Friday 30 October 2015

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি
মন্টুৱে অংক বৰ টান পায়৷ তাৰ আজি অংক পৰীক্ষা আছিল ৷ পৰীক্ষা পিছে তাৰ বৰ ভাল হ'ল কাৰণ সি শ্ৰেণীৰ আটাইতকৈ চোকা ল'ৰা ৰিকুৰ পৰা নকল কৰি সকলো লিখিলে ৷
পৰীক্ষাহ'লৰ পৰা ওলায়েই সি ভৱেশক লগ পালে ৷ ভৱেশে তাক সুধিলে --
" মন্টু, চাৰি নম্বৰ প্ৰশ্নৰ উত্তৰ কি লিখিলি?"
মন্টুৱে তপৰাই উত্তৰ দিলে --
"হ্ৰসই লিখিলোঁ৷"
"হ্ৰসই লিখিলি?"-- ভৱেশৰ কপাল থূপ খালে ৷
ভৱেশৰ কপাল থূপ খোৱা দেখি সি ৰিকুক বিচাৰি গ'ল৷
" ৰিকু, চাৰি নম্বৰ প্ৰশ্নৰ উত্তৰটো কি হ'ব?"
"অ' হাফ হ'ব লাগে মন্টু, তোমাৰ কিমান ওলাল?"
মন্টুৱে আচল উত্তৰটো এতিয়াহে গম পালে৷

No comments:

Post a Comment