Friday 19 February 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেৱে স্কুলত পঢ়ি থকা দিনত পঢ়া টেবুলত বহি খুউব টোপনিয়াই থাকে৷ এদিন টোপনিয়াই থাকোঁতে বহা চকীখনত এনেকৈ হেলান দি টোপনিয়ালে যে চকী-টকীয়ে গোটেই মানুহজনী মজিয়াত ধপচকৈ পৰিল৷
সেইদিনাৰ পৰা মাজনী বাইদেৱে টোপনি ধৰিলেই বিচনালৈ গৈ শোৱা হ'ল ৷

Wednesday 17 February 2016

"শ্ৰীমতীৰ কথাইচোন কাম দিলে"


"শ্ৰীমতীৰ কথাইচোন কাম দিলে"
বহুদিনৰ পৰা আহমেদৰ দেখাদেখি নাই। জীয়েকৰ স্কুলত নাম-ভৰ্তিৰ বাবে মোৰ পৰা একহাজাৰ টকা ধাৰলৈ লোৱাৰ পিছৰে পৰাই মানুহটো নেদেখা হ’লোঁ । নহ’লে দেখোন সি সপ্তাহটোত এপাক মোৰ ওচৰলৈ আহেই। ইফালে যিমানে আহমেদৰ দেখাদেখি নোহোৱা হৈছে শ্ৰীমতীৰো কেটকেটনি বাঢ়ি আহিছে।
“হৃদয়খন সাগৰৰ সমান বহল কৰি পইছা বিলাই ফুৰে নহয়!যাওক এতিয়া আহমেদৰ ওচৰলৈ!সি যে আৰু আপোনাক টকা কেইটা ঘূৰাই দিব, মোৰ হ’লে মনে নধৰা হৈছে দেই!”
“এ.. ৰ’বাহে দিব নহয়!”
ৰাতিপুৱাই শ্ৰীমতীৰ লগত এখুন্দা লাগি আহমেদক বিচাৰি তাৰ ঘৰলৈ বুলি ওলালোঁ।ঈশ্বৰৰকৃপাত আহমেদ ঘৰতে আছিল।বৰ আদৰ-সাদৰ কৰি আহমেদে মোক চাহ-তাহ খোৱালে, পিছে মই ধাৰলৈ দিয়া টকাটোৰ কথা ঘুণাক্ষৰেও মুখলৈ নানিলে।ইফালে শ্ৰীমতীৰ ৰণচণ্ডীৰূপটোৰ কথা মনত পেলাই মইয়ে উলিয়ালোঁ কথাটো।তেওঁ মোৰ কথাটো শুনিয়েই মোৰ কথাশেষ কৰিবলৈ নিদি কৈ উঠিল…” এইকেইদিন মোৰ ভালকৈয়ে টকাৰ টনাটনি হৈ আছে বুজিছে দাদা; মই আপোনাক আপোনাৰ টকাটো কাইলৈকে ঘৰতে দি থৈ আহিম।বেয়া নাপাই যেন৷”
মইও “হ’ব দিয়ক” এইবুলি কৈ আহমেদৰ পৰা বিদা্য লৈ যুদ্ধত জিকি অহা পুৰুষৰ দৰে শ্ৰীমতীৰ আগত গৰ্বেৰে ক’লো—“হেৰা, তুমি মিছাতে বৰ খেঙখেঙাই থাকাহে!চাবাচোন, কাইলৈ আহমেদে মোৰ ঘৰলৈ আহি হাততে টকাটো গুজি দিবহি৷”
