Sunday 19 October 2014

কবিতা--"অনুৰাগ আছিল বাবেই"



  • "অনুৰাগ আছিল বাবেই"
    অনুৰাগ আছিল বাবেই সেইদিনা বলীয়া ফাগুনৰ বতাহজাকে উৰুৱা ধূলিয়ৰি বাটেৰে লক্ষ্যপ্ৰাপ্তিৰ বাবে মই বাট বুলিছিলোঁ৷
    অনুৰাগ আছিল বাবেই সেইদিনা প্ৰেক্ষাগৃহত বহিছিলোঁ, শুনিবলৈ জীৱন কবিতাৰ সৰল পাঠ৷
    অনুৰাগ আছিল বাবেই আজিও মই বসন্তৰ বৰষুণজাকত
    তিতি তিতি গাব পাৰোঁ গান, লিখিব বিছাৰোঁ সূৰ্যমুখী কবিতা৷
    অনুৰাগ আছিল বাবেই!

কবিতা--"বৰণীয়"



  • "বৰণীয়"
    তুমি ভায়লিনত সুৰ তুলা মুহুৰ্তটোক বৰণীয় কৰি মুগ্ধতাৰে চাই ৰৈছিলোঁ তোমালৈ৷
    কোনে জানে পৰজনম আছে নে নাই!
    এই পৃথিৱীত তোমাক মাথোঁ এবাৰেই দেখাৰ দুখত খৰিকাজাই জোপা লেৰেলি পৰিছিল৷
    মোৰ হৃদয়ত যে তোমাৰ বাবে আহিনৰ শেৱালি সুবাস ভৰা দুকোল উপচা সাঁচতীয়া মৰম!
    কোনে জানে পৰজনম আছে নে নাই! তুমি ভায়লিনত সুৰ তুলা মুহুৰ্তটোক বৰণীয় কৰি মুগ্ধতাৰে চাই ৰৈছিলোঁ তোমালৈ৷

