Friday 28 April 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
এবাৰ এখন গাঁৱৰ স্কুলত পৰীক্ষাত এটা প্ৰশ্ন আহিছিল -- "আকবৰৰ মাকৰ নাম কি?" প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ধৰি শিক্ষকেও নাজানিছিল৷ শিক্ষক কেইজন মানে এই বিষয়ে স্কুলৰ দাঁতিতে থকা মানুহঘৰত চাহ খাবলৈ গৈ কথা পাতি আছিল৷ শিক্ষকসকলৰ কথা সেইঘৰৰ আইতাই শুনা পাই ক'লে-- "তহঁতে আকবৰৰ মাকৰ নাম নাজান?মই জানো!! আকবৰৰ মাকৰ নাম তীঁতকলি আৰু বাপেকৰ নাম পালাম৷"

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
সেউতী বাইদেৱে কবিতা কিতাপ এখন প্ৰকাশ কৰিলে৷কিতাপখনৰ পাঁচশ কপি ছপা হ'ল৷ কিতাপখিনি বেচাৰ কথা চিন্তা কৰি থাকোঁতে বাইদেউৰ অনন্তলৈ মনত পৰিল৷ ছমাহৰ আগতে অনন্তৰ পৰা পাঁচশ টকা ধাৰলৈ লৈছিল বাইদেৱে ৷
বাইদেৱে কিতাপ অলপ লৈ অনন্তৰ ওচৰলৈ গ'ল আৰু ক'লে -- "এই কিতাপখিনি বেচি মই তোক দিব লগা পাঁচশ টকাটো উলিয়াই ল'বি দেই " ৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
ৰোহণ আৰু মলয় দুই বন্ধু৷ ইটোৱে সিটোক পিছে নিৰুৎসাহ কৰি বৰ ভাল পায়৷ এদিন ৰোহণে মলয়ক অলপ লাজত পেলাওঁ বুলি সকলোৰে আগত ক'লে-- " কি হে মলয় তই আজিকালি চুৰ কৰ' নে নকৰ'?" মলয়ে তপৰাই উত্তৰ দিলে --" তোৰ লগতেই যি চুৰ কৰিছিলোঁ তাৰপিছত আৰু চোৰ কৰা নাই৷"

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
কিনকিনিয়া বৰষুণজাকত তিতি তিতি মাজনী বাইদেউ ঘৰ পালেহি আৰু খংমুৱা হৈ
ক'লে --"আজি জাননে, ৰাস্তাত ভেনখনে মোৰ কাপোৰে কানিয়ে এনেকুৱাকৈ বোকা ছটিয়ালে মোৰ ছেন্টিমিটাৰ বাঢি গৈছিল বুজিছ'"৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
মানুহ গৰাকীক গাঁওখনৰ সকলোৱে মহুৰাৰ ঘৈণীয়েক,বাপুকণৰ মাক বুলিহে চিনি পায়৷ এদিন মহুৰাৰ ঘৈণীয়েক তথা বাপুকণৰ মাকে বেমাৰ দেখুৱাবলৈ সোনকণক লগত লৈ হস্পিতেললৈ গ'ল৷ ডাক্তৰক দেখুৱাবলৈ টিকট ল'বলৈ যাওঁতেহে মানুহগৰাকী বিবুধিত পৰিল৷ নিজৰ নামটো বা কি আছিল তাইৰ!সোনকণক সুধিলে তাই-- "অ সোনকণ,মোৰ নামটো কি আছিল অ?"

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
বীৰু তেতিয়া সৰু আছিল৷ বীৰুৰ চুবুৰীয়া বীৰুৰ বয়সৰে মনীয়ে এদিন বগৰী এগাল লৈ বাটেৰে গৈ আছিল ৷ বীৰুৰো বগৰী খাবলৈ মন গ'ল৷ মনীক ক'লে--
" মনী, বগৰী কেইটামান দিবি নেকি?"
মনী: ই নিদিওঁ, মই ইমান কষ্ট কৰি পাৰি আনিছোঁ বগৰী!!
মনীৰ কথা শুনি বীৰু অলপ সময় মনে মনে থাকিল৷ সি মনীক পুনৰ ক'লে -- "তই যদি মোক বগৰী খাবলৈ দিয় আমাৰ ঘৰত সকাম খাবলৈ তোক মাতিম৷"
বীৰুৰ কথা শুনি মনীয়ে লগে লগে তাক বগৰী কেইটামান দি দিলে৷

Tuesday 4 April 2017

গল্ফীৰ ডায়েৰি:

কণটিলৌৱে হিন্দী পৰীক্ষাৰ আগদিনা একো নপঢিলে৷ পিছদিনা প্ৰশ্নকাকত দেখি সি ধোঁৱা-কোৱা দেখিলে ৷ কলম কামুৰি সি বহু সময় বহি থাকিল ৷ হঠাতে তাৰ মনত খেলালে হিন্দী পৰীক্ষাহে!!! এই বুলি ভাবি সি লিখা আৰম্ভ কৰি দিলে -- হামাৰা তুমাৰা হামাৰা তুমাৰা...

