Monday 23 May 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
এবাৰ ফৰেইনাৰ কেইজনমানে মাজুলীৰ এখন ধাবাত চাহ খাবলৈ সোমালে ৷ তেওঁলোকে ধাবাৰ ল'ৰা এটাক ক'লে--
"ছাই লাগে, ছাই" 
ল'ৰাটোৱে একবাটি ফুটছাই আনি ফৰেইনাৰ কেইজনক দিলেহি ৷ ফৰেইনাৰ কেইজনে হাঁহি হাঁহি হাতেৰে অংগী ভংগী কৰিলে আৰু ক'লে -- "ৰেড টি, ৰেড টি"

Friday 20 May 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
এবাৰ এজন বিহাৰৰ পৰা অহা লোকক অসমীয়া লোকজনে নামটো সুধিলে৷ বিহাৰী লোকজনে বৰ ধুনীয়াকৈ সুৰ মিলাই তেওঁৰ নামটো ক'লে -- ৰঘুনাথ' বনবাসী
এইবাৰ বিহাৰী লোকজনে অসমীয়া লোকজনক নামটো সুধিলে৷
অসমীয়া লোকজনৰ নামটো আছিল জিতেন ৷ সেই মুহূৰ্তত জিতেন নামটো অসমীয়া লোকজনৰ ভাল নালাগিল ৷সেয়ে তেওঁ বিহাৰী লোকজনৰ নামৰ লগতে সুৰ মিলাই ধুনীয়াকৈ ক'লে -- মোৰ নাম একাশী,বিৰাশী,তিৰাশী

Monday 16 May 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
যতীনৰ জীৱনৰ প্ৰতি বিৰাগ জন্মিল৷ হাতযোৰ কৰি ভগৱানক ক'লে--
"হে প্ৰভু, অহা জনমত মই যেন আমেৰিকাৰ কুকুৰ হৈ জন্ম লওঁ নহ'লে মাৰোৱাৰী সম্প্ৰদায়ৰ ঘৰৰ পোহনীয়া গৰু হৈ!!!"

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেউ:- মোৰ ভনীজোঁৱাইটোৱে গুৱাহাটীত প্লেটফৰ্ম এটা কিনিলে নহয়!!
মা:- হয়নে?
মায়ে ঘৰলৈ আহি দেউতাক ক'লে--
"মাজনীৰ ভনীজোঁৱায়ে গুৱাহাটীত প্লেটফৰ্ম এটা ল'লে নহয়!!"
দেউতা: প্লেটফৰ্ম?প্লেটফৰ্ম লৈ কি কৰিব সি?
মা:-কিয়, গুৱাহাটীত মাটি পাবলৈ যি হে দিগদাৰ, প্লেটফৰ্ম নলৈ কি কৰিব????

Thursday 12 May 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
বীৰু তেতিয়া তৃতীয় শ্ৰেণীত ৷ পৰীক্ষাত আহিল -- "দুজন মহাপুৰুষৰ নাম লিখা?"
বীৰুৱে লিখিলে--
"শ্ৰীমন্তশংকৰদেৱ
শ্ৰীযুত মাধৱদেৱ"

Sunday 8 May 2016

"আজাৰ নিজাৰ পৰা শূণ্যতা"

"আজাৰ নিজাৰ পৰা শূণ্যতা"
জোনাক ফুলা ঘৰটোত
এতিয়া আজাৰ নিজাৰ পৰা শূণ্যতা
যেন পঢিবলৈ থাকি যোৱা
এখন মহাকাব্যৰ শেষৰ দুখিলা পাত
মনত পৰে তোমালৈ
চঞ্চলা চপলা এটি জুৰিৰ দৰে আছিলা তুমি
তোমালোকৰ ঘৰৰ
খেৰৰ চালত উঠা মেকুৰীটোৰ স'তে
আমি যে খেলিছিলোঁ
মেকুৰী ভাল পাবলৈ তুমিয়েই মোক শিকাইছিলা!!!
মৌনতাৰ কবিতা হৈ তুমি এদিন ডাৱৰৰ সিপাৰে গুচি গ'লাগৈ
বৈ অহা চকুৰ লোটক গোট মৰা
তোমাৰ মাৰ চকুৱে
তোমাক বিচাৰি
উদং পথাৰখনত বহি ৰৈছিল
আৰু এদিন
তোমাৰ মাও গুচি গ'ল তোমাৰ কাষলৈ
জন্ম - মৃত্যুৰ চিৰন্তন সত্যক দোহাৰি
ভৰপুৰ ঘৰখনৰ এজন এজনকৈ সকলো গ'লগৈ তোমাৰ কাষলৈ
তোমালোকৰ ঘৰৰ চোতালত এতিয়া
এটি ৰৈ যোৱা কবিতা
গুমগুমায় থাকে
দেহিঐ - শূণ্যতা৷
Comments
Manohar Dutta 'তোমালোকৰ ঘৰৰ চোতালত এতিয়া
এটি ৰৈ যোৱা কবিতা
গুমগুমায় থাকে...See More
UnlikeReply1May 5 at 5:53am
Mousumee Bori ধন্যবাদ দাদা
LikeReply1May 5 at 9:23am
Manohar Dutta ধন্যবাদ নালাগে, দিয়া যদি নতুন কবিতা দিবা। smile emotico

