Sunday 10 March 2019

“বমি”

“বমি”
হোমৰ গুৰিত দৰা-কইনা বহি আছে৷দুয়োৰে হাতত দুটা এন্ড্ৰইড মবাইল ফোন৷দুয়োৰে চকু নিবদ্ধ মবাইল ফোনত৷পূজাৰীয়ে মন্ত্ৰোচাৰণ কৰি আছে যদিও পূজাৰীজনৰ হাততো এন্ড্ৰইড মবাইল ফোন আৰু ফোনৰ ওপৰত চকু দিয়েই তেওঁ মন্ত্ৰোচাৰণ কৰি আছে৷দৰা-কইনাক আগুৰি বহি আছে পৰিয়ালৰ ইষ্ট-কুটুম্ব সকল ৷তেওঁলোকৰ হাতে হাতেও স্মাৰ্ট ফোন আৰু চকু নিবদ্ধ ফোনৰ ওপৰত৷মাজতে পূজাৰীয়ে কৈ উঠিল—“কইনাৰ দেউতাকে অৰিহণা দিব লাগে”৷ফোনৰ ওপৰত চকু নিবদ্ধ থকা দেউতাকেও পেটিএমৰ যোগেদি টিপিককৈ অৰিহণা পঠায়েই দিলে পূজাৰীৰ একাউন্টলৈ৷পূজাৰীয়ে কৈ উঠিল – “এতিয়া দৰা-কইনাই হোমৰ চাৰিওফালে ঘূৰিব লাগে”৷কইনাই দৰাৰ লগত টিপিককৈ প্ৰথমে চেল্ফি এখন উঠি ল’লে তাৰপিছত হোমৰ গুৰিৰ চাৰিওফালে ঘূৰিবলৈ লাগিল৷ঘূৰি থাকোতেও দৰা-কইনা দুয়ো ফোন চাই চাই ঘূৰি থাকিল৷মালা পিন্ধাব লওঁতেও দুয়ো এখন হাতেৰে ফোন চাই চাই আনখন হাতেৰে মালা পিন্ধাওঁতে দুয়ো ইজনে সিজনক নিপিন্ধাই বেলেগকহে মালা পিন্ধালে৷---হোৱাটচএপত ভাইৰেল হোৱা ভিডিঅটো চাই উঠি ত্ৰিশ শতাংশ চাৰ্জ থকা মবাইলটো চাৰ্জাৰত লগাই নমিতা মুখ-হাত ধুবলৈ গ’ল৷বাথৰূমৰ পৰা ওলাই গামোচাখনেৰে মুখখন মচি মচি পুনৰ হোৱাটচএপত কিবা মেচেজ আহিছে নেকি চালে তাই৷তাৰপিছত ধূণা লগাই গোসাঁইঘৰত চাকি জ্বলালে৷কোঠাই কোঠাই ধূপ এডাল এডাল গুজি পুনৰ চাৰ্জত থকা ফোনটো কিমান শতাংশ চাৰ্জ হৈছে চালে৷কলিং বেলটো বাজি উঠিল৷ তাই দুৱাৰ খুলি দিলে৷মবাইল পিটিকি পিটিকি সীমান্ত সোমাই আহিল৷নমিতাৰ হাতত অফিচ বেগটো দি ফোনটো চাৰ্জাৰত লগাই সীমান্ত বাথৰূমত সোমাল৷সীমান্ত বাথৰূমৰ পৰা ওলোৱা লৈকে নমিতাই ফেচবুকখন অলপ চাই লওঁ বুলি ভাবিলে৷ চাৰ্জত দি থোৱা ফোনটোৰ স্ক্ৰীনলক খুলি ফেচবুক খুলিলে আৰু বিভিন্নজনৰ আপডেটবোৰ চাই গ’ল৷ভাল লগা আপডেটবোৰত লাইক দিলে তাই৷ সীমান্ত বাথৰূমৰ পৰা ওলালত নমিতাই ফোনটো থৈ চাহ বনাবলৈ গ’ল আৰু দুকাপ চাহ কৰি টেবুলত থৈ সীমান্তক মাতিলে৷দুই এটা কথাৰ বিনিময় কৰি দুয়ো চাহ খাই খাই ফোন চালে ৷ৰাতিলৈ ভাত-পানী খাই উঠি দুয়ো বিচনাত পৰিল আৰু নিজৰ নিজৰ ফোনত নিজৰ পচন্দৰ বস্তুবোৰ চাই চাই টোপনি গ’ল৷
