Tuesday 7 June 2016

কবি আৰু কবিতাঃঅনিতা গগৈ

কবি মৌচুমী বৰিৰ কবিতা মূলত সুকোমল ভাৱৰ কাব্যিকতাৰে সমৃদ্ধ। অনুভূতিপ্রৱন চেতনালব্ধ অনুভৱৰ গাঢ়তাৰে হৃদয়ৰ অভ্যন্তৰত বিচৰণৰ এক আত্মিক প্রয়াস পৰিলক্ষিত হয় তেখেতৰ প্রায়বোৰ কবিতাত -- । তেনে এক আলফুলীয়া অনুভৱৰ সুকোমল প্রকাশ ঘটা এটি কবিতা -
"আজাৰ নিজাৰ পৰা শূণ্যতা"ত আৰম্ভনিতে কবিয়ে অংকন কৰিছে এক মনোগ্রাহী চিত্রকল্প -- '' জোনাক ফুলা ঘৰটো'' যি পাঠকক আভাস দিয়ে __এক বৰ্ণময় অতীতৰ। কিন্তু সোঁৱৰণিৰ শেতেলিত শায়িত সেই ৰূপোৱালী জ্যোৎস্নাবিঢৌত অতীতক তুলনা কৰিবলৈ কবিয়ে বাচি লৈছে ''আজাৰ নিজাৰ পৰা শূন্যতা''ৰ উপমা। পুনৰ উৎপ্রেক্ষাৰে প্রকাশ কৰিছে সেই ভাৱৰ দৃঢ়তা -- ''যেন পঢিবলৈ থাকি যোৱা / এখন মহাকাব্যৰ শেষৰ দুখিলা পাত''।
নিসংগতাত সোঁৱৰণিৰ সুৰুঙাৰে দোলা দিয়েহি প্রিয়জনৰ সুমধুৰ সান্নিধ্যৰ সোঁৱৰণ যি এতিয়া অতীত।
''মনত পৰে তোমালৈ
চঞ্চলা চপলা এটি জুৰিৰ দৰে আছিলা তুমি
.................
মৌনতাৰ কবিতা হৈ তুমি
এদিন ডাৱৰৰ সিপাৰে গুচি গ'লাগৈ ''
ব্যক্তিগত জীৱনৰ সকৰুণ অনুভূতি প্রসূত স্মৃতিকাতৰতা তথা বিষাদৰ মৃদু অনুৰণনেৰে সিক্ত কবিতাটিত মূৰ্ত হৈছে মানৱ জীৱনৰ চিৰণ্তন জন্ম মৃত্যুৰ আবহ এনেদৰে ---
'' বৈ অহা চকুৰ লোটক গোট মৰা তোমাৰ মাৰ চকুৱে
তোমাক বিচাৰি উদং পথাৰখনত বহি ৰৈছিল
আৰু এদিন তোমাৰ মাও গুচি গ'ল তোমাৰ কাষলৈ
জন্ম - মৃত্যুৰ চিৰন্তন সত্যক দোহাৰি ।'' -----
অলংকাৰসমৃদ্ধ উপমা ---'' মৌনতাৰ কবিতা '' সদৃশ প্রিয়জনৰ অবৰ্তমানত ---
''চোতালত এতিয়া এটি ৰৈ যোৱা কবিতা গুমগুমায় থাকে ---- শূন্যতা৷'' কবিতাটিৰ অন্তৰ্লীন ভাৱৰ শূন্যতাৰ গুমগুমনিয়ে প্রতিজন পাঠকৰ হৃদয় দোলায়িত কৰি যাবলৈ সক্ষম হোৱা এই কবিতা কবিগৰাকীৰ অন্যতম এটি সাৰ্থক ৰচনা ।
•তেখেতৰ আন এটি কবিতা __
"শেৱালি ফুলৰ দৰে" ৰো মূল সুৰ স্মৃতিকাতৰতা।
‘‘শেৱালি ফুলৰ দৰে কিছুমান স্মৃতি
শুই থাকে সৰা পাতৰ দলিচাত
অনিচ্ছাকৃত গাম্ভীৰ্যৰে জগোৱা নহয় সেই স্মৃতি
অথবা ইচ্ছাকৃতভাৱেও জাগি নুঠে সেই
নিদ্ৰাৰত স্মৃতিময় ফুল''
‘শেৱালি ফুল’ – আশা- নিৰাশা ,প্রাপ্তি- অপ্রাপ্তিৰে পৰিপূৰ্ণ মানৱজীৱনৰ ক্ষণভংগুৰতাৰ দ্যোতক। ‘‘সৰাপাতৰ দলিছা’’ৰ দ্যোতনাই কঢ়িয়াই পাৰ্থিৱ জীৱনৰ পৰিসমাপ্তিৰ অনুষংগ।ইচ্ছা অথবা অনিচ্ছাৰ ব্যতিৰেকেও পৃথিৱীৰ প্রতিজন মানুহেই হৃদয়ৰ গভীৰত সততে কঢ়িয়াই ফুৰে কিছু বিষাদকাতৰ সোঁৱৰণি-‘নিদ্ৰাৰত স্মৃতিময় ফুল’ যি বেদনাদ্র উপলব্ধিৰে সিক্ত হৈও জীৱনকে কৰি যায় সুবাসিত । যন্ত্রনাদগ্ধ হৃদয়ৰ সকৰুণ আকূতিৰে বিদ্ধ এই কবিতাৰ ভাৱৰ আবেদনত পৰিলক্ষিত হয় --- অতিশয় সংবেদনশীলতা যেন
‘’কপাহ-কোমল যেন চুই দিলেই লাজুকীলতাৰ দৰে জাপখাই যোৱা স্মৃতি
ভৰপক কাতৰতাত দুচকু সেমেকি উঠা
কোনো এক নিনাও কবিৰ হৃদয়ৰ পেৰাত
জাপখাই থকা এমুঠি কবিতাযেন সেই স্মৃতি!!’’
কাব্যিক সুষমাযুক্ত ভাৱ বিন্যাস , আংগিকৰ সফল প্রয়োগ তথা সুকোমল আবেদনসমৃদ্ধ উপস্থাপনেৰে কবি মৌচুমী বৰিৰ কবিতাই সততে পাঠকৰ হৃদয় বিষাদবোধেৰে সিক্ত কৰি জগাই তোলে অনিবৰ্চনীয় সুখানুভূতি।সামগ্রিক ভাবে মৌচুমীৰ কবিতাৰ আবেদন কিছুক্ষেত্রত প্রথিতযশা কবি কৰৱী ডেকা হাজৰিকা বাইদেউৰ কবিতাৰ কাষ চপা বুলি ক'ব পৰা যায়।

2 comments:

  1. আপোনাক ভুৰুকাতে পালোঁ ।

    ReplyDelete