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
গকুল তেতিয়া স্কুলত পঢি আছে৷ তাৰ এদিন স্কুলতে পেট বিষালে৷ সেয়ে ছুটি ল'বৰ বাবে এখন দৰ্খাস্ত লিখিলে সি এনেকৈ--
মৰমৰ ছাৰ,
মৰমটো ল'বি৷ পেটটো বিষালে ছুটিটো দিবি৷
ইতি
তইও মৰমৰ মইও মৰমৰ

Sunday 2 April 2017

নিৰ্মল আনন্দৰ যোগান ধৰা গল্ফীৰ ডায়েৰিৰ এই বিজয়যাত্ৰা অব্যাহত থাকক

গল্ফীৰ ডায়েৰি পঢ়িলোঁ৷ পঢ়ি উঠি কিতাপখনৰ বিষয়ে কিবা এটা লিখিবলৈ মন গ’ল- ১) বেটুপাতৰ ছবিখন ধুনীয়া হৈছে৷ ভিতৰৰ পৃষ্ঠাসমূহত অংকিত কাৰ্টুনসমূহ অতি মনোগ্ৰাহী ৷ কোৱাটো নিষ্প্ৰয়োজন,কাৰ্টুনৰ কাৰুকাৰ্যই নিৰ্মল আনন্দৰ যোগান ধৰিছে৷ ২৩ নং পৃষ্ঠাৰ মননশীল কাৰ্টুনৰ বাবে শিল্পী অৰ্ণৱ ৰত্ন পাৱে শলাগৰ পাত্ৰ৷ আনহাতে বাৰ্বী বৰুৱাৰ কাৰ্টুন অত্যন্ত Sharp আৰু পৰিষ্কাৰ৷ ২) গল্ফিৰ ডায়েৰিৰ পৃষ্ঠাবোৰত সন্নিৱিষ্ট হোৱা কাহিনী,ঘটনা-পৰিঘটনাবোৰে লেখিকাৰ চমৎকাৰী পৰ্যবেক্ষণ শক্তি আৰু নিখুঁট ‘Comic Timing’ৰ সুন্দৰ চানেকি দাঙি ধৰিছে৷ জোৰ-জৱৰদস্তি পাঠকক হাস্যৰসৰ যোগান ধৰা-এনেধৰণৰ কাৰবাৰৰ পৰা লেখিকাৰ দৃষ্টিভংগী শতযোজন দূৰৈত৷ কাহিনী এটা নাইবা কথোপকথন একোটাৰ ‘সমাপ্তি’ৰ ক্ষেত্ৰত লেখিকাই মানি চলা ৰীতিটো বিশেষভাৱে প্ৰশংসনীয়৷ কোনোবাটো কাহিনীৰ পৰা ৰসাস্বাদন কৰিবলৈ যোৱা কামটোক লেখিকাই প্ৰত্যাহ্বানপূৰ্ণ কৰি তুলিছে,যিয়ে ডায়েৰিখনৰ মৌলিকত্ব আৰু বৈচিত্ৰতাক এখোপ ওপৰলৈ উঠাই নিছে৷ বয়স আৰু পঠন-অভিজ্ঞতা নিৰ্বিশেষে পাঠক-পাঠিকাৰ বুদ্ধিদীপ্ততাৰ মানটো সাধাৰণ পৰ্যায়ৰ পৰা উচ্চতৰ পৰ্যায়লৈ উন্নীত কৰাটো লেখক-লেখিকাৰ প্ৰাথমিক দায়িত্বৰ ভিতৰত পৰে বুলি ক’ব পাৰি৷ পুথিখন হাতত ল’লে লেখিকাগৰাকীৰ সেই সৎ-উচ্চাকাংক্ষা দৃষ্টিগোচৰ হয়৷ ৩) ৰস-সৃষ্টিৰ বাবে আমাৰ সমাজত ব্যৱহৃত হৈ থকা শব্দ-বাক্যকে লেখিকাই ব্যৱহাৰ কৰিছে৷ শব্দ-বাক্যৰ বিকৃতি-বিচ্যুতি নকৰাকৈ,সাৱধানী প্ৰয়োগেৰে,সন্দেহাতীত বিচক্ষণতাৰে ৰস-সৃষ্টি কৰিব পৰাটো আজিৰ তাৰিখত এটা জটিল কাম বুলিয়েই ভাবোঁ৷ “হঠাতে