Monday, 4 March 2019

গ্ৰন্থ পৰ্যালোচনা:প্ৰদীপ বৰা

ঃঃ ৰূপোৱালী মেঘৰ ছায়াঃঃ
গ্ৰন্থ পৰ্যালোচনা ঃশিৱসাগৰৰ প্ৰজ্ঞা প্ৰকাশৰ দ্বাৰা ২০১৮ চনৰ নবেম্বৰ মাহত প্ৰথম প্ৰকাশ পোৱা ১৩২ কে ভি শিৱসাগৰ বিদ্যুত উপ কেন্দ্ৰৰ উপ প্ৰবন্ধক হিচাপে কৰ্মৰত আৰু শিৱসাগৰ অ’ এন জি চি কল’নিৰ আবাসিক এলেকাৰ বাসিন্দা মৌচুমী বৰিৰ দ্বাৰা ৰচিত ৰূপোৱালী মেঘৰ ছায়া এখন অনন্য উপন্যাস ৷ আধুনিক যুগত অভিযান্ত্ৰিক মহাবিদ্যালয় , বিশ্ববিদ্যালয় , চিকিৎসা মহাবিদ্যালয় , কৃষি বিশ্ববিদ্যালয় আদিৰ হোষ্টেলত থাকি ভৰ যৌৱনপ্ৰাপ্ত যুৱক যুৱতীৰ বিভিন্ন ধৰণৰ মুখৰোচক কাহিনীৰি নিটোল চৰিত্ৰ অঙ্কিত হৈছে এই উপন্যাস খনৰ মাজেদি ৷ ৰেগিঙৰ নামত বহুতো আমোদজনক কাহিনীৰ অৱতাৰণা হৈছে উপন্যাস খনত য’ত পয়োভৰ হৈছে ৰোমাঞ্চকৰ হাস্য ৰস , যি খিনি অধ্যয়নে পঢ়ুৱৈ সকলক অন্য এখন মানসিক আনন্দৰে পৰিপূৰ্ণ জগতত প্ৰৱেশ ঘটাই ৷সেই সময়ত হয়তো পাঠক সকলে তৃষ্ণা ক্ষুধা ক্লান্তি দুখ বেদনা সকলো পাহৰি যায় ৷
উপন্যাসিকাই দুটা যুগ্ম জীৱনৰ প্ৰেম কাহিনী নিভাঁজ ভাৱে আৰু সমান্তৰালভাৱে আগবঢ়াই নিছে ৷এটা কাহিনী চিকিম মনিপাল ইন্সিটিটিউতৰ ইলেকট্ৰিকেল বিভাগৰ সহকাৰী অধ্যাপিকা অৰুন্ধতী আৰু শিৱসাগৰৰ অনুৰাগ নামৰ বিদ্যুত বিভাগৰ যুৱ বিষয়া অনুৰাগৰ লগত কাল্পনিক ভাৱে অঙ্কন কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে ভাৱে আগবাঢ়িছে শিলিগুড়ি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহ অধ্যাপিকা প্ৰাপ্তিৰ লগত তেওঁৰ কলেজৰ সহপাঠী নিবিড়ৰ লগত ৷ প্ৰাপ্তিয়ে বিদ্যায়তনিক দিশত যেনেকৈ তীব্ৰ গতিত ত্বৰণ ঘটাইছিল কিন্তু প্ৰেমৰ ক্ষেত্ৰত অতি মন্থৰ গতিত আগবাঢ়িছিল ৷ হোমিওপেথি ঔষধৰ দৰে সেই প্ৰেম বহুত দিনৰ মুৰত গজগজীয়া হৈছিল ৷লেইক দুৰ্ঘটনাত নিবিড়ৰ জীৱন নাটকৰ পৰিসমাপ্তি ঘটিছিল ৷ প্ৰাপ্তি মৰ্মাহত হৈছিল ৷ তেওঁ যুগ্ম জীৱনৰ প্ৰতি বিৰাগ জন্মিছিল ৷ কিন্তু মাকৰ হেচাত মেট্ৰিমনিত নাম ৰেজিষ্টাৰ কৰিছিল ৷ শেষত পত্নীহীনা উজ্জ্বল বৰুৱাৰ সহধৰ্মিনী হৈছিল ৷ উজ্জ্বলৰ স্বৰ্গগামী পত্নী মেঘালীৰ একমাত্ৰ কন্যা শিল্পীক মাতৃত্বৰ পৰশ দিয়াৰ মানবীয় প্ৰমূল্যবোধৰ দৃষ্টিকোণেৰে ৷
