প্ৰিয়
সতীৰ্থবৃন্দ, চিঠি গোট
আন্তৰিক মৰম আৰু শুভেচ্ছা লব’ ৷ আপোনালোকলৈ বুলি চিঠিৰ পাতনি মেলিছো হাতত কলম লৈ ৷অলপতে আমাৰ অতি মৰমৰ আৰু আদৰৰ, চিঠি গোটৰ প্ৰশাসক অনুপমা বৰগোহাঁই (ধুনু বা) বাইদেউক লগ পোৱাৰ সৌভাগ্য হ’ল ৷ মনোহৰ দাদাই ক’লে—“বাইদেউক লগ পাই কেনে লাগিল সেই অনুভৱেৰে, যদি পাৰা চিঠি গোটত চিঠি এখন লিখিবা ৷” আৰু ক’লে—“মাজে মাজে চিঠি লিখি থাকিবা, চিঠিগোটটো নিজম পৰি যাব নিদিবা, চিঠি গোটক আমিয়েই জীয়াই ৰাখিব লাগিব ৷” মনোহৰ দাদাৰ কথাখিনিয়ে হৃদয় চুই গ’ল, চিঠিগোটটোৰ বাবে তেওঁৰ যে কিমান চিন্তা!চিঠিৰ দৰে এটি পুৰণি ঐতিহ্যক ধৰি ৰাখিবৰ বাবে দাদাই বহুত চেষ্টা কৰিছে, চিন্তা কৰিছে ৷ সেয়ে দাদাক ক’লো –“চিন্তা নকৰিব’ আমি আছোঁ নহয়!”
এতিয়া আহোঁ অনুপমা বাইদেউৰ কথালৈ ৷ বাইদেউ এগৰাকী হাড়ে-হিমজুৱে শক্তিশালী লেখিকা ৷ তেওঁৰ প্ৰতিটো লেখাই সমাজলৈ একোটা বাৰ্তা কঢ়িয়াই আনে আৰু লেখাবোৰে প্ৰতিজন পাঠককে অনুপ্ৰেৰণা যোগায় ৷ আজি মই ফেচবুকক এই আপাহতে ধন্যবাদ এটা দি থব’ বিচাৰোঁ যে ফেচবুক নথকা হ’লে মই হয়তো বাইদেউৰ সান্নিধ্য নাপালোহেঁতেন৷মোৰ মনত আছে ২০০৪ নে ২০০৫ চন মানত হয়তো বাইদেউৰ এটা লেখা প্ৰিয় সখীত প্ৰকাশ পাইছিল, তেতিয়া পিছে ফেচবুক নাছিল কিন্তু কিয় জানো বাইদেউৰ নামটো মোৰ মনত তেতিয়াই ৰৈ গ’ল আৰু ২০১২-১৩ চনত ফেচবুকৰ জড়িয়তে বাইদেউৰ সান্নিধ্যলৈ আহিলোঁ ৷
অনুপমা বাইদেউক মই ঘৰুৱা আন্তৰিকতাৰে “ধুনু বা” বুলি মাতো ৷ বা য়ে ক’লে যে এইবাৰ বিহুত তেওঁ অসমলৈ আহিব আৰু শিৱসাগৰত মোক লগ কৰিব ৷ পিছে মোৰ মা আৰু শহুৰৰ ঘৰ লখিমপুৰ হোৱা বাবে বিহুত বা ক লগ নোপোৱাৰ কথা জনালোঁ৷বা ক লগ নাপাওঁ বুলি দুখী হৈ পৰিছিলো আৰু বা ৰো হয়তো দুখ লাগিছিল ৷ হঠাতে এদিন বা য়ে ক’লে যে ১৯ এপ্ৰিল, তেওঁলোকৰ বিবাহ বাৰ্ষিকী; সেইদিনা কাজিৰঙাত তেওঁলোকে বিবাহ-বাৰ্ষিকী উৎযাপন কৰিব, সেইবাবে বিশ্ব (ধুনু বাৰ কানা) আৰু ঈশান ভাইটীকো নিমন্ত্ৰণ কৰিছে –“কবিতা গধূলী” পাতিব বোলে,মই যেন ঘৰৰ পৰাই এটা কবিতা ৰেকৰ্ড কৰি তেওঁলোকলৈ মবাইল ফোনযোগে পঠাই দিওঁ৷ বা ৰ কথাত মই চিন্তা কৰিলোঁ যে ১৯ তাৰিখ দেওবাৰ পৰে আৰু আমাৰো ঘৰৰ পৰা উভতি অহাৰ সময় আহি পৰে ৷ সেয়ে বাক ক’লো যে একো অসুবিধা নহ’লে আমি বাহঁতক লগ কৰিব পাৰিম৷আৰু সঁচাকৈয়ে সকলো প্ৰতিকূলতাক নেওচি হ’লেও ১৯ তাৰিখে গধূলী ৬ বজাত কাজিৰঙাত আহি সপৰিয়ালে উপস্হিত হ’লো৷