মৰমৰ অনু বা,

মৰমৰ অনু বা, with Anupama Borgohain
এইয়া, আপোনালৈ বুলি চিঠি লিখিব বহিছোঁ৷কাষতে জান আৰু হিয়াই খেলি আছে৷ হিয়াই কৈছে--"ইছ, ইছ, নতুন কাপোৰখনত এঁ কৰিব লাগেনে?" হিয়াৰ পুতলা কেচুৱাটোৱে নতুন কাপোৰখনত বোলে এঁ কৰি দিলে!জানে আকৌ তাইৰ ভাগৰ পুতলা কেচুৱাটোক কাপোৰ এখন পাৰি শুৱাই দিছে আৰু কাষতে বেলুন এটা গুজি দিছে৷দুইজনীয়ে এনেকৈ নিজৰ নিজৰ জগতত খেলি থাকিলে কাকো আমনি নকৰে৷পিছে কেতিয়াবা কেতিয়াবা খেলা-বস্তু টনা-টনি কৰি দুইজনীৰ মাজত বৰ কাজিয়া হয়৷ এজনীয়ে পেঁ পেঁ কৈ চিয়ঁৰা আৰম্ভ কৰি দিয়ে আকৌ আনজনীক কিবা ক'লে আনজনীও পেঁ পেঁ কৰা আৰম্ভ কৰি দিয়ে৷কেতিয়াবা ইজনীয়ে সিজনীক দেখিব নোৱাৰা হয় আৰু কেতিয়াবা দুইজনীয়ে ইজনীয়ে সিজনীক নেদেখাকৈ থাকিবই নোৱাৰে৷
বা, আপুনি সুধিছিল দুইজনীৰ বয়স কিমান, দুইজনীয়ে কি কি ভাল পায় ইত্যাদি....দুইজনীৰে চাৰিবছৰ হৈ গৈছে...দুইজনীৰ ভালপোৱাবোৰ সম্পূৰ্ণ বেলেগ, এজনীয়ে যদি মিঠা খাই ভাল পায় আনজনীয়ে আকৌ তিতা, নিমখীয়া খাইহে ভাল পায়৷ এজনীয়ে কাৰ্টুন চাই ভাল পায় আনজনীয়ে আকৌ বিহু নাচ চাইহে ভাল পায়৷হিয়াৰ কাৰ্টুনৰ প্ৰিয় চৰিত্ৰ মিষ্টাৰ বিন আৰু ষ্টুৱাৰ্ট লিটল৷জানে গায়ত্ৰী মহন্ত, শ্যামন্তিকাৰ বিহু চাই নচাতে ব্যস্ত থাকে কেতিয়াবা৷জানৰ চাদৰ-মেখেলা পিন্ধাত বিৰাট চখ৷গোটেই দিনটো পাৰিলে চাদৰ-মেখেলাকে পিন্ধি থাকে, হিয়াৰ পিছে সেইবোৰত ৰাপ নাই৷জানে দৰা-কইনা খেলি বৰ ভাল পায়, প্ৰায়ে হিয়াক কইনা সজায়৷হিয়াই পিছে কইনা হওঁতে ভালকে খেলি-মেলিখন কৰে আৰু সিহঁতৰ খেলা গুচি কান্দন-কাটন হে আৰম্ভ হয়৷
দুইজনী দেখিবলৈও বেলেগ.এজনীৰ গাৰ ৰঙ বগা (জান) আৰু আনজনীৰ মিঠাবৰনীয়া(হিয়া)৷জান ওখ আৰু হিয়া অলপ চাপৰ৷
অ' জান আৰু হিয়াৰ কথা কৈ থাকোঁতে আপোনাৰ খবৰ লবলৈকে পাহৰিছোঁ৷আশাকৰোঁ, আপোনাৰ লগতে ঘৰৰ সকলোৰে ভাল৷বা, নিজৰ স্বাস্ব্যৰ যত্ন ল'ব৷ অপাৰেচনৰ পাছত স্বাস্হ্যৰ যত্ন লোৱাটো বহুত জৰুৰী৷
শেষত ভিনদেউক মোৰ সেৱা আৰু অয়ন আৰু মৌমনক বহুত মৰম আৰু চুমা যাচিলোঁ৷আপোনালৈ বহুত বহুত মৰম আৰু শুভকামনাৰে আজিলৈ চিঠিৰ সামৰনি মাৰিলোঁ৷সময় পালে চিঠি দিব৷
ইতি
আপোনাৰ ভন্টী
মৌচুমী
০২.০৯.১৪