পিছদিনা আহমেদলৈ বাট চাই ৰ’লোঁ, বেলি লহিয়াইও ৰাতি হ’ল, আহমেদৰ দেখা সাক্ষাৎ হ’লে নহ’ল। বেলি লহিওৱাৰ পাছৰে পৰা শ্ৰীমতীৰ মুখ খনো মেঘে গজাদি গাজিবলৈ ধৰিলে।মই পিছে যোগাত্মক দিশ এটাকে ভাবি অপেক্ষাৰ অন্ত পেলালোঁ।আহমেদৰ কিজানি কিবা ভালকৈয়ে অসুবিধা হ’ল!!শ্ৰীমতীক ক’লো—“ এ..তুমি ইমানকৈ মোৰ মূৰটো নাখাবা হে!কিজানি আহমেদৰ অসুখ-বিসুখেই হৈছে! মোক টকাখিনি ঘূৰাই দিব নহয়!”
“হৈছে হৈছে গাঁৱৰ বাপুকণে পাঁচশ টকা ধাৰলৈ লোৱা এবছৰেই হ’ল।ঘূৰাই দিয়াৰ চোন নাম-গোন্ধই নাই!”
“এ.. তাৰ কথা নধৰিবাচোন..দুখীয়া ল’ৰা”
“সি অকল পাঁচশ টকাই নিছেনে, কেতিয়াবা এশ, কেতিয়াবা দুশ..এনেকৈ আপোনাৰ পৰা টকাবোৰ চুঁচি আছে..আপোনাৰ উপাৰ্জনেৰে ঘৰখন চলাবলৈকে টান, আকৌ দানবীৰ কৰ্ণৰ দৰে আক-তাক টকা ধাৰলৈ দি ফুৰে!”
শ্ৰীমতীৰ গালি-শপনি শুনাৰ পাছত ৰাতিটো উজাগৰে কটালোঁ।এৰা, মই এজন মধ্যবিত্ত লোক,ঘৰখন ভালদৰে চলাবলৈ মোকো ভালকৈয়ে টকাৰ দৰকাৰ হয়। কোনোবাই বিপদত পৰিলে টকা ধাৰলৈ দিবলৈ সংকোচ নকৰোঁ, কিন্তু মই যি বিশ্বাস আৰু আন্তৰিকতাৰে টকা ধাৰলৈ দিওঁ, ধাৰলৈ লোৱাজনেও মোক সেই বিশ্বাসেৰে ঘূৰাই দিয়া উচিত বুলি ভাবোঁ।
কেইবাদিনো গ’ল। আহমেদ আহিব আহিব বুলি বাট চাই কটালোঁ..পিছে তেওঁ নাহিল।
“হেৰা, মোক ফিকা চাহ একাপ দিয়াচোন, মূৰটো বৰকৈ টিঙটিঙাইছে অ’৷”
“আপোনাৰ মূৰ নিটিঙটিঙাই কাৰ মূৰ টিঙটিঙাবনো?”
শ্ৰীমতীৰ মুখলৈ কেৰাহিকৈ চালোঁ, মানুহজনীৰ মুখতচোন মৰমৰ মাত এষাৰ নোহোৱা হ’ল! নতুনকৈ বিয়া পাতোতেটো এনে নাছিল? বৰ লাজকুৰীয়া আছিল মোৰ মানুহজনী!হাইঁৰে, তেতিয়া আৰু এতিয়াৰ মাজত কিমানযে তফাৎ!তাইৰ হাতৰ ফিকাচাহ কাপ খাই আকৌ আহমেদৰ ঘৰলৈকে গ’লোঁ।বাটত হঠাতেচোন আহমেদ মোৰ কাষেদি চাইকেল চলাই সাউৎকৈ পাৰ হৈ গ’ল।মই ত’ত ধৰিবকে নোৱাৰিলোঁ। ঘূৰি চাই দেখোঁ, আহমেদ বহুদূৰ পালেগৈ। ঘৰলৈ উভতি আহিলোঁ।মোৰ কিজানি মুখখন বিমৰ্ষ হৈ পৰিছিল, বাৰান্দাত বহি বাতৰি পেপাৰ চাই থকা মাজনীয়ে মোৰ মুখলৈ চাই ক’লে—“দেউতা, আগেপিছে এনেকুৱা মানুহক টকা ধাৰলৈ নিদিবা দেই।চোৱাচোন তেওঁ আমাৰ পৰা টকাও ধাৰলৈ ল’লে আৰু শান্তিতে ঘূৰি ফুৰিছে আৰু আমাৰ ঘৰখনত মিছাতে অশান্তিখন হৈছে।