Tuesday 31 January 2012

কবিতাৰ দুটি স্কেচ্ছ


কবিতাৰ দুটি স্কেচ্ছ
(১)
ৰাধাচূড়া জোপাৰ পাতবোৰ
বতাহজাকৰ বা' লাগি সৰি শেষ হ'ল

 বৰষুণজাকে কঢ়িয়াই অনা সেমেকা মাটিৰ গোন্ধত
মোৰ দুখৰ এপিটাফ লিখা ৰ'ল।।
(২)
হেঙুল আবেলিত ডুব যোৱা
সুখময় দিনৰ বহুতো নুগোৱা গানৰ গুণগুননিৰে
কোনে বাৰু সানি থৈ গ'ল  কৃষ্ণচূড়া ৰং!
(ৰচনাকাল:২০০১)

মোৰ সুখী পঁজাটিলৈ তোমালোক সকলো আহিবা


মোৰ সুখী পঁজাটিলৈ তোমালোক সকলো আহিবা

মোৰ কণমানি পঁজাটি
য'ত আলফুলীয়া বতাহজাকে প্রতিনিয়ত মোৰ হৃদয় উপচাই ৰাখে
মোৰ পঁজাটিৰ খোলা খিৰিকীখনেৰে
নিতৌ গধূলী এটি কণমানি তৰাই চিকমিকাই চিকমিকাই মোক মাতে

কলীয়া মেঘে যেতিয়া আকাশ আৱৰে
কণমানি তৰাটিয়ে মেঘৰ আঁৰে আঁৰে মোলৈ চাই মিচিক-মাচাক হাঁহে
(ৰচনাকাল:২০০০)