Sunday, 6 April 2014

কবিতা--"বাছৰ খিৰিকী কাষৰ ছিট"

"বাছৰ খিৰিকী কাষৰ ছিট"
বাছৰ খিৰিকী কাষৰ ছিট টো পালে
আমেজেৰে দুচকু জপাই দিব পাৰি
মনৰ দুৱাৰ খুলি উৰি ফুৰিব পাৰি
পখিলা উৰাৰ দৰে
সেয়ে মোৰ প্ৰিয়
বাছৰ খিৰিকী কাষৰ ছিট।
হুমুনিয়াহৰ মুহুৰ্ত্ত
বহুবাৰ আলফুলে সাৱটি লোৱা
ফুৰফুৰীয়া বতাহৰ আমেজ
আৰু সেমেকা চেঁচা বতাহৰ সোঁৱৰণী!
কত'বাৰ দুচকু তিয়াই ভবা
আৱেগ-অনুভূতি, হা-হুতাশৰ কথা
অথবা এৰি অহা দিনৰ সোঁৱৰণী!
সেয়ে মোৰ প্ৰিয় বাছৰ খিৰিকী!
দূৰণিৰ নীলা আকাশ
অথবা এন্ধাৰ ৰাতিৰ তিৰবিৰ তৰা
দূৰণিৰ সেউজ পথাৰ
অথবা এন্ধাৰ ৰাতিৰ জোনাকী পৰুৱা
আৰু চলমান জোপোহা গছ
বুকুত গুণগুণাই জগজিতৰ গজল!
সেয়ে মোৰ প্ৰিয়
বাছৰ খিৰিকী খন
আৰু ঐশ্বৰ্যময় সেই যাদুকৰী ছিট!
Like ·  · 44
  • Manohar Dutta ভাল লাগিল কবিতাটো।
    ______________________

    খিৰিকিখন গৈ আছিল।

    ঘৰবোৰ, গছবোৰ
    ৰ'দৰ কিৰণ নে জোনাকবোৰ?

    দূৰণিৰ বাঁহী শুনি শুনি
    কোলাহলৰ মাজতো প্ৰশান্তিৰ বা।
  • Mousumee Bori বহুত ধন্যবাদ Manohar দাদা
  • Sarada Shrestha বাছৰ খিৰিকীৰে বাহিৰলৈ জুমি চোৱাৰ মজাই বেলেগ....সেইবাবেই মোৰো প্ৰিয় বাছৰ খিৰিকী কাষৰ ছিট। যাদুকৰী ছিট...ভাল লাগিল কবিতাটি ।
  • Mousumee Bori বহুত ধন্যবাদ Sarada ba

Saturday, 9 March 2013

“অনুভৱৰ এপৃষ্ঠা”


