Monday, 28 November 2016

জান আখ্যান

জান আখ্যান:
জান-হিয়াই ৰাম-সীতাৰ কথা বেছিকৈ জানিব বিচৰাত আমাৰ দিনৰ ৰামায়ণৰ ডিভিডিখিনি কিনি পেলালোঁ৷ দুইজনী এইকেইদিন ৰামায়ণ চোৱাত ব্যস্ত৷ আজি জানে মোক সুধিলে --
: মা,ৰামৰ ঘৰত মতা নাম নাই নেকি?

টুকুৰা পদ্য

টুকুৰা পদ্য
১)
নিয়ৰসনা ঘাঁহনিখনিৰ মাজৰ পৰা
বেং এটা জপিয়াই উঠিল
তোমাৰ চকুলৈ কেনেকৈ চাওঁ
মোৰ যে চকুত শাওনীয়া মেঘৰ নাচোন৷৷
২)
হাচনাহানা জোপাত
মৌপিয়া চৰাইজনী বহি আছিল
তেতিয়া তোমাৰ হৃদয় আছিল মৰুভূমি৷৷
৩)
আইনাত সৰল গছৰ প্ৰতিবিম্ব
এই কথা তুমি যদি জানিলাহেঁতেন
সবাতোকৈ সুখী হ'লোহেঁতেন মই৷৷

Sunday, 27 November 2016

জান আখ্যান

জান আখ্যান:
মা, মই তোমাতকৈ এতিয়াহে চাপৰ হৈ আছোঁ, চাবাছোন মই ডাঙৰ হ'লে তোমাতকৈ ওখ হৈ যাম!!

Wednesday, 23 November 2016

জান-হিয়া আখ্যান

জান-হিয়া আখ্যান-
জান-হিয়াক ঘৰতে কেৱল অসমীয়া বৰ্ণমালাখিনিহে এতিয়ালৈ শিকাই থোৱা হৈছে৷হ্ৰসই কাৰ,দীৰ্ঘই কাৰ এতিয়ালৈকে শিকোৱা হোৱা নাই৷ ইফালে সিহঁতক স্কুলত হিন্দী শিকাইছে, "ছটি কি মাত্ৰা","বড়ী কি মাত্ৰা" শিকাইছে....
জানে সিদিনা মই পঢ়ি থকা অসমীয়া গল্প কিতাপখনত চকু ফুৰালে আৰু পঢ়ি গ'ল--
" ত মে ও কি মাত্ৰা তু, ম মে ছটি কি মাত্ৰা মি -- তুমি....হয় নে মা?

জান-হিয়া আখ্যান

হিয়া:-অ' মা,ৱানৰ আগত কি আহে?
মা :- জিৰ'
হিয়া: জিৰ'ৰ আগত?
মা: ওমমমমম.....
হিয়া:জিৰৰ আগত লাড্ডু আহে!!!!

জান-হিয়া আখ্যান

জান হিয়াই "বুঢ়ী আইৰ সাধু"ৰ গোটেই কেইটা সাধুয়েই শুনিলে৷ সেয়ে আজিকালি পুনৰ শুনিব নিবিচাৰে৷মইও নিজৰ ফালৰ পৰা জনা সাধুবোৰ কৈ কৈ মোৰো তলি উদং হৈছেগৈ৷সিদিনা ৰামায়ণৰ সাধু ক'লো৷বৰ ভাল পালে দুইজনীয়ে৷ এইবাৰ মহাভাৰতৰ সাধুত ধৰিলোঁ৷ গৈ গৈ দ্ৰৌপদীৰ সয়ম্বৰ পালোঁগৈ৷ যেতিয়া ক'লো -- পঞ্চ-পাণ্ডৱে দ্ৰৌপদীক লৈ মাক কুন্তীৰ কাষ পালেগৈ আৰু মাকক যুধিষ্ঠিৰে ক'লে --" মা,তোমাৰ বাবে আমি কি আনিছো চোৱা৷" মাকে ক'লে -- "যি আনিছা ভগাই লোৱা"
মাকৰ মুখৰ কথা ৰক্ষা কৰি পাঁচজন পাণ্ডৱে দ্ৰৌপদীক বিয়া পাতিলে৷
-- সাধু শুনি জানে মূৰে কপালে হাত দিলে ... হিয়াই ক'লে -- "অ' মা,তেন্তে দ্ৰৌপদীয়ে পাঁচবাৰকৈ সেন্দূৰ লৈছিল ন'?

জান-হিয়াৰ কথা

জান-হিয়াৰ কথা:-
(১)
হিয়া: মা,তুমি কাৰোবাক ভাল পোৱা ন?
মা: ???
হিয়া: তুমি, পাপাক ভাল পোৱা ন'?
(২)
জান: মা, মোৰ আখৰকেইটা কেনেকুৱা হৈছে?
মা: বৰ ধুনীয়া হৈছে!
জান: মাক বোৰে জীয়েক বোৰৰ এনেও সব ভাল দেখেই!
(৩)
চিনেমা হলৰ ভিতৰত ---
জান: এন্ধাৰত মবাইল চাব নালাগে বুলি কয় কিন্তু চিনেমা চাওঁতে লাইটবোৰ কিয় বন্ধ কৰি দিয়ে?
"কথানদী"ৰ ভয় লগা দৃশ্য চাব নোৱাৰি চকু দুটা মুদি দিলোঁ৷জান আৰু হিয়াইও মুদি আছে৷ হিয়াই মোক চকু মুদা দেখি কৈ উঠিল--
" মা, তুমি চোন ডাঙৰ মানুহ!ডাঙৰ মানুহে ভয় কৰে নেকি???