পুৱা প্ৰথমে সীমান্ত উঠিল৷হাতত ব্ৰাচডাল লৈ কলগেট লগালে আৰু ফোনটো হাতত লৈ চোফাখনত বহি পৰিল৷ব্ৰাচডাল মুখত ভৰাই তেওঁ হোৱাটচএপ চোৱা আৰম্ভ কৰিলে৷কৌতুকধৰ্মী বাৰ্তাবোৰ পঢ়ি মুখত হাঁহি বিৰিঙিল সীমান্তৰ আৰু কলগেটৰ পানীখিনি মুখৰ পৰা ওলাই থুতৰিলৈ বৈ আহিল৷অলপদেৰিৰ পিছত নমিতাও উঠি আহিল হাতত ফোন লৈ৷পিছে তাই ফোনটো থৈ প্ৰথমে ব্ৰাচ কৰি ল’লে তাৰপিছত কুহুমীয়া পানী এগিলাছ খালে আৰু ফোনটো লৈ আৰামত বহি ল’লে৷ইউটিউব খুলি পাঁচ মিনিটৰ মেডিটেচন কৰিলে তাৰপিছত হোৱাটচএপ-ফেচবুক চাই দিনটোৰ আৰম্ভণি কৰিলে৷
এদিন নমিতাৰ ঘৰলৈ দুদিনমান থাকিবৰ বাবে নমিতাৰ বান্ধৱী অপৰ্ণা আহিল৷অপৰ্ণাৰ আকৌ এটা স্বভাৱ আছে যে কোনোবাই একেটা কাম ঘনাই কৰি থকা দেখিলে তাইৰ বমি আহি যায়৷ নমিতা আৰু সীমান্তৰ মবাইল ফোন চোৱা ধূণ দেখি অপৰ্ণাৰ বমি আহোঁ আহোঁ অৱস্থা হ’ল৷সিহঁত দুটাই যিমানে মবাইল ফোন চাই সিমানে তাই অ’ক অ’ক কৰি বেচিন পাইগৈ কিন্তু বমি ওলাই নাহে৷নমিতাই কথাটো মন কৰি অপৰ্ণাক সুধিয়েই পেলালে – “কি অ,তোৰ বমি আহিব লৈছে যে?পেটটো বেয়া কৰিছে নেকি?” নমিতাৰ কথা শুনি অপৰ্ণাই মিছাকৈ ক’লে – “ওঁ,পেটটো কিবা ভাল লগা নাইচোন৷”অপৰ্ণাৰ পেট ভাল কৰিবলৈ সীমান্তই ফাৰ্মাচীৰ পৰা পেটৰ ঔষধ লৈ আহিল৷নমিতাই অপৰ্ণাক পানী এগিলাছ দি ক’লে –“টেবলেট এটা খাই দে৷”
নমিতাৰ ঘৰলৈ অপৰ্ণা অহা খবৰ পাই সিহঁতৰ বান্ধৱী হীমানী আহিল অপৰ্ণাক লগ কৰিবলৈ৷হীমানীৰ লগত আঠ বছৰীয়া পুত্ৰ৷সি মাকৰ ফোনটো লৈ গে’ম খেলাত ব্যস্ত৷ অপৰ্ণাই তাক মৰমেৰে সুধিলে –“বাবা,তোমাৰ নামটো কি?” সি ফোনলৈ চকু দিয়েই উত্তৰ দিলে –“মোৰ নাম বাবা নহয়” ৷তাৰ কথা শুনি তিনিজনীয়ে গিৰ্জনী মাৰি হাঁহি উঠিল৷অপৰ্ণাই পুনৰ ক’লে – “ঠিক আছে বাৰু,তোমাৰ নাম বাবা নহয়৷এতিয়া কোৱা তোমাৰ নামটো কি?” সি তপৰাই গে’ম খেলি খেলিয়েই উত্তৰ দিলে –“সাগৰ সংগম প্ৰিয়ম বৰঠাকুৰ৷” ইফালে ল’ৰাটোৰ ফোনত গে’ম খেলাৰ ধূণ দেখি বমিৰ বেগ অহা বাবে অপৰ্ণা পুনৰ বেচিন পালেগৈ৷অপৰ্ণা আৰু হীমানীয়ে কি হ’ল কি হ’ল বুলি অপৰ্ণাৰ কাষ পালেহি৷অপৰ্ণাই ফোঁপাই ফোঁপাই কৈ উঠিল – “মোৰ গা টো ভাল নহয় অ’৷অলপ শুওঁ দেই,তহঁতে কথা পাত৷”হীমানীহঁতক কথা পাতিবলৈ দি অপৰ্ণা শুই পৰিল৷ ভাবিলে –“কাইলৈকে ঘৰলৈ যামগৈ৷এসপ্তাহ থাকিম বুলি ভাবিছিলো যদিও নোৱাৰো এইখন ঘৰত থাকিবলৈ৷”