উপন্যাস খনৰ অন্তৰ ভাগত আপুনি পাব কিছুমান নতুন বিষয়ৰ সন্ধান ৷তাৰ ভিতৰত ৰাজযোগ মেডিটেচনৰ শৰীৰ আৰু আত্মা সম্পৰ্কীয় জ্ঞান ৷জীৱনদৰ্শন আধ্যাত্মিক সংগ্ৰহালয় প্ৰজাপতি ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ তথ্য ৷ ইয়াত পাব টাইগাৰ হিল মিৰিক হ্ৰদ ৰক গাৰ্ডেন গঙ্গামায়াপাৰ্ক আদি পৰ্যটন কেন্দ্ৰ সমূহৰ অপৰূপ বৰ্ণনা ৷
গ্ৰন্থ খনত পাব নামঘোষাৰ ভক্তি ধাৰা আধুনিক ৰোমাণ্টিক কবিতা , সুন্দৰ হিত হিন্দী গীত ইত্যাদি ৷বিশেষকৈ প্ৰেমিক প্ৰেমিকাৰ সংবিধান ৰেগিঙৰ হাস্যকৰ কাহিনী ৷উদাহৰণ স্বৰূপে যুৱতী সকল প্ৰথম এনগেজ হ’লে বাল্টিয়ে বাল্টিয়ে পানীঢলা নিয়ম ৷
।মুঠতে উপন্যাস খন প্ৰতি দুমাহৰ মুৰে মুৰে পঢ়ি থাকিলেও আপোনাৰ আমনি নালাগে ৷১০৩ পৃষ্ঠাৰ উপন্যাস খনত আপুনি বহুত বস্তু বিচাৰি পাব যেনেকৈ এজোপা ভীম কলৰ ঠোকৰ ঠাৰিটোৰ বাদে কোনো অংশই পেলনীয়া নহয় ৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
পৰেশ কায়ে গোহালিত গৰু বান্ধিবলৈ বৰ দিগদাৰ পায়৷ সেয়ে এটা বুদ্ধি পাঙিলে৷ পিছদিনা
পৰেশ কাইয়ে পকা কঠাল এটা গাইজনীক দেখুৱাই গোহালিৰ খুটাটোৰ ওচৰত ৰৈ থাকিল৷ গাইজনীয়ে দেখিয়েই পৰেশকাইৰ ওচৰ পালেহি৷ সেইটো চেগতে পৰেশকাইয়ে গাইজনীক ততাতয়াকৈ বান্ধি পকা কঠালটো খাবলৈ নিদি আঁতৰাই লৈ গ'ল৷ পিছদিনা পুনৰ গধূলি পৰত পকাকঠালটো গাইজনীক দেখুৱাই পৰেশ কাই খুটাটোৰ ওচৰত ৰৈ থাকিল৷ গাইজনী আহিল আৰু পৰেশকায়ে ততাতয়াকৈ গাইজনী বান্ধি কঠালটো আঁতৰাই লৈ গ'ল৷ তৃতীয়দিনা পুনৰ পৰেশকায়ে কঠালটো হাতত লৈ গাইজনীক দেখুৱাই খুটাটোৰ ওচৰত ৰৈ থাকিল৷ পিছে সেইদিনা গাইজনীও পৰেশকাইলৈ চাই দূৰণিত ৰৈ থাকিল৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
বীৰুৱে PWD অফিচৰ গেষ্ট হাউচ বিচাৰি দোকান এখনত সোমাল৷দোকানীজনক সুধিলে -- pwd ৰ গেষ্টহাউচ কোনখিনিত?
দোকানীজনে ক'লে-- অ' ইয়াত গেছ চিলিণ্ডাৰ নাপাই নহয়!!

