“হেঙুল আকাশৰ ৰামধেনু”
মৌচুমী বৰি
অনুৰাগে মাকক বহুত বুজালে,কিন্তু সকলো অথলে গ’ল৷ওলোটাই মাকেহে তাক ক’লে—“ধন, তই এইবোৰ কথা নুবুজিবি৷বিয়া বাৰু পাতি সংসাৰ কৰিলেহে যদি অলপ বুজন হৱ”৷মাকক পতিয়ন নিয়াব নোৱাৰি এটা দীঘল হুমুনিয়াহ পেলালে সি৷বৌৱেকজনীলৈ তাৰ বেয়া লাগিল৷দুখ মনেৰে সি মুম্বাইলৈ যাব ওলাল৷অনুৰাগ মুম্বাইৰ মাল্টি নেশ্যনেল কোম্পানী এটাৰ অভিযন্তা৷
অনুৰাগৰ বিয়া ঠিক হৈছে৷সি ভালপোৱা ছোৱালী বিৰিণাৰ স’তে অহা বহাগত তাৰ বিয়া৷বহুত কষ্ট কৰি সি মাক-দেউতাকক মনাব লগা হ’ল৷সেই কষ্টৰ ফলস্বৰূপেই অৱশেষত বিৰিণাক বোৱাৰী কৰি আনিবলৈ মাক-দেউতাক মান্তি হ’ল৷বিৰিণা অনুৰাগৰ চহৰৰে ছোৱালী৷
মুম্বাইত গৈ পায়েই ব্যস্ত হৈ পৰিল অনুৰাগ৷কোম্পানীৰ বছে তাক ইলেকট্ৰিকেল পেনেল এখনৰ ডিজাইন কৰিব দিছে কম্পিউটাৰত৷ এসপ্তাহৰ ভিতৰতে লাগেই বোলে!সেয়ে সি অফিচ-ঘৰ ব্যস্ত হৈ পৰিছে৷ব্যস্ততাৰ মাজতে বিৰিণাৰ ফোন আহিল৷
:ৰাগ, লেপটপ অন ৰাখিছা নেকি?
:ওঁ,কিয়?
:স্কাইপ অন কৰাচোন!তোমাক চাবৰ মন গৈছে..
অনুৰাগে ইন্টাৰনেট খুলি স্কাইপ অন কৰি বিৰিণালৈ কল কৰিলে৷অসমত থকা বিৰিণা অনুৰাগৰ লেপটপস্ক্ৰীণত উজ্বলি উঠিল৷
: তোমাক দেখি মোৰ ভাগৰ আঁতৰিল সোণজনী…এইকেইদিন ইমান কাম…কাম,কাম আৰু কাম… তোমাৰ লগত কথা পাতিবলৈকে সময় পোৱা নাই..
