Thursday 7 May 2015

"কেতিয়াবা খুউব নিবিড়ভাবে বজাওঁ তানপুৰা"

"কেতিয়াবা খুউব নিবিড়ভাবে বজাওঁ তানপুৰা"
কেতিয়াবা খুউব নিবিড়ভাবে বজাওঁ তানপুৰা৷
চকুৰ মণিত পুৰাতন সংগীত বাজে৷
মন জুৰোৱা এখনি চিত্ৰপট
প্ৰকৃতিয়ে অঁকা--
সোনাৰু-কৃষ্ণচূড়া-এজাৰ ফুলৰ ৷
তোমাৰ খোপাত গজৰা সুবাস!
দীঘলকৈ টানি লৈ
নিমফুলৰ সুগন্ধি আৰু
বাঁহীৰ সুৰৰ তন্ময়তাৰে
এনেকৈয়ে কেতিয়াবা
খুউব নিবিডভাবে বজাওঁ তানপুৰা ৷

No comments:

Post a Comment