Thursday 2 February 2017

হেঙুল আকাশৰ ৰামধেনু

“হেঙুল আকাশৰ ৰামধেনু”  মৌচুমী বৰি অনুৰাগে মাকক বহুত বুজালে,কিন্তু সকলো অথলে গ’ল৷ওলোটাই মাকেহে তাক ক’লে—“ধন, তই এইবোৰ কথা নুবুজিবি৷বিয়া বাৰু পাতি সংসাৰ কৰিলেহে যদি অলপ বুজন হৱ”৷মাকক পতিয়ন নিয়াব নোৱাৰি এটা দীঘল হুমুনিয়াহ পেলালে সি৷বৌৱেকজনীলৈ তাৰ বেয়া লাগিল৷দুখ মনেৰে সি মুম্বাইলৈ যাব ওলাল৷অনুৰাগ মুম্বাইৰ মাল্টি নেশ্যনেল কোম্পানী এটাৰ অভিযন্তা৷ অনুৰাগৰ বিয়া ঠিক হৈছে৷সি ভালপোৱা ছোৱালী বিৰিণাৰ স’তে অহা বহাগত তাৰ বিয়া৷বহুত কষ্ট কৰি সি মাক-দেউতাকক মনাব লগা হ’ল৷সেই কষ্টৰ ফলস্বৰূপেই অৱশেষত বিৰিণাক বোৱাৰী কৰি আনিবলৈ মাক-দেউতাক মান্তি হ’ল৷বিৰিণা অনুৰাগৰ চহৰৰে ছোৱালী৷ মুম্বাইত গৈ পায়েই ব্যস্ত হৈ পৰিল অনুৰাগ৷কোম্পানীৰ বছে তাক ইলেকট্ৰিকেল পেনেল এখনৰ ডিজাইন কৰিব দিছে কম্পিউটাৰত৷ এসপ্তাহৰ ভিতৰতে লাগেই বোলে!সেয়ে সি অফিচ-ঘৰ ব্যস্ত হৈ পৰিছে৷ব্যস্ততাৰ মাজতে বিৰিণাৰ ফোন আহিল৷ :ৰাগ, লেপটপ অন ৰাখিছা নেকি? :ওঁ,কিয়? :স্কাইপ অন কৰাচোন!তোমাক চাবৰ মন গৈছে.. অনুৰাগে ইন্টাৰনেট খুলি স্কাইপ অন কৰি বিৰিণালৈ কল কৰিলে৷অসমত থকা বিৰিণা অনুৰাগৰ লেপটপস্ক্ৰীণত উজ্বলি উঠিল৷ : তোমাক দেখি মোৰ ভাগৰ আঁতৰিল সোণজনী…এইকেইদিন ইমান কাম…কাম,কাম আৰু কাম… তোমাৰ লগত কথা পাতিবলৈকে সময় পোৱা নাই.. :কামৰ মাজত মোক পাহৰিলে মই কিন্তু বেয়া পাওঁ – বিৰিণাই কৈ উঠিল :সোণজনী,তুমি মোৰ জান হয়…পাহৰাৰ কথাই নাহে… :তেন্তে,মোলৈ এইকেইদিন ফোন কৰা নাই কিয়? –বিৰিণাই মুখ ওন্দোলাই কৈ উঠিল :অস!এতিয়া অভিমান এৰাচোন আৰু কোৱা তোমাৰ কথা৷ – অনুৰাগে মৰমসনা মাতেৰে ক’লে৷ :ৰাগ, আমি দহজনীয়া দল এটাই সিদিনা মাজুলীৰ গাঁও এখনলৈ গৈছিলোঁ, বানপানীত বিধ্বস্ত লোকৰ খবৰ ল’বলৈ৷ লগত লৈ গৈছিলোঁ – চাউল, দালি, চেনী, নিমখ, বিস্কুট, পানীৰ বটল ইত্যাদি ইত্যাদি৷ জানা ৰাগ,ইমান যে পিছ পৰি আছে গাঁওখন!