মৰমৰ সাৰদা বা,

(চিঠি-৩)
মৰমৰ সাৰদা বা, with Sarada Shrestha
হিয়াৰ মৰমবোৰ ল’ব৷ আশাকৰোঁ সৰ্বশক্তিমান ভগৱানে আপোনাক কুশলে ৰাখিছে ৷
আজি আপোনালৈ জয়পুৰ ভ্ৰমণৰ বিষয়ে লিখিবলৈ লৈছোঁ৷
আগ্ৰাৰ পৰা জয়পুৰ যোৱাৰ পথত ফতেহপুৰ চিক্ৰিত সোমালোঁ ৷ ফতেহপুৰ মহামতি আকবৰৰ ফৰ্ট বুলি আমাক গাইডে ক’লে ৷ মহামতি আকবৰৰ প্ৰতি সৰুৰে পৰা অন্তৰত শ্ৰদ্ধা অনুভৱ কৰি আহিছোঁ ৷ সেয়ে আকবৰৰ ফৰ্টত ভৰি দিলোঁ বুলি ভাবি আনন্দত উতলা মন ……গাইডে আমাক ফতেহপুৰ ফৰ্টৰ মাজভাগত থকা চেইন্ট চলমান চিষ্টিৰ সমাধিথলিলৈ লৈ গ’ল৷ তালৈ গলে মূৰত কাপোৰ লগাব লাগে, মই মোৰ চূৰ্ণি খনকে ব্যৱহাৰ কৰিলোঁ৷ সমাধিৰ ওপৰত বিশেষ কাপোৰ ভক্তিপূৰ্ণভাৱে দি এডাল ৰঙা সূতাৰে সমাধিৰ কাষতে থকা গ্ৰীলত তিনিবাৰ বান্ধিব লাগে মনত তিনিটা আশা বান্ধি৷চেইন্ট চালিম চিষ্টিৰ আশীষতে মহামতি আকবৰৰ পুত্ৰ জাহাঙ্গীৰৰ জন্ম হৈছিল, সেয়ে তেনে এক বিশ্বাস আজিও তাত চলি আহিছে৷গাইডে আমাক জধা আকবৰ থকা ঘৰটোও দেখুৱালে৷ ফতেহপুৰ ফৰ্টত পুৰণিদিনৰ এয়াৰ কন্ডিচন ব্যৱস্হা দেখুৱালে৷ “আনাৰকলিক” যিখন দুৱাৰেদি পাকিস্তানলৈ পলুৱাই পঠাইছিল সেই দুৱাৰখন দেখুৱালে৷ মনটো ভাল লাগিল এইবোৰ চাই৷
তাৰপিছত আমি জয়পুৰ পালোঁগৈ৷জয়পুৰত ৰাতিটো কটাই পিছদিনা আৰম্ভ কৰিলোঁ আমাৰ দিন৷জয়পুৰ চুপাৰ চিটি, হাৱা মহল, জল মহল , যন্তৰ-মন্তৰ, আম্বেৰ ফৰ্ট আদি চালোঁ৷ পিছদিনা যিহেতু দিল্লীলৈ ওভতাৰ কথা, সেয়ে সময়ৰ অভাৱত জয়পুৰৰ বহু ঠাই চাবলৈ থাকি গ’ল৷আম্বেৰ ফৰ্ট চাই খুব ভাল লাগিল৷ ৰজা মান সিংহৰ ফৰ্ট আছিল সেইটো৷ তাতে জধা আকবৰৰ জন্ম৷ গাইডে ক’লে যে জধা আকবৰ চিনেমা খনৰ এটা অংশ ইয়াতে চুটিং লোৱা হৈছিল বোলে৷ আম্বেৰ ফৰ্টৰ অনুপম কাৰুকাৰ্যই মনটো সজীৱ কৰি তুলিলে৷ গধূলীলৈ অলপ বজাৰ সমাৰ কৰিলোঁ আৰু ৰাতিটো জয়পুৰত কটাই পিছদিনা দিল্লীলৈ পুনৰ ওভতি আহিলোঁ৷আবেলি দিল্লী পালোঁহি৷দিল্লীৰ কেৰল বাগত বজাৰ কৰিলোঁ,বজাৰত মানুহৰ ভীৰ দেখি কেৰল বাগৰ বজাৰ খন গুৱাহাটীৰ ফাঁচীবজাৰখনৰ দৰে লাগিল৷
পিছদিনা পুৱা ৭ বজাতে এয়াৰপৰ্ট পালোঁহি৷ তাতে ব্ৰেকফাষ্ট কৰিলোঁ আৰু ৯-৫০ৰ জেট এয়াৰৱেইজৰ ফ্লাইটত উঠিলোঁ৷ অনু বা হঁতক লগ নকৰাৰ দুখ এটা ৰিণি ৰিণি বাজি থাকিল যদিও ভ্ৰমণৰ মিঠা স্মৃতিখিনিও মনৰ মাজত গুণগুণাই থাকিল৷
দিল্লীৰ পৰা ডাৱৰৰ মাজে মাজে আকাশেৰে উৰা মাৰি তিনি ঘন্টাৰ অন্তত ডিব্ৰুগড়ৰ মোহনবাৰী এয়াৰপৰ্ট পালোঁহি৷
সাৰদা বা, ইমানতে মোৰো ভ্ৰমণৰ অন্ত পৰিল৷
আজিলৈ সামৰোঁ৷ মোলৈ চিঠি লিখিব দেই৷
বহুতো মৰম আৰু শুভকামনাৰে…
ইতি
আপোনাৰ ভন্টী
মৌ
১৯/১০/২০১৪

