সাহিত্যৰথী লক্ষ্মীনাথ
বেজবৰুৱা দেৱৰ সাহিত্যিক অৱদানৰ ওপৰত এটি চমু আলোকপাত —
পৌৰাণিক যুগৰ পৰা এতিয়ালৈকে শ্ৰীমন্তশঙ্কৰদেৱ মাধৱদেৱকে আদি কৰি শ্ৰেষ্ঠ
দহজন অসমীয়াৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ
বেজবৰুৱাও এজন বুলি কোৱা হয়।আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাত তেওঁৰ অৱদানেই
আটাইতকৈ বেছি আৰু অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগতে আছিল তেওঁৰ অখণ্ড ৰাজত্ব।
কবিতা,গল্প,উপন্যাস,ৰস ৰচনা,সমালোচনা
সাহিত্য,সাধুকথা আদি সকলো বিভাগতে তেওঁ অদ্বিতীয় আছিল। কর্মজীৱনৰ আহুকলীয়া পৰিস্হিতিৰ প্ৰতিকূলতাৰ মাজতো তেওঁ সাহিত্য
সৃষ্টি কৰি গৈছিল। নিজ মাতৃভাষাৰ উন্নতিৰ বাবে তেওঁ সাহিত্য সৃষ্টিক যেন এক প্ৰত্যাহবান হিচাবে লৈছিল আৰু
তেওঁৰ স্বকীয় প্ৰতিভা তাতেই উজ্জলি উঠিছিল।
বেজবৰুৱা দেৱে নিজকে কবি বুলি ভাবিব পৰা নাছিল যদিও কবিতা
হওক বা নহওক তেওঁ বহুতো কবিতা লিখিছিল,ইংৰাজী ১৯১৩ চনত তেওঁৰ কবিতা সংকলন “কদমকলি” প্ৰকাশ হয়। তেওঁৰ
দুটা সুন্দৰ দেশপ্ৰেম মূলক কবিতা হৈছে “অ’ মোৰ আপোনাৰ দেশ” আৰু আনটো “আমি অসমীয়া নহওঁ দুখীয়া,কিহৰ দুখীয়া হ’ম”, ইংৰাজী ১৯৬৮ চনত
তেওঁৰ আনখন কবিতা পুথি “পদুমকলি” ছপা হৈ ওলাইছিল, তেওঁৰ “বীণ-ব’ৰাগী” কবিতাটি এটা
উল্লেখ যোগ্য় কবিতা।
তেওঁৰ প্ৰকাশিত সাধুকথাৰ কিতাপ “জুনুকা”(ইং ১৯১৩), “ককাদেউতা আৰু নাতি ল’ৰা” (ইং ১৯১৩)আৰু “বুঢী আইৰ সাধু”। প্ৰতিটো সাধুকথাই সকলো শ্ৰেণীৰ পাঠকক মুগ্ধ কৰে। যুগ যুগ
ধৰি মুখে মুখে প্ৰচলিত সাধুবোৰ বেজবৰুৱাদেৱে নিজ ভাষাৰে লিখি ছপা কৰি উলিয়াইছিল। “বুঢী আইৰ সাধু”ৰ জনপ্ৰিয়তা
সৰবজনবিদিত।
বেজবৰুৱা দেৱক চুটিগল্পৰ জনক আৰু শ্ৰেষ্ঠ চুটি গল্পকাৰ বুলি
কোৱা হয়। তেওঁৰ গল্পবোৰত সুখ-দুখ,হাঁহি-কান্দোন,জীৱন পৰিক্ৰমাৰ চিত্ৰ ফুটি
উঠিছে;তেওঁৰ গল্পবোৰৰ ভিতৰত “ভদৰী” আৰু “মুক্তি” অসমীয়া সাহিত্যৰ প্ৰথম আৰু সকলোসময়ৰে সৰবশ্ৰেষ্ঠ চুটিগল্প।
তেওঁৰ গল্পসংকলন বিলাক ক্ৰমে “সুৰভি”, “সাধুকথাৰ কুকি”, “জোনবিৰি” , “কেহোকলি” আদি।
বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাস “পদুম কুঁৱৰী—ঐতিহাসিক সন্দর্ভত
লিখা এখন প্ৰেম
মূলক উপন্যাস-সুখপাঠ্য, সৃস্টিশীল ৰচনা হিচাপে এই উপন্যাস উপন্য়াস খনি অসমীয়া সাহিত্যত জিলিকি
থাকিব।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই
তিনিখন ঐতিহাসিক নাটক ৰচনা কৰিছিল—“চক্ৰধ্বজ সিংহ”, “জয়মতী কুঁৱৰী” আৰু “বেলিমাৰ”। জয়মতী কুঁৱৰী নাটক খন প্ৰথম আৰু তৃতীয় সাহিত্যসভাৰ অনুস্হানত মনস্হ হোৱাৰ উপৰিও সেই
নাটক খনেই অসমৰ প্ৰথম বোলছবিৰূপে পৰিগণিত কৰিছিল-ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে।তেওঁৰ ধেমেলীয়া নাটক কেইখনৰ ভিতৰত “লিতিকাই”, “পাচনি”, “নোমল”, “চিকৰপতি নিকৰপতি”–এই নাটক কেইখনে দর্শকক পেটৰ নাৰী ভূৰি
চিঙি যোৱাকৈ হহুঁৱাইছিল।
লক্ষ্মীনাথ বেজবৰুৱাই লিখি থৈ যোৱা জীৱনীগ্ৰন্হ হ’ল তিনিখন—“ডাঙৰীয়া দীন নাথ
বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত”, “শঙ্কৰদেৱ”, “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ”
তেওঁৰ আত্মজীৱনী “মোৰ জীৱন সোঁৱৰণ”
তেওঁৰ ধর্ম মূলক লেখা—“তত্ব কথা” আৰু “শ্ৰীকৃষ্ণ”
বেজবৰুৱাদেৱে অসমৰ
বাহিৰত জীৱনৰ সৰবাধিক সময় কটালেও কোনো ক্ষণতে অসমী আইৰ কথা পাহৰি যোৱা নাছিল,
তেওঁৰ কাপৰ পৰা সেয়েহে নিগৰি ওলাইছিল অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ”।
বেজবৰুৱাদেৱৰ বিয়োগত অসমে কেৱল যে এজন সাহিত্য কাণ্ডাৰীক হেৰুৱালে এনে নহয়, চিৰজীৱন
প্ৰবসুৱা হৈ থাকিও কেনেকৈ মাতৃভূমিক ভাল পাব পাৰি তাৰে আদর্শ দেখুৱাই থৈ যোৱা এজন প্ৰকৃত স্বদেশ প্ৰেমিককো হেৰুৱালে।(সহায় লৈ)
No comments:
Post a Comment