গীত1
এন্ধাৰ চোতালতে তিৰবিৰাই জোনাকী পৰুৱা
মনৰে কথাটি ওঁঠতে ৰাখিছা কিয়
মধুসনা
হাচনাহানা জোপাই তোমাৰে বাতৰি কয়
মোৰ মন আজি মৌপিয়া কিয় হয়
সোনাৰু ফুলিছে হিয়াৰে কোণত
মৰমৰ সাতসৰী আজি মোৰ দেহত
তোমাৰ বাবেই আছো যে ৰয়
তোমাৰ বাবেই আছো যে ৰয়
আহিবা তুমি জোনাকী বাটেৰে
বাটটি ভৰিব ফুলৰ শোভাৰে
মন হ'ব পুলকিত
মনৰ চেতাৰখনিত বাজিব
গুণ গুণ সুৰৰ মূৰ্চ্ছনা
জোনাকত আঙুলি তিয়াই লিখিম
কবিতাৰ ব্যঞ্জনা
এন্ধাৰ চোতালত তিৰবিৰাই জোনাকী পৰুৱা
মনৰে কথাটি ওঁঠতে ৰাখিছা কিয়
মধুসনা
Showing posts with label গীত. Show all posts
Showing posts with label গীত. Show all posts
Friday, 31 August 2018
Wednesday, 25 July 2018
গীত
গীত
চকুৰ পচাৰতে উৰি আহে ক'ৰ এজাক বালিমাহী
বেলিৰ পোহৰ পৰি তিৰবিৰাই পানী ৷৷
বেলিৰ পোহৰ পৰি তিৰবিৰাই পানী ৷৷
তোমাৰ দুচকুত জিলমিলাই হাঁহি
মোৰ মন আজি উৰি যায় দূৰণিৰ আকাশলে
বগা ডাৱৰৰ দেশলে'
তোমাৰ কথা ভাবি ভাবি
বগা ডাৱৰৰ দেশলে'
তোমাৰ কথা ভাবি ভাবি
ইমান যে শুৱনী শাৰদী ৰাণী
নীলাকাশৰ পৰা চাই থাকে জুমি জুমি
নীলাকাশৰ পৰা চাই থাকে জুমি জুমি
চকুৰ পচাৰতে উৰি আহে ক'ৰ এজাক বালিমাহী
বেলিৰ পোহৰ পৰি তিৰবিৰাই পানী
বেলিৰ পোহৰ পৰি তিৰবিৰাই পানী
তোমাৰ দুচকুত জিলমিলাই হাঁহি
Wednesday, 29 March 2017
মৌ উপচা মৰমে আজি
মৌ উপচা মৰমে আজি
দিলেহি তোমাৰে বাতৰি
বনৰে পখীটি উৰি আহি বহে
তোমাৰে মনৰে পদূলি
বকুলৰ সুবাসে
এন্ধাৰে- পোহৰে
বিয়পাই মন বননি
তোমাৰে মৰমত গলি গলি
জোনৰে পোহৰত নিশাটি
পুৱাৰ পোহৰে বিলালে হিয়াতে
সেন্দুৰীয়া মনৰে বাতৰি
তমসা জীৱনে যদিহে কৰে বাউলি
উচুপি নুঠিবা তুমি
আশাৰে জেউতি বুকুতে সাৱটি
যামে আগবাঢি
সকলো ধুমুহা নেউচি
মৌ উপচা মৰমে আজি
দিলেহি তোমাৰে বাতৰি
(গানটো গোৱা হ'ল কন্ঠশিল্পী: কুলদীপ সুমন
০৫/০৩/১৮)
(গানটো গোৱা হ'ল কন্ঠশিল্পী: কুলদীপ সুমন
০৫/০৩/১৮)
Type a message...
দুটুপি চকুলোৰ মুকুতা সৰে
দুটুপি চকুলোৰ মুকুতা সৰে
প্ৰভাতী নিয়ৰৰ পৰশে পৰশে
অাশাৰে চুমাতে সাৰ পাই উঠে
সপোনে পাহে পাহে
এখুজি দুখুজি
মৰমৰে কুকি
লৈ যাই বতাহে
বজায় সুহুৰি
সাৰ পাই উঠে
সপোনে পাহে পাহে ৷
আহিনৰ এপাহি শেৱালি
আছে বুকুজুৰি
মৰমেৰে আকুল মোৰে চকুপাহি
এখুজি দুখুজি
মৰমৰে কুকি
লৈ যাই বতাহে বজায় সুহুৰি
Type a message...