“অনুভৱৰ এপৃষ্ঠা”
“অপাৰেচন হৈ গ’ল, হৈ গ’ল....চকু মেলা,চকু মেলা....”
নীহাৰিকাই শুনিবলৈ পালে এনাস্হেচিয়াৰ ডাক্তৰ বৰদলৈৰ মাত।তাই চকু মেলিবলৈ আপ্ৰান চেষ্টা কৰিলে,নাই, পৰা নাই....
“নীহাৰিকা,চকু মেলা,চকু মেলা...পাৰিবা,পাৰিবা.....”
তাই অনুভৱ কৰিলে তাইৰ ডিঙিৰ ভিতৰলৈ কিবা এটা খুচি দিয়া হৈছে,তাইৰ ওঁঠ দুখন চামুচেৰে যেন বহল কৰিবলৈ চেষ্টা কৰা হৈছে..আৰু তাইৰ ওঁঠ দুখন বেকা হৈ গৈছে...
লাহে লাহে তাই চকু মেলিব পাৰিলে আৰু অস্ত্ৰোপচাৰ কক্ষৰ ডাক্তৰ, নার্চ সকলোকে দেখা পালে ...
“তাইক আই.চি.ইউ ৰূমলে লৈ যোৱা”..নীহাৰিকাক লৈ ট্ৰলীখন আগবাঢ়িল...বাহিৰত কাটু, প্ৰিয়া বাইদেউ, ভিনদেউ, মাক-দেউতাক,স্বৰূপ দাদা ৰৈ আছে...তাই সকলোকে দেখিলে কিন্তু সেইসময়ত কিবা কব খুজিও কব পৰা অৱস্হাত নাছিল তাই..কাটুৱে মূৰত হাতখন বোলাই সুধিলে... “টোপনি এতিয়াও ধৰিয়েই আছে নেকি?”তাই উত্তৰ দিব নোৱাৰিলে..ট্ৰলীখন গৈ আই.চি.ইউ ৰূমৰ বিচনাৰ কাষত ৰ’ল..তাইক দুজন ৱার্ড বয়ে দুফালে ধৰি ডাঙি নি বিচনাত শুৱাই দিলে.. কাটুহঁতো আহি নীহাৰিকাৰ কাষ পালেহি... তাইৰ গলব্লাডাৰ অপাৰেচনৰ বিষটো ৰমৰমাই থাকিল।
“কথা নক’ব,আপোনাৰ বমি আহি যাব পাৰে....”নার্চ এগৰাকীয়ে নীহাৰিকাক উদ্দেশ্যি ক’লে...অলপ দেৰি থাকি কাটুহঁত গ’লগৈ আকৌ অহাৰ প্ৰতিশ্ৰুতি দি..
অলপ দেৰিৰ পিছত নার্চ এগৰাকী আহি তাইৰ প্ৰেছাৰটো জুখিলে,বুঢ়া আঙুলীত লগাই থোৱা ক্লিপটো ভালকৈ লগাই দিলে (সেইটোৰে হৃদস্পন্দন চাই সম্ভৱ!),চেলাইনৰ বটলটো সলাই দিলে আৰু ইনজেকছন এটা দিলে তাইক..বিষ-কোব বোৰ সহ্য কৰি কৰি বিচনাত পৰি থাকিল তাই।
“আই ঐ,আই ঐ.....আই ঐ...”নীহাৰিকাৰ কাষৰ বিচনাৰ ৰোগীজনে একেলেথাৰিয়ে চিয়ঁৰি থাকিল..তাই ৰোগীজনলৈ চালে..বিৰাটাকায় এজন মানুহ..ৰামায়ণৰ কুম্ভকর্ণ কিজানি এনেকুৱাই আছিল...গোটেই বিচনাখন তেওঁলৈ যেনতেন হৈছেহে...যতি নপৰাকৈ কেকাই থাকিল তেওঁ..ক্ষন্তেক পিছতে ৰোগীজনৰ অভিভাৱক আৰু ডাক্তৰ আহিল।ডাক্তৰে অভিভাৱকজনক কোৱা শুনা পালে নীহাৰিকাই... “চাওক,তেওঁ বচাৰ আশা একেবাৰে ক্ষীণ,বাহিৰলৈ চিকিৎসাৰ বাবে নিলেও আপোনালোকৰ একো লাভ নহ’ব,লিভাৰটো একেবাৰে ডেমেজ হৈ গৈছে..এই সৰুল’ৰাবোৰ ইমান উদঙীয়া কিয়?ইমান মদ খাব লাগেনে?২৫ বছৰীয়া ডেকা ল’ৰা এটাৰ এনেকুৱা অৱস্হা হোৱাটো বৰ দুখদায়ক ঘটনা!”
