Showing posts with label স্মৃতি কথা. Show all posts
Showing posts with label স্মৃতি কথা. Show all posts

Tuesday, 5 December 2017

“অলপ উভতি যাওঁ”

“অলপ উভতি যাওঁ”
সময় গতিশীল৷পল-ক্ষণ সকলো ইতিহাসে সামৰি লয়৷আশী-নব্বৈ দশকৰ দিনৰ কথাবোৰ এতিয়া আমাৰ বাবে নষ্টালজিয়া-সোনালী অধ্যায়---
ৰামানন্দ সাগৰৰ ৰামায়ণখন যেতিয়া টিভিত আৰম্ভ হৈছিল তেতিয়া আমাৰ ঘৰলৈ টি ভি অহাই নাছিল৷ আমি ওচৰৰ খুৰাহঁতৰ ঘৰত গৈ টি ভি চাইছিলোঁ৷সেইসময়ত ৰামায়ণৰ ওপৰিও ৱাছিং পাউডাৰ নিৰমা এডভাৰটাইজ,আই লাভ ইউ ৰাচনা এডভাৰটাইজ,মিকি এণ্ড ডনাল্ড ,স্পাইডাৰমেন, চাৰ্লি-চেপলিনৰ কৌতুক অভিনয়,বিক্ৰম-বেতাল আদিয়ে মোহাবিষ্ট কৰি ৰাখিছিল আমাক৷
লাহে লাহে আমি দেউতাক কুটুৰিবলৈ ধৰিলোঁ আমাৰ ঘৰতো এটা টি ভি লাগে বুলি৷আমাৰ কেনকেননিত ৰক্ষা নাপাই দেউতাই এদিন “চলৰা” কম্পেনীৰ টি ভি এটা আনি ঘৰত হাজিৰ কৰিলেহি৷পিছে কিবা কাৰণত সেই টিভিটো সলাই “আপট্ৰন” টি ভি এটা আহি আমাৰ ঘৰ শুৱনি কৰিলে৷ “আপট্ৰন” টি ভিটো আছিল আয়তাকাৰ,টি ভিটো নচলালে জপাই থ’ব পৰা চিষ্টেম৷তেতিয়া টিভি চেনেলো আছিল মাথোঁ দুটা—ডি ডি-১,ডি ডি-২৷তেতিয়াৰ টি ভি এন্টেনাডাল দীঘল বাঁহ এডালত লগাই ঘৰৰ এচুকত পুতি থোৱা হয় আৰু টিভিটো যদি কিবা কাৰণত বৰষুণ দিয়াৰ দৰে জৰজৰাই থাকে তেতিয়া এন্টেনাডাল পকাই থকা হয়৷বাহিৰত দুজনমানে এন্টেনাডাল পকাই থাকে আৰু ভিতৰত কেইজনমানে টিভি স্ক্ৰীনত চকু দি থাকে৷এন্টেনাডাল পকাই থাকিলে টিভিৰ জৰজৰণিটো থাকেই তাৰ লগতে দুডালমান ক’লা ৰেখা তল-ওপৰ কৰি থাকে;তাৰমাজতে মানুহৰ মাত-কথা ওলাই আৰু কোনোবা এপাকত ভাগ্য ভাল থাকিলে টিভিৰ ছবি ফটফটীয়া হয়৷তেতিয়াৰ দিনত কাৰ কাৰ ঘৰত টিভি আছে এন্টেনাডাল চায়েই গম পোৱা গৈছিল৷
আমাৰ ঘৰলৈ টিভি অহাৰ পিছত ঘৰতে বহি আৰামত টি ভি চাব পৰা হ’লো৷তেতিয়া টি ভি যিহেতু দুই এঘৰ মানুহৰ ঘৰতহে আছিল সেয়ে টি ভি যাৰ যাৰ ঘৰত নাছিল তেওঁলোকেও টি ভি চাবলৈ আহিছিল আৰু টিভি চোৱা কোঠাটো মানুহেৰে ভৰি পৰিছিল৷ৰামায়ণ, মহাভাৰত,পৰমবীৰ চক্ৰ,চন্দ্ৰকান্তা,শক্তিমান,মুগলী আদিবোৰ আছিল আমাৰ প্ৰিয় অনুষ্ঠান৷তেতিয়া দেওবাৰে দেওবাৰে দুপৰীয়া সৰ্বভাৰতীয় বিভিন্ন ভাষাৰ চিনেমা দিছিল৷চিনেমা আৰম্ভ হোৱাৰ আগে আগে মুখেৰে কথা কব নোৱাৰা লোকসকলৰ হাতৰ অংগী-ভংগীৰে বাতৰি পৰিৱেশন দিছিল৷যিদিনাখন অসমীয়া ভাষাৰ চিনেমা দিছিল সেইদিনা আমাৰ মনবোৰ থৌকি-বাথৌ হৈ থাকিছিল৷ আমি খাই-বৈ,কাম-কাজ সামৰি অসমীয়া চিনেমাখন চাবৰ বাবে পূৰ্ণ-প্ৰস্তুতি চলাইছিলোঁ৷ওচৰ-চুবুৰীয়াও আহি ভিৰ কৰিছিলহি৷চিনেমাখন আৰম্ভ হোৱা সময়ত পৰিয়ালৰ কোনোবা এজন যদি বাৰীৰ চুকতো কাম কৰি থাকে বিচাৰি বিচাৰি চিঞৰি চিঞৰি মাতি অনা হৈছিল৷এনেকৈয়ে সোণমইনা, অজলা ককাই, আজলী নবৌ,হলধৰ,কোলাহল,হালধীয়া চৰায়ে বাওধান খায়,শৃংখল,গংগা চিলনীৰ পাখি,জীৱন সুৰভি,ককা,নাতি আৰু হাতী,ড০ বেজবৰুৱা,চামেলী মেমচাহাব,শকুন্তলা আদি চিনেমাবোৰ চোৱা মনত পৰে৷চিনেমাৰ দুখলগা দৃশ্যবোৰত মা-খুৰী-মামীহঁতে ওলাই অহা চকুপানী ঢাকিবলৈ চাদৰৰ আঁচলটোৰে নিজৰ নিজৰ মুখবোৰ ঢাকি পেলাইছিল আৰু পিছত সেইয়াই হাঁহিৰ খোৰাক হৈছিলগৈ৷হিন্দী চিনেমাৰ ভিতৰত ৰাজেশ খান্না,শশী কাপোৰ,জীতেন্দ্ৰৰ ফিল্ম খুউব চাইছিলোঁ৷বুধবাৰ আৰু শুক্ৰবাৰে ৰাতি আঠ বজাত “চিত্ৰহাৰ” দিছিল৷আমি হ’ম-ৱৰ্ক আদি কৰি পঢ়ি-শুনি আজৰি হৈ চিত্ৰহাৰ চাবলৈ বহিছিলোঁ৷মোৰ ডাঙৰ বাইদেৱে মা-দেউতাৰ আগত চিত্ৰহাৰ চাবলৈ লাজ পাইছিল৷দেউতাই চিত্ৰহাৰ ওলালে –“কি ঔ বান্দৰৰ দৰে নাচি-বাগি থাকে!এইবোৰনো চাইনে!!” –এইবুলি কৈ উঠি গৈছিল৷এবাৰ চিত্ৰহাৰত ৰাজেশ খান্নাৰ “হাথি মেৰা চাথি” গানটো দি আছিল৷তাত হাতী ওলাইছিল৷হাতী দেখি মই মা-দেউতাক মাতিবলৈ আৰম্ভ কৰিলোঁ – “অ’ মা, অ’ দেতা হাতী ওলাইছে,হাতী ওলাইছে….”৷বাইদেৱে মোৰ উৎসাহত চেঁচাপানী ঢালি পিঠিতে একভুকু লগাই দিছিল৷বাইদেৱে কিয় ভুকুটো দিছিল তেতিয়া বুজি নাপাই ভেঁ ভেঁ কৈ কান্দিছিলোঁ কিন্তু অলপ ডাঙৰ হৈ বুজিছিলো- মোক ভুকু দিয়াৰ কাৰণ৷নব্বৈ দশকৰ আমাৰ এই “আপট্ৰন” টিভিটো ২০০৭ লৈকে ধুনীয়াকৈ চলি আছিল পিছে৷