:কামৰ মাজত মোক পাহৰিলে মই কিন্তু বেয়া পাওঁ – বিৰিণাই কৈ উঠিল
:সোণজনী,তুমি মোৰ জান হয়…পাহৰাৰ কথাই নাহে…
:তেন্তে,মোলৈ এইকেইদিন ফোন কৰা নাই কিয়? –বিৰিণাই মুখ ওন্দোলাই কৈ উঠিল
:অস!এতিয়া অভিমান এৰাচোন আৰু কোৱা তোমাৰ কথা৷ – অনুৰাগে মৰমসনা মাতেৰে ক’লে৷
:ৰাগ, আমি দহজনীয়া দল এটাই সিদিনা মাজুলীৰ গাঁও এখনলৈ গৈছিলোঁ, বানপানীত বিধ্বস্ত লোকৰ খবৰ ল’বলৈ৷ লগত লৈ গৈছিলোঁ – চাউল, দালি, চেনী, নিমখ, বিস্কুট, পানীৰ বটল ইত্যাদি ইত্যাদি৷ জানা ৰাগ,ইমান যে পিছ পৰি আছে গাঁওখন!মানুহৰ মনবোৰো অন্ধবিশ্বাসৰ অটল গহ্বৰত জাহ গৈছে৷গাঁওবাসীয়ে বেমাৰ হ’লে ডাক্তৰৰ কাষলৈ যোৱাৰ সলনি প্ৰথমে বেজৰ ওচৰলৈহে যায়৷এঘৰ মানুহৰ ঘৰত দেখিছিলোঁ – এজনী মানসিক বাধাগ্ৰস্ত ছোৱালী৷ঘৰখনৰ মতে তাইক কোনোবাই যাদুমন্ত্ৰ কৰিহে এনে কৰিলে৷কিয়নো সিহঁতৰ ঘৰৰ মাটিত পুতি থোৱা ৰঙা কাপোৰ আৰু চুলি পোৱা গৈছে বোলে৷—মানুহবোৰৰ অন্ধবিশ্বাসী চিন্তাধাৰাবোৰ দেখি বৰ দুখ লাগিল ৰাগ৷আজি এনেধৰণৰ পিছপৰা গাঁওবোৰত বিজ্ঞান মানসিকতাৰ অভিযান চলোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷আৰু কি জানা ৰাগ,কিমান যে ডাইনী হত্যা হৈছে এই গাঁও বোৰত!কথাবোৰ ভাবি দেখি বৰ দুখ লাগিল জানা৷কিবা এটা কৰিব লাগিব আমি৷বাৰু ৰাগ,এতিয়া থওঁ দিয়া,মোৰ অলপ কাম আছে৷
:ওমম..থোৱাৰ আগতে মৰম অকনটো কৰি থৈ যোৱা …অনুৰাগে দুষ্টালিভৰা হাঁহিৰে ক’লে৷
বিৰিণাই কম্পিউটাৰ স্ক্ৰীণতে অনুৰাগক চুমা যাচি স্কাইপ অফ কৰিলে৷
অনুৰাগে লেপটপ সামৰি বিচনাত বাগৰ দিলে৷চকু মুদি বিৰিণাৰ কথা ভাবিলে সি৷বিৰিণাৰ স্পষ্টবাদিতা তাৰ ভাল লাগে৷বৰ যুক্তিবাদী তাৰ প্ৰেয়সীজনী!অন্ধবিশ্বাসৰ ঘোৰ বিৰোধী তাই৷অনুৰাগৰ মনত পৰিল – এবাৰ মাকে জ্যোতিষী এজনক কৈ তাৰ আঙুলিত আঙঠি কেইটামান পিন্ধাই দিছিল৷বিৰিণাই তাৰ হাতৰ আঙুলিত আঙঠি দেখি হাঁহিত থাকিব নোৱাৰা হৈছিল৷যেনতেন হাঁহি সামৰি তাই অনুৰাগক কৈছিল – “ৰাগ,তুমি এজন অভিযন্তা আৰু তুমিও গ্ৰহ ৰত্ন বিশ্বাস কৰা!!