Tuesday, 4 December 2018

ৰূপোৱালী মেঘৰ ছায়া পঢ়ি পাঠকৰ অভিমত-- পদ্ম গগৈ

সোৱণশিৰিৰ সোণ-সাৱটা,ৰূপ-জিলিক বালিযেন বিস্তৰ সম্ভাৱনা থকা উদীয়মান লেখিকা মৌচুমী বৰি ৰ অলপতে প্ৰকাশ হোৱা উপন্যাস "ৰূপোৱালী মেঘৰ ছায়া" ৰ কপি লৈ পৰহি দিনা প'ষ্টমেন আমাৰ পদূলি পালেহি ৷ বেটুপাত ৰূপাংকনৰ পৰা বন্ধনিৰ আবৃতত 'সমাপ্ত' বুলি লিখালৈকে আগ্ৰহেৰে আকৌ এবাৰ পঢ়িবলৈ সুবিধা পাই ঔপন্যাসিকালৈ মনৰ পৰা চৰি-ভৰি ধন্যবাদ জনালোঁ ৷ সমাজৰ প্ৰায়বোৰ শুভকাৰ্যৰ আগমূহূৰ্ত্তত হোৱাৰ দৰে মংগলময় এটি উৰুলিৰ জোকাৰেৰে যেন আৰম্ভ হৈছে উপন্যাসৰ কাহিনীটো ৷ জাকি মাৰি উঠি অহা উৰুলিটোৰ নিৰ্মল জোনাকত "ছ'ৰী মেম" বুলি উদভাসিত হৈ উঠিছে সৌৰিণৰ মুখমণ্ডল ৷ হয়,সৌৰিণৰ কথাৰে আৰম্ভ হৈছে উপন্যাসৰ কাহিনী... সাম্প্ৰতিক বাতাবৰণৰ কোনো কোনো শিক্ষানুস্থানত শিক্ষক-নিগ্ৰহ বা শিক্ষাগুৰুক তুচ্ছ-তাচিল্য কৰাৰ দৰে এক অশোভনীয় ,অশুভ পৰম্পৰাও যে শিক্ষাসদী সুধীসকলৰ চকুৰ আগতেই এঙামূৰি দি উঠিছে সেই বাস্তৱ সত্যক ঔপন্যাসিকাই সাহসেৰে তুলি ধৰিছে ৷ ৰিখটাৰ স্কেলৰ প্ৰাৱল্যৰ কথা পিছ পেলাই ,ভূমিকম্পৰ উমান পালেই হেজাৰ হেজাৰ মংগল উৰুলিৰে সেই শুভ-সংকটৰ দুঃময়কণ ঢাকি পেলাবলৈ কৰা চেষ্টাৰ দৰে ঔপন্যাসিকাই অমল আলোকৰ সেই বাটেৰেই (য'ত সৌৰিণো বৰ্ত্তমান) বাটবুলাই নিছে নতুন দিনৰ এজাক তৰুণ-তৰণী আৰু তেওঁলোকৰ হোষ্টেলৰ জীৱনৰ কৰণীয়-বৰ্জনীয়, আাশা-স্বপ্ন,প্ৰেম-বন্ধুত্ব, অনুভৱ-অভিজ্ঞতাদিৰ সাৱলীল বৰ্ণনাই পাহ পাহ উশাহ হৈ উপন্যাসৰ কলেৱৰত প্ৰাণ- সঞ্চাৰ কৰিছে ৷ লেখিকাৰ প্ৰথমখন উপন্যাস হিচাবে যথেষ্ট ভাল পালোঁ ৷বাচনিত উঠা শব্দেৰে পৰিমিত ভাৱ প্ৰকাশ কৰাত ৰচনা সুখপাঠ্য হৈছে ৷মেদ মুঠেও নাই ৷ 'ফৰিদা' নামৰ ছোৱালীজনী পৰিচয় কৰাই দিওঁতে (গাৰ বৰণ মিঠাবৰণীয়া ৷বাওঁচকুটো দেখিবলৈ জাপখাই থকাৰ দৰে---) বুলি মাত্ৰ এটা শাৰীত এটা চকুৰ বৰ্ণনা দিও ঔপন্যাসিকাই ফৰিদাৰ দেহৰ লাৱণ্য আৰু মোহময়তাক উঠন-পূৰণকৈ বুজাবলৈ সমৰ্থ হৈছে ৷ হিন্দীগীতৰ কলি আৰু অৰ্থৱহ কবিতাৰ পংক্তিবোৰ ৰজিতাখোৱাকৈ খাজে খাজে খাজি দিয়াৰ বাবেও উপন্যাসখন অনন্য সুখদায়ক হৈ উঠিছে ৷ শেষত এনে সৃষ্টিৰ বাবে লেখিকা/ঔপন্যাসিকাক পুণৰ ধন্যবাদ জনালোঁ ৷