সেইসময়ত মাজে মাজে আমাৰ চুবুৰীয়া ল’ৰা-ছোৱালীৰ মাজত ভিচিপিত চিনেমা চোৱাৰ ধুম উঠিছিল৷সকলোৱে পইচা উঠাই ভিচিপি ভাৰাত লৈ গোটেই ৰাতিটো চিনেমা চাইছিল৷চিনেমা চাবলৈও পাল-পাতি লোৱা হৈছিল – আজি আমুকৰ ঘৰত চিনেমা চোৱা হ’ব, অহা সপ্তাহত তমুকৰ ঘৰত৷এই ভিচিপিতে মেইনে প্যাৰ কিয়া,আশিকী,চাজন,জামাই ৰাজা,কিয়ামত চে কিয়ামত তক,নৰসিংহ,ফুল অ’ৰ কাঁটে,চোলে আদি চিনেমাবোৰ চাইছিলোঁ৷দাদাহঁতে বিল্লা আৰু চাকাল থকা ভিলেইনৰ চিনেমা বেছি পচণ্ড কৰিছিল৷সিহঁতে ফাইট থকা চিনেমাক আগস্থান দিছিল৷আমাৰ দাদাৰ বহী এখন আছিল য’ত চিনেমাৰ ফটো কাটি আঠা লগাই থৈছিল আৰু ফটোত লগাই থোৱা চিনেমাখন চোৱাৰ পিছত ফটোখনৰ তলত চিনেমাখনত কেইটা ফাইট আছে,ভিলেইন কোন কোন আছে,হিৰ’ হিৰইন কোন আছে সকলো ধুনীয়াকৈ লিখি ৰাখিছিল৷
আমাৰ ঘৰত ফিলিপছৰ এটা ৰেডিঅ আছিল৷সেই ৰেডিঅটোতে গীতাঞ্জলী অনুষ্ঠান,নিয়োগ বাতৰি, আঞ্চলিক বাতৰি, মিচিং গীতৰ অনুষ্ঠান,সুৰৰ পানচৈ,অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰৰ সাঁথৰি,ঘৰ-জেউতি,হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান,মইনাহঁতৰ অনুষ্ঠান কুঁহিপাঠ,যুৱ-বাণী আদি শুনি উপভোগ কৰা মনত পৰে৷
ঘৰত যেতিয়া ইলেকট্ৰিচিটিৰ সংযোগ নাছিল তেতিয়া আমি টেবুল লেম্প আৰু হাত লেম্পৰ পোহৰত পঢ়িছিলোঁ৷হাত লেম্পটো বেছি পোহৰ দিবৰ বাবে কাগজেৰে ঘূৰণীয়া চুঙা এটা বনাই লেম্পটোৰ ওপৰত টুপিৰ দৰে লগাই দিছিলো৷দাদাই গধূলিতে লেমৰ চিমনিকেইটা ধুনীয়াকৈ চাফা কৰি থৈছিল আৰু লেমত কেৰাচিন তেল ভৰাই থৈছিল৷পঢ়া-শুনা কৰোঁতে আমি যেতিয়া লিখিছিলো চিঞাহী কলমেৰে লিখিছিলোঁ৷কলমৰ নিব সলনি কৰিব পৰা ব্যৱস্থাও আছিল৷চেলপাৰ্ক চিঞাহী দোৱাতৰ পৰা কলমত চিঞাহী ভৰাইছিলোঁ৷নব্বৈ দশকৰ মাজভাগৰ পৰা লেণ্ডফোন আহিছিল৷আমাৰ ঘৰৰ লেণ্ডফোনৰ প্ৰথম নম্বৰটো আছিল –৪২৮৯৬ আৰু কেইবাবছৰৰ পিছত সলনি হৈ হৈছিল ২৩২২২৷
সময়ৰ গতিশীলতাত এতিয়া সকলো সলনি হ’ল৷কথাবোৰ-দিনবোৰ মধুৰ স্মৃতিৰ এলবামত বন্দী হৈ ৰ’ল৷
 --- মৌচুমী বৰি

Sunday, 29 March 2015

“ৰিক্সা,ৰিক্সাচালক আৰু মই”

“ৰিক্সা” শব্দটো মনলৈ অহাৰ লগে লগে বহু কথাইচোন মনলৈ আহিছে ৷ স্মৃতিৰ পাতবোৰ এখিলা এখিলাকৈ যেন মেল খাই গৈছে ……..
