গল্ফীৰ ডায়েৰী, ১০ ফেব্ৰুৱাৰী'২০১২
ভৱই নতুনকৈ দুকঠলীয়া ভাৰাঘৰ এটাত থাকিবলৈ আহিছে ৷ সি এইবাৰ বি.এ ফাইনেল দিব ৷ ভাৰাঘৰটোত তাৰ দুৰাতি পাৰ হৈছেহে ৷ সিদিনা ৰাতি তাৰ বহুদেৰিলৈ টোপনি অহা নাছিল৷ গতিকে লাইট টো নুমুৱাই বিচনাতে ইকাটি-সিকাটি কৰি আছিল৷ তেনেতে বাহিৰত সি ভৰিৰ খোজৰ শব্দ শুনা পালে আৰু তাৰ এনে লাগিল খোজকেইটা যেন তাৰ ঘৰৰফালেই আহি আছে৷হঠাতে তাৰ পাকঘৰৰ দুৱাৰখনত "কেৰেক" কৈ শব্দ হ'ল৷ তাৰ বুকুখন কঁপি উঠিল৷ এনেই তাৰ সৰুৰে পৰা ভয়টো বেছি! সি ভয়তে বিচনাৰ তলত সোমাল আৰু নিশ্চিত ভাৱে গম পালে যে তাৰ ঘৰত আজি চোৰ সোমাইছে ৷লাহে লাহে ভৰিৰ খোজৰ শব্দ আহি তাৰ কোঠালি পালেহি ৷ সি টৰ্চৰ পোহৰ এটা তাৰ কোঠালিটোত ইফাল সিফাল কৰি থকা দেখা পালে আৰু পোহৰটো বিচনাৰ তললৈ আহি ভৱৰ মুখত পৰিল, চোৰটোৱে তাক গুজৰি সুধিলে-
“অই তই বিচনাৰ তলত কি কৰিছ’?”
ভৱই সেমেনা-সেমেন কৰি ক’লে—
“মোৰ ঘৰত চুৰ কৰিব পৰাকৈ একো বস্তু নাই ককাই, সেয়ে লাজতে বিচনাৰ তলত সোমাই আছোঁ”
“অই তই বিচনাৰ তলত কি কৰিছ’?”
ভৱই সেমেনা-সেমেন কৰি ক’লে—
“মোৰ ঘৰত চুৰ কৰিব পৰাকৈ একো বস্তু নাই ককাই, সেয়ে লাজতে বিচনাৰ তলত সোমাই আছোঁ”
No comments:
Post a Comment