Friday 22 January 2016

মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে ' --- অগস্ত্য বৰুৱা

মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে '
***********************************
'স্পন্দন' ৰ চিনাকি কবি মৌচুমী বৰিয়ে তেখেতৰ কবিতাৰ কিতাপখন দিয়া বহু দিনেই হ'ল, ভাবিছিলোঁ পাঠকক মনৰ কথাখিনি জনাম, কিন্তু হৈ উঠা নাছিল I
পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰা কিতাপখনত মুঠ ৫৩ টা কবিতা আছে I
কবিতা খিনি পঢ়ি যাওঁতে কবিৰ সৰল আৰু কোমল মনৰ আভাস পোৱা যায় I শব্দ গাঁঠনি সুন্দৰ I কোনো জটিল শব্দৰ আশ্ৰয় নোলোৱাকৈও যে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি, সেয়া কিতাপখন পঢ়িলে একেআষাৰে ক'ব পাৰি I
প্ৰথম কবিতা 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' ত কবিয়ে কবিতা লিখিবলৈ বাট চাই থাকি কিছু চিনাকি মৰম, অভিমান আৰু চিনাকি সুৰতে বিচাৰি পাইছে কবিতাটো I
'তুমি যেতিয়া মোৰ বাবে পৰ্দাৰ আঁৰৰ সপোন আছিলা' এটা সুন্দৰ কবিতা I
"আৰু এদিন শাৰদী নিশাৰ জোনাকত
তোমাক দেখা পালোঁ
সপোনটোও জোনাকৰ স্বচ্ছতাত
জিলিকি আছিল সেইদিনা"
"আপোনাৰ অসুখৰ খবৰ পালে" কবিতাত কাৰোবাৰ অসুখৰ খবৰত ম্ৰিয়মাণ হোৱাৰ কথা ক'বলৈ গৈ কৈছে
'নিবিচাৰোঁ ম্ৰিয়মাণ গধূলি এটাত
বিনাই উঠা
শোকাৰ্ত এটি গজল শুনিবলৈও '
"সোঁৱৰণ" ত কবিয়ে শৈশৱলৈ ওভটাই লৈ গৈছে
'চতিয়না ফুলবোৰ গো্ন্ধাইছে
পূজা আহিছে
বাঁহৰ খুটাত সাঁচতীয়া পইচা কিমান বা হ'ল
এনেহেন বতৰত কমলা টেঙাৰ সোৱাদ বৰ ভাল '
সাৱলীল গতিৰ কবিতা খিনি পঢ়ি এটা কথাই কওঁ কবিৰ সৰলতাখিনি সদায় থাকক, আৰু নতুন কবিতা পঢ়িবলৈ বাট চাই ৰ'লো I
অগস্ত্য বৰুৱা
২২/০১/২০১৬

No comments:

Post a Comment