এইবোৰ কোনে লগাই জানা ৰাগ—যাৰ আত্মবিশ্বাস অতি দুৰ্বল, যাৰ মনৰ শক্তিৰ ওপৰত সন্দেহ—তেনেলোকেহে এইবোৰ আঙুলিত পিন্ধি ফুৰে৷এই আঙঠিবোৰে তোমাক খেৰকুটা এডালৰ সমানহে সহায় কৰিব৷” – বিৰিণাৰ কথা শুনি সি আঙঠি কেইটা খুলি পেলাইছিল৷মাকে পিছে অনুৰাগে আঙঠি কেইটা খুলি পেলোৱাত কেইবাদিনলৈ অভিমানত মাতিবলৈ এৰিছিল তাক৷অনুৰাগৰ মাকলৈ মনত পৰিল৷অনুৰাগৰ মাকৰ মনটোও অন্ধবিশ্বাসৰ ডাৱৰে আৱৰা৷মাকৰ অন্ধবিশ্বাসবোৰ আঁতৰাবলৈ সি যে একো কৰিবই পৰা নাই৷সি মাকক যিমান ভয় কৰে সিমান ভক্তিও কৰে৷মাকৰ আগত তাৰ সকলো যুক্তি দুৰ্বল হৈ পৰে৷ মাজে মাজে তাৰ নিজকে কাপুৰুষ,ভীৰু যেন অনুভৱ হয়৷মাকৰ এই অন্ধবিশ্বাসেৰে বলীয়ান মনটো বিৰিণাইহে আঁতৰাব পাৰিব –সি ভাবে৷সি বিৰিণাক সকলো কথা ক’ব৷ক’ব – বৌয়েকৰ কথাবোৰ৷
অৱশেষত অনুৰাগৰ ইলেক্ট্ৰিকেল পেনেল ডিজাইনৰ কাম শেষ হ’ল৷ তাৰ কামত বছ বৰ সন্তুষ্ট হ’ল৷বছৰ সন্তুষ্টিত তাৰ মনটো বৰ ভাল লাগিল তাৰোপৰি কেইবাদিনৰো ব্যস্ততাৰ বাবে সি অলপ মনটো মুকলি কৰিবৰ মনেৰে কেইদিনমানৰ ছুটি বিচাৰিলে বছৰ পৰা৷সন্তুষ্ট হৈ থকা বছে আনন্দ মনেৰে তাক ছুটী দিলে৷ঘৰ পায়েই সি বিৰিণালৈ ফোন কৰিলে৷পিছদিনা আবেলি নদীৰ পাৰত লগ হোৱাৰ সিদ্ধান্ত ল’লে দুয়ো৷
নদীৰ পাৰৰ সেউজী ঘাঁহনিত বিৰিণা আৰু অনুৰাগ বহিল৷অনুৰাগে বহাৰ পৰাই এটা সৰু শিলগুটি নদীলৈ বুলি মাৰি পঠিয়ালে৷শিলগুটিটো পানীত পৰি তৰংগৰ সৃষ্টি হ’ল৷
:তোমাক এটা বৰ দৰকাৰী কথা কব’ আছে বিৰিণা – অনুৰাগে ক’লে৷
:কোৱা আকৌ!
:মোৰ দাদাৰ কথাটোতো তুমি জানাই,কেনেকৈ এক্সিডেন্টত ঢুকাল!দাদাৰ বিয়াৰ এমাহৰ পিছতেই গাড়ী এক্সিডেন্ট হৈ দাদা ঢুকাইছিল৷দাদা ঢুকুৱাত মায়ে বৌকে কুলক্ষনীয়া বুলি ভাবি ললে৷মায়ে ভাবিলে যে বৌৰ বাবেই দাদা ঢুকাল৷সেয়ে মায়ে বৌক ঘৰৰ পৰা ওলিয়াই দিব বিচাৰিছিল৷মই আৰু দেউতাইহে বহুত বুজাই মেলি বৌক আমাৰ ঘৰত ৰাখিলোঁ৷কিন্তু মাৰ বৌৰ প্ৰতি ধাৰণা আঁতৰ নহ’ল৷এতিয়াও বৌক কুলক্ষনীয়া বুলিয়েই মায়ে ভাবে৷সেয়ে আমাৰ বিয়াৰ সময়ত বৌক মাকৰ ঘৰত থাকিবলৈ কৈছে৷মাৰ মতে শুভ কামত বিধবা মানুহ থকাটো বেয়া৷মাক মই বুজাইছোঁ কিন্তু মায়ে মোৰ কথা নুশুনে!বৌলৈ বৰ বেয়া লাগিছে ৷ – এইবুলি কৈ অনুৰাগে এটা দীঘল হুমুনিয়াহ কাঢ়িলে৷
অনুৰাগৰ কথা শুনি বিৰিণা বহু দেৰি মনে মনে ৰল৷মৌনতা এৰি দৃঢ়তাৰে কৈ উঠিল তাই--