মৰমৰ সাৰদা বা

(চিঠি-২)
মৰমৰ সাৰদা বা, with Sarada Shrestha Anupama Borgohain
পত্ৰৰ আৰম্ভণিতে আপোনাৰ কুশল কামনা কৰিলোঁ৷আশাকৰোঁ, ভগৱানৰ আৰ্শীবাদত আপোনাৰ ভাল৷আমাৰো ভালেই৷
এইয়া, আপোনালৈ দ্বিতীয়খন চিঠি লিখিবলৈ বহিছোঁ৷
সেইদিনা বৃন্দাবন, মথুৰাৰ পৰা ওভটোতে গৃহস্হই ক’লে—“ইয়াতে মামণি ৰয়ছম বাইদেৱে থাকি উপন্যাস ৰচনা কৰিছিল”৷মইও ভাবিলোঁ, কথাটো হয়—তেখেতৰ আত্মজীৱনী “আধালেখা দস্তাবেজত” এইকথাৰ উল্লেখ পাওঁ৷মামণি বাইদেৱে জীৱনৰ এছোৱা সময় বৃন্দাবনত কটাইছিল৷সাৰদা বা, আপুনি মামণি বাইদেউৰ উপন্যাসবোৰ পঢ়িছেনে?তেওঁৰ লেখা পঢ়ি আপোনাৰ কেনে লাগে জনাবছোন৷
আমাৰ ড্ৰাইভাৰে ক’লে—তাজমহল বোলে আবেলি ৫ বজাতে বন্ধ হয়!সেয়ে আমি পোনে পোনে হোটেলত জিৰণী নলৈ তাজমহললৈকে পোনালোঁ৷আবেলি ৩ বজাত তাজমহল পালোঁগৈ৷বহুবছৰৰ পৰা তাজমহল নিচেই ওচৰৰ পৰা চাবলৈ পোৱাৰ কিমান যে হেঁপাহ আছিল মোৰ!বা, আজি সেই হেঁপাহে দিঠকত ৰূপ পালে৷
ড্ৰাইভাৰজনে তেওঁৰ চিনাকী গাইড এজন ঠিক কৰি দিলে৷এটা কথা মন কৰিলোঁ, আগেয়ে গৈ নোপোৱা ঠাইত গাইড নহ’লে একো আগ-পিছ গম পোৱা নাযায় আৰু এই টুৰিষ্ট প্লেচ বিলাকত গাইড সকল ব্যৱসায়িক ভাৱে লাভান্বিতও হয়৷
গাইডজনে আমাক তাজমহললৈ বুলি আগবঢ়াই নিলে আৰু তাজমহলৰ বিষয়ে ক’বলৈ আৰম্ভ কৰি দিলে৷গাইডজনৰ পাকঘূৰণি খোৱা হিন্দী আধা বুজিলোঁ, আধা নুবুজিলোঁ৷
সাৰদা বা, স্কুলত মোৰ বুৰণ্জী নাছিল, এডভান্স মেথ্চ আছিল, গতিকে বুৰণ্জী ওপৰে ওপৰেহে জানো, গভীৰত নাজানো৷বা, স্কুলত আপোনাৰ ইলেক্টিভ ছাবজেক্ট কি আছিল বাৰু?
