86%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%A7%E0%A7%87%E0%A6%A8%E0%A7%81-%E0%A6%AE%E0%A7%8C%E0%A6%9A%E0%A7%81/