:আমাৰ বিয়াত বৌ থাকিব ৰাগ৷তুমি চিন্তা নকৰিবা৷মই এটা কথাহে ভবি আছোঁ ৰাগ—এটা “এন জি অ” খুলাৰ কথা৷এই এন জি অৰ যোগেৰে আমি অসমৰ পিছপৰা গাঁওবোৰত বিভিন্ন কৰ্মশালা আদি পাতি হাতে-কামে বিজ্ঞান মানসিকতাৰ প্ৰচাৰ চলাম৷গাঁৱৰ লোকসকলক বিজ্ঞানমুখী কৰি তুলিম৷তুমি মোক পূৰ্ণ সহায় কৰিব লাগিব৷আমাৰ বিয়াৰ পিছতেই মই এই কাম আৰম্ভ কৰিম৷তোমাৰ মা কিমান সলনি হৈ যাব চাই থাকিবা৷—এইবুলি কৈ বিৰিণাই খিলখিলাই হাঁহিলে৷
অনুৰাগৰ বিৰিণালৈ মৰম লাগিল৷সি বিৰিণাৰ হাতখন আলফুলে নিজৰ হাতত থলে….হেঙুল আকাশৰ বেলিটোৱে তেতিয়া বিদায় লব ওলাইছিল
Thursday, 2 February 2017
http://www.xahitya.org/2017/01/31/%E0%A6%B9%E0%A7%87%E0%A6%99%E0%A7%81%E0%A6%B2-%E0%A6%86%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%A7%E0%A7%87%E0%A6%A8%E0%A7%81-%E0%A6%AE%E0%A7%8C%E0%A6%9A%E0%A7%81/
Wednesday, 25 January 2017
হিয়া আখ্যান
হিয়া আখ্যান:
হিয়াক স্কুলত মেমে দুষ্ট কৰাৰ বাবে গালি পাৰিলে৷হিয়াই গালি খাই লগৰ ল'ৰা এটাৰ কাণত ফুচফুচাই ক'লে --"মই মেমক বেয়া পাইছোঁ,কাট্টি" ...ল'ৰাটোৱে মেম'ক লগে লগে লগাই দিলে হিয়াই কাট্টি দিছে বুলি৷মেমেও হিয়াক ক'লে --"আজি মইও ৰাজসিক বেয়া পাইছোঁ,কাট্টি.."
হিয়াক স্কুলত মেমে দুষ্ট কৰাৰ বাবে গালি পাৰিলে৷হিয়াই গালি খাই লগৰ ল'ৰা এটাৰ কাণত ফুচফুচাই ক'লে --"মই মেমক বেয়া পাইছোঁ,কাট্টি" ...ল'ৰাটোৱে মেম'ক লগে লগে লগাই দিলে হিয়াই কাট্টি দিছে বুলি৷মেমেও হিয়াক ক'লে --"আজি মইও ৰাজসিক বেয়া পাইছোঁ,কাট্টি.."
Tuesday, 24 January 2017
গল্ফীৰ ডায়েৰি
গল্ফীৰ ডায়েৰি:-
বীৰুৱে ভায়েকক ক'লে -- "হীৰু,দোকানৰ পৰা ফেভিকল দুটামান আনিবি অ,লাগি থাকে"
মাজনী বাইদেৱে বীৰুৱে কোৱা কথাখিনি শুনি আচৰিত হৈ বীৰুক সুধিলে -- "বীৰু,এইটোনো কেনেকুৱা কল ? দেখিবলৈ কেনেকুৱানো?মই আজিহে শুনিলোঁ দেই ফেভিকল বুলিও যে কল এবিধ আছে!!
মাজনী বাইদেৱে বীৰুৱে কোৱা কথাখিনি শুনি আচৰিত হৈ বীৰুক সুধিলে -- "বীৰু,এইটোনো কেনেকুৱা কল ? দেখিবলৈ কেনেকুৱানো?মই আজিহে শুনিলোঁ দেই ফেভিকল বুলিও যে কল এবিধ আছে!!
