Sunday 29 March 2015

" যদিও তিতি থাকিল মাটি, পাত আৰু আকাশ"

" যদিও তিতি থাকিল মাটি, পাত আৰু আকাশ"
বৰষুণজাক এৰিল আৰু বতৰ ফৰকাল হ'ল৷
যদিও তিতি থাকিল মাটি, গছৰ পাত আৰু নীলিম আকাশ৷
প্ৰতিবাদৰ ভাষা এটাই গুণগুণালে,
সজাত বন্দী চৰাইজনী ধপধপাই উৰি গ'ল৷
যদিও তিতি থাকিল মাটি, পাত আৰু আকাশ৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি
মাজনী বাইদেৱে সৰু থাকোঁতে “আঠ অনা” আৰু “পঞ্চাছ পইচা” একে বুলি নাজানিছিল ৷ এদিন মাহীয়েকে মাজনী বাইদেউক বোলে ক’লে – “তই যদি সিটো ৰূমৰ পৰা কিতাপখন আনি দিৱ’ মই তোক পঞ্চাছ পইচা দিম ৷” তাই কিতাপখন আনি মাহীয়েকক দিলত মাহীয়েকে তাইলৈ বুলি পইচাটো আগবঢ়াই ক’লে—“হুঁ ল’ আঠ অনা”
তাই ক’লে—“তুমি মোক পঞ্চাছ পইচা দিম হে বুলিছিলা”
মাহীয়েকে ক’লে—“পঞ্চাছ পইচা আৰু আঠ অনা একে অ’ আকৰী”
মাজনী বাইদেৱে কান্দি কান্দি ক’লে—“মোক পঞ্চাছ পইচা দিবই লাগিব, আঠ অনা দি মোক ঠগিব আহিছা ?”
কান্দোনত গছৰ পাত সৰা দেখি মাহীয়েকে বেলেগ “পঞ্চাছ পইচা” এটা দি হে ৰক্ষা পৰিল৷
০০০০০০০০
বিপুলক এবাৰ দেউতাকে বজাৰলৈ পঠালে ৷ সি বজাৰৰ মোনাটো ললে আৰু চাইকেলত উঠি বজাৰলৈ বুলি স্পীড চলাই দিলে কাৰণ তাৰ ব্যক্তিগত কাম এটা আছিল ৷ এনেকৈ স্পীড গৈ থাকোঁতে তাৰ আগত গৈ থকা ডাম্পাৰখনে হঠাতে গতিবেগ কমাই দিলে ফলত সি ব্ৰেক মাৰিব লগা হ’ল ৷ সি ব্ৰেক মাৰিছেহে মাৰিছে কিন্তু ব্ৰেকে কাম কৰা নাই ! সি দেখিলে সৰ্বনাশ, চাইকেলৰ ব্ৰেক বেয়া হ’ল ৷ উপায় নাপায় সি ৰাস্তাৰ কিনাৰলৈ বুলি যাওঁতে ৰৈ থকা মানুহ এটাকে খুন্দিয়াই পালে আৰু দুয়োটাই চাইকেলৰ স’তে জপটা-জপটি কৰি বাগৰি খালত পৰিল ৷ মানুহটোয়ে উহ-আহ-আউচ বুলি কৈ থিয় হৈ তাৰ গালত পূৰ্ণহতীয়া চৰ এটা সুধালে ৷ চৰ খাই বিপুলৰ গালখন ফৰফৰাই উঠিল ৷
Like · Comment ·  · 243

“গল্ফীৰ ডায়েৰি”

