Friday 29 January 2016

“কান্টুলালৰ দালালি ”

“কান্টুলালৰ দালালি ”
শনিবৰীয়া বজাৰ৷বজাৰত সোমায়েই কান্টুলালে ভাবিলে – “আজি দুপইচামান ঘটিব লাগিব৷” সি গৈ ৰবিৰামৰ চাহৰ দোকানখনৰ বাহিৰত দীঘল দীঘল কৈ পাৰি থোৱা বেঞ্চবোৰৰ এখনত বহিল আৰু বজাৰলৈ বুলি অহা মানুহবোৰৰ ওপৰত চকু দি থাকিল৷তেনেতে এজন আদহীয়া লোক আহি ৰবিৰামৰ চাহৰ দোকানৰ সমুখত ৰ’ল৷মানুহজনক যে হাত কৰি ল’ব পাৰিব কান্টুলালে তাৰ জীৱনৰ পোন্ধৰবছৰীয়া অভিজ্ঞতাৰে ধৰিব পাৰিলে৷আদহীয়া লোকজন চুচুক-চামাক কৈ ৰৈ থকা দেখি কান্টুলালে মাত লগালে—
: অ’ খুৰা, কাকনো বিচাৰিছে?
মানুহজনে কান্টুলাললৈ চালে আৰু কাষলৈ আগবাঢ়ি আহি ক’লে---
:অ’ ভাইটি, মোক এটা ভাল পঠা ছাগলী লাগিছিল, কিনিবলৈ বুলি বিচাৰি ফুৰিছোঁ
মানুহজনৰ কথা শুনি কান্টুলালৰ মুখখন উজ্জ্বলি উঠিল৷সি উৎসাহেৰে কৈ উঠিল—
:আপোনাৰ পঠা ছাগলী হৈ যাব৷ চাহ একাপ খাই লওকহি আহক
ৰবিৰামক সি দুকাপ চাহ আৰু দুটা চিংৰাৰ অৰ্ডাৰ দিলে৷
:চিন্তা নকৰিব, মই আপোনাক এটা ভাল নোদোকা পঠা ছাগলী কিনাই দিম৷
ৰবিৰামে দিয়া চাহ খাই খাই কান্টুলালে কৰবাত ছাগলী বেপাৰী দেখা পাই নেকি ইফালে সিফালে চালে৷তেনেতে তাৰ ভাগ্য সুপ্ৰসন্ন হ’ল৷সি দেখিলে--ছাগলী এটা বে বে কৰি মানুহ এজনৰ লগত আহি আছে৷সি ছাগলী বিচাৰি অহা মানুহজনক তাতে বহিবলৈ কৈ ছাগলী বেপাৰীজনৰ ওচৰ পালেহি আৰু ছাগলীটো দাঙি চাই বেপাৰীজনক সুধিলে –
:অ’ই কিমানত দিবি?
:তিনি হাজাৰ – বেপাৰীজনে ক’লে
: ধুৰৰ, এইটো তিনিহাজাৰ টকীয়া ছাগলী হয় নেকি? কাটিলে তিনি কেজি মান মঙহ পাম নে নাপাম সন্দেহ আছে৷ দুহেজাৰত দিবি হ’ব?
ছাগলী বেপাৰীজনে অলপ থেৰোগেঁৰো কৰি মান্তি হ’ল৷বেপাৰীজনে মান্তি হোৱা দেখি কান্টুলালে তাক মৰমেৰে সুধিলে –
:চাহ খাবি?
এইবাৰো বেপাৰীজনে থেৰোগেঁৰো কৰিলে৷সেইটো সুযোগতে সি বেপাৰীজনক হাতত ধৰি ৰবিৰামৰ দোকানলৈ লৈ আহিল আৰু ৰবিৰামক চকুৰে ইংগিত দিলে যাতে সি বেপাৰীজনক চাহ কাপ খুৱাই অলপ দেৰি ব্যস্ত ৰাখে৷ৰবিৰামেও কমিছন পোৱাৰ আশাত কান্টুলালক চকুৰে সন্মতি জনালে৷
:অ’ খুৰা, এইটো ছাগলী আহক চাওকহি৷দেখিছেনে কেনে নোদোকাটো৷বঢ়িয়া ছাগলী! আপুনি আৰু বেলেগ পঠা বিচাৰিবৰ দৰকাৰেই নাই৷
ছাগলী কিনিবলৈ অহা মানুহটোৱে কান্টুলালৰ কথাৰ স’তে ছাগলীটোৰ শাৰীৰিক অৱয়ব মিলাই চালে আৰু সন্তুষ্ট হ’ল৷
:কিমান দামত দিম বুলিছে?
:চাৰি হাজাৰ কৈছে, মই তাক তিনি হাজাৰত যেন তেন মান্তি কৰাইছো৷টকাটো মোৰ হাতত দিলেই হ’ব, মই তাক দি দিম৷
আদহীয়া লোকজনে কান্টুলালক তিনিহাজাৰ টকা দি ছাগলীটো কিনি ল’লে৷কান্টুলালে মিচিকি হাঁহি মাৰি ৰবিৰামৰ দোকানলৈ আহি ছাগলীবেপাৰীটোক দুহেজাৰ টকা দিলে আৰু আদহীয়া লোকজনৰ পিছে পিছে আগবাঢ়িল৷ ৰবিৰামে তালৈ চাই ৰ’ল—ৰবিৰামে জানে, সি অলপ সময়ৰ পিছতে উভতি আহি তাৰ প্ৰাপ্য কমিছনটো দিব আৰু আন দুজন হোজা গ্ৰাহক আৰু বেপাৰীৰ বাবে বাট চাব৷
Comments
নাংচেং নিভা গগৈ বজাৰত তেনে দালাল থাকেই ৷ ময়ো গাহৰী কিনিব গৈ পাইছিলো এবাৰ ৷
UnlikeReply11 hr
Mousumee Bori ধন্যবাদ মন্তব্যৰ বাবে৷ লিখিবলৈ চেষ্টা এটা কৰি চালোঁ ....
LikeReply1 hr
নাংচেং নিভা গগৈ খুব সুন্দৰ ৷ এখন চোতাল নাটকৰ ৰূপ ললে ৷ অভিনয় কৰিলে চাই ৰাইজে আপ্লুত পাব বুলি মই ডাি ঠ কব পাৰিম ৷
UnlikeRe