সিদিনা এখন ৰিক্সাত উঠিলো ৷ ৰিক্সাৱালাজন এজন বয়সষ্ঠ লোক ৷ পানীটেংকীৰ পৰা গণকপট্টিলৈ যোৱা ৰাষ্টাটোলৈকে বৰ বেয়া ৰাষ্টা ৷ কোনোদিন ৰাষ্টাটো ভাল হোৱা আজিলৈ দেখি পোৱা নাই ৷ ৰিক্সাৱালাজনে নিজেই ক’লে---“ তেওঁ বোলে মণিপুৰ গৈছিল ৷ ৰাষ্টা কি ধুনীয়া ! ফু মাৰি ভাত খাব পৰা ৷ আমাৰ এই অসম মুলুকত সবেই টকা খায় ! ৰাষ্টা ক’ত ভাল হ’ব?” ৰিক্সাৱালাজনৰ কথাশুনি তেওঁক মোৰ কথাচহকী যেন লাগিল ৷ মই তেওঁৰ কথা সমৰ্থন কৰাত তেওঁ অনৰ্গল কৈ যাব ধৰিলে --- “ তেওঁ ১৯৮৭ চনৰ পৰা ৰিক্সা চলাই আহিছে ৷ এতিয়া তেওঁৰ ৬৫ বছৰ হৈছে ৷ ভগৱানে তেওঁৰ স্বাস্হ্য ভালে ৰাখিছে সেইবাবে এই বুঢ়া বয়সত ৰিক্সানচলালেও চলি যায় যদিও স্বাস্হ্যটোৰ কাৰণেই ৰিক্সা চলাই আছে ৷ আঁঠুদুটাৰ ভাল ব্যায়াম হয় বোলে ৷” মই তেওঁক ঘৰ ক’ত বুলি সুধাত ক’লে – “ৰংঘৰৰ কাষত! ভূপেন হাজৰিকা যেতিয়া সাহিত্য সভাৰ সভাপতি আছিল তেওঁ তেতিয়া ডেকা ৷মানুহৰ কি ভীৰ হৈছিল ! ৰংঘৰ পোৱাৰ আগতে দেখা ৰজাদিনীয়া দলংখনেৰে মানুহৰ আহজাহ হৈছিল ৷ তেতিয়া এতিয়াৰ দলংখন নাছিল ৷”…সিমানখিনি কোৱালৈকে মই মোৰ গন্তব্যস্হান পাইছিলোগৈ ৷ তেওঁৰ যেন আৰু অলপ কথা কবলৈ থাকি গ’ল তেনে লাগিছিল ৷ “কথা পাতি ভাল লাগিল” বুলি কৈ মই তেওঁৰ পৰা বিদায় লৈছিলো ৷
ডাক্টৰৰ ওচৰলৈ গৈছিলো বেমাৰ দেখুৱাবলৈ ৷ লাইন পাতি বেমাৰ দেখুৱালৈকে দুঘন্টা লাগিল ৷ বেমাৰ দেখুৱাই ওলাই আহি মই আৰু জনিতাই ৰিক্সা এখন ললো ৷ তেনেতে সীমাই ফোন কৰিলে বোলে ষ্টেচন চাৰিআলিত তাই আছে তাইকো লৈ যাব লাগে , তাই বিশেষ কাম এটাত আমাৰ ঘৰলৈ আহিছে বোলে ! ৰিক্সাৱালাজনক ক’লো—“ষ্টেচন চাৰিআলি ব’লা” ৷ তেওঁ মুখেৰে উত্তৰ নিদিয়াকৈ আমাক টানি লৈ গ’ল ৷ অলপ দেৰিৰ পাছত আমি ষ্টেছন চাৰিআালি পালোগৈ , সীমাক ক’লো—“ৰিক্সাত উঠ” ৷ মোৰ কথা শুনি ৰিক্সাৱালাৰ খং উঠিল ৷ সি খঙেৰে ক’লে – “মই তিনিজন টানিব নোৱাৰোঁ “৷ মইও নাচোৰবান্দা ৷ মই ক’লো –“পাৰিবা, কিয় নোৱাৰিবা ৷ চোৱাছোন আমি সব খীন খীন ৷”অৱশেষত মোৰ কথা তেওঁ নমনাকৈয়ে মানি ল’লে ….ৰিক্সাখন গৈ থাকিল …..