“গল্ফীৰ ডায়েৰি”
সিদিনা বীৰু আহিছিল৷ আহিয়েই সুধিলে – কাহিনী এটা শুনিবা?
মই বোলো – থোৱা তোমাৰ ফটুৱা কাহিনীবোৰ!
সি পিছে খুব জোৰ কৰিলে আৰু মই মান্তি হ’লো শুনিবলৈ….
এবাৰ বোলে ৰে’লৰ ডবা এটাত বৰযাত্ৰী পাৰ্টী এটা গৈ আছিল ৷ সেই ডবাটোত দুই এজন বেলেগ যাত্ৰীও আছিল ৷ বৰযাত্ৰী লোক সকলে গান গাই নাচি বাগি ফূৰ্তি-ফাৰ্টা কৰি গৈ আছিল ৷ তেওঁলোকৰ মাজত এজন নামী যাদুকৰ আছিল ৷ এটা সময়ত সকলোৱে যাদুকৰজনক যাদু দেখুৱাবৰ বাবে অনুৰোধ কৰিলে৷ শুদা হাতেৰে যাদুকৰজনে এতিয়া যাদু দেখুৱাই কেনেকৈ? তেওঁ একো প্ৰস্তুতি নথকাকৈ যাদু দেখুৱাবলৈ অমান্তি হ’ল৷ তেতিয়া সকলোৱে যাদুকৰ জনক ইতিকিং কৰিব ধৰিলে৷ মানুহবোৰৰ ইতিকিং শুনি যাদুকৰ জনে অলপ সময় চিন্তা কৰি ক’লে –
“ঠিক আছে, মই আপোনালোকক যাদু দেখুৱাম বাৰু”
এইবুলি কৈ তেওঁ আকৌ ক’লে –“আপোনালোক সকলোৱে যেনেকৈ বহি আছে তেনেকৈ ল’ৰচৰ নকৰাকৈ বহি থাকক৷”
যাদুকৰজনৰ কথামতে সকলোৱে ল’ৰচৰ নকৰাকৈ বহি ৰ’ল৷
অলপ দেৰিৰ পাছত তেওঁ বহি থকা এজনক ক’লে—“আপোনাৰ পকেটত আপোনাৰ পাৰ্ছটো আছে নাই চাওকচোন!” মানুহজনে পকেট খেপিয়াই তেওঁৰ পাৰ্ছটো নেদেখি হতভম্ব হ’ল৷”
এইবাৰ তেওঁ আন এজন লোকক ক’লে –“আপোনাৰ পকেটত এই লোকজনৰ পাৰ্ছটো মই এতিয়া ওলিয়াই দিম!আপোনালোক সকলোৱে চাই থাকিব”৷
যাদুকৰজনৰ কথামতে তেওঁ সিজন লোকৰ পাৰ্ছটো পকেটৰ পৰা ওলিয়াই আনিলে আৰু হাঁহি মাৰি আনজন লোকক পাৰ্ছটো উভতাই দিলে ৷ সকলোৱে যাদুকৰৰ যাদু দেখি বাহ বাহ দিলে ৷ ৰে’লখন যেতিয়া বেলেগ এটা প্লেটফৰ্মত ৰ’লগৈ তেতিয়া পাৰ্ছ উভতাই দিয়া মানুহজন ৰে’লৰ পৰা নামিল কিয়নো তেওঁ বৰযাত্ৰীৰ মানুহ নাছিল আৰু যোৱাৰ পৰত মানুহজনে যাদুকৰজনক নমষ্কাৰ জনালে আৰু যাদুকৰ জনেও মানুহজনলৈ চাই হাঁহি মাৰি প্ৰতি নমষ্কাৰ জনালে৷
বীৰুৱে মোলৈ চাই ক’লে –“দুইটাই দুইটাক কিয় নমষ্কাৰ জনালে বাৰু?”
মই বুলো, নমষ্কাৰ জনোৱাটো সৌজন্যসূচক আচৰণত পৰে আকৌ!
বীৰুৱে আকৌ সুধিলে ---“যাদুকৰজনে এই যাদু কেনেকৈ দেখুৱালে কোৱাচোন?”
মই ক’লো –“পকেটমাৰ আছিল চাগে’ মানুহজন!”
বীৰুৱে হাঁহি মাৰি ক’লে--- ওঁ, পকেটমাৰজনে যাদুকৰ জনলৈ চাই নমষ্কাৰ দিলে এইকাৰণেই যে তেওঁক পাবলিক ঢুলাই পোৱাৰ পৰা যাদুকৰজনে বচালে আৰু যাদুকৰজনে পকেটমাৰটোক নমষ্কাৰ দিলে এইকাৰণেই যে পকেটমাৰজনে যাদুকৰৰ সন্মান ৰক্ষা কৰিলে৷
Like · Comment ·  · 3971