এনেই মাৰ প্ৰেছাৰ আছে তাতে কেটকেটাই থাকি আৰু কিবা হওঁক…” নীৰৱে মাজনীৰ কাষতে বেতৰ চকীখনত বহি পৰিলোঁ।আহমেদে দৰকাৰত পৰি টকা নিছে নিয়ক, সি যদি টকা কেইটা ঘূৰাই দিবৰ বাবে যোগাৰ কৰিব পৰা নাই, সি মোক ভালকৈ আহি ক’লেই হ’ল চোন!পলাই ফুৰিব লাগে কিয়?নে তাৰ টকাকেইটা ঘূৰাই দিয়াৰ মতলবেই নাই।
“হেৰি, মইয়েই আহমেদৰ ঘৰলৈ যাম দিয়ক, আহমেদ যদি ঘৰত নাথাকে, তাৰ ঘৈণীয়েককে এজাউৰি দি আহিম।চাহকাপ লওকচোন৷”
শ্ৰীমতীৰ চকুলৈ চালোঁ, অকণমান মৰম নে পুতৌ কিবা এটা দেখা পোৱা যেন লাগিল।
পিছদিনা শ্ৰীমতী আহমেদৰ ঘৰলৈ বুলি উলাল। মই বাধা দি কৈছিলোঁ—“তোমালোক মাইকী মানুহবোৰ এইবোৰ কথাত নুসুমাবাচোন! মই সমস্যাটো সমাধান কৰিম নহয়!” তেওঁ মোৰ কথা নুশুনিলে, অৱশ্যে মইও পেটে পেটে তেওঁ যোৱাটোকে কামনা কৰিলোঁ।মোৰ শ্ৰীমতী যিহে, তেওঁৰ আচল ৰূপ দেখিলে আহমেদেও ভয়ত পেপুৱা লাগিব।
পুৱা ৬বজাতে শ্ৰীমতীয়ে আহমেদৰ ঘৰৰ কলিঙবেল টিপিলে।মইও শ্ৰীমতীৰ পিছে পিছে চাইকেলচলাই আহমেদৰ ঘৰ পালোঁগৈ। আহমেদৰ পৰিবাৰেই দুৱাৰখন খুলিলে, শ্ৰীমতীয়ে মুখত কৃত্ৰিম হাঁহি এটা মাৰি ক’লে—“আহমেদ ঘৰত আছেনে বাৰু?”
“অঁ, তেওঁ পোন্ধৰ মিনিটমান আগতে কাম এটাত উলাই গ’ল নহয়, বাইদেউ”।
“কেতিয়া পাবহি?”
“ক’ব নোৱাৰিম, পিছে কি সকামত বা আহিলে?বহকচোন বহক৷”
“আহমেদে সাতমাহৰ আগতে এহাজাৰ টকা  ধাৰলৈ লৈছিল, আজি ঘূৰাই দিম, কাইলৈ ঘূৰাই দিম বুলি কৈও আজিলৈকে ঘূৰাই নিদিয়া হ’ল।আমাৰ ঘৰখনতো বৰ টকাৰ নাটনি হৈছে বুজিছে, আহমেদে আকৌ এশ টকা লোৱা নাই নহয়, এহাজাৰ টকা লৈছে।টকা ল’ব জানিলে ঘূৰাই দিবও জানিব লাগে!ঠিকেঠাকে, কাইলৈৰ ভিতৰত যদি টকা এহাজাৰ ঘূৰাই নাপাওঁ পুলিছত ৰিপৰ্ট দিম, গম পাইছে৷”
সাউৎকৈ শ্ৰীমতী আহমেদৰ চ’ৰাঘৰৰ পৰা গপগপাই ওলাই আহিল। তাইৰ মুখৰ ৰূপটো দেখি মোৰে কলিজাটো অকণকৈ কঁপি উঠিল।
এৰা, শ্ৰীমতীৰ কথাইচোন কাম দিলে। পিছদিনাই আহমেদে এহাজাৰ টকা ঘৰতে দি থৈ গ’ল।