বা হঁতে কাজিৰঙাৰ “বৰগছ ৰিছৰ্ট”ত আছিল, আমিও বাহঁতক লগ পাবৰ বাবে ৰিছৰ্ট পালোগৈ আৰু ৰাতিটো থাকিবৰ বাবে ৰূম বুক কৰিলোঁ ৷ বা ক লগ পাই আনন্দ আৰু আবেগত সাৱটি ধৰিলোঁ মই৷ সোঁশৰীৰে বাৰ স’তে সেইয়াই আছিল মোৰ প্ৰথম দেখা, ভিনদেউ, ঈশান, বিশ্ব আৰু মোৰ মৰমৰ ভাগিন অয়ন,মৌমন আৰু বাহঁতৰ লগত থকা সবিতা – সকলোকে লগ পাই খুব আনন্দ লাগিল ৷ বায়েই আমাক আমাৰ বুক কৰি থোৱা কোঠালৈ লৈ গ’ল৷সেইদিনা গধূলি ৰিছৰ্টৰ ভিতৰত লানি লানি জোপোহা গছৰ মাজে মাজে জ্বলি থকা লাইটৰ পোহৰৰ বাটেৰে ধুনু বা আৰু মই আগবাঢ়িলো আমাৰ কোঠালৈ বুলি ৷ সেইদিনা যিহেতু বাহঁতৰ বিবাহ বাৰ্ষিকী আছিল সেয়ে আমি সকলোৱে ধুনু ধুনুকৈ সাজি কাছি ৰিছৰ্টৰ বাগিছাৰ মাজত সজাই থোৱা চকীবোৰত বহিলোহি৷ বা আৰু ভিনদেৱে কেক কাটিলে আৰু আমি সকলোৱে বিবাহ-বাৰ্ষিকী অনুস্হানত আনন্দ-ফূৰ্তি কৰিলো যদিও হিম পৰি ঠাণ্ডা পৰাৰ বাবে কবিতা গধূলী অনুস্হানটি হৈ নুঠিল লগতে বাৰ পৰা ধুনীয়া গান এটা শুনিম বুলি ভাবিছিলো যদিও শুনা নহ’ল ৷ সেইদিনা ৰাতিৰ সাজটো বাহঁতেই আমাক খোৱালে ৷ ৰাতিৰ সাজ খাই জান আৰু হিয়াক শুৱাই মেলি বাহঁতৰ কোঠালৈ গ’লো আৰু মই, বিশ্ব আৰু ঈশানে বাৰ লগত বহুত কথা পাতিলো ৷ বায়ে আমাক গঙ্গ্য কেনেকৈ কৰে শিকাই দিলে ৷গঙ্গ্য হ’ল কমলগাঠাৰ দুটা সূত্ৰ;তাত থকা দুটা কবিতা পুৱা-গধূলী পঢ়া হয়৷গঙ্গ্যৰ প্ৰথম সূত্ৰটোৰ অৰ্থ হ’ল “মই বুদ্ধ” আৰু দ্বিতীয় সূত্ৰটোৰ অৰ্থ হ’ল “মই মোৰ বুদ্ধ স্বভাৱটো সদায় উজ্জীৱিত ৰাখিম”—এইয়া হ’ল নিজৰ ওচৰত কৰা প্ৰতিজ্ঞা ৷ তাৰপিছত বায়ে মুকুতাবাণীৰ দৰে কেইটামান কথা কৈছিল--- ৰাজহাড় পোন কৰি বহিব লাগে, খৰকৈ খোজ কাঢ়িব লাগে,খৰকৈ কামবোৰ কৰিব লাগে,সদায় সাহসী হ’ব লাগে, উচিত কথাত মাত মাতিব লাগে ইত্যাদি ইত্যাদি৷ সেইদিনা কথা পাতি থাকোঁতে আমাৰ বহু ৰাতি হৈছিল৷
পিছদিনা ৰাতিপুৱা আমি সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰিলোঁ, ফটো উঠিলো ৷ তাৰপিছত আমি আটায়ে বাগিছাত গৈ বহিলোগৈ৷মই বাক ৱাটছ আপত এটা প্ৰশ্ন সুধিছিলো, বায়ে সেই প্ৰশ্নটোৰ কথা আমাৰ কথাৰ মাজত ওলিয়ালে ৷ প্ৰশ্নটো আছিল—“আপুনি জীৱনৰ এনে এটা মধুৰ স্মৃতি বা সহজে পাহৰিব নোৱাৰা আনন্দময় অভিজ্ঞতাৰ কথা ক’ব পাৰিবনে যিটো কথা মনত পেলাবলৈ আপোনাক এক ছেকেণ্ড সময়ৰো দৰকাৰ নহ’ব, যাক ক’ব পাৰি “পিয়ৰ জয়”, বিশুদ্ধ আনন্দ—তেনে অভিজ্ঞতা আপোনাৰ কেতিয়াবা হৈছেনে?” আচলতে এই প্ৰশ্নটো সুধিছিল স্বনামধন্য হোমেন বৰগোহাঞি দেৱে সদ্য প্ৰয়াত কবি অজিত বৰুৱা দেৱক ৷মই হোমেন বৰগোহাঞিদেৱৰ সেই প্ৰশ্নটোকে বাক সুধিছিলো ৷এতিয়া সেই প্ৰশ্নটোৰে আঁত ধৰি বায়ে সকলোকে নিজৰ অভিজ্ঞতাৰ কথা কবলৈ ক’লে আৰু সকলোৱে এজন এজন কৈ নিজৰ জীৱনৰ আনন্দময় অভিজ্ঞতাৰ কথা কৈ গ’ল৷ সকলোৰে কথাবোৰ শুনি শুনি অভিভূত হৈ পৰিছিলো ৷ সততে এইবোৰত ভাগ নোলোৱা মোৰ গৃহস্হইও যেতিয়া নিজৰ আনন্দময় অভিজ্ঞতাৰ কথা ক’লে-মোৰ দুচকু ভৰি উঠিছিল ৷তাৰপিছত বাহঁতে মোৰ পৰা কবিতা শুনিম বুলি ক’লে আৰু মইও কনচেঙ ভিনদেৱে লিখা “আপোন” আৰু “ধুনু বায়েকৰ ভনী” নামৰ কবিতা দুটা পাঠ কৰি শুনালোঁ ৷ কথা পাতি আমি ইমান মগ্ন হৈ পৰিছিলো যে কথা যেন শেষেই নহ’ব এনে লাগিছিল৷ ইফালে আমাৰ সময়ো চুটি হৈ আহিছিল ৷ অলপ দেৰিৰ পিছতে বিদায় ল’ব লাগিব বুলি ভাবি মনটো সেমেকি উঠিছিল৷সময়ৰ কথালৈ চাই আমি আমাৰ কথা-বতৰা সিমানতে সামৰিব লগা হ’ল৷তাৰপিছত আমি আমাৰ টালি-টোপোলা লৈ ৰূম খালি কৰিলো৷ কোঠাৰ পৰা ওলোৱাৰ আগতে আমি আকৌ সকলোৱে মিলি এবাৰ “গঙ্গ্য” কৰিলোঁ৷
বাক বিদায় দিম বুলি ভবাৰ দুখতে যিমান পাৰি বাৰ কাষতে বহি থাকিলোঁ ৷ বায়ে মোক তেওঁ নতুনকৈ লিখা উপন্যাসখনৰ প্ৰিন্টেড কপি এটা উপহাৰ দিলে ৷বায়ে সেইদিনা মই বিহু আৰু বিবাহ-বাৰ্ষিকী উপলক্ষে বাক দিয়া মেখেলা-চাদৰযোৰ পিন্ধিছিল ৷ মোৰ এনে লাগিছিল তেওঁ যেন মোৰ মৰমখিনিকে সাৱটি আছে—ভাল লাগিছিল ভাবি৷ “নিভাঁজ” শব্দটোৰ অবিকল প্ৰতিবিম্ব যেন মোৰ ধুনু বা ৷ ধুনু বাই যেন মোক “নিভাঁজ” আৰু “নিস্বাৰ্থ” শব্দদুটাৰ পাঠ শিকাইছে ৷
তাৰপিছত আমি “বৰগছ ৰিছৰ্ট”ৰ পৰা বিদায় লৈ “কহৰা পইন্ট” পালোহি৷ তাতে আমাৰ “বিদায় ক্ষণ” আহি পৰিল৷এক মিনিটৰ বাবেও ধুনুবাৰ সান্নিধ্যৰ পৰা আঁতৰিব নুখোজা মই ধুনুবাক বিদায় দিবলৈ সাজু হ’ব লগা হ’ল৷ বায়ে মোক মৰম আৰু আবেগেৰে সাৱটি ধৰিলে ৷ ধুনুবাৰ মৰমখিনিক সাৱটি মই গাড়ীত উঠিলো,গাড়ীত বহি কেৱল ধুনুবাৰ মৰমী মুখখনিকে চাই ৰ’লো……
অনুপমা বাইদেউ (ধুনু বা)ক লগ পোৱাৰ সুখ-সোঁৱৰণীৰে মোৰ এই চিঠিখনিৰ আজিলৈ সামৰণি মাৰিলোঁ৷
ধন্যবাদ সহকাৰে,