“২৫ বছৰ!!দেখিলেটো নালাগে!মদ খাই লিভাৰ ডেমেজ..ইচ ইচ ইচ...”তাই মনতে ভোৰভোৰালে।
তাইও ইমানেই অসুস্হ অনুভৱ কৰি আছিল যে সেইসময়ত তাইক অলপ শান্ত,নিৰিবিলি পৰিৱেশৰ প্ৰয়োজন হৈছিল!কিন্তু কাষৰ ৰোগীজনৰ কেকনিত তাই বেছিকৈ অসুস্হ অনুভৱ কৰিলে।তাইৰ মনত পৰিল টুবুৰ জন্মৰ দিনাও তাইক আই.চি.ইউ ৰূমত এৰাতি থৈছিল...সেইটো আছিল তাইৰ জীৱনৰ প্ৰথমটো অস্ত্ৰোপচাৰ..তাইক অস্ত্ৰোপচাৰ ৰূমলৈ নিবৰ বাবে কাপোৰ পিন্ধাই সাজু কৰি তুলিছিল..পৰিয়ালৰ সকলো লোকেই তাইক আৱৰি আছিল..অলপ অলপ ভয়ো লাগিছিল তাইৰ সেইদিনা..আৰু যেতিয়া তাইক লৈ যাবৰ বাবে নার্চ এগৰাকীয়ে “বগা কাপোৰ” এখন গাট দি দিছিল..কোনেওঁ নজনাকৈ এসোঁতা কান্দিছিল তাই..সেইদিনা ৰাতিও আই.চি.ইউ ৰূমত ব্ৰেইনৰ অপাৰেচন হোৱা এজন ৰোগী দেখা পাইছিল নীহাৰিকাই,যি জনে গোটেই ৰাতিটো “মাই ঔ,মাই ঔ...” বুলি চিঁয়ৰি কটাইছিল..ৰোগীজনৰ চিঁয়ৰত ৰাতিটো তাই শুব পৰা নাছিল যদিও ৰোগীজনৰ প্ৰতি তাই সমবেদনা অনুভৱ কৰিছিল..”
এগৰাকী মহিলা সোমাই আহিল..কেকাই থকা ২৫ বছৰীয়া ল’ৰাটোৰ কাষ পালেহি ,বোধহয় মাক তাৰ!তাৰ গাত ধৰি মানুহগৰাকীয়ে কৈ উঠিল... “বাবা,মোলৈ এবাৰ চা ছোন,মোলৈ চা...বাবা ঔ,তই বৰ কষ্ট পাইছ’ ন’...বাবা ঔ...”.এইবুলি কৈ কৈ মানুহগৰাকী উচুপি থাকিল..নার্চে আহি মানুহগৰাকীক ধৰি ধৰি বাহিৰলৈ লৈ গ’ল..বাহিৰত কান্দোনৰ ৰোল উঠা শুনা গ’ল..
“ডাক্তৰে নাবাচিব বুলি কৈছে...আজি যদি মোৰ চকুৰ আগতে এই ৰোগীজনে মৃত্যুক সাৱটি লয়!!” ভয় অকনমানে চুই গ’ল নীহাৰিকাক..
তাই শুবলৈ যত্ন কৰিলে..হঠাতে গেঙনিৰ শব্দত তাইৰ চিলমিলকৈ অহা টোপনি ভাগি থাকিল;এইবাৰ ২৫ বছৰীয়া ডেকা ল’ৰাটোৱে এটা এটা গেঙনি মৰা আৰম্ভ কৰিলে আৰু হাতৰ পৰা চেলাইনটো টান মাৰি গুচাই দিব বিচাৰিলে।ডিউটিত থকা নার্চ কেইগৰাকী দৌৰি আহিল...
“কি কৰিছে,কি কৰিছে...ঐ ধৰ ধৰ,জোৰকে ধৰ...টয়লেট কৰিলে,টয়লেট কৰিলে,চুইপাৰ মাত....” ৱার্ড বয় দুটামান দৌৰি আহিল হাতত গ্লভ লগাই..
সঁচাই, এই চিকিৎসালয়বোৰ!!! বাহিৰৰ পৰা দেখি ইমানবেছি অনুভৱ কৰিব পাৰি জানো...ৰোগী তথা ৰোগীজনৰ পৰিয়ালৰ বিষ-বেদনা,যাতনা,মনোবেদনাৰ কথা...মৃত্যুৰ স’তে অহৰহ সংগ্ৰাম চলি থকাৰ কথা!!ইয়াত যেন ডাক্তৰসকল একো একোজন ত্ৰানকর্তা ভগৱানস্বৰূপ আৰু নার্চসকল হাতত যাদি কাঠিৰ দণ্ড লৈ থকা সৰগৰ পৰী!!
Like ·  ·  · February 28 at 6:40pm