Monday, 23 January 2017
গল্ফীৰ ডায়েৰি
গল্ফীৰ ডায়েৰি:
বীৰু তেতিয়া কলেজলৈ নতুনকৈ গৈছে ৷ চিনিয়ৰে ৰেগিং কৰিছে জুনিয়ৰক৷সেইদিনা বীৰুৰ পাল পৰিল৷ বীৰুক চিনিয়ৰ দাদা এজনে ক’লে – “এই বেঞ্চখনত বহি চাইকেল চলা”…বীৰুৱেও চিনিয়ৰৰ কথা মতে বেঞ্চত বহি ভৰি দুটা পেডেল মৰাৰ দৰে ঘূৰাবলৈ ধৰিলে৷এটা সময়ত ভৰি বিষোৱাত বীৰু ৰৈ গ’ল৷চিনিয়ৰে ধমক দিলে –“কিয় ৰৈ গ’লি?” বীৰুৱে তপককৈ ক’লে—“দাদা,শ্লপিঙত আছোঁ”
Friday, 20 January 2017
গল্ফীৰ ডায়েৰি
গল্ফীৰ ডায়েৰি:-
"মোৰ পদূলিৰ গোবৰচপৰা কালি গধূলি গছকিলোঁ" -- এই বাক্যশাৰী বীৰুৱে ছেভেনত পঢি থকা তীখৰ গুটিক ইংৰাজীলৈ অনুবাদ কৰিবলৈ ক'লে৷ তীখৰে তপৰাই অনুবাদ কৰিলে -- "ডিছ ইজ গৰু গোবৰ অন মাই পদূলি,আই এম গছকিলোঁ য়েছটাৰ ডে গধূলি"
"বুটি কোৰখনেৰে নলা খান্ডি চোতালত জমাহোৱাা পানী হোলালৈ পঠালোঁ"-- বীৰুৱে তীখৰ গুটিৰ ইংৰাজীত দখল দেখি আকৌ এই বাক্যশাৰী অনুবাদ কৰিবলৈ ক'লে ৷ তীখৰে তপৰাই অনুবাদ কৰিলে -- "আনিঙ তু বুটিকোৰ খানিং তু নলা জৰজৰকে চোতালৰ পানী যাব গয়িং তু হোলা
Tuesday, 17 January 2017
কবিতা
মুখৰিত কুঞ্জবন
(মৰমেৰে ধুনু বাৰ হাতত)
হৃদয়ৰ মহঙা বজাৰত
দুখীজনৰ বাবে কান্দি উঠা
এখনি মৰম-কোমল হৃদয়েৰে
আপুনি আহিছিল
আৰ্ত জনৰ হৃদয়ৰ খবৰ লবলৈ
চকুত তিৰবিৰ প্ৰজ্ঞাৰ পোহৰ
মুখখনিত উজ্জ্বলি উঠা বুদ্ধৰ
জ্যোতি
আৰু সেই জ্যোতিৰ এচলু স্পৰ্শত ধন্য এটি নিমাখিত প্ৰাণ
আজি মুখৰিত কুঞ্জবন
সপোনে-দিঠকে সুৰীয়া গান ৷৷
“মৌ মিঠা সুগন্ধি-২”
পাৰিজাত ফুলৰ নন্দন বনত
কোন বতাহীৰ গুণগুণনি
চৌপাশ আজি মৌমিঠা সুগন্ধি৷৷
ফুলৰ বৃষ্টি পৰে
দেৱদূতী নাচে
গানৰ তালে তালে
তা ধিন তা ধিন তা ধিন তা৷৷
নন্দনবনত আজি জোনাকময় গীতৰ মেহফিল৷৷
দেৱদূতী নাচে তা ধিন তা ধিন তা ধিন তা৷৷
Subscribe to:
Posts (Atom)