গীত1
এন্ধাৰ চোতালতে তিৰবিৰাই জোনাকী পৰুৱা
মনৰে কথাটি ওঁঠতে ৰাখিছা কিয়
মধুসনা
হাচনাহানা জোপাই তোমাৰে বাতৰি কয়
মোৰ মন আজি মৌপিয়া কিয় হয়
সোনাৰু ফুলিছে হিয়াৰে কোণত
মৰমৰ সাতসৰী আজি মোৰ দেহত
তোমাৰ বাবেই আছো যে ৰয়
তোমাৰ বাবেই আছো যে ৰয়
আহিবা তুমি জোনাকী বাটেৰে
বাটটি ভৰিব ফুলৰ শোভাৰে
মন হ'ব পুলকিত
মনৰ চেতাৰখনিত বাজিব
গুণ গুণ সুৰৰ মূৰ্চ্ছনা
জোনাকত আঙুলি তিয়াই লিখিম
কবিতাৰ ব্যঞ্জনা
এন্ধাৰ চোতালত তিৰবিৰাই জোনাকী পৰুৱা
মনৰে কথাটি ওঁঠতে ৰাখিছা কিয়
মধুসনা
No comments:
Post a Comment