Saturday, 23 February 2013

এমিলি ডিকিনছন


“এমিলি ডিকিনছন— কুৰি শতিকাৰ আমেৰিকান মহিলা কবি”

    এমিলি ডিকিনছন আছিল এগৰাকী প্ৰচাৰবিমুখ আমেৰিকান মহিলা কবি,যি নিজ ঘৰৰ চাৰিবেৰৰ মাজত গোটেই জীৱন কটাইছিল;মাত্ৰ কেইদিনমানৰ কাৰণেহে বোলে তেওঁ ঘৰৰ বাহিৰ ওলাইছিল। তেওঁ কেৱল ৱাশ্বিংটন,ব’স্টন,ফিলাডেলফিয়া মহানগৰী কেইখনত ভ্ৰমণ কৰিছিল আৰু মাউন্ট হলিঅ’ক কলেজত এবছৰৰ কাৰণে শিক্ষালাভ কৰিছিল।জীয়াই থকা কালত খুব কম আমেৰিকানেহে তেওঁক জানিছিল;তেওঁৰ দ্বাৰা ৰচিত মাথোঁ সাতোটা কবিতাহে তেওঁৰ জীৱনকালত পোহৰলৈ ওলাইছিল আৰু তেওঁ তেওঁৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকসকলক কৈ গৈছিল যে মৃত্যুৰ পাছত যেন তেওঁৰ কবিতাবিলাকো পুৰি পেলোৱা হয়।কিন্তু ঈশ্বৰৰ ইচ্ছা আছিল অন্য়ধৰণৰ।এই আমেৰিকান মহিলা কবিগৰাকীয়ে কুৰি শতিকাৰ ইংৰাজী সাহিত্যত শ্ৰেষ্ঠ কবিসকলৰ শাৰীত স্হান লাভ কৰিছে আৰু তেওঁৰ কবিতাই বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।
     এইগৰাকী মহিলা কবিৰ জন্ম হৈছিল আমেৰিকাৰ আমহাস্ট চহৰত যি গোটেই জীৱন চিৰকুমাৰী হৈ কেৱল কবিতা ৰচনাতে ব্ৰতী হৈছিল;তেওঁৰ মুখ খন এক সাংঘাতিক বৈষ্যমৰ আকৰ আছিল – ধুনীয়া নহ’লেও তাত বিৰাজ কৰিছিল সৌম্যতা আৰু কাঠিন্য়তাৰ সমন্বয়ত এক উজ্জল প্ৰদীপ্তি। তেওঁৰ আছিল গভীৰ ব্ৰঞ্জ বৰনীয়া দুটি চকু,মসৃণ বগা ছাল আৰু মংগোলীয় বৰণৰ একোছা চুলি।এবাৰ তেওঁৰ এখন ছবি বিছৰা হৈছিল—কিন্তু সেই অনুৰোধ প্ৰত্যাখান কৰি তেওঁ নিজেই সাধাৰণভাৱে অথচ স্মৰণীয় ধৰণে নিজৰ ছবি এখন আঁকি পঠাইছিল এনেদৰে—“মোৰ কোনো ছবি নাই।মই মুগা বৰণীয়া সৰু গানগোৱা চৰাইজনীৰ দৰেই নিচেই সৰু।গুটিধৰা কাঠ বাদাম গছৰ পিংগল আৱৰনৰ দৰেই বিশাল মোৰ চুলিকোছা আৰু মোৰ চকুদুটা আলহীয়ে গিলাচত এৰি যোৱা শেঁতা বৰণৰ উৎকৃস্ট মদৰ লেখীয়া। এইখিনি হ’লেই নহ’বগৈনে বাৰু?”
      এমিলি ডিকিনছনৰ লিখনীসমূহ অনেক ঠাইত সিঁচৰিত হৈ আছিল।তেওঁৰ মৃত্যুৰ বহু বছৰৰ পিছত আমেৰিকাৰ হাভার্ড বিশ্ববিদ্য়ালয়ে ১৯৫৫ চনত টমাছ এইছ জনছনৰ সম্পাদনাত লিখনিসমূহ প্ৰকাশ কৰে।টমাছ জনছনে এমিলিৰ আধালেখা কবিতা আদিকে ধৰি সকলো কবিতাকে সম্পাদনা কৰে;ইয়াৰ পিছত গোটেই পৃথিৱীয়ে এমিলি ডিকিনছন নামৰ এজনী চিৰকুমাৰী মহিলাক ইংৰাজী সাহিত্যৰ মৌলিক চিন্তাবিশিস্ট কবিসকলৰ শ্ৰেণীত যে ধৰিব পাৰি সেই কথা বুজি পায়। কবি এমিলিয়ে ৰহস্য়বাদ,প্ৰেম,প্ৰকৃতি আদি সকলো বিষয় বস্তুকে লৈ কবিতা লিখিছিল।তেওঁৰ দুটামান কবিতা তলত দিয়া হ’ল—
(১)“পৃথিৱীৰ প্ৰতি মোৰ চিঠি”
 পৃথিৱীৰ প্ৰতি মোৰ এই চিঠি
 যি পৃথিৱীয়ে মোলৈ কোনোদিন একো লিখা নাই
 অতি সৰল ভাষাত মৰমৰ প্ৰকৃতিয়ে
 কোমল গাম্ভীযৰে সেই খবৰ দি যায়।
 অদৃশ্য় হাতৰ যোগেদি
 প্ৰকৃতিৰ সেই প্ৰেমৰ কাৰণেই যেন
 মোৰ মৰমৰ দেশবাসীয়ে মোৰ বিচাৰ কৰে।

