Wednesday, 14 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
সিদিনা ফটা লেতেৰা ১০ টকীয়া ৫ টা ৫০০ টকাৰ খুচুৰাৰ মাজৰ পৰা ওলাল৷বীৰুৱে ক’লে – “চলিব চলিব ,এতিয়া ফটা-চিতা চব চলিব’”৷
হাৱাই চপ্পল কিনিবলৈ বাটা দোকানত সোমালোঁ৷ চপ্পলযোৰৰ দাম ২০০ টকা৷মই ২০০ টকাৰ খুচুৰাৰ মাজত এটা ফটা ১০ টকীয়া ভৰাই দিলোঁ৷পিছে দোকানৰ চেঙেলীয়া চেলচমেনটোৱে গণি গণি ফটা ১০ টকীয়াটো উদ্ধাৰ কৰি মোক ঘূৰাই দিলে৷মই কপাল থূপাই তাক ক’লো –“দেখা নাই খুচুৰাৰ কিমান আকাল পৰিছে দেশত?১০ টকাটো তুমি ল’ব লাগিব!” সি মুখ ফুলাই কৈ উঠিল –“নলওঁ,যাৰ পৰা আনিছিল তেওঁক দি দিয়ক গৈ,আমাক কিয় দিছে?” মই জোৰ দি ক’লো –“মই ল’ব পাৰো যদি তুমি কিয় ল’ব নোৱাৰিবা?” ল’ৰাটোৱেও সমানে জোৰ দি ক’লে—“আপুনি লৈছে বুলিয়েই যে মই ল’ম ক’ত লিখা আছে?” মই মোৰ খংটো উতলাই চালোঁ – “হুঁ,ফটা ১০ টকা নুলোৱা, ইডিয়ট ননচেন্স,ন’ কমন চেন্স”
“আপুনি হে ন’ কমনচেন্স!!” – ল’ৰাটোৱে সমান খঙেৰে চকু ডাঙৰ কৰি কৈ উঠিল ৷শেষত ৰণত জিকিব নোৱাৰি নতুন ১০ টকাটো দি ফটাটো উভতাই ল’লো৷বেচেৰা তাৰ গাতনো কি দোষ!এনেয়ে এখুন্দা লাগি চালোঁ আৰু!

Tuesday, 13 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
বীৰুৱে ডিভান এখন বনাবলৈ অৰ্ডাৰ দিছিল৷
সিদিনা মাকে বীৰুক সুধিলে –“বীৰু, বিমানএখন যে অৰ্ডাৰ দিছিলি কেতিয়া দিব?

Sunday, 11 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
ডাক্তৰ হ’বলৈ নাপালেও….

সৰুতে ডাক্তৰ হোৱাৰ সপোন দেখিছিলোঁ৷পিছে ডাক্তৰ হ’ব নোৱাৰিলোঁ৷হ’লে কি হ’ব… J

আজি এখন ক্ৰাফ্ট মেলালৈ গৈছিলোঁ৷লখিমপুৰৰ বিপনী এখনত সোমাই বিপনীৰ মানুহৰ স’তে চিনাকী হ’লো৷মোক সুধিলে – আপুনি মেডিকেলত কৰে নেকি? মই বুলো নহয়৷তেওঁ ক’লে—“অ’ আপোনাক মই ডাক্টৰ বুলিহে ভাবিছিলোঁ, ইমান গহীন কথা-বতৰা আপোনাৰ!!.... হি হি হি হি  জীৱনত ডাক্টৰ নহ’লেও কোনোবাই যে ভাবিলে!!


এবাৰ এখন কিতাপ-আলোচনীৰ দোকানৰ পৰা মই প্ৰায়েই “স্বাস্থ্য” বিষয়ক আলোচনী কিনিছিলোঁ৷এদিন দোকানৰ মানুহ গৰাকীয়ে মোক সুধিলে – “মোৰ অমুক বেমাৰ এটা হৈছে(কি বেমাৰ কৈছিল পাহৰিলোঁ),কিয় হৈছে বাৰু?” মই বুলো নাজানিম৷ তেওঁ ক’লে –“অ’ মই আপোনাক ডাক্টৰ বুলিহে ভাবিছিলোঁ৷আপুনি কেৱল “স্বাস্থ্য” বিষয়ক আলোচনী কিনে যে ! হে হে হে !!

Tuesday, 6 December 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
চচপেনৰ পানীখিনি উতলি আছিল৷ বীৰুৱে উতলি ভকভকাই থকা পানীখিনি দেখি মোক ক'লেহি -- হৌৰা গল্ফী, পানী উতলি বুৰ্বক বুৰ্বক কৰি আছে!!!

Friday, 2 December 2016

কবিতা


হিয়া আখ্যান

হিয়া আখ্যান:
মানুহজনে ভৰিত দুখ পালে৷হিয়াই মোৰ ওচৰলৈ দৌৰি আহি ক'লে --
"মা,মা তোমাৰ হাজবেণ্ডে ভৰিত দুখ পালে !!"

Monday, 28 November 2016

জান আখ্যান

জান আখ্যান:
জান-হিয়াই ৰাম-সীতাৰ কথা বেছিকৈ জানিব বিচৰাত আমাৰ দিনৰ ৰামায়ণৰ ডিভিডিখিনি কিনি পেলালোঁ৷ দুইজনী এইকেইদিন ৰামায়ণ চোৱাত ব্যস্ত৷ আজি জানে মোক সুধিলে --
: মা,ৰামৰ ঘৰত মতা নাম নাই নেকি?