Comments
Mousumee Bori ধন্যবাদ মৌচুমী smile emoticon
Mousumee Bori
Write a reply...
Gautam Pompi Bora তামাম !
Mousumee Bori smile emoticon
Mousumee Bori
Write a reply...
Mallika Kalita কিছুলোকৰ মন-মগজু অহৰহ আনক ঠগোৱা, প্ৰতাৰণা, ভণ্ডামিত মত্ত । সুন্দৰ মৌlike emoticon
Mousumee Bori ধন্যবাদ মল্লি
Mousumee Bori
Write a reply...
Bhagi Jyoti Bordoloi এই দৃশ্যটো প্ৰতিখন সাপ্তাহিক বজাৰতে দেখা যাই……………… অকল ছাগলীয়েই নহয় পাণ, তামুল, হাহঁ, পাৰ আদিবোৰো এইচাম দালালৰ বাৱে আছল গৰাকিয়ে উচিত মূল্য নাপাই……………
Mousumee Bori ধন্যবাদ মন্তব্যৰ বাবে : )
Mousumee Bori
Write a reply...
Kuntala Malakar সুন্দৰ ...পঢ়ি ভাল লাগিল
Mousumee Bori ধন্যবাদ
Mousumee Bori
Write a reply...
Madan Barman সুন্দৰ লিখনি :::