(২)“মই দলনি পথাৰ কেতিয়াও দেখা নাই”
মই দলনি পথাৰ কোনোদিন নেদেখিলো
সমুদ্ৰ দর্শনৰ পৰাও সদায় বঞ্চিত হ’লো
তথাপিতো জোপোহা গছবিলাকক কেনে দেখি জানো।
সমুদ্ৰৰ ঢউকো ভালদৰে চিনো।
মই ঈশ্বৰ ৰ স’তে কথা পতা নাই
বৈকুণ্ঠও কোনোদিন দেখা পোৱা নাই
কিন্তু তেওঁ আৰু তেওঁৰ ঠাই সম্বন্ধে মই নিশ্চিত
তেওঁ মোক যেন দি গ’ল সম্ভেদ লিখিত।(সহায় লৈ)
     

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সাহিত্যিক অৱদান


সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সাহিত্যিক অৱদানৰ ওপৰত এটি চমু আলোকপাত —

পৌৰাণিক যুগৰ পৰা এতিয়ালৈকে  শ্ৰীমন্তশঙ্কৰদেৱ মাধৱদেৱকে আদি কৰি শ্ৰেষ্ঠ দহজন অসমীয়াৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও এজন বুলি কোৱা হয়।আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাত তেওঁৰ অৱদানেই আটাইতকৈ বেছি আৰু অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগতে আছিল তেওঁৰ অখণ্ড ৰাজত্ব। কবিতা,গল্প,উপন্যাস,ৰস ৰচনা,সমালোচনা সাহিত্য,সাধুকথা আদি সকলো বিভাগতে তেওঁ অদ্বিতীয় আছিল। কর্মজীৱনৰ আহুকলীয়া পৰিস্হিতিৰ প্ৰতিকূলতাৰ মাজতো তেওঁ সাহিত্য সৃষ্টি কৰি গৈছিল। নিজ মাতৃভাষাৰ উন্নতিৰ বাবে তেওঁ সাহিত্য  সৃষ্টিক যেন এক প্ৰত্যাহবান হিচাবে লৈছিল আৰু তেওঁৰ স্বকীয় প্ৰতিভা তাতেই উজ্জলি উঠিছিল।
   
বেজবৰুৱা দেৱে নিজকে কবি বুলি ভাবিব পৰা নাছিল যদিও কবিতা হওক বা নহওক তেওঁ বহুতো কবিতা লিখিছিল,ইংৰাজী ১৯১৩ চনত তেওঁৰ কবিতা সংকলন “কদমকলি” প্ৰকাশ হয়। তেওঁৰ দুটা সুন্দৰ দেশপ্ৰেম মূলক কবিতা হৈছে “অ’ মোৰ আপোনাৰ দেশ” আৰু আনটো “আমি অসমীয়া নহওঁ দুখীয়া,কিহৰ দুখীয়া হ’ম”, ইংৰাজী ১৯৬৮ চনত তেওঁৰ আনখন কবিতা পুথি “পদুমকলি” ছপা হৈ ওলাইছিল, তেওঁৰ “বীণ-ব’ৰাগী” কবিতাটি এটা উল্লেখ যোগ্য় কবিতা।

তেওঁৰ প্ৰকাশিত সাধুকথাৰ কিতাপ “জুনুকা”(ইং ১৯১৩), “ককাদেউতা আৰু নাতি ল’ৰা” (ইং ১৯১৩)আৰু “বুঢী আইৰ সাধু”। প্ৰতিটো সাধুকথাই সকলো শ্ৰেণীৰ পাঠকক মুগ্ধ কৰে। যুগ যুগ ধৰি মুখে মুখে প্ৰচলিত সাধুবোৰ বেজবৰুৱাদেৱে নিজ ভাষাৰে লিখি ছপা কৰি উলিয়াইছিল। “বুঢী আইৰ সাধু”ৰ জনপ্ৰিয়তা সৰবজনবিদিত।

বেজবৰুৱা দেৱক চুটিগল্পৰ জনক আৰু শ্ৰেষ্ঠ চুটি গল্পকাৰ বুলি কোৱা হয়। তেওঁৰ গল্পবোৰত সুখ-দুখ,হাঁহি-কান্দোন,জীৱন পৰিক্ৰমাৰ চিত্ৰ ফুটি উঠিছে;তেওঁৰ গল্পবোৰৰ ভিতৰত “ভদৰী” আৰু “মুক্তি” অসমীয়া সাহিত্যৰ প্ৰথম আৰু সকলোসময়ৰে সৰবশ্ৰেষ্ঠ চুটিগল্প। তেওঁৰ গল্পসংকলন বিলাক ক্ৰমে “সুৰভি”, “সাধুকথাৰ কুকি”, “জোনবিৰি” , “কেহোকলি” আদি।

বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাস “পদুম কুঁৱৰী—ঐতিহাসিক সন্দর্ভত লিখা এখন প্ৰেম মূলক উপন্যাস-সুখপাঠ্য, সৃস্টিশীল ৰচনা হিচাপে এই উপন্যাস উপন্য়াস খনি অসমীয়া সাহিত্যত জিলিকি থাকিব।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই তিনিখন ঐতিহাসিক নাটক ৰচনা কৰিছিল—“চক্ৰধ্বজ সিংহ”, “জয়মতী কুঁৱৰী” আৰু “বেলিমাৰ”। জয়মতী কুঁৱৰী নাটক খন প্ৰথম আৰু তৃতীয় সাহিত্যসভাৰ অনুস্হানত মনস্হ হোৱাৰ উপৰিও সেই নাটক খনেই অসমৰ প্ৰথম বোলছবিৰূপে পৰিগণিত কৰিছিল-ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে।তেওঁৰ ধেমেলীয়া নাটক কেইখনৰ ভিতৰত “লিতিকাই”, “পাচনি”, “নোমল”, “চিকৰপতি নিকৰপতি”–এই নাটক কেইখনে দর্শকক পেটৰ নাৰী ভূৰি চিঙি যোৱাকৈ হহুঁৱাইছিল।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই হাস্য বংগ সাহিত্যসৃষ্টিৰ বাবে বিভিন্ন ছদ্মনাম গ্ৰহণ কৰিছিল। তেওঁ কৃপাবৰ বৰবৰুৱা ছদ্মনামত অসংখ্য হাস্যাত্মক ৰচনা লিখি থৈ গৈছে – “কৃপাবৰ বৰুৱাৰ ওভতনি”, “বৰবৰুৱা বুলনি”, “বৰবৰুৱাৰ বুৰবুৰণি” , “বৰবৰুৱাৰ চিন্তাৰ শিলগুটি” “বৰবৰুৱাৰ সাহিত্যিক ৰহস্য” আৰু “কৃপাবৰ বৰুৱাৰ সামৰণি” । অসমীয়া মানুহক হাস্য বংগ ৰচনাৰে হহুঁৱাব পৰা তেতিয়া এজনেই লোক আছিল।বুদ্ধিদীপ্ত মন্তব্য, নির্দোষ হাস্য়ৰস আৰু স্হান বিশেষে কটু ব্যঙ্গ, বেজবৰুৱাৰ নিবন্ধাৱলীৰ প্ৰধান মাধ্যম। আধুনিকতা আৰু পৌৰানিকতাৰ সমন্বয়ত গঢি উঠা এগৰাকী প্ৰবল আশাবাদী, হাসোদ্দীপ্ত ব্যক্তিৰ স্বাক্ষৰ এই প্ৰৱন্ধ সমূহে বহন কৰে।

লক্ষ্মীনাথ বেজবৰুৱাই লিখি থৈ যোৱা জীৱনীগ্ৰন্হ হ’ল তিনিখন—“ডাঙৰীয়া দীন নাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত”, “শঙ্কৰদেৱ”, “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ”

তেওঁৰ আত্মজীৱনী “মোৰ জীৱন সোঁৱৰণ”
তেওঁৰ ধর্ম মূলক লেখা—“তত্ব কথা” আৰু “শ্ৰীকৃষ্ণ”

বেজবৰুৱাদেৱে অসমৰ বাহিৰত জীৱনৰ সৰবাধিক সময় কটালেও কোনো ক্ষণতে অসমী আইৰ কথা পাহৰি যোৱা নাছিল, তেওঁৰ কাপৰ পৰা সেয়েহে নিগৰি ওলাইছিল অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ”।
বেজবৰুৱাদেৱৰ বিয়োগত অসমে কেৱল যে এজন সাহিত্য কাণ্ডাৰীক হেৰুৱালে এনে নহয়, চিৰজীৱন প্ৰবসুৱা হৈ থাকিও কেনেকৈ মাতৃভূমিক ভাল পাব পাৰি তাৰে আদর্শ দেখুৱাই থৈ যোৱা এজন প্ৰকৃত স্বদেশ প্ৰেমিককো হেৰুৱালে।(সহায় লৈ)