উঠা মোৰ সোণজনী
উঠা মোৰ সোণজনী
তোমাৰ বাবেই আছেহি ৰৈ
পুৱাৰ বেলিটি মিচিকি মিচিকি হাঁহি
চোৱাচোন আহি
নিয়ৰ তিতা দূবৰি
ধৰাহি মোৰে হাত
তোমাৰ কণমান আঙুলি
আলফুলীয়া পুতলা তুমি
অ' মোৰ সোণজনী
বলা যাওঁ ডাৱৰৰ সিপাৰে পৰীৰ দেশলৈ
পৰীৰ পোছাক পিন্ধি
হাঁহিত মুকুতা সৰা মোৰ নয়নমণি
মোৰ ডিঙিৰ এধাৰি মালা যে তুমি
চোৱা চোৱা সোণজনী
শৰতৰ আকাশৰ চৰাইবোৰ
কেনেকৈ গৈছে উৰি
মোৰ সোণজনী
মোৰ নয়নমণি৷৷
তোমাৰ বাবেই আছেহি ৰৈ
পুৱাৰ বেলিটি মিচিকি মিচিকি হাঁহি
চোৱাচোন আহি
নিয়ৰ তিতা দূবৰি
ধৰাহি মোৰে হাত
তোমাৰ কণমান আঙুলি
আলফুলীয়া পুতলা তুমি
অ' মোৰ সোণজনী
বলা যাওঁ ডাৱৰৰ সিপাৰে পৰীৰ দেশলৈ
পৰীৰ পোছাক পিন্ধি
হাঁহিত মুকুতা সৰা মোৰ নয়নমণি
মোৰ ডিঙিৰ এধাৰি মালা যে তুমি
চোৱা চোৱা সোণজনী
শৰতৰ আকাশৰ চৰাইবোৰ
কেনেকৈ গৈছে উৰি
মোৰ সোণজনী
মোৰ নয়নমণি৷৷
আইৰ দৰে ধুনীয়া তুমি
আইৰ দৰে ধুনীয়া তুমি
হীৰা বাখৰুৱা মোৰ চকুৰ মণি
মোৰ কলিজাৰ বা তুমি
সৰগী সুবাস তুমি
জীৱন জীপাল মোৰ
উলাহে নধৰা হিয়া
মোৰ কলিজাৰ বা তুমি
চেনেহৰ পৰশেৰে সাৱটিলা তুমি মোকে
জীৱন জীয়াৰ মন্ত্ৰ গুজি দিলা তুমি মোতে
হিয়াৰে চিনাকী আমি
মোৰ কলিজাৰ বা
নিবিড় হেঁপাহেৰে
ওৰেটো জীৱনেৰে
একেটি ছন্দতে বন্ধা আমাৰে হিয়া
তুমি মোৰ কলিজাৰ বা
নিভাঁজ মৰমৰ সুৰে ভৰা
দিলোঁ এটি মিঠা আলিংগন
মোৰ মৰমৰ বা
অ' মোৰ কলিজাৰ বা
হীৰা বাখৰুৱা মোৰ চকুৰ মণি
মোৰ কলিজাৰ বা তুমি
সৰগী সুবাস তুমি
জীৱন জীপাল মোৰ
উলাহে নধৰা হিয়া
মোৰ কলিজাৰ বা তুমি
চেনেহৰ পৰশেৰে সাৱটিলা তুমি মোকে
জীৱন জীয়াৰ মন্ত্ৰ গুজি দিলা তুমি মোতে
হিয়াৰে চিনাকী আমি
মোৰ কলিজাৰ বা
নিবিড় হেঁপাহেৰে
ওৰেটো জীৱনেৰে
একেটি ছন্দতে বন্ধা আমাৰে হিয়া
তুমি মোৰ কলিজাৰ বা
নিভাঁজ মৰমৰ সুৰে ভৰা
দিলোঁ এটি মিঠা আলিংগন
মোৰ মৰমৰ বা
অ' মোৰ কলিজাৰ বা
Subscribe to:
Posts (Atom)