এটা ঔ-টেঙা ওপৰৰ পৰা আহি ডম্বৰুৰ মূৰত থালৌকৈ পৰিল৷”-“থালৌকৈ” আজিৰ সমাজত কমকৈ প্ৰচলিত এটা শব্দ৷ অথচ শব্দটোৰ শক্তি চাওক৷ প্ৰমাণ চাবলৈ বিশেষ শব্দটো আঁতৰাই বাক্যটো পঢ়ক৷ বাক্যটোৰ সৌন্দৰ্য সাধাৰণ বাক্য এটালৈ পৰ্যবসিত নহ’লনে ! বাক্যৰ মাজত এনেধৰণৰ ৰস-সঞ্চাৰী শব্দৰ ব্যৱহাৰে বিমল আনন্দৰ যোগান ধৰিছে৷ লেখিকাক তাৰ বাবে ধন্যবাদ আৰু কৃতিত্ব দিবই লাগিব৷ প্ৰাত্যহিক জীৱনত কিছুমান শব্দ-বাক্যৰ উচ্চাৰণ কৰোঁতে আমি অনিচ্ছাকৃতভাৱে ভুল কৰোঁ৷ কেতিয়াবা শুনাত গণ্ডগোল হয়৷ কেতিয়াবা আকৌ ইংৰাজী আৰু অসমীয়া শব্দ একোটাৰ মাজত তফাৎ ধৰিব নোৱাৰি দুয়োটাকেই সনা-পোটোকা কৰি এক আহুকলীয়া পৰিস্থিতিৰ জন্ম দিয়া হয়৷ এই ভুলবোৰেও হাঁহিৰ অন্তহীন খোৰাক যোগাব পাৰে৷ তীক্ষ্ণদৃষ্টিসম্পন্ন লেখিকাই তাকেই প্ৰমাণ কৰিছে৷ এই ভুলবোৰৰ পৰা তেওঁ ৰস সংগ্ৰহ কৰি আৰু তাক সজাই-পৰাই আটোমটোকাৰিকৈ পাঠকৰ আগত উপস্থাপন কৰিছে৷ “মানচাদা আৰু মাংস”, “প্লেটফৰ্ম আৰু ফ্লেট”, “ইণ্টাৰনক আৰু ইণ্টাৰনেট” অথবা “ফূৰ্তি আৰু ফৰ্টি”-আদিবোৰ তেনে কেইটামান উদাহৰণ৷ শেষত- গল্ফীৰ ডায়েৰিখনত একাধিক বৰ্ণময়,বিচিত্ৰ চৰিত্ৰৰ সমাৱেশ ঘটিছে আৰু প্ৰত্যেকটো চৰিত্ৰয়েই হৈছে হাঁহি আৰু আনন্দৰ অকৃত্ৰিম উৎস৷ বিষয়বস্তু আৰু উপস্থাপনৰ ভিন্নতা, কথনশৈলীৰ বৈচিত্ৰতা, প্ৰখৰ অথচ নিৰ্মল কৌতুকবোধসম্পন্ন,চৌপাশৰ পৃথিৱীৰ ওপৰত লেখিকাৰ সুতীক্ষ্ণ দৃষ্টি আৰু গভীৰ নিৰীক্ষণ-আৰু এইসমূহৰ সংমিশ্ৰণত সৃষ্টি হোৱা ‘গল্ফীৰ ডায়েৰি’য়ে শিশুৰ পৰা বৃদ্ধলৈকে-সকলোৰে মুখত হাঁহি বিৰিঙাব পাৰিব-তাত মোৰ সন্দেহ নাই৷ শিশু-উপযোগী হাস্য-ৰসাত্মক গ্ৰন্থৰ দুৰ্ঘোৰ আকালৰ দিনত এইখনি গ্ৰন্থক অসমীয়া সাহিত্যৰ ভঁৰাললৈ এক অগতানুগতিক সংযোজন বুলি বিবেচিত কৰিব পাৰি৷ নিৰ্মল আনন্দৰ যোগান ধৰা গল্ফীৰ ডায়েৰিৰ এই বিজয়যাত্ৰা অব্যাহত থাকক;অতি সোনকালে ডায়েৰিৰ দ্বিতীয়টো খণ্ড আৰু পাঠকসমাজৰ মাজত চাৰি চকুৰ মিলন ঘটক,তাকেই অন্তৰেৰে কামনা কৰিলোঁ৷ All the very best.
---- ঈশান জ্যোতি বৰা