Sunday 6 April 2014

কবিতা--"বাছৰ খিৰিকী কাষৰ ছিট"

"বাছৰ খিৰিকী কাষৰ ছিট"
বাছৰ খিৰিকী কাষৰ ছিট টো পালে
আমেজেৰে দুচকু জপাই দিব পাৰি
মনৰ দুৱাৰ খুলি উৰি ফুৰিব পাৰি
পখিলা উৰাৰ দৰে
সেয়ে মোৰ প্ৰিয়
বাছৰ খিৰিকী কাষৰ ছিট।
হুমুনিয়াহৰ মুহুৰ্ত্ত
বহুবাৰ আলফুলে সাৱটি লোৱা
ফুৰফুৰীয়া বতাহৰ আমেজ
আৰু সেমেকা চেঁচা বতাহৰ সোঁৱৰণী!
কত'বাৰ দুচকু তিয়াই ভবা
আৱেগ-অনুভূতি, হা-হুতাশৰ কথা
অথবা এৰি অহা দিনৰ সোঁৱৰণী!
সেয়ে মোৰ প্ৰিয় বাছৰ খিৰিকী!
দূৰণিৰ নীলা আকাশ
অথবা এন্ধাৰ ৰাতিৰ তিৰবিৰ তৰা
দূৰণিৰ সেউজ পথাৰ
অথবা এন্ধাৰ ৰাতিৰ জোনাকী পৰুৱা
আৰু চলমান জোপোহা গছ
বুকুত গুণগুণাই জগজিতৰ গজল!
সেয়ে মোৰ প্ৰিয়
বাছৰ খিৰিকী খন
আৰু ঐশ্বৰ্যময় সেই যাদুকৰী ছিট!
Like ·  · 44
  • Manohar Dutta ভাল লাগিল কবিতাটো।
    ______________________

    খিৰিকিখন গৈ আছিল।

    ঘৰবোৰ, গছবোৰ
    ৰ'দৰ কিৰণ নে জোনাকবোৰ?

    দূৰণিৰ বাঁহী শুনি শুনি
    কোলাহলৰ মাজতো প্ৰশান্তিৰ বা।
  • Mousumee Bori বহুত ধন্যবাদ Manohar দাদা
  • Sarada Shrestha বাছৰ খিৰিকীৰে বাহিৰলৈ জুমি চোৱাৰ মজাই বেলেগ....সেইবাবেই মোৰো প্ৰিয় বাছৰ খিৰিকী কাষৰ ছিট। যাদুকৰী ছিট...ভাল লাগিল কবিতাটি ।
  • Mousumee Bori বহুত ধন্যবাদ Sarada ba