"শেৱালি ফুলৰ দৰে"

"শেৱালি ফুলৰ দৰে"
শেৱালি ফুলৰ দৰে কিছুমান স্মৃতি শুই থাকে সৰা পাতৰ দলিচাত
অনিচ্ছাকৃত গাম্ভীৰ্যৰে জগোৱা নহয় সেই স্মৃতি অথবা ইচ্ছাকৃতভাৱেও জাগি নুঠে সেই নিদ্ৰাৰত স্মৃতিময় ফুল
অথচ কপাহ-কোমল যেন
চুই দিলেই লাজুকীলতাৰ দৰে জাপখাই যোৱা
স্মৃতিভৰপক কাতৰতাত দুচকু সেমেকি উঠা
কোনো এক নিনাও কবিৰ হৃদয়ৰ পেৰাত জাপখাই থকা এমুঠি কবিতাযেন সেই স্মৃতি!!
Like
Comment
Comments
ৰূপম সাউদ ভাল লাগিল পঢ়ি ।
Mousumee Bori ধন্যবাদ
Mousumee Bori
Write a reply...
Altaf Hussain ভাল লাগিল
Mousumee Bori ধন্যবাদ
LikeReply1March 30 at 7:25pm
Mousumee Bori
Write a reply...
Tapan Neog "শেৱালি ফুলৰ দৰে" সুন্দৰ সৃষ্টি, ভাল লাগিল like e

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মণিয়ে হঠাতে কৈ উঠিল--" আৰে আইতাৰ টিকা আৰু মাহীৰ টিকা দেখিবলৈ একেইচোন!!!"
মণিৰ মাহীয়েক ববিয়ে ভাবিবলৈ ধৰিলে --
"এইয়া কেনেকুৱা কথা!!!মই দেখিবলৈ মিঠাবৰণীয়া আৰু মা হ'ল ধকধক বগা!!"সেয়ে
মাহীয়েকে মণিক ডবিয়ালে --"হেৰৌ, কেনেকৈ মোৰ টিকা আৰু আইতাৰৰ টিকা একে দেখিলি? মইচোন ক'লা আৰু আইতাৰে বগা!!!"
অসমীয়া-হিন্দী মিহলি কোৱা মণিয়ে হি হি কৈ হাঁহি কপালৰ ৰঙা ফুটটো দেখুৱাই ক'লে--"মই এইটো টিকাৰ কথাহে কৈছিলোঁ!!!"

Monday 2 May 2016

"মানুহজন"

"মানুহজন"
তেওঁ লগপোৱা সকলো মানুহকে
একোপাহ ফুল দিয়ে
তেওঁৰ মুখত অনবৰতে লাগি থাকে হাঁহি
আৰু বতাহত বিয়পি থাকে
ব্যক্তিত্বৰ সুগন্ধি-সুবাস
এইমাত্ৰ নাকত লাগি ৰোৱা
ধূপৰ মিঠা গোন্ধটোৰ দৰেই
মানুহজন মিঠা
দয়ালু
নিস্বাৰ্থতা তেওঁৰ জীৱনৰ মূলমন্ত্ৰ
জীৱনজুৰি তেওঁৰ প্ৰাৰ্থনা কেৱল আনৰ বাবে!
ব্যক্তিত্বৰে জ্যোতিৰ্ময় সেই মানুহজন৷
Comments
অচ্যুত মাধৱ দাস কবিতাটো উপস্থাপন অতি সাৱলীল আৰু আটুট হৈছে। ব্যক্তি-বন্দনা বহুবাৰ কৰিছোঁ, বহুলোকে কৰাও দেখিছোঁ। কিন্তু অত্যুক্তি, বঢ়া-টুটা অনেক দোষে পাছ নেৰে। শব্দৰ মিতব্যয়ী ব্যৱহাৰে কবিতাটোক দৃঢ় আৰু সাৰ্থক ৰূপ দিছে। বিশেষকৈ বহুবল্কী নোহোৱাৰ বাবে ব্যক্তি-বন্দনাত সততে দেখা দিয়া অতিৰঞ্জিত অথবা অত্যুক্তি দোষৰ পৰা কবি ৰেহাই পাইছে। সুন্দৰ কবিতা।
Mousumee Bori আপোনাৰ মন্তব্যই প্ৰেৰণাৰে উজ্জীৱিত কৰিলে ৷ বহুতো ধন্যবাদ আৰু কতজ্ঞতা জনালোঁ ৷
LikeReply1April 27 at 5:08am
Mousumee Bori
Write a reply...
Akhtara Kalita Xundor onkon Mousumi.
Mousumee Bori Thank you ba
Mousumee Bori
Write a reply...
Manohar Dutta সেই মানুহজনৰ নামটো নাজানিলেও আমি যেন অহৰ্নিশে বিচাৰি ফুৰোঁ "মানুহজন"ক। এই সন্ধান অবিৰাম চলি থাকে আমাৰ।
Mousumee Bori Thank you dada
Mousumee Bori
Write a reply...
Malin Majumdar সকলোৰে মাজত কিজানি আমি সেই 'মানুহজন'কেই বিচাৰি ফুৰোঁ‌।

-- বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে।
Mousumee Bori Thank you very much dada
Like