এজন ফটোগ্ৰাফাৰ আগবাঢ়ি আহিল৷ আমাৰ নিজৰ কেমেৰা আছিল যদিও আমি ফটোগ্ৰাফাৰজনৰ কেমেৰাতো ফটো উঠিবলৈ সন্মত হ’লো৷তাৰপিছত তাজমহলক কেন্দ্ৰ কৰি লৈ আমাৰ ফটো উঠা আৰম্ভ হ’ল৷কিমানযে ভংগীমাত ফটো নুঠিলোঁ!!!
ফটো উঠাৰ ভংগীমা শেষ কৰি আমি তাজমহলৰ ভিতৰলৈ বুলি আগবাঢ়িলোঁ৷গাইডে আমাক তাজমহলৰ বিষয়ে কৈ গ’ল৷তাজমহলৰ সকলোখিনি নিৰ্মাণ কৰি শেষ কৰোঁতে ২২ বছৰ লাগিছিল৷মোগল সম্ৰাট চাহজাহানে তেওঁৰ প্ৰিয়তমা পত্নী মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰোৱাইছিল৷তাজমহল নিৰ্মাণ কৰোৱাৰ আগতে তেওঁ বোলে সপোনতে এনে এক নিৰ্মাণ কাৰ্য দেখিছিল আৰু যাক বাস্তৱত সাকাৰ ৰূপ দিছিল৷তাজমহল নিৰ্মাণ কৰোঁতে ২২০০০ মিস্ত্ৰীয়ে কাম কৰিছিল৷বগা মাৰ্বল পাথৰৰ দ্বাৰা কাৰুকাৰ্য খচিত এই অমৰ প্ৰেমৰ সাক্ষী “তাজমহল” পৃথিৱীৰ সাতোটা আশ্চৰ্যতম বস্তুৰ ভিতৰত এটা৷
সাৰদা বা, তাজমহল হাতেৰে চুই চালোঁ, চকুৰে ইয়াৰ ৰূপসুধা পান কৰিলোঁ…….আপুনি বাৰু তাজমহললৈ কেতিয়াবা আহিছেনে?
সেইদিনা তাজমহলত মানুহৰ ভীৰ বহুত আছিল৷পূজা বন্ধৰ কাৰণেই ইমান ভীৰ আছিল নে আনকালেও এনেকৈয়েই ভীৰ হয়, বুজি নাপালোঁ৷তাজমহলৰ একেবাৰে ভিতৰত চাহজাহান আৰু মমতাজৰ সমাধি দুটা আছে—চাহজাহানৰ সমাধিটো ডাঙৰ আৰু মমতাজৰ সমাধিটো সৰু৷তাজমহলৰ কাষেৰে যমুনা নদীখন বৈ গৈছে৷
তাজমহল চাই উঠি ওভতোটে খোজকাঢ়ি থকাৰ বাবে ভৰিৰ তলুৱা দুটা বিষাইছিল, ভোকে-পিয়াহে ভাগৰুৱা হৈ পৰিছিলোঁ৷হোটেলত গৈ জিৰণী লৈহে ভাগৰ আঁতৰিল৷
আজিলৈ ইমানতে সামৰোঁ৷ জয়পুৰ ভ্ৰমণ পিছৰখন চিঠিত লিখিম৷
আপোনালৈ বহুতো মৰম আৰু শুভকামনাৰে…
ইতি
আপোনাৰ ভন্টী
মৌ
১৩/১০/১৪