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেৱে কৈ থকা শুনিলোঁ--
কালি যুৱৰাজ ৰাহুল গান্ধী শিৱসাগৰত উপস্থিত হৈ পুনে পুনে বৰপুখুৰীৰ পাৰৰ আৱৰ্ত ভৱনত উপস্থিত হ'ল৷ তেওঁ বৰপুখুৰীটো ইমানেই ধুনীয়া দেখিলে যে একপাক মাৰি দিলে পদযাত্ৰা কৰি, তাৰপিছত দূৰৈৰ পৰাই শিৱদৌলৰ ফালে সেৱা এফেৰি আগবঢালে৷ তেনেতে লগ হ'ল চি এম ছাৰ আৰু ৰকিবুল ছাৰ৷ তিনিওজনে একেলগে খোজ কাঢি খোজ কাঢি বৰ্ডিং ফিল্ড পালেহি৷ তাৰপিছত আমাৰ গল্ফীয়ে দুশ গ্ৰামত দহটা বেকাৰী বিস্কুট কিনা "কানাইজ বেকাৰীত" সোমাল ৷ তাতে তিনিওজনে মিলি এগ পেটিচ খালে ৷ ৰাহুলে বোলে --বঢিয়া হৈছে, বেছ টেষ্টি!!!
চি এম ছাৰে হে হে কৈ হাঁহি মাৰি ক'লে-- মোডী চাহেবৰ বুকুখন বহল হ'লে কি হ'ব ডিলটো তেনেই অকনমানি, আমাৰ ৰাহুলৰ বুকুখন সৰু হ'লে কি হ'ব ডিলটো বিৰাটেই বহল৷ 
--- মাজনী বাইদেৱে নিজেই কোৱা কথাত নিজেই ৰস পাই হাঁহি হাঁহি কব' নোৱাৰাজনী হ'ল ৷

