- "হেঁপাহ"সেইদিনা শৰতৰ ধুনীয়া আকাশখনে আমাক আদৰি নিছিল ঘাটলৈ বুলিঘাটৰ পাৰত ৰৈ আছিল ফেৰীবৰলুইতৰ সিপাৰে আয়ে মোলৈ বাট চাই আছিলউলিয়াই দিয়া জীয়ৰীৰ আইৰ ঘৰলৈ যিমান হেঁপাহ আইৰো মোলৈ সিমানেইহেঁপাহ হেঁপাহ আৰু হেঁপাহনীলা আকাশ, নীলা নদী, নীলা মন সকলোতে হেঁপাহৰ নীলাউৰি যোৱা শৰালিজাকে ৰ’দ জিলমিল মুকুতাবোৰে হেঁপাহৰ গান গালেইটো পাৰৰপৰা আমি যেতিয়া সিটো পাৰ পালোঁঁগৈ কণমান গাহৰি পোৱালি এটাই দৌৰি আহি ঘাটৰ পাৰত হেঁপাহেৰে মাকৰ গাখীৰ খালে
No comments:
Post a Comment