মৰমৰ সাৰদা বা

(চিঠি-১)
প্ৰতি
মৰমৰ সাৰদা বা, with Sarada Shrestha Anupama Borgohain Chayanika Saikia
পত্ৰৰ আৰম্ভণিতে আন্তৰিক মৰমবোৰ গ্ৰহণ কৰিব৷আশাকৰোঁ, ভগৱানৰ আৰ্শীবাদত আপোনাৰ ভাল৷আমাৰো ভালেই৷
আপোনালৈ চিঠি লিখিম লিখিম বুলি ভাবি থাকিও চিঠি লিখা হৈ উঠা নাছিল৷আজি সেয়ে ভাবি নাথাকি লিখিবলৈ বুলি বহিয়েই ললোঁ৷
এইবাৰ আপোনাৰ পূজা কেনে গল? আমি এইবাৰ পূজাত ফুৰি আহিলোগৈ৷ছয়দিনীয়া ভ্ৰমণসূচীৰে দিল্লী-আগ্ৰা-জয়পুৰ ফুৰি আহিলোঁ৷শাহু মা আৰু বাইদেউ-ভিনদেউৰ পৰিয়াল আমাৰ স’তে গৈছিল৷দিল্লীলৈ বুলি ৰাওনা হওঁতে ভাবিছিলোঁ—দিল্লীত মোৰ বহুত আপোন মানুহ আছে—মৰমৰ বা অনুপমা বাইদেউ আছে, ভন্টী দিতি আৰু মাধুৰীমা আছে, প্ৰতিম দা আৰু বৌ আছে, বান্ধৱী মৌচুমী আছে….আপোন মানুহৰ কথা ভাবি থাকোঁতে কোনোদিন গৈ নোপোৱা দিল্লীখনক অতি আপোন আৰু চিনাকী যেন লাগি গৈছিল৷
সেইদিনা ৰাতিটোৰ বাবে দিল্লীৰ কেৰল বাগৰ এখন হোটেলত উঠিছিলোঁগৈ৷পিছদিনা ৯ বজাৰপৰা আমাৰ দিল্লী ভ্ৰমণ আৰম্ভ হ’ল৷আমাৰ ট্ৰেভেলাৰৰ ড্ৰাইভাৰে প্ৰথমে আমাক লালকিল্লা দেখুৱালে, তাৰপিছত ৰাজঘাট, হুমায়ুন টম্ব, কুটুবমিনাৰ, ইণ্ডিয়া গেট আৰু যেতিয়া লটাছ টেম্পল চাবলৈ গ’লো..দিল্লীৰ ট্ৰেফিক জামে আমাৰ গোটেই সময়খিনি খাই পেলালে৷মন্দিৰ বন্ধ হোৱাত গাড়ীৰ পৰাই টেম্পল চাই সন্তুষ্টি ললোঁ..তেতিয়ালৈ আন্ধাৰ নামিল…তাৰপিছত ড্ৰাইভাৰে আমাক দিল্লী হাটলৈ লৈ গ’ল৷তাত দুই-এপদ বস্তু কিনি হোটেললৈ উভতিলো৷সময়ৰ অভাৱত দিল্লীৰ মেট্ৰত উঠা নহ'ল, অক্ষৰ ধাম মন্দিৰ চোৱা নহ'ল৷ভাবিলোঁ--দিল্লীলৈ অহাৰ ফিটাহে কাটিছোঁ...আকৌ আহিম, অনুপমা বা, মৌচুমী, দিতিহঁতৰ ঘৰলৈ যাবলৈ আছেই দেখোন!
পিছদিনাই আমি আগ্ৰালৈ বুলি ৰাওনা হ’লোঁ…আগ্ৰালৈ বুলি যাওঁতে ৰাস্তাতে মথুৰা আৰু বৃন্দাবনত সোমালোঁ৷বৃন্দাবনৰ "প্ৰেম মন্দিৰত"হে সোমালোঁ, "বাকেবিহাৰী মন্দিৰ"টো সময়ৰ অভাৱত চাবলৈকে নহ’ল৷প্ৰেম মন্দিৰৰ অপৰূপ সৌন্দৰ্যই মুগ্ধ কৰিলে৷তাতে প্ৰভু দৈৱকী নন্দনৰ জন্মভূমিত ভৰি দিছোঁ বুলি ভাবি নিজেই ৰোমান্চিত হৈ পৰিলোঁ৷তাৰপিছত লৰালৰিকৈ মথুৰা পালোঁগৈ, তাত গাইডে কংসৰ কাৰাগাৰ দেখুৱালে আৰু কাৰাগাৰৰ য’ত দৈৱকী নন্দন জন্ম হৈছিল সেই কাৰাগাৰত আমি সোমালোগৈ—নিজকে ধন্য অনুভৱ কৰিলোঁ৷তালৈ কেমেৰা, ফোন একো নিবলৈ নিদিয়ে৷
সাৰদা বা, চিঠিখন আজিলৈ ইমানতে সামৰোঁ৷পিছৰ ভ্ৰমণসূচীখিনি পিছৰ চিঠিত লিখিম৷
আপোনালৈ বহুতো মৰম আৰু শুভকামনাৰে…
ইতি
আপোনাৰ ভন্টী
মৌচুমী
১১/১০/১৪