Saturday 13 February 2016

কবিতা পুথি


গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
"দেহামণি, তুমি ইমান মৰম লগা কিয়?"
দেহামণিয়ে মাকৰ বুকুৰ মাজৰ পৰা মূৰটো ওলিয়াই মাকৰ চকুলৈ চায়৷ মাকে কপালতে চুমা এটা দি কয়--
"তুমি মোৰ ছোৱালী, সেইকাৰণে মৰম লগা ন?"
দেহামণিয়ে পৰম সন্তোষেৰে মূৰ দুপিয়াই৷
oooooooo
দেহামণি: মা, তুমি কপালত ৰঙা ফুট কিয় লগোৱা? কলা ফুট লগাবাচোন, চুলিৰ লগত মিলি যাব!! তেতিয়াহে মানুহবোৰে কব' -- "ধুনীয়া লাগিছে বোৱাৰী!!!"

Wednesday 3 February 2016

"ছবিয়ে কথা কয়"

"ছবিয়ে কথা কয়"
কিছু দিনৰ আগতে Binu Phukanবাইদেৱে এহাল বৰ্ষীয়ান দম্পতিৰ ফটোৰে স'তে এটা ষ্টেটাছ দিছিল৷ ফটোখন চাই ইমান মুগ্ধ হৈছিলো যে ফটোখন মই মোৰ ফেচবুক সময়-ৰেখাত শ্বেয়াৰ কৰিছিলোঁ৷ কিন্তু কালিৰ দেওবৰীয়া আবেলিটোত ফটোখনক কেন্দ্ৰ কৰি এটা কবিতা নতুবা গল্প লিখিবৰ মন গ'ল আৰু ফটোখন চাই চাই এটা পদ্যকে লিখি পেলালো --
"প্ৰেমৰ পদ্য"
--------------------
“তুমি বাৰু কল্পনা কৰিব পাৰিবানে
তোমাৰ অবিহনে মই আৰু মোৰ অবিহনে তুমি...."
প্ৰেমৰ কি যে অমিয়া ছন্দ!!
মনত আছে
পাহি পাহি ৰঙা গোলাপৰ দলিচা পাৰি
তোমাৰ বাবেই বাট চাই ৰোৱা দিনবোৰৰ কথা!
প্ৰেমৰ সুৱাগুৰি সানি
তুমি যিদিনা আহিলা
সুৰীয়া বৰষুণৰ তালে তালে নাচি উঠিল দুখনি প্ৰেমাকুল হৃদয়৷
সিদিনাৰে পৰা আমি দুয়ো হাতে হাত ধৰি আগবাঢ়িছোঁ -- এনেকৈয়ে
সুখ-দুখৰ চেতাৰখনি
বাজি ৰৈছে একেটি সুৰতে বন্ধা আমাৰ প্ৰাণত!
কাঁইটীয়া বাটতো ফুলিছে ফুল
শুনিছো জীৱনৰ অমিয়া সুৰ!
সূদীৰ্ঘ বাটৰ আজি অপৰাহ্ন পৰতো
তোমাৰ লিহিৰী হাত মোৰ হাতৰ মুঠিত
আজিও ম্লান পৰা নাই বুকুৰ সেউজীয়া
ভাগৰি পৰা নাই প্ৰেমিক চৰাই
জনমে জনমে তুমি মোৰ আৰু মই তোমাৰ ৷৷
(এনে এখন ধুনীয়া ফটোৰ বাবে বিনু ফুকন বাইদেউলৈ বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনালো) Anupama Borgohain Bhairab Pawe


Comments
Akhtara Kalita সুন্দৰ , চুমি ৷
Mousumee Bori ধন্যবাদ মৰমৰ বা : )
Mousumee Bori
Write a reply...
Binu Phukan সুন্দৰ হৈছে দেই । ভাল লাগিল । ধন্যবাদ
Mousumee Bori ধন্যবাদ বাইদেউ
Mousumee Bori
Write a reply...
Indiraj Pao Like it
Mousumee Bori
Write a reply...
Chanakya Chirang · 6 mutual friends
কবি বিনু ফুকনৰ ছবি খন দেখি ভাল লাগিছিল কমেন্ট এটা কৰিছিলো, মনত নাই কি লিখিছো কিন্ত আজি সেই ছৱিৰ ওপৰতে মৌচুমীয়ে যি কবিতা লেখিলে ,অভিভুত হলো ৷
অপৰাহ্ন সময়ত ভালপোৱাৰ কথাবোৰ দুচকু সেমেকাই তুলিলে ৷
মৌচুমী লৈ হিয়াভৰা শলাগেৰে কবি প্ৰতিভাক শুভেচ্ছা জনাইছো ৷
Mousumee Bori ধন্যবাদ আপোনালৈ ৷ আপোনাৰ মন্তব্যই সুখী আৰু অনুপ্ৰাণিত কৰিলে
Mousumee Bori
Write a reply...
Papori Borgohain Singh Khuub bhal lagil Mou...
Mousumee Bori Thank you Papori
Mousumee Bori
Write a reply...
Anupama Borgohain চুমি.. কি কম.. মোৰ শব্দ নাই.. কালিয়েই কৈছিলো! সদায় মোৰ শ্ৰদ্ধাত শিৰ নত হয় সেই সকল সঁচা শিল্পীলৈ যি তুলিকাৰে, লেন্সেৰে, শব্দৰে, সুৰেৰে কিছুমান ক্ষন্তেকীয়া মধুৰ মূহূৰ্তক চিৰস্থায়ী কৰি পেলায়!! কবিসকল শব্দৰ শিল্পী... মোৰ বহুত শুভকামনা শব্দৰ শিল্পী মোৰ অন্তৰৰ ভনীজনীলৈ....
Swapnali Deka Heart touching.. Bohut val lagil kobita tu mou..
Rupa Das Hosai hundar mou. Sobi khon aru tumr poidya duyuye......
Dipshikha Daspathak Bor val lagil. Mou
Mousumee Bori