Friday, 31 August 2018

নিজান বনত

গীত নিজান বনত মনে মনে উচুপা কিয় তুমি সপোন ভাগে বুলি অভিমানী হিয়াৰে কিনো পাবা কোৱা পাবা মাথো মৰুভূমিৰ নিৰ্জনতা মৰমৰ ফুলেৰে সজোৱা জীৱন তাতেই যে আছে মনৰ শান্তিবন সুখৰ মুকুতাবোৰ হাত পাতি লোৱা ভালপোৱাবোৰ ওঁঠতে ৰাখা নিজান বনত মনে মনে উচুপা কিয় তুমি সপোন ভাগে বুলি ফুলৰো পাহি সৰে নীৰৱে পাতো সৰে তথাপি জীৱনে হাঁহে তথাপি জীৱনে হাঁহে জীৱন জীয়াৰ মন্ত্ৰ গুজি ল'বা হৃদয়তে নিজান বনত মনে মনে উচুপা কিয় তুমি সপোন ভাগে বুলি ৷৷

এন্ধাৰ চোতালতে তিৰবিৰাই জোনাকী পৰুৱা

গীত1 এন্ধাৰ চোতালতে তিৰবিৰাই জোনাকী পৰুৱা মনৰে কথাটি ওঁঠতে ৰাখিছা কিয় মধুসনা হাচনাহানা জোপাই তোমাৰে বাতৰি কয় মোৰ মন আজি মৌপিয়া কিয় হয় সোনাৰু ফুলিছে হিয়াৰে কোণত মৰমৰ সাতসৰী আজি মোৰ দেহত তোমাৰ বাবেই আছো যে ৰয় তোমাৰ বাবেই আছো যে ৰয় আহিবা তুমি জোনাকী বাটেৰে বাটটি ভৰিব ফুলৰ শোভাৰে মন হ'ব পুলকিত মনৰ চেতাৰখনিত বাজিব গুণ গুণ সুৰৰ মূৰ্চ্ছনা জোনাকত আঙুলি তিয়াই লিখিম কবিতাৰ ব্যঞ্জনা এন্ধাৰ চোতালত তিৰবিৰাই জোনাকী পৰুৱা মনৰে কথাটি ওঁঠতে ৰাখিছা কিয় মধুসনা

Wednesday, 25 July 2018

গীত

গীত
চকুৰ পচাৰতে উৰি আহে ক'ৰ এজাক বালিমাহী
বেলিৰ পোহৰ পৰি তিৰবিৰাই পানী ৷৷
তোমাৰ দুচকুত জিলমিলাই হাঁহি
মোৰ মন আজি উৰি যায় দূৰণিৰ আকাশলে
বগা ডাৱৰৰ দেশলে'
তোমাৰ কথা ভাবি ভাবি
ইমান যে শুৱনী শাৰদী ৰাণী
নীলাকাশৰ পৰা চাই থাকে জুমি জুমি
চকুৰ পচাৰতে উৰি আহে ক'ৰ এজাক বালিমাহী
বেলিৰ পোহৰ পৰি তিৰবিৰাই পানী
তোমাৰ দুচকুত জিলমিলাই হাঁহি