অলপদেৰিৰ পাছত মই চিঁয়ৰি উঠিলো --- “এ এ এ….ৰিক্সা ৰখোৱা, ৰখোৱা…” মোৰ চূৰ্ণীখন ৰিক্সাৰ চকাত পাক খাই গ’ল ৷ তেওঁ মুখেৰে ভোৰভোৰালে –“কি মস্কিল!” এইবুলি কৈ ৰিক্সাখন অলপ পিছুৱাই লৈ গ’ল আৰু মোৰ চূৰ্ণীখনো মুক্ত হ’ল, ভাগ্য ভাল নাফাটিল ৷
“ৰিক্সা, পানী টেংকী, লৈ যাবা দেই !”
“পানী টেংকীলৈকে নিব নোৱাৰোঁ, ৰাস্টা ইমান বেয়া..তাৰ আগতে তহঁতক নমাই দিম”
আমি তিনিজনীয়ে মুখলৈ চোৱাচুই কৰিলোঁ – তেওঁ আমাক “তই” বুলিছে ৷ পিছে তেওঁৰ মুখৰ “তই”টো ভালেই লাগিছেচোন শুনিবলৈ !
মই তেওঁক ক’লো—“কেলেই নিনিবা পানীটেংকীলৈকে ? ৰিক্সাচলাই পেট প্ৰৱৰ্তাইছা আৰু কষ্ট কৰিবলৈ মন নাই, কি মানুহ হে তুমি? এনেকৈ কেনেকৈ চলিব? নিবই লাগিব আমাক পানী টেংকীৰ ওচৰলৈ!”
তেওঁ মোৰ কথা শুনি মনে মনে ৰিক্সা চলাই থাকিল ৷ সীমা আৰু জনিতাই মোৰ কথা সমৰ্থন কৰিলে ৷
লাহে লাহে আমি গৈ পানীটেংকী পাওঁ পাওঁ হ’লো পিছে তেওঁলৈ বেয়া লগাত “ইয়াতে ৰখাই দিয়া” বুলি কৈ আমি তিনিওজনী ৰিক্সাৰ পৰা নামিলোঁ ৷ তাৰপিছত তেওঁক তাৰ প্ৰাপ্যটো দিলোঁ পিছে তেওঁ সন্তুষ্ট নহ’ল, তেওঁক আৰু লাগে ৷ মই ক’লো – “তুমি যিমান পাব লাগে তাতকৈ অলপ বেছিয়েই দিছো মই !”
তেওঁ মোলৈ ঘোপাকৈ চাই , বেয়া মাত মাতি ক’লে – “তহঁতক সেইকাৰণে উঠাব মন নাযায়!”
তেওঁৰ বেয়া মাত শুনি মোৰ খং উঠিল ৷ মই ক’লো---“বেয়া মাত নামাতিবি ৷ হজে হজে পইচা ল’ আৰু যা, চল পাই গৈছ’ মৰম কৰাত!” মোৰ খং দেখি তেওঁ মোলৈ ভেবা লাগি চাই ৰ’ল …….তেতিয়া আমি তিনিওজনী বহুদূৰ পাইছিলোগৈ!!
মই তেতিয়া তৃতীয় শ্ৰেণীত ৷ মোৰ এটা ভাব হৈছিল ৰিক্সাৱালাবোৰে বিনাপইচাত মানুহক উঠাই লৈ ঘূৰি ফুৰে ৷ সেয়ে এদিন মাইনু আৰু মই স্কুল ছুটীৰ পিছত ৰিক্সাএখনত উঠি দুইজনী ঘৰলৈকে আহি পইচা নিদিয়াকৈ ঘৰ সোমালোহি ৷ ৰিক্সাৱালাই “ভাৰা নিদিয়াকৈ ক’ত যাব ওলাইছা” বুলি কৈ আমাৰফালে চোঁচা ল’লে, আমি দুজনী ভয়তে গৈ বিচনাৰ তল পালোঁগৈ ,মায়ে যেনিবা ৰিক্সাৱালাজনক ভাৰা দি ওভোটাই পঠালে ৷