গধূলী সীমান্ত অফিচৰ পৰা অহাৰ পিছত চাহপৰ্বত সীমান্ত-নমিতাই ফোন চাই চাই চাহত চুমুক দিলে আৰু অপৰ্ণাই সিহঁতলৈ চাই চাই চাহত চুমুক দিলে৷কিন্তু হঠাতে অপৰ্ণাৰ বমিৰ বেগ ইমান জোৰকৈ আহিল যে অপৰ্ণাৰ হাতত থকা কাপটোৱে জোৰকৈ নাচন এটা দি কাপৰ চাহখিনি মজিয়াত পেলাই দিলে৷সীমান্ত-নমিতাই হঠাতে কি হৈ গ’ল ধৰিবই নোৱাৰিলে৷অপৰ্ণাক বেচিনলৈ যোৱা দেখিহে গ’ম পালে অপৰ্ণাৰ পেটৰ অসুখটো ভাল হোৱা নাই বুলি৷অপৰ্ণাই সেহাই সেহাই সীমান্ত-নমিতাক ক’লে—“মই কাইলৈ পুৱাই ঘৰলৈ যামগৈ৷তাতে ডাক্তৰক দেখুৱাই ল’ম৷”

Monday 4 March 2019

গ্ৰন্থ পৰ্যালোচনা:প্ৰদীপ বৰা

ঃঃ ৰূপোৱালী মেঘৰ ছায়াঃঃ
গ্ৰন্থ পৰ্যালোচনা ঃশিৱসাগৰৰ প্ৰজ্ঞা প্ৰকাশৰ দ্বাৰা ২০১৮ চনৰ নবেম্বৰ মাহত প্ৰথম প্ৰকাশ পোৱা ১৩২ কে ভি শিৱসাগৰ বিদ্যুত উপ কেন্দ্ৰৰ উপ প্ৰবন্ধক হিচাপে কৰ্মৰত আৰু শিৱসাগৰ অ’ এন জি চি কল’নিৰ আবাসিক এলেকাৰ বাসিন্দা মৌচুমী বৰিৰ দ্বাৰা ৰচিত ৰূপোৱালী মেঘৰ ছায়া এখন অনন্য উপন্যাস ৷ আধুনিক যুগত অভিযান্ত্ৰিক মহাবিদ্যালয় , বিশ্ববিদ্যালয় , চিকিৎসা মহাবিদ্যালয় , কৃষি বিশ্ববিদ্যালয় আদিৰ হোষ্টেলত থাকি ভৰ যৌৱনপ্ৰাপ্ত যুৱক যুৱতীৰ বিভিন্ন ধৰণৰ মুখৰোচক কাহিনীৰি নিটোল চৰিত্ৰ অঙ্কিত হৈছে এই উপন্যাস খনৰ মাজেদি ৷ ৰেগিঙৰ নামত বহুতো আমোদজনক কাহিনীৰ অৱতাৰণা হৈছে উপন্যাস খনত য’ত পয়োভৰ হৈছে ৰোমাঞ্চকৰ হাস্য ৰস , যি খিনি অধ্যয়নে পঢ়ুৱৈ সকলক অন্য এখন মানসিক আনন্দৰে পৰিপূৰ্ণ জগতত প্ৰৱেশ ঘটাই ৷সেই সময়ত হয়তো পাঠক সকলে তৃষ্ণা ক্ষুধা ক্লান্তি দুখ বেদনা সকলো পাহৰি যায় ৷
উপন্যাসিকাই দুটা যুগ্ম জীৱনৰ প্ৰেম কাহিনী নিভাঁজ ভাৱে আৰু সমান্তৰালভাৱে আগবঢ়াই নিছে ৷এটা কাহিনী চিকিম মনিপাল ইন্সিটিটিউতৰ ইলেকট্ৰিকেল বিভাগৰ সহকাৰী অধ্যাপিকা অৰুন্ধতী আৰু শিৱসাগৰৰ অনুৰাগ নামৰ বিদ্যুত বিভাগৰ যুৱ বিষয়া অনুৰাগৰ লগত কাল্পনিক ভাৱে অঙ্কন কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে ভাৱে আগবাঢ়িছে শিলিগুড়ি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহ অধ্যাপিকা প্ৰাপ্তিৰ লগত তেওঁৰ কলেজৰ সহপাঠী নিবিড়ৰ লগত ৷ প্ৰাপ্তিয়ে বিদ্যায়তনিক দিশত যেনেকৈ তীব্ৰ গতিত ত্বৰণ ঘটাইছিল কিন্তু প্ৰেমৰ ক্ষেত্ৰত অতি মন্থৰ গতিত আগবাঢ়িছিল ৷ হোমিওপেথি ঔষধৰ দৰে সেই প্ৰেম বহুত দিনৰ মুৰত গজগজীয়া হৈছিল ৷লেইক দুৰ্ঘটনাত নিবিড়ৰ জীৱন