মানুহৰ মনবোৰো অন্ধবিশ্বাসৰ অটল গহ্বৰত জাহ গৈছে৷গাঁওবাসীয়ে বেমাৰ হ’লে ডাক্তৰৰ কাষলৈ যোৱাৰ সলনি প্ৰথমে বেজৰ ওচৰলৈহে যায়৷এঘৰ মানুহৰ ঘৰত দেখিছিলোঁ – এজনী মানসিক বাধাগ্ৰস্ত ছোৱালী৷ঘৰখনৰ মতে তাইক কোনোবাই যাদুমন্ত্ৰ কৰিহে এনে কৰিলে৷কিয়নো সিহঁতৰ ঘৰৰ মাটিত পুতি থোৱা ৰঙা কাপোৰ আৰু চুলি পোৱা গৈছে বোলে৷—মানুহবোৰৰ অন্ধবিশ্বাসী চিন্তাধাৰাবোৰ দেখি বৰ দুখ লাগিল ৰাগ৷আজি এনেধৰণৰ পিছপৰা গাঁওবোৰত বিজ্ঞান মানসিকতাৰ অভিযান চলোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷আৰু কি জানা ৰাগ,কিমান যে ডাইনী হত্যা হৈছে এই গাঁও বোৰত!কথাবোৰ ভাবি দেখি বৰ দুখ লাগিল জানা৷কিবা এটা কৰিব লাগিব আমি৷বাৰু ৰাগ,এতিয়া থওঁ দিয়া,মোৰ অলপ কাম আছে৷ :ওমম..থোৱাৰ আগতে মৰম অকনটো কৰি থৈ যোৱা …অনুৰাগে দুষ্টালিভৰা হাঁহিৰে ক’লে৷ বিৰিণাই কম্পিউটাৰ স্ক্ৰীণতে অনুৰাগক চুমা যাচি স্কাইপ অফ কৰিলে৷ অনুৰাগে লেপটপ সামৰি বিচনাত বাগৰ দিলে৷চকু মুদি বিৰিণাৰ কথা ভাবিলে সি৷বিৰিণাৰ স্পষ্টবাদিতা তাৰ ভাল লাগে৷বৰ যুক্তিবাদী তাৰ প্ৰেয়সীজনী!অন্ধবিশ্বাসৰ ঘোৰ বিৰোধী তাই৷অনুৰাগৰ মনত পৰিল – এবাৰ মাকে জ্যোতিষী এজনক কৈ তাৰ আঙুলিত আঙঠি কেইটামান পিন্ধাই দিছিল৷বিৰিণাই তাৰ হাতৰ আঙুলিত আঙঠি দেখি হাঁহিত থাকিব নোৱাৰা হৈছিল৷যেনতেন হাঁহি সামৰি তাই অনুৰাগক কৈছিল – “ৰাগ,তুমি এজন অভিযন্তা আৰু তুমিও গ্ৰহ ৰত্ন বিশ্বাস কৰা!!এইবোৰ কোনে লগাই জানা ৰাগ—যাৰ আত্মবিশ্বাস অতি দুৰ্বল, যাৰ মনৰ শক্তিৰ ওপৰত সন্দেহ—তেনেলোকেহে এইবোৰ আঙুলিত পিন্ধি ফুৰে৷এই আঙঠিবোৰে তোমাক খেৰকুটা এডালৰ সমানহে সহায় কৰিব৷” – বিৰিণাৰ কথা শুনি সি আঙঠি কেইটা খুলি পেলাইছিল৷মাকে পিছে অনুৰাগে আঙঠি কেইটা খুলি পেলোৱাত কেইবাদিনলৈ অভিমানত মাতিবলৈ এৰিছিল তাক৷অনুৰাগৰ মাকলৈ মনত পৰিল৷অনুৰাগৰ মাকৰ মনটোও অন্ধবিশ্বাসৰ ডাৱৰে আৱৰা৷মাকৰ অন্ধবিশ্বাসবোৰ আঁতৰাবলৈ সি যে একো কৰিবই পৰা নাই৷সি মাকক যিমান ভয় কৰে সিমান ভক্তিও কৰে৷মাকৰ আগত তাৰ সকলো যুক্তি দুৰ্বল হৈ পৰে৷ মাজে মাজে তাৰ নিজকে কাপুৰুষ,ভীৰু যেন অনুভৱ হয়৷মাকৰ এই অন্ধবিশ্বাসেৰে বলীয়ান মনটো বিৰিণাইহে আঁতৰাব পাৰিব –সি ভাবে৷সি বিৰিণাক সকলো কথা ক’ব৷ক’ব – বৌয়েকৰ কথাবোৰ৷ অৱশেষত অনুৰাগৰ ইলেক্ট্ৰিকেল পেনেল ডিজাইনৰ কাম শেষ হ’ল৷ তাৰ কামত বছ বৰ সন্তুষ্ট হ’ল৷বছৰ সন্তুষ্টিত তাৰ মনটো বৰ ভাল লাগিল তাৰোপৰি কেইবাদিনৰো ব্যস্ততাৰ বাবে সি অলপ মনটো মুকলি কৰিবৰ মনেৰে কেইদিনমানৰ ছুটি বিচাৰিলে বছৰ পৰা৷সন্তুষ্ট হৈ থকা বছে আনন্দ মনেৰে তাক ছুটী দিলে৷ঘৰ পায়েই সি বিৰিণালৈ ফোন কৰিলে৷পিছদিনা আবেলি নদীৰ পাৰত লগ হোৱাৰ সিদ্ধান্ত ল’লে দুয়ো৷ নদীৰ পাৰৰ সেউজী ঘাঁহনিত বিৰিণা আৰু অনুৰাগ বহিল৷অনুৰাগে বহাৰ পৰাই এটা সৰু শিলগুটি নদীলৈ বুলি মাৰি পঠিয়ালে৷শিলগুটিটো পানীত পৰি তৰংগৰ সৃষ্টি হ’ল৷ :তোমাক এটা বৰ দৰকাৰী কথা কব’ আছে বিৰিণা – অনুৰাগে ক’লে৷ :কোৱা আকৌ! :মোৰ দাদাৰ কথাটোতো তুমি জানাই,কেনেকৈ এক্সিডেন্টত ঢুকাল!দাদাৰ বিয়াৰ এমাহৰ পিছতেই গাড়ী এক্সিডেন্ট হৈ দাদা ঢুকাইছিল৷দাদা ঢুকুৱাত মায়ে বৌকে কুলক্ষনীয়া বুলি ভাবি ললে৷মায়ে ভাবিলে যে বৌৰ বাবেই দাদা ঢুকাল৷সেয়ে মায়ে বৌক ঘৰৰ পৰা ওলিয়াই দিব বিচাৰিছিল৷মই আৰু দেউতাইহে বহুত বুজাই মেলি বৌক আমাৰ ঘৰত ৰাখিলোঁ৷কিন্তু মাৰ বৌৰ প্ৰতি ধাৰণা আঁতৰ নহ’ল৷এতিয়াও বৌক কুলক্ষনীয়া বুলিয়েই মায়ে ভাবে৷সেয়ে আমাৰ বিয়াৰ সময়ত বৌক মাকৰ ঘৰত থাকিবলৈ কৈছে৷মাৰ মতে শুভ কামত বিধবা মানুহ থকাটো বেয়া৷মাক মই বুজাইছোঁ কিন্তু মায়ে মোৰ কথা নুশুনে!বৌলৈ বৰ বেয়া লাগিছে ৷ – এইবুলি কৈ অনুৰাগে এটা দীঘল হুমুনিয়াহ কাঢ়িলে৷ অনুৰাগৰ কথা শুনি বিৰিণা বহু দেৰি মনে মনে ৰল৷মৌনতা এৰি দৃঢ়তাৰে কৈ উঠিল তাই-- :আমাৰ বিয়াত বৌ থাকিব ৰাগ৷তুমি চিন্তা নকৰিবা৷মই এটা কথাহে ভবি আছোঁ ৰাগ—এটা “এন জি অ” খুলাৰ কথা৷এই এন জি অৰ যোগেৰে আমি অসমৰ পিছপৰা গাঁওবোৰত বিভিন্ন কৰ্মশালা আদি পাতি হাতে-কামে বিজ্ঞান মানসিকতাৰ প্ৰচাৰ চলাম৷গাঁৱৰ লোকসকলক বিজ্ঞানমুখী কৰি তুলিম৷তুমি মোক পূৰ্ণ সহায় কৰিব লাগিব৷আমাৰ বিয়াৰ পিছতেই মই এই কাম আৰম্ভ কৰিম৷তোমাৰ মা কিমান সলনি হৈ যাব চাই থাকিবা৷—এইবুলি কৈ বিৰিণাই খিলখিলাই হাঁহিলে৷ অনুৰাগৰ বিৰিণালৈ মৰম লাগিল৷সি বিৰিণাৰ হাতখন আলফুলে নিজৰ হাতত থলে….হেঙুল আকাশৰ বেলিটোৱে তেতিয়া বিদায় লব ওলাইছিল
Mousumee

No comments:

Post a Comment