মই যেতিয়া চতুৰ্থশ্ৰেণী, দেউতাই দুখন ৰিক্সা কিনিছিল, যিমানদূৰ মনত আছে, এখন ৰিক্সাৰ দাম আছিল ২২০০ টকা ৷ ৰিক্সাদুখন চলাবৰ বাবে দুজন ৰিক্সাৱালা ঠিক কৰি লৈছিল দেউতাই ৷ সিহঁত দুটাই দিনটো ভাৰা মাৰি মাৰ হাতত ৮ টকাকৈ দিয়া দেখিছিলো ৷ ৰিক্সাদুখনৰ পিছফালে নাম লিখা আছিল …এখন ৰিক্সাৰ পিছফালে ধুনীয়াকৈ ৰঙা আখৰেৰে ডাঙৰ ডাঙৰকৈ লিখা আছিল “মৌচুমী” আৰু আনখন ৰিক্সাৰ পিছফালে লিখা আছিল “বাবা ছাৰ্ভিছ”..মোৰ ডাঙৰ দাদাৰ ঘৰত মতা নাম আছিল “বাবা” ৷ “মৌচুমী” নামৰ ৰিক্সাখনৰ বাবে মোৰ ফূৰ্তিৰ সীমা নাছিল কাৰণ সেইখন মোৰ নামৰ ৰিক্সা ৷ ৰিক্সাত উঠি মই কেতিয়াবা ৰাণীৰ দৰে স্কুল গৈছিলো ৷ পিছলৈ ৰিক্সাদুখনৰ ইমান সমস্যা ওলাল যে দেউতাই ৰিক্সাদুখন বেচি দিব লগা হ’ল ৷ আমাৰ “মন্নাছ” নামৰ এজন ৰিক্সাৱালা আছিল ৷ সি খুব খীন আছিল ৷ শকত মানুহ উঠিলে তাৰ টানি টানি আধ্যা পৰিছিল ৷ মাৰ তালৈ বেয়া লাগি তাৰ পৰা ভাৰা নলয় ওলোটাই তাকে চাউল-পাত দি ঘৰলৈ পঠাইছিল ৷
আমি যেতিয়া হাইস্কুলত পঢ়ি আছিলো, আমাৰ স্কুলখন আমাৰ ঘৰৰ পৰা ২ কি:মি: দূৰত্বত আছিল ৷ আমি লগৰকেইজনীৰ স’তে প্ৰায়ে খোজকাঢ়িয়েই গৈছিলো ৷ কেতিয়াবা মায়ে ৰিক্সাত যাবৰ বাবে ২ টকামান হাতত গুজি দিছিল ৷ হাতত পইচা থাকিলে আমি কেতিয়াবা ৰিক্সাত চাৰিজনী উঠিছিলো, দুজনী চিটত আৰু দুজনী কোচত ৷ এনেকৈ এদিন যাওঁতে আমাৰ লগৰ মাইনু চলি থকা ৰিক্সাৰ পৰা ধপচকৈ পৰি গৈছিল, পিছে গুৰুতৰ ভাৱে দুখ পোৱা নাছিল, আঁঠুৰ মাখিছাল চিগিছিল ৷ মই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ এদিন ৰিক্সাত গৈ থাকোঁতে এখন গাড়ীয়ে আমাৰ ৰিক্সাৰ চকা এটা খুন্দিয়াই পেটেকা কৰিছিল ৷ ভাগ্যক্ৰমে আমাৰ পিছে একো হোৱা নাছিল ৷ আমি পুনৰ বেলেগ এখন ৰিক্সাত উঠি পৰীক্ষা দিবলৈ গৈছিলো ৷
মনত পৰে, যেতিয়া কলেজত পঢ়ি আছিলো, আমাৰ হাতত খুচুৰা নথকাৰ বাবে মোৰ মানিবেগত থকা সৰু সৰু আডাৰ পেকেট দুটামান ৰিক্সাৱালাৰ হাতত দিছিলো, ৰিক্সাৱালাই চাদাৰ পেকেট বুলি ভাবি সন্তুষ্ট হৈ গুচি গৈছিল ৷ এই কথাই মোৰ লগৰ বান্ধৱী মীনাক্ষীক বেছ হাঁহিৰ খোৰাক দিছিল ৷
আজিকালি অনুভৱ হয় – এসময়ত ৰিক্সা আৰু ৰিক্সাচালকৰ যিমান গুৰুত্ব আছিল সেই গুৰত্ব বিক্ৰম, মেজিক, ই-ৰিক্সা আদিয়ে বহুত কমাই দিলে ৷ তথাপি আজিও ভাল লাগে ৰিক্সা আৰু ৰিক্সাৱালা ৷ “ৰিক্সা আৰু ৰিক্সাচালক”ৰ সুখ-স্মৃতি মনৰ এলবামত এনেকৈয়ে বন্দী কৰি ৰাখিছোঁ আলফুলে ৷
--- মৌচুমী বৰি
Like · Comment ·