নাটকৰ পৰিসমাপ্তি ঘটিছিল ৷ প্ৰাপ্তি মৰ্মাহত হৈছিল ৷ তেওঁ যুগ্ম জীৱনৰ প্ৰতি বিৰাগ জন্মিছিল ৷ কিন্তু মাকৰ হেচাত মেট্ৰিমনিত নাম ৰেজিষ্টাৰ কৰিছিল ৷ শেষত পত্নীহীনা উজ্জ্বল বৰুৱাৰ সহধৰ্মিনী হৈছিল ৷ উজ্জ্বলৰ স্বৰ্গগামী পত্নী মেঘালীৰ একমাত্ৰ কন্যা শিল্পীক মাতৃত্বৰ পৰশ দিয়াৰ মানবীয় প্ৰমূল্যবোধৰ দৃষ্টিকোণেৰে ৷
উপন্যাস খনৰ অন্তৰ ভাগত আপুনি পাব কিছুমান নতুন বিষয়ৰ সন্ধান ৷তাৰ ভিতৰত ৰাজযোগ মেডিটেচনৰ শৰীৰ আৰু আত্মা সম্পৰ্কীয় জ্ঞান ৷জীৱনদৰ্শন আধ্যাত্মিক সংগ্ৰহালয় প্ৰজাপতি ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ তথ্য ৷ ইয়াত পাব টাইগাৰ হিল মিৰিক হ্ৰদ ৰক গাৰ্ডেন গঙ্গামায়াপাৰ্ক আদি পৰ্যটন কেন্দ্ৰ সমূহৰ অপৰূপ বৰ্ণনা ৷
গ্ৰন্থ খনত পাব নামঘোষাৰ ভক্তি ধাৰা আধুনিক ৰোমাণ্টিক কবিতা , সুন্দৰ হিত হিন্দী গীত ইত্যাদি ৷বিশেষকৈ প্ৰেমিক প্ৰেমিকাৰ সংবিধান ৰেগিঙৰ হাস্যকৰ কাহিনী ৷উদাহৰণ স্বৰূপে যুৱতী সকল প্ৰথম এনগেজ হ’লে বাল্টিয়ে বাল্টিয়ে পানীঢলা নিয়ম ৷
।মুঠতে উপন্যাস খন প্ৰতি দুমাহৰ মুৰে মুৰে পঢ়ি থাকিলেও আপোনাৰ আমনি নালাগে ৷১০৩ পৃষ্ঠাৰ উপন্যাস খনত আপুনি বহুত বস্তু বিচাৰি পাব যেনেকৈ এজোপা ভীম কলৰ ঠোকৰ ঠাৰিটোৰ বাদে কোনো অংশই পেলনীয়া নহয় ৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
পৰেশ কায়ে গোহালিত গৰু বান্ধিবলৈ বৰ দিগদাৰ পায়৷ সেয়ে এটা বুদ্ধি পাঙিলে৷ পিছদিনা
পৰেশ কাইয়ে পকা কঠাল এটা গাইজনীক দেখুৱাই গোহালিৰ খুটাটোৰ ওচৰত ৰৈ থাকিল৷ গাইজনীয়ে দেখিয়েই পৰেশকাইৰ ওচৰ পালেহি৷ সেইটো চেগতে পৰেশকাইয়ে গাইজনীক ততাতয়াকৈ বান্ধি পকা কঠালটো খাবলৈ নিদি আঁতৰাই লৈ গ'ল৷ পিছদিনা পুনৰ গধূলি পৰত পকাকঠালটো গাইজনীক দেখুৱাই পৰেশ কাই খুটাটোৰ ওচৰত ৰৈ থাকিল৷ গাইজনী আহিল আৰু পৰেশকায়ে ততাতয়াকৈ গাইজনী বান্ধি কঠালটো আঁতৰাই লৈ গ'ল৷ তৃতীয়দিনা পুনৰ পৰেশকায়ে কঠালটো হাতত লৈ গাইজনীক দেখুৱাই খুটাটোৰ ওচৰত ৰৈ থাকিল৷ পিছে সেইদিনা গাইজনীও পৰেশকাইলৈ চাই দূৰণিত ৰৈ থাকিল৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
বীৰুৱে PWD অফিচৰ গেষ্ট হাউচ বিচাৰি দোকান এখনত সোমাল৷দোকানীজনক সুধিলে -- pwd ৰ গেষ্টহাউচ কোনখিনিত?
দোকানীজনে ক'লে-- অ' ইয়াত গেছ চিলিণ্ডাৰ নাপাই নহয়!!