Sunday 19 October 2014

মৰমৰ সাৰদা বা

(চিঠি-১)
প্ৰতি
মৰমৰ সাৰদা বা, with Sarada Shrestha Anupama Borgohain Chayanika Saikia
পত্ৰৰ আৰম্ভণিতে আন্তৰিক মৰমবোৰ গ্ৰহণ কৰিব৷আশাকৰোঁ, ভগৱানৰ আৰ্শীবাদত আপোনাৰ ভাল৷আমাৰো ভালেই৷
আপোনালৈ চিঠি লিখিম লিখিম বুলি ভাবি থাকিও চিঠি লিখা হৈ উঠা নাছিল৷আজি সেয়ে ভাবি নাথাকি লিখিবলৈ বুলি বহিয়েই ললোঁ৷
এইবাৰ আপোনাৰ পূজা কেনে গল? আমি এইবাৰ পূজাত ফুৰি আহিলোগৈ৷ছয়দিনীয়া ভ্ৰমণসূচীৰে দিল্লী-আগ্ৰা-জয়পুৰ ফুৰি আহিলোঁ৷শাহু মা আৰু বাইদেউ-ভিনদেউৰ পৰিয়াল আমাৰ স’তে গৈছিল৷দিল্লীলৈ বুলি ৰাওনা হওঁতে ভাবিছিলোঁ—দিল্লীত মোৰ বহুত আপোন মানুহ আছে—মৰমৰ বা অনুপমা বাইদেউ আছে, ভন্টী দিতি আৰু মাধুৰীমা আছে, প্ৰতিম দা আৰু বৌ আছে, বান্ধৱী মৌচুমী আছে….আপোন মানুহৰ কথা ভাবি থাকোঁতে কোনোদিন গৈ নোপোৱা দিল্লীখনক অতি আপোন আৰু চিনাকী যেন লাগি গৈছিল৷
সেইদিনা ৰাতিটোৰ বাবে দিল্লীৰ কেৰল বাগৰ এখন হোটেলত উঠিছিলোঁগৈ৷পিছদিনা ৯ বজাৰপৰা আমাৰ দিল্লী ভ্ৰমণ আৰম্ভ হ’ল৷আমাৰ ট্ৰেভেলাৰৰ ড্ৰাইভাৰে প্ৰথমে আমাক লালকিল্লা দেখুৱালে, তাৰপিছত ৰাজঘাট, হুমায়ুন টম্ব, কুটুবমিনাৰ, ইণ্ডিয়া গেট আৰু যেতিয়া লটাছ টেম্পল চাবলৈ গ’লো..দিল্লীৰ ট্ৰেফিক জামে আমাৰ গোটেই সময়খিনি খাই পেলালে৷মন্দিৰ বন্ধ হোৱাত গাড়ীৰ পৰাই টেম্পল চাই সন্তুষ্টি ললোঁ..তেতিয়ালৈ আন্ধাৰ নামিল…তাৰপিছত ড্ৰাইভাৰে আমাক দিল্লী হাটলৈ লৈ গ’ল৷তাত দুই-এপদ বস্তু কিনি হোটেললৈ উভতিলো৷সময়ৰ অভাৱত দিল্লীৰ মেট্ৰত উঠা নহ'ল, অক্ষৰ ধাম মন্দিৰ চোৱা নহ'ল৷ভাবিলোঁ--দিল্লীলৈ অহাৰ ফিটাহে কাটিছোঁ...আকৌ আহিম, অনুপমা বা, মৌচুমী, দিতিহঁতৰ ঘৰলৈ যাবলৈ আছেই দেখোন!
পিছদিনাই আমি আগ্ৰালৈ বুলি ৰাওনা হ’লোঁ…আগ্ৰালৈ বুলি যাওঁতে ৰাস্তাতে মথুৰা আৰু বৃন্দাবনত সোমালোঁ৷বৃন্দাবনৰ "প্ৰেম মন্দিৰত"হে সোমালোঁ, "বাকেবিহাৰী মন্দিৰ"টো সময়ৰ অভাৱত চাবলৈকে নহ’ল৷প্ৰেম মন্দিৰৰ অপৰূপ সৌন্দৰ্যই মুগ্ধ কৰিলে৷তাতে প্ৰভু দৈৱকী নন্দনৰ জন্মভূমিত ভৰি দিছোঁ বুলি ভাবি নিজেই ৰোমান্চিত হৈ পৰিলোঁ৷তাৰপিছত লৰালৰিকৈ মথুৰা পালোঁগৈ, তাত গাইডে কংসৰ কাৰাগাৰ দেখুৱালে আৰু কাৰাগাৰৰ য’ত দৈৱকী নন্দন জন্ম হৈছিল সেই কাৰাগাৰত আমি সোমালোগৈ—নিজকে ধন্য অনুভৱ কৰিলোঁ৷তালৈ কেমেৰা, ফোন একো নিবলৈ নিদিয়ে৷
সাৰদা বা, চিঠিখন আজিলৈ ইমানতে সামৰোঁ৷পিছৰ ভ্ৰমণসূচীখিনি পিছৰ চিঠিত লিখিম৷
আপোনালৈ বহুতো মৰম আৰু শুভকামনাৰে…
ইতি
আপোনাৰ ভন্টী
মৌচুমী
১১/১০/১৪

No comments:

Post a Comment